বাধ্য হ’ব সময় – নূপুৰ হাজৰিকা

গমকে নাপালো
কেনেকৈ
কেতিয়া
সময়ে কাঢ়ি নিলে
মোৰ সঞ্চিত সহস্ৰ শব্দ
পৃষ্ঠাবোৰ নীৰৱ এতিয়া৷

“তোমাৰ শব্দৰ ৰংবোৰ
হিমচেঁচা বতাহে উৰুৱাই নিলে
সৌ ৰেলআলিৰ সিপাৰে
ধূসৰ দিগন্তলে’৷”
মুকলিত খেলি থকা ল’ছালিজাকে
ক’লে মোক৷
সিহঁতে উৰুৱাই থকা ৰঙীন চিলাবোৰক ক’লো,
“মোকো উৰুৱাই নে তালৈকে৷ ”

আঃ হঠাৎ গম পালো
এই অবাধ্য হৈ উঠিব
অৱস পাখি দুখন মোৰ !
সময় বাধ্য হ’ব
ওভতাই দিবলে’
মাটি -মুকুতা
শিল -শোকেৰে গঢ়া
অবোধ শব্দবোৰ মোৰ !

আজি ৰাতি সকলো নক্ষত্ৰই
পোহাৰ মেলিব মোৰ চোতালত
অনৰ্থৰ অৰ্থ বিচাৰি
পৃষ্ঠাবোৰ আকৌ লুটিয়াই চাম
ক’ত ৰৈ গ’ল ভুলবোৰ !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments