বান – নিভা গগৈ

জপং জপংকৈ একাঁঠু পানীত জঁপিয়াই জপটিয়াই ধৰোঁ নেকি শুকান জেঙত পৰি থকা আধাসিজা চকল চকল ৰ’দ
বগা পৰা ছালৰ দৰে এতিয়া বানৰ পথাৰ
পথাৰত কি ঘৰ তৰিছো
কি ভাত খাইছো
আঙুলিত জঁট লগা চুলি এৰুৱাই নাই
দলনিৰ মেটেকা ফুটাদি ফুটিছে পেট
লঘোণীয়া ভোকৰ পেট

শিবিৰৰ শিতানত সপোনবোৰ চুটি চুটি
টুটি অহা আহাৰে বৰশী বাই ভোকৰ নৈত
পিছ দুৱাৰে এৰি অহা ভোগালী আখলখন যিদিনা উটিছিল
চকুবোৰ উঘালিনে পুতি থৈছিলো, উমান পোৱা নাছিলোঁ
চেমনীয়া গৰুহালৰ চকুত চকু কেনেকৈ ৰাখোঁ
পৰুৱা এটি হৈ বন এডালত কোনোমতে খামুচি আছো

ধুমুহাজাকক অভিমান কৰিমনে খং কৰিম
ভাবি থাকোঁতেই উটুৱাই নিয়ে মূধচৰ কামী
বৰষুণক কি দৰে বাধা দি ৰাখে বুজিছিলোঁ পিতাইৰ কামি-হাড়ৰৰ বিন্ধাৰে জুমি
সঁচাই, সেইদিনা বৰষুণজাক অাভিজাত্য নাছিল
আছিল এজাক জাত-পাত নিচিনা বেশ্যাৰ জীৱন কাহিনী ৷
☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments