বাৰ্ধক্যৰ বেদনা (অণু দেৱী)

প্ৰত্যেক মানুহৰ জীৱনলৈ এদিন বাৰ্ধক্য আহে, ই মানুহৰ জীৱনৰ ধাৰাবাহিকতাৰ শেষ পৰ্যায়৷ কিন্তু কোনোজনৰ বাবে এই সময়ছোৱা হৈ পৰে অতি কৰুণ, বেদনাদায়ক আৰু হয়তু আন এজনৰ বাবে হৈ পৰে সুখেৰে ভৰি থকা সময়৷ যদিহে পতি- পত্নীৰ মাজৰ এজনৰ মৃত্যু হয় সেইয়া অতি হৃদয় বিদাৰক৷
’মা’ এটি বৰ্ণৰে অতি শ্ৰদ্ধাৰ, অতি মৰমৰ এটা শব্দ, যাৰ বাবেই এই বিশাল পৃথিবীৰ ৰেহ -ৰূপ, সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা পাইছো৷ যাৰ যহতে মাতৃ ভাষাৰ আদিপাঠ শিকিব পাৰিছিলো৷ মা শব্দটোত অন্তনিৰ্হিতহৈ আছে স্নেহ, দয়া আন্তৰিকতা আৰু বহুত কিবা-কিবি৷ এৰা যি গৰাকী মাতৃয়ে দহমাহ গৰ্ভত ৰাখি প্ৰসৱ বেদনাত ছটফটাই জীৱন -মৰণৰ যুদ্ধ কৰি সন্তান জন্ম দিয়ে সেইগৰাকীয়েই স্নেহময়ী মা’৷ সেয়েহে হয়তু কেতিয়াবা অলপ দুখ পালেই সকলোৱে মা বুলিহে চিঞৰে৷
উপৰোক্ত কথাখিনি লিখাৰ কাৰণ দুগৰাকী এনে বৃদ্ধা মাতৃয়ে এসময়ত মোৰ অন্তৰত মচিব নোৱাৰাকৈ সাঁচ বহুৱাইছিল যি কথা মাজে-সময়ে মনলৈ আহি থাকে লগতে ভয় ভাবও নহা নহয়৷
কলিকতাৰ এখন চিকিৎসালয়ৰ এটা ৱাৰ্ডৰ দুখন ওচৰা-ওচৰি বিছনাত দুগৰাকী ষাঠি বছৰতকৈ ঊৰ্ধৰ ভদ্ৰমহিলা ভৰ্তি হৈ আছিল৷
আকস্মিক ভাবে মই তেওঁলোকক লগ পাইছিলো বহুসময়৷ মোক অসমৰ বুলি জানিব পাৰি ঘৰত মা- দেউতা, শাহু-শহুৰ আছেনে সোধ -পোছ কৰিছিল৷ মই মোৰ মা হে আছে বুলি কোৱাত আশ্ৰমত থাকেনে ঘৰত থাকে প্ৰশ্ন কৰিছিল৷ আচৰিত হৈছিলো থত্ মত্ খাই তেওঁলোকৰ মুখলৈ চাই লাহেকৈ উত্তৰ দি ঘৰত থাকে বুলি কৈছিলো৷
মোৰ উত্তৰৰ পিচত দুয়োগৰাকীৰে মুখ দুখন অতি কৰুণ হৈ পৰা দেখা পালো৷ মই কিয় এনে কৰিছে বুজি পাইছিলো যেতিয়া এগৰাকীয়ে দীঘল হুমুনিয়াহ এটা মাৰি কৈছিল তেওঁলোক দুয়ো বৃদ্ধাশ্ৰমত থাকে৷ তেওঁলোক দুয়োৰে পুত্ৰ, কন্যা সকলো আছে কেৱল চোৱা-চিতা কৰিবলৈ সময় নাই হেনু ‌৷
দুয়োগৰাকীয়ে অসমৰ মানুহবোৰৰ শলাগ লৈ নিজৰ (বাংলা) ভাষাত কিবা পাতি আছিল৷ মোৰ মা ভাইটীহঁতৰ লগত থাকে বুলি জনাত ভাইটী দুটাক আৰ্শীবাদ দিছিল তাৰপৰাই৷ এনে হৃদয় স্পৰ্শী কথা -বতৰাই মোক খন্তেকলৈ হলেও বিচলিত কৰিছিল৷
এগৰাকীৰ এহাল ল’ৰা-ছোৱালী৷ দুয়োৰে বিয়া হৈ পৰিয়াল লৈ ব্যস্ত৷ মাজতে এদিন পুতেক আহি গ’লহি৷ আশ্ৰমত বেমাৰ হোৱাত ভৰ্তি কৰি দিয়েহি বহুমূত্ৰ ৰোগত ভুগিছে তেওঁ৷ দুই এদিনতে ছুটী দিব বোলে৷ বোৱাৰীয়ে হেনু পুতেকক আহিবলৈ নিদিয়ে৷ আগত এবাৰ আশ্ৰমৰ পৰা এৰাতি পুতেকৰ ঘৰত থাকিবলৈ গৈ তেওঁ আৰু নাহো বুলি মনত ভাবি আহিল৷ বোৱাৰীয়েকে নামাতিলে
তেওঁক৷
আন গৰাকীৰ বৃদ্ধাৰ দুটা ল’ৰা৷ ডাঙৰটোৰ এটা ল’ৰা আৰু সৰুটোৰ ছোৱালী দুজনী৷ কামৰ অজুহাত দেখুৱাই মাকক লগত ৰখা নাই৷ তেওঁ উচ্চ ৰক্তচাপত ভুগি আছে৷ ভৰি এটি বিষ হেনু৷
জ্বৰ হৈছিল সেয়েহে আশ্ৰমৰ পৰা ভৰ্তি কৰি দিছিল৷ তেওঁৰো একেই দশা৷ আলপৈচান ধৰিবলৈ পো-বোৱাৰীৰ সময় নাই৷ শেষত গম পাইছিলো আশ্ৰম ৰ মানুহ আহি চিকিৎসালয়ৰ পৰা দুয়োকে লৈ গ’ল৷
মোৰ শাহু-শহুৰৰ মৃত্যু হৈছে৷ মোৰ মা, আছে৷ মা, ৰ বয়স প্ৰায় পঁচাশী বছৰ অতিক্ৰম কৰিছে৷ স্বৰ্গগত মা, দেউতাক দেখিছিলো বহুত য়ত্ন পাইছিল বৃদ্ধ অৱস্থাত চাৰিওজন পুতেকৰ পৰিয়ালৰ পৰা৷ মোৰ মা, ই যাতে কলিকতাৰ সেই বৃদ্ধা ভদ্ৰমহিলা দুগৰাকীৰ দৰে দীঘল হুমুনিয়াহ লৈ থাকিব নালাগে সেই টো কথাত মনোযোগ দিয়াৰ সংকল্প লৈছিলো কলিকতাত৷ ভাইটী দুটাইও এই বিষয়ে সজাগ বহুতেই৷
প্ৰত্যেকৰ জীৱনলৈ বাৰ্দ্ধক্য আহিবই৷ মই লগ পোৱা বৃদ্ধা দুগৰাকীৰ সন্তান কেইজনকো ঈশ্বৰে সুমতি দিয়ক৷ অন্ততঃ -মা- শব্দটোৰ অৰ্থ বুজি উঠক৷
কামনা থাকিল এইটোৱেই৷ যিহেতু তেওঁলোকৰ স্মৃতি মনৰ পৰাচোন আঁতৰাবই পৰা নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments