বাৰ্ষ্ণেয় — শিখা শইকীয়া

নিচেই কাষতে সমুদ্ৰৰ গৰ্জন। পাৰ ভাঙি উজাই অহা পানীৰ ঢলে যেন মুহূৰ্ততে উটুৱাই লৈ যাব সকলো। নিশাৰ অন্ধকাৰত ৰৈ ৰৈ ভাঁহি থকা পানীৰ উত্তাল তৰংগই নৈঃশব্দ্যক বিদাৰি বুকুৰ মাজত এক অজান আশংকাৰ জন্ম দিয়ে। অথচ দিনৰ পোহৰত ই কিমান কাব্যিক আৰু সৃষ্টিশীল। । নগ্ন ভৰিত স্পৰ্শ কৰি যোৱা শীতল, প্ৰাণচঞ্চল ঢৌবোৰৰ গতি-বিধি চাই তাই এয়া মেঘত আঁৰত লুকাই পৰা পূৰ্ণ জোনটোৰ সন্ধানত ব্যস্ত। হাতত শেষ হৈ অহা ফেনীৰ বটল। তাইৰ নিচেই কাষতে চেম্পেইনৰ এটা খালী কেন আৰু কিছুমান পদচিহ্ন। অলপ আগতে তাইৰ সংগ দিয়া যুৱকজন উঠি যোৱা বহুসময় হ’ল। তাইৰ পিছে সময়ৰ হিচাপ কৰি সমুদ্ৰ তীৰত বহি থকা নাই। অলপ আগলৈ পূৰ্ণতাৰ আভাৰে ওফন্দি উঠা জোনাবাইজনীৰ অভিমান ভগালৈ তাই ৰৈ আছে। মেঘৰ আঁৰত মুখ লুকুৱাই কতপৰনো তাই ঠেহ পাতি ৰ’ব। তমসাৰ আবিৰৰ মাজত সাগৰৰ এই ৰহস্যময় ৰূপে তাইক অভিভূত কৰিলেও আঁৰ চকুৰে প্ৰতিপল তাই চাই ৰৈছে আকাশলৈ। এয়া কিছু আঁতৰত সিহঁতৰ অট্টহাস্য। ফেনীৰ নিচা, গীতৰ লহৰত সিহঁত বুৰ গৈ আছে। এয়া ভাঁহি আহিছে সিহঁতৰ উচ্ছল যৌৱনৰ আৱেগ-“দম মৰ’ দম মিট যায়ে হাম-।” দীঘল চুলি, দীঘল দাড়িৰে কোনো তপস্বীৰ দৰে চেহেৰাৰ সেই যুৱক তাইৰ কাষৰপৰা উঠি গৈ ব্যস্ত হৈ পৰিছে অন্য কোনো যুৱতীৰ প্ৰণয়ৰ মাজত। কোমল শীতৰ আচ্ছাদনক আওকাণ কৰি এজাক স্বল্পবসনা যুৱতীৰ দেহ-সুষমা প্ৰকট কৰি তোলা ভিন্ন অংগী-ভংগী।

ওলাইছে, ওলাইছে- ঠেহ ভাঙিল ৰূপহীৰ। মেঘৰ বুকুত মুখ গুজি লাহে লাহে তাই ওলাই আহিছে। উস্‌, কি দৃষ্টি এয়া। অহংকাৰত মদমত্ত এই সুন্দৰী। যেন কাকোকে পৰোৱা নকৰিব। কছম’পলিটান চহৰৰ আৱহাৱাই তাইকো চুই গ’ল নেকি? তাইতো এনে নাছিল। লাজকুৰীয়া হাঁহি মাৰিয়ে জোনবাইজনীয়ে সদায় তাইক স্বাগতম জনাইছিল আপোন ঘৰখনিলৈ। জোনাক সৰা নিশাবোৰত নৈৰ পাৰৰ ফেৰফেৰীয়া বতাহজাক আওকাণ কৰি বিৰহ বেদনাত কটোৱা সময়বোৰত জোনবাইজনীয়েতো তাইক সংগ দিছিল। কত ক্ষোভ-দুখ, মান-অভিমানৰ ভাগৰুৱা নিশাবোৰত জোনবাইৰ বাদে জানো আছিল কোনো তাইৰ কাষত! পিছে সকলো এদিন অতীতে সামৰি লয়। সময়ৰ পকনীয়াত এঙামুৰি দিয়ে স্মৃতিয়ে, হুমুনিয়াহ হৈ ওলাই আহে হৃদয়ৰ আৰ্তি। নৈৰ পাৰৰ ৰাঙঢালী লাস্যময়ী চন্দ্ৰমাৰ এই কছম’পলিটান ৰূপ সমুদ্ৰ তীৰত বহি তাই অসহনীয় লাগিছে। ক’ত হেৰাই গ’ল তাইৰ আলসুৱা জোনবাইজনী!

নতুনকৈ যোগদান কৰা ব্যক্তিগত প্ৰতিষ্ঠানটোৰ সকলো কাম সামৰি এচোৱা বাট বাছ বগাই হুৰমূৰকৈ আহি যেতিয়া শেষ মটৰ ব’টখনত তাই উঠিছিলহি তেতিয়া সন্ধ্যা লাগিছিল। নিমাতী ঘাট তেতিয়া প্ৰায় নিজম পৰিছিল। ছুটী দিবলৈ অনিচ্ছুক ব্যক্তিগত প্ৰতিষ্ঠানটোৰ মেনেজাৰজনৰ সৈতে প্ৰায় কাজিয়া কৰিয়ে তাই অফিচৰপৰা ওলাই আহিছিল। বন্ধ আৰু ছুটী মিলাই এসপ্তাহৰ সময় উলিয়াই এয়া তাই চিনাকি ঘাটত নাও চপাবলৈ সাজু হৈছে। নৈপৰীয়া স্নিগ্ধ বতাহজাকৰ সৈতে এক চিনাকি গোন্ধে ঘাটত তাইক স্বাগতম জনাইছে। তাইৰ খৰখেদা লাগিছে। নহ’বই বা কিয়? এয়া যে ৰাসৰ সময়।

আকাশত পূৰ্ণ চন্দ্ৰমা। কুহকিনী নিশাৰ ওৰণি টানি সাজু হৈছে নৈশ অভিসাৰৰ বাবে। এয়া নৈৰ সৈতে আলিংগনত দুৰু দুৰু কঁপি উঠা চন্দ্ৰমাৰ মুখত লাজৰ আভা। ভাঁহি আহিছে সেই বিতোপন সুৰ, মন মতলীয়া কৰা গৰখীয়াৰ দৰদী বাঁহীৰ সুৰ। আৰু সেয়া তাই শুনিবলৈ পাইছে বাঁহীৰ সুৰৰ লগে লগে আখৰাথলীৰপৰা বৈ অহা আৱেগবিহ্বল কণ্ঠ-
“শৰত কালৰ ৰাত্ৰি অতি বিতোপন
ৰাস-ক্ৰীড়া কৰিতে কৃষ্ণ ভৈল মন”

পূৰ্ণিমাৰ অপৰূপ সৌন্দৰ্যই স্নিগ্ধ শীতলতা সানি দিয়া মায়াবিনী নিশা বাঁহীৰ সুৰে মতলীয়া কৰা গোপীসৱে ঘৰ-সংসাৰ, স্বামী-সন্তান সকলো
এৰি কৃষ্ণৰ বাবে বাউলী হৈ ওলাই আহিছে। পৰপুৰুষৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰা এই নাৰীসকলক কৃষ্ণৰ সকীয়নি
“উপপতি সমে ক্ৰীড়া গৰহিত কৰ্ম
স্বামীৰ শুশ্ৰূষা কুলস্ত্ৰীৰ মহা ধৰ্ম”

কি মায়া আছে মোহনৰ বাঁহীৰ সুৰত? কিহৰ বাবে গোপীসৱৰ এই অথিৰ-অবিৰ ভাব? ভাল -বেয়া, উচিত-অনুচিত পাহৰি কিহে প্ৰেৰিত কৰিছে তেওঁলাকক কৃষ্ণৰ সৈতে ৰাসক্ৰীড়াত ব্ৰতী হ’বলৈ। কি এই আকৰ্ষণ, কি এই প্ৰেম? এয়া পৰমাত্মাৰ সৈতে একাত্ম হৈ পৰাৰ বাসনা নে এক ৰহস্যময় সুদৰ্শন পুৰুষৰ সৈতে মিলনৰ তাড়না। এয়া আধ্যাত্মিকতা নে জৈৱিক বাসনা? কৃষ্ণৰ প্ৰেম আৰু ভক্তিত মজি থকা সেই সময়চোৱাত তাইৰ মনত কেতিয়াও এনে চিন্তাৰ উন্মেষ ঘটা নাছিল। নৈৰ পাৰৰ এই সৰু ঠাইখণ্ডত সিহঁতে কেৱল কৃষ্ণৰ আধ্যাত্মিক দৰ্শনকহে বুজি পায়। কৃষ্ণ- ভক্তি তেওঁলোকৰ বাবে সৰ্বস্ব।

কিন্তু বিশাল সমুদ্ৰই বুজাই দিয়ে ইয়াৰ গভীৰত অন্তৰ্নিহিত হৈ থকা ৰহস্যৰ দৰে জীৱন-দৰ্শনো ৰহস্যাবৃত। কি বাস্তৱ, কি ভ্ৰম, কি সত্য, কি অসত্য সকলো স্বচ্ছ সাগৰৰ পানীৰ তলেৰেও দৃশ্যমান নোহোৱা সাগৰৰতলিৰ দৰে অস্পষ্ট।

হয় হয় তাইৰো ভ্ৰম হয়। অতীতক ঘোটালি থকা দুচকুৱে গভীৰ নিশা ডাঠ কাজল দৰে ক’লা অন্ধকাৰক ভেদি প্ৰায়ে দেখা পায় বিতোপন শৰতৰ স্নিগ্ধ জোনাক। যমুনাৰ বালিত কৃষ্ণৰ আলিংগনত আলুলায়িত ৰাধাৰ চুলিটাৰি। মৃদু বতাহজাকত হেন্দোলি থকা ৰাধাৰ উত্তৰীয়খন আৰু- নাই নাই সেয়া সকলো ভ্ৰম। সকলো খন্তেকীয়া। জলছৱিৰ দৰে নিমিষতে সকলো হেৰাই যায়।
এয়াই সত্য- তাইৰ কৃষ্ণ আজি তাইৰ কাষত নাই। কোনেও বকুলজোপাৰ তলৰ সুৰৰ মায়া সানি তাইলৈ ৰৈ থকা নাই। বাউলী ৰাধাৰ বাবে ঢপলিয়াই আহিবলৈ আজি কোনো নাই। নৈ গৰাত বহি থকা অভিমানী ৰাধাৰ কাষত বহিবলৈ আজি কোনো নাই। যমুনাৰ বালিৰ দৰে শুকান উদাস এই সময়। অথচ দুবছৰ আগলৈকে এই সময়খিনি এজনী ৰঙচঙীয়া পখিলাৰ দৰে তাইৰ চৌপাশে উৰি ফুৰিছিল। দুহাত মেলি তাই সাঁচি ৰাখিব খুজিছিল পাখিলাহী, ৰঙীন সময়বোৰ। কৃষ্ণৰ অভিমানী ৰাধা হৈ তাই অপূৰ্ব ভংগিমাৰে থিয় হৈছিল। হাতৰ সুন্দৰ মুদ্ৰা আৰু পদ সঞ্চালনাৰে ক্ষিপ্ৰতাৰে তাই দেহত তুলিছিল ৰাধাৰ কমনীয় আৰু মোহনীয় ৰূপ।

ধেই তাক খিট্‌ তাক
খিট্‌ খিট্‌ তাক
ধিন দাও খিট্‌ তাও
খিট্‌ খিট্‌ তাও

নীৰা নহৈ তাইৰ মাজত যেন সঁচাই ৰাধাই থিতাপি লৈছিল। বিৰামহীনভাৱে এটাৰ পিছত এটাকৈ অপৰূপ নৃত্যশৈলীৰে তাই সকলোকে চমৎকৃত কৰিছিল। যোৱা দুটা বছৰ সিহঁতৰ গাঁওখনত তায়ে ৰাসৰ ৰাধা। তাইক চেৰ পেলাবলৈ এতিয়ালৈ কোনো এগৰাকীয়ে আগবাঢ়ি আহিবলৈ সক্ষম হোৱা নাই। পিছে অপূৰ্ব ভংগিমাৰে নৃত্য কৰি থকা যুৱতীগৰাকী হঠাতে যেন থমকি ৰয়। পাহৰি পেলায় নৃত্যৰ লয়। থোতামোজা লাগে পদ সঞ্চালনত। প্ৰেমিক কৃষ্ণৰপৰা দৃষ্টি আঁতৰি ৰৈ যায়গৈ সেই যুৱকৰ কাষত। সোণালী চুলিৰ দীৰ্ঘদেহী সেই সুঠাম যুৱকৰ কাষত।

আঘোনৰ মিঠা আৱেশত নৈৰ বুকুত কম্পিত ৰঙচুৱা বেলিটোৰ দৰে তাই হঠাতে যেন কঁপি উঠে।
উস্‌! ফাগুনৰ শীৰ্ণ নৈৰ পাৰৰ দৰে উদাস অথচ আত্মবিশ্বাসী সেইদৃষ্টি। তাই থৰ লাগে। একেৰাহে দীঘলীয়া ৰিহাৰ্চেলৰ অন্তত অৱশেষত এক অৱসাদে তাইক ঘেৰি ধৰে। তাই লাহেকৈ এটা চুকত বহি পৰে। কৃষ্ণৰ চিন্তাত মত্ত হ’ব বিচাৰে। তেনেতে, হয় ঠিক তেনেতে সেই গলগলীয়া মাতটোৱে তাইক চুই যায়।

: হেল’। মাই নেম ইজ অলিভাৰ ৱিলছন। য়ু কেন কল মি ব’ব। আই কাম ফৰ্ম নিউজিলেণ্ড। য়ৰ ডান্স ইজ ছুপাৰব্‌।

সি বঢ়াই দিয়া হাতখন তাই কিছুপৰ চাই থাকে। আৰু মস্তিষ্কৰপৰা কোনো অনুমতিৰ বাবে অপেক্ষা নকৰি স্বতঃস্ফূ্ৰ্তভাৱে তাই সোঁ হাতখন আগবঢ়াই দিয়ে।

: অ দুয়ো চিনাকি হ’লাই নেকি? ভালে হ’ল দিয়া।

নীৰা, এয়া অলিভাৰ ৱিলছন। নিউজিলেণ্ডৰপৰা আহিছে। ৰিছাৰ্চ স্কলাৰ। আমাৰ ইয়াত মাজুলী আৰু ৰাসৰ সন্দৰ্ভত কিছু অধ্যয়ন কৰিব। মই সেয়েহে তোমাৰ কাষলৈ লৈ আহিছোঁ। তোমাতকৈ আৰু কোনে সুন্দৰকৈ তেওঁক গাইড কৰিব পাৰিব। তাই পঢ়ি অহা হাইস্কুলখনৰ বিষয় শিক্ষক যোগেশ্বৰ বৰা চাৰে তাইক সেই যুৱকৰ সৈতে পৰিচয় কৰাই দিলে। একে সময়তে আশ্বস্ত আৰু অস্বস্তিৰ এক ঢৌৱে তাইক স্পৰ্শ কৰিলে।

……. … …. ..
হঠাতে নৈশ পাৰ্টী চলি থকা ঠাইৰপৰা হুলস্থূল শুন। গ’ল। গীতৰ লহৰৰ মাজেৰে ক্ৰমাৎ বাঢ়ি অহা কোলাহল। সুৰা আৰু ড্ৰাগছৰ ৰাগী আৰু নৈৰাশ্যৰ মাজত ডুব গৈ থকা যুৱক-যুৱতীহঁতৰ মাজত ইয়াত প্ৰায়ে উচ্ছৃংখলতাই সীমা চেৰাই যায়। সকলো ধৰণৰ দুষ্কাৰ্যই ইয়াত তেনেই সাধাৰণ। আনকি হত্যাও!

তাইৰ আজিও মনত পৰে সেই ভয়াৱহ নিশাৰ কথা। তাই এই ঠাইলৈ অহাৰ কেইমাহমানৰ পাছৰ ঘটনা। সেইদিনাও নৈশ সমুদ্ৰৰ স্পৰ্শক আঁকোৱালি তাই শীতলতাত ডুব গৈ আছিল। তেতিয়াই, ঠিক তেতিয়াই শুনা গৈছিল সেই ধাতৱ গৰ্জনৰ দৰে আৰ্তনাদ। কিছুসময় আগলৈকে ফুলাম চোলা আৰু হাফ-পেণ্ট পৰিধান কৰি থকা একাংশ যুৱকক তাই প্ৰত্যক্ষ কৰিছিল। তাৰে একাংশ আছিল শ্বেতাংগ আৰু বাকীসকল হয়তো স্থানীয় যুৱক। সিহঁত কোনো মাফিয়া দলৰ সদস্য নে পৰ্যটক জনাৰ উপায় নাই। আন আন পৰ্যটকৰ সৈতে সিহঁতেও গোৱাৰ জনপ্ৰিয় কোনকানি মিউজিক উপভোগ কৰাত ব্যস্ত আছিল। হঠাতে কি হৈছিল তাই নাজানে। সমুদ্ৰক প্ৰলোভিত কৰি থকা তৰামালাৰ পৰা তাই দৃষ্টি ঘূৰাই যেতিয়া সেই আৰ্তনাদক অনুসৰণ কৰিছিল তাইৰ চকুত পৰিছিল স্থানীয় যেন লগা যুৱক এজনে শ্বেতাংগ যুৱক এজনৰ চাৰ্টৰ কলাৰত ধৰি প্ৰচণ্ড শক্তিৰে ঘুচিয়াই আছে। নিমিষতে হুৱা-দুৱা লাগিল। খন্তেৰ পূৰ্বৰ অপ্সৰাৰ নৃত্য উপভোগত ব্যস্ত স্বৰ্গৰ ৰাজসভাত যেন অতৰ্কিতে চলিল অসুৰৰ আক্ৰমণ। থৰকাছুটি হেৰুৱাই সকলো ছেদেলি-ভেদেলি হৈ পৰিল। কোনো দৈত্যই যেন ফু মাৰি ধূলিৰ দৰে উৰুৱাই পেলালে স্বৰ্গৰ সকলো ঐশ্বৰ্য-বিভূতি, দৰ্প-অহংকাৰ। সকলো আঁতৰি গ’ল, মাথোঁ ৰৈ গ’ল তাই। সমুদ্ৰ তীৰৰ শীতল শিলচটাৰ দৰে। এইবাৰ সাগৰখনে যেন তাইৰ বুকুতহে গৰ্জন কৰিবলৈ ধৰিলে। হাজাৰ জোঁৱাৰ-ভাটা তাইৰ বুকু ভেদি পাৰ হৈ গ’ল। জোনৰ ফটিকৰ দৰে স্বচ্ছ পোহৰমালাই উজলাই তোলা সমুদ্ৰ তীৰত সৌৱা সিহঁতবোৰক আদিম যুগৰ প্ৰাণী যেন লাগিছে। দীৰ্ঘ কেশ, সোলোক-ঢোলোক সাজেৰে সিহঁত হৈ পৰিছে এখন প্ৰাচীন ৰণৰ ৰণনায়ক।

এই ৰণ স্বজাতিক ধ্বংসৰ ৰণ। এয়া কৃষ্ণৰ উপদেশ আওকাণ কৰি প্ৰচুৰ মদ্যপান কৰি আদিম উন্মাদনাত ব্যস্ত হৈ পৰিছে যদুবীৰসকল। । সুৰাৰ ৰাগীত এয়া সাত্যকিয়ে কৃতবৰ্মাক উপহাস কৰিছে। প্ৰদুন্নই সাত্যকিৰ পক্ষ লৈছে। এয়া, এয়া- বলোৰাম আৰু কৃষ্ণৰ সন্মুখতে যদু বংশৰ বীৰ পুৰুষসকলে পৰস্পৰৰ সৈতে কাজিয়াত লিপ্ত হৈছে। উন্মাদনাৰ সীমা চেৰাই জ্ঞাতিয়ে জ্ঞাতিৰ মঙহৰ বাবে লালায়িত হৈ পৰিছে।

বংশ গৰিমাৰে অহংকাৰত মদমত্ত হৈ পৰা মানুহখিনিয়ে তপস্বী বিশ্বমিত্ৰ, কন্ব আৰু নাৰদক অপমান কৰাৰ ফল হাতে হাতে পালে। এয়া সেই মুনিগণৰ অভিশাপত এক যদু পুৰুষৰ গৰ্ভৰপৰা ভূমিষ্ঠ হোৱা লোহাৰ খণ্ড সাগৰত উঠি আহিছে। জোনাক গলা নিশা সাগৰৰ ঢৌবোৰত জিলিকি উঠিছে সেই লৌহ অবয়ব।

সেই লোহাখণ্ড ক্ৰমাৎ এক শাণিত অস্ত্ৰলৈ ৰূপান্তৰিত হৈছে আৰু এয়া তিৰিবিৰ পোহৰবোৰৰ মাজত জিলিকি উঠা সেই অস্ত্ৰৰ তিৰবিৰনিয়ে পলকতে স্ফটিকৰ দৰে উজলি উঠা জোনাকমুঠিক ৰাঙলী কৰি পেলালে। সমুদ্ৰ ঢৌৰ আত্ৰাহিত ঢলি পৰিল নিৰ্মল বতাহজাকি। নিমিষতে ঠানবান হৈ পৰিল সমুদ্ৰ তীৰ। ক্ষন্তেক পূৰ্বৰ উচ্ছল যৌৱনক সামৰি ৰখা সাগৰৰ পাৰত এতিয়া পুলিচৰ গৰ্জন। শ্বেতাংগ যুৱকজনৰ মৃতদেহ আৱৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰাত ব্যস্ত পুলিচৰ দলটো। এই সমগ্ৰ ঘটনাৰ সাক্ষী হৈ ৰৈ থাকিল তাই আৰু খমষমণ্ডল।
সেই ঘটনাই যেন তাইক মুক-বধিৰ কৰি পেলালে। বহুদিন তাই ৰূমৰ ভিতৰতে সোমাই থাকিল।
প্ৰাথমিক তদন্তৰ পাছত পুলিচেও মূৰ-পোলোকা মাৰিলে। তেওঁলোকৰ বাবে সেয়া নিতান্তই সাধাৰণ কথা, গুৰুত্বহীন কথা। বিদেশৰ পৰ্যটকৰ মৃত্যুৰ বাতৰিয়ে কেইদিনমান শিৰোনাম দখল কৰাৰ পাছত সকলো এদিন পুনৰ তল পৰিব, স্বাভাৱিক হৈ পৰিব। গোৱাৰ সমুদ্ৰ তীৰত এনে ঘটনা কিন্তু ঘটিয়েই থাকিব। হত্যা, লু্ঠন, ধৰ্ষণ ইয়াত যেন তেনেই সাধাৰণ। ড্ৰাগছৰ মাজত ডুব গৈ থকা পৃথিৱীখনত তাতকৈ আৰুনো কি আশা কৰা সম্ভৱ।

যোৱা দুটা বছৰে এটা ট্ৰেভেলিং এজেন্সিৰ পাব্‌লিক ৰিলেশ্বন অফিচাৰ হিচাপে তাই ইয়াত কৰ্মৰত। বহু দেশী-বিদেশী পৰ্যটকৰ সৈতে ভিন্ন সময়ত তাই সুসম্পৰ্ক বজাই ৰাখিবলগীয়া হয়। বছৰি লাখ লাখ দেশী-বিদেশী পৰ্যটকৰ ইয়ালৈ আগমন ঘটে। গোৱাৰ আকৰ্ষণীয় সমুদ্ৰ তীৰ, অনুপম জীৱন-শৈলীৰ লগতে ড্ৰাগছ আৰু বহেমিয়ান জীৱনৰ মাদকতাই ইয়ালৈ সকলোকে টানি আনে। আজিও পূৰ্বৰ সেই পৰিস্থিতিৰ পুনৰাবৃত্তি হয় বুলি তাই অস্থিৰ হৈ পৰিছে। পিছে লাহে লাহে সকলো পুনৰ স্বাভাবিক হৈ পৰিল। সকলো পুনৰ ব্যস্ত হৈ পৰিল নৈশ আমোদ-প্ৰমোদত। কেতিয়াবা তাইৰ ভাৱ হয় নৈৰ নিৰ্জনতা আৰু শীতলতা সমুদ্ৰৰ প্ৰসাৰতা আৰু প্ৰবলতাতকৈ বাৰু তাইৰ অধিক কাষত নেকি? কিয় তাইৰ কাষ চাপি অহা নিৰ্জু টোবোৰক সেই স্নেহময়তাৰে তাই আঁকোৱালি ল’ব নোৱাৰে যিদৰে নৈৰ প্ৰৱহমান তৰংগলানিক নিজৰ কৰি ল’ব পাৰে। নৈখন যে তাইৰ অধিক আপোন। নহ’বইনো কিয়? তাইৰ প্ৰাণৰ সখি কৃষ্ণ যে যমুনাৰ পাৰৰ। সমুদ্ৰ তীৰৰ দ্বাৰকাপতি কৃষ্ণৰে তাইৰ কোনো কালে আত্মীয়তা গঢ়ি উঠা নাই। সেই কৃষ্ণ তাইৰ বাবে অজানা, অপৰিচিত। কূটনীতি, ৰণনীতিত পাৰ্গত সেই সুদৰ্শন চক্ৰধাৰীক তাইক নালাগে। লাগে সোণৰ বংশী হাতত লৈ তাইক আজীৱন প্ৰেমময়তাৰে আঁকোৱালি লোৱা আজন্ম প্ৰেমিকজন। সেই সুদৰ্শন পুৰুষৰ ব্যথা আৰু দুৰ্দশাৰ গাঁথাই সেয়েহে তাইক ব্যথিত কৰি তোলে। খোঁচ মাৰি ধৰে হৃদয়ৰ কোনোবাখিনি। নাই নাই, তাইৰ প্ৰিয় কৃষ্ণৰ মৃত্যু কথা তাই শুনি থাকিব পৰা নাছিল। শুনিব থাকিবপৰা নাছিল তাই কৃষ্ণৰ যদু বংশৰ ধ্বংসৰ কাহিনী। পানীৰপৰা তুলি অনা মাছজনীৰ দৰে তাই চটফটাই উঠিছিল। সৰ্বস্ব হেৰুওৱা এগৰাকী নাৰীৰ অন্তৰৰপৰা নিঃসৰিত হোৱা শব্দৰূপী ব্ৰহ্মই অভিশাপ আনিলে। ধ্বংস হৈ গ’ল গৌৰৱোজ্জ্বল এটা জাতি। শেষ হৈ গ’ল যদু বংশ৷ স্বয়ং ভগৱান কৃষ্ণৰ যদু বংশ। যদু বংশ ধ্বংসৰ সময়ত নগৰবাসী কিছুমান আচহুৱা পৰিস্থিতি সন্মুখীন হৈছিল। ভয়ংকৰ জীৱ-জন্তুৱে নগৰখনত বিচৰণ কৰিছিল। মানুহৰ ঘৰুৱা অশান্তিবোৰ বাঢ়ি আহিছিল। আকাশৰ গ্ৰহবোৰে বাৰে বাৰে নক্ষত্ৰক আঘাত হানিছিল। কৃষ্ণৰো মৃত্যু হৈছিল সাধাৰণ মনুষ্যৰ দৰে কৰুণভাৱে।

“জৰোহঢণ তং দেশমুপাজগাম লুব্ধস্তদানীং মৃগলিপ্তৰুগ্ৰঃ।
স কেশবং যোগযুক্তং শয়ানং মৃগাশঙ্কী লুদ্ধকঃ সামকেন। ।
অৰ্থাৎ জৰা নামৰ এক ব্যাধে হৰিণ বুলি ভাবি শুই থকা কৃষ্ণৰ ভৰিৰ পতা শৰেৰে বৃদ্ধ কৰিলে। তেনেকৈ অতি সাধাৰণভাৱে কৃষ্ণৰ মহাপ্ৰয়াণ হ’ল। সকলো যে বিধাতাৰে মায়া।”

ৰাস আৰম্ভ হোৱাৰ বহু আগৰেপৰা ফুট-গধূলিতে কৃষ্ণ-কথাক লৈ সিহঁতৰ চোতালবোৰৰ বহা ধৰ্মীয় আলোচনাবোৰত লগৰ সমনীয়াসকলৰ সৈতে তায়ো প্ৰায়ে ভাগ লৈছিল। ভগৱতৎ-প্ৰেমত ডেকাৰপৰা বুঢ়ালৈকে সকলো ডুব যোৱা এয়াই আছিল সিহঁতৰ পৰম ঈপ্সিত সময়। কিন্তু যদু-বংশ ধ্বংস আৰু কৃষ্ণৰ মৃত্যু-বৃত্তান্তৰ তাই কাহিনীও শুনিব পৰা নাছিল। সেয়া তাইৰ বাবে আছিল অসহনীয়।
তাইৰ বাবে কৃষ্ণ সদায় প্ৰেম আৰু আশাৰ প্ৰতীক। যাৰ বাঁহীৰ সুৰে অন্তৰত প্ৰেম, বিশ্বাস আৰু জীৱনৰ প্ৰতি গভীৰ আস্থাক কঢ়িয়াই ফুৰে। এই কৃষ্ণৰ কেনেকৈ মৃত্যু হ’ব পাৰে। যুগে যুগে ৰাধা আৰু গোপী ৰূপী ভক্তসকলক প্ৰেম আৰু শৃংগাৰ ৰসেৰে মুক্তি আৰু আধ্যাত্মিকতাৰ বাট দেখুওৱা কৃষ্ণ তাইৰ বাবে পৰম আৰাধ্য পুৰুষ।
কিন্তু সি কি কৈছিল, কি কৈছিল সি- তোমালোকৰ কৃষ্ণক মোৰ ‘লাভ-গুৰু’ যেন লাগে। যি মুক্ত প্ৰেম আৰু যৌনতাক ধৰ্ম আৰু মোক্ষৰ বাট হিচাপে দাঙি ধৰিছে। কৃষ্ণ চৰিত্ৰটো আচলতে খুব প্ৰগতিশীল। পাশ্চাত্য উন্নত দেশসমূহৰ প্ৰেম-বিবাহ আদি সম্পৰ্কীয় মুক্ত চিন্তাবোৰ তেওঁ তেতিয়াই প্ৰয়োগ কৰিছিল। ৰামৰ চৰিত্ৰৰ সংকীৰ্ণতা আৰু সুবিধাবাদৰ বিপৰীতে কৃষ্ণ যেন প্ৰবল আত্মবিশ্বাসী, দৃঢ় আৰু সোঁতৰ বিপৰীতে যোৱাৰ মানসিকতাৰে ঋদ্ধ পুৰুষ। কৃষ্ণই যি ভাবিছিল সেয়া কৰিছিল। সাধাৰণ মনুষ্যৰ দৰে ‘সমাজে কি ক’ব’ সেই ভয়ত নিজ আশা-আকাংক্ষাক লুকুৱাই ৰখা নাছিল।
চাৰ্বাক দৰ্শনে কি কৈছে? ভোগৰ মাজেৰে মোক্ষৰ বাট। পূৰ্বজন্ম-কৰ্মফলক নস্যাৎ কৰি ইহজনমৰ প্ৰাপ্তি আৰু অনুভৱকহে প্ৰাধান্য দিছে। আনকি হিন্দুসকলৰ পৱিত্ৰ গ্ৰন্থ বেদকো অগ্ৰাহ্য কৰিছে।

এটা কথা তুমি নাভাবা নে ইহজনম-পৰজনম, কৰ্মফল আদি ধাৰণাই প্ৰকৃততে অন্ধবিশ্বাসৰহে জন্ম দিছে। বেদ-পুৰাণৰ তাত্বিক দিশটো আৰু মহত্ত্বক অৱজ্ঞা কৰাৰ ধৃষ্টতা মোৰ নাই। কিন্তু এইবোৰ যে এক স্বাৰ্থন্বেষী মানুহে যুগে-যুগে নিজৰ মৰ্যাদা আৰু গুৰুত্ব ধৰি ৰখাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে সেই কথা তুমি জানো নস্যাৎ
কৰিব পাৰিবা?
একাংশৰ এনে দুমুখীয়া চৰিত্ৰৰ বিপৰীতে কৃষ্ণৰ সততা আৰু সাহসক মই শ্ৰদ্ধা কৰোঁ। কিন্তু এই কৃষ্ণকো তেওঁলোকে সময়সাপেক্ষে সলনি কৰি পেলালে। গৰখীয়া কৃষ্ণ হৈ পৰিল সামন্তীয় নাগপাশত আৱদ্ধ এগৰাকী শাসক।
ব’বৰ মুখত আচহুৱা কথাবোৰ তাই বুজা-নুবুজাৰ মাজেৰে শুনি যায়। যোৱা দুটা সপ্তাহ তাইৰ কাষে কাষে থকা বিদেশী যুৱকজনৰ অসমৰ প্ৰতি আগ্ৰহে তাইক মুগ্ধ কৰে। তেওঁৰ জীৱন-দৰ্শন, অগাধ পাণ্ডিত্য, সৰলতা আৰু শিশুসুলভ ধেমালিবোৰে তাইক তেওঁৰ প্ৰতি আকৃষ্ট কৰে।
আগতেতো কেতিয়াও তেনে হোৱা নাই। কত বিদেশী যুৱকৰ সান্নিধ্য আৰু সংস্পৰ্শলৈ আহিছে, কতজনৰ বাবে ঘৰৰ দুৱাৰ খুলি দিয়া হৈছে। অধ্যয়নৰ আহিলা গোটাই ঘূৰি ফুৰিছে সত্ৰৰ দুৱাৰে -দুৱাৰে। অথচ এই যুৱকৰ কি আছে, তাই নাভাবিলেও তেওঁৰ কথাই প্ৰতিপল তাইক বুৰাই ৰাখে।
তেওঁ যেতিয়া ভায়’লিনত আঙুলি বুলাই, তাইৰ সৰ্বশৰীৰত সেই সুৰ তৰংগিত হয়। যমুনাৰ তীৰত অপেক্ষাৰত কৃষ্ণৰ বাহুবন্ধনত সোমাই পৰিবলৈ যেন ব্যাকুল হৈ পৰে ৰাধা।
বাঁহীৰ মাতত সকলো এৰি লৱৰি অহা ৰাধাৰ খোপাৰ গাঁঠি খোল খাই পৰে। গাৰ কাপোৰ সুলকি পৰিব খোজে। বাটৰ কাঁইটে ফালি চিৰাচিৰি কৰে ৰাধাৰ মসৃণ পদযুগল। তথাপি যে ভ্ৰক্ষেপ নাই। যমুনাৰ তীৰত ভুৱন-ভুলোৱা হাঁহিৰে কৃষ্ণ যে ৰৈ আছে তাইৰ বাবে আকুলতাৰে।
মহাৰাসৰ সেই পূৰ্ণ সন্ধিয়াবোৰ কৃষ্ণৰূপী ৰুবুলৰ কাষত থাকিও তাইৰ মন সদায়ে বাৰে বাৰে উৰা মাৰিছিল ব’বৰ কাষলৈ। তেওঁক কেন্দ্ৰত লৈয়ে ঘূৰি ফুৰিছিল তাইৰ জগতখন। তেওঁ তাইৰ সূৰ্য, যাৰ অবৰ্তমানত যেন অস্তিত্বহীন তাইৰ অৱস্থিতি।
কিন্তু কৃষ্ণৰ বাবে এনে আকুলতা ৰাধাৰ বাবে জানো উচিত আছিল। ৰাধাৰ যে আনৰ পত্নী। আনৰ সৈতে সংপৃক্ত হৈ আছে তাইৰ নাম, তাইৰ যৌৱন, তাইৰ প্ৰেম। তাই যে আনৰ সম্পত্তি।
জোনাকে মৰম সিঁচি দিয়া সেই গধূলিটো তাই বহি আছিল ব’বৰ সৈতে। জোনাকী পোহৰত নৈৰ বুকুত আঁকি আঁকি মচ খাইছিল সিহঁতৰ প্ৰেম প্ৰেম লগা ভাববোৰ। আনুষ্ঠানিকভাৱে সিহঁতৰ মাজত কোনো সম্পৰ্ক গঢ় লৈ উঠা নাছিল। ৰাধাই জানো ক’ব পাৰে কৃষ্ণ কেৱল মোৰ বুলি। তাইৰো অধিকাৰ নাছিল তাৰ ওপৰত; কোনো অধিকাৰ নাছিল। সি বিচাৰিছিল নে নাই জনাৰো তাইৰ অধিকাৰ নাছিল। প্ৰজ্ঞা, সাধনাৰে গঢ়ি উঠা সম্পৰ্কটোৰ কোনো নাম নাছিল।
আছিল মাথোঁ কেতিয়াও ঢালি দিব নোৱাৰা এবুকু মৰম।
নৈৰ শীতল পানীয়ে সিহঁতৰ দুভৰি চুই গৈছিল। হয়তো দুয়োৰে অন্তৰ দুখন প্ৰেমত জুবুৰি মাৰিবলৈ ব্যাকুল আছিল। কিন্তু তেনে কথা জানো সম্ভৱ। কৃষ্ণৰ পৰিচয় দ্বাৰকাৰপতি। বৃন্দাবনৰ ধূলি-বালি আৰু যমুনাৰ তীৰে এই বিদেশীক জানো সদায়ৰ বাবে আপোন কৰি ৰাখিব পাৰিব। নিজৰ মানুহ, নিজৰ কৰ্মই তেওঁক যে প্ৰতিপল হাতবাউলি মাতি আছে। খন্তেকীয়া এই জীৱন পৰিক্ৰমা। ক’তো থমকি ৰোৱাৰ অৱকাশ নাই।
তেওঁ চোওঁ-নোচোওঁকৈ তাইৰ হাতখন স্পৰ্শ কৰিছিল। তাৰপিছত দুই ওঁঠ। তেওঁৰ উমাল স্পৰ্শই তাইৰ সৰ্বশৰীৰত দূৰৈৰপৰা ভাঁহি অহা বাঁহীৰ সুৰৰ লহৰ তুলিছিল। দেহ-মন-আত্মাৰ কাব্যিক মিলনক জোনাক – বৃষ্টিয়ে বাঙময় কৰি তুলিছিল। আকাশত ভাসমান মেঘৰ আঁৰে-আঁৰে লাজুকী চন্দ্ৰমাজনী সিহঁতৰ পূৰ্ণতাৰ সাক্ষী হৈ ৰৈছিল। নৈৰ কোমল-শুকান বালিয়ে সিহঁতক সাৱতি ধৰিছিল।
নৈপৰীয়া বতাহজাকে গুণগুণাই গাইছিল প্ৰেমৰ গীত। কুঁৱলীজাকে পাতল আচ্ছাদনেৰে সিহঁতক আৱৰি ধৰিছিল। কৃষ্ণ-ৰাধাৰ মিলনে শৰৎ কালৰ সেই নিশাক পূৰ্ণ কৰি তুলিছিল।
নৈৰ সেই গড়াটোৰ কাষৰপৰা তাই যেতিয়া এগৰাকী পূৰ্ণ মানৱীৰ ৰূপ লৈ উঠি আহিছিল তাই এবাৰো পিছলৈ ঘূৰি চোৱা নাছিল। এয়াই আছিল সিহঁতৰ প্ৰতিশ্ৰুতি। ৰাধা আৰু কৃষ্ণৰ দৰেই হৈ ৰওক সিহঁতৰ প্ৰেম। হয়, সেয়ে আছিল সিহঁতৰ শেষ প্ৰতিশ্ৰুতি।
বুকুৰ উম সামৰি পূৰ্ণ জোনাকক সাক্ষী কৰি কেতিয়াও কোনো দায়িত্ব আৰু সম্পৰ্কৰ জটিলতাৰ মাজত সোমাই নপৰাৰ প্ৰতিশ্ৰুতিৰে তাই ব’বৰপৰা বিদায় লৈছিল।
শৰীৰৰ সমস্ত আবিলতা আঁতৰাই সেইদিনা তাই স্নিগ্ধ প্ৰেমৰ জোনাকত তিতিছিল। খুলি পেলাইছিল শৰীৰৰূপী আত্মাৰ পোচাক। এই পোচাক আঁতৰাই দুই আত্মাৰ মিলনৰ সাক্ষী হৈ পৰা নৈখনৰ প্ৰৱাহ যেন সেইদিনা স্তিমিত হৈ পৰিল। বতাহজাকৰ অস্তিত্বক আওকাণ কৰি যেন লৰচৰ কৰিবলৈ পাহৰি গ’ল গছপাতবোৰ।

সেইদিনা তাই বুজি উঠিছিল প্ৰেমৰ বাবে শৰীৰ গৌণ। কৃষ্ণৰ প্ৰেমৰ বাবে ব্যাকুল গোপীসকলৰ আকুলতা, প্ৰেম আৰু ভক্তিৰ সৈতে তাই একাত্ম হৈ পৰিল।
তাই বিছনাখনতে দীঘল দি পৰিছিল। লুটিয়াই বগৰাই বাৰে বাৰে চাইছিল ক্ষন্তেক পূৰ্বৰ সেই মধুৰ মুহূৰ্তৰ প্ৰতিটো পল। সুখ-দুখৰ লুকা-ভাকু যেন সময়বোৰে তাইৰ সৈতে খেলা কৰি আছিল। ঠিক সেই সময়তে আহিছিল সেই সংবাদটো। । তাইক স্তব্ধ, বিদীৰ্ণ, নিঃশেষ কৰি পেলোৱা সেই সংবাদটো।
ব’ব নাই। নৈৰ গড়াত পৰি আছিল তাৰ ক্ষত-বিক্ষত মৃতদেহ। নাই; তাইৰ বিশ্বাস হোৱা নাছিল। উন্মাদৰ দৰে তীব্ৰ চিৎকাৰ কৰি তাই দৌৰ মাৰিছিল নৈৰ কাষলৈ। নৈয়েহে দিব তাইক প্ৰকৃত খবৰটো। নোৱাৰে এইদৰে হেৰাই যাব তাইৰ প্ৰেম। নোৱাৰে৷ অসম্ভৱ! কাৰো বাধা নামানি তাই গড়াটোৰ কাষলৈ যাব খুজিছিল।
আদবাটতে চুলিকোছাত থাপ মাৰি ধৰিছিল ককায়েকে। প্ৰচণ্ড চৰত চিটিকি পৰিছিল শীতল মজিয়াখনত। তাৰপিছত তাইৰ একো ক’ব নোৱাৰে। দুদিন পিছত যেতিয়া তাইৰ হুচ আহিছিল ব’বৰ একো খবৰে তাই পোৱা নাছিল।
কি হৈছিল ব’বৰ? সঁচাকৈ তাক হত্যা কৰা হৈছিল নেকি? নে তীব্ৰ অপমান দি তাক খেদি পঠিওৱা হৈছিল? কোনেও তাইক একো কোৱা নাছিল। দীঘলীয়া গৃহবন্দিত্বৰ অন্তত যেতিয়া তাই তালৈ ফোন লগাইছিল, ম’বাইল চুইটছ অফ আছিল। তাৰ আন কোনো ঠিকনাও তাইৰ হাতত নাছিল।
বহু ৰহস্য আৰু প্ৰশ্ন তাইৰ বাবে এৰি ব’ব হেৰাই গ’ল। যমুনাৰ বালিৰ উদাসীনতা চিৰদিনৰ বাবে তাইৰ বুকুত সিচি তেওঁ গ’লগৈ। শূন্যতাখিনি বুকুত সযতনে সামৰি তায়ো গুচি আহিল আন এখন যমুনা বিচাৰি।
বিদেশৰপৰা অহা প্ৰতিজন লোকৰ মাজত তাই ব’বক বিচাৰি ফুৰে। সুধিব বিচাৰে চিনি পাই নেকি অলিভাৰ ৱিলছনক, তাইৰ ব’বক।
সেয়া উত্তাল সমুদ্ৰ। জোঁৱাৰ-ভাটাই তাইৰ নগ্ন ভৰি বাৰে বাৰে স্পৰ্শ কৰিছে। অদূৰৰ উত্তাল যৌৱনৰ সুৰ এতিয়া নিতাল মাৰিছে।
তাই সাৰে আছে। সাৰে আছে এই জোনবাইটি, তাইৰ জীৱনৰ সমস্ত পূৰ্ণতা আৰু শূন্যতাৰ সাক্ষী হৈ। সাৰে আছে এই সমুদ্ৰ। স্নিগ্ধতা
আৰু প্ৰচণ্ডতাৰ মাজত ডুলি আছে তাই। কাৰণ এয়াইতো জীৱন।
‘জাতস্য হি ধ্ৰুৱো’
( যাৰ জন্ম আছে তাৰ মৃত্যুও আছে, ই নিশ্চিত। গতিকে যি সত্য তাক
মানি লোৱাই যুগুত। তাৰ কাৰণে শোক কৰা অনুচিত)
(সমাপ্ত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments