বানে গৰকা ঠাই (যুগল চন্দ্ৰ বৰা)

বুটিকোৰ তিনিআলিত মিনিবাছখন ৰৈ গ’ল৷ যাত্ৰীসকল নামিব ধৰিলে৷ ময়ো এয়াৰ বেগটো কান্ধত ওলমাই নামি দিলোঁ৷ বাছখনত পোন্ধৰজনমানহে যাত্ৰী ধেমাজীৰ পৰা আহিছিল৷ এজন যাত্ৰীক মাছখোৱালৈ যোৱা পথটো দেখুৱাই দিবলৈ অনুৰোধ কৰিলোঁ৷

“মাছখোৱালৈ যায় নেকি ?” তেওঁ ক’লে, “দুটা ঘাট পাৰ হ’ব লাগিব৷ বাটত আৰু দুই এটা ছিগা আছে৷ তাত বাঁহৰ দলং আছে৷ গাড়ী-ঘোঁৰা একো নাই খোজেৰে যাব লাগিব৷ সৌ যে চুৰিয়া পিন্ধা মানুহজন গৈ আছে , দেখিছে নহয়, তেওঁ মাছখোৱা অঞ্চলৰে মানুহ৷ তেওঁৰ লগতে যাওক৷”

মই চুৰিয়া পিন্ধা মানুহজনৰ পিছ ল’লো৷ কিছুদূৰ গৈয়ে এটা ঘাট পালো৷ ঘাটত কেইবাখনো টুলুঙা নাও৷ মই মোৰ হ’ব লগা সহযাত্ৰীজন উঠি থকা নাওখনতে উঠি ল’লো৷ নাৱৰীয়াই নাও এৰিব খুজিলে৷ পাৰৰ মাটিত নাওখনৰ তলিখন লাগি আছিল৷

“আপোনালোক নামি দিয়ক”, নাৱৰীয়াই ক’লে, “ ‘গিয়েৰ’ লাগি আছে৷ নাওখন ‘নিউট্ৰেল’ কৰিব লাগে, নহ’লে নাও নচলিব৷”

নাৱৰীয়াৰ ৰসিকতাপূৰ্ণ নিৰ্দ্দেশত আমি পাৰলৈ নামি দিয়াত নাৱৰীয়াই ঠেলা-হেঁচা কৰি নাওখন পাৰত লাগি ধৰাৰ পৰা মুক্ত কৰিলে৷ আমাক সিপাৰত উঠাই নাৱৰীয়াই আমাৰ পৰা ঘাট ভাৰা ল’লে৷ সেইটো যে বুটিকোৰ ঘাট সেই কথা নাৱৰীয়াৰ পৰাই জানিব পাৰিলোঁ৷ নাৱৰীয়াৰ স’তে কথা দুষাৰমান পাতোঁতেই চুৰিয়া পিন্ধা লোকজন দ্ৰুত পদক্ষেপেৰে বহুদূৰ আগ বাঢ়িল৷ ময়ো এক প্ৰকাৰ দৌৰি যোৱাৰ দৰে তেওঁৰ পিছে পিছে গৈ থাকিলোঁ৷ অন্যথা মই যে নিৰুপায়৷ কাৰণ, জীৱনত প্ৰথম বাৰৰ বাবে মই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ভৰি দিছোঁ৷

দুই কিলোমিটাৰমান বাট খোজ কঢ়াৰ পিছত পুনৰ এটা ঘাট পালোঁ৷ সেইটো কঢ়া নৈৰ ঘাট৷ সেইটো ঘাটো ভাৰা দি পাৰ হ’লোঁ৷ তাৰ পিছত কিছু দূৰ গৈ এখন বাঁহৰ দলং পাৰ হৈ সিটো পাৰত ৰৈ থকা লোককেইজনক ভাৰা দিব লগা হোৱাত মই আচৰিত নহ’লোঁ৷ কাৰণ, সোণাৰীঘাটৰ পৰা আহি থাকোঁতে ৰাষ্ট্ৰীয় ঘাই পথৰ যিবোৰ অংশত বানপানীয়ে দলং নাইবা পথ নষ্ট কৰিছে সেইবোৰ অংশত ব্যক্তিগতভাৱে যাত্ৰীৰ সুবিধাৰ্থে বাঁহৰ দলং বা সাঁকো আদি তৈয়াৰ কৰি দি ভাৰা লোৱা কাৰ্য্য মই প্ৰত্যক্ষ কৰি আহিছোঁ৷ গতিকে এই গড়কাপ্তানি পথত তেওঁলোকৰ আকাংক্ষিত ভাৰা আদায় দি মই খৰখেদাকৈ মোৰ আগে আগে যোৱা চুৰিয়া পিন্ধা মানুহজনৰ পিছ ল’লোঁ৷ পাঁচ-ছয় কিলোমিটাৰ বাট পদব্ৰজে গমন কৰি মাছখোৱা চাৰিআলি পালোঁ৷ তেতিয়া সন্ধ্যা লাগি পাৰ হৈছিল৷ মই চুৰিয়া পিন্ধা মানুহজনক অনুসৰণ কৰিবলৈ এৰি এজন মানুহক লগ ধৰি টিয়কীয়া গাঁৱলৈ কেনি যাব লাগে সুধিলোঁ৷

“আপুনি সেই তেওঁৰ লগতেই যাওক,” মানুহজনে চাৰিআলিৰ পৰা দক্ষিণ দিশলৈ যোৱা ৰাস্তাটোলৈ আঙুলিয়াই দি ক’লে, “তেওঁ টিয়কীয়া গাঁৱৰ কাষৰ গাঁওখনৰ মানুহ৷”

মানুহজনে নিৰ্দ্দেশ কৰা ফালে চাই দেখোঁ, যিজনৰ পিছে পিছে আহি মাছখোৱা পালোঁহি ,সেইজনেই সেইপথে গৈ আছে৷ মনটো বিৰক্তি ভাৱেৰে ভৰি পৰিল— নিবোকা –চামোনটোৰ পিছে পিছে পুনৰবাৰ দৌৰিবলৈ পোৱাত৷ উপায়ান্তৰ হৈ পুনৰ ধুতি পিন্ধা মানুহজনৰ পিছ ল’লোঁ৷

মাছখোৱাৰ পৰা দুই কিলোমিটাৰমান বাট গৈয়ে আকৌ এটা ভাৰা লোৱা ব্যক্তিগত খণ্ডৰ ঘাট পালোঁগৈ৷ এইটো হেনো বৰপাক ছিগা৷ ঘাট পাৰ হৈ মানুহটোৰ পিছে পিছে গৈ ৰোহা তিনিআলি পালোঁ৷ হঠাৎ মানুহটোৱে গড়কাপ্তানি পথ এৰি এটা উপ-পথেৰে গতি কৰিলে৷ ময়ো মানুহটোক অনুসৰণ কৰি সেইফালে গৈ থাকিলোঁ৷ কিছুদূৰ গৈ এটা ছিগা পাওঁতে মানুহটোৱে তাৰ চুৰিয়াখন দুহাতেৰে কোঁচাই ওপৰলৈ তুলি পানীত নামি গৈ থাকিল৷ সি পানী যিমানে গম্ভীৰ পাই গ’ল চুৰিয়াখনো সিমানে ওপৰলৈ হাতেৰে দাঙি গৈ থাকি সিটো পাৰে বাম পাওঁতে ক্ৰমান্বয়ে পুনৰ চুৰিয়াখন তললৈ নমাই পাৰত ভৰি দিলে৷ পানীয়ে তাৰ চুৰিয়াখন স্পৰ্শকে কৰিব নোৱাৰিলে৷ মোৰ ? মই জোতাযোৰ খুলিবলৈও সময় নাপালোঁ৷ নাপালোঁ লংপেন্টটো কোঁচাই ল’বলৈও সময়৷ কঁকাললৈকে তিতিবুৰি পাৰ পাই খৰ খোজেৰে মানুহটোৰ পিছ ল’লো৷ কিছু দূৰ গৈ আকৌ এটা তিনিআলি পোৱাত মই বিপাঙত পৰিলোঁ৷ ভাৱিলোঁ, এইবাৰ মানুহটোৰ পিছে পিছে গ’লে মই চাগৈ তাৰ গাঁওখনহে পামগৈ৷ গতিকে নিবোকাই মাত দিয়ক বা নিদিয়ক টিয়কীয়া গাঁৱৰ ৰাস্তা কোনটো তাকেই সুধিলোঁ৷

“সেইটো ৰাস্তাৰে যাওক,” উত্তৰ মুখী ৰাস্তাটো দেখুৱাই মানুহটোৱে ক’লে, “সৌখনেই টিয়কীয়া গাঁও৷”

মোক আচৰিত কৰি মানুহটোৱে মাতষাৰ দিয়াত মই কিছু সাহস পাই দেউকণ ভাগৱতীৰ ঘৰ কিমান দূৰত আছে সুধিলোঁ৷ এইবাৰ মই যেন কোদো বাহতে জুই দিলোঁ৷ কথাষাৰ সুধিবলৈহে পালো,মানুহটোৱে উগ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু উষ্মাৰে ক’লে, “দেউকণ ভাগৱতীৰ কথা কৈছে ? তাৰ নাম নল’ব মোৰ আগত৷ সেইটো কুকুৰেই তামোল চুৰি কে’চ দি মোক জেল খুৱালে৷ আজি জেলৰ পৰা আহিছোঁ৷ চাই ল’ম মই তাকো——————-৷”মোৰ প্ৰশ্নৰ উত্তৰ নাপালোঁ৷ গুজৰি-গুমৰি মানুহটো আঁতৰি গ’ল৷

মই টিয়কীয়া গাঁৱলৈ যোৱা পথেৰে কিছুদূৰ গৈ এজন বাটৰুৱাক লগ পাই দেউকণ ভাগৱতীৰ ঘৰ কোনটো সুধিলোঁ৷

“দেউকণ ভাগৱতীৰ ঘৰলৈ যায় নেকি আপুনি ?” তেওঁ ক’লে,“আমাৰ এইখন বৰ দীঘলীয়া গাঁও৷ প্ৰায় এমাইল মান বাট গৈ আপুনি এজোপা বৰশিমলু পাব,তাৰ পিছত আপুনি যোৱা বাটে ঘূৰি আহিব৷ আহোঁতে সোঁহাতে পাঁচঘৰ মানুহ পাৰ কৰিয়ে দেউকণ ভাগৱতীৰ ঘৰ পাব৷”

মানুহজনক বিদায় দি মই তেওঁৰ বৰ্ণনা অনুসৰি বৰশিমলু জোপাকে লক্ষ্য হিচাপে লৈ আগ বাঢ়িলোঁ৷ বাটত যেন আৰু নদ-নদী, জান-জুৰি পাৰ হ’ব লগা নহয় তাৰ বাবে মনে মনে ভগৱানক প্ৰাৰ্থনা জনালোঁ৷ খোজ কাঢ়ি কাঢ়ি মোৰ ভৰি দুখন ফুলি যোৱা যেন অনুভৱ হৈছে৷  ব্ৰহ্মপুত্ৰ পাৰ হৈ গাইনৈ, জীয়াঢল, মৰিঢল আদি নদ-নদী আৰু অন্যান্য জান-জুৰি,ছিগা আদি কিমান যে পাৰ হ’লোঁ তাৰ হিচাপ নাই৷ বিগত বছৰবোৰত হোৱা বানপানীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু গড়কাপ্তানি পথত এই নদ-নদীবোৰৰ দলংবোৰ ভাঙি-চিঙি থান-বান হোৱাত সেইবোৰত ব্যক্তিগতভাৱে বাঁহৰ দলং, সাঁকো আদি সাজি দিছে নতুবা ঘাটৈয়ে ভাৰা লৈ টুলুঙা নাৱেৰে যাত্ৰীসকলক পাৰ কৰিছে৷

অ’ত ত’ত দিওঁতে দুশ টকাৰো অধিক গ’লেই ইতিমধ্যে৷ বাটটোৰ ঠায়ে ঠায়ে গাড়ী-মটৰ নচলাত সোণাৰী ঘাটৰ পৰা ধেমাজি নগৰ পোৱালৈকে কিমান দূৰ যে খোজ কাঢ়িব লগা হ’ল! মুঠতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুৰ্গতি দেখিলে দেশত এখন চৰকাৰ আছে যেন অনুমান নহয়৷

কথাবোৰ ভাৱি ভাৱি আহি মানুহজনে বৰ্ণনা কৰা বৰশিমলুজোপাৰ ওচৰ পালোঁ৷ তাৰ পিছত উভতি খোজ ল’লোঁ৷ অৱশেষত দেউকণ দাইটিহঁতৰ ঘৰ বিচাৰি উলিয়ালোঁ৷

তেতিয়া ৰাতি আঠ বাজি গৈছিল৷ দেউকণদাইটিহঁতৰ ঘৰত মোক দেখা পাই আটায়ে আচৰিত হৈছিল৷ মোৰ ভিজা কাপোৰ দেখি ছিগাটোতে তিতিলে বুলি জানিলে তেওঁলোকে৷ কাপোৰ-কানি সলাই হাত-মুখ ধুই ল’লো৷ মই বৰঘৰৰ মজিয়াত থকা পালেং খনতে ঢলি পৰিলোঁ আৰু খা-খবৰৰ বিনিময় কৰিলোঁ৷ একাষে মজিয়াত বহি মামনীহঁতে পচলা কুটি আছে৷ মই বিছনাৰ পৰাই মাত লগালোঁ, “তহঁতে বৰ এদম পচলা কুটি লৈছ, আজি কিবা ভোজ-ভাতৰ আয়োজন কৰিছ নেকি?”

“নহয় অ’, জাকৰুৱা মানুহ যে, অলপ সৰহকৈয়ে লাগে৷” খুৰীদেৱে ক’লে৷

মই মামনীক ক’লো,”মোৰ বেগত কি আছে চাচোন৷ ধেমাজীত সস্তাত পাই মাছ এটাও কিনিছিলোঁ৷ ইমানপৰে সেইটো গেলিলেই চাগৈ৷ ঘৰৰ পৰা মায়ে জহা চাউল অলপো দি পঠাইছে চাগৈ৷ বেগটো গধুৰ গধুৰ পাই আহিছিলোঁ৷”

মামনীয়ে বেগটো খুলি বস্তুবোৰ উলিয়াই ক’লে,” মা, বাপুকণদাদাই ইমানদ’ম চাউল ভাৰ বৈ খোজ কাঢ়িছে, মজা পাইছে আজি—টিয়কৰ পৰা এইখিনি পোৱালৈকে৷ মাছটো গেলা নাই অ’ বাপুকণদাদা৷”

কথা প্ৰসঙ্গত মোৰ সহযাত্ৰী সেই চুৰিয়া পিন্ধা মানুহজনৰ কথা কোৱাত দেউকণ দাইটিয়ে ক’লে,“বাপুকণ,অভাৱত পৰি মানুহৰ স্বভাৱ নষ্ট হয় বুলি যে কয় সেয়াই হৈছে৷ আমাৰ ইয়াত মানুহৰ স্বভাৱ গুচিল একেবাৰে৷ তই আচলটোৰ লগতে আহিছিলি৷ সেইটো কঠালগুৰিৰ গভাইত চোৰ৷ মোৰ বাৰীখনৰ তামোলকেইজোপা যেন তাৰ বাবেহে আছে৷ কেৱল সেই ৰতন চোৰেই নহয় , ইয়াত চোৰৰ সংখ্যা নিতৌ বৃদ্ধি পাব ধৰিছে৷ গোহালিৰ গৰুকেইটাও ওৰে নিশা পহৰা দি থাকিব লগীয়া হৈছে৷ উপায় নাই অ’ বাপুকন, ৰতন চোৰ জেলৰ পৰা আহিলে যেতিয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিব৷”

ভাত-পানী খাই দদাইৰ ল’ৰা ধনৰ সৈতে বেণুকাইটিহঁতৰ ঘৰলৈ ওলালোঁ৷ বাটত কেইজনমান মানুহে কাজিয়া কৰি আছিল৷ আমি সেইবোৰ আওকাণ কৰি বেণুকাইটিহঁতৰ ঘৰ অভিমুখে গৈ থাকিলোঁ৷ কাজিয়াখন লগাৰ কাৰণ কি তাকে ধনে কৈ গৈ থাকিল৷

কেইবাবছৰ ধৰি বানপানীয়ে খেতি-বাতি নষ্ট কৰাত গাঁওবাসী খাদ্য সংকটত পৰিছে৷ এদিন গাঁৱলৈ ৰাজহ বিভাগৰ কৰ্ম্মচাৰী আহি জনালে যে ভূমিহীন কৃষকসকলক চৰকাৰে আৰ্থিক সাহায্য দিব৷ চৰকাৰী কৰ্ম্মচাৰীয়ে চাৰিশ পাঁচশ টকা যাৰ যাৰ পৰা পালে তেওঁলোকৰ নাম ভূমিহীন কৃষকৰ তালিকাভুক্ত কৰি নিলে৷ আজি সেই চৰকাৰী সাহায্যৰ ধনৰ চেক চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত বিতৰণ কৰিছিল৷ দুহেজাৰকৈ টকাৰ চেক দিছিল৷ চেক ল’বৰ বেলিকা আকৌ ধন বিচৰাত বগেনে টকা দিবলৈ মান্তি নহৈ চক্ৰ বিষয়াক কথাটো জনাই দিলে৷ চক্ৰ বিষয়াই চেক বিতৰণত জড়িত কৰ্ম্মচাৰীজনক ধমক লগালে৷ কৰ্ম্মচাৰীজনো পৰি মৰা বিধৰ নহয়৷ তেওঁ বগেনক ক’লে যে সি টকা পাবৰ যোগ্য নহয়৷ কাৰণ, সি বিবাহিত লোক নহয় আৰু তাৰ পৃথক ঘৰ-গৃহস্থী নাই, ককায়েকৰ পৰিয়ালৰ সৈতে সি থাকে৷ পুলিচক গতাই দিয়াৰ ভাবুকি দি কৰ্ম্মচাৰীজনে বগেনৰ চেকখন নিদি তাক আঁতৰি যাবলৈ ক’লে৷ বগেনে যে বিয়া কৰোৱা নাই সেই কথা গাঁৱৰে লক্ষীৰামেই কৰ্ম্মচাৰীজনক জনোৱা বুলি বগেনে তাক মাৰপিট কৰিলে৷ সেইয়াই কাজিয়াৰ সূত্ৰপাতৰ কাৰণ৷

কথাবোৰ শুনি শুনি গৈ বেণুকাইটিহঁতৰ ঘৰ পালোঁগৈ৷

কথা-বতৰাৰ মাজতে বেণুকাইটিয়ে কৈছিল,“বাপুকণ, আমি টিয়কৰ পৰা উঠি অহা কিমান বছৰ হ’ল হিচাপেই পাহৰিলোঁ৷ কিমান যে ভোগালী ঠাই আছিল এইখন! সেইবোৰ দিনত নাহি প্ৰথমবাৰৰ বাবে তই ইয়ালৈ আহি কেনে অৱস্থাত যে আমাক দেখা পালিহি! এই কেইবছৰ বান পানীয়ে কেৱল আমাৰ এই অঞ্চলটোৰ মানুহকেই নহয় সমগ্ৰ জিলাখনৰ কৃষক-বনুৱাক সৰ্বহাৰা কৰিলে৷ মানুহবোৰ জীয়াই আছে কথমপি৷ এপাচি পচলা কুটি বাচি লৈ তাত আধা কিলো চাউল মিহলাই সিদ্ধ কৰি দহ-বাৰজনীয়া পৰিয়াল একোটাই খাব লগা হৈছে৷”

বেণুকাইটিৰ কথা শুনি মোৰ দুচকুৰ পৰা দুধাৰি লোতক অজানিতে বৈ আহিল৷ মই বুজিলোঁ—মামনীহঁতে তেন্তে পচলাদ’ম ৰাতিৰ সাজ ভাতৰ সলনি খাবলৈকে কুটি লৈছিল৷ মই টিয়কৰ পৰা চাউলকেইটা ননাহ’লে ময়ো নিশ্চয় সিদ্ধ চাউল মিহলি পচলা খাই শুই থাকিব লগা হ’লহেঁতেন৷ আকৌ ভাৱিলোঁ মই—এয়া বাৰু ডাঙৰ কথা নহয় , পিছে দুসাজমান মই অনা চাউলৰ ভাত খোৱাৰ পিছত মোৰ লগত থকা টকাৰে আৰু কিছুদিনৰ বাবে খুৰাহঁতৰ পৰিয়ালটোৰ বাবে চাউল-পাত কিনি দিম ,খাব৷ তাৰ পিছত ? আৰু, আৰু গাঁওখনৰ, অঞ্চলটোৰ বাকীবোৰ মানুহে কি এইদৰে পচলা খাইয়ে কটাব? এইবোৰ ক’ৰ ঠাই? কি ঠাই?? কেনে ঠাই??? উত্তৰ হ’ব মাথো কি ‘বানে গৰকা ঠাই’ ???? কথাবোৰ যেন সমগ্ৰ জগতখন ৰজনজনাই যোৱাকৈ চিঞৰি চিঞৰি কৈ দিম এনে লাগিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments