বান সাহায্য – সুকুমাৰ


বানপানী বুলিলেই অসমৰ প্ৰতিজন মানুহৰ মনলৈ প্ৰথমতে অহা দুখন জিলাৰ নাম হ’ল- লখিমপুৰ আৰু ধেমাজি । পিছে সেই দুয়োখন জিলাত বানপানী যে কিছু কিছু ঠাইতেহে হয় সেয়া বেছিভাগ মানুহেই নাজানে । ভাল কথা যে সেই দুয়োখন জিলাতে এইবছৰ এতিয়ালৈকে আগৰ বছৰবোৰৰ নিচিনা বিস্তৃত পৰিসৰৰ বিধ্বংসী বানপানী হোৱা নাই । অন্ততঃ নামনি অসমৰ তুলনাত যথেষ্ট ভাল বুলিহে ক’ব লাগিব । তথাপিও নেৰা-নেপেৰা বৰষুণ আৰু বান্ধৰ পানী খুলি দিয়াৰ ফলত ৰঙানদীৰ আশে-পাশে থকা বহু গাঁও আৰু সোমদিৰী, সোৱণশিৰী আদি নদীৰ কাষত থকা মানুহবোৰৰ ঘৰ এক সপ্তাহৰো অধিক সময় পানীৰ তলত থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল । বানপানীৰ বিভীষিকা অকল ভুক্তভোগী জনেহে উপলব্ধি কৰিব পাৰে । আমি মাথোঁ ইয়াক অনুভৱ কৰাৰ চেষ্টা কৰিব পাৰো আৰু এনে অনুভৱে কিবা এটা কৰাৰ বাবে মোক প্ৰেৰণা দিলে । কথা নহয়, কামত লাগি গ’লো । স্ব-ইচ্ছাই বহু মানুহ ওলাই আহিল । সাহস বাঢ়িল । পাৰিম । কিবা এটা কৰিব পাৰিম । হয়, আমি বানপানী নাইকিয়া কৰিব নোৱাৰো । সৰু মানুহ । পিছে বিপদৰ সময়ত এষাৰ মাত । সেয়াও জানো কম প্ৰাপ্তি নহয় ! টাউনৰ মাজ মজিয়াত স্থাপন কৰিলোঁ এটা বান সাহায্য সংগ্ৰহ অভিযানৰ শিবিৰ । চান্দা সংস্কৃতিৰ আমি ঘোৰ বিৰোধী, সেয়ে কাৰো ওচৰত হাত পাতিবলৈ যোৱাৰ প্ৰশ্নই নুঠে । প্ৰকৃত অৰ্থত দান-বৰঙণিৰ প্ৰয়োজন আছিল আমাক । প্ৰথম দিন । শিবিৰৰ সন্মুখত আমি সকলো থিয় হৈ আছোঁ । লাহে লাহে মানুহবোৰে আমাক আঁকোৱালি লৈছিল । বিশ্বাসত স্ব-ইচ্ছাৰে আগবঢ়াইছিল অনুদান । আমি সুখী হৈছিলোঁ । দ্বিতীয় দিনাও একেই পৰিবেশ । তৃতীয় দিনা ৰাইজৰ সমৰ্থন আছিল অভূতপূৰ্ব । অভিভূত হৈছিলোঁ । সমালোচনাবোৰক জয় কৰাৰ সাহস পাইছিলোঁ । আমাৰ সদস্যসকলৰ ইচ্ছা আৰু উদ্যমেও সাহসৰ জোৱাৰ তুলিছিল । মনত এটাই ভাব । আমি জিকিব লাগিব । কৰিব লাগিব । গুণগুনাইছিলোঁ “মানুহে মানুহৰ বাবে যদিহে……” ।
তিনিদিনত মন কৰিছিলোঁ । প্ৰেৰণা দিয়া মানুহবোৰ । আমাক দেখি দূৰতে বাট সলোৱা চিনাকি মানুহবোৰ । নেদেখা ভাও জুৰি পাৰ হৈ যোৱা মানুহবোৰ । আমাৰ কাৰো প্ৰতি অভিযোগ নাই, আপত্তি নাই । মাথোঁ ক’ম যে, ধনী আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীক প্রতিনিধিত্ব কৰা মানুহবোৰ একেই আছে । বানপীড়িতৰ দুখ বুজিব নোৱাৰে । কথা বহুত । পৰামৰ্শ বহুত । কামত শূন্য । পইচাৰ হিচাপত অনবৰত ব্যস্ত থকা এইচাম মানুহৰ(?) লগত চিনাকি হোৱা বহুদিনেই হ’ল যদিও এইবাৰ ভালকৈ অনুভৱ কৰিলোঁ যে, মধ্যবিত্ত আৰু দৰিদ্ৰ মানুহখিনিহে আমাৰ সমাজখন সুন্দৰ কৰি ৰাখিছে । জীয়াই ৰাখিছে মানৱীয়তা । ডাঙৰ মানুহবোৰৰ ডাঙৰ ডাঙৰ চিন্তা । সৰু মানুহ মৰিলেও হিচাপ, জীয়াই থাকিলেও হিচাপ । মুঠতে হিচাপ, হিচাপ…..লাভ-লোকচানৰ হিচাপ । চাববাছ । কিছু বন্ধুবৰ্গক এইচাম মানুহৰ মাজত আৱিস্কাৰ কৰিবলৈ সক্ষম হোৱাটো আছিল মোৰ এই অভিযানৰ অন্যতম প্ৰাপ্তি ।
একে একে মিলি দুই হয় । দুয়ে দুয়ে চাৰি….। এনেদৰে আৰম্ভ হোৱা এই যাত্ৰাৰ অভিজ্ঞতা আছিল অতি সুন্দৰ । নিজৰ হাত খৰছৰ বাবে মাক-দেউতাকে দিয়া দহটা টকা আগবঢ়াই দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ হাতবোৰত লিখা আছে আমাৰ সমাজৰ ভৱিষ্যত । মানৱতাৰ চকীদাৰ হ’ব তেওঁলোক । জীয়াই ৰাখিব । নিৰাশাৰ বিপৰীতে আস্থাৰ গান…..। দিনৰ দিনটো হাজিৰা কৰি পোৱা দুটা টকাৰ এটা আগবঢ়াই দিছে আমালৈ । এনে দৃশ্যই অবাক কৰে মোক । সৰু কৰে মোক । আমাক । এনে মানুহৰ দান-বৰঙণিৰ এটা টকাও অথলে যাবলৈ দিয়া নহ’ব । মনতে প্ৰতিজ্ঞা কৰিছিলোঁ……‌
কাম এটা কৰিবলৈ যাওঁতে শত্ৰুৰ অভাৱ নাই । ভালকৈ বুজি উঠিছিলোঁ । বিশেষকৈ ভাল কিবা এটা কৰিবলৈ গ’লে ওজৰ-আপত্তি কৰা মানুহৰ অভাৱ নাই । মানৱতাৰ নামত দালালী কৰা সুবিধাবাদীবোৰৰ কথা নকলোৱে যেনিবা । সেউজীয়া লখিমপুৰ আমাৰ সপোন গোটৰ সহায়-সহযোগিতাত এনে কিছু চাপক আমি জয় কৰিবলৈ সক্ষম হৈছিলোঁ । এই ক্ষেত্ৰত বিশেষভাবে উদ্যোগ লোৱা বাবে ভাইটি ৰাজা গগৈক ধন্যবাদ জনালোঁ । তেওঁলোকৰ সহায়-সহযোগ অবিহনে এই যাত্রাৰ বাট হয়তো আৰু কষ্টকৰ হ’ল হয় । গতিকে, আমাৰ সফলতাৰ কৃতিত্ব তেওঁলোকেও নিশ্চয় দাবী কৰিব পাৰে । বিতৰণৰ আগতে বস্তুবোৰৰ পেকিং কৰিবলৈ আমাৰ ঘৰখনকেই নিৰ্বাচন কৰা হ’ল । যথেষ্ট বস্তু সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ বাবে আমি দুখন ঠাইত সংগ্ৰহীত বান সাহায্য প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল । প্ৰথমখন ঠিক কৰা হৈছিল ঘাগৰ ঘাটৰ ওচৰৰ এখন ঠাই । ১ নং কুঁহিমাৰী । বিতৰণৰ এদিন আগতে ঠাইখনলৈ গৈ গাওঁবুঢ়াৰ লগত মিলিত হ’লো । গাঁওখনৰ মানুহবোৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আভাষ লোৱা হ’ল । যিহেতু একেৰাহে বহু দিন বৰষুণ দিয়াৰ পাছত ৰ’দ ওলাইছিল, সেয়ে পানী শুকাইছিল । সোৱণশিৰি নদীৰ পানী । নদী শুকালে ওচৰৰ ঠাইবোৰৰ পানীও শুকায় । ভেঁটিবোৰ ওলাইছিল । মানুহবোৰ ঘৰলৈ যাব পৰা হৈছিল । গাওঁবুঢ়া আৰু আশা কৰ্মীৰ লগত হোৱা কথা-বতৰাৰ পৰা অঞ্চলটোৰ ল’ৰা-ছোৱালীৰ কিতাপ-বহীৰ সমস্যা, ছোৱালী-মহিলাৰ বাবে চেনিটেৰী নেপকিনৰ অভাৱ, খোৱা-পানীৰ অভাৱ, চাবোন, মহ খেদা সামগ্ৰী আদিৰ প্ৰয়োজনীয়তা সম্পৰ্কে জানিবলৈ সক্ষম হৈছিলোঁ ।
‌ গতিকে, প্ৰয়োজনীয় সকলো সামগ্ৰী ঠিক কৰি ২১ জুলাইৰ দিনা আমি উপস্থিত হ’লোগৈ ১ নং কুঁহিমাৰী অঞ্চলত । গাওঁৰ ভিতৰলৈ গাড়ী নিব পৰা নগ’ল বাবে মূল ৰাস্তাৰ কাষতে অৱস্থিত বজাৰ গৃহতে বিতৰণৰ কাৰ্যসূচী লোৱা হ’ল । গাঁওখনত পৰিয়ালৰ সংখ্যা আছিল প্ৰায় ১০০ ঘৰ আৰু পঢ়ি থকা ল’ৰা-ছোৱালীৰ সংখ্যাও আছিল প্ৰায় ১০০ ৰ ওচৰত । আমিও এই হিচাপতেই ঘৰতেই টোপোলা সমূহ প্ৰস্তুত কৰি আহিছিলোঁ বাবে বিতৰণত ইমান অসুবিধাৰ সৃষ্টি নহ’ল । টোপোলাত আছিল দুটা চাবোন, আধা কেজি মুড়ি, এক পেকেট নিমখ, এটা কলগেট, এক পেকেট মহ খেদা ধূপ, এক পেকেট দিয়াচলাই, এক পেকেট মম, তিনি পেকেট বিস্কুইট, কিছু চেম্পুৰ পেকেট, পাঁচ খন বহী, দুটা কলম আৰু প্ৰয়োজন অনুযায়ী দিয়া হৈছিল চেনিটেৰী নেপকিন । অতি ক্ষীপ্ৰতাৰে গাওঁবুঢ়াৰ সহযোগত বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰিবলৈ সক্ষম হৈছিলোঁ ।
‌ বিতৰণৰ দ্বিতীয় কাৰ্যসূচী লোৱা হ’ল ২২ জুলাই । স্থান ১ নং ডিজু পথাৰ । ৰঙানদীৰ পানীয়ে বিধস্ত কৰা এটা অঞ্চল । মথাউৰিৰ বাহিৰফালে বসবাস কৰা বাবে পানীয়ে সহজতেই আক্ৰান্ত কৰে । ২১ জুলাইৰ সন্ধ্যা বৰষুণত তিতি হ’লেও দুজনমানৰ সহযোগত ঠাইখন পৰ্যবেক্ষণ কৰি আহিলোঁ । ইতিমধ্যে আমাৰ লগত একেৰাহে থাকি বহু কষ্ট কৰা হাফিজা বেগম বাইদেৱে ঠাইখনৰ সম্পৰ্কে এক আভাষ প্ৰধান কৰিছিল। দুজনমান স্থানীয় মানুহৰ লগত সমস্যা সম্পৰ্কে আলোচনা কৰা হ’ল । মূল সমস্যা আছিল পানী শুকুৱাৰ পাছত সৃষ্টি হ’ব পৰা বেমাৰ-আজাৰৰ চিন্তা । গতিকে, খোৱা বস্তুৰ সলনি ফেনাইল জাতীয় বস্তু প্ৰদানৰ পৰামৰ্শ দিলে । সেইমতেই আমি খোৱা বস্তুৰ লগতে ফেনাইল এক বটল, ব্লিছিং পাউদাৰ এক পেকেট, মেক্স এক পেকেট, চাবোন দুটা, চেনিটেৰী নেপকিন আদিৰ অন্য এটা টোপোলা সাজু কৰিলোঁ । পিছদিনা আগবেলা সকলো বজাৰ কৰি প্ৰায় ২ মান বজাত নিৰ্দিষ্ট ঠাইত উপস্থিত হ’লোগৈ । বিতৰণৰ বাবে মথাউৰিৰ ভিতৰত থকা এখন প্ৰাথমিক বিদ্যালয় বাচনি কৰা হ’ল । নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ দৰেই আমি বস্তুবোৰ সজাই লৈছিলোঁ । অতি শৃংখলতাৰে সফলভাবে আমি এই কাৰ্যসূচী সমাপ্ত কৰিছিলোঁ । তাৰ পাছতেই আমি সিদ্ধান্ত লৈছিলোঁ যে মথাউৰিৰ আশে-পাশে থকা সেই ঠাইৰ সকলো বানপীড়িত মানুহৰ ঘৰে ঘৰে গৈ কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা হওঁক । গতিকে, বোকাপানী নেওচি পিঠিত খাদ্য সামগ্ৰী আৰু চেনিটেৰী নেপকিন লৈ আমি মথাউৰিৰ ওপৰেদি খোজ দিলোঁ । প্ৰায় ১৫০ ঘৰ মানুহক আমি এনেদৰে সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ । আমাৰ দলৰ সদস্যসকলৰ কষ্ট আৰু ত্যাগ আছিল প্ৰশংসনীয় ।
‌ দুটা কাৰ্যসূচী সফলতাৰে সমাপ্ত কৰাৰ পাছত হিচাপ-নিকাচ কৰোঁতে গম পোৱা গ’ল যে আমাৰ হাতত এতিয়াও কিছু টকা মজুত আছে । ৰাইজৰ দান-বৰঙণি । এটকাও অথলে যাবলৈ দিয়া নহয় বুলি আমি আছিলোঁ প্ৰতিশ্ৰুতিবদ্ধ । গতিকে, এনেকুৱা এটা ঠাইৰ আমাক প্ৰয়োজন আছিল য’ত পৰিয়ালৰ সংখ্যা হ’ব লাগিব 50 ঘৰৰ তলত । কাৰণ আমাৰ হাতত থকা পইচা আছিল অতি সীমিত । সংগ্ৰহীত সকলো বস্তুৰ বিতৰণ ইতিমধ্যে সমাপ্ত হৈছে । গতিকে, সকলো বস্তু নতুনকৈ কিনা প্ৰয়োজন হ’ব । ঠাই বিচাৰি পালোঁ । আজাদৰ এক অতি ভিতৰুৱা ঠাই শিলিখাগুৰি । সোমদিৰী আৰু সোৱণশিৰি নদীৰ মিলনথলীৰ পৰা অলপ আঁতৰত থকা এখন ঠাই । প্ৰতি বছৰেই বানত আক্ৰান্ত হোৱা এটা অঞ্চল । সোমদিৰী আৰু সোৱণশিৰী দুয়োখন নদীৰ পানীয়ে বিভীষিকা সৃষ্টি কৰা এখন গাওঁ । মানুহ আছে মুঠেই ২৪ ঘৰ । দুদিনমান আগত আমি তিনিজন মান গাঁওৰ কিছু মানুহৰ লগত কথা পাতিবলৈ গাঁওখনত ওলালোঁগৈ । বাট বুলিবলৈ নাই । বাৰিষা কালত মটৰ চাইকেল এখনো নিব পৰা নাযায় । নদীৰ পাৰে পাৰে প্ৰায় ২ কিল’মিটাৰ মান খালি ভৰিৰে খোজকাঢ়ি গাঁওখনৰ এঘৰত ওলালোঁগৈ । আমাৰ উদ্দেশ্যৰ কথা ক’লো । চমু পথৰ কথা সুধিলোঁ । বস্তু আনিব পৰা এটা বাটৰ সন্ধান দিলে । টুলুঙা নাওঁ চলে । নদীখন পাৰ হ’লেই পোৱা যায় গাড়ী আহিব পৰা ৰাস্তা । সকলো ঠিক কৰি ২৮ জুলাইত আমি ৫ জনীয়া এটা দল সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ ঠাইখনত উপস্থিত হ’লোগৈ । টুলুঙা নাওঁত বস্তু-বাহানি লৈ সোমদিৰী নদীখন পাৰ হ’লো । সামগ্ৰী বুলিবলৈ আমাৰ হাতত থকা প্ৰতিটো টোপোলাত আছে দুটা ডেটল চাবোন, ফেনাইল এক বটল, ব্লিছিং পাউদাৰ এক পেকেট, মেক্স এক পেকেট, কাপোৰ ধোৱা পাউদাৰ এক পেকেট, দিয়াছলাই এক পেকেট, এক পেকেট চাহপাত, এক পেকেট নিমখ, কিছু চেম্পু, কিছু বিস্কুইটৰ পেকেট, চেনিটেৰী নেপকিন, কিছু কাপোৰ আদি । মানুহৰ সংখ্যা কম হোৱাৰ বাবে বিতৰণ কাৰ্যসূচী অতি সোনকালে সমাপ্তি সম্ভৱ হৈছিল ।
‌ এনেদৰেই শেষ হৈছিল আমাৰ প্ৰায় তিনি সপ্তাহ জোৰা বান সাহায্য সংগ্ৰহ অভিযান আৰু বিতৰণৰ কাৰ্যসূচী । এটা পৰিয়ালৰ দৰে কাম কৰা চিনাকি-অচিনাকি বহু মানুহৰে গঠিত নামবিহীন এটা দল আছিল আমাৰ শক্তি । নাম নহয়, উদ্দেশ্য আছিল দুর্গতসকলক এষাৰ মাত দিয়া । আৰু এই উদ্দেশ্যক সফল কৰি তোলাত আপোনালোকৰ ত্যাগ আৰু কষ্টক মই জনাইছোঁ প্ৰণাম । মই কৃতজ্ঞ । আপোনালোকৰ সংগই জীৱনক প্ৰদান কৰিলে অন্য এক মাদকতা । অনন্য এক অভিজ্ঞতা । অন্য এক বাট । সুখী কৰিছে । মই জানো আপোনালোকেও সেই একেই সুখ কঢ়িয়াই ফুৰিছে । মানুহ হোৱাৰ সুখ । ধন্যবাদ জনাইছোঁ সেইসকল ব্যক্তি আৰু প্ৰতিষ্ঠানলৈ যিসকলে আমাৰ এই কৰ্মত সহযোগ কৰিলে । উৎসাহ দিলে । দান-বৰঙণিৰে আমাক সহায় কৰিলে । ধন্যবাদ জনালো সেই সকল ব্যক্তিলৈ যিসকলে মোক, আমাক সমালোচনাৰে থকা-সৰকা কৰিলে । আপোনালোকৰ ইতিকিং, অৱজ্ঞা আছিল মোৰ, আমাৰ বাবে আশীৰ্বাদ । ধন্যবাদ জনালোঁ মোৰ বন্ধুবৰ্গলৈ, যিসকলে স্ব-ইচ্ছাৰে অনুদান আগবঢ়াইছিল । মানৱতাৰ এনে যাত্ৰা ভৱিষ্যতেও অব্যাহত থাকক । সংগী হওক আপোনালোক । আশা কৰিছোঁ । এনেকৈ আমি লগ পাম, এনে যাত্ৰাত । মানুহে মানুহৰ বাবে…….। ধন্যবাদ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক