বাৰাংগনাৰ জুপুৰি -পৰী পাৰবীন

 চতু্ৰ্থ খণ্ড

পাপনৰ গান, ধ্ৰুৱমৰ স্মৃতি আৰু নীলচ ব’ৰৰ সূত্ৰৰে ঋণাত্মক শক্তিবোৰৰ আধানশূণ্য কৰি থাকোতেই অলংকৃতাৰ ফোনটো বাজি উঠে৷ আদালতৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ফোনটো ৰিচিভ কৰো বুলিও তাই ৰিচিভ কৰিব নোৱাৰে৷ গাড়ীৰ সন্মুখৰ চিটত গাড়ীচালক ৰমেশ৷ কিছুমান কথা বৰ গোপন; যিহৰ খবৰ ঘৰৰ চাৰিকোণৰ দেৱালখনৰ বাদে কাকোৱেই জনোৱা নাযায়, তেনেবোৰ কথা এইসময়ত তাই কিদৰে পাতে? কিন্তুু তাইৰ বাবে ফোনকলটোও সমানেই দৰকাৰী৷ কঞ্জনীলক বুজোৱা দৰকাৰ৷ তাক বুজাবলৈকে অন্ততঃ এটা পৰিবেশ লাগে৷ কিন্তুু ক’ত যে পায় সেই পৰিবেশ? ফোনটো ৰিচিভ কৰিলে তাই, মুকলিকৈ কথা পাতিব নোৱাৰি মাথোঁ কৈ থ’লে, “কঞ্জনীল, মই তোমাক আধাঘণ্টা পিছত ফোন কৰি আছো হ’বনে”?
প্ৰকৃতিস্থ অৱস্থাত নাছিল কঞ্জনীল৷ তাৰ মাততে বুজা যায় সেই কথা৷ কি লৈ আছে সি, কি নিচাৰে আছন্ন হৈ পৰিছে তাৰ বিষাদবোৰ, তাই বুজে, ক’ৰবাত যেন তাই বিধ্বংসী ধুমুহাৰ উমান পাই যায়৷ নিম্নস্বৰেৰে শূন্যতা ভৰা কণ্ঠেৰে সি কয়,
“বাইদেউ, মই সিদ্ধান্ত ল’লো, তাইক ইয়াৰ পৰা পঠিয়াই দিম৷”
পঠিয়াই দিব? ক’লৈ পঠিয়াই দিব? পুনৰাই কিবা সুধিবলৈ ভয় লাগে তাইৰ৷ জানোচা সি কৈ দিয়ে, “উল্কিক লৈ যাওক বাইদেউ” বুলি৷ এই ভাবনাটি অহাৰ লগে লগে বৰ অসহায় অসহায় লাগিল তাইৰ৷ নিজৰ পুৰুষৰ মাজত কি এক নিৰাপত্তা থাকে, হাজাৰ মূল্যৰ বিনিময়তো নাৰীয়ে যি ত্যাগ কৰিব নিবিচাৰে৷ মুহূৰ্ততে অস্থিৰ হৈ পৰে অলংকৃতা, হীনমন্যতাই ক্ৰিয়া কৰি যায় দেহ-মনত৷ এই যেন এই মুহূৰ্ততে সেই সৰুফুটীয়া ছোৱালীজনীৰ ওচৰলৈ দৌৰ মাৰি যাব, তাইৰ ভৰিদুখনত ধৰি ক’ব, “প্লিজ উল্কি, তুমি মোৰ সংসাৰৰ পৰা আঁতৰি দিয়া৷ বিনিময়ত যি লাগে লৈ যোৱা”৷ যেন কঞ্জনীলকে কৰযোৰে কাতৰ অনুৰোধ কৰিব তাই, “কঞ্জনীল, তুমি তোমাৰ পত্নীক সুখী কৰা, তাই যি বিচাৰে তাকেই দিয়া, মাথোঁ ইয়াৰ পৰা লৈ যোৱা”৷ নহ’লেবা আলট্ৰাচৰ বুকুত মূৰ আফালি দাবী জনাব, “আলট্ৰাচ মোৰ৷ তোমাৰ সন্তানৰ খাতিৰত উলটি আহা৷ যি বিচাৰা তাকেই দিম আল্ট্ৰাচ৷ মাথোঁ ঘূৰি আহা”৷
গধুৰ হুমুনিয়াহ এটাই গাড়ীৰ ভিতৰখন গধুৰ কৰি তোলে৷ গ্লাচখন খুলি দিয়ে তাই৷ ওন্দোলা আকাশ, খহি পৰিব যিকোনো মুহূৰ্ততে৷ আগতে এনে পৰিবেশত আল্ট্ৰাচৰ সৈতে ক’ৰবালৈ গ’লে কিমানবাৰ যে সাৱটি নধৰিছিল তাইক৷
কঞ্জনীলৰ ফোনটো সামৰি থয় তাই৷ এতিয়া ইয়াত গধুৰ উশাহ৷ এই গধুৰ উশাহবোৰত সি বাট হেৰুৱাব৷ বাট হেৰুৱালে অবাটে যাব৷ অবাটে গ’লে পৰোক্ষভাৱে তায়েই দায়ী হ’ব৷ তাই দায়ী হ’লে গোটেই জীৱন বিবেক দংশনত ভূগিব৷ বিবেকৰ বশ হৈ থকালৈকে সেয়া হ’বলৈ তাই দিব নোৱাৰে৷ উল্কিৰ বিষয়ে তাই খুব বেছি কথা নাজানে৷ সাতবছৰ প্ৰেমৰ অন্তত বিবাহ হেনো উল্কি আৰু কঞ্জনীলৰ৷ যোৱা তিনিবছৰৰ পৰা উল্কি আলট্ৰাছৰ ব্যক্তিগত সহায়িকা হিচাপে কাম কৰি আছেহি৷ কামৰ সৰু-বৰ নাই, সেই কথা তাই বুজে৷ কিন্তুু ঘৰৰ পৰা ইমান দূৰত থাকি কাম কৰিছে যেতিয়া সেই কামৰ কিছু গুৰুত্ব নোহোৱা নহয়৷ তাইৰ জানিবলৈ মন গ’ল, কি’হৰ প্ৰয়োজনত ঘৰ আৰু স্বামীৰ পৰা দূৰৈত থাকি এটা ব্যক্তিগত খণ্ডত সীমিত আয় উপাৰ্জন কৰিব লগা হৈছে৷ আত্মীয় কুটুম্বৰ কাষত থাকিও তেনে পৰিমাণৰ আয়ৰ পথ এটা হয়তো তাই উলিয়াব পাৰিলেহেঁতেন৷ সুধিব লাগিব কঞ্জনীলক, সুধিব লাগিব কেতবোৰ কথা৷ কিহ’ৰ তাড়নাত উল্কিয়ে নকইনা সাজেৰে স্বামীৰ ঘৰৰ পৰা ওলাই আহি এক অচিনাকি ঠাইত অকলশৰীয়াকৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত ল’ব লগা হ’ল? কঞ্জনীলৰ মৰমে কিয় তাইক ধৰি ৰাখিব নোৱাৰিলে? এয়া অৰ্থনৈতিক স্বাধীনতাৰ নামান্তৰ নে ব্যক্তিগত প্ৰয়োজনীয়তাৰ স্বাক্ষৰ? যদিওবা এয়া তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তুু ইয়াৰ পাৰ্শ্বক্ৰিয়াই তাইৰ সংসাৰখন থানবান কৰি পেলোৱাৰ উপক্ৰম হৈছে৷ শুনিব নিবিচাৰিলেও কিছুমান কথা শুনিব পৰাকৈ তাই সবল হ’ব লাগিব৷ আলট্ৰাচ আৰু উল্কিৰ আকৰ্ষণ কিমান পৰ্যায়লৈকে সেই কথা তাই জানিব লাগিব৷ বিশ্লেষণ কৰিব লাগিব কেতবোৰ তথ্য৷ বিবাহিত দম্পতীৰ মাজত ভাঙোন আনিব পৰা কেতবোৰ কাৰকক চিনাক্তকৰণৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ এই কাৰকে তাইৰ দৰে শৰীৰ মনৰ দৃঢ়তা থকা সকলৰ কথা বাদেই, ক্ষতি কৰি তুলিব পাৰে সমূহ প্ৰজন্মক৷
এইখিনিতেই প্ৰশ্নবোৰ জটিল হৈ পৰে৷ প্ৰেমেইতো হয় এয়া৷ যদিও এই প্ৰেম অসংগত, অস্বীকৃত৷ তথাপি.. তথাপি……ক’ৰবাত আঁত হেৰুৱায় উত্তৰবোৰে৷ তাইৰ ওচৰত নাই একো প্ৰশ্নৰে উত্তৰৰ৷ পকনীয়াত পৰে সমস্ত অনুভৱ৷ সূত্ৰত নিমিলে জীৱন, সূত্ৰত নিমিলে প্ৰেম, সূত্ৰত নিমিলে মানৱ-মন, সূত্ৰত নিমিলে আবেগ-অনুভূতি ইত্যাদি ইত্যাদি৷
উসঃ!
অলংকৃতাই ঘোটঘোটকৈ বটলৰ পৰা পানী দুঢোক গিলি লয়৷ অস্থিৰ হৈ পৰিছে তাইৰ মন৷ মনৰ পাৰাস্তম্ভ এই উঠিছে, এই নামিছে৷ সৰু সৰু কথাবোৰে আগতেও তাইক বৰকৈ আমনি কৰিছিল৷ যিদৰে আল্ট্ৰাচে নতুনকৈ কিনা গাড়ীখনত যেন তাইৰেই কেৱল আধিপত্য আছিল৷ সন্মুখৰ ছিটত এদিন কোনোবা ছোৱালী এজনী বহি যোৱাৰ খবৰ পাই তাই উন্মাদ আচৰণ কৰিছিল৷ সিদিনা আল্ট্ৰাচে তাইক বুজনি দিছিল, ব্যৱসায়ৰ খাতিৰত এয়া জৰুৰী বুলি৷ বুজাইছিল সি৷ বুজিছিল তাই৷ তাৰ মাজতো কাঁইটৰ খোঁচ এটা লৈ দায়িত্ব পালন কৰি গৈছিল৷ সন্তানৰ দায়িত্ব, ঘৰখনৰ দায়িত্ব, দেশৰ-দহৰ দায়িত্বৰ মাজত তাইৰ নিজৰ প্ৰয়োজনসমূহ জলাঞ্জলি দি গৈছিল৷ দুখ বুলিতো একো নাছিল৷ সুখ বুলিবলৈ লাইব্ৰেৰীৰ ৰূমটো, য’ত জ্ঞানৰ সম্ভাৰেৰে অসংখ্য কিতাপ৷ প্ৰেমত পৰিছিল কিতাপৰ৷ কেৱল আইনেই নহয়, সমাজৰ বিষয়ে, ধৰ্মৰ বিষয়ে, শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰি সন্ধান কৰিছিল জীৱনৰ অলেখ নজনা প্ৰশ্নৰ উত্তৰৰ৷
দুখৰ নে আবেগৰ ভৰবোৰ বুকুলৈ নামি কেতিয়াবা কথাবোৰ সহিব নোৱাৰা হৈ কৰি তোলে৷ পুৰুষৰ প্ৰতি বিতৃষ্ণা ভাব জন্মাৰ সময়তে তাইৰ ধ্ৰুৱমলৈ মনত পৰে৷ লাইব্ৰেৰী ৰূমটোত সোমাৱাৰ লগে লগে এনে লাগে যেন ধ্ৰুৱম আহি কাষতে বহিছেহি৷ যেন বুজাই গৈছে তাইক তাই বুজি নোপোৱা জটিল সূত্ৰসমূহ৷ আঙুলিটোও চুই নোপোৱা ধ্ৰুৱমৰ প্ৰতি তাইৰ কি প্ৰেম সেই কথা নাজানে৷ মাথোঁ জানে, সেই আঙুলিটোৱে সকলোৰে অলক্ষিতে তাইক তুলি ধৰে৷ প্ৰতিবাৰ বিপৰ্যয়ৰ সময়তে সেই সত্তাটোৱে তাইক জীৱনবোধৰ বাণী শুনাই যায়৷
“প্ৰেম মানে কি জাননে কৃতা? ”, এদিন অকস্মাতে কলেজৰ পৰা ওভটাৰ পথত চাইকেল লৈ ৰৈ আছিল সি, কেৱল তাইক এই প্ৰশ্নটো সুধিবলৈকে৷
“চা দেই ধ্ৰুৱম, এতিয়া কলেজৰ পৰা ঘামি জামি আহিছো৷ প্ৰেমৰ সংজ্ঞা বিচাৰি ব’ৰ নকৰিবি মোক”৷
“ঠিক আছে৷ সময়ত দেখা যাব৷ ককায়েৰৰ লগত কাজিয়া লাগি তয়ো আহিবিচোন কেতিয়াবা মোৰ ওচৰলৈ”৷
সেই হুংকাৰ ভয় লাগি যায় অলংকৃতাৰ৷ কিছুমান সময়ত ধ্ৰুৱমক বৰ দৰকাৰ হৈ পৰে তাইৰ৷ লগে লগে তাইৰ কণ্ঠৰ সুৰ সলনি হৈ যায় তাইৰ৷
“আচ্ছা, কি ক’ব বিচাৰিছিলি ক’চোন”, লেনিয়াই লেনিয়াই তাই প্ৰশ্ন কৰে৷
“প্ৰেমৰ সংজ্ঞা সুধিছিলো”, সি পুনৰবাৰ সোধে৷
“তয়ে কৈ দেচোন বাৰু তোৰ মতে প্ৰেমৰ সংজ্ঞা কি”, পুখুৰীৰ পাৰৰ দীঘল বেঞ্চখনত বহি লয় দুয়োটা৷ শীতল মলয়াই ক্ষন্তেকতে জুৰ পেলায় তাইৰ দেহা৷ কিছুমানৰ সংগ যিকোনো পৰিবেশতে ভাল লাগে৷ তাইৰ বাবে ধ্ৰুৱমো তেনে এক সংগী৷
“এই যে তই সেউজীয়াখিনি বুকুত লৈ ঘূৰি ফুৰ, ৰামধেনুখনো সেইজীয়াই দেখা পাৱ’, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াস কৰ, ময়ো যদি সেই সেউজীয়াখিনিত সমানেই মতলীয়া হওঁ, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াসখিনিৰ স’তে তোক একাকাৰ কৰোঁ, তেতিয়াহ’লে আমাৰ প্ৰেম হৈ যোৱাটো স্বাভাৱিক”৷
এনে কথাবোৰে তাইৰ বুকুত আবেগৰ ভৰ তুলিব নোৱাৰে, ঘোপা দৃষ্টিৰে চাই পঠিয়ায় ধ্ৰুৱমলৈ, “অই তই এইবোৰ কথা কিয় কৈ আছ মোক, কেনেবাকৈ তই মোক ইনডাইৰেক্টলি প্ৰপ’জ কৰি থকা নাইতো”৷
সজোৰে হা হা হা কৈ হাঁহি উঠে সি, “তোৰ দৰে গেন্ধেলীজনীক মই প্ৰেমৰ প্ৰস্তাৱ দিম? হেৰ’, তোক দেখোন মই চেমিজ পিন্ধাৰ পৰাই লগ পাইছো”৷
গেন্ধেলী! ! ! ফুলা লুচিৰ দৰে মুখখন ফুলি আহে তাইৰ৷ ঘপকৈ উঠি কলেজৰ গেট পায়হি৷ পিছলৈ এবাৰ ঘূৰি চায়, কেনেবাকৈ সিও পিছে পিছে আহিছেনেকি? নাই৷ সি উঠি নাহে৷ সি ঠাইতে বহি থাকে৷ তাই নেদেখাকৈয়ে পুখুৰীৰ পাৰৰ বন এডাল উভালি সি পানীলৈ দলি মাৰে৷ চেমিজ পিন্ধাৰ পৰাই লগ পোৱা ছোৱালীজনীৰ সতে অন্য পুৰুষসত্তাক দেখিলে হয়তো সি বৰ কষ্ট পাব৷ বনডাল পানীলৈ দলি মাৰি দিয়াৰ পাছতেই সি সিদ্ধান্ত লয়, যাবগৈ সি৷ এই ঠাই এৰি সি যাবগৈ ক’ৰবালৈ৷ তাইক একো উমান নিদিয়াকৈ সি তাইৰ পৰা দূৰৈত অৱস্থান কৰিব৷ ক্ষণেপ্ৰতি তুলি ধৰিবলগীয়া হোৱা তাই বাৰু বৰগছজোপাৰ দৰে জী থাকিব পাৰিবনে, এই শংকাই শংকিত কৰি তোলে তাক৷ সেই শংকাতে আকৌ পিছৰদিনা তাইক সোধে,
“ডাৰউইনৰ তত্ত্বটো জাননে কৃতা”?
“নাজানো৷ কেনেকৈ জানিম মই ডাৰউইনৰ তত্ত্ব কি? মই কিবা তোৰ দৰে কিতাপৰ পোক নেকি?”, আগৰদিনাৰ খং মাৰ যোৱা নাছিল তাইৰ৷
“যোগ্য ভোগ্য বসুন্ধৰা বুলিও ক’ব পাৰ’ নতুবা চাৰভাইভেল অৱ দ্য ফিটেষ্ট বুলিও ক’ব পাৰ’, পৃথিৱীত যোগ্যজনহে জীয়াই থাকিব পাৰে৷
“যোগ্য নহ’লে? ”, তাই প্ৰশ্নবোধক চাৱনি এটা নিক্ষেপ কৰে তালৈ৷
“কোনো এক নিয়মৰ মাজেৰে সেইজন হেৰাই যোৱাৰ উপক্ৰম ঘটে”, গহীন সুৰ টানি সি উত্তৰ দিয়ে৷
ভয় লাগি যায় তাইৰ৷ তাই যে লতিকাডালৰ দৰে ইমান দুৰ্বল, ধ্ৰুৱমৰ আঙুলিটো নহ’লে বাৰে বাৰে বাগৰি পৰিব খোজে, তাই বাৰু এই পৃথিৱীখনৰ বাবে যোগ্য হৈ উঠিবনে?
তাইৰ চিন্তান্বিত মুখখনলৈ চাই সি পুনৰাই কৈ উঠে, “ইমান চিন্তা কৰিব নালাগে দে, ভগৱানে তোক পৃথিৱীলৈ পঠিয়াইছে মানে যোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছ কাৰণেহে পঠিয়াইছে৷ ভগৱানৰ বিচাৰক শুদ্ধ প্ৰমাণ কৰাৰ দায়িত্ব তোৰ৷ যিকোনো পৰিস্থিতিকে তই হাঁহিমুখে আঁকোৱালি ল’বি, দেখিবি কঠোৰ পৰীক্ষাবোৰ তই হেলাৰঙে পাৰ হৈ যাব পাৰিছ”৷
অনৰ্গল কৈ যায় সি৷ অলংকৃতাই বুজি নাপায় আধাখিনি কথা৷ তথাপি কথাবোৰে বুকুত বাহ বান্ধিছিল চাগৈ৷ নহলেনো পোন্ধৰবছৰৰ মূৰত সেই কথাবোৰত তাই অজান প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰেনে?
গাড়ীৰ দুৱাৰ খোলাৰ শব্দত সচকিত হৈ উঠে তাই৷ ৰমেশে পিছলৈ আহি গাড়ীৰ দুৱাৰ খুলি দিছে৷ গম নোপোৱাকৈয়ে তাই ঘৰ পালেহি৷
ছেহ! কিবোৰ যে ভাবি থাকিল তাই৷ ঘৰলৈ গৈয়ে তাই ছাদৰ কোণ পালেগৈ৷ আলট্ৰাচ আজি ঘূৰি অহাৰ কথা৷ সি বাৰু কিবা গম পাইছেনে? তাৰ সন্মুখীন হ’ব পৰাকৈ তাই ধৈৰ্য ধৰি থাকিব পাৰিবনে? কথাবোৰ ভাবি ভাবি তাই ফোনটোত কঞ্জনীলৰ ফোন নম্বৰটো বিচাৰি উলিয়ালে৷
“বাইদেউ কওক”, সিমূৰৰ পৰা কঞ্জনীলৰ জড়কণ্ঠ৷ ভিতৰি ভিতৰি যে সি অৰ্ধমৃত হৈছে, তাৰ মাততে বুজা যায়৷ তাই ইতিমধ্যে নিজকে তুলি ধৰিছে, ভগৱানক বাৰে বাৰে খাটিছে, “মোক সেই বৰগছজোপাৰ দৰে মহীয়ান কৰি তোলা ভগৱান, মোৰ ছায়াই আৱৰি ল’ব তোমাৰেই সৃষ্ট সহস্ৰ পক্ষী-লতা”৷
মৌন হৈ ৰ’ল তাই৷ সান্ত্বনা দিয়াৰ যোগ্যতা আছেনে তাইৰ? সি যদি ওলোটাই কৈ দিয়ে, “বাইদেউ মোৰ কথা বাদ দিয়ক৷ আপুনি নিজকে সান্ত্বনা দিয়ক” বুলি৷ বৰ স্পষ্টবাদী লৰাটো৷ লগতে জটিল অৰ্ধেক প্ৰশ্ন৷
সি সুধিলে, “বাইদেউ আপোনাৰ অলপোৱেই কষ্ট হোৱা নাই? ”
কি অদ্ভুত প্ৰশ্ন তাৰ! যেন তাই কষ্ট পালেই তাৰ দুখৰ জলঙা সৰকি সোমাই আহিব নতুন ৰ’দৰ জিলিঙনি৷ ভুল ভুল! তোমালোকৰ এয়া ভুল মনোবৃত্তি৷ পৃথিৱীখনে কিয় বিচাৰে তাই কষ্ট পাওক, কিয় বিচাৰে তাইৰ স্বামীয়ে, কিয় বিচাৰে সেই পৰনাৰীয়ে, সেই নাৰীৰ স্বামীয়েনো কিয় বিচাৰিছে তাই কষ্ট পাওক৷
শেঁতা জোনটো ঢিমিক ঢামাককৈ জ্বলি উঠিছে৷ এৰিকাপামৰ লাহী গাটো হালিছে৷ তাইৰ বুকুখন দুৰু দুৰুকৈ কঁপিছে৷ কঞ্জনীলে সেই নাৰীক ত্যাগ কৰাৰ কথা কৈছে৷ তাইৰ পৃথিৱীখনৰ ক’ৰবাত কিন্তুু প্ৰেম এতিয়াও আছে৷ এতিয়াও তাই প্ৰস্তুত হৈ উঠা নাই স্বামীক ত্যাগ কৰিবলৈ৷ নাৰী আৰু পুৰুষৰ এয়া কি অহমিকাবোধ৷ পুৰুষে নিজৰ নাৰীগৰাকীক যিমানেই আটোলটোলকৈ নাৰাখক কিয়, সামান্য দোষত সিহঁত প্ৰতিশোধপৰায়ণ হৈ উঠে৷ তাৰ বিপৰীতে নাৰীগৰাকীয়ে পুৰুষৰ দোষবোৰৰ সতে মোকাবিলা কৰে৷ এটা কথা তাই বুজি নাপায়, তাই আৰ্থিকভাৱে সক্ষম, মানসিকভাৱেও তাই নিঃসংগ নহয়, কিছুমান ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজনো গৌণ, অথচ তাই আল্ট্ৰাচৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই কিয়৷
“জানেনে বাইদেউ, সিহঁত দুয়োটা একেলগে হোটেলত আছিল”?
“নাই”, এক বিকট চিঞৰত যেন জোনটো থপৰাই সৰি পৰিল৷ জোনটোৰ সৈতে যেন ফোনটোও হাতৰ পৰা ছাদৰ ওপৰত পৰি গ’ল৷ বুকুৰ ভিতৰত এজাকমান বৰলে বিন্ধিবলৈ ধৰিলে৷ সংজ্ঞাহীন হৈ পৰাৰ আশংকাত তাই তললৈ নামি আহিল৷
মিছা৷ মিছা। এই কথা মিছা৷ সিহঁতে একেখন হোটেলত থকা নাই৷ থাকিলেও বেড শ্বেয়াৰ কৰা নাই৷ তেওঁৰ কাষত কেৱল তাই, তাই মানে অলংকৃতা৷ অলংকৃতা আৰু আলট্ৰাচ৷ আলট্ৰাচ আৰু অলংকৃতা৷ এয়াহে সত্য৷ বাকীবোৰ অপবাদ৷ তাইৰ অন্তৰাত্মাই কয় সেই কথা৷
কাঁচৰ ফ্ৰেমেৰে বন্ধা সিহঁতৰ যুগ্ম ফটোখনৰ ওচৰত ৰৈ তাই প্ৰশ্ন তোলে আলট্ৰাচক, “কৈ দিয়া আল্ট্ৰাচ, মোৰ ল’ৰাৰ শপত, সঁচা কথা কোৱা৷ কৈ দিয়া পৃথিৱীয়ে কোৱা কথাবোৰ মিছা বুলি”৷
আল্ট্ৰাচ মৌন হৈ ৰয়৷ তাইৰ খং চৰে৷ কঞ্জনীলে কোৱা কথাবোৰ সঁচা নেকি? কিয় মনে মনে ৰয় তাইৰ স্বামী?
“আল্ট্ৰাচ৷ আল্ট্ৰাচ৷ মোৰ চকুলৈ মূৰ তুলি চোৱা৷ কোৱা এবাৰ৷ সেই নাৰীৰ ওচৰত মোক সৰু কৰা নাই বুলি এবাৰলে কোৱা আলট্ৰাচ”৷
আল্ট্ৰাচ মনে মনে ৰয়৷ তাইৰ ধৈৰ্যৰ বান্ধ খোল খাই যায়৷ তাই নাজানে পু্ত্ৰদ্বয় ক’ত আছে৷ পাহৰি যায় বনকৰা মানুহগৰাকীৰ উপস্থিতিও৷ বিকট চিঞৰ মাৰি ফটোৰ ফ্ৰেমটো দাঙি মজিয়ালৈ দলি মাৰি দিয়ে৷ ঠনঠনকৈ ভাগি যোৱা কাঁচৰ শব্দত দুইপুত্ৰ দৌৰি আহে৷ সৰুটিয়ে গোল গোল চকুহাল ডাঙৰ কৰি ভয়াৰ্ত দৃষ্টিৰে ককায়েকক প্ৰশ্ন কৰে,
“মা ভূত বনি গ’ল নেকি দাদা? ”
তাইৰ সম্বিত ঘূৰি আহে৷ এয়া কি কৰিছে তাই? কিয় এনেখন কৰিছে তাই? আসঃ! অন্তৰভেদি উদগীৰণ হোৱা আগ্নেয়গিৰিয়ে ছাৰখাৰ কৰি পেলাব নেকি তাইৰ সৌম্যতাৰ প্ৰতিমূৰ্তি? পুত্ৰৰ ওচৰত কি জবাব দিব এই আচৰণৰ?
দুই পুত্ৰক আকোঁৱালি লয় তাই৷ কাঁচৰ টুকুৰাবোৰ তাতে এৰি তাই শোৱনি কোঠাত পৰি ৰয়৷
চিলমিলকৈ অহা টোপনিতে তাই বিৰবিৰাই যায়,
“মোৰ বিপন্ন লগনৰ সাক্ষী হৈ ৰোৱা জোনাকী টঙীঘৰ, খহটা শিলৰ উজুটিৰ পৰা তুলি ধৰচোন মোক৷ তুলি ধৰচোন মোক দুপাখি মেলি, তোৰ মেঘৰ ডৌকাৰে মোৰ আলসুৱা কলিজা সাৱটি তুলি ধৰচোন এবাৰলৈ৷ মনত আছেনে তোৰ, তোক যে মই কথা দিছিলো, বিষাদৰ মৰল ঘৰত তলা লগাম মই৷ শুনচোন৷ মোৰ হেনো কথাত ছন্দ নাই৷ সেয়ে কথাবোৰ কবিতা নহ’ল৷ মোৰ হেনো গানতো ছন্দ নাই৷ সেয়ে গানবোৰো সুৰ নহ’ল৷ কি কৰো ক’? মোৰ প্ৰেমত সামন্তবাদী পুৰাতন খামোছ৷ যুগৰ লগত তাল মিলাব নোৱাৰি দ-খাৱৈত ককবকাই ৰোৱা মোৰ বিষাদ৷
চিন্তা নকৰিবি পিছে৷ মই ভাগি নপৰো৷ একোকে লৈ আক্ষেপো নকৰো৷ অলপ পৰৰ মাথোঁ মৌনতা৷ জীৱনৰ কিম্বা হিচাপ-নিকাচৰ”৷
(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments