বান্দৰ আৰু ঘঁৰিয়াল – জয়ন্ত আকাশ বর্মন

বনৰ মাজত নদীৰ পাৰত
মিঠা জামুৰ গছ,
বান্দৰ কাইটি বহি থাকে
জামু খাই খচ্‌-খচ্‌।

সদায় সদায় পকা জামু খায়
আমাৰ বান্দৰ ভাই,
হাঁহি-মাতি গান যোৰে
নাচে জঁপিয়াই।

জামু খাই-খাই বান্দৰ ভাই
নোদোকাটি হয়,
গছৰ ডালত বহি থাকে
গাত মিঠা ৰ’দ লয়।

সেই নদীতে আছিল এটা
ডাঙৰ ঘঁৰিয়াল,
পানীৰ তলত আছিল তাৰ
সৰুকৈ পৰিয়াল।

বান্দৰ ভাইটি বান্দৰ ভাইটি
তোমাৰেই ভাল,
গছৰ ডালত বহি থাকা
নাই কোনো জঞ্জাল।

মন গ’লেই পোৱা খাবলৈ
কত কিমান ফল,
মইহে পিচে পানীত থাকোঁতেই
জীৱনটো পাৰ হ’ল।

ঘঁৰিয়ালৰ কথাত বান্দৰ বোপাৰ
মনত লাগিল বেজাৰ,
দুখ নকৰিবা আনি দিম তোমাক
ফল-মূল হেজাৰ-বিজাৰ।

নদীৰ পাৰলৈ আহিবা তুমি
খেলিম হিয়া জুৰাই,
পকা-পকা জামু পাৰি দিম তোমাক
খাবা উদৰ পূৰাই।

বান্দৰ ভাইটি আৰু ঘঁৰিয়ালটি
সনা-পিঠা মিতা হ’ল,
হাঁহি ধেমালি ৰং-ৰহইচেৰে
দিনবোৰ পাৰ হৈ গ’ল।

মৰমতে এদিন বান্দৰ বোপাই
মিঠা জামু পাৰি লৈ,
ঘঁৰিয়াল কাইটিৰ হাতত দিলে
নবৌক দিবাগৈ।

পিঠিত এবোজা মিঠা জামু লৈ
ঘঁৰিয়াল ঘৰলৈ গ’ল,
ঘঁৰিয়ালনীক মাতি জামুবোৰ দিলে
ঘঁৰিয়ালনী খুচ হ’ল।

ইমান সোৱাদ এই জামুফল
ক’ৰ পৰা আনিলা গৈ
নৈৰ পাৰৰ বান্দৰ মিতাই
পঠিয়ালে তোমালৈ।

মোৰ সখা বান্দৰ বোপা
জানা বহুত ভাল,
কথা পাতি-পাতি নালাগে আমনি
হিয়াখনো বৰ ৰসাল।

বান্দৰটোৱে যদি সদায়-সদায়
এই জামুফল খায়,
কলিজাটো তাৰ কি যে সোৱাদ হ’ব
ঘঁৰিয়ালনীয়ে ভাবি চায়।

ঘঁৰিয়ালনীয়ে কয় শুনা মোৰ চেনাই
শুনা মোৰ বুকুৰ ধন,
মিঠা জামু খোৱা বান্দৰ মিতাৰ
কলিজাটো খাবৰ মোৰ মন।

বান্দৰ মিতাক লৈ আহা ইয়ালৈ
ক’বা মাতিছোঁ মই,
ঘৰটো চাই যাব নবৌকো লগ পাব
খুৱাম জুতি লগা কৈ।

ঘঁৰিয়াল ভাই উঠিল জাঙুৰ খাই
কি কথা ক’লা তুমি?
মৰমৰ মিতাৰ কলিজা খাবা
চাইছানে ভাবি-গুণি?

লেনিয়াই-লেনিয়াই ঘঁৰিয়ালনীয়ে কয়
মৰমেই নকৰা মোক,
নিদিলে আনি এতিয়াই যাম মৰি
বুকুত লৈ যাম শোক।

ঘঁৰিয়াল কাইটিৰ বুকু যায় ফাটি
এতিয়া কি কৰা যায়?
মিতা মোৰ মৰমৰ ঘৈণীও চেনেহৰ
কি কৰোঁ হায়-হায়।

বহু ভাবি-গুণি ঘঁৰিয়াল কাইটি
গ’ল নৈৰ পাৰলৈ,
বান্দৰ বোপাই মাতিলে ৰিঙিয়াই
আহা-আহা বান্ধৈ।

মিঠা মিছা হাঁহিৰে ক’লে ঘঁৰিয়ালে
শুনাচোন মিতা মৰমৰ,
নবৌৱেৰাই মাতিছে আমাৰ ঘৰলে’
চাবলৈ আমাৰ ঘৰ।

তুমিয়েই সদায় দিয়া জামু গোটাই
তোমাকহে একো দিয়া নাই,
নবৌৱেৰাই ৰান্ধিছে তোমালৈ মৰমেৰে
এসাঁজ আজি খাবা গৈ।

বান্দৰ বোপাৰ ৰং লাগিল বৰ
নামি আহিল জঁ‌পিয়াই,
ঘঁৰিয়ালৰ পিঠিত বহি লৈ ভালকৈ
আলহী খাবলৈ যায়।

নদীৰ আদবাটতে ঘঁৰিয়ালে ভাবিলে
সঁ‌চা কথাটো কোৱাই ভাল,
বৌৱেৰাই তোমাৰ খাব খুজিছে জানা
তোমাৰ কলিজা মিঠা-ৰসাল।

বান্দৰ বোপাৰ তত আহিল গাত
বুজিলে কথাটি গণ্ডগোল,
ইমান দিনৰ মৰম-চেনেহবোৰ
মোৰ কাল হ’বৰ হ’ল।

বান্দৰ বপুৰাই ক’লে তপৰাই
তুমিও যে মিতা আৰু,
পাৰত থাকোঁতেই কথাটি তুমি
ক’ব নোৱাৰিলা নে বাৰু।

কলিজাটো মোৰ জামুৰ গছত
থৈ যে আহিলোঁ মই,
আগেয়ে যদি ক’লাহেঁতেঁ‌ন তুমি
কথাটি মোক ভালকৈ।

নবৌৱে যদি মোৰ মিঠা কলিজাটো
বিচাৰিছে খাবলৈ,
এতিয়াই ব’লা জামুৰ গুৰিলৈ
লৈ আহোঁ পটক কৈ।

বান্দৰৰ কথা শুনি ঘঁৰিয়াল কাইটি
ওলোটা সাঁতোৰ দিলে,
নদীৰ পাৰৰ জামুজোপালৈ দুয়ো
বেগাই ঢাপলি মেলে।

পানীৰ পৰা পাৰ পাওঁ‌-পাওঁ‌
বান্দৰে মাৰিলে জাঁপ,
একে লাফেই পালেগৈ বান্দৰে
জামুজোপাৰ আগ।

ডালত বহি বান্দৰ বোপাই
দীঘলকৈ উশাহ লয়,
জীউটো আজি থাকিল যে বাচি
ভগৱান দয়াময়।

ডালৰ পৰাই বান্দৰে কয়
মূৰ্খ ঘঁৰিয়াল ভাই,
তোৰ দৰে অবিশ্বাসী মিতা
এই দুনিয়াত নাই।

ভালে-ভালে ক’লো তোক
এতিয়াই আঁ‌তৰি যা,
নহ’লে এতিয়াই শিল দলিয়াই
ভাঙি পেলাম তোৰ গা।

ঘঁৰিয়ালনীক গৈ ক’বিগৈ তই
তাইৰ লোভৰ বলি হৈ,
তই যে আজি হেৰুৱালি মোক
বন্ধু চিৰজীৱনলৈ।

লাজে অপমানে শোকে-তাপে
ঘঁৰিয়াল গুচি গ’ল,
বান্দৰৰ নিচিনা মিতা হেৰুৱাই
সি জীয়াই মৰি গ’ল।
°°°°°°°°°°°°°°
(**প্ৰচলিত পুৰণি সাধু এটাৰ আধাৰত। )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক