বান–দেখিলোঁ, শুনিলোঁ, লেখিলোঁ — মানস গগৈ

বান–দেখিলোঁ, শুনিলোঁ, লেখিলোঁ

— মানস গগৈ

অসমৰ শেহতীয়া বান পৰিস্থিতি ইমানেই ভয়লগা যে ইয়াক আমি ঘৰত বহি অনুমান লগাবই নোৱাৰোঁ৷ বা যিমান হৈছে বুলি আমি ভাবি আছোঁ, তাতকৈ অধিক সাংঘাটিক হৈছে এই বিষয়টো৷ বহু দূৰলৈটো নোৱাৰোঁ সমীপৱৰ্তী ঘাট এটালৈ গৈছিলোঁ৷ (মহুৰাৰ ফালে) চাৰিওফালে পানী৷ গাৰ নোম শিয়ৰি উঠা দৃশ্য৷ পানী সোমোৱা ভিতৰুৱা অঞ্চলৰ পৰা প্ৰায় দুহেজাৰ মান মানুহ আহি ৰাস্তাত কেম্প পাতিছেহি৷ হাজাৰ হাজাৰ গৰু ছাগলী ৰাস্তাতে বান্ধি ৰাখিছে৷ গৰু আৰু মানুহৰ বাসস্থানৰ মাজত বিশেষ তফাৎ নাই৷ ৰাস্তাৰ দুয়োপাৰ গোবৰেৰে ভৰ্তি৷ গৰুবোৰেও গচকি গচকি গোটেইখন বোকাময় কৰিছে৷ কেঁ‌চা গোবৰ আৰু বোকাৰ এটা উৎকট গোন্ধ৷ পানী বাঢ়োতে ভেকুলী সাপ কিবা মৰিছে হ’ব পায়৷ গেলা গোন্ধ এটা অনবৰতে বতাহত ভাঁহি ফুৰিছে৷ দিনতেই ম’হে খাই দমলা বন্ধায়৷ মানুহখিনিৰ উপায় নাই৷ কিছুমানে কলভূৰেৰে ঘৰৰ যি এপদ বস্তু বাছিছে সেয়া আনি আলিবাটতে গোটাইছেহি৷ বেছিভাগ মাইকী মানুহৰে চকুহাল গধুৰ৷ পুৰুষবোৰৰ মুখখন হতাশ৷ কি যে হৈ গ’ল এনেকুৱা এটা ভাৱ৷ পাল আৰু দুচতা টিনেৰে বন্ধা কেম্পটোত গাভৰু কেইজনী যেন যিমান পাৰে সিমান সুমাই গৈছে আমাক দেখি৷ কিজানি কেইবাদিনো ধৰি পিন্ধি থকা সাজযোৰৰ অস্বস্তিবোৰ বাহিৰত ফুটি উঠে৷ সৰু সৰু লৰা-ছোৱালীকেইটামান ইনেই ঘূৰি ফুৰিছে৷ এবাৰ ইফালে এবাৰ সিফালে৷ অলপ সময় থাকিয়েই পৰিবেশ টোত কিবা উশাস ছুটি হৈ অহা যেন লাগিল৷ পিতৃ আৰু পুত্ৰই একেলগে বহি পানীভৰ্তি পথাৰ খনলৈ চাই কঢ়া এটি এটি হুমুনিয়াহ কিমান দ লৈকে শিপাই যায়, এইবাৰহে উপলদ্ধি কৰিব পাৰিলোঁ……৷

মাত্ৰ দুদিন আগলৈকে এওঁ‌লোকৰ এখন ভৰা ঘৰ আছিল৷ গোহালিৰ গৰু গোহালিতে আছিল৷ জুহালত জুই আছিল৷ শেতেলিত সপোন আছিল৷ মাত্ৰ এটা ৰাতিৰ জোখে নিয়তি সলাই দিলে৷ কিমান চাগে’ চিন্তা, কিমান চাগে’ ভাৱনা৷ কাটিবলগীয়া হৈ থকা তাঁতশালখন তেনেকেই এৰি আহিলে৷ কিন্তুু জীয়া সূতাৰ কেঁ‌চা মৰমখিনি তাতে লাগি থাকিল৷ পোনাই খুচুৰা পইছা গোটোৱা বাহৰ চুঙা থকা খুটাটো কেনিবা উটি যোৱা নাইটো, বাৰীৰ পাচলি সোপাই ডুবিল৷ খেৰ, খৰিবোৰো ভিজিল৷ ভঁৰালটোলৈ মাত্ৰ দুহাত পানী বাকী৷ এহাল চকুৱে যেন বাৰে বাৰে ক’ব খোজে– ভঁৰালটো যদি নিয়া, তেন্তে মোকো লৈ যোৱা প্ৰভু………৷
বতৰ আহিলে বেছি কাপোৰ এসাজ ল’ম বুলি থোৱা কুকুৰা জাক, উমনিত বহি থকা হাঁহ কেইজনী, কেনি বা গ’লগৈ……………৷ ৷

বাইকত ভেজা দি বহি সন্মুখলৈ আটায়ে চাই আছো৷ কোনেও একো কোৱা নাই যদিও সকলোৰে মনবোৰ বিষন্ন৷ তাত আমাৰ আত্মীয় স্বজন কোনো নাই, কিন্তুু গৰুৰ গোবৰত লেতখাই থকা মানুহ জাতিৰ স্বাভিমানে যিকোনো মানুহৰ অন্তৰাত্মা কঁ‌পাই যাবলে যথেষ্ট৷প্ৰাঞ্জলে চিগাৰেট এটা জ্বলালে৷ নিৰ্বিকাৰ ভাৱে এটাৰ পাছত এটাকৈ টান মাৰি আছে৷ এককাঁ‌ল পানীত বৃদ্ধ এজনে কান্ধত চাইকেল এখন লৈ আহি আছে৷ আমাৰ ওচৰতে উঠি লাহেকৈ চাইকেল খন থলে৷ মানুজনে ন’হলেও দেহটোৱে যেন কেকাই উঠিল৷ গামোচাখনেৰে গাটো মুচি মুচি আমাৰ ফালে ঢলং পলংকৈ আগবাঢ়ি আহিল৷ গাৰ পৰা তীব্ৰ গেলাৰ গোন্ধ৷
দোৰোল খোৱা জীভাৰে কৈ গ’ল……
বোপাইহঁত কি কৰিছ অ……
মদৰ নিচাত মানুহজনে আপোনমনে নিজে নিজেই কৈ যাবলৈ ধৰিলে………৷ ৷
মোৰ ঘৰত আজি পানী সোমাইছে,
চব নিলে৷
ভঁ‌ৰালত এফুট পানী উঠিল……
এইবাৰেই প্ৰথম সোমাইছে……
ঘৰটোত এতিয়া এবুকু পানী৷
চালত সাপ কুমটীয়ে বাহ লৈছে……
মোৰ একোৱেই নাথাকিলগৈ……
এলাইচি (LIC) এটা আছিল সেইটোও পানীতে পৰিল৷
মোৰ এটা দুটা লৰা আৰু মানুহজনী দলঙৰ ওচৰত কেম্প কৰিছে…………
আজি সেইকাৰণে দুখতে অলপ খাই দিলোঁ৷ তোৰ বিড়িটো অলপ দে চোন৷ পানীৰ পৰা উঠিলে গাটো সেঙেতা লাগে৷
বিড়িটো খালেহে অলপ ফুৰফুৰীয়া লাগে৷ …

প্ৰাঞ্জলে অবাক হৈ মোৰ ফালে চালে৷ তাৰ পেকেটৰ পৰা চিগাৰেট এটা মানুহটোলে আগবঢ়াই দিলে৷
আপোনমনে চিগাৰেটটো জ্বলাই লৈ মানুহটোৱে কৈ কৈ আগবাঢ়িল
সোনকালে যাগৈ যা বোপাই৷ পানী বাঢ়িছে৷ বেয়া চেয়া নাপাবি দে………

শুনকচোন………
মানুহজনক মাতিলোঁ৷ পইচা বেছি নাছিল৷ পঞ্চাচ টকাৰ নোট এটা আগবঢ়াই দিলোঁ৷ মানুহজনে তভক মাৰি ৰৈ মোৰ মুখলে চালে৷ তাৰ পাছত কৈ উঠিল৷ নাই নাই পইচা নালাগে৷ ঈশ্বৰে কৰিছে, ঈশ্বৰেই ধৰিব৷ মোৰ ককায়ে কৈছিল৷ নৈ কানৰ মানুহ, ভোগালী জেগাৰ মানুহ৷ আমি লোকৰ ধন হাত পাতি নলও৷
যাঃ বোপাই যাঃ………
কাৰো প্ৰতি আক্ষেপ নথকা মানুহজন উভতি আগুৱাই যাবলে ধৰিলে৷ মানুহজনৰ প্ৰতিটো খোজে যেন আমাৰ অস্তিত্বক ভেঙুচালি কৰি প্ৰত্যাহ্বান জনাই গৈছে………
সকলো হেৰুৱালে৷ কিন্তুু তথাপিও প্ৰয়োজনতকৈ বেছি ল’বলে অপাৰগ৷ জীৱনবোধৰ এটি সৰল পাঠ নিৰক্ষৰ মানুহজনে যেন অজানিতেই দি গ’ল৷
ঘৰলে আহিলোঁ৷ ৰাতি শুব পৰা নাই৷ যিমানেই বৰষুন দিছে, মানুহজনৰ মুখখন চকুৰ আগলে ভাঁহি আহিছে৷ ভগৱানক কাবৌ কৰিছোঁ– আৰু বৰষুণ নালাগে…………

বিঃদ্ৰঃ বহু কেইজন মানুহৰ লগত কথা পাতিলো৷ প্ৰকৃতিৰ সতে সহাৱস্থান কৰি অহা এনেকুৱা মানুহবোৰৰ সমান ব্যৱহাৰিক জ্ঞান আমাৰ কাৰো নাই৷ বানপানী নাইকিয়া কৰিবলে নদীবান্ধ, নদী সংযোগ এইবোৰ একো প্ৰয়োজন নাই৷ প্ৰতি বছৰে হাজাৰ হাজাৰ কোটিৰে বান্ধি থকা মথাউৰি কেইটা যদি অলপমান নিৰ্ভেজাল আৰু বিজ্ঞানসন্মত ভাৱে সাজে, তেন্তে কোনো কথাই নাই৷ ভুলকৈ বন্ধা মথাউৰি বোৰ খহি গৈয়েই নদীবোৰো বাম হৈ গৈ থাকে৷ আমি অকণমান কমকৈ লোভী হ’লেই হ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments