বাৰিষাৰ বৰষুণ (মিতালী গোস্বামী)

বাৰিষাৰ বৰষুণ

বাৰিষাৰ বৰষুণ এজাকৰ দৰেই হঠাৎ আহি উপস্থিত হ’ল ৰত্নকাই।
:এই পুৱাই তই ক’ৰপৰা আহিলি?
মোৰ সহজ প্রশ্নৰ উত্তৰটো তেনেই সহজভাৱে দিলে তেওঁ ,
:সৰুবোপালৈ বস্তুকেইপদমান আনিছিলোঁ। লগতে এয়া…। মাৰাই তহঁতলৈ দি পঠিয়াইছে।
জানো, মাৰ মৰম তেনেই। হাজাৰ আঁতৰত থাকিলেও মানুহজনীৰ অন্তৰখন সদায়েই আমাৰ নামত ব্যাকুল হৈ ৰয়। ভাবে হয়তো তেওঁ; গাঁৱৰ কেঁচা মাটিৰ গোন্ধ থকা বস্তুবোৰৰ অভাৱত আমি লেৰেলিবলৈ ধৰিছোঁ।
পাতল পলিথিন ঠোঙাটোৰ মাজত নাছি থকা জীঁয়া মাছকেইটালৈ মোৰ চকু গ’ল। জিভাখনচোন কিবা লক্‌লকাইছে। মাৰ মৰমৰ লগতে মিহলি হৈছে বহু কিবাকিবি।
০০০
:আহ্‌, ভিতৰলৈ আহ্‌।
মানুহজনক মই আগবঢ়াই আনিলোঁ । সৰুকণৰ হোষ্টেলৰপৰা তিনি কিলোমিটাৰ বাট খোজ কাঢ়ি অহা মানুহজনক ভাগৰুৱা যেন লাগিল। মঙহাল ভৰি দুখন কেনে শুকান হৈ পৰিছে! কষ্ট আৰু দৰিদ্রতাৰ উৎপীড়ন! ফেনখন চলাই দিলোঁ।
:মল্লিকা…অ’ মল্লিকা।
মল্লিকাক দুবাৰমান চিঞঁৰিলোঁ। নাই, মাত-বোল নাহিল।
:থাওঁক দে। ব্যস্ত আছে চাগে।
ৰত্নকাইৰ কথাত বেঙাৰদৰে হাঁহিলো মাথোঁ মই। দেখিছোঁ পর্দাৰ ফাঁকেৰে কাষৰ ৰূমটোত তেওঁৰ লচ্‌পচনি। ৰত্নকাইৰ দৰে মানুহবোৰ আহিলে মিছা ব্যস্ততা দেখুওৱাটো এক প্রাত্যাহিক নিয়মত পৰিণত হৈছে মল্লিকাৰ।
:তই বহ্‌ । চাহ একাপ ময়েই কৰোঁ।
:নালাগে দে বাপু।
তেওঁ বাধা দিলে। মোৰ মগজুৱে অনুমতি নিদিলে! ভিতৰ সোমাই চচ্‌পেনটোত পানী দুকাপ ঢালি দিলোঁ।
০০০০
: ইচ্‌ ৰাম…! এইকেইটা মাছনে?
চাহৰ পানীখিনিয়ে ৰঙচুৱা বৰণ লৈছিলহে; মল্লিকাৰ মৰ্‌-চিঞঁৰত উচপ খাই উঠিলোঁ। জুইটো নুমুৱাই পাছফাল পালোগৈ; বেচিনটোত মাছকেইটা কিছুপৰ আগে মই থৈ আহিছিলোঁ।
:এই সৰু সৰু মাছসোপা… কি কৰিবলৈযে..! ছিহ্‌!
মোক দেখামাত্রেই মল্লিকাৰ চিঞঁৰৰ মাত্রা চৰিল। বেৰখনৰ সিটো পাৰে ৰত্নকাই বহি আছে। অথচ? কিযে হৈছে এই মানুহজনীৰ!
নিমিষতে প্রচণ্ড খং এটাই ব্রহ্মতালুত কামোৰ মাৰিলেহি। একেকোবে গৈ মাতাল মানুহৰ দৰে পলিথিনটোৰে সতে মাছকেইটা আঁতৰলৈ দলিয়াই পঠিয়ালোঁ। মুখ থেকেচা খাই মাটিত পৰি বেচেৰা মাছহঁত কক্‌বকাই উঠিল। মনটোৱে এক আসুৰিক শান্তি পালে। মল্লিকাৰ মুখখন শেঁতা পৰিছে! হয়তো ভয়ত!
ভয় মোৰো লাগিল। কাৰণ? যি ভয় কৰিছিলোঁ সেয়ে হ’ল। ৰত্নকাই আহি আমাৰ মাজত উপস্থিত। লাজ পালোঁ মই। মোক আচৰিত কৰি হঠাৎ মানুহজনে উচুপি উঠিল,
:তই খাই ভাল পাৱ বাবেহে..।
মুখেৰে একো নামাতিলোঁ মই। হয়; সৰুমাছ মোৰ প্রিয়। কিন্তু? খঙৰ ভমকত..!
নতুনকৈ চেতনা পোৱা মানুহৰদৰে পাছপাকতেই গৈ মাটিত নাছি থকা মাছকেইটাত মই খামোচ মাৰি ধৰিলোঁগৈ। আঁৰ চকুৰে মল্লিকালৈ চালোঁ। ৰঙা পৰা চকুহালেৰে তেৱোঁ মোলৈ চাইছে। মনটোৱে হঠাৎ মোক প্রশ্ন কৰিলে,
:সঁচাই বাৰু মাছেই বুটলিছোনে এয়া মই?
নাচি থকা মাছকেইটাৰ লগত আৰু কিবাকিবি যেন চকুৰ পলকতে মিহলি হৈ গৈছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments