বাটে পথে অকণমান ৰস – ড০ নৃপেন খাউণ্ড

মৰ্ণিং ৱাককণ কৰি আহি প্ৰায়ে কেইমিনিট মান তৰাজান মছজিদৰ সমীপৰ পুলটোতে অকণমান বহো৷ পুৱা ৫ বজাৰ এইকণ সময়ত ভিৰ-ভাৰ নথকা পৰিবেশটো ভাল লাগে৷ পুৰণি দুই এজন প্ৰতিবেশীক বাটে পথে লগ পাই মাত এষাৰ লগোৱাও হয় এইকন সময়তে৷ কাৰণ পাছত দিনটো বঢ়াৰ লগে লগে ভিৰ-ভাৰ হুলস্থুলত ক’ৰ মানুহ কত হেৰায় যায় ইমান দিনে থাকি অহা জেগাকণত নিজৰে আলহী যেন লগা অৱস্থা হয়৷ আজিও এনেকৈ পুলটোতে বহোতেই সমীপৰে বাসিন্দা হুছেইনক হাতত আনদিনাৰ দৰে হাতত ঘৰৰ জাবৰ জোথৰ পেলোৱা বাকেট্ টোৰে ডাস্তবিনলৈ গতি কৰোতেই মাতষাৰ লগালো-

: হেৰি আপোনাক দেখোন ভালেমান দিন দেখা নাই?

হুছেইন মানুহজন মোতকৈ অলপ জ্যেষ্ঠ যদিও মোৰ পৰম বন্ধু৷ কিবা এটা সুধিলে কিবা প্ৰকাৰে ৰসযুক্ত এনেকুৱা এটা মন্তব্য দিব হাঁহিত ৰব নোৱাৰি৷ ইজনে সিজনক দেখাদেখি হলেই মোক যদি তেওঁ কৃষ্ণ বুলি সেৱাৰ ভঙ্গীৰে মাতষাৰ লগায় ময়ো প্ৰতুত্তৰত তেওঁক ৱালেগোম চালাম বুলি কৈ জমাবলৈকে হাতৰ ইছাৰাৰে আদাবটো (নমস্কাৰ ) জনাও৷ এনেকৈয়ে আমাৰ লগ পালে হাঁহিৰ আড্ডাটো জমি উঠে৷ (সন্ধ্যা কেতিয়াবা তাৰে সঞ্জীৱ মেডিকেলত যদি পেচেণ্টৰ ভিৰ নাথাকে খুহুতীয়া কথাত ওষ্টাদ মালিক সঞ্জীৱ বৰাইও যদি হুছেইনৰে লগতে যোগ দিয়ে আমাৰ হাঁহিৰ ৰহঘৰা ভৰি উঠে৷

আজি মই হুছেইনক কথাষাৰ সুধিবলৈ পালোহে বাকেটটোৰে মোৰ ওচৰ পাই আৰম্ভ কৰিলে
: মই নাছিলো নহয় যোৱা দুমাহে৷ জেলৰ পৰা কালি আহিছোহে
: জেলৰ পৰা? কোনটো কেছত? (মই নিশ্চিত এও পুৱাই ৰস সৃষ্টিৰ এয়া মিছা কথাৰে বৃথা প্ৰয়াস )
: জেলৰ খানা কিন্তু ভাল হল দে৷ মাছে মঙহে তুমি কি খাবা (যেন তেওঁ সচাকৈ প্ৰায়ে জেললৈ যোৱা কয়দীহে উত্তৰ তেনে )

ময়ো অলপ ডাউনটো দিবলৈকে তেওঁক কলো ঃআপুনি মানে সেইটো কেছত নেকি৷ তাহাতি লগ ধৰিছিল বুলিয়ে সেইজনীৰ ওচৰলৈ আপুনি কিয় গৈছিল৷ পালে মজাতো৷ (কোনোবা তৃতীয় ব্যক্তিয়ে আমাৰ কথোপকথন শুনিলে ভাব হব সঁচাকৈ হুছেইন এক কয়দী দাগী মানুহ৷ প্ৰকৃততে তেওঁ তেনে মানুহ নহয়েই৷ ৰস অকন আস্বাদনৰ স্বাৰ্থত মনে মিলা অন্তৰঙ দুই এজন ৰ লগত আমাৰ ব্যস্ত জীৱনৰ সুৰুঙাত এনেকৈয়ে হাঁহিৰ উৎস অকন বিচাৰি উলিয়াও৷ বন্ধুসকল কিবা যদি নকবলগীয়া কিবা শব্দ প্ৰয়োগ কৰিছো নিজ গুণে মাফ কৰিব৷ ৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments