বাদামী মূৰীয়া মৌমাখি খোৱা চৰাই – ড° লোচন শইকীয়া

চৰাইৰ পিচত ঘূৰি ফুৰোঁতে নতুন নতুন অভিজ্ঞতা হৈছে৷ লগতে বুজিও উঠিছোঁ আমি থকা ঠাইতে কিছুমান ঘটনা আমাৰ অলক্ষ্যেই ঘটি থাকে, যিবোৰ আমি অকণমান মন কৰিলেই দেখিবলৈ পাওঁ৷ তেনেকুৱা অভিজ্ঞতাবোৰকে মই আপোনালোকৰ লগত ভগায়ো ভাল পাওঁ৷ অসমৰ পাৰিপাৰ্শ্বিক পৰিৱেশত মৌবাহ সঁচৰাচৰ চকুত পৰেই৷ আমাৰ কৃষি-বিশ্ববিদ্যালয়ৰ কথা মই আগতেও লিখিছোঁ৷ আমাৰ ইয়াৰে তেনেকুৱা দুটুকুৰা ঠাইৰ কথা কওঁ৷ এটুকুৰা ঠাই হল কৃষি বিশ্ববিদ্যালয়ত থকা আটাইকৈ ডাঙৰ চুপি আকৃতিৰ পানী টেঙ্কীটো৷ এই পানী টেঙ্কীটোৰ উচ্চতা ২৫মিটাৰ মান হব৷ তাৰেই ওপৰৰ ধাৰটোৰ পৰা তললৈ নামি অহা চুপিটোৰ ডিঙি অংশৰ পূৱ দিশত প্ৰতি বছৰে কেইবাজাকো বৰমৌৱে বাহ লয়৷ হয়, আপোনালোকৰ বহুতৰে এতিয়া মনত পৰিব নুমলীগড়ৰ ওচৰৰ ডাঙৰ ভেলেউ গছ কেইজোপালৈ, য’ত বছৰি একে ঠাইতে ভালেমান বৰমৌৱে বাহ লয়৷ তেনেকুৱা ফটো হয়তো চাবলৈও পাইছে৷ আমাৰ ইয়াতো তেনেকুৱা ডাঙৰ গছ (ৰেইন ট্ৰী) তিনিজোপামান আমাৰ চাহ বিজ্ঞান ও প্ৰযুক্তি বিভাগৰ চাহ বাগিছাৰ সন্মুখ ভাগতে আছে৷ যোৱা তিনি বছৰ ধৰি মন কৰিছোঁ সেই গছ কেইজোপাৰ প্ৰসাৰিত বৃহৎ ডালত বৰষুণে অনিষ্ট কৰিব নোৱাৰাকৈ ডালৰ তলফালে একোখনহঁত প্ৰকাণ্ড চাক৷ চাকখন ঘেৰি হিচাব কৰিব নোৱাৰাকৈ বৰমৌৱে ঢাক খাই আছে আৰু সক্ৰিয়তাৰ প্ৰমাণ দেখুৱাই মাজে-মাজে একোটা ঢৌ লহৰ তুলি মৌজাক বিৰাজমান৷ এই সময়ছোৱা এপ্ৰিলৰ পৰা আগষ্ট মাহলৈকে৷
আজি মোৰ উদ্দেশ্য বৰমৌ বা অন্য মৌবোৰ নহয়, বৰং এই মৌবোৰৰ লগত প্ৰাকৃতিকভাবে সংযোজিত মৌ প্ৰস্তুত কৰা স্বয়ং মৌমাখি ভক্ষণ কৰা চৰাইবিধৰ কথাহে৷ চৰাইৰ ভিতৰত মেৰপিডি (Meropidae) শ্ৰেণীৰ চৰাইবোৰক মৌমাখি খোৱা চৰাই বুলি চিহ্নিত কৰা হৈছে আৰু এনেকুৱা মৌমাখি খোৱা চৰাইৰ সংখ্যা ২৬ বিধ বুলি এতিয়ালৈকে জনা গৈছে৷ আকাশৰ চিকাৰী বুলি ক’লে আমি চাগৈ পোনেই ঈগল, শেন এনেকুৱা চৰাইবোৰৰ কথাই ভাবিম, নহয়নে! ঈগল জাতীয় এই চৰাইবোৰৰ লক্ষ্য আকাৰত ডাঙৰ প্ৰাণীহে৷ জীৱই জীৱক খাই জীয়াই থকাৰ প্ৰাকৃতিক পৰিঘটনাৰ সামান্য হেৰ-ফেৰ নোহোৱাকৈ, কোনো কাৰো খাদ্যৰ প্ৰতিযোগী বা ভাবুকি নোহোৱাকৈ সৃষ্টিকৰ্ত্তাই মৌমাখি খোৱা চৰাই কেইটাক নিৰ্দিষ্ট ঠাই, পৰিৱেশ, ঋতু সকলো ঠিক কৰি দিছে৷ কিবা খেলি-মেলি যদি হৈছে, সেইয়া তেনেহলে মানৱ-সৃষ্ট৷
এই মৌমাখি খোৱা চৰাই কেইটা বতাহৰ পাকৈত চিকাৰী৷ ইহঁত আমাৰ খেতি-পথাৰ, জোপোহা হাবি, সৰু গছ-গছনি থকা ঠাইবোৰৰ অধিবাসী৷ প্ৰশ্ন হয়. আমি ইহঁতক সাধাৰণতে আমাৰ আশে-পাশে দেখিবলৈ পাওঁ নে? যিবোৰ ঠাইত খেতি-পথাৰ আদিত ৰাসায়নিক দ্ৰৱ্যৰ পয়োভৰ বেছি সেইবোৰ ঠাইত মৌমাখি নিজেই পলাই পত্ৰং দিয়ে৷ মৌখোৱা চৰাইক তাত বিচাৰি চলাথ কৰি লাভ নাই৷
আমাৰ কৃষি বিশ্ববিদ্যালয়তে মৌ পালন প্ৰকল্প এটা আছে৷ ফল-বীজ জাতীয় শস্যৰ বংশতত্ত্বৰ বিচাৰ ধাৰাত মৌ পালনে পৰ-পৰাগ সংযোগ উদ্ভিদৰ উত্পাদন বৃদ্ধিত বহুলাংশে সহায় কৰে৷ বৰং কোৱাই যুগুত তেনে শস্য উত্পাদনৰ আচল কৃতিত্ব মৌমাখিলৈহে যায়৷ আমাৰ প্ৰকৃতিত বৰযুণ মানে পানী আমাৰ পৰিবেশত সহজ-লভ্য৷ গোবৰৰ পৰা প্ৰস্তুত পঁচন সাৰ প্ৰায়েই খেতি পথাৰত ব্যৱহাৰ হয়৷ গোবৰ বন-বাত আদিৰ গুটিৰ পৰিবাহক৷ সেয়ে গোবৰ পৰা ঠাইত সহজেই ঘাঁহ-বন গজে৷ পৰিণতিত বন-বাত আমাৰ সমস্যা হৈ উঠাত তাক বিনষ্ট কৰাত বন মৰা ৰাসায়নিক দ্ৰৱ্যলৈ হাত মেলোঁ আৰু প্ৰয়োগো কৰোঁ৷ তাকো বাৰে বাৰে৷ ফলত মৌমাখি পলাই পত্ৰং৷ বিভাগীয় বিষয়াই বাৰে বাৰে মৌবোৰ হেৰুৱাই অৱশেষত আত্মসমৰ্পণ কৰিলে৷ নাই নহব আৰু৷ বাৰে-বাৰে একেটা ভুল কৰি থাকিলে ধৈৰ্যৰো সীমা থাকে৷ এই কথাবোৰ মই সদায়েই সঁকিয়াই থাকোঁ৷ পিচে কামত নাহে৷ দুখৰ কথা, বেজীৰ জলঙা মনা মানুহে কুঠাৰৰ জলঙা নমনে বুলি কোৱা আপ্ত বাক্যশাৰীক পুনঃ পুনঃ প্ৰমাণ কৰি আমি নিজকেই হাঁহিয়াতৰ পাত্ৰ কৰি পাতি থৈ অহা বাকচটোত মৌমাখি কিয় সংখ্যাত কমি গৈ কামত নহা হ’ল সেইটো বিচাৰ নকৰোঁৱেই৷
যোৱাকালিৰ কথা৷ লিখনী এটাৰ কাৰণে কাণ-কুৰিকাৰ ফটো দুখন মান লাগে৷ সিহঁতৰ বাহ মই চিনি পাওঁ৷ প্ৰকৃতিৰ চৰাই, গোবৰ খুচৰি ফুৰে, আছে আৰু, তাকে ভাবি বৰকৈ মন নিদিও৷ আঁঠ বজাত ওলালোঁগৈ, সেই ঠাই টুকুৰাত৷ পিচে দাতাই দিলেও বিধাতাই নিদিয়ে৷ কাণ-কুৰিকা কেইটাই মোৰ মনৰ ভাব বুজিয়ে পালে নেকি! হুঃহ, ইমান দিন খবৰেই নাই, আমি আছোঁনে নাই খবৰেই নাই, এতিয়া ফটো মাৰিবলৈ আহিছ বুলি কাণ-কুৰিকা দুটি পলাল৷ আচলতে কামলৈ অহা মানুহৰ সমাগম বৃদ্ধি হৈছেই৷ সদায়েই কামলৈ অহা মানুহবোৰ আহিবলৈ আৰম্ভ কৰিছে৷ সেয়ে কাণ-কুৰিকা কেইটা সদায় নিৰাপদ দূৰত্বলৈ আঁতৰি যোৱাৰ দৰে কালিও আঁতৰি গ’ল৷ যিফালে উৰি গ’ল সেইফালে থকা গছবোৰৰ ডালতে বহিবগৈ পাৰে বুলি পিচে পিচে ময়ো বাট বুলিলোঁ৷ সেই দিশটোলৈ মানুহ যোৱাৰ উপায় নাই৷ সীমামূৰীয়া ঠাইখিনিৰ সিফালেই বৰ ডাঙৰ আৰু দীঘল পুখুৰী এটা খন্দা আছে৷ মাটি খন্দা মাছ কেইটাই পাৰটো খহাই খহাই আমাৰ ফালে এফুট মানহে বাকী ৰাখিছেগৈ৷ তাতে মাজে-সময়ে কুকুহা দুটামানে দেখা দিয়ে৷ বৰটোকোলা এটাই মাজে-সময়ে শিমলু গছ এজোপাৰ ওপৰত জিৰায়৷ পুখুৰীটোৰ পৰা অলপ আঁতৰৰ পৰাই প্ৰাকৃতিক জলাহ এটা আৰম্ভ হৈছে৷ এই ঠাইখিনি বিহঙ্গ-ভূমি৷ খাদ্যৰ প্ৰাচুৰ্য৷ নিৰাপত্তা, পানী আটাইবোৰ তাতে আছে৷
মধুৰীআমৰ বতৰ৷ উদ্যান শস্যৰ মধুৰী বাৰীখনৰ ফলকেইটা সিহঁতৰ কাৰণেই কৰিছোঁ বুলি ভাবি প্ৰতি বছৰে জাক জাক ভাটৌ তালৈকে আহে৷ মানুহৰ কামৰ সময়ছোৱাত ভাটৌজাক মধুৰী গছবোৰৰ পৰা আঁতৰি মই কোৱা নিৰাপদ ঠাইখিনিতেই ৰয়হি৷ মাজে-মাজে উৰা মাৰি নাৰিকল কেইজোপাৰ পাতত পৰেহি৷ মানুহৰ আলেখ-লেখ চাই কোঢ়াল কৰি উৰি ফুৰে৷ বেলি ডুবো ডুবো হওঁতেই মানুহবোৰো নোহোৱা হব আৰু সিহঁতেও হেঁপাহ পলুৱাই খাবলৈ পাব, ভাটৌজাকে এই কথা ভালদৰেই জানে৷
নাই, কাণ-কুৰিকাকেইটা পলাল যি পলালেই৷ আজি ভটৌৰ ফটো কেইটামানকে কেমেৰাত সুমুৱাই থওঁ বুলি কেমেৰাৰ এপেৰেচাৰ, ঝুম, ফকাচ আদি ঠিক কৰি লৈ সেইখিনিতে থকা ঘৰ এটাৰ বেৰৰ কাষে-কাষে ওচৰ চাপি গ’লোঁ৷ সৰু ভাটৌ এটি সেইখিনিতে থকা ঘোৰা নিম এজোপাৰ শুকান আগ ঠেঙুলী এটাত মোলৈ পিচ দি বহি আছিল৷ তেনেকুৱাতে ভাটোটিৰ কাষৰ ডালটিতে আহি বহিলহি মূৰতো বাদামী ৰঙা, ডিঙিতো কুহুমবুলীয়া, গাটো সেউজীয়া আমি ব্যৱহাৰ কৰা পেনটোৰ জোখৰ দীঘলীয়া ক্ষীণ চৰাই এটি৷ অ’ এইটোক দেখোন আগেয়ে দেখা নাই৷ থাউকতে মোৰ কেমেৰাৰ স্ত্ৰীণত সুমুৱাই শ্বট এটা ললোঁ৷ পিচ মুহূৰ্ত্ততে চৰাইটো নোহোৱা হ’ল৷ ইমান খৰধৰ কিহৰ? চাওতেই আকৌ আহিল৷ এইবাৰ মোৰ ফালে মূৰ কৰি লগতে আৰু এটি আগৰ ডালটোতে বহিল৷ ভাটৌটিয়ে সেই ঠাই এৰি গল৷ এৰা, পিৰীতিৰ হাট বহিছে৷ দেখাত একে চৰাই এটি লগত লৈ দুইটিয়ে ’প্ৰী, প্ৰুপ’, ‘প্ৰী, প্ৰুপ’ কৰি সৰু সৰু মাত মাতি কাষ চাপি বহিল৷ ঠোঁটকেইটা দীঘল, জোঙা আৰু তললৈ সামান্য বেকা৷ এইটো মৌমাখি খোৱা চৰাইবোৰৰ ঠোঁটৰ লক্ষণ৷
আহক পাঠক, এই চৰাইটিক চিনাকি কৰি দিওঁ৷ এইটো বাদামী মূৰীয়া মৌমাখি খোৱা চৰাই৷ ডিঙি কুহুমবুলীয়া বুলি দেখোঁতেই কৈছোঁ৷ ইংৰাজীত ইয়াৰ নাম Chestnut headed bee-eater আৰু বৈজ্ঞানিক নাম Merops leschenaulti৷ ওজনত ২২-৩০ গ্ৰাম৷ এছিয়া মহাদেশৰ ভাৰত, শ্ৰীলঙ্কা, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, দক্ষিণ চীন, থাইলেণ্ড, কম্বোদিয়া, লাওচ, ভিয়েটনাম, আৰু মালয়েছিয়াৰ চৰাই৷ মৌমাখি খোৱা চৰাই হিচাবে ইহঁতৰ তিনিটা প্ৰজাতি আছে৷ তাৰে এবিধৰ ডিঙিৰ পাখি নীলা বৰণীয়া (Merops viridis), আন এবিধ আছে সেউজীয়া ৰঙৰ (Merops orientalis), বাকী দুবিধৰ এবিধ আফ্ৰিকান মৌমাখি খোৱা (Merops viridissimus) আৰু আনবিধ আৰবীয়ান মৌমাখি খোৱা (Merops cyanophrys)৷ কিছুদিনৰ আগতে আম্দামান দ্বীপত পোৱাবোৰৰ নামাকৰণ Merops leschenaulti andamanensis কৰিছে৷
চকুৰ তলত এডাল কলা আঁচ আছে৷ চকু ৰঙচুৱা, মণিটো ক’লা৷ মুখৰ তলফালে আৰু ডিঙি নেমু হালধীয়া বা কণীৰ কুহুমৰ নিচিনা ৰঙৰ৷ ডেউকাৰ পাখিৰ পিচৰ অংশ সেউজীয়া আৰু সৰু পাখিবোৰ নীলা ৰঙৰ৷ গাটো আৰু নেজৰ ওপৰ অংশ শেঁতা পৰা নীলা৷ নেজৰ তলফালে শেষৰ অংশ শেঁতা পৰা কজলা৷ কবলৈ গ’লে এইটো বহুৰঙী বৰ ধুনীয়া চৰাই৷
খাদ্যাভাসত উৰণীয়া পতঙ্গ, মৌমাখি, বৰল, পাখি লগা পৰুৱা, জিঞা, জিলি, পখিলা, ফৰিংজাতীয় সকলো উৰণীয়া পতঙ্গকে পচন্দ কৰে৷ হাবি থকা গছ-গছনিৰ ওপৰত থকা খাদ্যৰ ওপৰত নিৰ্ভৰশীল হেতু সমতল ভূমিৰ পৰা ১০০ মিটাৰ সাগৰ পৃষ্ঠ তললৈকে দেখা পোৱা চৰাই৷ খেতি-পথাৰ, বাগিছা আদিতো দেখা পোৱা যায়৷ প্ৰাকৃতিকভাবে উষ্ণ, নাতিশীতোষ্ণ অঞ্চলৰ শুকান হাবিবোৰ, জলীয় প্ৰাদুৰ্ভাৱ থকা খোলা হাবি-বননি, নৈ, নদীৰে ভৰা পৰিৱেশত বাদামী মূৰীয়া মৌমাখি খোৱা চৰাই ভৰপূৰ৷
চিকাৰ কৰিবলৈ মৌমাখি খোৱা চৰাইয়ে মুকলি ঠাই বিচাৰি গছৰ ডালৰ পৰা চিকাৰ কৰে৷ খেদা মাৰি গৈ বতাহতে ঠোঁটৰ সহায়ত চিকাৰ ধৰি আনি গছৰ ডালত থেকেচি ঘঁহি শুংডাল উলিয়াই লৈহে মৌমাখিক গিলি পেলায়৷
ভাৰতত বংশবিস্তাৰৰ সময় ফেব্ৰুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত৷ প্ৰায়ে কেইবাযোৰো মৌখাখি চৰাইয়ে ওচৰা-ওচৰিকৈ বাহ সাজে৷ জীয়াই থকা কালছোৱা একেলগে কটোৱা এযোৰ বাদামী মৌমাখি খোৱা চৰাইৰ হালেই লগ হৈ বালিচঁহীয়া মাটিত প্ৰায় এক মিটাৰ দীঘল সুৰঙ্গ খান্দি বাহ সাজে৷ খান্দিবৰ কাৰণে ঠোঁট ব্যৱহাৰ কৰে আৰু ঠেঙেৰে মাটিবোৰ আঁতৰাই পেলায়৷ সুৰঙ্গৰ শেষ অংশ আহল-বহলকৈ খান্দে আৰু তাতে পাঁচটাৰ পৰা ছটা ঘূৰণীয়া কণী পাৰে৷ উমণীত হালেই বহে আৰু উমৈহতীয়া লালন-পালনৰ দায়িত্ব লয়৷ ইমান পৰ কৈ অহা বাদামী মূৰীয়া মৌমাখি খোৱা চৰাইটো সামান্য পৰিমাণে পৰিভ্ৰমী৷ ঠাণ্ডা কালি আহিলেই দক্ষিণৰ ফালে গতি কৰে৷ বাকী কেইটা মৌমাখি খোৱা চৰাই পৰিভ্ৰমী নহয়৷ খাদ্যৰ কাৰণে সামান্য ইফাল-সিফাল কৰে৷ জন্মৰ পিচত পোৱালিবোৰ নিজে চিকাৰ কৰিব পৰা হ’লেই নতুন ঠাই বিচাৰি লয়৷ এইদৰে একোটা প্ৰজন্মই আৰু এটা প্ৰজন্মলৈ নিৰৱে নিজা পৰম্পৰা অটুট ৰাখি বাদামী মূৰীয়া মৌমাখি খোৱা চৰাই নিজা পথত চৰৈৱেতী৷
পাঠক, আমাৰো ধৰ্ম চৰৈৱেতী, চৰৈৱেতী৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments