বাছ(- উচ্চজিৎ কলিতা)

ৰৈ থকা বাছখন ষ্টপেজ এৰি গৈ থাকে,
মানুহবোৰ নামে আৰু উঠে।
খিড়িকী কাষৰ ছিটবিলাক দখল কৰে
চছ্‌মা পিন্ধা মানুহ অথবা অন্ধবিলাকে।
চছ্‌মাৰ ফাঁকেৰে তেওঁলোকে লেখি যায়
পৃথিৱীৰ তৰা আৰু আকাশৰ মেঘ,
অন্ধবিলাকৰ বাবে অৱশ্যে
সপোন দেখা-নেদেখা একেই কথা ।

প্ৰতিটো ষ্টপেজত বাছখনে এৰি যায়
অভিনৱ যাত্ৰাৰ অবিৰত লেখ,
প্ৰতিটো ষ্টেণ্ডৰ পৰা বাছখনে লৈ যায়
প্ৰভাতী বেলিৰ হেঙুলীয়া আভা ।
সাজি সাজি আশাৰ চাংঘৰ
আমি বাছত উঠোঁ,
ষ্টপেজৰ জিৰণি-চ’ৰা সেয়েহে দেখাই নাপাওঁ,
জিৰণি-চ’ৰাত কিজানি ৰৈ আছিল
এখন চিনাকি মুখ
যাৰ বাবে জীৱনত নাই
দ্বিতীয় এটা ষ্টপেজ ।
আমি মাথোঁ গৈ থাকোঁ
নিজেই নাজানো,
নুসুধোঁ নিজক
লক্ষ্যস্থান কেতিয়া হেৰুৱালোঁ ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক