বাৰেচহৰীয়া ভাওনা মহোৎসৱ -জামুগুৰি হাট (নয়ন জ্যোতি নাথ)

নাট খনৰ নাম ‘সীতা হৰণ বালি বধ’ আছিল। গাঁও বোৰত ভাওনা বুলি ক’লে যিটো পৰিৱেশৰ সৃষ্টি হয় সেয়া বুজা হোৱাৰে পৰা বুজি আহিছোঁ । অংশীদাৰ হ’বলৈ পালে আমাৰো ভাল লাগে। সকলো ফালে নুমাই যোৱা বিজুলীচাকি বোৰৰ মাজতেই কিছুমান কৰ্কশ, অদ্ভুত, অস্বাভাবিক মাতৰে যেতিয়া শূপৰ্নখাৰ প্রৱেশ হৈছিল, ভয়তে কাষত বহি ভাওনা উপভোগ কৰি থকা মানুহজনৰ মুৰত খুন্দা খাই দাঁত এটা হেৰুৱাইছিলোঁ । সেয়া চতুৰ্থ মানত পঢ়ি থকা দিনৰে কথা। তেতিয়াৰ পৰাই গাৱলীয়া ল’ৰা হিচাপে ভাওনাৰ প্রতি টান এটা আছে। মোৰ শিক্ষাগুৰু ‘শৰৎ’ চাৰৰ ৰামৰ ভাৱত তেতিয়াই আপ্লুত হৈছিলোঁ । মহিলাৰ চৰিত্র বোৰত পুৰুষ সকলেই অভিনয় কৰে বাবে বহু সময়ত বহুৱালিও হৈছিল। অৱশ্যে ভাওনা বোৰত বহুৱালিক গুৰুত্ব দিয়া হয় বাবে আমোদো লাগে সেয়া আমাৰ নিৰ্দিষ্ট গাঁওখনৰ উলহ-মালহৰ কথাহে।মোৰ লেখাটিৰ উদ্দেশ্য জামুগুৰীয়া ৰাইজে সমিলমিলেৰে পতা ‘বাৰেচহৰীয়া’ ভাওনাৰ প্ৰসঙ্গ উত্থাপন কৰা।বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপটোৱেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু । এই সোনশুৱনি অসমৰ অনুপম সংস্কৃতি বাৰেচহৰীয়া ভাওনাৰ বিচিত্ৰ মণ্ডপটি কোনো অভিজ্ঞ অভিযন্তাৰ দ্বাৰা পৰিকল্পিত নহয়। এই মণ্ডপটি সাজি উলিয়াইছে আপোন বুদ্ধিৰে আমাৰ উপৰিপুৰুষৰ সুযোগ্য উত্তৰাধিকাৰী গাঁৱৰ ৰাইজে।ক’বলৈ গ’লে এয়া জামুগুৰিহাট তথা অসমৰে এক বৃহৎ অনুষ্ঠান। জাতীয় সংস্কৃতিৰ এইপাহ সোণৰ বৰফুল। মুঠতে বাৰেচহৰীয়াৰ কথাই ‘দোচোৰা’।’আপুনি যেতিয়া এই বৈকুণ্ঠপুৰীত পদুমৰ পাহিৰ দৰে মঞ্চত চাৰিশ জন গায়ন-বায়নে সুনিপুন বেশভূষাৰে যোৰা উঠি বৰ ধেমালি কৰা দৃশ্যটো দেখিব, তেতিয়া ভাবিব যে ভিশান্তা-ৰামৰ ছবিৰ নাচৰ ‘টপশ্বট লোৱা দৃশ্যতকৈ ই কোন গুণে হীন?

অনুষ্ঠানটোৰ আৰম্ভণি অষ্টাদশ শতিকাৰ শেষাৰ্ধত হয়। সমগ্ৰ ঘীলাধৰীয়া অঞ্চল(জামুগুৰি হাট)ৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাৰ ফলতেই অনুষ্ঠানটোৱে প্ৰাণ পালে। ঐতিহাসিক ক্ষেত্র হিচাপে পৰিচিত জামুগুৰি হাট অঞ্চলৰ ‘পকামূৰা পথাৰ’ বাৰেচহৰীয়া ভাওনাৰ বৰ্তমানৰ স্থায়ী মণ্ডপস্থলী। সাধাৰণতে ৫ বছৰৰ মূৰে মূৰে ফাগুন বা চ’তৰ পূৰ্ণিমা তিথিত এই অনুষ্ঠানটো উলহ-মালহেৰে পতা হয়। পুৱাৰে পৰা ডবা-শংখ-কাঁহ তাল-খোল-মৃদংগৰ ধ্বনিৰে মুখৰিত কৰি শুকান নৰা গুচাই পতা বৃহৎ অনুষ্ঠানটোৱে আধ্যাত্মিক পৰিমণ্ডলৰ সৃষ্টি কৰে।শুকান পথাৰ হৈ পৰে মহামিলনৰ তীৰ্থ ভূমি। য’ত উচ্চ-নীচ, ধনী-দুখীয়াৰ ভেদ নাই।

বহুবাৰ মানুহৰ মুখত শুনিলোঁ, তোমালোকৰ জামুগুৰি হাট মানে সেই যে প্ৰায় পদুলিয়ে পদুলিয়ে নামঘৰ থকা অঞ্চলটো নহয় জানো? সঁচাকৈয়ে মন ভাল লাগি যোৱা কথা। ‘ধলাইবিল’ পাৰহৈ অলপদুৰ আহিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথটোৰ দুয়ো পাৰে ইমান ঘন-ঘনকৈ নামঘৰবোৰ আছে যে মানুহে পদুলিয়ে পদুলিয়ে নামঘৰ থকা বুলি কয়। অসমৰ আন কোনো অঞ্চলত এনেকৈ নামঘৰ থকা দেখা নাযায়। সোণালী জয়ন্তী গৰকা ‘ত্যাগবীৰ হেমবৰুৱা কলেজ’, দুশবছৰীয়া ঐতিহ্যৰ ‘জগদ্ধাত্ৰী মন্দিৰ’ (বামুন বাৰী), কোঁছগাঁৱৰ ‘কালীয়াদমন ক্ষেত্ৰ’,’পাঞ্চজন্য বৰনামঘৰ’, ঐতিহ্যমণ্ডিত ‘বাসুদেৱ থান'(শান্তিপুৰ), কীৰ্তন গৃহ(শ্ৰীমন্ত শংকৰ দেৱ সংঘ), তিনিশ বছৰ গৰকা ঐতিহ্য মণ্ডিত ‘চেউনী বটদ্রৱা থান'(শলগুৰি), ‘অন্ননোখোৱা থান'(ডেকা-সুন্দৰ), ‘বুঢ়াগোসাঁই দেৱালয়'(নন্দিকেশ্বৰ), ‘পিঠাগুৰি দৌল'(কুসুমটোলা), ‘সৌভাগ্য মাধৱ দেয়ালয়'(মাধৱ),’মাধৱ গোসাঁই থাম'(মুঢ়াদ’ল), ‘শুক্লেশ্ৱৰ দেৱালয়'(ভলুকাতল), ‘ন-ৰোৱা থান'(ন-ৰোৱা), আৰু কত যে কিমান! এয়া জামুগুৰিৰে ঐতিহ্য।অলপদুৰ আগুৱাই গ’লেই ‘নাগশঙ্কৰ মন্দিৰ’। ঐতিহাসিক ক্ষেত্র শোণিতপুৰৰ জামুগুৰি হাট অঞ্চলটি এই সমূহ ঐতিহ্যৰে জিলিকি আছে। বাৰেচহৰীয়া অনুষ্ঠানটিও ইয়াৰ মাজৰে এটি।

বাৰেচহৰীয়া শব্দটোৰ ‘বাৰে’ বা ‘বাৰ’ শব্দই গাণিতিক অৰ্থৰ সলনি বহুবচন প্রকাশ কৰে। এই কথাত ভুল কৰি জামুগুৰিৰ বাহিৰৰ বহুলোকে বাৰ বছৰৰ মূৰত হোৱা ভাওনা বুলি ভাবে। বহু সংখ্যক খেল বা গাঁৱৰ ৰাইজ লগহৈ পতা হয় বাবে অনুষ্ঠানটোক বাৰেচহৰীয়া ভাওনা বুলি কোৱা হয়। নিজা সাংস্কৃতিক পৰম্পৰাৰে সময়ৰ গতিত খোজ মিলাই এই অনুষ্ঠানটো ২১৬ টা বছৰ গতিত যতি নপৰাকৈ ধাৱমান হৈছে। ভগৱত প্ৰেম,ভকতি আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ বিধৌত শংকৰী কলা-কৃষ্টিৰ এক স্বৰ্ণসৌধ হিচাপে চিহ্নিত এই অনুষ্ঠানটো বৰ অসমৰ বৃহত্তম সমাজখনৰ ঐক্য-সংহতিৰ স্তম্ভ বুলিলেও বঢ়াই কোৱা নহয়।

‘বাৰেচহৰীয়া’ সম্পূৰ্ণ ৰূপে একে নহ’লেও অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহী নামৰ অঞ্চলত প্রায় একে ৰূপত ‘বাৰেখেলীয়া’ নামেৰেও এটা অনুষ্ঠান থকা বুলি গম পোৱা যায়।কিন্তু দুয়োটা অনুষ্ঠানৰে মাজত কেৱল অঞ্চল গত পাথৰ্ক্যই নহয় আন আন বহু দিশত অমিল দেখা যায়।বাৰেচহৰীয়াৰ মণ্ডপ খনিৰ কাৰুকাৰ্য বিশেষ ভাবে উল্লেখনীয়। চহা জীৱনৰ মনৰ চিন্তা, ঠেকি,দেখি-শিকি হোৱা অভিজ্ঞতাৰে পুষ্ট এই মণ্ডপ খনি।একেটা মণ্ডপৰ ভিতৰতে ১৫-২১ টা খেলে ভাওনা অনুষ্ঠিত কৰিবৰ বাবে নিজাকৈ নামঘৰৰ সুবিধা লাভৰ বাবে পৰীক্ষা মূলক চেষ্টা অব্যাহত ৰাখিলে। অৱশেষত এটা বৃত্তৰ ভিতৰত এখন সিংহাসনক কেন্দ্র কৰি সম্ভৱ হৈ উঠিল ১৫ৰ পৰা ২১ টা নামঘৰ। মণ্ডপটিৰ আকৃতি দেখাত ফুলি থকা এপাহি পদুম ফুলৰ আকৃতিৰ।প্রত্যেকটি সুকীয়া নামঘৰ বা খলাবোৰ যেন প্ৰস্ফুটিত পদুমৰ একো একোটা পাহি। কাঠ,বাঁহ,ৰাইডাং,বেত,ইকৰা,খাগৰি,খেৰ,তৰা, পাটীদৈ আদি প্রকৃতিয়ে দান দিয়া উপাদানবোৰেই মণ্ডপটি নিৰ্মাণৰ প্ৰধান উপাদান।প্ৰথমেই এই সৰল লোক সকলৰ মনত এইটো ধাৰণা নাছিল যে তেওঁলোকে নিৰ্মাণ কৰি থকা মণ্ডপ খনিয়ে এপাহ প্ৰস্ফুটিত কমলৰ ৰূপ ল’ব। চক্রাকাৰ মঞ্চ খনৰ লগত যুঁজ বাগৰ দি থকাৰ লগতে সময়ত গৈ বৃত্তাকাৰ ডাঙৰ মণ্ডপটি নিৰ্মাণৰ জোখ-মাখ আৰু কলা-কৌশলৰ উদ্ভাৱন হ’লগৈ।

চিত্র নং ২ত দেখুৱাৰ দৰে মণ্ডপৰ বৰ্ণনা এনে ধৰণৰ- ক/ সিংহাসন, খ/ নামাচাৰ্য, শৰণাচাৰ্য আদি বিশিষ্ট ভকত বহা স্থান, গ/ ভাৱৰীয়া সকল অহা-যোৱা কৰা ঠাই, ঘ/ ভাওনাৰ মূল ৰংগভূমি, ঙ/ দৰ্শক বা সামাজিক বহা ঠাই, চ/ বাটচ’ৰা, ছ/ছোঁ ঘৰ, জ/দৰ্শক আৰু ভকত সকল চাৰিওফালে ঘূৰা বৃত্তাকাৰ অংশ। ছোঁ ঘৰ, বাটচ’ৰাক সংলগ্ন কৰি গোটেই বৃত্তাকাৰ মণ্ডপটিৰ ব্যাসাৰ্দ্ধ ১৯৬ ফুট, পৰিধি ১২৩২ ফুট, মাটিকালি ১,২o,৭৩৬ বৰ্গফুট। মণ্ডপটিৰ কেন্দ্রীয় বৃত্তাকাৰ অংশৰ গম্বুজ আৰু কলচি বা চূড়া পৰ্যন্ত উচ্চতা প্রায় ৪৫ৰ পৰা ৫o ফুট। বৃহৎ কলচিটোৰ উচ্চতা প্ৰায় ছয় ফুট আৰু ব্যাস আঢ়ৈ ফুট। এই কলচিটোৰ সৌন্দৰ্য্যই বহু দূৰৈৰ পৰাই মানুহক আকৰ্ষণ কৰে।ভাওনাৰ প্রায় তিনি মাহ আগৰ পৰাই শিল্পি-খনিকৰে এই কলচিটো নিৰ্মাণ কৰে।

অপূৰ্ব মঞ্চ শৈলীৰে নিৰ্মাণ কৰা বাৰেচহৰীয়া ভাওনাৰ পদ্মাকৃতিৰ মণ্ডপটিত গভীৰ আধ্যাত্মিক আৰু তাত্বিক দৃষ্টিভংগীও নিহিত হৈ আছে বুলি ভবা হয়। চক্রাকৃতিৰ ৰংগমঞ্চক হিন্দু দৰ্শনৰ মতে সৃষ্টিৰ মূলাধাৰ ভগৱান বিষ্ণুৰ নাভিকমলৰ লগত তুলনা কৰা হৈছে।প্রতিখন ৰভাত দা খলাত থকা ১৪টা খুঁটাই হিন্দু শাস্ত্ৰত উল্লেখ থকা পাপ-পুণ্যৰ বিচাৰকৰ্তা চৈধ্যজন পৰিষদ সাক্ষীৰূপে অৱস্থান কৰি আছে বুলি বিশ্বাস কৰা হয়

বহু জনপ্রিয় বিখ্যাত অসমীয়াই এই বাৰেচহৰীয়াৰ গুণ গাই গৈছে। বনগীতৰ ওজা জনপ্রিয় শিল্পী গীতিকাৰ ৰুদ্ৰ বৰুৱাদেৱে লিখিছে- “সন্ধিয়া হোৱাৰ লগে লগে বন্তি জ্বলি উঠিছে। থাপনালৈ মূৰ দোঁৱাই গায়ন-বায়নে খোলত চাপৰ দিছে। জামগুৰিৰ পথাৰৰ আকাশ-বতাহ ৰজনজনাই গৈছে।…..কমেও ৪oহাজাৰ দৰ্শক।খেলে খেলে, খলাই খলাই বেলেগ বেলেগ ভাওনা- কোনোৱে ভীষ্ম পৰ্ব, কোনোৱে ৰাম বিজয়, কোনোৱে দ্ৰোণ পৰ্ব মঞ্চস্থ কৰিছে। ভাৱৰীয়া ওলাল কমেও চাৰিশ আৰু গায়ন-বায়ন গাওঁতা দুশ। একেলগে ইমান শিল্পীৰ সমাৱেশ বিৰল! বোধ হয় ভাৰতত এনে অনুষ্ঠান দ্বিতীয়টি নাই।” সংগীত সূৰ্য ড৹ ভূপেন হাজৰিকাদেৱে লিখিছিল- “বাৰেচহৰীয়া ভাওনা অকল জামুগুৰিৰে নহয়, ভাৰতৰো সম্পত্তি। আমাৰ প্রচাৰ নাই। আমি চিঞৰিব নাজানো। ঘৰৰ মুকুতাক আমিয়ে অৱহেলাৰ জাবৰেৰে ঢাকি থওঁ। সেয়েহে আমি মৰিছোঁ । জামুগুৰিৰ বাৰেচহৰীয়া ভাওনা আৰু মুকলি বিহুটোক ৰাষ্ট্ৰীয় সম্পদ কৰিব লাগিব। মই আকাশ বাণীৰ যোগেৰে এই কথা কৈছোঁ।”

কালৰ বুকুত হেৰাই নোযোৱাকৈ ৰক্ষা কৰা কলা-সংস্কৃতিত আগবঢ়া মোৰ এই মৰমৰ জন্মভূমি জামুগুৰি আৰু ইয়াৰ অতিকে আপোন জামুগুৰীয়া ৰাইজৰ প্রতিভাৰে সমৃদ্ধ এই প্ৰচেষ্টা ভৰলীৰ পাৰৰ পৰা ওলাই লুইতৰে ভটিয়াই যাওঁক। গংগা, যমুনা, গোদাবৰী, নৰ্মদাৰ পাৰত খলক লগাই জাতিষ্কাৰ হৈ পৰক, এই চিকমিকনিৰে গোটেই পৃথিৱী উজ্বলি উঠক।

(বি:দ্র: বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ স্মৃতিগ্র্রন্থৰ পৰা লোৱা তথ্যৰ সহায় লৈ প্রৱন্ধটি লিখা হৈছে।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments