“বান্দৰ আৰু টুপি : এটি পুৰণি সাধু” (দিগন্ত কুমাৰ ভট্টাচার্য)

বান্দৰ আৰু টুপি : এটি পুৰণি সাধু”
দিগন্ত কুমাৰ ভট্টাচার্য

মহাবালেশ্বৰৰ ওচৰৰ পাহাৰ এখনৰ দাঁতিৰ সৰু গাঁৱত ৰামলাল টুপিৱালা(টোপিৱালা)ৰ ঘৰ। চামৰাৰ টুপি তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰে তেওঁ। ওচৰৰ পাহাৰখনৰ বান্দৰৰ জাকটোৰ বৰ উপদ্ৰৱ! ঘৰত একো বস্তু ভালকৈ ৰাখিব নোৱাৰি।

এদিন পুৱা শুই উঠি ৰামলালে দেখে চোতালত মেলি দিয়া এটি টুপিও নাই। দেখিলে ওচৰৰ ওখ গছ এডালত এগাল বান্দৰ, প্ৰত্যেকৰে মূৰত তেওঁৰ টুপিকেইটা। বুধিয়ক ৰামলালে শুনিছিল সন্মুখৰ মানুহজনে যি কৰে, বান্দৰেও তাক নকল কৰিবলৈ চেষ্টা কৰে। ৰামলালে নিজৰ পিন্ধি থকা টুপিটো খুলি গছডালৰ তলত দিলে দলিয়াই। আটাইকেইটা বান্দৰে পিন্ধি থকা টুপিবোৰ গছৰ তলত দলিয়ালে। মহাসুখে টুপিকেইটা বুটলি উভতিল ৰামলাল। ভাবিলে ‘ভাল টুপি পিন্ধালো মূৰ্খকেইটাক’।

সকলোৱে জনা সাধু! সাধু ইমানতে শেষ? নহয়!!
তাৰ প্ৰায় চল্লিশ বছৰ মানৰ পিছৰ কথা। এতিয়া সেই একে ঠাইতে ৰামলালৰ নাতিয়েক যাদৱ টুপিৱালাই টুপিৰ কাৰবাৰ চোৱাচিতা কৰে। এদিন ৰাতিপুৱা যাদৱে দেখিলে বান্দৰ এজাকে ঘৰৰপৰা টুপিবোৰ লৈ গছ এডালৰ ওপৰত বহি আছে। সকলোৰে মূৰত এটাকৈ টুপি। যাদৱৰ মনত পৰিল ককাদেউতাকে জীয়াই থাকোতে তাক কৈ যোৱা সেই বান্দৰ আৰু টুপিৰ পুৰণি অভিজ্ঞতা। যাদৱে তাৰ পিন্ধি থকা টুপিটো গছডালৰ তললৈ দলিয়াই দিলে। কিন্তু, বান্দৰবোৰৰ দেখো লৰচৰ নাই। কথাটো কি?
অলপ পিছত গুৰু-গম্ভীৰ খোজেৰে বান্দৰ এটা নামি আহি প্ৰথমতে যাদৱে পেলাই দিয়া টুপিটো বুটলি ল’লে। তাৰ পিছত যাদৱৰ ওচৰলৈ আহি তাক সোধালে দুটি কাণতলীয়া চৰ। খেক-খেকাই হাঁহি ক’লে বান্দৰটোৱে, ‘চাল্লা বুৰ্বক, তই কি ভাবিছিলি অতীতৰ ষ্ট’ৰী কবলৈ অকল তোৰ হে ককাদেউতা আছিল? আমাৰ কি ককাদেউতা নাছিল??’

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments