বান বিধ্বস্ত অঞ্চলৰ কৃষি: চন্দ্ৰ কমল চেতিয়া

নদীয়ে একো একোটি সভ্যতা‌ক‌ গঢ় দিয়ে৷ কৃষি বাণিজ্য, অৰ্থনীতি এই সকলোবোৰ নদী গতি আৰু প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়‌৷ অসমো এখন নদীকেন্দ্ৰিক ৰাজ্য‌৷ অসম উপত্যকাৰ কৃষিকেন্দ্ৰিক অৰ্থনীতিও নদীৰ নিয়ন্ত্ৰণাধীন‌৷ বানপানী অসমীয়া ৰাইজৰ বাবে ন-কথা নহয়‌৷ নদীকেন্দ্ৰিক ৰাজ্য অসমৰ কৃষিভূমিক ন-পানীৰ ঢলে যুগে যুগে ধুৱাই আহিছে‌৷ এনেবোৰ প্ৰাকৃতিক দুৰ্যোগকো হেলাৰঙে নেওচি অসমীয়া ৰাইজে নিজৰ জীৱন যুদ্ধ‌ চলাই গৈছে৷ বাঢ়নী পানীৰ লগত সহাৱস্থান কৰি অ-নমনীয় স্থিতিৰে নিজকে জীয়াই ৰখাৰ অসমীয়া জাতিৰ প্ৰয়াস তাহানি দিনৰ এফাঁকি বিহুনামত বৰ সুন্দৰকৈ ফুটি উঠিছে-

এইবেলি আহু ধান ‌ পানীয়ে মাৰিলে

আৰুবেলি আহুধান পাম‌৷

ম’হৰ শিঙৰ পেঁপাটি বনকিয়াই আনিছো

তোৰে শপত বিহুলৈ যাম‌৷ ৷

পিছে আজিৰ অসমৰ প্ৰেক্ষাপটত বানপানী ত্ৰাসৰে অন্য এটা না‌ম‌৷ তাহানিতে লুইতৰ বুকু ভৰি উঠা বাঢ়নী পানীয়ে কৃষিভূমিলৈ কঢ়িয়াই আনিছিল সাৰুৱা পলস‌৷ এনে পানীয়ে কৃষক ৰাইজৰ পৰা কাঢ়ি নিয়ে যিমান তাৰ বিনিময়ত হেজাৰগুণ অধিক ক্ষতিপূৰণ‌ দি যায়৷ উৰ্বৰ পলসুৱা পথাৰত সিঁচি দিলেই ঠন ধৰি লহপহীয়া সেউজীয়া শইচ‌ হৈ উঠে৷ দুৰ্ভাগ্যজনক কথাটো হ’ল বৰ্তমান লুইত আৰু ইয়াৰ উপনৈসমূহে শুকান নীৰস বালিহে বুকত বহন কৰে‌৷ এবাৰ পানী উঠাৰ লগে লগে কৃষকৰ হেজাৰ হাজাৰ কৃষিভূমি নীৰস বালিৰ স্তুপৰ তলত পোত খাই পৰে৷ এই মৰুসদৃশ বালিৰ চামনিবোৰ কৃষক ৰাইজৰ বাবে মাৰাত্মকভাৱে অপকাৰী‌৷ এবাৰ এনেকৈ বালিৰ চামনি পৰা পথাৰ বহু বছৰলৈ ধানখেতিৰ বাবে অনুপযোগী হৈ পৰে‌৷ লুইতৰ উত্তৰ পাৰত আজি এই সমস্যাই এক জ্বলন্ত ৰূপ ধাৰণ কৰিছে‌৷ ফলত বানপানী শুকুৱাৰ পাছতো অসমৰ কৃষক ৰাইজে মূৰে-কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে‌৷ ইয়াৰ লগতে অসমীয়া ৰাইজৰ বাবে আন এটা ভয়ংকৰ সমস্যা হ’ল গৰাখহনীয়াৰ সমস্যা‌৷ বানপানী অহাৰ লগে লগে নদীৰ বুকত জাহ যায় বহু হাজাৰ হেক্টৰ কৃষিভূমি‌৷ আজি অসমৰ সৰ্বত্ৰ এই সমস্যাই অসমীয়া ৰাইজক জুৰুলা কৰি পেলাইছে‌৷  

বানপানী সমস্যাই আজি অসমত কালৰূপ ধৰাৰ কাৰণ কি আমি যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ’লে দেখা যাব যে এই সমস্যাৰ বাবে দায়ী অসমৰ প্ৰকৃতি নহয়, ইয়াৰ বাবে দায়ী আমি নিজে‌৷ যি পথেৰে নদীৰ বাঢ়নী পানী প্ৰৱাহিত হৈছিল সেই পথতে তাক ভেটা দি মথাউৰি নিৰ্মাণ, ৰে’লপথ নিৰ্মাণ কৰা হ’ল‌৷ ফলত উথলি উঠা নদীৰ গতিয়ে অন্যফালে নিজৰ হেঁচা প্ৰয়োগ কৰিব ধৰিলে‌৷ লগে লগে সৃষ্টি হ’ল গৰাখহনীয়াৰ‌৷ ইয়াৰ উপৰি, এইদৰে নদীক ভেটি পেলোৱাৰ ফলত এবাৰ যদি পানী সেই অঞ্চলত প্ৰৱেশ কৰে তেন্তে সেই পানী অতি সোনকালে ওলাই যাব নোৱাৰে‌৷ তাৰ বাবে ৰোৱতী পথাৰৰ শইচ পানীৰ তলতে মৰিব লগা অৱস্থাৰ সৃষ্টি হয়‌৷

বানপানীৰ তাণ্ডৱৰ আন এক মূল কাৰণ হ’ল নদীৰ গভীৰতা হ্ৰাস‌৷ ভূ কম্পন, কৃত্ৰিম বান্ধৰ যোগেদি সেতু নিৰ্মাণ আদি বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত নদীৰ বুকু বাম হৈ পৰে‌৷ সাম্প্ৰতিক সময়ত অসমৰ আয়ুসৰেখাস্বৰূপ বৰ লুইতৰ বুকুতো এই সমস্যাই দেখা দিছে‌৷ ফলত লুইতৰ বুকুত জল-বহন ক্ষমতা দিনক দিনে হ্ৰাস পাব ধৰিছে‌৷ দিহিঙকে আদিকৰি উপনৈসমূহৰো একেই অৱস্থা‌৷ অলপ পানীতেই নদীসমূহ ওফন্দি উঠি দুয়োকূল বুৰাই পেলায়‌৷ বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা কৃত্ৰিম বান্ধসমূহেও অসমৰ বান পৰিস্থিত অধিক জটিল কৰি তুলিছে‌৷ চীনৰ আৰু ভূটানৰ জলবিদ্যুৎ প্ৰকল্পই অসমৰ বানপৰিস্থিতিত যোগোৱা অৰিহণাৰ কথা আমাৰ সকলোৰে জ্ঞাত‌৷ এনে এক জটিল পৰিস্থিতিৰ পাছতো চৰকাৰী পক্ষই নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চলাই অহা কাৰ্যপন্থা অবিজ্ঞানসন্মতেই নহয়, ই অসমৰ জনজীৱনৰ পৰিপন্থীও‌৷

সাম্প্ৰতিকভাৱে অৰুণাচল প্ৰদেশৰ বুকুত নিৰ্মাণ কৰিব বিচৰা প্ৰস্তাৱিত নদীবান্ধটোৱেও অসমৰ প্ৰতি চৰম ভাবুকি হৈ ঠিয় দিছে‌৷ এই বান্ধসমূহ কাৰ্যকৰী হ’লে অসমৰ বান পৰিস্থিতিয়ে আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব‌৷  বানে ঢাঁহি-মুহি নিয়া খেতিপথাৰলৈ চাই মূৰে-কপালে হাত দিয়াৰ বাহিৰে অসমীয়া কৃষকৰ হাতত আন একো উপায় নাই‌৷ কৃষিভূমিৰ এনে অ-সুৰক্ষিত ৰূপে স্বাভাৱিকতেই কৃষক ৰাইজৰ অৰ্থনৈতিক অৱস্থাত এক বিৰূপ প্ৰভাৱ পেলাইছে৷  পুৰণি মাটি এৰি নতুনকৈ মাটি ভাঙিবলৈও আজি উপযুক্ত মুক্ত ভূমিৰ অভাৱ‌৷

এতেকে ৰাইজে বান-গৰাখহনীয়াক ভাগ্যৰ বিড়ম্বনা বুলি সান্ত্বনা লভিব লগা হৈছে‌৷ চৰকাৰীভাৱে লাভ কৰা ক্ষতিপূৰণৰ ধনো তেনেই যৎসামান্য হোৱাৰ বাবে এনে ক্ষতিপূৰণ কাৰ্যতঃ এপাচি শাকত এটা জলকীয়াৰ দৰেহে হয়গৈ‌৷  কিন্তু এই মুহূৰ্তত বান-পীড়িত কৃষকৰ পৰিত্ৰাণৰ উপায় এটাই, সেয়া হ’ল সময়োপযোগীভাৱে পৰিৱেশ পৰিস্থিতৰ লগত খাপ খোৱাকৈ কৃষিকাৰ্যৰ সাল-সলনি ঘটোৱা‌৷ নৈপৰীয়া মুকলি বকৰা মাটিত অসমীয়া ৰাইজে চোম আৰু মেজাংকৰি গছৰ পুলি ৰোপন কৰক‌৷  কাৰণ কিছু পৰিমাণে ওখ হোৱাৰ পাছত এই গছকেইবিধৰ গুৰিটো দীৰ্ঘসময় ধৰি

পানীত বুৰ গৈ থাকিলেও ই একেবাৰে মৰি নাযায়‌৷ গছবোৰ পৈণত হোৱাৰ পাছত ৰাইজে এই গছবোৰত বৰমুগা পালন কৰি অসমৰ কৃষিমুখী অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব পাৰে‌৷ সাম্প্ৰতিক সময়ত মুগা কাপোৰৰ চাহিদা সমগ্ৰ বিশ্বতে বিদ্যমান‌৷ এনে বৃক্ষৰোপন সম্পূৰ্ণ পৰিকল্পিতভাৱে একোখন গাঁৱে সমূহীয়া ভাৱেও কৰিব পাৰে‌৷ এই গছ-গছনিসমূহে কালক্ৰমত নদীৰ গৰাখহনীয়াও বহু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হ’ব‌৷ ধান খেতিৰ ক্ষেত্ৰত কৃষিপ্ৰধান জলমগ্ন অঞ্চলৰ উপযোগী হোৱাকৈ বিভিন্ন প্ৰজাতিৰ বাওধান কৃষকে ব্যৱহাৰ কৰিব পাৰে‌৷

অত্যধিক বানাক্ৰান্ত ৰাইজে খৰালি ‘চল চাই কঠিয়া পাৰি’ বড়ো ধানৰ খেতি অথবা আহু ধানৰ খেতি কৰি সচ্ছল অৱস্থাপ্ৰাপ্ত হ’ব পাৰে‌৷ অৱশ্যে এই বামখেতিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা অতিকে প্ৰয়োজনীয়‌৷ এইক্ষেত্ৰত কৃষক ৰাইজক চৰকাৰীভাৱে বিশেষভাৱে সহায় কৰা হয়৷ ইতিমধ্যে নগাঁও, মৰিগাঁও,  ধুবুৰী আদি অঞ্চলত চৰকাৰী সাহায্যৰে ৰাইজে বড়োধানৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভান্বিত হোৱা দেখা গৈছে‌৷ আনহাতে বানৰ কৱলত পৰি বালিৰে পৰিপূৰ্ণ হৈ ধানখেতিৰ বাবে অনুপযুক্ত হৈ পৰা কৃষিভূমিৰ বাবে গ্ৰহণযোগ্য অন্যতম লাভজনক খেতিটো হ’ল কুঁহিয়াৰ খেতি‌৷ ভালেমান কুঁহিয়াৰৰ সঁচ আছে যিবোৰ বালিময় অঞ্চলতো অতি সুন্দৰকৈ উৎপাদিত হয়‌৷ কুঁহিয়াৰ খেতিয়ে বালিময় অনাবাদী কৃষিভূমিৰ গৰাকীক যথেষ্টপৰিমাণে অৰ্থনৈতিক দিশত সকাহ দিব পাৰে‌৷ লগতে বাদাম খেতি আৰু মৰাপাটৰ খেতিয়েও কৃষক ৰাইজক বিশেষভাৱে উপকৃত কৰিব‌৷ এতেকে কৌটিকলীয়া কৃষি পৰম্পৰাকে খামোচ মাৰি ধৰি নাথাকি প্ৰতিকূল পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব পাৰিলেহে অসমীয়া ৰাইজে নিজকে জীয়াই ৰাখিব পাৰিব‌৷ এনেবোৰ কৃষিৰ পদ্ধতিগত ৰূপায়ণৰ ক্ষেত্ৰত উচিত দিহা-পৰামৰ্শ তথা সহায়ৰ বাবে কৃষিমন্ত্ৰালয়ৰ উপৰিও কৃষি বিশ্ববিদ্যালয় আৰু অসমৰ ভালেকেইটি স্বেচ্ছাসেৱী সংগঠনে বিভিন্নধৰণে সহযোগিতা আগবঢ়াই আহিছে‌৷  এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন ‘কৃষকবন্ধু মোমাই তামুলী’ গোটৰ বিভিন্ন কৰ্মসূচীৰ দ্বাৰা অসমৰ কৃষক ৰাইজ কিছু পৰিমাণে হ’লেও উপকৃত হৈছে‌৷ এই সংগঠনটিয়ে কৃষিৰ লগতে পশুধনৰ বিষয়েও ৰাইজৰ মাজত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে‌৷

এতেকে অসমীয়া কৃষক ৰাইজে বানপানীক অসম উপত্যকাৰ অভিশাপ বুলি ভাবি হতাশ হৈ হাত সাৱটি বহি নাথাকি পৰিৱেশ-পৰিস্থিতিৰ লগত খাপ খুৱাই নিজকে আগুৱাই নিয়াৰ সময় সমাগত‌৷ অনথা বানপীড়িত কৃষক ৰাইজৰ চকুলো শোকগাঁথা হৈ বৰলুইতৰ বুকুত চিৰদিনলৈ নিঃশেষ হৈ যাব‌৷

☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক