বাটৰুৱাৰ দুখ (স্মৃতিৰেখা ভূঞা)

গানগোৱা চৰাইজনী ওখ গছজোপাৰ ডালত বহি আছিল

যাৰ গাত ভেঁজা দি অর্কিড এজুপিয়ে গা পোনাইছিল

গুলপীয়া ফুলবোৰৰ ফাঁকেৰে ৰৈ-বৈ পৰিছিল

চৰাইজনীৰ মিঠা মাতৰ সুৰীয়া গান,

বাটৰুৱাই থমকি ৰৈছিল ; কাণ উনাইছিল

ক’তনো আছে সেই সৰগী মাতৰ শিপা।

বতাহ সুখী, চৰাই সুখী, গছ সুখী, ফুল সুখী, বাটৰুৱা সুখী।।
হঠাৎ স্তব্ধ হ’ল সুখী বতাহ

কোনেও নাজানে কি স্বাৰ্থত কোনে

অস্বাভাৱিক সপোনেৰে উত্তাল কৰে বতাহ

নৈৰাজ্যত শংকিত হয় আবহাৱা

আকাশত স্বজনৰ তেজলগা নিচান
জুই জ্বলে , বুকু কঁপে ,গছৰ গুৰিত শোকৰ কলীয়া ছাঁ।

বতাহ দুখী, চৰাই দুখী, গছ দুখী, ফুল দুখী, বাটৰুৱা দুখী;
অস্ বাটৰুৱা কেৱল দুখীয়েই নহয়

চকুৰ চকুলো সৰে, জুই দগমগ কৰে ,নৰীয়াত পৰে।

তথাপি সাৰে ৰয় সপোন শান্ত গীতিৰ।।

****************************************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক