বামুণবৰী – শুদুৰবৰ — পৰশমনি কাশ্যপ

(ভূতৰ ৰসাল সাধু)

সৰু থাকোতে সাধুটো মাৰ মুখত শুনিছিলোঁ৷ জোনাক ৰাতি ঢাৰিত মাক আগুৰি আমি কাহিনী শুনিছিলোঁ৷ শুনি শুনি টোপনি গৈছিলোঁ৷ মায়ে শুনিছিল ককাৰ মুখত৷ ককাক পিতাকে কৈছিল৷ মুখ বাগৰি তিনি পুৰুষলৈ শুনিছিলোঁ আমি৷ ডাঙৰ হোৱাৰ লগে লগে বিশ্বাসযোগ্যতা হেৰাই গৈছিল কাহিনীটোৰ প্ৰতি৷ আমাৰ বাবে আছিল মাথোঁ সাধুকথা৷ কাহিনীটো আজোককাই ক’ৰবাত শুনিছিল নে নিজেই সাজিছিল নাজানো৷ কোনোবাই লিপিবদ্ধ কৰিছে নে এতিয়া সেয়াও নাজানো৷ মোৰ বাবে মাথোঁ সাধুকথা৷ ঠিক সাধুও নহয় ভৌতিক কমেডী গাজাখুৰী৷

***

ভাৰত তেতিয়াও স্বাধীন হোৱা নাছিল৷ ১৯১০ চন মানহে আছিল চাগৈ৷ কাশীনাথ গাঁওখনৰ ভিতৰতে ধনী মানুহ৷ তেতিয়াৰ দিনত ধনী মানেনো আৰু কি! গোহালি ভৰি থকা এপাল গৰু আৰু ৰাইজক ভগাব পৰাকৈ ধান৷ ঘৰ-দুৱাৰ সকলোৰে একেই¸ বাঁহ¸ খেৰেৰে তৈয়াৰী৷ কাশীনাথ তেতিয়া বুঢ়া হৈছিল৷ তেতিয়াৰ দিনত ৫৫ বছৰ হ’লেই বুঢ়া৷ কিছুদিন আগতে পুতেকলৈ বোৱাৰী আনিছিল৷ কাশীনাথৰ সখীয়েক যদুনাথৰ ঘৰ সিখন গাঁৱত৷ মাজতে পাগলাদিয়া নৈখন৷ দুয়ো সখাৰ বৰ মিল৷ ইঘৰৰ বাৰীত কিবা এটা লাগিলেই দুয়োখন ঘৰে ভগাই খায়৷

নদীৰ ওপৰত তেতিয়া দলং নাছিল৷ স্বাধীনতাৰ পিছতহে দলং হল৷ নদীৰ দুয়োপাৰে দুখন ৰাজহুৱা নাও বন্ধা থাকে৷ যাৰেই প্ৰয়োজন হয় চলায়গৈ৷ আচলতে তাহানিতে এখন গাঁৱেই আছিল¸ হঠাতে বৰভুঁইকপত সুতি সলাই গাৱঁৰ মাজেৰে গ’ল নৈখন৷

পাগলাদিয়া নৈখন খৰালিং শুকাই যায়৷ খোজ কাঢ়িয়েই পাৰ হ’ব পৰা হয়৷ একঁকাল মানহে হয়৷ তেনে এটা দিনতে যদুনাথে সত্যনাৰয়ন পূজা পাতিছিল ঘৰত৷ কাশীনাথকো মাতিছিল৷ কাৰোবাক এৰিলেও সখীয়েকক এৰিব নোৱাৰে৷ দঢ়াই দঢ়াই মাতি গৈছিল সকলোকে৷ পিছে ন-বোৱাৰীক এৰি পুতেক যায় কেনেকৈ! মাইকী মানুহে পূজা খাবলৈ যোৱা নিয়ম নাই৷ অন্যথা আবেলি অকলেই ওলাল কাশীনাথ৷ বাৰীৰ পকা সুন্দৰ মনোহৰ কল এঠোক আৰু খুন্দনাটো লৈ৷ পুতেক ৰঘুনাথেই ঘাটলৈকে আগবঢ়াই দিলেগৈ৷

কাশীনাথৰ এটা স্বভাব আছে৷ য’লৈকেই নাযাওক নিজৰ খুন্দনাটো নেৰে৷ নিজৰ খুন্দনাৰ সোৱাদ ক’তো নাপায় হেনো৷ কাপোৰৰ জোলোঙাটোত সৰু আহুই কাঠৰ খুণ্ডনাটো আৰু লোৰ খুন্দনামাৰিডাল লৈ ঘূৰি ফুৰে৷

পূজা শেষ হয় মানে আঠ বাজি গৈছিল৷ গাঁৱত এন্ধাৰ হ’লেই ৰাতি৷ পুৰ্ণিমাৰ ৰাতিটো জোনৰ পোহৰেৰে ফটফটীয়া হৈ আছিল৷

ভোগ-প্ৰসাদ খাই কাশীনাথ আহিবলৈ ওলাল৷

: সখী¸ পকাভোগ খাই যাবা ৰ’বা৷

– যদুনাথে জোৰকৈ ৰাখিলে তেওঁক৷ ঘৰৰ মানুহখিনিৰ বাবে খিচিৰি ৰান্ধিছিল৷ খাই-বৈ কাশীনাথ উভতিল৷ যদুনাথেই আগবঢ়াই দিলে ঘাটলৈ৷ মাটিৰ টেকেলি দুটাত ভোগ-প্ৰসাদ দিছিল যদুনাথে৷ দুয়োহাতে দুয়োটা টেকেলি লৈ খুন্দনা আৰু মাৰিডাল কামিজটোৰ জেপত ভৰাই কাশীনাথ জপং জপংকৈ আগবাঢ়িল৷ ভালেখিনি ৰাতি হৈছিল৷ সিপাৰৰ ঘাটৰ পৰা নৈখন খোজকাঢ়ি আহিলে আধাকিলোমিটাৰমান ঘূৰি আহিব লাগে৷ পানী বেছি নাই৷ আঁঠুৰ তলতে থাকে৷ কাশীনাথে চুৰিয়াখন কোঁচাই নৈখন পাৰ হল৷ ইপাৰৰ ঘাটৰ পৰা কাশীনাথৰ গাঁৱলৈ দুশমিটাৰমান সোমাব লাগে৷ সেইখিনিলৈ ঠাইখিনি ঘোপমৰা৷ সেইটো ঘাটৰ ওচৰতে ৰাজহুৱা শ্মশানখন৷ ওচৰতে ওখ ওখ বিৰিণা আৰু জাৰ্মানী বনবোৰ৷ কাষতে আহঁত¸ ধোপ আৰু মজ গছবোৰে ঠাইখিনি আন্ধাৰ কৰি ধৰিছে৷ কাশীনাথে নৈখন পাৰহৈ শ্মশানৰ অলপ আঁতৰেৰে হাবিখন পাৰ হ’বলৈ লৈছিলহে মাথোন¸ হঠাতে দেখিলে দৃশ্যটো৷

ওখ ওখ কিছুমান কিম্ভুত-কিমাকাৰ বস্তুৱে ঘূৰি ফুৰিছে৷ দেখিবলৈ মানুহৰ আকৃতিৰ হ’লেও ভয়লগাকৈ ওখ৷ কাশীনাথে প্ৰমাগ গণিলে৷ এতিয়া উভতি যাবও নোৱাৰে¸ ধৰা পৰিব৷ অগত্যা টেকেলি দুটা জাৰ্মানী বনৰ মাজত লুকুৱাই লোৰ খুন্দনামাৰিডাল লৈ বস্তুকেইটাৰ কাষলৈ আগবাঢ়িল৷

: অই মুনিচ-মুনিচ গোন্ধাইছি উই৷ – এটা ভূতে চিঞৰি উঠিল৷

: মুনিচ মুনিচ গোন্ধাইছি উই৷ – এইবাৰ কাশীনাথে চিঞৰি উঠিল৷

ঠাইখিনিত নটামান ভূত ৰৈ আছিল৷ দুটামানৰ এটা চকু নাই৷ কাৰোবাৰ হাত নাই৷ কোনোবাটোৰ এটা চকু¸ দুটামান খালী গা৷ কাশীনাথে লক্ষ্য কৰিলে তেওঁৰ বাহিৰে কাৰো ছাঁ পৰা নাই৷ কিন্তু ভয় খালেই নহ’ব৷

: মুনিচ কুত আছে উই৷ মুনিচ গোন্ধে আছে উই৷ – পুনৰ এটা ভূতে কৈ উঠিল৷

: কুম্বাই মুনিচৰ বাৰীৰ পৰা আইচি নেকি উই৷ – কাশীনাথে কৈ উঠিল৷

: মই আইচু৷ কালি এটা বেজে আমগছৰ পৰা খেদচি মুক৷ – এইবাৰ এটা ভূতে কৈ উঠিল৷

: সেইদ্দিকি মুনিচ মুনিচ গোন্ধাছি৷ – পৰম জ্ঞানীৰ দৰে কাশীনাথে কৈ উঠিল৷

: হুউউউ – ইটো ভূতে এইবাৰ পতিয়ন যোৱাৰ দৰে মুৰ দুপিয়ালে৷

: উই তুক আগোতে দেখা নাছিলু উই৷ – এইবাৰ এটা ভুতে আহি কাশীনাথৰ আগত থিয়হৈ সুধিলে৷ সিহঁতৰ সমাজত আগতে দেখা নাছিল তেওঁক৷ কাশীনাথৰ বুকুখন চিৰিংকৈ মাৰিলে৷ ধৰা পৰিলে মুচৰি মাৰিব৷ ইয়াৰ পৰা টেঁটুফালি চিঞৰিলেও কোনেও নুশুনে৷

: কিনকে দেখা পাবি উই৷ মোই আজিহে এইপাৰে আইচু৷ খেচৰা বেজ এটাই খেদচি৷ যাবা নৰা হোলু৷ আকঘৰৰ বাৰীত আচলু৷ – কাশীনাথে দুখমনেৰে কৈ উঠিল৷

: হবো দে৷ আজিৰ পেৰে আমাৰ লগ হোলি৷ উই উই উই উই – ফুৰ্তিৰে কৈ ভূতটোৱে জপিয়াই জপিয়াই কিম্ভুত অদ্ভুত নাচিব ধৰিলে৷ লগে লগে বাকীকেইটায়ো গোল গোল হৈ একেদৰে জঁপিয়াই নাচিব ধৰিলে৷ কাশীনাথো ৰৈ নাথাকিল¸ তেৱোঁ সিহঁতৰ দৰে দুফুট ওপৰলৈ জঁপিয়াই নাচিব ধৰিলে৷ বহুত দেৰি নচাৰ পিছত আটাইকেইটাই মাটিত বহি পৰিল৷

: উই তুৰ নাম কি উই? – এটা চকুৱা ভূতটোৱে সুধিলে কাশীনাথক৷

: তুৰ নাম কি? – এইবাৰ ওলোটাই সুধিলে কাশীনাথে৷

: মোই বামুণবৰী¸ বামুণৰ চখানৰ পেৰে আইচু৷ – ভূতটোৱে কৈ উঠিল৷

: মোই সুদুৰবৰী৷ সুদুৰৰ শখানত থাকু৷

: মোই কেচাইবৰী৷ কেঁচাই কেঁচাই খাঙ মুনিচ৷

: মোই খেচাৰবৰী৷ ফাচদি মুনিচ মাৰোঁ৷

: মোই খোহুবৰী৷ গাত খহু থকা ফাপৰে ধৰা ভূতে ক’লে৷

: মোই লাওমুৰা৷ লাওৰ দৰে ঘূৰি ফুৰি মুনিচ ধৰোঁ৷

: মোই গেন্দাফেঁচা৷ ফেঁচাৰ দৰে মাতি মুনিচ ধৰোঁ৷

: মোই কঁঠালখকুৱা৷ কঁঠাল গাছত থাকোঁ৷

: মোই ঔখহু৷ ঔটেঙা গছৰ ভূতে ক’লে৷

: মোই মৰঙ গজঙ৷ মুনিচক খেদি খেদি মাৰোঁ৷ – কাশীনাথে কৈ উঠিল৷

এনেতে লাওমুৰা ভূতে কিবা উলিয়ালে৷ চবকে ভগাই ভগাই কাশীনাথৰ কাষ পালেহি৷ নিজৰ হাতলৈ চাই কাশীনাথ উচপ খাই উঠিল৷ দুটা মানুহৰ আঙুলি দিছে লাওমুৰাই৷ ইতিমধ্যে পৰম তৃপ্তিৰে আটাইকেইটাই চোবাই আছে৷ প্ৰতিটো চোবাতে হাড়বোৰ গুড়িহৈ মুৰমুৰাই উঠিছে৷ একমুহূৰ্ত মাত্ৰ৷ কোনেও নেদেখাকৈ আঙুলিদুটা জেপত ভৰাই জেপত থকা চুপাৰিকেইটুকুৰ মুৰমুৰকৈ চোবাই উঠিল৷ সখীয়েকৰ ঘৰৰ পৰা সেইখিনি ঘৈণীয়েকলৈ আনিছিল৷

সকলোৰে খোৱা হ’লত লাওমুৰাই আকৌ কৈ উঠিল৷

: উই বাগাৰাবাগাৰি খেলাং আহ উই৷

বাকীকেইটা ভূতে হয়ভৰ দি উঠিল৷

কাশীনাথে প্ৰমাদ গণিলে৷ বগৰা-বাগৰি কৰিলে তেওঁৰ হাড়-মূৰ একো নাথাকিব৷ ধৰা পৰি যাব৷

: বাগাৰাবাগাৰি নেখালাং উই৷ বেজে পিঠিত কুবাচিল৷ বেলেগ খেলাং আহ৷ – মৰোঁ জিউ সো আধিকৈ কাশীনাথে কৈ উঠিল৷

: নহালি ভুকু ভুকু খেলাং আহ৷

– লাওমুৰাই কৈয়েই বামুণবৰীৰ কাষত থিয় হ’ল৷

আৰু কথা সলোৱা উচিত নহয়৷ কাশীনাথে বাওঁকাষে থকা এচকুৱা ঔখহুৰ কাষলৈ আহিল৷

: উই মোই তোৰ লগোত খেলাম উই৷ আগে মোই মাৰিম উই৷ – কাশীনাথ ঔখোহুৰ পিছফালে থিয় হল৷ ইতিমধ্যে আটাইকেইটা ভূতে ইটোৱে সিটোক ভুকুৱাভুকি কৰি আছে৷ কোনো ফালে চোৱা নাই৷ কাশীনাথে লাহেকৈ চুৰিয়াৰ জেপৰ পৰা খুন্দনামাৰিডাল উলিয়াই ইষ্ট দেবতাক স্মৰণ কৰি দিলে সৰ্বশক্তিৰে ঔখোহুৰ দুয়োকান্ধত দুটা খুন্দা৷ লোৰ মাৰিৰ খুন্দা খাই ঔখোহু কেঁকাই উঠিল৷

এইবাৰ ঔখোহু তেওঁৰ পিছফালে থিয় হল৷ আগতে নেদেখাকৈ মাৰিডাল সুমুৱাই লৈছিল তেওঁ৷ ঔখোহুৰ হাতৰ খুন্দাত কান্ধদুখন ভাঙি যোৱা যেন লাগিল তেওঁৰ৷ তথাপি সহ্য কৰি মনে মনে থাকিল৷ তেওঁ নিশ্চিত ঔখোহুৱে সৰ্বশক্তিৰে তেওঁক মাৰিব পৰা নাই আগতে দিয়া লোৰ মাৰিৰ খুন্দাৰ বাবে৷ নহ’লে তেওঁৰ কান্ধ গুড়ি হৈ গ’লহেঁতেন!

ইতিমধ্যে প্ৰথম প্ৰহৰ শেষ হৈছিল৷ জোনৰ পূৰ্ণ পোহৰ নৈখনত পৰিছে৷ সিহঁতৰ মিটিং শেষ হ’ল৷ আকৌ এবাৰ জঁপিয়াই নৃত্য কৰি ভূতজাক গ’লগৈ৷ অলপদেৰি বহি থাকি কেঁকাই কেঁকাই কাশীনাথ গাঁৱলৈ আহিল৷

ইতিমধ্যে ৰাতি ভালেখিনি হৈছিল৷ কাশীনাথৰ পুতেক আৰু ঘৈণীয়েকে চিন্তাতে টিপচাকিটো লৈ নঙলামুখতে ৰৈ আছিল৷ দুৰৰ পৰা বাপেকৰ কেঁকনি শুনি ৰঘুনাথ দৌৰি আহিল৷ চোতালত সোমায়েই কাশীনাথে সকলো ভাঙি-পাতি কলে৷ ঘৈণীয়েকে তামোলৰ শুকান ঢকুৱা এখনত কেৰাচিন ঢালি জুই জলাই শুকান জলকীয়া¸ সৰিয়হ জুইত দি গাটো সেকি ল’বলৈ দিলে৷ কাশীনাথে আঙুলিদুটা সৰিয়হৰ ডুলিত ভৰাই দিলেগৈ৷ ৰঘুনাথ দৌৰি গৈ গাঁৱৰ মানুহক উঠাই বেজক লৈ আহিলগৈ৷ বিষৰ কোবত কাশীনাথৰ বিৰাট জ্বৰ উঠিল৷ সেইৰাতি বেজ তেওঁলোকৰ ঘৰতে থাকিল৷

ইপিনে আঙুলি দুটা সৰিয়হৰ ডুলিত থোৱাত ভূতমণ্ডলীৰ গাৰ পোৰণি উঠিল৷ বেজৰ মন্ত্ৰৰ লগেলগে পোৰণি বাঢ়ি ৰ’ব নোৱাৰা হ’ল৷ সকলো বুজি সিহঁতি কাশীনাথৰ বাৰীলৈ আহিল৷ প্ৰকাণ্ড ভলুকা বাঁহজোপাৰ তলৰ পৰাই সিহঁতি চিঞৰিব ধৰিলে৷

: আমাৰ আঙলি দি উই৷

জুইত সৰিয়হ এমুঠি বেচিকৈ চটিয়াই বেজেও চিঞৰি উঠিল৷

: তহঁত যাবিনে ইয়াৰ পৰা?

: যাম উই৷

: নদীৰ ঘাটৰ পৰা যাবিনে?

: যাম উই৷

: শপত খা¸ আৰু এইফালে নাহোঁ বুলি৷ – দুমুঠি সৰিয়হ¸ জলকীয়া জুইত দি বেজে চিঞৰি উঠিল৷ পোৰণিৰ কোবত ভূত জপিয়াই উঠিল৷

: শইত শইত শইত…তিনি শইত খাইছোঁ ঐ৷ নাহোঁ ইফালে৷ – ভূত মণ্ডলীয়ে চিঞৰি উঠিল৷

: কি চিন দি যাবি? – বেজে সুধিলে৷

: বাঁহচোপ ভাঙি থৈ যাম৷ – ভূতবোৰে আটাহ পাৰি উঠিল৷

বেজে আঙুলি দুটা দলিয়াই দিলে৷ অলপ পিছতে প্ৰচণ্ড শব্দ কৰি বাঁহ ভঙাৰ শব্দ হ’ল৷ বেজে স্বস্তিৰ নিশ্বাস এৰিলে৷ তিনি শইত খোৱাৰ পিছত ভূত আৰু নাহে৷

ৰাতিপুৱা আটায়ে দেখিলে¸ বাঁহৰ আগবোৰ ভঙা৷ দুদিনমান পিছত কাশীনাথ সুস্থ হল৷ কিন্তু আগৰ দৰে স্বাস্থ্যবান হৈ নাথাকিল৷ বিষটোৱে লগ নেৰা হ’ল৷ বেছিদিন জীয়াই নাথাকিল মানুহজন৷ সেইটো বছৰেই কেইমাহমান পিছত মৃত্যু হ’ল৷

**

 

 

মই জানো¸ এইটো গাজাখুৰী৷ এনেকুৱা অনেক গাজাখুৰীয়ে ৰস দিছিল আমাক৷ এনে বহুতো গাজাখুৰীৰ ৰচক আছিল ককা¸ আইতাহঁত৷ ৰূপকথাৰ কাহিনীৰ দৰে ভূতকথাৰ কাহিনীবিলাকে সৰুতে আমাক ভয় খুৱাইছিল৷ দুষ্টামি কৰা নাছিলো৷ এতিয়া ভয় নকৰো¸ সাহসী হৈছো৷ ডাঙৰ হৈছো৷
■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক