বাছ নম্বৰ ৬ —ৰূপম ৰিদিপ

(স্নেপশ্বট- ১)

ওঁঠৰ কাষেৰে চিগাৰেটৰ ধোঁৱা নিশাহৰ জৰিয়তে আকাশলৈ বেপৰোৱা ভাৱে এৰি দিলে সি। উলিয়াই দিব বুলি আগজাননী পাই আক্ষেপত ধোঁৱাখিনিয়েও হাওঁফাওঁত খুন্দা এটা মাৰি থৈ বায়ুমণ্ডলৰ লগত বিলীন হৈ গ’ল। সি ঘড়ীটোলৈ চালে। ৯: ৩০ বাজিবলৈ আৰু পাঁচ মিনিট বাকী। এই নিৰ্দিষ্ট সময়ৰ ভালেমান পৰ আগতে আহি ৰৈ থকাটো অচিন্ত্যৰ লাহে লাহে দৈনন্দিন কাৰ্য্যত পৰিণত হৈছে। নিতৌ কৰা কামবোৰে এটা সময়ত অভ্যাসৰ ৰূপ লয়। কথাটো তেনেকুৱাই।
ব্যস্ত মহানগৰীৰ সদা ব্যস্ত এটা বাছ ষ্টপেজ। বিভিন্ন গন্তব্যস্থান লক্ষ্য হিচাপে লৈ কিমান ঠাইৰ মানুহ সেইটো ষ্টপেজত দিনটোত এখন্তেক ৰৈছে, আকৌ গৈছে তাৰ হিচাপ কেতিয়াও কোনেও নাৰাখে, চাগৈ ষ্টপেজটোৱেও নাৰাখে। এইটো যেন কেৱল বাছ ষ্টপেজ নহয়, অচিনাকি মানুহৰ এটা মিলন ক্ষেত্ৰ। বেছিভাগ মানুহৰ কোনেও কাকো নিচিনে, নামাতে। নিজৰ মাজত নিজে ব্যস্ত। ষ্টপেজটোও তেনেকৈয়ে চলি আহিছে, নিৰ্মাণৰ দিন ধৰি। ওচৰতে আছে এখন সৰু, চাপৰকৈ মেজত নানান সামগ্ৰীৰে দোকানৰ আকৃতি ধাৰণ নকৰা দোকান এখন আৰু মলিন গামোচা পৰিহিত, উৱঁলি যোৱা চাৰ্টটোৰে দোকানীজন। মেজখনৰ চাৰিওটা কোণত বান্ধি লোৱা চাৰিটা খুটি আৰু খুটিকেইটা সংযোগী তাঁৰ এডাল। তাঁৰডালত বিভিন্ন আকাৰৰ পেকেটবোৰে অনিচ্ছাসত্ত্বেও ওলমি লৈ গ্ৰাহকলৈ জুমি জুমি বাট চাই থাকে। দোকানখনৰ ওচৰৰ ঠাই টুকুৰা অপেক্ষা কৰিবলৈ উপযোগী যেন বোধ হয় তাৰ।
একে ঠাইতে সদায় ৰৈ ৰৈ তাৰ মনলৈ এটা সংকোচবোধ নহাও নহয়, কিন্তু গত্যন্তৰ নাই। অৱশ্যে তালৈ চাইছেই বা কোনে! ভিন্ন দিনত ভিন্ন মানুহ। কাৰোবালৈ চাবলৈ, নজৰ দিবলৈ আহৰি থাকে জানো!
আহৰি সকলোৰে নথকাও নহয়। তাৰ আছে। কিন্তু সকলোলৈ চাবলৈ নহয়। এখন নিৰ্দিষ্ট বাছলৈ চাবলৈ, ৰ’বলৈ তাৰ আহৰি আৰু ইচ্ছা সকলো আছে। ছয় নম্বৰ বাছখন। এই বাছখনেই কঢ়িয়াই আনে তাৰ সপোনক। বাছখনে পাৰে কঢ়িয়াব। তাই এইখন বাছতেই আহে, প্ৰতিদিনেই..

অৰুণিমা; তাৰ সপোন, তাৰ ভালপোৱা। চাগৈ এটা বছৰ আগৰ কথা হ’ব! দিনবোৰ ধুনীয়া আছিল। প্ৰকৃতিয়ে হাত বাউল দি মাতিছিল বসন্তক। সেইটো সময়তে সি প্ৰথম দেখিছিল অৰুণিমাক। প্ৰথম দেখাতেই কলেজ ইউনিফৰ্মত থকা অৰুণিমাজনীয়ে অচিন্ত্যক সজোৰে আৱদ্ধ কৰি পেলাইছিল। লাহে লাহে তাই প্ৰতিদিনে কলেজলৈ বুলি অহা ছয় নম্বৰ বাছখনকো তাৰ আপোন আপোন যেন লাগিবলৈ লৈছিল। নতুনকৈ প্ৰেমত পৰিছিল বসন্তত হাঁহি থকা সোণাৰু ফুলৰ, কৃষ্ণচূড়াজোপাৰ; লগতে তাইৰ। নিৰ্দিষ্ট সময়ৰ অলপ আগতেই সেই ঠাইত উপস্থিত হোৱাটো সি যন্ত্ৰচালিতৰ দৰে কৰিবলৈ লৈছিল। প্ৰতিটো দিন নতুন নতুন যেন লাগিবলৈ ধৰিছিল। তাইৰ প্ৰেমত পৰিছিল বাৰে বাৰে, প্ৰতিটো দৰ্শনত। তাইৰো চকুত যে সি পৰা নাছিল, তেনে নহয়। মাথোঁ তাই চাইছিল আঁৰ চকুৰে। নাচাওঁ বুলিলেও তালৈ চকু গৈছিল, বহুবাৰ চকুৱে চকুৱে পৰিছিল। সেইটো সময়ত দুয়োৰে এনে হৈছিল, যেনিবা শৰীৰৰ সমস্ত তেজ আহি হৃদপিণ্ডত থুপ খাইছেহি। এযুৰি চকুৱে বাছখনৰ ভিতৰৰ পৰাই বিচাৰি ফুৰিছিল ষ্টপেজৰ পৰা অকণমান আঁতৰতে ষ্টেণ্ড কৰাই থোৱা বাইক এখনৰ কাষত চিনাকি চিনাকি যেন লগা এটা অবয়বৰ উপস্থিতি। ঠিক তেনেদৰে বাইকখনৰ কাষত এযুৰি চকুৱে অপেক্ষা কৰিছিল কলেজ ইউনিফৰ্ম পৰিহিতা নিৰ্দিষ্ট এগৰাকীলৈ। দুচকুৱে বিচাৰিছিল, আৰু মনে! ইজনে আনজনৰ অজ্ঞাতে মনেৰেও দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। কিন্তু মনে বিচাৰিলেও অৰুণিমাক মাত এষাৰ লগাবলৈ যে অচিন্ত্যৰ সাহসে নুকুলাইছিল। তায়ো বিচাৰিছিল, মাথোঁ এবাৰলৈ সি তাইক মাতক, মনৰ কথাবোৰ খুলি কওক। নিজকে তাৰ নামটোৰে তিয়াবলৈ তাই সাজু হৈ আছিল, অন্তৰেৰে। অচিন্ত্যৰ বাবে হৃদয়ৰৰ দুৱাৰৰ ছিটিকনি তাই ইতিমধ্যে খুলি থৈছিল। অপেক্ষা আছিল মাথোঁ এটা টোকৰৰ।
এনেদৰে এটা মাহ অতিক্ৰম কৰাৰ পাছতহে সেই দিনটো আহিল। তাৰ কাষেৰে পাৰ হৈ যাবলৈ লওঁতেই শৰীৰৰ সমস্ত জোৰ, বুকুৰ আটাইখিনি সাহস গোটাই সি মাত লগালে তাইক উদ্দেশ্যি, “শুনাচোন”…..

অভিমানে ওফোন্দ পতা হৃদয়খনে তাইক ৰৈ যাবলৈ অনুমতি নিদিলে। হ’ল বুলিয়ে ইমান সময় ৰ’ব লাগে নে! অন্ততঃ মাত এষাৰ লগাই চিনাকি হ’বলৈ ইমান সময় কিয়! প্ৰয়োজনাধিক অপেক্ষাই মনত যে অভিমানৰ জোৱাৰ তোলে! পিছফালে তালৈ এবাৰ ঘূৰি চাই তাই আগুৱাই গ’ল। তাই নৰ’ল। পাছৰদিনাও সি মাতিলে, তাই নৰ’ল।
এনেকৈ নহৈছে। হৃদয়ৰ উচপিচনিবোৰ বাঢ়িছে, ইপিনে তাই মাত লগালেও ৰৈ নিদিয়ে। তাইৰ দুচকুত সি নিজকে দেখিছিল। তাক তিয়াই পেলোৱা ভালপোৱাৰ সেই একেজাক বৰষুণত সিক্ত তাইক সি ধৰা পেলাইছিল, তাইৰ দুচকুৱে কথা কৈছিল, আহ্বান জনাইছিল। চকুৱে ইমানখিনি কোৱাৰ পিছতো তাইৰ ব্যৱহাৰত এই অৱহেলা কিয়?

তৃতীয় দিনাখন সি বাইকখন ষ্টাৰ্ট কৰি নি তাইৰ আগত ৰখালে, “শুনাচোন”.. অচিন্ত্যৰ আৱেগ ভৰা অকণ জোৰ দি কোৱা মাতটোত তাই ৰৈ দিলে।

”কি হ’ল? কি লাগে?” – মুখত কৃত্ৰিম কঠোৰ ভাৱ এটা লৈ তাৰ চকুলৈ চাই তাই সুধিলে।
তাইৰ উত্তৰত অলপ থতমত খালে যদিও যন্ত্ৰচালিতৰ দৰে তাৰ মুখেৰে ওলাই আহিল,

  • “ৰৈ আছিলোঁ, এদিন তুমি আহিবা, মোৰ চকুলৈ চাবা আৰু সুধিবা, কি বিচৰা তুমি?”
    মই ক’ম, “জানা নে এটা কথা? এইমাত্ৰ মই নজনাকৈয়ে হঠাতে উচ্চাকাংক্ষী হৈ পৰিলোঁ।”
    তাই প্ৰশ্নবোধক দৃষ্টিৰে তালৈ চাই ৰ’ল।
  • “তোমাক নিজৰ কৰি বিচৰাটো, মোৰ বাবে উচ্চাকাংক্ষাতকৈ কোনোগুণেই যে কম নহয়!” কথাকেইটা কওঁতে মাতটো কঁপি উঠিল অচিন্ত্যৰ। বুকুৰ ধিপধিপনিবোৰ বৰকৈ বাঢ়ি আহিল। পলক নজপোৱাকৈ তাইলৈ আকুলতাৰে চাই ৰ’ল অচিন্ত্য। এইবাৰ তাই নোৱাৰিলে কৃত্ৰিমতা ভৰা কঠোৰতা ধৰি ৰাখিবলৈ। একো নকৈ মাথোঁ মিচিকিয়া হাঁহি এটা ওঁঠত আঁকি তালৈ চাই ৰ’ল। সিয়ো যেন তাইৰ মৰমলগা হাঁহিটোত সঁহাৰি বিচাৰি পালে। তাইৰ দুচকুলৈ চাই আকৌ বাইকখনৰ বেকছিটটোলৈ চালে। তাই বুজিলে তাৰ ইঙ্গিত। অলপ পৰ কিবা এটা ভাবি তাই উঠি দিলে বাইকখনত। মৃদু গতিত বাইকখন চলিবলৈ ধৰিলে।
  • “কি নাম তোমাৰ?”
  • “অৰুণিমা।” “আৰু তোমাৰ?”
  • “অচিন্ত্য।” …. ৰিয়েৰ ভিউ গ্লাছখন তাইক চাব পৰাকৈ ঘূৰাই লৈ তাইলৈ চাই মিচিকিয়াই হাঁহিলে। বাইকখন সৈতে একেই মৃদু গতিত সিহঁতৰ সম্পৰ্ক আগবাঢ়িছিল, এটা বছৰ অতিক্ৰমিছিল। কিন্তু আজি এমাহ হ’ল, সি নাজানে তাইৰ হঠাৎ কি হ’ল। তালৈ নাচাই, ফোন ছুইট্ছ অফ। বাছৰ পৰা নামি কলেজলৈ যায়, সি দৌৰি গৈ তাইৰ ওচৰ পাইগৈ মানে তাইক নেদেখা হয়। লুকাই পৰে জনসমুদ্ৰৰ মাজত। সেয়ে আজি সি বাইকখন আঁতৰতে থৈ ৰৈ আছেহি ষ্টপেজটোত। অভিমানবোৰ জানো ইমানদিনীয়া হ’ব পায়! সিতো এইটোও নাজানে কি কাৰণত তাইৰ এই অভিমান। ওহোঁ! আজি তাই ক’ব লাগিব কি কাৰণত তাক ইমান বেয়া পাইছে। তাইৰ হাতত ধৰি কাষলৈ আজুৰি আনি চকুত চকু থৈ সুধিব, তাইৰ অভিমান ভাঙিব। অৰুণিমাৰ স্নাতকৰ অন্তিমটো চেমিষ্টাৰৰ পৰীক্ষা চলি আছে। পৰীক্ষা শেষ হোৱাৰ পাছৰটো মাহতে সিহঁতৰ বিয়া। বিয়ালৈ আৰু আছে নো কেইটা দিন! দূৰৈত সি বাছখন দেখিলে। এপেট যাত্ৰী লৈ মাজে মাজে হৰ্ণৰ বিকট চিঞৰৰ সৈতে বাছখন আহি আছে। অৰুণিমাক লগ পোৱাৰ কথা ভাবি তাৰ মন চঞ্চল হৈ উঠিল। উদণ্ড গতিত বাছখন আহি ষ্টপেজটোত জোৰকৈ ব্ৰেক মাৰি ৰৈ দিলে। যাত্ৰীবোৰে ইজনে আনজনক ঠেলি-হেঁচুকি নামিবলৈ ধৰিলে। একেখিনি সময়তে হেণ্ডিমেনজনে পিছৰ ষ্টপেজৰ নামবোৰ সলসলীয়াকৈ চিঞৰি চিঞৰি মুখস্থ মাতি নতুন যাত্ৰীৰে বাছখন ভৰাবলৈ চেষ্টা চলাই থাকিল।
    বাছৰ ভিতৰত সি তাৰ অৰুণিমাক দেখিলে। অইনদিনাৰ দৰেই তাই জিলিকি আছে আন দহজনৰ মাজত। “উফফ.. একেবাৰে শেষত নামিবলৈহে ৰৈ থাকিব লাগে নে”- মুখৰ ভিতৰতে ভোৰভোৰাই কৈ তাই নমালৈ ৰৈ থাকিল অচিন্ত্য।

”এ যাব দিয়ক”- বাছখনৰ গাত দুটা চাপৰ মাৰি হেণ্ডিমেনজনে ড্ৰাইভাৰক যাবলৈ সংকেত দিলে।

কিন্তু অৰুণিমা যে নমাই নাই এতিয়ালৈ। সি তাইৰ নামটো লৈ সজোৰে চিঞৰি মাতিলে। তাই এটা খোজ থৈছিলহে ৰাস্তাত, কিন্তু ইতিমধ্যে বাছখনে গতি বঢ়াইছিলেই। অৰুণিমাৰ ভৰিখন পাক খাই ৰাস্তাতেই পৰি গ’ল। অচিন্ত্য ইতিমধ্যে বাছখনৰ ওচৰ পাইছিল। বাছখনৰ পিছৰটো চকা অৰুণিমাৰ গাৰ ওপৰেৰে যাব যেন পাই তাইক বচাবলৈ সি জঁপিয়াই পৰিল। বাছখনৰ পিছৰটো চকা অচিন্ত্যৰ পেটৰ ওপৰেৰে পাৰ হৈ গ’ল। হেণ্ডিমেনজনৰ চিঞৰত বিকট শব্দ কৰি ব্ৰেক মাৰি বাছখন ৰৈ গ’ল। মানুহবোৰৰ মাজত হুৱা-দুৱা লাগিল।

“অৰুণিমা…. অৰুণিমা…” অস্ফুট স্বৰেৰে তাৰ মুখেৰে তাইৰ নামটো নিগৰি আহিল। লাহে লাহে সি চকু মুদিলে। চৌপাশ এন্ধাৰেৰে ভৰি পৰিল। বন্ধ দুচকুৱে অৰুণিমাক কাষত বিচাৰি থাকিল, উশাহবোৰ ৰৈ গ’ল….

(স্নেপশ্বট ২)

ট্ৰেফিক পুলিচজনে মানুহৰ ভিৰটো আঁতৰ কৰিবলৈ অবিৰত ভাৱে চেষ্টা চলাই আছে। মানুহবোৰে নিজৰ মাজতে কথা পাতিবলৈ ধৰিলে। “এম্বুলেন্স মাত ঐ”- দুই এজনে চিঞৰিলে। কেইজনমানে মোবাইল উলিয়াই ভিডিও বনাবলৈ, ফটো উঠাবলৈ ধৰিলে।

  • “ছাৰ, ইয়াত এটা এক্সিডেণ্ট হৈছে। সোনকালে মানুহ পঠিয়াই দিয়ক। মই এম্বুলেন্সক ফোন কৰিছোঁ।” ট্ৰেফিক পুলিচজনে ৱাকিটকিটো মুখৰ ওচৰত লৈ চিঞৰি চিঞৰি থানাত খবৰটো দিলে। কিছু সময় পাছতেই পুলিচ জীপ এখন আৰু এম্বুলেন্স আহি পালেহি।
  • “তহঁত ইয়াত থাকোঁতে কেনেকৈ হ’ল এক্সিডেণ্ট? যোৱাটো মাহত কলেজখনৰ ছোৱালী এজনী বাছৰ তলত আহি ঢুকাইছে।” – অ’চিজনে ধমকৰ সুৰত ট্ৰেফিক পুলিচজনক সুধিলে।
  • “হয় ছাৰ। অৰুণিমা নাম আছিল ছোৱালীজনীৰ। নাজানো কি হয় আজিকালিৰ ল’ৰা-ছোৱালীবোৰৰ। আজিতো এইজনে নিজেই আহি বাছৰ তলত সোমাইছেহি। পাগল আছিল ছাৰ। বহুদিন লক্ষ্য কৰিছোঁ বাছৰ পিছে পিছে দৌৰি ফুৰে। দুদিনমান মই নিজেই খেদিছিলোঁ ইয়াৰ পৰা। পিছে আজি….. এনে হ’ব যে জনা নাছিলোঁ নহয় ছাৰ।” – নিজে জনা সকলোখিনি তথ্য অ’চিজনক দিলে ট্ৰেফিক পুলিচজনে। ইমান সময়ত অচিন্ত্যৰ নিথৰ দেহটো পুলিচৰ সহায়ত এম্বুলেন্সৰ মানুহকেইজনে ষ্ট্ৰেচাৰখনত উঠোৱা হৈ গৈছিল।
Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nabajyoti
10 months ago

পঢ়ি সঁচাকৈয়ে বহুত ভাল লাগিল

10 months ago

অশ্ৰু নিগৰিলে