বান-পীড়িত কৃষকৰ কণাৰ লাখুটি, জলেন্দ্ৰ পদ্ধতি : হৰেন্দ্ৰ নাথ মৰাং

বানত ডুবিছে “অ’ মোৰ আপোনাৰ দেশ৷” ডুবিছে মানুহ, ঘৰ-দুৱাৰ-পশুধন-পথাৰ৷ এইবেলি বান যেন শেনৰ এজাত৷ বছৰটোৰ ভাতমুঠিৰ প্ৰতিশ্ৰুতিৰে পথাৰৰ ৰোৱাতলীয়ে সেউজীয়াখিনিৰ গাঢ়তা বঢ়াবলৈ কঁকালত টঙালি বন্ধাৰ ক্ষণতে আহিছে বলিয়া বান৷ চহা-কৃষকে অযুত সপোন দুচকুত বান্ধি, মূৰৰ ঘাম মাটিত পেলাই, ভূঁই ৰুই স্বস্তিৰ নিশ্বাস পেলাওঁ-নৌ-পেলাওঁতেই বাঢ়নি পানীয়ে আহি বুৰাই পেলালেহি সিংহভাগ পথাৰ৷ ৰোৱাতলী তিনি/চাৰিদিন বাঢ়নি পানীৰ তলত থকা মানেই দৰিদ্ৰ কৃষকৰ বছৰটোলৈ পেটৰ ভাতমুঠিৰ ভিকাচন ভাগিল৷ এনে বিষম পৰিস্থিতিত স্বাভাৱিকতে ৰাইজে চকুৰে সৰিয়হ ফুল দেখিছে, ত্ৰাহি মধুসুদন সুঁৱৰিছে৷

ইতিমধ্যে নিয়মীয়া শালিধানৰ কঠীয়া যিহেতু সৰহভাগৰে ৰুই শেষ হ’ল, কিছুদিনৰ পিছত বান-পৰিস্থিতি উন্নত হ’লেও সৰহ সংখ্যক খেতিয়কেই যে এমুঠি কঠীয়াৰ বাবে হাঁহাকাৰ কৰিব লাগিব, সেয়া নিশ্চিত৷ আনহাতে, পুনৰ কঠীয়া পেলাই ৰোৱনি কৰেগৈ মানে খেতিৰ সময়েই উকলি যাব৷ যেন দৰিদ্ৰ লংকালৈ যায়; সাগৰ শুকায়, মাণিক লুকায়৷ তাৰ পিছত বছৰটোলৈ পেটত আঁটি আঁটি গামোচা বন্ধাৰ বাহিৰে আন গত্যন্তৰ নাথাকিব৷

সাতে-সোতৰই পৰিস্থিতিৰ গভীৰতালৈ চাই, চহা-কৃষকৰ দুৰ্দশাক সামান্য হ’লেও সকাহ দিয়াৰ মানসেৰে বিগত এটা দশকতকৈ অধিক কাল জুৰি নিৰালস্যভাৱে পৰীক্ষা-নিৰীক্ষাৰ ফলত এটা বিশেষ পৰ্যায়ত উপনীত হোৱা, কঠীয়া পৰাৰ মোৰ এক নিজস্ব পদ্ধতি পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিবলৈ ওলাইছোঁ৷

ই হ’ল কম খৰচত, কম সময়ত, কম পৰিশ্ৰমত সহজলভ্য যা-যোগাৰেৰে অতি কম সময়ৰ ভিতৰত যিকোনো সঁচৰ ধানৰ উন্নত গুণ-বিশিষ্ট কঠীয়া প্ৰস্তুত কৰাৰ এক বিশেষ পদ্ধতি৷

মোৰ জীৱনৰ মহাগুৰু, বিৱেকৰ-বিৱেক আৰু প্ৰেৰণাৰ অন্তহীন উৎস, স্বৰ্গীয় পিতৃৰ নামেৰে ইয়াৰ নাম থৈছোঁ “জলেন্দ্ৰ পদ্ধতি৷” তদনুসাৰে, এই পদ্ধতিৰে প্ৰস্তুত কৰা ধানৰ কঠীয়াক বোলা হ’ব “জলেন্দ্ৰ কঠীয়া৷”

তলত জলেন্দ্ৰ কঠীয়াৰ প্ৰস্তুত-প্ৰণালীৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰা হ’লঃ-

বীজঃ

যিকোনো খেতিত নমাৰ পূৰ্বে দুটা কথা সদায় মনত ৰাখিব লাগে…

১/ জাতৰ গুণে কঠীয়া৷

২/ কঠীয়া গুণে কিৰিষি৷

এতেকে প্ৰথমতেই স্থানীয়ভাৱে উপলব্ধ ভাল জাতৰ, কম কৃষিকাল(১২০-১৪০ দিনৰ)-ৰ শেহতীয়া শালিধানৰ সঁচ সংগ্ৰহ কৰক৷ তাৰ পিছত পতান বাচি, ৩৬ ঘণ্টা পানীত তিয়াই(বীজ তিয়াওঁতেই ভেঁকুৰ-নাশক মিহলাই শোধন কৰিবলৈ নাপাহৰিব), ২৪ ঘণ্টা গাপ দি গজালি উলিয়াই ল’ব৷

কঠীয়াতলিৰ প্ৰস্তুতিঃ

ইয়েই হ’ল জলেন্দ্ৰ-পদ্ধতিৰ মূল বৈশিষ্ট্য৷ কঠীয়া পেলাবলৈ এটুকুৰা সমান, মুকলি তথা বাম ঠাই নিৰ্বাচন কৰক৷ সেয়া ঘৰৰ পদূলি-চোতাল-চাদ, দিনটোৰ সৰহবেলা ৰ’দ পৰা এখন বাৰাণ্ডা, বেঞ্চ-ডেস্ক-মেজ নাইবা বাৰীৰ এটা চুকো হ’ব পাৰে৷ ঢালাই কৰা চোতাল নাইবা পকী ঘৰৰ চাদ হ’লে আপোনাৰ কাম যথেষ্টখিনি কমিব৷

কঠীয়াখিনি মাটিত পাৰিবলৈ তিনিফুটমান বহল আৰু সুবিধা/প্ৰয়োজন অনুসৰি দীঘলকৈ এটুকুৰা আয়তাকাৰ ক্ষেত্ৰ বন-বাত চিকুণাই ইস্ত্ৰি কৰা কাপোৰৰ দৰে সমান কৰি লওক৷ ইয়াৰ পিছত দীঘে-বহলে এক ইঞ্চিকৈ সীমা সংকুচিত কৰি (যেনে, ৩x১০ ফুটৰ ঠাইত ২ফুট-দহ ইঞ্চি x ৯ ফুট ১০ ইঞ্চি ঠাই), চাৰিওকাষে ফাঁক নৰখাকৈ লাইন কৰি ইটা পাৰি দিয়ক৷ নহ’লে এক/ডেৰ ইঞ্চি উচ্চতাৰ বাঁহৰ চিধা কামি নাইবা বোকামাটিৰে গড় বান্ধি দিলেও হ’ব৷ মাজৰ ঠাইকণ এতিয়া কাঠ বা প্লাষ্টিকৰ পীৰা এখন লুটিয়াই লৈ, লাহে লাহে থেকেচি কঠিন আৰু সমান কৰি লওক৷ পকী মজিয়া হ’লে আপোনাৰ এইখিনি সময় আৰু শ্ৰম লাঘৱ হ’ব৷

এতিয়া ইয়াৰ ওপৰত বজাৰত উপলব্ধ পলিথিন কাপোৰ এখন পাৰি লওক৷ সাধাৰণতে পকীঘৰৰ চাদ ঢালাইত ব্যৱহাৰ হোৱা এনেকুৱা পলিথিন কাপোৰবোৰ তিনিফুট পান্নাৰ ঠানত দুজাপকৈ মেৰিয়াই থোৱা হয়৷ তাৰে এজাপ নিজৰ প্ৰয়োজন অনুসৰি দীঘলকৈ কাটি উলিয়াই ল’ব৷

পলিথিনখন পাৰি দিওঁতে চাৰিওকাষৰ ইটাৰ টুকুৰা বা মাটিৰ গড়ত ভেজা দি এক ইঞ্চিকৈ অংশ যাতে উলম্বভাৱে দাং খাই থাকে তালৈ মন কৰিব৷

এতিয়া ইয়াৰ ওপৰত স্থানীয় গৰুৰ শুকান গোবৰৰ গুড়ি এতৰপ পাতলীয়াকৈ ছটিয়াই দিয়ক৷ তাৰ ওপৰত গজালি ওলোৱা কঠীয়াখিনি চাৰি ইঞ্চি ব্যৱধানত পথালিয়ে একোটা পাতলীয়াকৈ লাইন কৰি দি যাওক৷ দুই-এটা বীজ ওপৰা-উপৰি হ’ব; কিন্তু লাইনবোৰ বেছি ডাঠকৈ নিদিব৷ লাইনত বীজখিনি দিওঁতে কঠিন মজিয়াত পৰি ছিটিকি নাযাবলৈকে গোবৰৰ পাতল তৰপটো দিয়াৰ দৰকাৰ আছে৷ এতিয়া বালি, শুকান মাটি আৰু গোবৰৰ গুড়িৰ ১ x ২ x ৭ অনুপাতৰ এটা মিশ্ৰণেৰে ছটিয়াই থোৱা বীজখিনি কমেও এক আঙুল ডাঠকৈ ঢাকি দিয়ক৷ কেৱল গোবৰৰ ঠাইত, যোগাৰ কৰিব পাৰিলে আধাভাগ উৎকৃষ্ট কেঁচুসাৰ মিহলাই ল’ব পাৰিলে বেছি উত্তম৷ মাটি আৰু গোবৰৰ গুড়িখিনি প্ৰথমে মজলীয়া চালনিৰে চালি লৈহে মিহলাব৷

ওপৰৰ আচ্ছাদনটো এতিয়া পূৰ্বৰ দৰেই পীৰা এখন লুটিয়াই লৈ, লাহে লাহে সমভাৱে হেঁচি দিয়ক৷ তাৰ পিছত উপচি নপৰাকৈ কিন্তু গোটেই মিশ্ৰণখিনি ভালকৈ তিতি যোৱাকৈ আৰু ছেদেলি-ভেদেলি নোহোৱাকৈ, জাৰি নাইবা স্প্ৰে’ মেচিনেৰে পানী ছটিয়াওক৷ ইমানতে আপোনাৰ কঠীয়াতলি সাজু হৈ উঠিল বুলি ধৰিব পাৰে৷

বীজতলিখন যদিহে মুকলি ঠাইত পাতিছে, তেন্তে ডাঙৰ বৰষুণত বীজতলিৰ আচ্ছাদন তথা বীজবোৰ যাতে ছেদেলি-ভেদেলি হৈ নপৰে তাৰবাবে চাৰিওফালে এফুট মানৰ আউলা ৰাখি চাৰিফুটমান ওখকৈ এসপ্তাহৰ বাবে বাঁহৰ কামিৰে বেলিৰ পোহৰ সৰকা বগা পলিথিনৰ চালি এখন দিয়ক৷ এসপ্তাহৰ পাছত কঠীয়াবোৰ যথেষ্ট ওখ হ’ব আৰু শিপাবোৰে পৰস্পৰক ভালদৰে মেৰিয়াই ধৰিব৷ তেতিয়া ডাঙৰ বৰষুণেও একো অনিষ্ট কৰিব নোৱাৰে৷ ইয়াৰোপৰি অধিক বাঢ়নৰ বাবে সিহঁতক বেলিৰ পোহৰ বেছিকৈ দৰকাৰ হ’ব, সেয়েহে তেতিয়া ওপৰৰ চালিখন আঁতৰাই দিব৷

কঠীয়া পেলোৱাৰ দুদিনৰপৰা আচ্ছাদন ভেদি গজালিবোৰ সৰু সৰু হালধীয়া গজালৰ লেখিয়াকৈ জোঙা হৈ মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিব৷ সপ্তাহ-দহদিনৰ ভিতৰত কঠীয়াবোৰ পাঁচ-ছয় ইঞ্চিলৈ ওখ হ’ব আৰু শিপাবোৰ পৰস্পৰৰ সৈতে বান্ধ খাই পৰিব৷ সঠিকভাৱে যত্ন ল’ব জানিলে বিশ-পঁচিশ দিনৰ ভিতৰত ইহঁতৰ উচ্চতা আঠ ইঞ্চিৰপৰা এফুটলৈকে বৃদ্ধি পাব আৰু ৰোপণৰ বাবে উপযুক্ত হ’ব৷

আলপৈচানঃ

কঠীয়া পেলোৱাৰ দিন ধৰি পাঁচ-ছয় দিনলৈ ওপৰৰ আচ্ছাদনটো ছেদেলি-ভেদেলি নোহোৱাকৈ স্প্ৰে’ মেচিনেৰে নাইবা হাত জোকাৰি আঙুলিৰ ফাঁকেৰে পাতলীয়াকৈ পানীৰ যোগান ধৰিব৷ ৰ’দ বেছি হ’লে প্ৰয়োজন সাপেক্ষে দিনত তিনি-চাৰি বাৰলৈ পাতলীয়া পানীৰ যোগান ধৰিব৷ মুঠতে ওপৰত, ওপৰৰ চামনিটো শুকাই যাবলৈ নিদিব৷ এই কেইদিনত কোনো কোনো ঠাইত কঠীয়াৰ আগবোৰত সাৰ-মাটিৰ মিশ্ৰণৰ কিছু অংশ উঠি আহিব পাৰে৷ তেনে ক্ষেত্ৰত আঙুলিৰে টুকুৰিয়াই নাইবা সৰু কাঠী এডালেৰে লাহেকৈ খুচি খুচি সেইবোৰ তললৈ সৰাই দিব৷ পাঁচ-ছয় দিনৰ পিছৰপৰা কঠীয়া ডৰাত জাৰিৰে পোনে পোনে পানী ঢালিব পাৰিব৷ ওপৰত উল্লেখ কৰাৰ দৰে যথা সময়ত ওপৰৰ চালিখন গুচাই দিব৷

এসপ্তাহৰপৰা পোন্ধৰ দিনলৈ পুৱা-গধূলি কঠীয়াতলিত চপচপীয়াকৈ পানী ভৰাই ৰাখিব৷ এই সময়ত ইহঁতৰ পানী-শোহন ক্ষমতা বহুত বাঢ়ি যায়৷ দহৰপৰা বাৰ দিনৰ ভিতৰত পানী দিয়াৰ পূৰ্বে পুৱাবেলা কেঁচুসাৰ নাইবা স্থানীয় গৰুৰ গোবৰৰ গুড়ি চালনিৰে চালি এবাৰ পাতলীয়াকৈ এতৰপ ছটিয়াই(টপ্ ড্ৰেচিং) দিব৷

পোন্ধৰৰপৰা বিশদিনলৈ কঠীয়া ডৰাক মুকলি পথাৰৰ প্ৰতিকুল পৰিস্থিতিৰ বাবে সাজু(প্ৰশিক্ষিত! ) কৰিব লাগিব৷ এতিয়াৰপৰা পানী-যোগান সচেতনভাৱ নিয়ন্ত্ৰণ কৰিক৷ পুৱাবেলা এনেকুৱা হিচাপত পানী দিব যাতে পিছবেলালৈ পানীৰ অভাৱত কঠীয়া অলপীয়াকৈ জঁই পৰি যায়৷

পিছবেলালৈ জঁই পৰি যোৱা কঠীয়াখিনিৰ ওপৰত হাতেৰে ছটিয়াই এৰাধৰাকৈ অলপ অলপকৈ পানী দিব, যেতিয়ালৈ কঠীয়াখিনি ঠন ধৰি নুঠে৷ এই অৱস্থাত পানী চপচপীয়াকৈ ধৰি নাৰাখিব৷ এনেকৈ চাৰি-পাঁচদিনৰ কঠোৰ প্ৰশিক্ষণৰ পিছত কঠীয়াবোৰ ভৱিষ্যতে পথাৰৰ যিকোনো প্ৰতিকুল পৰিস্থিতিৰ বাবে সাজু হৈ উঠিব৷ ৰোপণলৈকে পৰৱৰ্তী চাৰি-পাঁচদিনলৈ কঠীয়াবোৰ জঁই পৰিব নলগীয়াকৈ নিয়মীয়া পানীৰ যোগান ধৰিব৷

এইখিনি অৱশ্যপালনীয় যত্নৰ বাহিৰে কীট-পতঙ্গৰপৰা ৰক্ষা কৰিবলৈ অন্য যিকোনো কঠীয়াৰ দৰেই যাৱতীয় ব্যৱস্থা লওক৷

কঠীয়া তোলাঃ

সৰ্বোচ্চ উৎপাদন পাবলৈ ৰোবৰ বাবে বিশ-পঁচিশ দিনীয়া কঠীয়া তুলিব৷ কঠীয়া তোলাৰ আধা ঘণ্টাৰ পূৰ্বে তলীখনত যিমান ধৰে সিমানলৈ পানী ভৰাই থওক৷ তাৰ পিছত কোৰেৰে কটা বনৰ চপৰা একোটাৰ সমানকৈ কঠীয়াবোৰ দুয়ো হাতেৰে আলসুৱাকৈ টানি টানি চটাচটে এৰুৱাওক৷ এতিয়া বহল মুখৰ অগভীৰ গামলা নাইবা ডাঙৰ চৰিয়া এটাত চাৰি-পাঁচ ইঞ্চি গভীৰতাৰ পানী লওক৷ কঠীয়াৰ চটাবোৰ তাতে ডুবাই লৈ, শিপা নিছিগাকৈ হাতেৰে আলসুৱাকৈ টানি টানি এটা এটাকৈ কঠীয়াবোৰ পৃথক কৰক৷ অন্য এটা শুকানকৈ ৰখা চৰিয়া বা গামলাত পৃথক কৰা কঠীয়াবোৰ একমুঠে থিয় কৰি ৰাখি থ’ব৷

জলেন্দ্ৰ কঠীয়াৰ বৈশিষ্ট্য:

সুস্বাস্থ্য, শিপাৰ অসাধাৰণ দৈৰ্ঘ্য আৰু উচ্চ কাৰ্যক্ষমতা, সামান্যতম ৰোপণ-আঘাত হেতু অসাধাৰণ সামগ্ৰিক কাৰ্যক্ষমতা(অধিক উৎপাদন, চমু কৃষিকাল) জলেন্দ্ৰ কঠীয়াৰ অন্যতম বৈশিষ্ট্য৷

মাটিত সিঁচা কঠীয়া উভালোঁতে শিপাবোৰ আধাআধি ছিগি যায়৷ তদুপৰি বোকামাটি গুচাবলৈ ভৰিত কোব মাৰোঁতে কিছুমান কঠীয়াৰ কঁকালেই ভাগি যায়৷ তাৰ পিছত টনা-আঁজুৰা কৰি মুঠা বান্ধি, বিৰিয়াত খুঁচি লৈ যোৱালৈকে কঠীয়াখিনিয়ে অশেষ যন্ত্ৰণা ভুগিবলগীয়া হয়৷ সেইবাবেই তেনে কঠীয়া পথাৰত ৰোৱাৰ পাছত বতৰ সাপেক্ষে কমেও এসপ্তাহৰপৰা বিশ-পঁচিশ দিনলৈকে ঠেৰেঙা লাগি, পাতবোৰ হালধীয়া-ৰঙচুৱা পৰি যায়; এক অৰ্থত ক’মা(Coma) পৰ্যায়লৈ গুচি যায়৷ তাৰ পাছত বহু দিনৰ মূৰতহে ইহঁত ঠন ধৰি বাঢ়িবলৈ ধৰে৷

কিন্তু ৰোপণ-আঘাতৰপৰা প্ৰায় মুক্ত জলেন্দ্ৰ কঠীয়া পথাৰত জঁই পৰি নাযায়; ৰঙা-হালধীয়া হোৱাৰতো কথাই নাই৷ পথাৰত ৰোপণৰ দুই-তিনি দিনৰ ভিতৰতে থিতাপি লাগি ইহঁত নিয়মীয়া গতিত বাঢ়িবলৈ ধৰে৷ ইয়াৰ ফলত জলেন্দ্ৰ কঠীয়াই ধানৰ কৃষিকাল যথেষ্ট পৰিমাণে চমুৱাই আনিব পাৰে৷ জলেন্দ্ৰ কঠীয়া ব্যৱহাৰ কৰি এই অভাজনে নিজেই ১৫০-১৫৫ দিনীয়া ৰঞ্জিত ধান প্ৰায় এমাহ পূৰ্বে, অৰ্থাৎ ১২৫-১৩০ দিনত চপাবলৈ সক্ষম হৈছোঁ৷ ই হ’ল জলেন্দ্ৰ পদ্ধতিৰ অন্যতম উল্লেখযোগ্য লাভজনক দিশ৷ নিয়মীয়া সময়তকৈ এমাহ পূৰ্বে খেতি চপাব পৰাটো কিমান গুৰুত্বপূৰ্ণ কথা সেয়া হাড়ভঙা শ্ৰম কৰা কৃষকেহে বুজিব৷

ৰোপণ পদ্ধতিঃ

জলেন্দ্ৰ পদ্ধতিৰে প্ৰস্তুত কৰা অতি উচ্চ মান-বিশিষ্ট কঠীয়াৰপৰা সৰ্বোৎকৃষ্ট ফল পাবলৈ হ’লে ৰোপণৰ ক্ষেত্ৰত শ্ৰী(SRI; System of Rice Intensification) পদ্ধতি অৱলম্বন কৰাটো বাঞ্ছনীয়৷ সেই অনুসাৰে পথাৰ প্ৰস্তত কৰাৰ পিছত এফুটৰ ব্যৱধানত মাত্ৰ এডালকৈ কঠীয়া ৰোব লাগে৷ তেনেকৈ হ’লে প্ৰতিবিঘা মাটিত ৰোৱনি কৰিবলৈ মাত্ৰ ৩০০ গ্ৰামমানকৈ পতান-বচা বীজেই যথেষ্ট৷

জলেন্দ্ৰ আৰু শ্ৰীৰ সমন্বয়ে মণি-কাঞ্চন সংযোগ ঘটায়; সোণত সুৱগা চৰায়৷ দুয়োটাৰে সমন্বিত ৰূপটোক “জলশ্ৰী“ নাম দিব পাৰি নেকি তাকো ভাবি চাব পাৰি৷

বীজৰ পৰিমাণৰ অংকটো এনে ধৰণৰ৷ প্ৰতিবিঘা মাটিৰ কালি ১৪৪০০ বৰ্গফুট৷ তাৰে আলি অংশৰ মুঠ কালি ৬০০ বৰ্গফুট বুলি ধৰিলে বিঘাই প্ৰতি শ্ৰী পদ্ধতিত ৰোৱা কঠীয়াৰ সংখ্যা হ’ব প্ৰায় ১৩৮০০ টা৷ আনহাতে পতান বচা আইজঙৰ প্ৰতি ১০০ গ্ৰাম বীজৰ সংখ্যা প্ৰায় ৪৬০০ টা৷ তিনিশ গ্ৰাম ধানত বীজ থাকিব(৪৬০০x৩)১৩৮০০ টা৷ অৰ্থাৎ, এবিঘা মাটিত শ্ৰী পদ্ধতিৰে ৰোৱনি কৰিবলৈ বীজ লাগিব মাত্ৰ তিনিশ গ্ৰাম৷

সচৰাচৰ পৰম্পৰাগত পদ্ধতিত বিঘাই প্ৰতি ৫-৮ কেজি কঠীয়া সিঁচা সাধাৰণ কৃষক এনে অবিশ্বাস্য হিচাপত আশ্বস্ত হ’ব নোৱাৰিলে বিঘাই প্ৰতি ৪০০ নাইবা সৰ্বোচ্চ ৫০০ গ্ৰাম কঠীয়া পেলাব পাৰে৷ তাৰ অধিক হ’লে সেয়া হ’ব কেৱল অপচয়৷

এনেকৈ বান-পীড়িত সৰ্বস্বান্ত কৃষকে ঢৌতে খৰ মাৰি, কম সময়ত, কম কষ্টত, কম খৰচত অধিক উৎপাদনক্ষম উচ্চ মান-বিশিষ্ট জলেন্দ্ৰ পদ্ধতিৰ আধাৰত ছল চাই কঠীয়া পাৰি এইবাৰৰ বান-বৈতৰণী সুকলমে পাৰ হ’ব পাৰিব বুলি বিশ্বাস আছে৷ জলেন্দ্ৰ কঠীয়াৰে ভালকৈ এবাৰ খেতি কৰাৰ পাছত, এজন অনুভৱী কৃষকে পৰম্পৰাগত পদ্ধতিলৈ যে পুনৰ উভতি নাযাব সেয়াও নিশ্চিত৷ বৰ্তমানৰ বিষম পৰিস্থিতিত “মোৰ আপোনাৰ দেশ“-ৰ বন্যাৰ্ত দৰিদ্ৰ কৃষকৰ দহটাও পৰিয়ালে যদি জলেন্দ্ৰ পদ্ধতিৰ দ্বাৰা উদ্ধাৰ পায়, তেন্তে অভাজনৰ শ্ৰম সাৰ্থক হ’ব৷

বিগত এক দশকতকৈ অধিক কালজুৰি নীৰৱে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই এতিয়ালৈ এইটো পৰ্যায়ত উপনীত হৈছোঁ৷ পৰৱৰ্তী পৰ্যায়ত ৰোপণ আঘাতৰপৰা জলেন্দ্ৰ কঠীয়াক চিৰমুক্তি দিয়াৰ বাবেও চেষ্টা চলাই থকা হৈছে৷

নিজে এজন কৃষিভূমিহীন কৃষক হোৱাৰ হেতু পৰীক্ষা-নিৰীক্ষাবোৰ এতিয়ালৈ ক্ষুদ্ৰ পৰ্যায়তহে সমাপণ কৰি সুফল পাইছোঁ৷ পথাৰ পৰ্যায়ত বহল ভিত্তিত পৰীক্ষা কৰিবলৈ সুবিধা নাই পোৱা যদিও “জুহালত গঢ়িলে কমাৰশালতো গঢ়িব পাৰি“ কথাষাৰ সাৰোগত কৰি বান-পীড়িত কৃষক উপকৃত হ’ব বুলি বিশ্বাস ৰাখি, জলেন্দ্ৰ পদ্ধতিক ৰাইজৰ সেৱাৰ বাবে আগবঢ়ালোঁ৷

☆ ★ ☆

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

সঁচাই গ্রহনযোগ্য পদ্ধতি৷