বাটে-ঘাটে (-দেবাংগ ভূষণ হাজৰিকা)

নৈশ বাছত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ বুলি উঠিলোঁ৷
বাছ চলিবলৈ আৰম্ভ কৰিছেহে, তেনেতে আহিল ধমাকাটো৷ এইবাৰ পিছে লাখটকীয়া ধমাকা নহয়, মাত্ৰ পাঁচশ আৰু এক হাজাৰ টকীয়া ধমাকাহে৷ তথাপিও মানুহবোৰৰ মাজত হুৱাদুৱা! !
বাছ খনৰ একৰ পৰা বিৰাল্লিশ নম্বৰ ছিটলৈকে বহি থকা প্ৰতি জন যাত্ৰীৰ মুখত কেৱল তাৰেই আলোচনা৷ হয়তোবা ফোনত কাৰোবাৰ সৈতে কথা পাতি অথবা গুগলত বিচাৰি অথবা কোনোবাজনে লাইভ টি ভি চাই আপডেটবোৰ লবলৈ চেষ্টা কৰিছে৷ তাৰ মাজতে কোনোবা জনে কৈছে, “ভাল হৈছে৷ “ মোদীজীক প্ৰশংসাৰে ওপচাই পেলাইছে, কোনোবাজনে আকৌ মানুহজনক বৰকৈ সমালোচনা কৰিছে৷
অমুকাৰ পিছে টেনচনটো বেলেগ৷ ডে’ডলাইন দিছে ৰাতি বাৰ বজালৈকে৷ মানে বাৰ বজাৰ আগতেই যদি বাছখন কলিয়াবৰ পায়গৈ তেনেহ’লে ৰক্ষা৷ নহ’লে……”খাম কি বে কে*…! ” মোৰ মনটোতকৈও বেগত যেন মোৰ পিছত বহি অহা যাত্ৰী জনেই কথাটো কৈ দিলে৷ কাৰোবাৰ সৈতে তেওঁ মোবাইলত কথা পাতিছে৷ তেওঁৰ হাতত বোলে সদ্যহতে গোটেই কেইটা পাঁচশ টকীয়া নোট৷
কলিয়াবৰত বাছ আহি পাওঁতে নিশা ১১: ৪০ বাজিল৷ যাত্ৰীসকল এজন এজনকৈ নামিবলৈ আৰম্ভ কৰিছে৷ এজনে কোৱা শুনিলো, ”মই নাযাওঁ, লাভ নাই গৈ৷ “ আনে নেদেখাকৈ অমুকাই মানিবেগটো উলিয়াই চালো৷ মনটো ভাল লাগি গ’ল৷ এখন নহয়, দুখন নহয় একেবাৰে চাৰিখন এশ টকীয়া নোট আছে মোৰ হাতত৷ বীৰদৰ্পে বাছৰ পৰা নামি গ’লো ম’টেল খনলৈ বুলি৷
ম’টেলৰ কাউণ্টাৰত দেখিলো আমাৰ সহযাত্ৰী সকলৰ ভীৰ৷ কেছ কাউণ্টাৰত থকাজনক সুধিছে সকলোৱে-“পাঁচশ টকীয়া ল’বনে নাই৷ “ তেওঁৰো মুখখন আনদিনাৰ দৰে উজ্জ্বল নহয়৷ তেওঁ মুখত এক বেলেগ অভিব্যক্তি ৰাখি ক’লে, ”খাওক আৰু “……
তাৰপাছত আৰু পাই কোনে৷ সকলোৱে খোৱাৰ টেবুলত বহিল৷ বিল পৰিশোধ কৰাৰ সময়ত সকলোৰে মানিবেগৰ পৰা পাঁচশ-এহেজাৰ টকীয়া নোটবোৰ ওলাই আহিল৷ মানুহবোৰ ৰ মুখ বোৰলৈ চালোঁ৷ সকলোৰে মুখবোৰত যেন কিবা অপৰাধী অপৰাধী এটা ভাৱ! ! ! ম’টেলৰ গৰাকীয়েও যেন অনিচ্ছা সত্বেও লৈ আছে টকাবোৰ! ! …..
বিল দিবলৈ লাইনত থিয় হ’লোঁ৷ সন্মুখত থকা যাত্ৰীজনে মানিবেগৰপৰগ চেপি চেপি পাঁচশ টকীয়া নোটখন উলিয়াই দিছে৷ তেওঁৰ পিছে মানিবেগটোত কেইটামান এশ টকীয়া নোট ৰিণিকি ৰিণিকি দেখা পালোঁ৷ বিপদৰ সময়ত আৱশ্যক হ’ব পাৰে বুলি হয়তো সাঁচি ৰাখিছে! !
অমুকাৰ বিল হৈছিল ৯০ টকা৷ টকা লৈ থকা মানুহজনক চাৰপ্ৰাইজড্ কৰি মই এশটকীয়া নোট এখন আগবঢ়াই দিলোঁ৷ তেওঁ মোলৈ চাই সন্তুষ্টিৰ হাঁহি এটা মাৰিলে৷
কাষৰ পাণদোকান খনলৈ গ’লোঁ৷ পাণ এটা বনাবলৈ কোৱাত তেওঁ প্ৰথমেই সুধিলে, ”খুচুৰা আছেনে নাই? ” মই আছে বুলি কোৱাত তেওঁ মোক ক’বলৈ আৰম্ভ কৰি দিলে, “….. আজি বজাৰ বেয়া৷ …..একো বিক্ৰী কৰিব পৰা নাই৷ ১০টকীয়া বস্তু এটা লৈও মানুহে ৫০০ টকীয়া এটাহে উলিয়াই দিছে ………ইমান খুচুৰা মই ক’ত পাম? ? ! ! ….”
দোকানীজনৰ মুখত খং, ক্ষোভ, আবেগ তথা চিন্তাৰ ৰেখা স্পষ্ট! !
পুৱা ৬ বজাত ডিব্ৰুগড় পালোঁহি৷ অট’ৰ পৰা নামি জেপত হাত দিওঁতেই অট’ৱালাজনে ক’লে, ”দাদা খুচুৰা দিব৷ প্ৰথম ভাড়া৷ ….” তেওঁৰ মুখখনলৈ চালোঁ৷ তেওঁৰ মনটোত যেন কোৱা কথাষাৰৰ বাহিৰে অন্য কথাও লুকাই আছে …..! ! মুখত হাঁহি হাঁহি ভাৱ এটা দি এশ টকা এটা আগবঢ়াই দিলোঁ তেঁওলৈ৷
ঘৰ পাই পত্নীয়ে খিড়িকীবোৰ খুলি দিলে৷ ড্ৰইং ৰূমৰ টেবুলতে মানিবেগটো উলিয়াই থওঁতে তেওঁ মাত লগালে, “ক’ত থৈছা? ভিতৰত থোৱাঁ সেইটো৷ “
মিচিকিয়াই হাঁহি এটা মাৰি মই উত্তৰ দিলো, ”চিন্তা নাই দিয়াঁ৷ সেইটোত অকল পাঁচশটকীয়া দুটামান হে আছে! ৷ “
***

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক