বাস্তৱৰ দ্বিতীয়টো দিশ – চন্দনা শৰ্মা

ব্ৰিটিছে দেশ এৰা সময়ত দেশৰ শিক্ষিতৰ হাৰ আছিল বাৰ শতাংশ যিটো যোৱা ছয় দশকৰ নেৰানেপেৰা প্ৰচেষ্টাত আজি আহি চৌসত্তৰ শতাংশত উপনীত হৈছে৷ দিনে দিনে উন্নয়নৰ হাৰ বৃদ্ধি হোৱা বুলি বিভিন্ন পৰিসংখ্যাই দৰ্শাই আছে৷ তেন্তে কেৰোণটো ক’ত? বিকাশৰ জখলাত উৰ্ধগতিত আগবঢ়াৰ পিছতো দুই এক ঘটনাই আমাক জোকাৰি গৈছে কিয়?
উত্তৰবোৰ চাগে’ আমাৰ মাজতেই আছে৷ শিক্ষিত হ’লেও আমিবোৰ কুসংস্কাৰ মুক্ত হ’ব পৰা নাই৷ সঠিক দৰ্শন বা বৈজ্ঞানিক চিন্তাৰে মুকলি কৰিব পৰা নাই জীৱনৰ গতিপথ৷ ব্যৱস্থাবোৰ আমি নিজে নিজে গঢ়ি লৈছোঁ, নিজৰ সুবিধানুযায়ী৷ গতিকে সেই ব্যৱস্থাবোৰ সামাজিক হওক বা অৰ্থনৈতিক হওক, ৰাজনৈতিক হওক
2বা আধ্যাত্মিক হঁওক সকলোতে কিয় পঁয়ালগা অৱস্থা বিৰাজমান? ইয়াতেই আমাৰ চিন্তাৰ শুদ্ধতাৰ কথা আহি পৰে৷
সমাজ আৰু সাহিত্য সহচৰ৷ দুয়ো দুয়োকে প্ৰতিফলিত কৰে৷ একে সোঁতত প্ৰৱাহিত হয়৷ আজিৰ সময় বিকাশৰ গাঁথাৰে প্লাৱিত৷ উন্নয়ণ আৰু উন্নত জীৱনৰ ঢাক ঢোল বজাওঁতেই সময় সৰকি গৈ আছে৷ কিন্তু আমিবোৰ কিমান উন্নত? দিশবোৰ জানো আমি নিজেই নিৰ্ধাৰণ কৰো আহক৷
সৰু উদাহৰণ এটা দিছো৷ জাভেদ আখতাৰ চাহাৱে কৈছে যে চিনেমাই জীৱনৰ পৰা মৌলিকতা আহৰণ কৰে আৰু জীৱনে চিনেমাৰ পৰা অনুপ্ৰাণিত হয়৷ কথাষাৰ আমিও সমৰ্থন কৰো৷ চিনেমা জগত আৰু সমাজ দুয়োৰে মাজত ওতপ্ৰোত সম্পৰ্ক আছে৷ চিনেমাৰ কাহিনীভাগো সাহিত্যৰেই অংগ৷ একেধৰে বিভিন্ন চেনেলত প্ৰচাৰিত হোৱা ধাৰাবাহিক আৰু বিজ্ঞাপণ সমূহো৷ আজিকালি অলৌকিক কাহিনী, অপৰাধমূলক কাহিনী সম্প্ৰচাৰৰ ঢৌ আহিছে৷ প্ৰতিটো চেনেলত দেখিম নাগ- নাগিণ, তন্ত্ৰ – মন্ত্ৰ, ভূত – পিশাচৰ কাহিনী সম্প্ৰচাৰ হৈ আছে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহুল ব্যৱহাৰ আৰু বিকাশৰ দিনত এইবোৰ কাহিনীৰ সম্প্ৰচাৰৰ যুক্তি যুক্ততা কিমান? চেনেল কৰ্তৃপক্ষৰ কথা হ’ল টি.আৰ.পি.৷ আমি বাৰে বাৰে সেই কল্প কাহিনী চাই টি. আৰ. পি. বঢ়াই গৈ আছো আৰু চেনেল সমূহেও এয়া মাত্ৰ মনোৰঞ্জনাৰ্থে বুলি কৈ বাৰে বাৰে তেনেকুৱা ধাৰাবাহিকবোৰহে প্ৰচাৰ কৰি গৈ আছে৷ ম’বাইল ফোন ব্যৱহাৰকাৰী, দামী গাড়ী চলাব পৰা নাগ – নাগিনকো দৰ্শোৱা হৈছে, যিবোৰ একেবাৰে হাস্যকৰ৷ ইয়াত আমি সেই ধাৰাবাহিকবোৰৰ কুফল সমূহহে উনুকিয়াব বিচাৰিছো৷ কাৰণ এইবোৰ প্ৰত্যক্ষ কৰাৰ পিচত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ গ্ৰাসত থকা সমাজখনত কিমান প্ৰভাৱ পৰিছে সেয়া আমি দৈনিক খবৰ কাকত বা বাতৰি চেনেলত পায়েই থাকো৷
এই সুযোগতে আৰু এক ৰমৰমীয়া ব্যৱসায়ৰ কথা উল্লেখ নকৰিলে নহ’ব৷ সেয়া হৈছে মন্ত্ৰপুত বিভিন্ন তাবিজ, মালা আৰু অন্যান্য বস্তুৰ বিজ্ঞাপনসমূহ৷ জৰা পানী, পৰস্ত্ৰীৰ আসক্তি দূৰিকৰণ, ধন সম্পত্তিৰ যোগ আনি দিয়াকে আদি কৰি বিভিন্ন সমস্যা দূৰ কৰিব পৰা এই স্বয়ম্ভূ ভগৱানসকলৰ প্ৰকোপৰ পৰা সমাজখনক বচাব কোনে? ভাৰতৰ অন্য ৰাজ্যসমূহত এনেকুৱা পৈশাচিক আচৰণ বা ব্যৱসায়ত লিপ্ত বহুতো বাবা – গুৰুৰ ইতিমধ্যে মুখা সুলকি পৰা ঘটনা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত – প্ৰচাৰিত হোৱাৰ পিচতো আমাৰ ৰাইজে একো শিকাই নাই যেন অনুমান হয়৷
ডকমকা কাণ্ড বা ডাইনী হত্যাৰ কাহিনী বোৰ শুনিলে নিজৰ গাৰ নোম শিয়ঁৰি উঠে৷ একেই তেজ মঙহৰ শৰীৰ এটাক কেনেদৰে এগাল পিশাচে মৰিয়াই মৰিয়াই বা জুই জ্বলাই মৃত্যুৰ দুৱাৰডলিত ঠেলি দিব পাৰে? কিন্তু এনেকুৱা বিকৃত মানসিকতা পুহি ৰখা সমাজখনে তেনেকুৱা কৰাটো একো ডাঙৰ কথা নহয়৷ সৰু সুৰা নিদৰ্শন আমি যৌতুকৰ বলি হোৱা মহিলাসকলৰ গাতেই দেখা পাই থাকো৷ হয়, সকলো সময়তে কুসংস্কাৰ নহয়, কুসংস্কাৰৰ দোহাই দি তাৰ আলমতে নিজৰ বিকৃত মানসিকতাৰে ব্যক্তিগত স্বাৰ্থপূৰণ কৰাও দেখিবলৈ পাও৷ অৱশ্যে অসমীয়া বোলছবি “বাঁকৰ পুতেক”ৰ নাম এইখিনিতে লব লাগিব৷ ইয়াত অতি সাধাৰণভাৱে বৈজ্ঞানিক বিশ্লেষণৰ সহায়ত কাহিনীভাগ দেখুওৱা হৈছে৷
সদ্যহতে অবাধ ডাটা সুলভ মূল্যত বিক্ৰি হোৱাৰ কৃপাত য়ু-টিউবৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হৈছে৷ যাৰ ফলস্বৰূপে নাবালকসকলেও পৰ্ণগ্ৰাফীৰ সোৱাদ লবলৈ সক্ষম হৈছে৷ ৱাটছ্আপৰ নিচিনা আহিলাই এনেকুৱা প্ৰজাতিৰ ভিডিওৰ প্ৰচাৰ সুগম কৰি দিছে৷ তাৰ কুফলৰ বাতৰিও প্ৰকাশ হৈছে৷ নৱজাতকৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে৷ এইসমূহ তথ্যৰ পৰা ইয়াকেই ধাৰণা কৰিব পাৰি যে বিকৃত মানসিকতা আৰু কুসংস্কাৰ হাতে হাত ধৰি চলা বাবেই বিজ্ঞানৰ জয়যাত্ৰাৰ দিনতো মানৱতাৰ অপমৃত্যু হৈছে৷
দূৰত আৰ্তনাদৰ ধ্বনি শুনিও আমি সজাগ হোৱা নাই৷ চৰকাৰী নীতি প্ৰকল্পসমূহ ধোৱাচাঙত তুলি নিজৰ স্বাৰ্থসিদ্ধি কৰাত লাগি গৈছো৷ ইতিহাসৰ পৰা আমি একো শিকাই নাই৷ এনেকুৱা এখন সমাজ, এনেকুৱা জাতি এটা কোনবাটে? “ধৰ ঝাড়ু ভাই” বুলি আহক নিকা কৰো মনৰ ধূলিবোৰ৷ তমসো মা জ্যোতিৰ্গময়৷  ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক