বানপানী ( মালিন মজুমদাৰ )

দুসপ্তাহতো যেতিয়া বতৰ মুকলি নহ’ল তেতিয়াহে ঘৈণীয়েক শান্তিৰ কথাটো হৰিদাসৰ মনত চেবালে।এৰা, এইটো পানী ডাঙৰেই হ’ব যেন পাওঁ‌।বৰ বিপদখন হ’ব।দ্বিতীয়বাৰৰ বাবে ৰোৱা কঠীয়াবোৰ পানীৰ তল যোৱা আজি তিনিদিন হ’ল। সজাল ধৰি উঠিছিলহে মাত্ৰ। নুমলীয়াকৈ ৰোৱা কঠীয়া, এনেয়েও শকতি কম।আৰু চাৰি-পাঁচদিন পানীৰ তলত থাকিব লাগিলে সমূলি মৰি-পচি যাব। আকৌ এবাৰ ৰুবলৈ সময়ো নাই, কঠীয়াও নাই।

গোটেই অঞ্চলটোৰ ভিতৰতেই সিহঁতৰ এই খাৰসুঠাৰ পথাৰখনেই আটাইতকৈ দ’।যেন বিশাল হাতীখুজিয়া বাতিহে।সেয়ে পানীৰ কোবটো সিহঁতৰ পথাৰখনতে বেছিকৈ পৰে। বানে নাপালে পিছে ধানো হয় ভাল। বৰ পলসুৱা মাটি।বতাহে নেপেলালে থিয়ই থিয়ই ধান দাব লাগে। দুই-তিনি গোচা কাটিলেই মুঠি বান্ধিব লগা হ’য়। ফচলো তেনেকৈ উভৈনদী।এবছৰৰ ধানেৰে দুটা বছৰ যোৰা মাৰিব পাৰি। খৰালিৰ সৰিয়হ, মচুৰ, শাক- পাচলিৰ আয়েৰেও ঘৰখনৰ বাহিৰা খা-খৰচৰ যোৰা মাৰিব পাৰি। ছেঃ বতৰটোৱে দুদিন মূৰ দাঙি চোৱা হ’লে, নখন্দা জানে হোঁ হোৱাই পানী বুঢ়াদিয়া নৈত পেলালেহেঁতেন।

-“কি হ’ল হয়নে? বহাতেই দৰক লাগিল যে? বয়-বস্তুবোৰ থান-থিত লগাবৰ হ’ল। নানকাৰ চুবাৰ মথাউৰিত জেগা অকণ এতিয়াই থিক কৰি নথলে গৰুকিটা কোনখন সৰগত নি ৰাখিবগৈ?”

শান্তিৰ চিঞৰত তাৰ ভাবত যতি পৰিল।তেতিয়াহে সি মন কৰিলে যে চিন্তাৰ কোবত ৰঙা চাহৰ লগত খাবলৈ হাতত লৈ থকা গুৰৰ লদাটো হাততে থাকিল।মিঠা নোহোৱা চাহ কাপ কেতিয়া খাই শেষ কৰিলে সি গমকে নাপালে। গুৰৰ লদাটো মুখত ভৰাই হৰিদাস বহাৰ পৰা উঠিল।এৰা, পানীটো ডাঙৰেই হ’ব। সি মানুহজনীলৈ চালে।তাইৰ মুখত স্পষ্টকৈ অশান্তিৰ চিন। ঘৰৰ পিচফালে গোটাই থোৱা আলতীয়া মাটি অলপ আনি বাৰাণ্ডাৰ এচুকত থৈ শান্তি দমকলৰ পাৰ পালেগৈ।

হৰিদাসৰ লাজ লাজ ভাব এটা আহিল মনলৈ।হওঁতে মানুহজনীয়ে কথাটো কালিৰে পৰা তিনি-চাৰিবাৰ মান কৈছে। সিহে গুৰুত্ব দিয়া নাই।সেয়ে তাইৰ খং উঠাটো স্বাভাৱিক। এনেয়ে মানুহজনী থিকেই আছিল। পিছে যোৱাটো বছৰত গৰ্ভপাত হোৱাৰ পৰা অলপ কথাতে খং উঠা হৈছে। হ’বৰ কথাই অৱশ্যে। প্ৰথমবাৰ মাক হ’বলৈ গৈ এনে বিপত্তি হ’লে খং নুঠাটোহে অস্বাভাৱিক। সি বুজাবলৈ চেষ্টা কৰিছিল, বোলো পাৰোতেনো থাউকতে ডাক্তৰ- কবিৰাজ ঢুকি নোপোৱা জেগাত ঘৰ কৰিছোনে?
নাই, তাতকৈ বেছি তাইক কবলৈ সত নগ’ল।তাৰো দুখ লাগিছিল। তাৰ ভৰসাতেই তাই ঘৰৰ অমতত পলাই আহিছিল। সিও ঘৰৰ কাকো নোকোৱাকৈ তাইক ঘৰ সুমুৱাই কুৰুক্ষেত্ৰ এখনৰ সৃষ্টি কৰিছিল। পৰিণতিত সিহঁতৰ আজোককাকৰ দিনৰ এই পাণ্ডৱবৰ্জিত ঠাইত থকা দ’ মাটিখিনিৰ ভাগ লৈ ঘৰৰ পৰা নিৰ্বাসন। সি তাইক বুজাইছিল – একো বেয়া নহয় দে। মাটি ঢেৰ, অতি সাৰুৱা।ভাল খেতি হয়। বাৰিষা অলপ কষ্ট আৰু কি।

খৰালি মাহত যেতিয়া নখন্দা জানৰ পাৰৰ ওখ সুবিধাজনক ঠাইত বাঁ‌হ-খেৰেৰে ঘৰ এটা বান্ধি থাকিবলৈ লৈছিল, মনটো ভালেই লাগিছিল।নিৰিবিলি- নিস্তব্ধ চৌপাশ। ৰিং এটা মাৰিলে শুনা দূৰত্বত আন মানুহ দুঘৰ জানটোৰ একেটা পাৰত। তাৰ পিছত জানটো যি ঠাইত বুঢ়াদিয়া নৈত পৰিছে, সেইখিত দুঘৰ। তাৰ আগলৈ নদীৰ পাৰেৰে উজাই গ’লে অলপ দূৰে দূৰে দুই চাৰি ঘৰকৈ হাৰিভাঙা চুবা। তাৰো এক কিলোমিটাৰ আগলৈ নানকাৰ চুবা। তাৰো এককিলোমিটাৰ উজাই গ’লেহে টিহু-সৰ্থেবাৰী সংযোগী শিল দিয়া ৰাস্তা। এই সকলোবোৰ পমুৱা মানুহ।জিলাখনৰ দহ-পোন্ধৰ কিলোমিটাৰ দূৰৰ গাওঁবোৰৰ মানুহৰ মাটি এই পথাৰখনত।দুই এজনৰ বাহিৰে ঘৰখনৰ মানুহবোৰ ঘাই ঘৰত থাকে।খেতি-খোলাত কামৰ ভৰ হ’লে ঘাই ঘৰৰ আন মানুহবোৰ আহি কামত হাত উজান দিয়ে। সিহঁতৰো ঘাই ঘৰ কুকুৰমাৰাত। ঘৰৰ পৰা নিৰ্বাসন লৈ সিহে অকলে ইয়াত চাবেকি(স্থায়ী) হ’ল।

“কি হ’ল, বোলো শিপা গজিল নেকি? গোহালিৰ চাঙৰ পৰা খৰাহিৰ চৌকাটো আনি দিয়ক।আগৰ পানীটোত কোনোমতেহে চলিছে।অলপ মাটি লেপি দিওঁ‌।” চৰিয়াটোত মাটিখিনি গুলি লৈ শান্তিয়ে মাত লগালে।

“হু ৰবি, দিছো ৰহ।” মনটো জোকাৰ এটা মাৰি হৰিদাস গোহালিঘৰৰ চাঙত উঠিল আৰু খৰাহি এটাত মাটিৰে সজা চৌকাটো নমাই আনি বাৰাণ্ডাত থ’লে। নাই, আৰু দেৰি কৰিব নোৱাৰি। মথাউৰিত জেগা নাপাব লাগিলে শান্তিৰ আগত লাজ পোৱাতকৈও ডাঙৰ বিপদ হ’ব হালোৱা দুটা আৰু গাই দুজনীক লৈ।পানী বেছি হ’লে চোতাল-ঘৰ বুৰ যোৱাৰ আগতেই মানুহে গৰুবোৰ নি মথাউৰিৰ ওখ অংশ খিনিত বান্ধিব।দেৰি হ’লে ভাল ঠাই নাপাব। ছাগলী দুজনী দুটা পোৱালিৰে সৈতে বাৰু সিহঁতৰে সৈতে গোহালিঘৰৰ চাঙতেই ৰাখিব।

চোলাটো পিন্ধি সি জানৰ পাৰৰ ৰাস্তাৰে নানকাৰ পামলৈ খোজ ললে।এতিয়াহে সি মন কৰিলে- কোনো কোনো ঠাইত দেখোন জানৰ পাৰ ডুবিবলৈ বেছিদূৰ নাই।

নানকাৰ চুবাৰ সেইখিনিত বুঢ়াদিয়াৰ মথউৰিটো ওখ আৰু মজবুত।নদীৰ গৰালৈ ভালেখিনি দূৰ।কিবা কাৰণত খহনীয়া হ’লেও তৰ্কিব পৰা যাব।হৰিদাসে ওচৰৰে মাধৱক লগত লৈ মথাউৰিত অলপ ঠাই থিক কৰি গৰু বান্ধিবলৈ আৰু খেৰ-ঘাঁ‌হ দিব পৰাকৈ খুঁটি মাৰি হেঙাৰ বান্ধি ঘৰলৈ ঘূৰি আহে মানে শান্তিৰ ভাত-পানী হৈছে।

ভাত পানী খাই আৰু ৰ’বলৈ সময় নহ’ল। পানী হোঁ হোৱাই বাঢ়িছে।চোতালৰ পৰাই দেখিছে পথাৰৰ পানী জানৰ পাৰ বুৰাবলৈ বেছি দূৰ নাই।

হৰিদাসে নাঙল-যুঁ‌ৱলিবোৰ গোহালিৰ চুক এটাত যতন কৰি থৈ দিলে।খৰি থোবা চাঙৰ পৰা খৰি আৰু শুকান গোবৰৰ সিটাৰ (জুই জলাবলৈ শুকাই থোৱা) বস্তা কেইটা গোহালিত তোলে মানে শান্তিয়ে পাকঘৰ আৰু বিচনাৰ কাপোৰ সাৰি-পুচি থোৱা গোহালিৰ পূৱফালৰ খোটালিটোত ভাগে ভাগে ৰাখি অতাইছে।
তাৰ পাছত দুয়ো লগ লাগি এটা এটাকৈ চাউল-দাইল, পাচলি য’ত বস্তু আছিল গোহালিঘৰৰ চাঙত তুলিলে আৰু ঘৰৰ দুৱাৰত তলা লগাই দিলে।জানৰ পাৰতকৈ সিহঁতৰ চোতাল আৰু ভেটি বৰ বেছি ওখ নহ’য়।গতিকে পুৱতি নিশালৈ ঘৰৰ ভেটিত পানী উঠাৰেই সম্ভাৱনা।

ছাগলী কেইটা যোৱাটো বানপানীৰ পৰাই গোহালিঘৰৰ চাঙতেই বান্ধি আহিছে।ঘৰৰ চাৰিওফালে পাকৰি আৰু কলগছ আছে ছাগলীক পাত খুৱাব পৰাকৈ।খেৰৰ পুজিটোত খেৰ আছেই কলৰ ভুৰ বনাই গৰুকেইটাক দিবলৈ নিয়াৰ বাবে।হৈ যাব। চাৰিওফালে চকু ফুৰাই হৰিদাসে ঘৰৰ কাষত পৰি থকা বাঁ‌হ আৰু গছৰ টুকুৰাবোৰ গোহালিঘৰৰ মজিয়াত থিক গোহালিঘৰৰ চাঙলৈ উঠা হেলনীয়া জখলাডালৰ তলত দুশাৰী খুটাৰ মাজত পানীয়ে উটুৱাই নিব নোৱাৰাকৈ যতন কৰি থলে।

এইবোৰ কৰি আজৰি হয় মানে বেলি পৰিবৰে হ’ল। আৰু দেৰী কৰিব নোৱাৰি।গৰুকেইটা মথাউৰিত থৈ আহিব লাগিল।দুয়ো শেহত বাৰাণ্ডাৰ এমূৰে থকা শালখন আৰু মাটিৰ লেপনত গধুৰ হৈ থকা খৰাহিৰ চৌকাটো গোহালিৰ চাংখনত তুলিলে।

সকলো সামৰি সুতৰি শান্তি গোহালিঘৰৰ চাঙত উঠিল আৰু বিচনা আৰু পাগঘৰ থিক কৰিবলৈ লাগিল। হৰিদাস ধানখেৰ এবোজা মূৰত লৈ গৰুকেইটা মথাউৰিত থবলৈ ওলাই গ’ল।ঘূৰি আহি কলৰ ভুৰ এখন সাজিব লাগিব।আন্ধাৰ হ’লে অসুবিধা হ’ব।গৰুকেইটাক সি হুৰাই দিলে-হেই যা।

বাটে বাটে সি ভাবি গ’ল- কিবা কাম থাকি গ’ল নেকি বাৰু? সোনকালে ঘৰ পাবহি লাগিব।এন্ধাৰ হ’লে শান্তিৰ ভয় লাগিব।গৰু কেইটাক আকৌ এবাৰ হুৰাই দিলে হৰিদাসে-হেই যা। বানপানী আহিছে, বানপানী।।

গৰুকেইটা আৰু ধানখেৰৰ বোজাটোৰে সৈতে হৰিদাস যেতিয়া নানকাৰ চুবাৰ মথাউৰিত উপস্থিত হ’লগৈ ইতিমধ্যে হাৰিভাঙা পামৰ মহেন্দ্ৰ আৰু দিগম্বৰে তেওঁলোকৰ গৰুবোৰ মথাউৰিত বান্ধিলেই।হৰিদাসে দুপৰীয়াই মাৰি থৈ যোৱা খুঁটি কেইটাত গৰুকেইটা বান্ধিলে।লগত লৈ অহা ধানখেৰখিনি গৰুকেইটাৰ আগত দি সি ঘৰমুৱা হ’ল।সন্ধিয়া হ’ব ধৰিছে, ঘৰলৈ গৈ কলগছৰ ভুৰ এখন সাজিব লাগিব।ক’ব নোৱাৰাকৈয়ে তাৰ খোজৰ গতি খৰ হ’ল।

দিগম্বৰহঁ‌তৰ ঘৰৰ সেইখিনিত বুঢ়াদিয়া নৈখন মথাউৰিৰ পৰা একেবাৰে ওচৰত।সেইখিনি পাই তাৰ বুকু কঁ‌পি উঠিল। পানীৰ কি প্ৰচণ্ড সোঁ‌ত।বাঢ়নী পানীয়ে ইতিমধ্যে পাৰ উপচি মথাউৰিৰ কাষ চুইছে।উজনিত চাগে ধাৰাষাৰ বৰষুণ হৈছে, সেয়ে পানী বাঢ়িয়েই আছে।

মথাউৰিৰে আহি আহি সি জানৰ মুখ পালে।এইখিনিত মথাউৰিটো তেনেই চাপৰ, নাই বুলিলেও হ’য়।নিশালৈকে নিশ্চয় এইখিনিৰে নৈৰ পানী পাৰ বাগৰিব। এইখিনিত, য’ত সিঁ‌হতে মাঘবিহুৰ উৰুকাৰ পাছদিনা জপিওৱা খেল আৰু কাবাদী খেল খেলে, এতিয়া মটি কোমল হৈছে।খোজত ভৰি তললৈ সোমাই গৈছে।

জানটোৰ পাৰেৰে সি ঘৰলৈ ঘূৰিবলৈ লওঁতেই চপংকৈ নৈৰ গৰাৰ মাটি এচপৰা খহি পৰিল।জানৰ পাৰে পাৰে ঘৰলৈ যোৱা বাটটোত ভৰিৰ গাঠিলৈকে পানী।যাওঁতে পানী নাছিল। তাৰ ভৰিত কোমল কোমল কিবা এটা লাগিল।অলপ এন্ধাৰ হৈছে।ভালদৰে মনিব নোৱাৰি সি তললৈ হাউলি চালে।এটা পৰুৱাৰ লদা।তাৰ চাটকৈ দেউতাকলৈ মনত পৰি গ’ল। হৰিদাসৰ প্ৰায়েই ককায়েকৰ লগত কাজিয়া লাগিছিল।তাকো চিঞৰি চিঞৰি। তেতিয়াই সিহঁ‌তক বুজাবলৈ দেউতাকে এইষাৰ কথা কৈছিল-মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।

ঘৰৰ চোতালত উঠিয়েই সি শান্তিক মাত লগালে–“হেৰ’ হ’য়নে, ডাঙৰ দাখন দেচোন।ভুৰ এখন সাজি লওঁ‌ পটকৰে।পুৱতি নিশালৈ পানী চোতালত উঠিবই যেন পাওঁ‌। “দাখন চোতাললৈ দলি মাৰি দি শান্তিয়ে কলে–“ভুৰখনত কিন্তু কাষৰ ফালে তক্তা এচটা ভালদৰে বান্ধি দিব। যোৱাটো পানীত যিহে কষ্ট পালো ।”

হৰিদাসে ততাতৈয়াকৈ ঘৰৰ পিছফালে থকা দুডাল ডাঙৰ ভীমকলৰ গছ কাটি টুকৰীয়াই ল’লে। তাৰ পাছত এটুকুৰা এটুকুৰাকৈ চোতাললৈ টানি আনিলে।চোতালত কলগছৰ টুকুৰাকেইটা বাঁ‌হৰ শলখাৰে বিন্ধাই যোৰা দিয়েমানে শান্তি হাতত এচটা তক্তা লৈ হাজিৰ।–“হো লওঁ‌ক”- বুলি তাই তক্তা টুকুৰা হৰিদাসৰ কাষত থলে।–“অহাবাৰ কিন্ত পুখুৰীৰ মাছ বেচা পইচাৰে চোতাল আৰু ভেটিটো ওখ কৰিব লাগিব।পশ্চিম ফালে পাকৰিগছ ডালৰ দক্ষিণে নেউলাভিঠাৰ বজাৰৰ পৰা টেংকি এটা আনি সনাতনহঁ‌তৰ দৰে পায়খানা এটা সাজিব লাগিব।ভুৰত বহি হেৰি কৰিবলৈ মই বৰ দিগদাৰি পাওঁ‌”।

এন্ধাৰ ভালকৈয়ে হৈছিল। শান্তি এপাকত গৈ লেম্পটো জ্বলাই লৈ আহিল।ভুৰখনৰ এমুৰে এটা কাষত দুটুকুৰা কলগছ আৱৰি থকাকৈ তক্তা টুকুৰা যতন কৰি বান্ধি দি সি মাত লগালে – “হো, বহি চাচোন”।

“যাঃ এইডাল, এনেকৈ বহি চাই কি হ’ব? পানীত ওপঙাৰ পাছতহে কেনেকুৱা হৈছে গম পাম। হৈছে, বলক। হাত-ভৰি ধোৱে, গা ধোৱে ধোৱক। মইও চাহ খোৱা নাই।ডিঙি শুকাই গৈছে নতুনকৈ মাটি লেপা চৌকাটো শুকাবলৈ জুই দিওঁ‌তে দিওঁ‌তে।গা ধুই আহোতে পানী এবাল্টি আনি দিব।ওপৰলৈ পানী তুলিবলৈ মোৰ আজি শকতি নাই। বস্তু কঢ়িয়াওতে কঁকাল বিষাই গৈছে”।

পেৰাছুটৰ চাৰিগুণীয়াকৈ গোঁঠা দীঘল ৰচিডালৰ এটা মূৰ ভুৰখনৰ শলখাত দুটুকুৰা কলগছৰ মাজত বান্ধি সি ৰচিডালৰ আনটো মূৰ গোহালিঘৰৰ চাঙত উঠা জখলাডালৰ গাত লাগি থকা খুঁটা এটাত ভালকৈ বান্ধি দিলে।কলগছ কটা দা খন ধুবলৈ সি দমকললৈ গ’ল।লেম্পটো চোতালত থৈ শান্তি চাংঘৰত উঠিবলৈ লওঁতেই সি মাত লগালে – ” হেৰি নহ’য়, পানী নিব লাগে কৈছিলি যে, বাল্টিটো লৈ আহ। সলাবলৈ কাপোৰ এখনো লৈ আহিবি। গাটো ধুই লও”।

বানপানীত চোতাল বুৰ গ’লেও দমকলৰ পানী খাব পৰাকৈ দমকলটো বেছ ওখকৈ দি লৈছে সিহঁ‌তে।হেণ্ডেলডাল ওপৰৰ পৰা টানিব লাগে।তাৰ অসুবিধা হোৱা যেন দেখি শান্তিয়ে তাক কলে – ” হো লওক। আপুনি তলত বহি লওঁ‌ক, হেণ্ডেলডাল মোক দিয়ক।সোনকাল কৰক”।

শান্তিয়ে খৰাহিৰ চৌকাত চাহৰ পানী তুলি দি গোহালি চাঙৰ আনটো খোটালিত বান্ধি থোৱা ক’লী ছাগলীজনীৰ ওচৰ পালেগৈ।হাতত এটা ষ্টিলৰ গিলাচ। ওহাৰত কেইটামান মৃদু খুন্দা মাৰিলে আৰু দুকাপ চাহৰ জোখাৰে গাখীৰ অলপ উলিয়ালে।

দুপৰীয়াৰে পৰা বিৰামহীন পৰিশ্ৰমৰ পাছত গাখীৰ দিয়া চাহকাপ খাই দুয়ো বৰ তৃপ্তি পালে। ভাগৰে হেঁচা মাৰি ধৰা দেহত অলপ শক্তি পালে।এতিয়াহে যেন আন কথা ভাবিবলৈ মনটো আজৰি হ’ল। এইবাৰ ধান দাবলৈ নাথাকিবগৈ।হওঁতে যোৱাবাৰৰ ধান কেইবস্তামান, মচুৰ দাইল এবস্তা আৰু সৰিয়হ এবস্তা গোহালি ঘৰৰ চাঙৰ পশ্চিম মুৰে পতা চাং খনত আছে।এবছৰ যোৰা মৰিব লাগে।দুটিহে খাওঁতা।ঠাইখনৰ বাবে কোনো আলহী-অতিথিও নাহে।মাথো কলেজৰ দীঘলীয়া বন্ধ পালে শান্তিৰ মোমায়েকৰ জীয়েক নিজৰা আহে। তাই হেনো বৰ ভাল পায় এনেকুৱা নিৰিবিলি ঠাইত থাকি।

ভাত ৰান্ধিবলৈ আৰম্ভ কৰোতেই হিৰ্ হিৰ্ কৈ আহিল দবাপিটা বৰষুণ। “ছেহ্ বৰ বেয়া কথা হ’ল” – হুমুনিয়াহ কাঢ়ি কলে সি।”গৰুকেইটাই বৰ কষ্ট পাব বৰষুণ বেছি দেৰি দিলে”।

“মই সেই কাৰণে কালিৰে পৰাই নকৈছিলোনে? হাতত সময় লৈ কামবোৰ কৰিব লাগে।যি হ’ল হ’ল আৰু ।ৰাতিপুৱাই গৈ তিৰপালৰ ছালি দি থৈ আহিবগৈ”।

ভাত-পানী খাই চাঙত ধানখেৰ পাৰি কৰা বিচনাত পৰাৰ লগে লগে দুয়োৰে পৰিশ্ৰান্ত দেহলৈ টোপনি নামি আহিল।
ৰাতি পুৱাল। বৰষুণ এৰিছে।শান্তি প্ৰথমে সাৰ পালে যদিও উঠি যোৱা নাই।সি মানা কৰি থৈছে।মানা নকৰিলেও নুঠিলেহেঁ‌তেন।আগৰ পানীটোত চাং ঘৰত থাকোতে যিহে অভিজ্ঞতা হৈছিল, মনত পৰিলে গা জিকাৰ খাই উঠে। –
———–

আগৰবাৰ চোতালত পানী উঠাৰ দ্বিতীয় দিনা ৰাতিপুৱা তাই উঠিয়েই জখলাৰে তললৈ নামি কলৰ ভুৰখনৰ ৰছীডাল খুলিবলৈ যাওঁতেই চিঞৰ এটা ওলাইছিল মুখৰ পৰা ক’ব নোৱাৰাকৈ।হৰিদাস তাইৰ চিঞৰত খক্ মক্ কৈ উঠি আহি দেখে যে দুডাল সাপ ৰছী বান্ধি থোৱা খুটা আৰু জখলাত মেৰ খাই আছে। হৰিদাসে তাইক অভয় দি কৈছিল–“ভয় নকৰিবি।একো নকৰে।এই কেইদিন সিহঁ‌তৰো একে অৱস্থা; থাকিবলৈ গছ কেইডাল আৰু আমাৰ ঘৰকেইটাহে”। হয়, তাই পৰম বিস্ময়েৰে চাই আছিল হৰিদাসে সৰু মাৰি এডালেৰে খুটাটোত টুকুৰীয়াই দিওতে কেনেকৈ শান্ত ভাবে দুইডাল সাপেই নামি গৈছিল ঘৰৰ আগফালে থকা গছজোপাৰ ফালে।

নাই, তথাপি ভয় লাগে। তাই হৰিদাসক জগালে। দুয়ো উঠিয়েই বিচূৰ্তি খালে। চোতালত পানী উঠিলেও ইমান বেছি হ’ব বুলি সিহঁ‌তে ভবা নাছিল। পানী জখলাডালৰ আধাখিনি পাইছে।

বাহিৰলৈ চাই দেখে যেন এখন সাগৰহে। জানটোৰ একো চিন-মোকাম নাই। মাথো ঠায়ে ঠায়ে দুই এডাল বিৰিণাৰ পাত ওলাই আছে।লাহে লাহে সিও নেদেখা হ’ব।পূবফালে দূৰৈত সিহঁ‌তৰ মৰাপাটডৰাও অলপহে ওলাই আছে।

“ভুৰখন থিক-থাক কৰি দিয়কচোন মই আগতে বাহিৰ ফুৰি গাটো তিয়াই আহো”।— শান্তি চাংখনত সাপ নথকাটো নিশ্চিত হোৱাৰ পাছত কলে।

ৰছীডাল দীঘলকৈ বন্ধা আছিল।পানীৰ ঢৌত ভুৰখন গোহালিঘৰৰ পশ্চিমৰ ধানখেৰৰ পুজিটোৰ গাত লাগি আছিল।ভুৰখন টানি আনি সি বাল্টি-মগ আৰু ডাঙৰ কাপোৰ ধোৱা পীৰাখন লৈ ভুৰত উঠি দমকলটোলৈ ভুৰখন লৈ গ’ল।দমকলৰ মুখখন এতিয়াও পানীৰ পৰা দুহাতমান ওপৰত আছে।পানী এবাল্টি ভৰাই সি ভুৰখন জখলাৰ ওচৰলৈ আনিলে।

শান্তি ভুৰত উঠিল।তাইৰ নিজৰ ওপৰতে খং উঠিল। চাঙত থকা কেইদিন তাই আন্ধাৰ-পোহৰ হৈ থাকোতেই উঠে। ওচৰে পাজৰে বসতি নহ’লেও কেতিয়াবা নাওঁ‌ বাই মানুহ ওচৰেৰে অহা-যোৱা কৰে। বাহিৰ ফুৰা কামটো এনেকৈ ভুৰত উঠি ঘৰৰ পাছফালে কৰিবলৈ লওঁতে সন্ত্ৰস্ত হৈ কৰিবলগীয়া হ’য়। কোনোবাই দেখেইবা! আজি ভালকৈয়ে পোহৰ হ’ল। বাঁ‌হৰ দীঘল ছৰি (ভুৰ চলাবলৈ ব্যৱহাৰ কৰা) ডাল লৈ তাই ভুৰত উঠিল।

গা ধুই থাকোতেই তাই দেখিলে এন্দুৰ, ভেকুলী আদি কত প্ৰাণী খেৰৰ পুজিটোত আশ্ৰয় লৈছে। কিছুমান মৰি ওপঙি আছে।

শান্তিয়ে চাহ-জলপানৰ ব্যৱস্থা কৰে মানে হৰিদাসেও বাহিৰ ফুৰা কামটো কৰি আহিল।ভাজি থোৱা পিঠাগুড়িৰে চাহ খাই সি ভুৰখনত ধানখেৰ এবোজা লৈ গৰুকেইটাৰ ওচৰলৈ যাবলৈ ওলাল।

“সোন ৃকালে আহিব”—শান্তিয়ে তাক সোঁ‌ৱৰাই দিলে।
“হ’ব হ’ব। যাম আৰু আহিম” বুলি কৈ সি পথাৰৰ মাজেৰেই নানকাৰ পামৰ মথাউৰিলৈ পোনালে। বানপানী হ’লে এই এক সুবিধা।যিফালে ইচ্ছা ৰাস্তা পোনাই ল’ব পাৰি।

শান্তি সি যোৱাৰ ফালে চাই থাকিল। থিক সনাতনহঁ‌তৰ ঘৰৰ পিছফাল পোৱালৈকে মনিব পাৰিলে।তাইৰ ভয় ভয় লাগিল।যদি এইমাত্ৰ ধুমুহা আহে! গোহালিঘৰটো ভাঙি পৰে যদি! কি কৰিব তাই! সি আহিব পাৰিবনে তাইক বচাবলৈ? সেই ধুমুহাত সাগৰৰ নিচিনা বিশাল জলৰাশিত প্ৰকাণ্ড ঢৌ উঠিব। ভুৰ বা নাওঁ‌ একোৱেই চলোৱা সম্ভৱ নহ’য়। অজানিতে তাইৰ চকুপানী ওলাই আহিল।

“হৰিকা ঘৰত আছানে?”
মাতষাৰ শুনি শান্তিৰ চিন্তাত যতি পৰিল। সেয়া জানৰ সিটো পাৰৰ বঙালি চুবাৰ লক্ষণৰ মাত। সিহঁ‌তৰ এখন ডাঙৰ নাওঁ‌ আছে। সিহঁ‌তৰ নাৱেৰে হৰিদাসে ধান, সৰিয়হ আদি নেউলাৰভিঠাৰ বজাৰলৈ বেচিবলৈ নিয়ে। বৰ ভাল ল’ৰা। মাজে সময়ে আহে। এই সময়ত তাৰ মাত শুনি শান্তিৰ বৰ ভাল লাগিল।

“লক্ষণ নেকি? চাংঘৰলৈ উঠি আহাচোন।ককাইদেৱেৰা গৰুকেইটা চাবলৈ গৈছে নানকাৰ চুবাৰ মথাউৰিলৈ।”
নাওঁ‌খন জখলাৰ খুটিত বান্ধি সি ওপৰলৈ উঠি আহিল। তাৰ হাতত খালৈ এটাত সৰু মাছ আধাকেজিমান।খালৈটো শান্তিৰ ফালে আগবঢ়াই দি সি কলে–” কালি সন্ধিয়া নদীৰ মথাউৰিৰ কাষে কাষে জাকৈ মাৰি ভালেখিনি পাইছিলোঁ।তাৰে অলপ পানীত থৈ দিছিলোঁ। মায়ে দি পঠাইছে।”

“বৰ ভাল পালো।তোমালোকৰ মা বৰ মৰমিয়াল।চাহ একাপ কৰো ৰ’বা। ককায়েৰাও আহিবই সোনকালে।”
“চাহ নাখাও নবৌ। মই নহ’লে নানকাৰ পামলৈ যাও।পানী গভীৰ হৈছে। সোঁ‌ত এটাও আছে। বতাহো বেছি হ’ব ধৰিছে। ককাইদেউৰ ভুৰ চলাই আহিবলৈ কষ্টও হ’ব, সময়ো লাগিব। ভুৰখন নাৱেৰে টানি আনিম”।

আধাঘণ্টামান পাছত হৰিদাস আৰু লক্ষণ আহি পালে। বতাহৰ কোব ক্ৰমান্বয়ে বেছি হৈ আহিব ধৰিছে। লক্ষণক সিহঁ‌তে এক মুহূৰ্তও নৰখালে।লাহে লাহে পানীত সাগৰৰ নিচিনা ঢৌ উঠিব। নাওঁ‌ বোৱাটো বিপজ্জনক হ’ব।

গধূলিলৈ আকাশ ফৰকাল। কিন্তু বতাহৰ কোব আৰু বাঢ়িল। অনবৰত সোঁ-সোৱনিৰ শব্দ এটা কাণত বাজি থকা হ’ল। গোহালিঘৰৰ তলত খুঁটা দুশাৰীৰ মাজত পেলাই থোৱা বাঁ‌হ-গছৰ টুকুৰাকেইটা পানীৰ ঢৌত খুঁটাবোৰত খুন্দা খাই শব্দ কৰি আছে। একোবাৰত ঘৰটো কঁ‌পি উঠে।এনে লাগে যেন এই ঢলি পৰিব।পানী বাঢ়িবলৈ এৰিছে।যদি আৰু নাবাঢ়ে, তেন্তে কাইলৈ আবেলিৰ পৰা পানী ভটিয়াবলৈ আৰম্ভ কৰিব।

“হেৰ’ পোহৰে থাকোতে ভাত-পানী ৰান্ধি আজৰি হ’। নহ’লে দুনীয়াৰ ফৰিং আৰু গান্ধি পোক খাব লাগিব মাছ ভজাৰ লগত”। হৰিদাসে শান্তিক সোঁ‌ৱৰাই দিলে।সি ঢাৰি এখন চৌকাটোৰ আগফালে মজবুতকৈ বান্ধি দিলে, বতাহৰ কোবৰ পৰা জুইকুৰা বচাবলৈ। —————————-
ৰাতিপুৱালৈ বতাহ কমিছে। পানী বঢ়াও নাই, কমাও নাই।প্ৰাতঃকৃত্য সমাপন কৰি জলপান খাই থাকোতেই লক্ষণ নাওঁ‌ লৈ আহিল।
“হৰিকাই ব’লক ফুৰিবলৈ যাওঁ”।
লক্ষণৰ প্ৰস্তাৱটো ভালেই লাগিল।পাকৰি গছৰ পাত অলপ আনি ছাগলী কেইটাৰ আগত দি সিহঁ‌ত নাওঁ‌ত উঠিল।এবোজা ধানখেৰো ললে। যাওঁ‌তে গৰুকেইটাক দি যাব।

শান্তি এই প্ৰথম নাওঁ‌ত উঠি ফুৰিবলৈ ওলাইছে।তাইৰ ভয়ো লাগিল, ৰোমাঞ্ছিতও হ’ল। চাৰিওফালে পানী আৰু পানী।অলপ দূৰ গৈয়েই এটা ওকালি অহা দূৰ্গন্ধ পালে সিহঁ‌তে। লক্ষণে নাতি দূৰত ওপঙি অহা গৰু নে ছাগলীৰ মৰা শ এটা দেখুৱাই দিলে।

সৰু সৰু পানীৰ ঢৌৱে নাওৰ তলিত খুন্দা খাই অনন্য শব্দৰ সৃষ্টি কৰিছে, যেন এক সুমধুৰ সংগীতহে।শান্তিৰ মন পুলকিত হৈ উঠিল।পিছে এই অনুভৱ স্থায়ী নহ’ল তাইৰ। তাইৰ অভিজ্ঞ সচেতন মনে ভটিয়নি পানীয়ে দি থৈ যাব লগীয়া দুখ-কষ্টবোৰ সোঁ‌ৱৰাই দিলে।—
—- নৌকাবিহাৰৰ আনন্দৰ পৰিবৰ্তে তাইৰ চকুত ভাহি উঠিল ভটিয়নি পানীয়ে এৰি থৈ যাবলগীয়া যন্ত্ৰণাবোৰ।

–আজি ৰাতি বা কাইলৈৰ পৰা পানী কমিব।পৰহিলৈ মানে ঘৰ-চোতালৰ পৰা পানী নামিব। তাৰ পাছত ওলাব জানৰ পাৰ, বোকামাটিৰে বগা-মটিয়া বৰণ ধৰা বিৰিণাৰ পাতবোৰ।মৰহি যোৱা ধানগছ্ববোৰ।—–

—-গোহালিঘৰৰ চাঙৰ পৰা সংসাৰখন আকৌ থকা ঘৰটোলৈ আনিব লাগিব। বানপানীত উটি আহি জমা হোৱা পলসৰ লেটি লৈ ইফাল সিফাল কৰি ঘৰখন থান থিত কৰোতে তাই ভাগৰি পৰিব।মৰি পচি য’ত ত’ত পৰি থকা এন্দুৰ, ভেকুলী আদিৰ দূৰ্গন্ধ লৈ সেইবোৰ চাফ-চিকুণ কৰোতে তাইৰ কিমান বাৰ ওকালি আহিব।——

পানীৰ চিটিকনি এটা শান্তিৰ গাত পৰাত তাইৰ চিন্তাত যতি পৰিল। অকণ অকণকৈ নাৱত জমা হোৱা পানীখিনি হৰিদাসে সিঁচি বাহিৰলৈ পেলাওঁ‌তে চিটিকনি এটা তাইৰ গাত পৰিছিল।

“কি হ’ল? গহীন হৈ আছ যে? গা বেয়া নে ভয় লাগিছে? ভাল লগা নাই নেকি নাওঁ‌ত উঠি ফুৰিবলৈ? কিমান মানুহে এইকেইদিন এনেকৈ নাৱত উঠি ঘুৰি ফুৰে! “- তাইৰ মুখৰ চেহেৰা দেখি হৰিদাসে সুধিলে।

“কি কঁব তাই? লাহে লাহে,স্বগতোক্তি কৰাৰ নিচিনাকৈ তাই কলে- “ভাবিছো, এতিয়া ইমান সুন্দৰ।চাৰিওফালে চাফ-চিকণ।পানীৰ বিস্তৃত শোভা।চকু জুৰ পৰি যোৱা সৌন্দৰ্য্য। আকৌ দুদিন পাছত আৰম্ভ হ’ব বেদনাৰ বেহা।লেতেৰা, দুৰ্গন্ধ, অভাৱ-অনাটন, বেমাৰ-আজাৰ।—— তাতকৈ বানপানী যদি নহ’লেইহেঁ‌তেন!!!

হৰিদাস আৰু লক্ষণ দুয়ো একেলগে চালে তাইৰ ফালে।দুয়ো দুয়োকে যেন কলে–এৰা, বানপানীৰ লগত সহাৱস্থান কৰি কৰি ভাগৰি পৰিছো। এনেকৈয়েতো গৈ আছে দিনবোৰ। গৈ থকিব আগলৈও। আমাৰ নিস্তাৰ নাই।এইয়াই আমাৰ জীৱন। খন্তেকৰ অন্যমনস্কতাত গতি ধীৰ হৈ পৰা নাওখন পানীৰ সোঁ‌তত ওলোটা ফাললৈ গতি ল’বলৈ ধৰিছিল। লক্ষণে বঠাখনেৰে ঘনকৈ দুটামান চাব মাৰি দিলে।।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments