বাজি [মুল : এণ্টন চেকভ], অনুবাদ – হেমন্ত কাকতি

(১)

চন ১৯০১, ৰাচিয়াৰ চেইণ্ট পিটাৰ্চবাৰ্গ চহৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ শৰত কালৰ এটি সন্ধিয়া৷ আদবয়সীয়া ইনভেষ্টমেণ্ট বেঙ্কাৰ মিখেইল ট্ৰটস্কিয়ে তেওঁৰ বন্ধু বৰ্গক সন্ধিয়া ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল৷ তাত সমাজৰ বহু কেইজন গণ্য-মান্য মুখিয়াল লোকো উপস্থিত আছিল৷ তাৰ ভিতৰত মুখ্য আছিল তেওঁৰ লগৰে কেইজনমান বেংক ব্যৱসায়ী, নামী উকীল, চহৰৰ নাম থকা সাংবাদিক আৰু বুদ্ধিজীৱি এজনৰ লগতে বুদ্ধিদীপ্ত পঁচিশ বছৰীয়া লিওনাৰ্ডো নামৰ ডেকা ল’ৰা এজন৷ সন্ধিয়া চাহমেলত বহু কথাৰ আলোচনাৰ মাজতে এটা বিষয়েই প্ৰাধান্য পাইছিল; সেয়া আছিল “মৃত্যু দণ্ডৰ ঔচিত্য”৷ প্ৰায় ভাগ অতিথিয়ে মৃত্যুদণ্ডৰ বিৰোধিতা কৰিছিল৷ তেওঁলোকৰ যুক্তি আছিল এই দণ্ড অনৈতিক, অপ্ৰাসংগিক, অমানবীয় আৰু নিন্দনীয়৷ তেওঁলোকৰ মতে এই ধৰণৰ দণ্ড বিহাতকৈ গুৰুতৰ অপৰাধীক আজীৱন কাৰাবাস দিব লাগে৷

“মই আপোনালোকৰ লগত একমত নহওঁ৷ যদিও মই দুয়োটাই হোৱাতো নিবিচাৰোঁ তথাপি অত্যন্ত গুৰুতৰ অপৰাধীয়ে বিচাৰত পাবলগীয়া চৰম শাস্তি হিচাবে মৃত্যুদণ্ডকহে বেচি প্ৰাধান্য দিম৷ মোৰ মতে এজন মানুহক আজীৱন কাৰাবাস দি প্ৰতিদিনে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াতকৈ খুউব কম সময়তে বৈদ্যুতিক শ্বক বা তেনে কোনো তাৎক্ষণিক কষ্টহীন মৃত্যু বৰণ কৰোৱাতো বেছি নৈতিক৷” বেঙ্কাৰ জনে কৈ উঠিল৷

“দুয়োটাই সমানে অনৈতিক৷” এজনে কলে, ”দুয়োটা পদ্ধতিৰে উদ্দেশ্য একেই৷ জীৱনটো কাঢ়ি নিয়া৷ আমাৰ শাসকীয় পক্ষ কোনো ভগবান নহয়, যে জীৱনটো কাঢ়ি ল’ব৷ যিহেতু জীৱন দান কৰিব নোৱাৰে গতিকে কাৰো জীৱন কাঢ়ি লোৱাৰ অধিকাৰ ভগৱানৰ বাহিৰে কাৰো নাই৷”

এইবাৰ পঁচিশ বছৰীয়া ডেকা লৰা জনে মাত লগালে, “মৃত্যুদণ্ড আৰু আজীৱন কাৰাবাস দুয়োটাই অনৈতিক, কিন্তু কোনোবাই মোক যদি সোধে যে দুটাৰ ভিতৰত কোনটো বিচাৰিবা, মই আজীৱন কাৰাবাস হে বিচাৰিম৷ জীয়াই থকাটো মৃত্যুতকৈ বহুগুণে ভাল৷”
লাহে লাহে আলোচনাটো আৰু সজীৱ হৈ উঠিছিল৷ আদবয়সীয়া বেঙ্কাৰজন আবেগত উল্লাসিত হৈ উঠি হঠাতে টেবুলত হাতৰ মুঠিৰে ঢকা এটা মাৰি কৈ উঠিল “হেৰা ডেকা ল’ৰা, বাদ দিয়াহে, মিছা কৈ কি লাভ? যদি সঁচা হয় মই দুই মিলিয়ন ৰুব’ল বাজ ৰাখিলোঁ৷ আজীৱন নেলাগে পাঁচ বছৰ মোৰ ঘৰত অকলশৰীয়া তলাবন্ধ কোঠা এটাত থাকি দেখুৱা৷”

“আপুনি যদি সঁচা বুলি ধৰি লৈছে ময়ো সকলোৰে সন্মুখত ক’লো, মই আপোনাৰ বাজি গ্ৰহণ কৰিলো৷ আৰু শুনক, পাঁচ বছৰ নহয়, পোন্ধৰ বছৰ থাকিম৷”

“পোন্ধৰ? ? ডান! বন্ধুসকল সকলো সাক্ষী থাকিব৷ মই দুই মিলিয়নৰ বাজি ৰাখিলো৷”, বেঙ্কাৰজনে উৎসাহ আৰু উত্তেজনাৰে কৈ উঠি সকলোৰে ফালে চালে৷ সমান উৎসাহেৰে লিওনাৰ্ডোও কৈ উঠিল-

“আপুনি দুই মিলিয়ন ৰুব’ল ৰাখক, মই মোৰ স্বাধীনতা আপোনাৰ ওচৰত বন্ধকত ৰাখিলোঁ৷”

এনেদৰেই সেই সৰু চহৰ খনত এটা নাভুত নাশ্ৰুত আৰু অনৰ্থক বাজিৰ ঘটনা সংঘটিত হল ৷ আনন্দ আৰু উত্তেজনাত প্ৰায় আত্মহাৰা অহংকাৰী বেঙ্কাৰজনে তেতিয়াও লিওনাৰ্ডোক কৈ চাইছিল
“ভাবি চিন্তি চোৱা ডেকা লৰা, এতিয়াও সময় আছে, মোৰ কাৰণে দুই মিলিয়ন অতি ক্ষুদ্ৰ কথা, কিন্তু তুমি তোমাৰ জীৱনৰ শ্ৰেষ্ঠতম সময়বোৰ বন্দী অৱস্থাতে হেৰুৱাবা৷ স্ব-নিৰ্বাসিত বন্দীত্বই তোমাক খুলি খুলি খাব৷ মোৰ তোমালৈ বেয়াই লাগিছে৷”
আজি এতিয়া বেঙ্কাৰজনে বাৰান্দাতে পায়চাৰী কৰি কৰি পুৰণা কথাবোৰ মনত পেলাই ভাবি আছে আৰু নিজকে প্ৰশ্ন কৰিছে, “এই বাজি টোৰ এনে উদ্দেশ্যই বা কি আছিল? মানুহজনে জীৱনৰ শ্ৰেষ্ঠতম বছৰ বোৰ হেৰাই কি পালে, ময়েই বা এই দুই মিলিয়ন হেৰুৱাই কি পালো? এইটোৱেই প্ৰমাণ হয় এয়া হয়তো মোৰ দৰে অহংকাৰী কিম্বা অভিমানী মনৰ মানুহৰ জেদ আৰু লৰাজনৰ টকা পইচাৰ প্ৰতি থকা লালসা…!”

লাহে লাহে সেইদিনা গধূলি আৰু কি কি হৈছিল সেই পুৰণা কথাবোৰ এফালৰ পৰা সোঁত বোৱাদি তেওঁৰ মনলৈ আহিব ধৰিলে৷ সিদিনা এইটো সিদ্ধান্ত লোৱা হৈছিল যে ল’ৰাজনে তেওঁৰ বাগিছাৰ পিচফালে থকা সৰু ঘৰটোৰ কোঠা এটাত তেওঁৰ মালী এজনৰ তত্ত্বাৱধানত কটাব লাগিব৷ সমগ্ৰ পোন্ধৰ বছৰ কালত কোনো মানুহক দেখা বা মাত শুনিবলৈ তেওঁ সেই ঘৰটোৰ সীমা অতিক্ৰম কৰিব নোৱাৰিব৷ সেই সময়চোৱাৰ ভিতৰত তেওঁক এটা বাদ্যযন্ত্ৰ আৰু সকলো ধৰণৰ কিতাপ পত্ৰ দিয়া হব৷ চিঠি পত্ৰ লিখিব বা লিখা পঢ়া কৰিব পাৰিব৷ মদ আৰু ধুমপান কৰিব পাৰিব৷ কেবল বাহিৰৰ জগত খনৰ লগত যোগাযোগ ৰখাৰ একমাত্ৰ মাধ্যম হব দুই ফুটৰ জালি লগোৱা খিৰিকী এখন৷ চুক্তি মতে এই স্ব-নিৰ্বাসন আৰম্ভ হব ১৮৭০ চনৰ নৱেম্বৰ মাহৰ চৌধ্য তাৰিখে ৰাতি বাৰ বজাৰ পৰা ১৮৮৫ চনৰ চৌধ্য নবেম্বৰ দিনৰ বাৰ বজালৈকে৷ এই সময়সীমাৰ এক মিনিটৰ হেৰ ফেৰ হলেই এই চুক্তি লংঘন হব আৰু বেঙ্কাৰজনে এটা ফুটা কড়িও দিবলৈ মান্তি নহ’ব৷

তেওঁ লিখা ডায়েৰীৰ টোকাবোৰ কোনোবাই পঢ়িলে গম পালেহেঁতেন যে বন্দিত্বৰ প্ৰথম বছৰটো লিওনাৰ্ডোয়ে নিসংগতাৰ পৰা হোৱা প্ৰচণ্ড মানসিক চাপ আৰু দুশ্চিন্তাৰ মাজেৰে পাৰ কৰিছিল৷ দুৰৰ পৰাই পিয়ানোৰ শব্দ দিনে ৰাতি শুনা গৈছিল৷

তেওঁ মদ আৰু ধুম্ৰপান কৰা নাছিল ৷ মদৰ বিষয়ে তেওঁ লিখিছিল যে মদে মানুহৰ অন্তৰ্নিহিত ইচ্ছা আকাংক্ষা বোৰ জগাই তোলে আৰু ইচ্ছাই হ’ল বন্দীৰ প্ৰধান শত্ৰু; তাৰ উপৰিও পৃথিবীত ভাল ৱাইন খোৱাৰ সমান সুখ নাই যদিও খাই উঠি প্ৰিয়জনক লগ নোপোৱাৰ সমান দুখো নাই৷ ধুমপানে কোঠাৰ বতাহ-পানী দুষিত কৰে৷ প্ৰথম বছৰত তেওঁ প্ৰেমৰ উপন্যাস, ৰস-ৰচনা বা ৰহস্য কাহিনী জাতীয় কিতাপ বোৰ হে পঢ়ি ভাল পাইছিল৷

দ্বিতীয় বছৰত পিয়ানোৰ মাত শুনা নগৈছিল৷ কিতাপৰো সোৱাদ সলনি হৈছিল৷ কিছু ধ্ৰুপদী সাহিত্য বাছি লৈছিল৷ পঞ্চম বছৰত কোঠাৰ পৰা আকৌ কিছু সংগীত ভাঁহি আহিছিল৷ তেওঁৰ কোঠাৰ খিৰিকী খনৰ ওচৰেৰে অহা যোৱা কৰা প্ৰত্যক্ষদৰ্শীৰ মতে কিছু বছৰ তেওঁ একো কৰা নাছিল একমাত্ৰ খোৱা, শোৱা আৰু মদ্যপান কৰাৰ বাহিৰে৷ মাজে মাজে হামিয়াই আৰু কেতিয়াবা নিজেই নিজৰ লগত কথা পাতে৷ যদি কিতাপ নপঢ়ে তেওঁ ঘণ্টাৰ পিচত ঘণ্টা ধৰি কিবা লিখিবলৈ লয়, গোটেই ৰাতিটো কিবা কিবি লিখে আৰু ৰাতিপুৱাই গোটেই বোৰ ফালি পেলায়৷ একাধিক বাৰ তেওক কন্দাও শুনা গৈছিল৷

ষষ্ঠ বছৰৰ দ্বিতীয়াৰ্ধৰ ফালে বন্দীজনে খুউব উৎসাহেৰে ভাষাতত্ত্ব, দৰ্শন আৰু বুৰঞ্জী বিষয়ৰ কিতাপ এনেকৈ পঢ়াত লাগিল যেন তেওঁ এই কিতাপ বোৰৰ মাজতে নিজকে উৎসৰ্গিত কৰিলে৷ বেঙ্কাৰজনে কিতাপ কিনি দি তত পোৱা নাছিল৷ প্ৰায় চাৰি বছৰৰ ব্যৱধানত তেও প্ৰায় ছশ কিতাপ পঢ়ি শেষ কৰিছিল৷ এইখিনি সময়তে লিওনাৰ্ডোয়ে মিখেইল ট্ৰটস্কিলৈ লিখা চিঠি এখন আহিছিল-

“শ্ৰদ্ধাৰ মিখেইল ট্ৰটস্কি,

মই এই চিঠি খন ছটা ভাষাতেই লিখিছোঁ৷ আশাকৰোঁ এই খন আপুনি তেওঁলোকক পঢিবলৈ দিব যিয়ে এই ভাষাবোৰ বুজি পায়৷ যদি তেওঁলোকে এটাও ভুল উলিয়াব নোৱাৰে তেতিয়া হলে আপুনি অনুগ্ৰহ কৰি আপোনাৰ বাগিছাত এটা ডাঙৰ কৈ শব্দ হোৱাকে বন্দুকৰ গুলী ফুটাব, তেতিয়া মই বুজি পাম যে মোৰ অত’ বছৰৰ চেষ্টা ও সাধনা অথলে যোৱা নাই৷ বিভিন্ন ঠাইৰ ভিন ভিন বয়সৰ পণ্ডিত প্ৰৱৰ লোক সকলে বিভিন্ন ভাষা ক’লেও একে অগ্নিয়ে তেওঁলোকক দহে৷ অহ! তেওলোকক জানিব আৰু বুজিব পাই এই অপাৰ্থিৱ সুখত মই কিমান সুখী যদিহে আপুনি এবাৰ বুজিব পাৰিলে হেঁতেন! “

বাগিছা দুটা বৃহৎ শব্দেৰে লিওনাৰ্ডোৰ ইচ্ছা পুৰণ কৰা হৈছিল সেইদিনা৷

দশম বৰ্ষৰ শেষৰ ফালে বন্দীজনে প্ৰায় লৰচৰ নকৰাকৈ টেবুলত বহি বিশেষ একো নপঢ়ি পঢ়িছিল মাথো “Gospel“ (খ্ৰীষ্টান ধৰ্মৰ বাণী সমূহৰ কিছু অংশ)৷ ট্ৰটস্কিয়ে এই কথাটো ভাবি আচৰিত হৈছিল যে ইমান ছশ কিতাপৰ পুংখানুপুখ জ্ঞান আহৰণ কৰি পাণ্ডিত্য লাভ কৰা ব্যক্তি এজনে সাধাৰণ লোকেও বুজিব পৰা এই ধৰ্মবাণী বোৰৰ মাজত নো কি পাইছিল৷ তাৰ পিচতে আৰম্ভ কৰিছিল ধৰ্মতত্ত্ব আৰু ধাৰ্মিক বুৰঞ্জী সমূহৰ অধ্যয়ন৷

লিওনাৰ্ডোৱে শেষৰ দুটা বছৰত সোৱাদ সলনি কৰি বাছ-বিছাৰ নোহোৱাকৈ পঢ়া আৰম্ভ কৰিছিল৷ কেতিয়াবা শ্বেক্সপিয়েৰ বা বাইৰণ নহ’লে প্ৰকৃতি বিজ্ঞান, কেতিয়াবা ৰসায়ন নহ’লে বনৌষধি বিদ্যা, কেতিয়াবা আকৌ দৰ্শন শাস্ত্ৰ নহ’লে কোনো ধাৰ্মিক ৰচনা৷ তেওৰ লিখা-পঢ়াৰ শৈলীৰ পৰা এনে ধাৰণা হৈছিল মধ্য সাগৰত জাহাজ ডুবাৰ পিচত যেন অথাই সাগৰত সাঁতুৰি নাদুৰি জীয়াই থকাৰ তাড়নাত সাগৰ পৃষ্ঠত ভাঁহি অহা যি কোনো বস্তুকে এটাৰ পিচত আনটোক সাবটি ল’ব৷

(২)

বয়সস্থ মিখেইল ট্ৰটস্কিয়ে সেইদিনা পুৰণি স্মৃতি ৰোমন্থন কৰি কৰি ভাবিছিল-

“কাইলৈ দুপৰীয়া বাৰটা বজাত লিওনাৰ্ডোৱে স্বাধীনতা লাভ কৰিব৷ চুক্তি পত্ৰ মতে মই তাক দুই মিলিয়ন ৰুব’ল দিব লাগিব৷ দি দিলেই সকলো শেষ! মই হয়তো দেৱলীয়া হৈ যাম৷ “

পোন্ধৰ বছৰ আগতে হয়তো তেওঁৰ কাৰণে দুই মিলিয়ন তেনেই সামান্য ৰূপ আছিল৷ আজিৰ দিনত তেওঁ নিজকে এইটো প্ৰশ্ন সুধিবলৈ ভয় যে তেওঁৰ স্থাৱৰ সম্পত্তি বেছি নে ধাৰৰ পৰিমাণ বেছি৷ ষ্টক বিনিময় কেন্দ্ৰত খেলা বেহিচাপ জুৱা আৰু কিছু অলীক কল্পনাৰে লোৱা কিছু সিদ্ধান্তৰ বাবে তেওঁ আজি অৰ্থনৈতিক ভাৱে জুৰুলা আৰু পৰিশ্ৰান্ত৷ এসময়ৰ সাহসী আৰু আত্মবিশ্বাসী বিনিয়োগী বেঙ্কাৰজন আজি এজন তেনেই সাধাৰণ মধ্যভোগী বিনিয়োগকাৰী যিয়ে ষ্টক বজাৰৰ দৈনিক প্ৰত্যেক উত্থান পতনৰ বা মাৰলিত নিজকে চম্ভালি ৰখাৰ বাবেও দহবাৰ চিন্তা কৰিব লগীয়া হয়৷

“অভিশপ্ত বাজি! “ হতাশাত মুৰটো খামুচি ধৰি মিখেইল ট্ৰটস্কিয়ে ভোৰভোৰালে৷

“সি নমৰিল কিয় ইমান দিনে? তাৰ চল্লিচ বছৰ হৈছেহে! সি মোৰ শেষ পইচা খিনিও লৈ মৌজ-মস্তি কৰিব, বিয়া পাতিব, জীৱনটোক উপভোগ কৰিব৷ বিনিয়োগ কেন্দ্ৰত গৈ জুৱা খেলিব আৰু মই ভিখাৰীৰ নিচিনা হিংসাৰ দৃষ্টিৰে তালৈ চাই ৰম৷ তাৰ মুখত হয়তো শুনিম ’মোৰ এই জীৱন যোৰা সুখৰ বাবে মই আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ! আপোনাক কিবা সহায় লাগিলে ক’ব৷ ’ না-হ! ইমান সহ্য মই কৰিব নোৱাৰিম৷ এই সমস্ত লজ্জা আৰু শঙ্কাৰ পৰা নিৰাময় পোৱাৰ এটাই পথ বাছি আছে; সেয়া হ’ল লিওনাৰ্ডোৰ মৃত্যু! “

তেতিয়া পুৱতি নিশা৷ প্ৰায় তিনিটা বাজিছে৷ বেঙ্কাৰজন হাতত সাৰে ভৰিত সাৰে উঠি গল৷ বাহিৰত কিছু ঝিলি পোকৰ মাত আৰু বতাহত হালি জালি হোৱা কিছু গছৰ শব্দৰ বাদে একো শুনা নগৈছিল৷ অকণো সাৰসুৰ নোহোৱাকৈ তেওঁ পোন্ধৰ বছৰ নোখোলাকৈ থকা ধাতুৰে নিৰ্মিত চেল্ফটোৰ ভিতৰৰ পৰা সযতনে ৰাখি থোৱা লিওনাৰ্ডোৰ বন্ধ কোঠাৰ চাবিটো হাতত লৈ তাৰ কোঠাৰ ফালে আগুৱালে৷ পিন্ধনত মুৰৰ পৰা ভৰিলৈকে এটা ক’লা ৰঙৰ অ’ভাৰকোট৷

নৱেম্বৰৰ হিম শীতল চেঁচা এটি নিশা লগতে কিনকিনিয়া বৰষুণ, বাগিছাখনো ঘিট মিট অন্ধকাৰে আৱৰি ৰাখিছিল৷ এছাটি হিমশীতল চেঁচা বতাহ যেন বাগিছাৰ ইমুৰৰ পৰা সিমুৰলৈ দৌৰ মাৰি গছ বোৰক অলপো জিৰাবলৈ দিয়া নাছিল৷ চাৰিওফালে কেৱল অন্ধকাৰাছন্ন পৰিবেশ, নিজৰ গাটোকো দেখাৰ সাধ্য নাই৷ মিখেইলে দুবাৰো চকীদাৰ জনক মাতিলে…৷ নাই কাৰো সাৰসুৰ নাই৷ চকীদাৰ জনে হয়তো এই বতাহ বৰষুণৰ পৰা নিৰাপদ দুৰত্বত গৈ ৰান্ধনীঘৰ কিম্বা ফুলনিৰ সিটোমুৰে থকা গ্ৰীনহাউচটোত গৈ টোপনিত লালকাল!

“যদি মই মোৰ এই স্বাৰ্থ সিদ্ধিৰ ’কাম’টো সমাপন কৰো সন্দেহৰ আঙুলি যাব চকীদাৰ জনলৈ!”

বুঢ়া মিখেইলে নিজকে নিজে কৈ উঠিল৷ লাহে লাহে বুঢ়া মিখেইল গৈ লিওনাৰ্ডোৰ কোঠাৰ দুৱাৰ দলিত উপস্থিত হল৷ পোহৰৰ অভাৱত একো নেদেখি জুইশলা কাঠি এডাল জ্বলাই ল’লে৷ ভিতৰত যেন কোনো আত্মা নাছিল৷ মামৰে ধৰা তলাটো চুই চালে৷ চাবিপাত সুমুৱাই ঘূৰাই দিয়াত ক্ৰিক কৰি এটা শব্দ কৰি তলাটো খুলি গ’ল৷ জুইশলা কাঠি ডাল নুমাই যোৱাৰ লগে লগে বুঢ়া মিখেইলৰ এক অজান আশঙ্কা আৰু আবেগৰ এক মিশ্ৰিত প্ৰতিক্ৰিয়াত বুকুখন কঁপি উঠিল৷ দৰ্জাখন অকণ মান ফাঁক কৰি জুমি চালে- ভিতৰত ঢিমিক ঢামাক কে মম বাটি এডাল জ্বলি আছিল৷ লিওনাৰ্ডোই আঠু দুটাত মুৰটো গুজি টেবুল খনতে বহি আছিল৷ টেবুলৰ চাৰিওফালে আৰু কাৰ্পেটত সিঁচৰিত হৈ আছিল কিছু মেলিথোৱা কিতাপ৷

প্ৰায় পাঁচ মিনিট গ’ল, বন্দীজনে এবাৰো লৰচৰ নকৰিলে৷ সুদীৰ্ঘ পোন্ধৰটা বছৰৰ স্ব-নিৰ্বাসনে হয়তো লিওনাৰ্ডোক শিকাইছিল ষ্টেচুৰ দৰে স্থিৰ হৈ থাকিবলৈ৷ মিখেইলে দৰজাখনত দুবাৰ টুকুৰিয়ালে৷ কিন্তু আশাকৰা ধৰণে কোনো উত্তৰ নেপালে৷ লিওনাৰ্ডো যেন জীৱনহীন এটা ষ্টেচুলৈ পৰ্য্যবসিত হৈছে৷ মমৰ পোহৰত তাৰ হাড়ে ছালে লগা দেহাটোৰ লগতে দীঘল দীঘল আউলি বাউলি চুলিবোৰ জিলিকি উঠিছিল৷ অলপ ওচৰৰ পৰা তাৰ দুয়োগাল সোমাই যোৱা হনু আৰু এজোপা দীঘল দাড়িৰে মটীয়া হালধীয়া মুখখনো চকুত পৰিল৷ তেওঁক দেখি কোনেও বিশ্বাস নকৰিব যে তেওঁৰ বয়স মাত্ৰ চল্লিচ!

সি শুই আছিল……৷ দো খাই থকা মুৰ টোৰ আগত পৰি আছিল বহুত সৰু সৰু আখৰেৰে কিবা লিখি থোৱা এখিলা দীঘল কাগজ৷

“অহ বেচেৰা! সি হয়তো শুই শুই ভাবি আছে তাৰ দুই মিলিয়নৰ কথা! এই আধামৰা মানুহজনক ঠেলা এটা মাৰি যদি মুখত গাৰুটোৰে হেঁচা মাৰি ধৰোঁ দুই মিনিটতে তাৰ মৃত্যু হ’ব আৰু কোনো বিদগ্ধ ফৰেনচিক বিশেষজ্ঞও ভাবিবই নোৱাৰিব যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড! কিন্তু কি লিখিছে সেয়া আগতে পঢ়ি লওঁ……!”

মিখেইলে কাগজ খন হাতত তুলি ললে আৰু লিখা কথা খিনি পঢ়ি গ’ল-

“কাইলৈ দুপৰীয়া বাৰ বজাত মই মোৰ স্বাধীনতা ঘূৰাই পাম, অন্য মানুহৰ সংস্পৰ্শত অহাৰ অধিকাৰো ঘূৰাই পাম৷ কিন্তু মই এই কোঠাটো এৰি গৈ সুৰ্য্যৰ কিৰণ দেখাৰ আগতে আপোনাক কিছু কথা কোৱাৰ আৱশ্যকতা অনুভৱ কৰিছোঁ৷ মই সম্পুৰ্ণ সজ্ঞানে আৰু সুস্থ মস্তিস্কৰে ভগৱানৰ নামত (যাক মই বিশ্বাস কৰো) শপত খাই কওঁ যে মই জীৱন, স্বাস্থ্য আৰু স্বাধীনতাক ঘৃণা কৰোঁ৷ এইবোৰকে আপোনাৰ কিতাপবোৰত পৃথিবীত অতিকৈ ভাল আৰু সুন্দৰ বস্তু বুলি বৰ্ণনা কৰা হৈছে৷

যোৱা পোন্ধৰটা বছৰে মই সমস্ত পাৰ্থিৱ জীৱনৰ বিষয়ে অধ্যয়ন কৰিলোঁ৷ এইটো সঁচা যে মই পৃথিৱী আৰু মানুহ দেখা নাই, কিন্তু আপোনাৰ কিতাপৰ যোগেদি মই অনেক সুগন্ধি ওৱাইনৰ সোৱাদ ললোঁ, মই বহুত গীত গালোঁ, জংঘলত চিকাৰ ধৰিলোঁ, বহু নাৰীৰ প্ৰেমত পৰিলোঁ৷ অসাধাৰণ প্ৰতিভাশালী কবি আৰু সাহিত্যিক সকলে তেওঁলোকৰ ৰচনাত সৃষ্টি কৰা সৌন্দৰ্য্যৰ মায়াজাল মাথোঁ মেঘৰ দৰে এক মায়া৷ বহু নিশা এই মায়াজালত ঘূৰি ফুৰিলোঁ, বহুতে মোৰ কাণত ফুচফুচাই বহু সাধুকথা শুনালে৷ আপোনাৰ কিতাপৰ যোগেদি মই এলবুৰ্জ্ আৰু মণ্ট ব্লেঙ্ক্ ৰ সুউচ্ছ শৃংগত বগাই ফুৰিলোঁ, সেই শৃংগত উঠিয়েই বহু সুৰ্য্যোদয় আৰু সুৰ্য্যাস্তত সাগৰৰ তীৰত ভাঁহি অহা মিঠা ৰঙৰ সমাহাৰ দেখিলোঁ, বহু ধুমুহা, নদী, দেশ বিদেশ, চহৰ নগৰ, পাহাৰ পৰ্বতক ওচৰৰ পৰা চালোঁ৷ দুৰৰ কোনো আস্তাৱলৰ চালকৰ বাঁহীৰ সুৰ ভাঁহি অহা শুনিলোঁ আৰু শুনিলোঁ চয়তানৰ চিৎকাৰ৷ আপোনাৰ কিতাপৰ যোগেদি চুই পালোঁ কোনো সৰগৰ অপেশ্বৰীৰ মোলায়েম পাখি৷ বহু যুদ্ধ বিগ্ৰহ দেখিলোঁ, বহু ৰাষ্ট্ৰ অধিকাৰ কৰিলোঁ, যুজিলোঁ, বাগৰিলোঁ, হাৰিলোঁ, তলিহীন সাগৰত সাতুৰিলোঁ আৰু বহুতো অসাধ্য সাধন কৰিলোঁ৷ মই নিজেই কেইবাটাও ধৰ্মৰ সৃষ্টি কৰিলোঁ, ভাঙিলোঁ, গঢ়িলোঁ৷ বহুতৰ উত্থান পতন দেখিলোঁ৷ বহু জ্ঞান প্ৰাপ্তি ঘটিল৷ এতিয়া মই বুজি পাওঁ যে মই আপোনাতকৈ বহু বেচি জ্ঞানী৷

মই এতিয়া আপোনাৰ কিতাপক ঘৃণা কৰোঁ, পৃথিৱীৰ সমস্ত আশীৰ্বাদ আৰু জ্ঞান মোৰ বৈৰী৷ এই সকলোবোৰ মৰীচিকাৰ দৰে অনাহুত, অমুলক, অনৰ্থক, মুল্যহীন আৰু মায়াময়৷ মৃত্যুৰ আগত আপোনাৰ জ্ঞান গৌৰৱ সকলো গৌণ৷ এই গোলকৰ লগতে এদিন আপোনাৰ অস্তিত্ব, বুৰঞ্জী আৰু অমুল্য পাণ্ডিত্ব সকলো জলি পুৰি বা বৰফাবৃত হৈ নিঃশেষ হৈ যাব৷ আপুনি আপোনাৰ যুক্তি হেৰুৱাইছে আৰু ভুল পথে পৰিচালিত হৈছে৷ আপুনি মিছাকৈ সঁচা আৰু ৰহস্যাবৃত মায়াকে সৌন্দৰ্য্য বুলি ভাবি লৈছে৷

আপুনি আশ্চৰ্য্যচকিত হ’লহেঁতেন যদিহে আপেল বা কমলা গছৰ পৰা জেঠি বা ভেকুলীৰ জন্ম হলহেঁতেন, সুগন্ধি গোলাপৰ গোন্ধটো যদি ঘৰ্মাক্ত ঘোঁৰাৰ দৰে গোন্ধালে হেঁতেন, সেয়ে মই আপোনাৰ চিন্তাধাৰাৰ ওপৰতে আচৰিত হৈছো যি য়ে এই মায়াময় পৃথিবীখনকেই স্বৰ্গ বুলি ভাবি লৈছে৷ এতিয়া মই আপোনাক আৰু বুজিবলৈ চেষ্টা নকৰোঁ৷

মই যে এই সমস্ত পাৰ্থিব সুখক ঘৃণা কৰোঁ আৰু সেয়ে মোৰ এই চিন্তাধাৰাক সঁচা প্ৰমাণিত কৰিবলৈ মই আপোনাৰ পৰা পাবলগীয়া দুই মিলিয়ন ৰুব’ল সজ্ঞানে ত্যাগ কৰিলোঁ৷ মোক নিজকে এই প্ৰাপ্য টকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ চুক্তিমতে থকা সময়সীমাৰ পাঁচ ঘণ্টা আগতেই ওলাই যাম আৰু চুক্তিৰ চৰ্ত উলঙ্ঘন কৰিম বুলি থিৰাং কৰিলোঁ৷ “

মিখেইলে চিঠি খন পঢ়ি উঠি পুনৰ টেবুলৰ ওপৰত থলে৷ লিওনাৰ্ডোৰ কপালত চুমা এটা খাই প্ৰায় অশ্ৰুসিক্ত নয়নেৰে কোঠাটোৰ পৰা লাহে লাহে ওলাই গ’ল৷ নিজৰ ঘৰৰ বিছনাখনত বাগৰি মিখেইলে বহুপৰ শোৱলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল৷ ষ্টক বিনিময় কেন্দ্ৰত বহুত ডাঙৰ জুৱাত হাৰিও হয়তো তেওঁ জীৱনত কেতিয়াও নিজৰ ওপৰত ইমান লজ্জা, আত্মগ্লানি আৰু ঘৃণা জন্মা নাছিল৷ কথাবোৰ ভাবি ভাবি আবেগতে চকুৰে কেৱল চকুলো বাগৰিছিল৷

পিচদিনা ৰাতিপুৱা চকীদাৰজন ভয়ে ভয়ে আহি মিখেইলক লিওনাৰ্ডো অন্তৰ্ধান হোৱা খৱৰটো দিছিল৷ মিখেইলে একো নকৈ মাথো চকীদাৰ জনৰ লগত আহি লিওনাৰ্ডোৰ কোঠাটো পৰীক্ষা কৰি নিশ্চিত কৰিছিল যে লিওনাৰ্ডো পলাই গৈছে৷ লিওনাৰ্ডোৰ চিঠিখন হাতত তুলি লৈ এপলক চাই মিখেইল আগবাঢ়িছিল সেই সুৰক্ষিত চেল্ফটোৰ ফালে য’ত লিওনাৰ্ডোৰ কোঠাৰ চাবিপাত আজি পোন্ধৰ বছৰে সুমুৱাই থৈছিল৷ সেই চিঠিখনো একেটা চেল্ফতে সুমুৱালে আৰু বাহিৰলৈ ওলাই আহি সেই বেৰখনৰ ফালে চাই ৰ’ল, যিখন বগাই পাৰ হৈ কোনো দুৰ দিগন্তলৈ মুক্ত বিহংগৰ দৰে লিওনাৰ্ডো ইতিমধ্যে ওলাই গৈছিল৷

☆★☆
[মোৰ অন্যতম প্ৰিয় গল্পকাৰ চেকভৰ মুল গল্পটোত মিখেইল ট্ৰটস্কি আৰু লিওনাৰ্ডো নাম দুটাৰ উল্লেখ নাছিল৷ এয়া মোৰ কল্পনা কৰি দিয়া নামহে৷ – অনুবাদক]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments