বিকিৰণ কি? মোবাইল ফোনৰ বিকিৰণ কিমান ক্ষতিকাৰক? — ডাঃ হিতেশ্বৰ শৰ্মা

বিকিৰণ বুলি কোৱাৰ লগে লগে আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ সৃষ্টি হয়৷ ক’বলৈ গ’লে গোটেই জগতখন এক ৰকমৰ অদৃশ্য আৰু দৃশ্যমান বিকিৰণৰ মাজত বুৰ গৈ আছে৷ দুটা শব্দ প্ৰায়ে সমাৰ্থক হিচাপে ব্যৱহাৰ হৈ থাকে — এটা হল “বিকিৰণ” আৰু আনটো “তৰংগ”৷ বিজ্ঞানত এই দুয়োটা শব্দৰে দুটা ভিন্ন সংজ্ঞা আছে যদিও সহজ ভাষাত কবলৈ গ’লে, কোনো এটা উৎসৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ গোট কোনো এটা মাধ্যমৰ মাজেৰে পৰিবহণ হোৱাটোকেই বিকিৰণ বোলে৷ এনে শক্তিৰ গোটে এটা মাধ্যমৰ এটাৰ মাজেৰে পাৰ হৈ যাওঁতে মাধ্যমত তোলা খলকনিকে ঢৌ বা তৰংগ বোলে৷ কেতিয়াবা কেতিয়াবা এই বিকিৰিত শক্তি ইমানেই বেছি হ’ব পাৰে যে এই বিকিৰণে য’তেই আঘাত কৰে তাতেই ক্ষতি সাধন কৰে৷
প্ৰাচীন কালৰে পৰাই বিজ্ঞানীসকলে পোহৰ সম্বন্ধে এক শুদ্ধ ধাৰণাৰ সন্ধানত ব্ৰতী হৈ আছিল৷ পোহৰে কেতিয়াবা তৰংগৰ চৰিত্ৰ বহন কৰে আৰু কেতিয়াবা কণিকাৰ চৰিত্ৰ দেখুৱায়৷ কিন্তু বিজ্ঞানীসকলৰ সমস্যা হ’ল – দুয়োটা চৰিত্ৰ একে সময়তে ব্যাখ্যা কৰাটো অলপ কঠিন৷
সৰ্বকালৰ মহান বিজ্ঞানীসকলৰ নাম লওঁতেই পোনপ্ৰথমে মনলৈ অহা নাম দুটা হ’ল আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইন৷ কিন্তু তৃতীয় কোন বুলি সুধিলে হয়তো বহুতেই গম নাপায়৷ সেই তৃতীয়জন হ’ল জেমচ্ ক্লাৰ্ক মেক্সুৱেল৷ তেওঁৰ গবেষণা, বৈদ্যুতিক চুম্বকীয় ক্ষেত্ৰৰ গতিশীলতাৰ সমীকৰণকেইটা ইমানেই প্ৰাসংগিক যে বৰ্তমানেও বহুলভাবে ব্যৱহৃত হয়৷ ইয়াকো ক’ব পাৰোঁ যে মেক্সুৱেল ঊনৈশ শতিকাৰ হৈয়ো কুৰি শতিকাত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ আধুনিক কোৱাণ্টাম বিজ্ঞানৰ ভেটি মেক্সুৱেলেই নিৰ্মাণ কৰি গৈছে বুলি ক’লেও কিজানি ভুল কোৱা নহ’ব৷ জেমচ্ ক্লাৰ্ক মেক্সুৱেলে পোহৰৰ প্ৰকৃতি সম্বন্ধে গবেষণা কৰি পায় যে পোহৰ এক বৈদ্যুতিক চুম্বকীয় তৰংগৰ বাদে একো নহয়৷ তেওঁ ১৮৬৫ চনত দিয়া কেইটামান বিখ্যাত সমীকৰণৰ সহায়ত পোহৰৰ চৰিত্ৰৰ গাণিতিক ব্যাখ্যা সহজেই দিব পাৰি আৰু ইয়াৰ লগে লগে বিজ্ঞানীসকলৰ মাজত পোহৰ সম্বন্ধে থকা সকলো আসোঁৱাহ দূৰ হ’ল৷ মেক্সুৱেলৰ এই গাণিতিক সূত্ৰই কিন্তু আন এক ধাৰণা দিয়ে যে দৃশ্যমান পোহৰৰ সলনিও বহুতো অদৃশ্য বিদ্যুৎ চুম্বকীয় বিকিৰণ থকাটো সম্ভৱ৷ এই ধাৰণাকে গবেষণাৰ বিষয় হিচাপে লৈ ১৮৮৭ হেইনৰিটছ ৰুডল্ফ হাৰ্টছ (Heinrich Rudolf Hertz) নামৰ এজন জাৰ্মান পদাৰ্থবিদে এক বিশেষ ধৰণৰ বৈদ্যুতিক চুম্বকীয় তৰংগৰ সৃষ্টি কৰে আৰু মেক্সুৱেলৰ ধাৰণাক সত্য বুলি প্ৰমাণ কৰে৷ প্ৰথমতে সেই বিশেষ তৰংগৰ নাম হাৰ্টছিয়ান তৰংগ (Hertzian wave) বুলি কোৱা হৈছিল৷ পিচত ১৮৯০ চনত এজন ইটালীৰ বিজ্ঞানী গুগ্লেইলমো মাৰ্কনি (Guglielmo Marconi)য়ে বাৰ্তা বাহক হিচাপে এই হাৰ্টছিয়ান তৰংগ ব্যৱহাৰ কৰে৷ তাৰ পাচৰে পৰাই এই বিদ্যুৎ চুম্বকীয় তৰংগৰ নাম ৰেডিঅ’ তৰংগ বা ৰেডিঅ’ ৱেভ হিচাপে জনাজাত হয়৷ “বৰ্ণালী” বা “স্পেকট্ৰাম” শব্দটো আইজাক নিউটনে প্ৰথম ব্যৱহাৰ কৰিছিল৷ পোহৰৰ বৰ্ণালী সম্বন্ধে পৰীক্ষা-নিৰীক্ষা কৰি পোনপ্ৰথমেই আইজাক নিউটনে সোতৰশ শতিকাত দেখুৱাইছিল যে সূৰ্য্যৰ বগা পোহৰ সাতোটা ৰঙৰ সমষ্টি৷ এই সাতোটা ৰং প্ৰিজমৰ মাজেৰে বিচ্ছুৰিত হৈ পৃথক পৃথকভাবে ধৰা দিয়ে৷ তেতিয়া হয়তো জনা নাছিল এই দৃশ্যমান পোহৰ হ’ল সমগ্ৰ বিদ্যুৎ চুম্বকীয় তৰংগৰ বৰ্ণালীৰ এটা ক্ষুদ্ৰ অংশ৷ তাৰ পাচত সময়ে সময়ে আৱিষ্কৃত হোৱা তৰংগসমূহক তৰংগ দৈৰ্ঘ্য্য তথা শক্তি বহন ক্ষমতা অনুযায়ী এটা ক্ৰমত সজোৱা হ’ল আৰু ইয়েই কালক্ৰমত বিদ্যুত চুম্বকীয় বিকিৰণ বৰ্ণালী (electro magnatic radiation spectrum) বুলি পৰিচিত হয়৷
এতিয়া আমাৰ চাৰিওফালে ব্যপ্ত বিভিন্ন যন্ত্ৰপাতিসমূহৰ অনাতাঁৰ বাৰ্তা পৰিবহণ এই বিশেষ ৰেডিঅ’ তৰংগৰ মাধ্যমতে হয়৷ আমি ব্যৱহাৰ কৰা চেলুলাৰ ফোন, ব্লুটুথ, ৰাডাৰ ৰেডিঅ, দূৰদৰ্শন আদি সকলোতে যোগাযোগৰ সংকেত এই ৰেডিঅ’ তৰংগৰ সহায়ত প্ৰেৰণ কৰে৷ এক কথাত ক’বলৈ হ’লে আমি এক ৰেডিঅ’ তৰংগৰ সাগৰত বুৰ গৈ আছোঁ৷ স্বাভাৱিকতই প্ৰশ্ন হয় যে এই ৰেডিঅ’ তৰংগই আমাক কিদৰে ক্ষতি কৰিছে? দেহৰ ওপৰত ইয়াৰ প্ৰভাব কি?
বিকিৰণ বৰ্ণালী এটা বিশ্লেষণ কৰিলে পাওঁ যে ইয়াৰ আটাইতকৈ শক্তিশালী তৰংগ হ’ল গামা বিকিৰণ (gamma radiation)৷ তাৰপাচত ক্ৰমে X-ray, অতিবেঙুনীয়া ৰশ্মি আৰু দৃশ্যমান পোহৰ৷ দৃশ্যমান পোহৰক বাদ দি গামা, এক্সৰে আৰু অতিবেঙুনীয়া ৰশ্মিয়ে শক্তি ইমানেই কঢ়িয়াই যে যেতিয়া ই কোনো পদাৰ্থৰ মাজেৰে পাৰ হৈ যায় তাৰ পৰা ইলেক্ট্ৰণ কণা বিচ্ছিন্ন কৰি আধানযুক্ত পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰে, সেয়েহে এইবোৰক আয়নকাৰক বিকিৰণ (ionizing radiation) বোলে৷ এই বিকিৰণ জীৱদেহৰ মাজেৰে পাৰ হৈ গ’লে আণৱিক স্তৰত যথেষ্ট ক্ষতি সাধন কৰিব পাৰে৷
আমাৰ জীৱদেহটো অসংখ্য জৈবিক আধানেৰে সংপৃক্ত হৈ আছে৷ উচ্চ শক্তি সম্পন্ন তৰংগৰ আঘাতত দেহকোষৰ DNA শৃংখলৰ পৰিৱৰ্তন হৈ কোষৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ কিন্তু দৃশ্যমান পোহৰ তথা মাইক্ৰ’ৱেভ, ৰেডিঅ’ ৱেভ আদিৰ দীঘল তৰংগ দৈৰ্ঘ্য্যৰ তৰংগই ইমানো শক্তি কঢ়িয়াই নানে যে ই দেহৰ বিস্তৰ ক্ষতি সাধন কৰিব৷ মোবাইল ফোন সাধাৰণতে ৯০০-ৰ পৰা সৰ্বোচ্চ ১৮০০ মেগাহাৰ্টৰ পৰিসৰৰ ভিতৰত কাম কৰে৷ অলপ ইফাল সিফাল হ’লেও এই কম্পনাংক বিশিষ্ট ৰেডিঅ’ তৰংগই ইমানেই নগণ্য শক্তি বহন কৰে যে ই কেৱল দেহৰ সৰু অংশৰ উষ্ণতা ০.৪°ছেণ্টিগ্ৰেডতকৈ বেছি বঢ়াব নোৱাৰে৷ আনহাতে উচ্চ কম্পনাংকৰ মাইক্ৰ’ৱেভ বিকিৰণে দেহৰ কলা (tissue) উত্তপ্ত কৰি তোলে বুলি বিভিন্ন গবেষণাত ইতিমধ্যে প্ৰকাশ পাইছে৷ কানাডাৰ স্বাস্থ্য নিৰ্দেশাৱলীৰ মতে (code 6) জীৱদেহটো কম্পনাংক ৩ কিলোহাৰ্টছৰ পৰা ৩০০ গিগাহাৰ্টছৰ ভিতৰত ৰেডিঅ’ তৰংগৰ সৈতে নিৰাপদ ভাৱে উন্মীলিত (exposed) হ’ব পাৰে৷
মানুহৰ বৰ্ধিত শংকাৰ প্ৰতি সাহৰি জনাই ১৯৯৬ চনত বিশ্ব স্বাস্থ্য সংস্থাই এলানি পৰিকল্পনা হাতত লয়৷ তেওঁলোকে বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীসকলৰ বৈজ্ঞানিক অভিবৰ্তনসমূহত প্ৰকাশিত মোবাইল বিকিৰণ সম্বন্ধীয় সমীক্ষা তথা গবেষণা পত্ৰসমূহ পৰীক্ষা কৰি তাৰ পৰা কেতবোৰ অনুসিদ্ধান্ত উলিয়াব চেষ্টা কৰে৷
২০১১ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ লগত জড়িত আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ গবেষণা সংস্থা (International Agency for Research on cancer) চমুকৈ IARC-এ মোবাইল ফোনৰ বিকিৰণক “কেন্সাৰৰ কাৰক হ’ব পাৰে” (possibly carcinogenic) বুলি অভিহিত কৰিছে৷ ইয়াৰ ফলত সাধাৰণ ৰাইজৰ মাজত এক ভয় আৰু শংকাৰ বাতাবৰণৰ সৃষ্টি হৈছে৷ IARC এই তথ্য সদৰী কৰিছিল কিছুমান পুৰণি গবেষণাৰ ভিত্তিত য’ত ৰেডিঅ’ তৰংগই জৈৱিক দেহত কেন্সাৰৰ সৃষ্টি কৰিব পাৰে বুলি দেখুওৱা হৈছিল৷ কিন্তু IARC-এ লগতে ইয়াকো স্পষ্ট কৰি দিছে যে এতিয়াও অলপ দীঘলীয়া ধৰণৰ পতিয়ন নিয়াব পৰা গবেষণাৰ অভাৱ৷ গতিকে যেতিয়ালৈ তেনেকুৱা গবেষণা পোৱা নাযায় কেন্সাৰ হ’ব বুলি ক’ব নোৱাৰি৷ সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰত গবেষণাৰ বাবে সকলোবোৰ আগশাৰীৰ শিক্ষানুষ্ঠানক উৎসাহ যোগাই আহিছে৷
আন এক তথ্য মতে কোৱা হয় যে শিশুৰ মগজু বিকাশিত হৈ থকা অৱস্থাত ৰেডিঅ’ তৰংগই ক্ৰিয়া কৰিলে মগজুৰ টিউমাৰ হ’ব পাৰে৷ কিন্তু ২০১১ চনত ছুইজাৰলেণ্ড, ডেনমাৰ্ক, নৰ’ৱে আৰু চুইডেনত এক বিশেষ গৱেষণা চলোৱা হৈছিল৷ য’ত ২০০৪-ৰ পৰা ২০০৮ চনৰ ভিতৰত সকলো মগজুৰ টিউমাৰ হোৱা শিশুক সাঙুৰি লোৱা হৈছিল৷ আচৰিতধৰণে চিকিৎসা বিজ্ঞানীসকলে মোবাইল ফোনৰ লগত কোনো সম্পৰ্ক নাপালে৷ বহু সময়ত গবেষণাবোৰে এক ভ্ৰান্তিৰ সৃষ্টি কৰে বিশেষকৈ যেতিয়া একে ধৰণৰ দুটা গবেষণাই সম্পূৰ্ণ বিপৰীত ফলাফল দেখুৱায়৷ সেয়েহে বিজ্ঞানীসকলে এটা বা দুটা গবেষণাৰ ওপৰত ভিত্তি কৰি সাধাৰণতে কোনো সিদ্ধান্তত উপনীত নহয়৷ বিজ্ঞানীসকলে সকলোবোৰ উপলব্ধ গবেষণা চালি-জাৰি চাই হে এটা সিদ্ধান্তত উপনীত হোৱা দেখা যায়৷
গতিকে আমি এতিয়ালৈ পোৱা বৈজ্ঞানিক গবেষণাৰ ভিত্তিত নিশ্চিয়কৈ ক’ব পাৰোঁ যে মোবাইল ফোনৰ বিকিৰণ এটা নিৰাপদ পৰিসৰৰ ভিতৰত ব্যবহৃত হোৱা ৰেডিঅ’ তৰংগ৷ এই তৰংগই দেহত সাধাৰণ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিলেও কেন্সাৰৰ দৰে ভয়ংকৰ ক্ষতিকাৰক বুলি প্ৰতিপন্ন হোৱা নাই৷ যেতিয়ালৈ বৈজ্ঞানিক সমীক্ষাই আমাক নকয় তেতিয়ালৈ শংকিত হোৱাৰ কোনো কাৰণ নাই৷ অদূৰ ভৱিষ্যতে বিজ্ঞানীসকলে পোহৰৰ তৰংগ ধৰ্মক সংকেত বহনকাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি তাৰে চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ কিছু কিছু ক্ষেত্ৰত সফলো হৈছে৷ কিন্তু প্ৰযুক্তিখিনি জনকল্যাণমূলক আঁচনিত লগাব পৰাকৈ বিকশিত হ’বলৈ এতিয়াও বহু বাকী। যদিহে এনেকুৱা কৰিব পৰা যায় তেন্তে ই এক যুগান্তকাৰী উদ্ভাৱন হ’ব৷

তথ্যসূচী:

  1. Tolstoy, Ivan (1982). James Clerk Maxwell: A Biography. University of Chicago Press. ISBN 0-226-80787-8. OCLC 8688302.
  2. Nahin, P.J. (1992). “Maxwell’s grand unification“. Spectrum, IEEE. 29 (3): 45. doi: 10.1109/6.123329.
  3. Oberto G, Rolfo K, Yu P, et al. Carcinogenicity study of 217 Hz pulsed 900 MHz electromagnetic fields in Pim1 transgenic mice. Radiation Research 2007; 168(3): 316–326.
  4. Zook BC, Simmens SJ. The effects of pulsed 860 MHz radiofrequency radiation on the promotion of neurogenic tumors in rats. Radiation Research 2006; 165(5): 608–615.
  5. Lin JC. Cancer occurrences in laboratory rats from exposure to RF and microwave radiationExit Disclaimer. IEEE J of electromagnetics, RF, and microwaves in medicine and biology 2017; 1(1): 2-13
  6. Aydin D, Feychting M, Schüz J, et al. Mobile phone use and brain tumors in children and adolescents: a multicenter case-control study. Journal of the National Cancer Institute 2011; 103(16): 1264–1276.
  7. International Agency for Research on Cancer. Non-ionizing Radiation, Part 2: Radiofrequency Electromagnetic FieldsExit Disclaimer. Lyon, France: IARC; 2013. IARC monographs on the evaluation of carcinogenic risks to humans, Volume 102.
  8. The INTERPHONE Study Group. Brain tumour risk in relation to mobile telephone use: results of the INTERPHONE international case-control study. International Journal of Epidemiology 2010; 39(3): 675–694.
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments