বাপধন খুড়া (দীপাংকৰ মল্ল বৰুৱা)

সৰুকালিৰ কথা৷ চতুৰ্থ নে পঞ্চম শ্ৰেণীত পঢ়োঁ৷

বাপধন খুড়া মাজে মাজে গুৱহাটীলৈ আহে৷ আহিলেই মোক বিচাৰে৷ মাক কয়, “বৌ, মোৰ আচল ভতিজাটো ক’ত”?

মই তেতিয়াই নাটকৰ কাৰণে পগলা৷ নিজে নাটক লিখি স্কুলত অভিনয়ো কৰিছোঁ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাটকতো তেতিয়া মই শিশু শিল্পীহিচাপে অভিনয় কৰোঁ৷ ডাঙৰ হ’লে কি হ’বা বুলি সুধিলে কৈছিলোঁ থিয়েটাৰত নাটক কৰিম৷ খুড়াই মোৰ নাটক প্ৰীতিৰ কথা জানে৷

সেই বাবে খুড়াই মোক খুব ভাল পায়৷ মোক কাষত বহুৱাই থিয়েটাৰৰ কথা কয়৷ কেনেদৰে দৃশ্যপট তৈয়াৰ কৰা হয় বুজনি দিয়ে৷ মঞ্চত নাটককৰিলে সংলাপ কিদৰে নিক্ষেপ কৰিব লাগে মোক শিকায়৷ ভাল অভিনেতা হ’বলৈ কি কি গুণ আয়ত্ত কৰিব লাগে মোক কয়৷

“ৰাতিপুৱা শুই উঠি সদায় ব্যায়াম কৰিবি, প্ৰাণায়াম কৰিবি, কণ্ঠ ভালে ৰাখিবলৈ কেতিয়াও ঠাণ্ডা বস্তু নাখাবি”৷ মই একান্ত মনে তেওঁৰ মুখলৈ চাইথাকোঁ৷ মই সপোন দেখোঁ, ময়ো ডাঙৰ হ’লে বাপধন খুড়াৰ দৰে নাটক লিখি থিয়েটাৰত অভিনয় কৰিম৷ তেওঁৰ দৰে জনপ্ৰিয় হ’ম৷

নাটকৰ কথাৰ পিছত তেওঁ ছবি অঁকাৰ কথা কয়৷ মই সেই সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদিৰ ছবি আঁকি বেৰত আঠা লগাইথৈছিলোঁ৷ খুড়াই নিজেও খুব ভাল ছবি আঁকিছিল৷ মোক কৈছিল, “ভাল ছবি আঁকিবলৈ প্ৰকৃতিৰ সকলো বস্তু ভালদৰে মন কৰিবি৷ আকাশৰ মেঘ,গছ গছনি, চৰাই চিৰিকটি সকলো৷ প্ৰকৃতিৰ ছবি ভালদৰে চিত্ৰত ফুটাই তুলিব পাৰিলেহে ভাল চিত্ৰকৰ হ’ব পাৰিবি”৷

সন্ধিয়া খুড়াই মোক লৈ যায় সোনাৰাম হাইস্কুল খেলপথাৰৰ থিয়েটাৰ থলীলৈ৷ মঞ্চৰ পিছপিনে শিল্পী সকলে ক’ত মেক আপ কৰে, ক’ত কাপোৰসলায়, ক’ত খোৱা বোৱা কৰে সকলোবোৰ তেওঁ মোক দেখুৱায়৷ ইখনৰ পিছত সিখন মঞ্চত কেনেদৰে দৃশ্যপট সলনি হয়, মুহূৰ্তৰ ভিতৰতেকিদৰে ঘৰ সাজে, অৰণ্য সাজে, বিভিন্ন কোণৰ পৰা লাইটৰ প্ৰয়োগ কৰি কিদৰে দৃশ্য সমূহ মনোমোহা কৰি তোলা হয় সকলো মই খুড়াৰ লগতশিকিছিলোঁ৷ সকলো দেখুওৱা হোৱাৰ পিছত তেওঁ মোক থিয়েটাৰৰ শিল্পী সকলৰ লগত চিনাকী কৰি দিয়ে, মোৰ কথা আনৰ আগত বঢ়াই বঢ়াইকয় ‘ভৱিষ্যতে এদিন এই ল’ৰাটোৱে থিয়েটাৰত নাটক কৰিব’৷

এজন জনপ্ৰিয় নাট্যকাৰ আৰু বলিষ্ঠ অভিনেতা হোৱাৰ উপৰিও বাপধন খুড়াই থিয়েটাৰৰ ঘোষকৰ কামো কৰিছিল৷ মঞ্চৰ একেবাৰে সমুখত আঁৰকাপোৰেৰে ঢাকি থোৱা, দৰ্শকে নেদেখা অঞ্চলটোত মোক তেওঁ বহুৱায়৷ মাইকৰ সন্মুখত বহি তেওঁ গলগলীয়া মাতেৰে ঘোষণা কৰে, “পৰমশ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ৷ আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ মঞ্চসফল নাট, ইতিমধ্যে অসমৰ চুকে কোণেআলোড়নৰ সৃষ্টি কৰি অহা, যশস্বী নাট্যকাৰ ভবেন বৰুৱাৰ কালজয়ী সৃষ্টি ‘মহানদী গংগা’৷ লগতে আগবঢ়াম এখনি আটক ধুনীয়া গীতি নৃত্যনাটিকা জয়ন্ত হাজৰিকাৰ অমৰ স্মৃতিত ‘জয়ন্তৰ অনন্ত শয়ন’”৷ মই ৰ’ লাগি খুড়ালৈ চাই থাকোঁ৷ ইমান সুন্দৰ মাত তেওঁ কেনেকৈ উলিয়ায় ভাবিআচৰিত হওঁ৷

মোৰ চকুৰ আগতে বাজি উঠে বিভিন্ন বাদ্য যন্ত্ৰ, গায়ক গায়িকাই গীত গাই, অভিনেতাই বচন মাতে৷ গীতি নৃত্য নাটিকাৰ সকলো কলা কৌশল চাইমই আপ্লুত হওঁ৷ মূল নাটখন আৰম্ভ হোৱাৰ পিছত মঞ্চৰ সমূখত আৰু পিছপিনে চলি থকা অভিনৱ ব্যস্ততাই তেতিয়াই থিয়েটাৰৰ প্ৰতি মন আকৃষ্টকৰিছিল৷ খুড়াই নাটক চলি থাকোঁতেও মোক থিয়েটাৰৰ কলা কৌশলবোৰ দেখুৱাইছিল, মেক আপ কৰি থকা অভিনেতা অভিনেত্ৰী সকলকদেখুৱাইছিল৷

মই খুড়াৰ সপোন বাস্তৱ কৰিব নোৱাৰিলোঁ৷ অভিনয় জগতত জড়িত হ’ব নোৱাৰিলোঁ৷ নাটক লিখিম লিখিম বুলিও লিখা নহ’ল৷ কিন্তু এতিয়াওভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি কঢ়িয়াই লৈ ফুৰিছোঁ অসীম আগ্ৰহ আৰু মৰম৷

বাপধন খুড়া আজি নাই৷ তেওঁক পিছে অসমৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে৷ ভ্ৰাম্যমান নাট্য জগতত এসময়ত আলোড়ন সৃষ্টি কৰা নাট্যকাৰ,অভিনেতা, স্বভাৱ শিল্পী ভবেন বৰুৱাক অসমৰ নাট্যপ্ৰেমী ৰাইজে পাহৰিব নোৱাৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments