বাপু খুড়া আৰু মাজনী (ডাঃ দীপুল চন্দ্ৰ হালৈ)

ডাঃ দীপুল চন্দ্ৰ হালৈ

: বাপু, আপুনি ইমান মন মাৰি আছে যে, কি হ’ল বাৰু?

: হা, জৱাহৰ, ম‍ই বৰ দু:খিত।

: কিয় বাপু? আপোনাৰ দুখৰ ভাগ মোকো দিয়কচোন।

স্বৰ্গত মহাত্মা আৰু নেহৰুৱে আলাপ কৰি আছে। স্বৰ্গত থাকিলেও মহাত্মাৰ মনত বেজাৰ। দুখত অন্তৰ ভাগি পৰিছে। থোকাথুকি মাতেৰে হুমুনিয়াহ এৰি বাপুৱে ক’লে, ‘মোৰ ভাৰতভূমিলৈ যেতিয়াই জুমি চাওঁ – মেঘৰ আৰে আৰে দেশৰ স্বৰূপ দেখি ম‍ই মৰ্মাহত হওঁ। সুদীৰ্ঘ দিন ধৰি আমি অহিংস নীতিৰে আন্দোলন কৰি ভাৰতক স্বাধীন কৰিলোঁ। তেতিয়াও মোৰ মনত শান্তি নহ’ল কিয়নো আমি ভাই ভাই ভাগ হ’লোঁ। ভাৰত আৰু পাকিস্তানৰ জন্ম হ’ল। …. তেতিয়াও মই ইমান দুখ নাপালোঁহেতেন যদিহে দেশত ইমান ইমান হিংসা নহ’লহেঁতেন। মোৰ ৰামৰাজ্যৰ সপোন, সপোন হৈয়েই থাকিল।‘

: বাপু।

: জৱাহৰ, বুজিছা- এতিয়া ভাৰতৰ যতে ত’তে হিংসাৰ জুই জ্বলিছে। মানুহে মানুহক হত্যা কৰিছে। ধ্বংস কৰিছে মানুহৰ সৃষ্টিক। একেখন দেশৰ মানু ইমান নিৰ্দয় নিৰ্মম হ’ব পাৰে বুলি ম‍ই ভাবিবও পৰা নাছিলোঁ। স্বাধীনতা আন্দোলনৰ সময়তো বহুতো মানুহ ইংৰাজে হত্যা কৰিছিল। কিন্তু ইংৰাজ বিদেশী; সিহঁতে ক’ত বুজিব ভাৰতৰ ৰাইজৰ দাবী। আমি সমগ্ৰ ভাৰতবাসী আছিলোঁ এক। দেশ আমাৰ এখনেই আছিল – ভাৰত। লক্ষ্য আমাৰ এটাই আছিল – দেশৰ স্বাধীনতা।  আৰু আমি জয়ী হৈছিলোঁ। আমাৰ অহিংস আন্দোলনত ইংৰাজৰ বন্দুক বায়োনেটনৰ দমন নীতি হাৰি গ’ল। আমি স্বাধীন হ’লোঁ।

: বাপু, সৌটো কোনোবা অহা যেন লাগিছে।

: অ হয়তো এজনী কনমানী ছোৱালী দেখোন। তাই আকৌ এতিয়াই কিয় ইয়ালৈ আহিল?

: নমস্কাৰ বাপু, নমস্কাৰ খুড়া।

: ভগৱানে তোমাৰ মংগল কৰক। পিচে মাজনী তুমি ইমান সোনকালে কিয় ইয়ালে আহিব লগা হ’ল বাৰু?

: চাচা, বাপু, ম‍ই মা দেউতাৰ সৈতে ফুৰিবলৈ গৈছিলোঁ। জানা খুড়া, মা-দেউতাৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰত ফুৰি ইমান ভাল পাওঁ ম‍ই। দূৰৈৰ পৰা আহি থকা নাওঁবোৰ যে ইমান অকন মান দেখি যেন মোৰ খেলা নাওখন হে। হি: হি:।

: চাও মাজনী মোৰ ওচৰলৈ আহা। -নেহৰু খুড়াই মাজনীক কোচত লৈ কপালত এটা চুমা দিলে।

: খুড়া আমি ফুৰি ফুৰি গৈ আছিলোঁ। দেউতাই মোক এটা আইচ ক্ৰীম কিনি দিছিল। ইমান ভাল। আৰু জানা ম‍ই মোৰ পুতুলা মাইনাটিৰ বাবে এটি বল কিনিছিলোঁ। কিয় জানো তাই একো নাখায়! ম‍ই ভাবিলোঁ এটা বল দিলে চাগে তাইৰ ঠেহ ভাঙিব আৰু খাবলৈ ল’ব।

: মাজনী, তুমি…..  , খুড়াৰ কথা কাঢ়ি লৈ মাজনীয়ে ক’লে: তাৰপিচত ম‍ই এটা বেলুন কিনিলোঁ আৰু বেলুনটোত ইমান ফুল আছে নহয়; গোলাপ ফুলো আছে।

: হয় নেকি মাজনী। – খুড়াই ক’লে।

: আৰ জানা দেউতাই মোক এটা পিস্তল দিব বিচাৰিছিল। ম‍ই নালাগে বুলি ক’লোঁ। জানা বাপু , জানা খুড়া, পিস্তললৈ মোৰ ইমান ভয় লাগে নহয়। তেনেকুৱা এটা পিস্তলেৰে আমাৰ খুড়া কোনোবাও গুলিয়াই মাৰিছিল। ইমান তেজ ওলাইছিল নহয়। সকলোৱে ইম্মান কান্দিছিল। মাইনীয়ে কান্দিছিল। সেয়ে ম‍ই বৰ ভয় খাওঁ। যদি কেতিয়াবা মোৰো খঙ উঠি যায় আৰু তাইক ম‍ই গুলি মাৰি দিও আৰু তাই মৰি থাকিলে মোৰ কিমান দুখ লাগিব। সকলোৱে ইম্মান কান্দিব আৰু ম‍ই কাৰ লগত খেলিম। এনেয়ে তাইৰ দেউতাক নাইযে।   অলপ পাচত বৰ ডাঙৰ এটা শব্দ হৈছিল আৰু ম‍ই এইখিনি পালোহি। ইয়াত খুব ভাল লাগিছে পিছে অলপ বেয়াও লাগিছে। মা দেউতা নাই যে!

নেহৰু খুড়াই মাজনীক সাবতি ধৰি হুক‌ হুকাই কান্দিলে। বাপুৱেও চকুলো টুকি মাজনীৰ মূৰত হাতখন থলে।|

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments