বাৰে বাৰে তোমাৰ প্ৰেমত পৰোঁ (দীপালী বৰা)

গৰ্ভিনী ধানৰ ৰঙে
গধূলিবোৰ মেৰিয়াই আনিলেই
মই তোমাৰ প্ৰেমত পৰোঁ,
একাঁজলি একাঁজলিকৈ চপাই আনো
সুবাসী শিশিৰ
যেন ফটফটীয়া পানীৰ
নৈ এখনত বুৰ মাৰি নিকা হওঁ।

তুমি খিৰিকীমুখত বহি
বালিমাহী সময়ৰ
গীত এটি জোৰা।
মই আকাশৰ আঁচলৰ কপহুৱা বুটা লেখোঁ
আৰু তোমাৰ প্ৰেমত পৰোঁ।
তুমি নৈ এখন হৈ বোৱা
জোনাকৰ নৈ
সপোন হৈ ওমলে নৈপৰীয়া নিশাৰ
বা ৰিবৰিব বুকু
তুমি তৰুৱা কদমৰ পাতৰ
কোমল মিহি কঁপনিৰে
সোমাই আহাঁ গোপনে গোপনে
অন্তৰৰো অন্তৰলৈ।

তোমাৰ প্ৰতীক্ষাৰ ভিজা দিনবোৰ সামৰোঁ
দুচকুত সানি লওঁ
প্ৰীতিৰ কাজল,
আৰু উটি ভাঁহি ফুৰোঁ
কঁহুৱাবুলীয়া ৰাগি এটিত
আকাশৰ দুণৰিত এগচি মাটিৰ চাকি জ্বলে,
পোহৰ স্নিগ্ধ চাকি
তৰাবোৰ শেৱালি শেৱালি হৈ পৰে,

 

ৰ’দ গলা দিনত
তুমি নাচনী পৰুৱা হ’লে
আহিনৰ উচ্ছল বাটেৰে আহি
থুৰি কলপাত বৰণীয়া দিনবোৰে সঁজাল ধৰিলে
মই তোমাৰ মুগ্ধকান্তিত জাহ যাওঁ
আৰু বাৰে বাৰে তোমাৰ প্ৰেমত পৰোঁ …

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments