“বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও” (banao banao banao banao banao banao banao, right now) – মিতালী বৰ্মণ

আজি-কালি আমি সকলোৱে সব ‘বনাও’ ৷ বনাইছোঁহে বনাইছোঁ, কিন্তু তাৰ লগে লগে আমাৰ মৰমৰ কিমান যে স্বকীয় ‘ক্ৰিয়া’ পাহৰি গৈছোঁ মন কৰিছেনে ? এতিয়া ‘বনোৱা’ৰ প্ৰতাপত আমাৰ ক্ৰিয়াবোৰে দুখতে হবলা আপুনি-মই-আমি নেদেখা কৰবাত অনাদৰ-অৱহেলাত আমন-জিমনকৈ মুখ লুকুৱাই আছে ৷

কেইটামান নিত্য প্ৰচলিত উদাহৰণ:

১/ মায়ে ভাত ‘ৰান্ধিছে’ ৷ ই হ’লগৈ— মায়ে ভাত ‘বনাইছে’ ৷

২/ চাহ ‘বাকিছোঁ’ ৷ হ’লগৈ— চাহ ‘বনাইছোঁ’ ৷

৩/ নাৰিকলৰ লাৰু ‘বান্ধিছোঁ’ ৷ হ’লগৈ— নাৰিকলৰ লাৰু ‘বনাইছোঁ’ ৷
৪/ পিঠা-পনা ‘সাজিছোঁ’ ৷ পিছে, এতিয়া পিঠা-পনাও নাসাজে, ‘বনায়’ ৷

৫/ ৰুটি ‘সেকি আছোঁ’ ৷ ই হ’লগৈ— ৰুটি ‘বনাই আছোঁ’ ৷

৬/ তাঁত-শালত গামোচা ‘বৈ আছে’ ৷ হ’লগৈ— তাঁত-শালত গামোচা ‘বনাই আছে’ ৷

৭/ এম্ব্ৰইডেৰী কৰি কাপোৰযোৰ ‘চিলাই কৰি দিবা’- ৰ ঠাইত হ’ল— এম্ব্ৰইডেৰী কৰি কাপোৰযোৰ ‘বনাই দিবা’ ৷

৮/ মিস্ত্ৰীয়ে ঘৰ ‘সাজিছে’ ৷ ই হ’লগৈ— মিস্ত্ৰীয়ে ঘৰ ‘বনাইছে’ ৷

৯/ কেছেটখনৰ বাবে বিহুগীত এটি ‘লিখি  (compose) আছে হ’ল— কেছেটখনৰ বাবে বিহুগীত এটি ‘বনাই আছে’ ৷

১০/ এইবাৰ ছোৱালীজনীলৈ এডাল সোণৰ হাৰ/ চেইন ‘গঢ়াব দিব লাগিব’ ৷ ইয়ো হৈ থাকিল— এইবাৰ ছোৱালীজনীলৈ এডাল সোণৰ হাৰ/ চেইন ‘বনাব দিব লাগিব’ ৷

১১/ নাটকৰ script ‘প্ৰস্তুত/ তৈয়াৰ কৰিছে’ ৷ হৈ থাকিল— নাটকৰ script ‘বনাইছে’ ৷

উস্ আৰু বা কত কিমান!! এবাৰ মোৰ এদল ছাত্ৰ-ছাত্ৰীৰ মাজলৈ এই বিষয়টো এৰি দিছিলোঁ ৷ প্ৰসংগক্ৰমে জ্যোতিৰ্ময় তালুকদাৰ নামৰ  ছাত্ৰজনে এটি ঘটনাৰ কথা ক’লে— এদিন তেওঁৰ দেউতাকে হেনো বাৰান্দাতে বহি দাড়ি খুৰাই আছিল ৷ তেনেতে তেওঁৰ প্ৰতিবেশী এজনে বাটৰ পৰাই মাত লগালে “কিহে তালুকদাৰ, দাড়ি বনাইছে নেকি?” এইফালে শ্ৰীযুত তালুকদাৰ নিজৰ দাড়ি খুৰোৱাত ব্যস্ত ৷ উত্তৰ নাপাই প্ৰতিবেশীয়ে আকৌ মাত লগালে, এইবাৰ আগৰ বাৰতকৈ অকণমান ডাঙৰকৈ, “হেৰি তালুকদাৰ, বুলো দাড়ি বনাইছে নেকি?” এইবাৰ শ্ৰীযুত তালুকদাৰে ক’লে “দাড়ি বনাবও পাৰি নেকি? কেনেকৈহে? মইতো ইমান দিনে খুৰাব পাৰি বুলিহে ভাৱি আছিলোঁ৷” উচিত উত্তৰ পাই এইবাৰ আৰু প্ৰতিবেশীৰ তাত ৰোৱাৰ ধৈৰ্য নহ’ল ৷

এতিয়া ‘বনোৱা’ৰে কাম চলাব পৰা ঠাইত আন ক্ৰিয়াবোৰৰ প্ৰয়োগ নোহোৱা হ’বলৈ ধৰিছে ৷ যেন ডাঙৰ কেৰাহী এখনত এই ক্ৰিয়াবোৰ তুলি দি হেতাৰে লৰাই লৰাই আমিও আমাৰ মৰমৰ গায়ক এজনৰ ষ্টাইলত গাবলৈ আৰম্ভ কৰি দিছোঁ “বানাও বানাও বানাও বানাও বানাও বানাও বানাও, ৰাইট ন্যাও” (banao banao banao banao banao banao banao, right now) !! ছে: কথাটো বৰ ভাল নহ’ল নেকি!! কিয়নো আমাৰ ভাষাটোৰ ক্ৰিয়াবোৰৰ এনে আলৈ-আথানি হ’ল!! এইবোৰৰ প্ৰয়োগেইতো আমাৰ ভাষাটোক বহুভাষাৰ সংগমস্থলী বিশাল ভাৰতবৰ্ষৰ আন আন ভাষাৰ পৰা পৃথক কৰিছে!! অকণমান মাথো সচেতন হৈ আমি বাৰু এইবোৰৰ পুন:প্ৰয়োগ/ পুন:প্ৰচলন কৰিব নোৱাৰোঁনে!! ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা এই ক্ৰিয়াবোৰৰ লগত অকণমান ন্যায় কৰিব নোৱাৰিনে !!

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

এই লেখাটোৰ ওপৰত মই এতিয়া কি বনাওঁ মিতালী

snehankar
9 years ago

ভাষা সময়ে সময়ে এনে সাল সলনি মানি খোজ দিয়ে । উপায় নাই।

snehankar
9 years ago

ভাষাই সময়ে সময়ে এনে সাল সলনি মানি খোজ দিয়ে । উপায় নাই।