বানৰ দিনবোৰ -নিবিড় অনুৰাগ মানস

কটাৰীয়ে কাটি কাটি আকাশৰ বাও ধান

মই দাৱনীয়ে মৰা নাই মৰণা
কাঁচি লাগি বলিয়া হ’ল বান৷
গাই নদীৰ ঢৌ লাগি
সৰি পৰিল পিতাইৰ নাঙলৰ মাটি
হাবি এৰি ঘৰ ভাঙি আছেহি বলিয়া হাতী৷
ঘৰলৈ পানী নাই
মুখলৈ মাত
গোটেই পদূলি মূৰত পানীৰ হাট৷
গোটা কৰাই দিবলৈ
বটা চৰাই নাই
কাৰোবাৰ চিটিকাত ভোজ হ’ল তাই৷
কলেৰা, গ্ৰহণীৰ উজানত হেৰাইছে মুখৰ মাত
সজাল ধৰি মৰি যোৱা ভূঁইয়ে কান্দিছে
মাটি আৰু বালিৰ ছাঁত৷
বানে এৰি যোৱা ৰাতিয়ে
এতিয়া নকয় গানৰ ভয়
গাঁওখন কঁপি আছে
চৌপাশে যেন নৈ নৈ………৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক