বায়ুবেগ (উজ্জল ফুকন)


এটা শব্দহীন মিছ কল পিছপিনৰ দুৱাৰখনেদি অকস্মাত ওলাই গ’ল। ৰাজে নাকটো মোহাৰি সন্দেহৰ চকুৰে কাষৰ মানুহজনলৈ চালে। মানুহজনেও নিজে কব নোৱাৰাকৈয়ে নাকত ধৰি ইফালে সিফালে চাব ধৰিলে। চকু মুখত এটাই ভাৱ “মই নহয়, মই নহয়”।ইফালে ভাল ৰাজ আৰু বেয়া ৰাজ দুয়োটাই নাটকখন উপভোগ কৰিবলৈ একেলগে মনৰ ভিতৰত সাৰ পালে। ভাল ৰাজে মাত লগালে “পোহৰৰ গতি বোলে শব্দতকৈ বহুত বেছি। কিন্তুএইটো ঘটনাত শব্দৰ কাম নাই। শব্দহীন বিস্ফোৰণ। এই গোন্ধৰ গতিবেগো কম নহয় কিন্তু। ‘স্পিড অফ স্মেল’, মনৰ ভিতৰত বহুত গোন্ধই একেলগে খেলা কৰিব ধৰিলে।জীৱনৰ শেষ সময়ছোৱাত আইতাকৰ বিছনাৰ তলত থকা চৰিয়াটোৰ চিনাকি গোন্ধটো মনলৈ অহাত সি আকৌ নাকত ধৰিলে। আইতা গুছি যোৱা বহু বছৰেই হ’ল কিন্তু গোন্ধৰ চোক এতিয়াও কমা নাই। এতিয়া ক, কাৰ বেগ বেছি পোহৰৰ নে বতাহৰ? আৰু দেউতাৰ এড়ি চাদৰত লাগি থকা দেউতা দেউতা সুৱাস বা খুড়াৰ নগা ছ’লৰ চিনাকি গোন্ধটো।মানুহবোৰ বহু দূৰত থাকিলেও গোন্ধবোৰ কিন্তু মনত পৰিলেই হাজাৰ মাইল অতিক্রম কৰি নাকত লাগেহি। এতিয়া ক কাৰ বেগ বেছি?”

“ইয়াতে মাৰিলে টিপা, গড়গাওঁ পালেগৈ শিপা” হঠাত বেয়া ৰাজটোৱে ভিতৰৰ পৰা মাত লগালে। কথাটো মিছা নহয়। মিছ কলৰ ৰিংগট’ন ইমানপৰে বাচৰ শেষৰ চিটটোত বহি থকা কেইজনকো ভাইব্রেচন ম’ডত ৰাখিছে।
“কোনোবাই বোকাখাটৰ পেআ পুই খাই হজম কৰিব পৰা নাই অ’। খিৰিকিৰ গ্লাচবোৰ খুলি দিয়ক ৰাইজ।” এওঁ উজনিৰ বুলি কোৱাটো নিষ্প্রয়োজন।
“পেআ আৰু পুইয়ে মই দাঙৰ মই ভাল বুলি যুঁজি থাকোতেই জলকীয়া সৰিয়হৰ চাটনিয়ে বাজি মাৰিলে যেন পাইছো।” আন এজনে মাত লগালে।
ইফালে গ্লাচবোৰ খুলি দিয়াৰ পিছত কাজিৰঙাৰ বতাহ আহি বাচখন ভৰি পৰিছে।তথাপিও পেৰা পুৰি আৰু জলকীয়া সৰিয়হৰ যুটিয়া আক্রমন কোনো গুনে কমা নাই।
“আচলতে পেআ পুই আৰু জলকীয়া চাটনি কাৰণ নহয়। মূল কাৰণ তাৰ পিছত খোৱা চাহ কাপহে চাগৈ।” ঢোল হেন পেটটো লৈ আন এজনে মাত লগালে।
“খুড়াদেউ আপুনি কেনেকৈ জানিলে মূল কাৰণটো? আপুনিয়েই ব্রহ্মাৰূপী সৃষ্টিকৰ্তা যেন পাইছো।” বেক চিট বয়জৰ পিলিঙা এটাই চিঞৰি কলে।
“কোন সেইটো? সাহস আছে যদি মুখখন দেখুৱাই ক। ৰাইজ ৰমজান মাহ চলি আছে জানেই আপোনালোকে। মোৰ পেটটোলৈ চাই বেয়া ভাৱ নলব। মই দৈনিক ৰোজা ৰাখিছো। পিছে ৰোজা ৰাখিলে কিডাল হব। কোনোবাই যিটো গোন্ধ খুৱাই আছে উশাহত। আল্লা সোনকালে নগাওঁ পোৱাই দিয়া আৰু।” মানুহজনে ওপৰলৈ চাই ক’লে।

“ৰাইজ, যি জনৰপৰা অহৰহ এই গেছ নিৰ্গত হৈছে তেওঁক আমি সমালোচনা কৰিব নাপায়। এয়া তেওঁৰ দোষনহয়। দুৰ্বল পেটে কেতিয়াবা কিছুমান বস্তু হজম কৰিব নোৱাৰে। যিসকলে তেওঁক সমালোচনাৰে থকা-সৰকা কৰিছে তেওঁলোকক মই তীব্র ভাষাৰে গৰিহনা দিছো। আৰু যিজনৰ পেটত এই দূৰ্যোগ চলি আছে তেওঁক সমবেদনা জনাইছো। আমি যিহেতু কাজিৰঙাৰ মাজেদি গৈ আছো আৰু আপোনালোকে দেখিছে পথৰ দুয়োকাষে জঙ্ঘল। মই সেই বিশেষ ব্যক্তি জনক অনুৰোধ জনাইছো ‘অলপ অলপ কৈ শান্তি পানী ছটিয়াই থকাতকৈ আপুনি হাবিৰ আঁৰ লৈ মথাউৰিটো ভাঙি যাব দিয়ক’। মুক্ত কৰি দিয়ক সকলো বেয়া বস্তু।ওলাই আহক আপুনি। ” এজনে বাচখনৰ মাজত ৰৈ সকলোকে উদ্দেশ্যি কবলৈ ধৰিলে।কিন্তু তেওঁ যালৈকে চাই সেইজনেই ইফালে সিফালে চাই কব বিচাৰিছে যেন ‘মই এই কুকাৰ্যত লিপ্ত নহয়।

“দাদা, আপুনি সমবেদনা দিছে মানে নিজেও সমানে বেদনাত আছে যেন পাইছো।” বেক চিট বয়জৰ ফালৰ পৰা আকৌ এটা পিলিঙাই চিঞৰি উঠিল।
“মই কিন্তু একেই গোন্ধ পাই থকা নাই। এজনক বদনাম কৰি বহুজনেই নিজৰ পাপ ধুব বিচাৰিছে যেন পাইছো। অলপ আগৰ ক’লা নিমখৰ গোন্ধটো এতিয়া ভেদাইলতালৈ পৰিৱৰ্তনহৈছে।” আন এটা পিলিঙাই চিঞৰি উঠিল।
“তোৰ সেইটো নাকেই নে? তোৰ নাকিলগাবলৈ কোনোবা ভাল সুৱাস দিয়া এজনী বিচাৰিব লাগিব যেন পাইছো। কিন্তু দাদা আপুনি বৰ ধুনীয়া ভাষণ এটা দি দিলে। আমি সকলোৱে আপোনাক সহযোগ কৰিম। পথ অৱৰোধ কৰি গাড়ী আগুৱাই যাব নিদিও যেতিয়ালৈ এই পাদন কোঁৱৰে আমাক তেওঁৰ বতাহৰ পৰামুক্তি নিদিয়ে। জয় আই অসম। নহলে কথা বিষম।” আন এটা পিলিঙাই স্বয়ম্ভু নেতাজনলৈ চাই ক’লে।
“জয় আই অসম। আমাৰ দাবী মানিবই লাগিব।” বেক চিট বয়জৰ গোটেইজাকে সমস্বৰে চিঞৰি উঠিল।

“ক্রেচচচচচচচ” গাড়ীৰ ব্রেকৰ লগে লগে দুটা ফুকলীয়া উফৰি গৈ স্বয়ম্ভু নেতাৰ চৰণত পৰিল।
“গুৰুদেৱ, এয়া কি হৈছে। বিৰোধী দলৰ ষড়যন্ত্র নেকি?” এটা পিলিঙাই মূৰ তুলি স্বয়ম্ভু নেতাজনক সুধিলে।
“চুপ থাক তহঁত। কি হ’ল অ’ ড্ৰাইভাৰ? গাড়ী কিয় ৰখালি?” স্বয়ম্ভু নেতাই ড্ৰাইভাৰলৈ চাই সুধিলে।
“‘পথ অৱৰোধ’। এই শব্দদুটা শুনিয়েই মই ভয় অলপ খাইছিলো। ‘য’তে বাঘৰ ভয়, ত’তেৰাতি হয়’। এতিয়া কৰক কি কৰে। কেইটা বজাত খোলে ঠিক নায়।” ড্ৰাইভাৰে খঙত ভোৰভোৰাই থাকিল।

“হেৰি ইয়াতটো সচাকৈয়ে বাঘৰ ভয়। আৰু ইয়াতে বহি বহিযদি ৰাতি হয়?” নতুনকৈ বিয়া হৈ অহা ঘৈনীয়েকে কন্দনামুৱা হৈ গিৰিয়েকৰ হাত এখনত খামুছি সুধিলে।
“একো নহয় হে। বাঘে টৰ্চ লাইট লৈ ৰাতি তোমাক বিচাৰিনাহে। আৰু তাৰ টিকেট ক’ত বাচত উঠিবলৈ। কাজিৰঙাৰ বাঘ, ইজ্জত আছে। মাটিৰ পট্টা নোহোৱা কাকো নাখায়। ইয়াৰ অবৈধ বাংলাদেশীবোৰক জানো বাঘে খোৱা শুনিছা? আমিটো মাটিৰ পট্টা লৈ অহা নাই ঘৰৰ পৰা, কিহৰ চিন্তা।” গিৰিয়েকে গহীনত ক’লে।
“আপুনি যে একেবাৰে কমলাকান্তৰ দৰে।” ঘৈনীয়েকে গিৰিয়েকৰ মোচকোছা চুই চুইক’লে। দক্ষিণ ভাৰতত চাকৰি কৰি থকা গিৰিয়েকক ভুলাবলৈ তাই আজিকালি অলপ তামিল অভিনেতা মনত ৰাখিব চেষ্টা কৰিছে।
“তুমি মিক্স নকৰিবা দেই মানুহবোৰ।কমলা হাচান আৰু ৰজনীকান্ত দুটা বেলেগ মানুহ। কমলাকান্ত বুলি কোনো এক্টৰ নাইআৰু যিহেতু দুয়োটা মতা মানুহ কমলাকান্ত জন্ম হোৱাৰো কোনো চান্স নাই”।গিৰিয়েকে তাইক দক্ষিণ ভাৰতৰ জ্ঞান দিলে।
“কিন্তু হেৰা, আমাৰ অসমৰ ল’ৰাবোৰ কিয়নো ঘূৰি আহিছে দক্ষিণ ভাৰতৰ পৰা?” গিৰিয়েকৰ হাতখন চিকুটি চিকুটি তাইআকৌ সুধিলে।
“ইডলী খাই খাই আমনি লাগিছে সিহঁতৰ। অলপ দিন ঘিলা পিঠা খাবলৈ গৈছে ঘৰলৈ। আকৌ ঘূৰি যাব।” গিৰিয়েকে উত্তৰ দিলে।

“হয়নে ডেকা ল’ৰা, ঘটনাটো কি হৈছে চাই আহিবা নেকি? এই তমোময় ৰ’দত নামি নাযাওঁ আৰু।” কাষতে বহি থকা বয়সস্থ মানুহজনে ৰাজক ক’লে।
ৰাজে মূৰটো দুপিয়াই উঠিব খোজোতেই ড্ৰাইভাৰজন চিঞৰি চিঞৰি বাচত সোমাল। “মাটিৰ পট্টা। মই জানিছিলোৱেই এনেকুৱা কিবা এটা হৈছে বুলি। চাহ জনজাতি মানুহখিনিক লাগে মাটিৰ পট্টা।” ড্ৰাইভাৰে মুখৰ ভিতৰতে ভোৰভোৰাই থাকিল।
“অ’ মই আকৌ কাজিৰঙাৰ ব্যাঘ্র প্রকল্পৰ নামত পৰ্য্যটন বন্ধৰ প্রতিবাদত পথ অৱৰোধ কৰিছে বুলিহে ভাবিছিলো।” আন এজনে পিছফালৰপৰা মাত লগালে।
“মই আকৌ ভাবিছিলো মাধুৰ্য্যৰ মৃত্যুৰ উচিত তদন্ত নোহোৱাৰ পতিবাদত পথ অৱৰোধ কৰিছে বুলি।” বেক চিট বয়জৰ ফালৰ পৰা এটাই চিঞৰিলে।
“মাধুৰ্য্যৰ প্রতিবাদ কমাৰগাঁৱত হৈছে। আমি পাৰ হৈ আহিলো। আন ঘটনাবোৰ গুৱাহাটী নোপোৱালৈ কব নোৱাৰিছো। এই ড্ৰাইভাৰী জীৱন বাদেই দিব লাগিব যেনপাইছো। সদায় পেছেঞ্জাৰবোৰক উত্তৰ দি থাকিব লাগে। কিমান আৰু হাৰাশাস্তি খাই থাকিম। আকৌ ঘৰ পাই মানুহজনীৰ তিতা তিতা কথাবোৰ শুনিবলৈ আছেই। এইকেইটা পইছালৈ মাহেকৰ মূৰত গৈ থাকিলে ঘৰতে পথ অৱৰোধ হ’ব এদিন।” ড্ৰাইভাৰে খঙত ভোৰভোৰাইথাকিল।

এইবাৰ যেন গোটেই বাছৰ মানুহে ড্ৰাইভাৰৰ কথাত হয়ভৰ দিলে। “এইজাকে সাধাৰণ ৰাইজক আবদ্ধ কৰি টেটু ফালি চিঞৰিলে কি হব। আমি কিবা মাটিৰপট্টা দিব পাৰো নেকি? মন্ত্রীৰ কাণৰ কাষত চিঞৰিবলৈ শিক। গেলাই পেলা কাণসিহঁতৰ। তেতিয়াহে কলা কণা চৰকাৰ সাৰ পাব। আমি ৰোজা ধৰি ৰৈ আছো পথত আবদ্ধহৈ। চৰকাৰে এইবোৰ বুজি নাপায়। বুজি নাপাই প্রতিবাদ কৰা জাকেও। বাংলাদেশীকেইটাক মাটিৰ পট্টা দিবলৈ চৰকাৰে সময় বহুত পায়। এটা আন্তৰাষ্ট্ৰীয় সীমা চীল কৰিবলৈ কিমানটা চৰকাৰ লাগিব আমাক। আৰু সেই জাকৰ কাৰণে আজি আমাক আন ধৰ্মৰ মানুহে সন্দেহৰ চকুৰে চায়। শগুণেও যেন নাখাই এই মন্ত্রী জাক মৰিলে।” খঙত আন এজনে চিঞৰি উঠিল।

“কিন্তু দাইটি সিহঁতক খাবলৈ শগুণ ক’ত? কাজিৰঙা শগুণ গড় আদিৰ বাবে নহয় বাংলাদেশীৰ বাবেহে আজিকালি বেছি বিখ্যাত। ” বেক চিটবয়জৰ ফালৰ পৰা পিলিঙা এটাৰ উত্তৰ।
“এই অঞ্চলটোত চাগৈ তেৰখন গাওঁ নাই কিন্তু মই লিখি দিব পাৰো তাতকৈ বহু বেছি পাবত গজা সংগঠন আছে। এই জাকে কেৱল বিক্ষোভ কৰিব জানে আৰু সংগঠনৰ নেতাকেইটাই বহি বহি খায়। পথ অৱৰোধ এটা নতুন বেমাৰ শিপাইছে অসমত। ‘অসম বন্ধ’ বেমাৰত আক্রান্ত ৰাজ্যখনত নতুনকৈ দেখা দিয়া ‘পথ অৱৰোধ’ বেমাৰে একেবাৰে নৰিয়া পাটিত শুৱাই থৈছে।” আন এজনে ক’লে।

হঠাত কেমেৰা লৈ কোনোবা নিউজ চেনেলৰ দুটামান ৰিপৰ্টাৰ অহা দেখি বেক চিটবয়জৰ গোটেই কেইটা ফুকলীয়া উৰি যোৱাদি গৈ কেমেৰাৰ সন্মুখত প’জ দিব ধৰিলে।
“হয় সত্যম শিৱম, ইয়াত পথ অৱৰোধ হৈ আছে। আৰু বহুত যান বাহন ৰৈ থাকিব লগাহৈছে। ভোকে পিয়াহে জৰ্জৰিত মানুহ বাছৰ ভিতৰত গৰমত অশান্তি পাইছে। মাটিৰ পট্টাৰ বাবেই এই অৱৰোধ হৈছে। আৰু প্রশাসনৰপৰা কোনো সদুত্তৰ নাপালে আগলৈ জংগী আন্দোলনৰ ভাবুকি দিছে অনশনকাৰী সকলে। এই সকলোবোৰ যি আপুনি একো নেদেখাকৈ ক’লে একেবাৰে আখৰে আখৰে মিলি গৈছে। মোৰ কাষত দুজন বাছযাত্রী উপস্থিত আছে। মই জানিব বিচাৰিম তেওঁলোকে কি ভাবে।” ৰিপৰ্টাৰজনে ক’লে।

“ভাবোতেটো বহুত কথাই ভাবো। ৰাতিৰ সপোনত দেখা কেটৰিনা কাইফ দিঠকতো কেতিয়াবা মোৰ কাষত থাকিব। মোৰ গৰম লাগিলে তাই মোক বিচনি মাৰি দিব। আৰু তাই কাষত থাকিলে মোৰ গৰম লগাটো স্বাভাবিক দিয়কছোন।” এটা পিলিঙাই কেমেৰালৈ চাই ক’লে।
ৰিপৰ্টাৰৰ নিৰ্দেশত কেমেৰা ততালিকে আন এটাৰ ফালে ঘূৰিল “আপুনি কিবা ক’ব?” ৰিপৰ্টাৰে সুধিলে।

“ধন্যবাদ। বহুদিন ক’ম ক’ম বুলি ভাবি আছিলো। কিন্তু সন্মুখত দেখিলেই কিবা নাৰ্ভাছ হৈ যাওঁ হে। মে মে মেমে মেঘালী আই লাভ ইউ” শ্বাহৰুখ খানৰ ষ্টাইলত অলপ বেকা হৈ হাত দুখন মেলি আনটো পিলিঙাই কেমেৰালৈ চাই ক’ব ধৰিলে।

হঠাৎ ৰিপৰ্টাৰৰ জুনিয়ৰ এটাই চিঞৰি উঠিল “দাদা, এইফালে আহক কিবা মিটমাট হৈছে। অৱৰোধ উঠাই ল’ব বোলে।”
ৰিপৰ্টাৰে কেমেৰামেনক লৈ সেইফালে দৌৰিল।

“আমাৰ আজি বাছৰ নায়কজনে আৰু এটা মিছ কল পথ অৱৰোধ কৰি থকা মানুহজাকৰ মাজত মাৰি দিলে। পুলিচে কন্দুৱা গেছ মাৰিছে বুলি ৰাইজ ছত্ৰভঙ্গ দিলে। পথ অৱৰোধ শেষ হ’ল।” বেক চিট বয়জৰ এটা ফুকলীয়াই চিঞৰি চিঞৰি বাছত প্রৱেশ কৰিলে।
“এহ এওঁ সঁচাকৈ কৈছে নে?” তাৰ পিছে পিছে গাড়ীত প্রৱেশ কৰা ড্ৰাইভাৰজনক বয়সষ্ঠ মানুহজনে সুধিলে।
“পথ অৱৰোধ শেষ হৈছে সঁচা। কিন্তু সি কোৱা কাৰণটো সঁচা নহয়। কিবা মিতমাত হ’ল আৰু দুয়োপক্ষৰ মাজত। ৰাইজ সোনকালে উঠক। আমি এতিয়া পলাব লাগে যিমান পাৰি সোনকালে।” ড্ৰাইভাৰে লৰালৰিকৈ গাড়ী ষ্টাৰ্ট দিলে।
লাহে লাহে গাড়ীখন পথ অৱৰোধ কৰি ৰখা মানুহজাকৰ মাজেৰে পাৰ হৈ গ’ল। ৰাজৰ লগতে সকলোৱে ডিঙি মেলি মানুহবোৰ চাব ধৰিলে। সকলো চাহ জনগোষ্ঠীৰ মানুহ। তাৰ মাজত এটা চাহ জনগোষ্ঠীৰ ল’ৰাৰ টি-ছাৰ্টটোলৈ চাই ৰাজৰ হাঁহি উঠিল।
টি-ছাৰ্টটোত দিনটোৰ আটাইতকৈ ডাঙৰ প্রশ্নটো লিখা আছিল “হোৱাই দিছ কলাবেৰী দি?”

ৰাজৰ হাঁহি শেষ ন’হলেই মাৰাত্মক গোন্ধটো আকৌ এবাৰ নাকত লাগিল। গোন্ধৰ পম খেদি যিখন মুখত ৰ’ল সি নিজেই আচৰিত হৈ থৰ লাগিল। এয়া যে কাষৰ চিটৰ নতুনকৈ বিয়া হৈ অহা ছোৱালীজনী। তাইৰ লাজত ৰঙা পৰি যোৱা মুখখন বাদ দি উৰহি গছৰ ওৰটোৰ ফালে এবাৰ চাই তাৰ সুধিবৰ মন গ’ল “হোৱাই দিছ কলাবেৰী দি?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments