বান্ধোন- ঋতুপৰ্ণা মহন্ত

নীলা আকাশখনত এচপৰা মাত্ৰ ডাৱৰ৷ শুদ্ধ বগা৷ ডাৱৰচপৰাক ভেড়া এটা যেন দেখা গ’ল৷ সোণমনিৰ কিতাপত থকা ভেড়াটোৰ লেখীয়া৷ তাৰপাছত লাহে লাহে ভেড়াটোৰ ঠেংকেইটা নোহোৱা হৈ গ’ল৷ এইবাৰচোন ডাৱৰচপৰাক গাড়ী এখন যেনহে লাগিল৷ চাই থাকোতেই ডাৱৰচপৰাই কেতিয়ানো ৰূপ সলাই পেলালে জানো!

: কি চাইছা মা?

খোলা খিৰিকিখনেৰে নিবিষ্ট মনেৰে আকাশখনলৈ চাই আছিলো৷ সোণমনিৰ মাতষাৰ শুনি উচপ খাই উঠাদি উঠিলো৷ আকাশৰপৰা চকু নমাই আনি তাৰ ফালে চাব খোজোতে তেনেই আন্ধাৰ মুন্ধাৰ যেন লাগিল৷ বাহিৰত চৌফলীয়া ৰ’দ৷ একেৰাহে ৰ’দৰ ফালে চাই থকাৰ কাৰণেই এই অৱস্থা৷

: আকাশলৈ চাইছোঁ সোণ৷

সোণমনি আহি মোৰ কোলাতে বহিলহি৷

: চোৱা মা, সৌটো ৰাক্ষস৷

ডাৱৰচপৰালৈ আঙুলিয়াই সি ক’লে৷ আচলতে এই কামটো আমি প্ৰায়ে কৰো৷ পূৰ্ণিমাৰ জোনটো চাই চাই আমি দুয়োটাই জোনটোত থকা তুলসী গছ এজোপাৰ কথা পাতো৷ আকাশত ভাহি থকা চপৰা চপৰ ডাৱৰবোৰৰ মাজত বিভিন্ন অৱয়ব বিচাৰি ফুৰো৷
মই আকৌ এবাৰ আকাশলৈ মূৰ তুলি চালো৷ সি কোৱা ৰাক্ষসটো পিছে মই নেদেখিলো৷ ডাৱৰচপৰাক মোৰ ধ্যানমগ্ন ঋষি এজনৰ দৰেহে লাগিল৷
আমি দুয়োটাই ডাৱৰচপৰাক যেনেকৈ মন যায়, তেনেকৈয়ে চাইছোঁ৷ আচলতে প্ৰতিটো বস্তুকে প্ৰত্যেকে নিজস্ব দৃষ্টিভংগীৰে চায়৷
এইষাৰ কথাকে মই সুব্ৰতকো বুজাইছিলো৷ তেওঁ কথাবোৰ তেনেই সহজভাৱে লৈছিল৷ মই কৈছিলো, সমাজখনে তেওঁৰ দৰে নাভাবে৷ যিটো কথাক তেওঁ সাধাৰণ বুলি ভাবিছে, আন মানুহৰ দৃষ্টিত সেইটো সাংঘাতিক ডাঙৰ কথা আৰু সমাজৰ তেনে দৃষ্টিভংগীলৈ মই ভয় কৰো৷ বৰ ভয় কৰো৷ মোৰ কথা শুনি দপদপাই উঠিছিল সুব্ৰত৷

: কালৈ ভয় কৰিছা তুমি? এমহীয়া কেঁচুৱা এটা কোলাত লৈ বিধৱাৰ সাজ পিন্ধিবৰ সময়ত, যিবোৰ মানুহে তোমাক কুলক্ষণী বুলি ককৰ্থনা কৰিছিল, সেইবোৰ মানুহলৈ? নে অকলশৰীয়া বুলি ভাবি অনবৰতে অপকাৰ কৰিবলৈ চোপ লৈ থকা মানুহবোৰলৈ? কালৈ?

মোৰ ওচৰত এইবোৰ প্ৰশ্নৰ উত্তৰ নাছিল৷ মই মাত্ৰ উচুপিছিলো৷ কান্দিবলৈকে যেন মই জীয়াই আছিলো৷ মানুহজন ঢুকুৱাৰ পাছত শাহুৰ গালি শুনি কান্দিছিলো, ঘৰে বাহিৰে মানুহবোৰে মোক আৰু এমহীয়া সোণমনিক কুলক্ষণীয়া বুলি বু বু বা বা কৰিবৰ সময়ত কান্দিছিলো, ওপজা ঘৰখনলৈ ঘূৰি অহাৰ পাছত ককাইদেউ, নবৌৰ হুঁটা মাতবোৰ শুনি কান্দিছিলো৷ সুব্ৰতক লগ পোৱাৰ পাছত আকৌ হাঁহিবলৈ শিকিছিলোহে মাত্ৰ৷ মানুহবোৰে মোৰ গাত চৰিত্ৰহীনাৰ মোহৰ লগাইছিল৷ মই আকৌ কান্দিছিলো৷

: জীৱনৰ বাকীছোৱা সময় স্বামীৰ চৰণ চিন্তি সতী সাধ্বী হৈ জীয়াই থাকিবি আই৷

মানুহজনৰ শ্ৰাদ্ধৰ দিনা ভকতসকলে এইদৰে আশীৰ্বাদ দিছিল মোক৷ মই যেন একো বুজি পোৱা নাছিলো৷ মানুহজন যে একেবাৰে মোৰ কাষৰপৰা নোহোৱা হৈ গ’ল, সেই কথাটো মানি ল’বলৈকে বহুদিন লাগিছিল৷ ইমান আচম্বিতে ঘটনাবোৰ ঘটিছিল৷
দুৰ্ঘটনাটো সম্পৰ্কীয় ননদজনীৰ বিয়া খাবলৈ যাওঁতে হৈছিল৷ সেইখন গাড়ীতে ময়ো যোৱাৰ কথা আছিল৷ তেৱেই নিদিলে৷ বিয়া খোৱাৰ নামত এমহীয়া সোণমনিয়ে কষ্ট পোৱাটো তেওঁ বিচৰা নাছিল৷ সোণমনি তেওঁৰ দেহলাউ আছিল৷ কেতিয়াবা ভাবো সেইদিনা তেওঁৰ সৈতে ময়ো যাব লাগিছিল! এতিয়া জীয়াই থাকি ইমান যে যন্ত্ৰণা পাইছোঁ৷
সেইখন গাড়ীতে যোৱা মোৰ জাজনীও একেটো দুৰ্ঘটনাতে নোহোৱা হৈছিল৷ ঘৰখনত একেদিনাই দুখনকৈ চিতা জ্বলিছিল৷

: পাঁচবছৰীয়া ছোৱালীজনীক লৈ কণবাপু ওৰেটো জীৱন কেনেকৈ থাকিব অকলশৰে৷ ছোৱালী এজনী চাই তাৰ ঘৰখন পাতি দিয়াই ভাল৷

তিলনিৰ দিনাখনৰপৰাই দাদাক চাই চাই আটায়ে কোৱা কুই কৰিছিল৷ বেছিদিন ৰ’বলগীয়া হোৱা নাছিল৷ মই মাৰ ঘৰলৈ ঘূৰি অহাৰ দুদিনমানৰ পাছতে নতুন মানুহ এজনী সেইখন ঘৰৰ বোৱাৰী হৈ অহাৰ খবৰটো পাইছিলো৷
মই মানুহজনৰ ছবিখন মনত ৰাখি জীয়াই আছিলো৷ নতুনকৈ সংসাৰ এখন কৰাৰ কথা মোৰ মনলৈ কোনোদিনে অহা নাছিল৷ সেইবোৰ কথা মনলৈ অনাটোও পাপ বুলি ভাবিছিলো৷ আজিও ভাবো৷
তেনেকুৱাতে মই চাকৰি পাইছিলো৷ অফিচলৈ দূৰ হোৱাৰ অজুহাত দেখুৱাই ঘৰখনৰপৰা ওলাই আহিছিলো৷ আচলতে দাদা বৌৰ মাত কথাই কষ্ট দিছিল মনত৷ নিজকে সেইখন ঘৰৰ বোজা যেন অনুভৱ হৈছিল৷

তেনেকুৱাতে আচম্বিতে সুব্ৰতক লগ পাইছিলো৷

সুব্ৰতক বিয়া কৰোৱাৰ সপোন মই কোনোদিনে দেখা নাই৷ মই জানো, বিধৱা হৈ এনে সপোন দেখিব নাপায়৷ কিন্তু তেওঁৰ কাষত মই নিৰাপদ অনুভৱ কৰো৷ তেওঁ এদিন আনৰ হৈ যাব, সেই কথা ভাবিবলৈ মোৰ কষ্ট হয়৷ সেইবুলি তেওঁক নিজৰ কৰি পোৱাৰ বাসনাও মোৰ নাই৷

আচলতে মই বিচাৰোনো কি? সেই প্ৰশ্নৰ উত্তৰো মোৰ ওচৰত নাই৷

সুব্ৰত কিন্তু আৰম্ভণিৰেপৰা আমাৰ সম্পৰ্কটো লৈ নিশ্চিত আছিল৷ তেওঁ বাৰে বাৰে আমাৰ বিয়াৰ কথা কৈছিল আৰু সমাজৰ দোহাই দি মই তেওঁক বাৰে বাৰে বাৰণ কৰিছিলো৷ খং, ক্ষোভত ফাটি পৰিছিল তেওঁ৷ কিন্তু মোক এৰি থৈও যোৱা নাছিল৷ সঁচা কথা ক’বলৈ গ’লে ময়ো তেওঁক এৰিব পৰা নাছিলো৷

ইকাণ সিকাণকৈ কথাবোৰ বিয়পি পৰিছিল৷ আত্মীয় কুটুমে মোৰ নাম লৈ নাক কোঁচাইছিল৷ দাদাই মোৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল৷ সোণমনিক বুকুত সাৱটি জীয়াই থাকিবলৈ শিকিছিলো৷ মোৰ হাজাৰ বাধাৰ পাছতো সুব্ৰত মোৰ ছাঁ হৈ ৰৈছিল৷

: মা, মোৰ আজি ঢেৰ হোমৱৰ্ক কৰিবলৈ আছে৷

সোণমনিৰ মাতত মোৰ সম্বিত ঘূৰি আহিল৷ এনেকুৱা আজিকালি প্ৰায়ে হয়৷ কিছুপৰ নিতাল মাৰি থাকিলেই হাজাৰটা চিন্তাই জুমুৰি দি ধৰে৷

: ব’লা সোণ, হোমৱৰ্কখিনি কৰি ল’বা তেন্তে৷

সোণমনিক কোঁচত তুলি মই ভিতৰলৈ সোমাই আহিলো৷

সন্ধিয়াৰ ভাগলৈ বতৰটো গুজৰি গুমৰি আহিল৷ বাৰিষা কালত বতৰৰ সঁচাকৈয়ে ভৰষা নাই৷ সোণমনিৰ হোমৱৰ্ক শেষ হয় মানে ভাতকেইটা ৰান্ধি লওঁ বুলি পাকঘৰত সোমালো৷ সোনকালে খাই বৈ বিছনাত পৰাই ভাল৷ গাজনি ঢেৰেকনিলৈ আমাৰ দুয়োটাৰে বৰ ভয়৷

: মা, কোনোবা আহিছে৷ তোমাক মাতি আছে৷

সোণমনি আহি মোৰ কাষতে ৰ’লহি৷ মই অকণমান আচৰিতেই হ’লো৷ বাহিৰত কলহৰ কাণে ঢলা বৰষুণ৷ ইমান বৰষুণৰ বতৰতনো কোন আহিল! সুব্ৰত? তেওঁতো নিশাৰ ভাগত কোনোদিনে নাহে৷ আজিনো কিয় আহিব!
দুৱাৰখন খুলি দিলোহি৷ বাহিৰত তামুলী ৰৈ আছিল৷ সনাতন তামুলী৷ মোৰ সহকৰ্মী৷

: বজাৰৰ ফালে আহিছিলো৷ বাটতে বৰষুণে পালে৷ ওলাই আহোঁতে বতৰটো ভাল দেখি ছাতিও নানিলো লগত৷ ভাবিলো তিতি বুৰি যোৱাতকৈ তোমাৰ ঘৰতে সোমাই যোৱাই ভাল৷ তুমিও অকলে আছা৷ বৰষুণৰ বতৰত বোলো লগ এটা হ’ব৷

সনাতন তামুলীয়ে খৰধৰকৈ কথাকেইটা ক’লে৷ বাহিৰত ঘিটমিটীয়া আন্ধাৰ, তাতে মুষলধাৰে বৰষুণ পৰি আছে৷ এই সময়ত এইজন মানুহৰ উপস্থিতি মই মুঠেও কামনা কৰা নাছিলো৷ অফিচত তেওঁৰ সৈতে নিৰ্দিষ্ট দূৰত্ব এটা বজাই চলো৷ মানুহজনৰ কথা কোৱাৰ সুৰটো মুঠেও ভাল নালাগে৷ চাৱনিটোও এনেকুৱা, যেন গিলিহে পেলাব৷

: আহক, বহকহি৷

অনিচ্ছা স্বত্তেও মই তেওঁক ভিতৰলৈ মাতিলো৷

: তিতি বুৰি শেষেই হ’লো৷ এতিয়া তোমাৰ কাপোৰো পিন্ধিব নোৱাৰো নহয়৷ উপায় নাই৷ এনেকৈয়ে থাকিব লাগিব৷

মানুহজনে কথাখিনি কৈ ঢেকঢেকাই হাঁহিলে৷ তেওঁৰ হাঁহি শুনি মোৰ গাটো শিৰশিৰাই উঠিল৷

: ককাইদেউ, আপুনি বহকচোন৷ মই কেৰাহীত ভাজি দি থৈ আহিছোঁ৷

কথাষাৰ কৈয়ে ততাতৈয়াকৈ মই তেওঁৰ কাষৰপৰা আঁতৰি আহিলো৷ আনদিনা মানুহজনক দাদা বোলো৷ আজি ককাইদেউ বুলিলো৷ কিজানি নিজৰ ভনী বুলি ভাবেই বা৷
মোৰ কি কৰো, কি নকৰো যেন লাগিল৷ নাজানো কিয়, সুব্ৰতলৈ বৰকৈ মনত পৰিল৷

: ভাত ৰান্ধিছা নেকি? মোলৈও চাউল বহাই দিয়া৷ ময়ো ইয়াতে খাই যাম৷

মই উচপ খাই পাছলৈ ঘূৰি চালো৷ পাকঘৰৰ দুৱাৰমুখত তামুলী ৰৈ আছিল৷

: হ’ব ককাইদেউ৷ খাই যাব৷ আপুনি বহকগৈচোন৷

মোৰ মাতটো কঁপি কঁপি ওলাল৷

: ৰ’বাচোন৷ কিহৰনো ইমান লৰালৰি৷

মানুহজন মোৰ কাষ চাপি আহিল৷ মই থকথককৈ কঁপিবলৈ ধৰিলো৷

: তোমাৰ শোৱনি কোঠাটো কোনফালে আছে? চোৱাচোন আজি বতৰটোও ইমান ভাল৷ অকলে থাকি ভাল পাবা জানো?

সনাতন তামুলীৰ চকুকেইটা হিংস্ৰ বাঘ এটাৰ লেখীয়াকৈ ট ট জিলিকি উঠিল৷ আসঃ! কি কৰো মই এতিয়া! কি কৰো!

: এইবোৰ আপুনি কি কৈছে ককাইদেউ? মই আপোনাৰ জীয়ৰীৰ বয়সৰ৷ কাবৌ কৰিছোঁ, মোক এৰি দিয়ক৷

মোৰ মাতটো মিনতিৰ সুৰত ওলাল৷ মই কান্দিবলৈ ধৰিলো৷

কটাৰীখন? কটাৰীখন ক’ত আছে বাৰু? মই কটাৰীখন বিচাৰি মূৰটো ঘূৰাব খোজোতেই সনাতন তামুলীয়ে মোক পাছফালৰপৰা জপটিয়াই ধৰিলেহি৷ মই লৰচৰ কৰিব নোৱাৰা হৈ পৰিলো৷
বাহিৰত বৰষুণৰ প্ৰকোপ বাঢ়ি আহিল৷ মই চিঞৰিব খুজিলো৷ কিন্তু পিশাচটোৱে মোৰ মুখখনত সোপা দি থাকিল৷

মই ছটফটাবলৈ ধৰিলো৷

: মা, সুব্ৰত আংকল আহিছে৷

সোণমনিয়ে ডাঙৰকৈ মৰা চিঞৰটো পাকঘৰলৈকে শুনা পালো৷ সনাতন তামুলী চক খাই উঠাদি উঠিল৷ সেই চেগতে মই মানুহটোৰ বাহু বন্ধনৰপৰা ওলাই দৌৰ মাৰিলো৷ হঠাতে মোৰ কি হ’ল নাজানো, বাহিৰৰ কোঠাত সোণমনিক কোঁচত লৈ থকা সুব্ৰতক মই জোৰেৰে সাৱটি ধৰিলোগৈ৷ আমাৰ কাষেদিয়েই সনাতন তামুলী দপদপাই ওলাই গুছি গ’ল৷
ঘটনাৰ আকস্মিকতাত সুব্ৰতো কিছুপৰৰ বাবে থৰ লাগিল৷ তাৰপাছত পৰিস্থিতিটো অনুমান কৰি ল’ব পাৰিলে হ’বলা৷ তেওঁ খঙত কঁপিবলৈ ধৰিলে৷

: কোন আছিল মানুহটো? কি কৰিছিল সি? হাত দিছিল সি তোমাৰ গাত? তাক মই টুকুৰা কৰি পেলাম৷

তামুলীক বিচাৰি বাহিৰলৈ ওলাই যাব খোজা সুব্ৰতৰ ভৰিয়ে হাতে ধৰিলো মই৷

: নাযাব, আপুনি নাযাব৷ মানুহে আকৌ মোকে বেয়া বুলিব৷

মই কান্দোনত ভাঙি পৰিলো৷ আস! কি ভয়ংকৰ ঘটনা হ’বলৈ লৈছিল আজি৷

সুব্ৰত খঙত ফোঁপাবলৈ ধৰিলে৷

: আজিও তুমি মানুহৰ কথালৈ ভয় কৰি আছা অনি? আজিও? জোৰ জবৰদস্তি মানুহ এটাই তোমাৰ গাত হাত দিব খুজিছিল৷ তাৰপাছতো তুমি মানুহৰ কথালৈ, সমাজখনলৈ ভয় কৰি আছা!

মই একো নামাতিলো৷ সুব্ৰতক জোৰেৰে সাৱটি উচুপিবলৈ ধৰিলো৷

কিছুপৰৰ পাছত মই প্ৰকৃতিষ্ঠ হ’লো৷

: পানী খাবা নেকি?

সুব্ৰতে সুধিলে৷

মই মূৰ জোকাৰিলো৷ খাম৷ সুব্ৰত ভিতৰলৈ গ’ল৷ এইবাৰহে লাজ লাগিল মোৰ৷ অতপৰে তেওঁকে সাৱটি ধৰি আছিলো মই৷

: আপোনাক আজি ঈশ্বৰেহে অনোৱালে৷ অইন দিনা ৰাতি নাহে৷ আজিনো কিয় আহিবৰ মন গ’ল হঠাৎ?

খালী গিলাছটো তেওঁৰ হাতত তুলি দি সুধিলো মই৷

: গাজনি ঢেৰেকনিলৈ তুমি আৰু সোণে ভয় কৰা বুলি মই জানো নহয়৷ সেইকাৰণে আহিছিলো৷

মই তেওঁৰ মুখলৈ চালো৷ অথনিৰ খঙটো শাম কাটিছে এতিয়া৷ মই কোঠাটোৰ চাৰিওফালে এবাৰ চকু ফুৰাই চালো৷

: কি চাইছা?

তেওঁ সুধিলে৷

: সোণ আছে নেকি চাইছোঁ৷

: নাই সি ভিতৰত আছে৷

তেওঁ মোৰ কাষলৈ আহি ফুচফুচাই কোৱাৰ দৰে ক’লে৷ মোৰ লাজতো আকৌ উজাৰ খাই আহিল৷

: ভাত ৰান্ধিবা মোলৈও৷ মই আজি ইয়াতে থাকিম৷ তোমাৰ কাষত৷

: কেৱল আজিয়েই কিয়? আপুনি সদায় মোৰ কাষত থাকিব লাগিব৷

মই ক’লো৷ তেওঁ আচৰিত হৈ মোৰ চকুলৈ চালে৷ মই এইবাৰ তেওঁৰ ওচৰ চাপি গ’লো৷

বাহিৰত তেতিয়ালৈ বৰষুণ শাম কাটিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক