বাছ নং- ৪৯৬ – মাধুৰ্য্য গগৈ

সৰুৰে পৰাই হিন্দীৰ প্ৰতি অনিহা৷ ক্লাছ ফাইভৰ পৰা ছেভেনলৈ যেনেতেনে ছিংগল মাৰ্ক পাই হিন্দীৰ জেওৰাখন পাৰ হ’লো৷ মেট্ৰিক পাছ কৰালৈকে হিন্দী লিখিবলৈ মোৰ হাতখনে সম্পূৰ্ণৰূপে পাহৰি পেলালে৷ আৰু কেইবছৰমানৰ পিছত হিন্দী পঢ়িবও নজনা হৈ থাকিলো৷ অৱশ্যে হিন্দীৰ আখৰবোৰ অলপ অলপ চিনি পাইছিলো৷ পিছে মূল সমস্যাটো হয় হিন্দীৰ সংখ্যাবোৰ লৈহে৷ সৰুতেই শিকি নহাৰ বাবে কালক্ৰমত হিন্দীৰ সংখ্যাবোৰ মোৰ বাবে দূৰ্বোধ্য হৈ পৰিল৷ অৱশ্যে হিন্দী চিনেমা চাই চাই মই ‘অসমীয়ান্দী’ (অসমীয়া-হিন্দী) সলসলীয়াকৈ ক’ব পাৰিছিলো৷
২০০৭ চন৷ মুম্বাইত তেতিয়া মই নতুন৷ অফিছৰ ওচৰতে থাকি লৈছিলো৷ গতিকে চিটিবাছত অহা-যোৱা প্ৰায় নহৈছিলেই, আৰু কেতিয়াবা কাতচিৎ কৰ’বালৈ যাবলগীয়া হ’লে কাৰোবাৰ লগতহে গৈছিলো৷ পিছে অসমীয়া ডেকাৰ সাহস গোটখাবলৈনো কিমানপৰ লাগে?
এদিন মোৰো সাহস আহিল৷ অকলেই দাদা এজনৰ ৰূমলৈ যাম৷ যাওঁতে অফিছৰ কলিগ এজনে গাড়ীৰে নমাই থৈ গ’ল৷ ৰাতি দহটা বাজিল৷ মই মুম্বাইত নতুন বুলি, ঘূৰি অহাৰ সময়ত দাদাজনে বাছ ষ্টপেজত নমাই থৈ গ’ল৷ মোক আকৌ দাদাজনে প্ৰশ্ন কৰিলে, “পাৰিবা নে? মই ৰৈ দিওঁ তোমাৰ বাছ অহালৈকে? ” মই পাৰিম বুলি সন্মতি জনালো৷ তেওঁ ঘূৰি যাওঁতে কৈ যোৱা বাছৰ নম্বৰটো মই মনত ৰাখি থ’লো৷ বাছৰ নম্বৰ ৪৯৬৷ ময়ো তাক অ’কে দাদা, হ’ব দিয়ক, মই পাৰিম, আপুনি মিছাতে কষ্ট কৰিব নালাগে জাতীয় সংলাপেৰে তেওঁক বিদাই দিলো৷
আচলতে চিগাৰেট এটা হুপিবলৈ বহুত সময়ৰ পৰাই ইচ্ছা গৈ আছিল৷ গতিকে দাদাজন কেতিয়া যাব আৰু মই কেতিয়া মুকলি হ’ম তাকেই ভাৱি আছিলো৷ চিগাৰেটৰ ধোঁৱাৰ লগত দাদাজনে মোলৈ চাই মাৰি যোৱা হাঁহিটোত মই এক ছলনা দেখা পালো৷
বাছষ্টপটোলৈ চকু দিলো৷ মোৰ বাহিৰে এটাও মানুহ নাই৷ বাটেৰে এটা-দুটা মানুহ অহা-যোৱা কৰি আছে৷ বাছ আহে, ষ্টপেজত ৰয়, মানুহ উঠে বা নামে আৰু বাছ গুছি যায়৷ এইবাৰহে মোৰ আচৰিত হোৱাৰ পাল পৰিল৷ আধাঘণ্টা পাৰ হ’ল৷ বহুতো বাছ আহিল আৰু গ’ল৷ কিন্তু মোৰ ৪৯৬ নং বাছখনত মই উঠিব পৰা নাই৷
আচলতে মুম্বাইৰ চিটিবাছবোৰত নামৰ পৰা নম্বৰলৈকে সকলোবোৰ লিখা থাকে মাৰাঠী লিপিত (হিন্দী লিপিৰ সৈতে মাৰাঠী লিপি একেই)৷ গতিকে মই মাঠা-মুণ্ড একোৱেই বুজিব নোৱাৰিলো৷ নম্বৰবোৰটো চিনিবলৈ সাধ্যই নহ’ল৷ সিফালে কাৰোবাক সুধিবলৈও মোৰ ‘অসমীয়ান্দী’ৰ কাৰণে সংকোচবোধ কৰিলো৷ তেনেতে চকু গ’ল, বাছষ্টপেজৰ ওপৰৰফালে, সেই ৰাস্তাৰে অহা-যোৱা কৰা বাছৰ নম্বৰসমূহ লিখা আছে৷ পিছে বহু চেষ্টাৰ মূৰতো মোৰ ৪৯৬ নং বাছখনৰ নম্বৰটো আছে নে নাই নিশ্চিত নহ’লো৷ মনতে ভাৱিলো, “ভুলতে দাদাজনে বেলেগ ষ্টপেজত নমাই থৈ যোৱা নাইতো? ” ফোন এটা কৰি সুধি লওঁ বুলি ভাৱি ফোনটো উলিয়াই আকৌ ভৰাই থ’লো৷ আৰে, দস্তুৰমত ইজ্জত কা ছৱাল হ্যে৷ অগত্যা ৰাস্তাৰে আহি থকা দুগৰাকী মহিলাক অৱশেষত লাজ-মান কাটি কৰি সুধি পেলালো৷
”ছুনিয়ে মেডাম, ইয়হাঁ পে 496 নাম্বাৰ লিখা হে ক্যা? ”
দুয়োগৰাকীয়ে মোক মূৰৰ পৰা ভৰিলৈকে নিৰীক্ষণ কৰিলে৷ মুখমণ্ডলত এক বিৰক্তিৰ ভাৱ প্ৰকাশ কৰি ক’লে,
“ইয়েছ৷ লাষ্ট মে লিখা হ্যে৷ ”
মই যেন এইবাৰহে জীউটো ঘূৰাই পালো৷ থেংকিউ বুলি মহিলাদুগৰাকীক বিদায় দিলো৷ মোৰ সন্মুখৰ পৰা আঁতৰি যাওঁতে তেওঁলোকৰ কথোপকথন কাণত পৰিল৷

“নাজানে এইছে অনপঢ় গৱাৰ লৌগ মুম্বাই মে কাহাঁ কাহাঁ ছে আ জাতে হ্যেঁ? ইছকী দ্ৰেছ তৌ দেখৌ! ”
মই এইবাৰ সেমেনা-সেমেনিকৈ বাছৰ নম্বৰটো ভালকৈ চাই ল’লো, যাতে বাচত এই নম্বৰটো দেখিলেই চিনি পাওঁ৷ ”
बस क्रमांक – ४९६

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments