বিকেন্দ্ৰীকৃত সমবায় : এক অৰ্থনৈতিক বিকল্প – দীপজ্যোতি বৰা

 

“From each according to his ability, to each according to his needs” – মাৰ্ক্সৰ এই বিখ্যাত উক্তিষাৰ সামান্য সাল-সলনি কৰি আমি ক’ব খুজিছোঁ “From each according to his ability, to each according to his contribution”। এতিয়া আমি আহোঁ আমাৰ মূল ক’বলগীয়া কথাখিনিলৈ। বৰ্তমান সময়লৈকে আমি আমাৰ আশে-পাশে বহুকেইখন সমবায় গঠন হোৱা আৰু হেৰাই যোৱা দেখা পালোঁ। তাৰে কিছুমানে লাভ কৰিবলৈ সক্ষম হয়, কিছুমানে নহয়। আমাৰ দৃষ্টিত কমিউনিজমৰ দৃষ্টিভংগীৰে গঢ়িব খোজা এখন সমবায় য’ত সকলোৰে মাজত সমবিতৰণ মূল কথা বুলি ধৰা হয়, আৰু যি পুঁজিবাদী ব্যৱস্থা এটাৰ লগত বজাৰৰ প্ৰতিযোগিতাত নামিবলৈ আগ্ৰহী নহয়, সি টিকি থাকিব পৰাটো সম্ভৱ নহয়। কাৰণ ই কৰ্মসক্ষম আৰু অধিক আগ্ৰহীসকলক কোনো incentive নিদিয়ে। আনহাতে, আদৰ্শগত কাৰণতে বজাৰৰ শক্তিক আওকাণ কৰা কাৰণে এনে ব্যৱস্থা এটাই প্ৰতিযোগিতাত মুখ্য স্থান ল’ব নোৱাৰে। বৰ্তমান চকুত পৰা সমবায় বা সমবায়জাতীয় ব্যৱস্থা বুলি ক’লে আমি আমূল, অন্যান্য দুগ্ধ সমবায়, বা লিজ্জত পাপৰৰ কথা ক’ব পাৰোঁ৷ এতিয়া আমি সেই আৰ্হি অসমৰ ক্ষেত্ৰত কিদৰে কিছু সালসলনি ঘটাই প্ৰয়োগ কৰিব পাৰোঁ? অসমৰ দৰে কৃষি প্ৰধান অঞ্চল এটাত এতিয়াও এক ব্যৱসায়িকভাবে সফল সমবায় বিচাৰি পাবলৈ টান। অসমৰ এই কৃষিখণ্ডলৈ লক্ষ্য কৰি আমি প্ৰস্তাৱ কৰিব খুজিছোঁ এক বিকেন্দ্ৰীকৃত সমবায়ৰ ধাৰণা। হয়তো আন কোনোবাই এনে ধাৰণা ক’ৰবাত প্ৰয়োগ কৰিছে; আমি মাত্ৰ নিজৰ দৃষ্টিভংগীৰে তাক বিচাৰ কৰি আমাৰ সুবিধা হোৱাকৈ তাক প্ৰয়োগ কৰাৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। মূল বিষয়লৈ যোৱাৰ আগতে আমি তাৰ পটভূমিৰ কিছু কথা আলোচনা কৰি লওঁ। আমাৰ বিকেন্দ্ৰীকৃত সমবায়ৰ ক্ষেত্ৰত আমি তলৰ কথাখিনি মনত ৰাখি আগবাঢ়িব বিচাৰিছোঁ-

ক) বৰ্তমান বিশ্বৰ আগশাৰীৰ কেতবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেতবোৰ চকুত পৰা বৈশিষ্ট্য আছে। যেনে ধৰক, গুগ’ল বা ফেইচবুক। তেওঁলোকে আমাক তেওঁলোকৰ সুবিধাসমূহ মূলতে বিনা পইচাই দিয়ে। মনকৰিবলগীয়া যে তেওঁলোকে নিজৰ তথ্যসমূহ (content) নিজেই সৃষ্টি নকৰে। আনৰ তথ্যৰেই তেওঁলোক চহকী। এমাজ’ন, ই-বে আদি প্ৰতিষ্ঠানেও নিজে সামগ্ৰী উৎপাদন নকৰে। তেওঁলোকে মূলতে উৎপাদক, ক্ৰেতা-বিক্ৰেতাসকলক এক সমূহীয়া মঞ্চ দিয়ে। একে ধৰণৰ ব্যৱস্থা অ’লা বা উবেৰ আদিৰ ক্ষেত্ৰতো দেখা পাওঁ। এতিয়া এই বৈশিষ্ট্যসমূহ লক্ষ্য কৰি আমি এক নতুন ধৰণৰ ব্যৱসায়ৰ চিন্তা কৰিব পাৰোঁ নেকি?
খ) আমাৰ অসম এতিয়াও কৃষি প্ৰধান ৰাজ্য। তথাপি বহু বস্তুৰ কাৰণে আমি আনৰ ওপৰত নিৰ্ভৰশীল। বতৰৰ বহু শাক-পাচলি স্থানীয়ভাবে উপলব্ধ হ’লেও গুণগত মান সন্দেহজনক। ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ অপ-প্ৰয়োগৰ ফলত এনে সামগ্ৰীয়ে আমাৰ স্বাস্থ্যলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে এনে পৰিস্থিতিত থলুৱাভাবে উৎপাদিত জৈৱিক পাচলি সহজলভ্য হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। বৰ্তমান অসমৰ বহুকেইজনে ইতিমধ্যে ব্যৱসায়িকভাবে জৈৱিক-কৃষিও আৰম্ভ কৰিছে। এইখিনিতে ইয়াৰ লগত জড়িত কেতবোৰ সমস্যা লক্ষ্য কৰা যায়-
১) নিজাকৈ সৰহ মাটিৰ প্ৰয়োজন
২) সৰহ মূলধনৰ আৱশ্যক
৩) শ্ৰমিকৰ প্ৰয়োজন
৪) ইয়াৰ লগত জড়িত ব্যৱসায়িক শংকা
৫) উৎপাদনৰ পৰা বিপননলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো চকু ৰাখিবলগীয়া হয়
৬) আনহাতে, যেতিয়া এজন ব্যক্তি বা এটা গোট সম্পূৰ্ণৰূপে ইয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে তেতিয়া বাহ্যিক কাৰকৰ প্ৰভাৱত এটা ফচল বেয়া হ’লে প্ৰচুৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে।

গতিকে এই কথাসমূহৰ পিছত আমি মন কৰি চাওঁ বৰ্তমান পৰিস্থিতিত আমাৰ হাতত থকা সুবিধাসমূহৰ আমি কিদৰে সদ্ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমাৰ লক্ষ্যত উপনীত হ’ব পাৰোঁ। আমি আমাৰ আৰ্থ-সামাজিক দিশটো এবাৰ বিশ্লেষণ কৰি চালে আমাক সহায় কৰিব পৰা বহুকেইটা সুবিধা বিচাৰি পাম। আমি মন কৰিলে দেখা পাম যে অসমৰ গ্ৰাম্যাঞ্চলেই হওক বা চহৰাঞ্চলেই হওক, প্ৰায় সকলো লোকৰে অকণমানকৈ হ’লেও চোতাল আছে। আনহাতে বহুলোকৰ বছৰজুৰি শাক-পাচলি কৰিব পৰাকৈ ঘৰৰ কাষতে সৰহীয়া মাটিও আছে। গতিকে আমাক দৰকাৰী উৎপাদনৰ কাৰণে আমি ইয়াক অতি সহজে ব্যৱহাৰ কৰিব পাৰোঁ। দ্বিতীয়তে মন কৰিবলগীয়া কথাটো হৈছে যে বৰ্তমান সচেতনতা বাঢ়ি যোৱাৰ লগে লগে থলুৱা আৰু অপকাৰী সাৰ আৰু কীটনাশকবিহীন পাচলিৰ চাহিদা বাঢ়িছে। আনহাতে আমাৰ বতৰৰ অনুকুল আৰু অতি কম যত্নতে উৎপাদন কৰিব পৰা বহু শাক-পাচলি আমাৰ চাৰিওফালে আছে। আমি তাক বিচাৰিব জানি ব্যৱসায়িক ৰূপ দিব জানিলেই হ’ল। যেনে ধৰক কচু, ঢেকীয়া, মানিমুনি, ভেদাইলতা ইত্যাদি। বজাৰত চাহিদা থাকিলেও আমি তাক ব্যৱসায়িক ৰূপ দিব পৰা নাই। কিন্তু এইবোৰ উৎপাদনৰ কষ্ট নগণ্য আৰু আমাৰ বতৰৰ লগত এইবোৰ সহজে তিষ্ঠি থাকিব পাৰে। উদাহৰণস্বৰূপে বাংলাদেশ আৰু আফ্ৰিকা আদি দেশৰ পৰা অহা আলু-কচু, কলমৌ জাতীয় পাচলি ইউৰোপৰ বিভিন্ন বজাৰত সহজলভ্য হৈ পৰিছে। আনহাতে বৰ্তমান সময়ত যাতায়ত আৰু যোগাযোগৰ সুচলতাই আমাকো আগতে ভাবিব নোৱাৰা কিছুমান কাম কৰিবলৈ সহায় কৰিব পাৰে।

এতিয়া আমি আমাৰ প্ৰস্তাৱিত আৰ্হিটোৰ বিষয়ে আলোচনা কৰোঁ৷ মূলতে এই আৰ্হিটোক আমূল বা লিজ্জত পাপৰৰ এক সংশোধিত থলুৱা সংস্কৰণ হিচাপে গণ্য কৰিব পাৰি৷ বৰ্তমান অসমত থলুৱা ব্যৱসায় হিচাপে খাৰখোৱা, থলুৱা, থলগিৰি আদি প্ৰতিষ্ঠান গঢ়ি উঠিছে৷ কোনো কোনোৱে ইয়াৰ লগত জড়িত মহিলা সৱলীকৰণ অথবা আৰ্থসামাজিক সৱলীকৰণৰ বিষয়েও আলোচনা কৰিছে৷ থলুৱা লোকে অসমত ব্যৱসায় স্থাপন কৰা আৰু সফল হোৱাটো আমিও কামনা কৰোঁ৷ তেওঁলোকে কি ধৰণেৰে ব্যৱসায় চলাব, নীতি-নিয়ম কেনে হ’ব সেয়া তেওঁলোকৰ নিজা নিজা সিদ্ধান্ত৷ কিন্তু থলুৱা পুঁজি গঠনৰ নামত বা থলুৱা ব্যৱসায়ৰ নামত কেৱল পুঁজি কোনো বহিৰাগত মানুহৰ হাতৰ পৰা কোনো থলুৱা পুঁজিপতিৰ হাতলৈহে যায় তেন্তে মহিলা বা আৰ্থসামাজিক সৱলীকৰণৰ বিষয়টো গৌণ হৈ ৰ’ব৷ কিছু সংখ্যক লোকৰ নিয়োজনৰ পথ মুকলি ঠিকেই হ’ব কিন্তু সেই ব্যৱস্থাত আৰ্থসামজিক সৱলীকৰণৰ সম্ভাৱনাৰ সম্পূৰ্ণ বাস্তৱায়িতকৰণ সম্ভৱ নহ’ব৷ গতিকে আমি আলোচনা কৰিব খুজিছোঁ- আৰ্থসামাজিক সৱলীকৰণক মুখ্য উদ্দেশ্য হিচাপে লৈ গঢ় দিব খোজা ব্যৱসায়িক প্ৰতিষ্ঠান এটা কেনে হোৱা উচিত হ’ব৷ ইয়াৰ নীতি-নিয়ম বা সংবিধান কেনে হোৱা উচিত হ’ব৷ অসমৰ পৰিস্থিতিত এনে আৰ্হি এটাৰ সম্ভাৱনা বা সমস্যাসমূহ সামগ্ৰিকভাৱে আলোচনা কৰাই এই লেখাৰ উদ্দেশ্য৷ প্ৰথমেই আহোঁ এনে এক ব্যৱস্থাৰ মূল-মন্ত্ৰৰ বিষয়ে:
১) এই ব্যৱস্থাত প্ৰতিজন উৎপাদনকৰ্তাই একোজন অংশীদাৰ৷
২) এই ব্যৱস্থাত লাভ বা লোকচান অংশীদাৰজনৰ অৱদান অনুসৰি বিতৰণ কৰা হ’ব৷
আমি পুনৰ দোহাৰিব খুজিছোঁ যে সমাজৰ কাৰণে বা উৎপাদকসকলৰ হিতৰ কাৰণে কাম কৰাটো এনে এক প্ৰতিষ্ঠানৰ বদান্যতা বা ছছিয়েল ৰেস্পন্সিবিলিটি নহৈ হ’ব লাগিব এক মূলমন্ত্ৰ৷ প্ৰতিষ্ঠাপক বা সঞ্চালক থাকিলেও ই হ’ব এক প্ৰকাৰৰ সমবায়, য’ত উৎপাদকসকল অংশীদাৰ হ’ব৷ নহ’লে উৎপাদকৰ পৰা যথাসম্ভৱ কম মূল্যত ক্ৰয় কৰি অধিক লাভত বিক্ৰী কৰা আন প্ৰতিষ্ঠানৰ লগত পাৰ্থক্য নাথাকিব৷ এতিয়া আমি এই ব্যৱস্থাৰ বিশদ বিৱৰণলৈ আহোঁ:
আৰ্হি ১:
এই ব্যৱস্থাটো মূলতে পাচলিৰ লগত জড়িত৷ ক্ষুদ্ৰৰ পৰা বৃহৎ পৰিসৰলৈকে এই ব্যৱস্থাই সামৰি ল’ব পাৰে৷ অসমৰ দৰে এখন ৰাজ্যত সাধাৰণতে পাচলি উৎপাদন কৰিবলৈ বেছি কষ্ট নহয় আৰু বহুতো বতৰৰ পাচলি প্ৰাকৃতিকভাবে উপলব্ধ৷ এতিয়া আমি মন কৰিলে দেখিম যে গাঁৱেই হওক বা চহৰেই হওক প্ৰায়বোৰ ঘৰৰ লগত কম-বেছি পৰিমাণে এটুকুৰা মাটি আছে৷ আমাৰ এই আৰ্হিটোত আমি এই মাটিকণতে কৰিব পৰা উৎপাদনক সামৰি ল’ম৷ আমি আমাৰ ব্যৱসায়ৰ বাবে একো একোটা অঞ্চলৰ পৰা কিছু সংখ্যক লোকক যোগ্যতাৰ ভিত্তিত নিৰ্বাচন কৰিম আৰু তেওঁলোকক জৈৱিক পদ্ধতিৰে পাচলি উৎপাদন কৰিবলৈ উৎসাহিত কৰিম৷ ইয়াৰে কিছু অংশ তেওঁ নিজে ভোগ কৰিব আৰু বাকীখিনি বিক্ৰীৰ বাবে ৰাখিব৷ এতিয়া এই পাচলি সংগ্ৰহ আৰু বিতৰণৰ বাবে এক দল থাকিব৷ তেওঁলোকে প্ৰতিদিনে অথবা এক নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে উৎপাদকৰ ঘৰৰ পৰা পাচলি সমূহ সংগ্ৰহ কৰিব৷ নিৰ্ধাৰিত নিয়মমতে তেওঁলোকে কিমান পৰিমাণে কি কি পাচলি সংগ্ৰহ কৰা হ’ল তাৰ হিচাপ ৰাখিব আৰু তাৰ মূল্য দৈনিক, সাপ্তাহিক অথবা মাহেকীয়াভাৱে উৎপাদকক প্ৰদান কৰিব৷ এই ব্যৱস্থাটো সম্পূৰ্ণ এক বিশ্ৱাসৰ মাজৰে চলিব লাগিব৷ তাৰ বাবে উচিত মূল্য বা লভ্যাংশ উৎপাদকৰ লগত বিতৰণ হ’ব লাগিব আৰু উৎপাদকে খন্তেকীয়া লাভৰ বাবে আনৰ ওচৰত অধিক দামত বিক্ৰী কৰিব নালাগিব৷ এনে ক্ষিত্ৰত লিজ্জত পাপৰ এক উদাহৰণ হ’ব পাৰে৷ তাৰ বাবে এক দীৰ্ঘকালীন চুক্তি থাকিব লাগিব আৰু উৎপাদকসকলে এই অনুষ্ঠানৰ অংশীদাৰ হিচাপে এক আত্মীয়তা অনুভৱ কৰাটো অতিশয় জৰুৰী৷ আৰম্ভণিৰ পৰাই অনুষ্ঠানটোৰ নীতি-নিয়মসমূহ পৰিষ্কাৰ হোৱটো দৰকাৰী৷ অনুষ্ঠানৰ পৰিচালক-বিতৰকসকলৰ দৰমহা, অধিকাৰ আৰু লভ্যাংশ বিতৰণৰ এক পৰিষ্কাৰ আৰু স্পষ্ট নীতি থকাটো বাঞ্ছনীয়৷

এই ব্যৱস্থাৰ এক সুবিধা হৈছে ইয়াৰ লগত জড়িত উৎপাদকসকল পূৰ্ণকালীন খেতিয়ক নহ’লেও অংশগ্ৰহণ কৰাটো সম্ভৱ৷ গাঁও হওক বা চহৰেই হওক, কিছু পৰিমাণে মাটি থকা যিকোনো লোক ইয়াৰ অংশীদাৰ হ’ব পাৰে৷ ইতিমধ্যে কোনো চাকৰী কৰি থকা বা পঢ়া-শুনা কৰি থকা ছাত্ৰ-ছাত্ৰীয়েও দিনটোৰ মাত্ৰ কেইঘণ্টামান কাম কৰিয়েই নিজাকৈ কিছু ধন উপাৰ্জন কৰিব পাৰে৷
অলপ অগ্ৰণী অৱস্থাত এই ব্যৱস্থাটোত আধুনিক প্ৰযুক্তিৰো সহায় ল’ব পাৰি৷ আজিকালি ম’বাইল বা কম্পিউটাৰৰ ব্যৱহাৰ সুলভ হোৱাৰ দিনত এক প্ৰকাৰৰ এপ্ বা অনলাইন মঞ্চৰ জৰিয়তে ব্যৱস্থাটোৰ কামসমূহ সুষম কৰি তুলিব পাৰি৷ এনে ব্যৱস্থাত উৎপাদক আৰু গ্ৰাহকৰ দুটা ভাগ ৰাখিলে গ্ৰাহকৰ পৰা আগতীয়াকৈ চাহিদা সংগ্ৰহ কৰিব পাৰি আৰু উৎপাদকৰ পৰা উৎপাদন ক্ষমতাৰ সময়-সাপেক্ষ হিচাপ ৰাখিব পাৰি৷ তাৰ সহায়ত সংগ্ৰহ আৰু বিতৰণৰ সঠিক পৰিকল্পনা কৰিব পৰা যাব আৰু বজাৰৰ চাহিদা অনুযায়ী মূল্য নিৰ্ধাৰণ কৰিব পৰা যাব৷ লগতে বহু সময়ত কোনো জেগাত কেন্দ্ৰীয়ভাৱে জমা নকৰাকৈ গ্ৰাহকৰ চাহিদা অনুযায়ী পোনপটীয়াকৈ নিকটবৰ্তী উৎপাদনস্থলীৰ পৰা যোগান ধৰাও সম্ভৱ হ’ব৷ অৰ্থাৎ নিয়মীয়া বজাৰৰ লগতে হ’ম ডেলিভাৰীৰ দৰে ব্যৱস্থাও সম্ভৱ হ’ব৷ এইখিনিতে মনকৰিবলগীয়া কেইটামান কথা হ’ল:

ক) উৎপাদক বা অংশীদাৰসকলৰ লগত দীৰ্ঘকালীন চুক্তি আৰু বুজাপৰা থকাটো সকলোতকৈ দৰকাৰী৷ নহ’লে নতুনকৈ সৃষ্ট এই বজাৰখনত বিভিন্ন প্ৰতিযোগীয়ে নিজৰ ফালে ভাল উৎপাদক গোটসমূহ আনিবলৈ চেষ্টা কৰোঁতে আৰম্ভণিতে লাভ হ’লেও এটা সময়ত নিজৰ মাজৰ খোৱা-কামোৰাত ব্যৱস্থাটোৱেই ভাঙি পৰিব পাৰে৷ উৎপাদকসলেও অংশীদাৰ হওঁতে সাৱধান হ’ব লাগিব যাতে শোষণৰ বলি হ’ব লগা নহয়৷
খ) গুণগত মানৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো আৱশ্যক৷ এই ক্ষেত্ৰত ক্ষুদ্ৰ খেতিয়ক লগত লৈ আগবাঢ়িলে ভাল হ’ব৷ তেতিয়া “ঘৰত খাবলৈ বেলেগ আৰু বজাৰত বেছিবলৈ বেলেগ”কৈ কৰি অধিক লাভ কৰিব খোজা প্ৰচলিত ধাৰণাৰ পৰা হোৱা লাভ বৰ বেচি উংসাহজনক নহ’ব৷ লগতে সময়ে সময়ে পৰীক্ষা কৰাটো দৰকাৰী৷
গ) সাধাৰণতে এক শংকা থাকিব পাৰে যে কোনো খেতিয়কে অধিক লাভৰ আশাত সমাবয়খনক ঠগি নিজাকৈ বিক্ৰী কৰিছে৷ কিন্তু প্ৰস্তাৱিত ব্যৱস্থাটোত যদি কিছু ক্ষুদ্ৰ কৃষকক এই বুলি নিশ্চয়তা দিব পৰা যায় যে তেওঁ তেনে নকৰাকৈ ঘৰত বহিয়েই উচিত মূল্য নিয়মীয়াকৈ পাই আছে তেতিয়া নিজাকৈ সেই কাম কৰাটো তেওঁৰ বাবে লাভজনক বুলি পৰিগণিত নহ’ব৷
ঘ) হিচাপ-নিকাচসমূহ পৰিষ্কাৰ হোৱা অতি দৰকাৰী৷ সাধাৰণতে আভিজ্ঞতাৰ অভাৱেই হওক বা স্বভাৱৰ দোষতেই হওক দেখা যায় যে বহু লোকৰ হিচাপ-নিকাচ কোনো মূলনীতি নাই৷ তাৰ ফলস্বৰূপে সম্ভাৱনাময় ব্যৱসায় ডুবিব পাৰে৷ এই ক্ষেত্ৰত সাৱধান হোৱা অতি আৱশ্যক৷
ঙ) সঞ্চালকসকলৰ বেতন উপযুক্ত হ’ব লাগিব৷ তেওঁলোকে যিহেতু বেতনহীন সমাজসেৱা কৰিবলৈ অহা নাই, সেয়ে উপযুক্ত কামৰ উপযুক্ত বেতন তেওঁলোকৰ প্ৰাপ্য৷ লগতে এইটো কথাও মন কৰিবলগীয়া যে এনে এটা ব্যৱসায় সফল হ’লে কোনো প্ৰতিক্ৰিয়াশীল চক্ৰই যাতে উৎপাদকসকলৰ মনত তেওঁলোকক শোষণ কৰা হৈছে বুলি অবিশ্বাসৰ সৃষ্টি কৰিব নোৱাৰে৷ এই ক্ষেত্ৰত সকলো সাৱধান হোৱা দৰকাৰ৷

আৰ্হি ২:
ওপৰত আমি সতেজ পাচলিৰ উৎপাদন আৰু বিতৰণৰ বিষয়ে আলোচনা কৰিলোঁ৷ এতিয়া আমি এনে পাচলি বা ফলমূলৰ পৰা সম্ভৱ হ’ব পৰা আন ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিম৷ ওপৰৰ ব্যৱস্থাত সংগৃহীত পাচলি বা ফলমূল যদি বিতৰণৰ পিচত যদি থাকি যায় তাক সংৰক্ষণ কৰি আন এক ব্যৱসায় কৰিব পৰা যাব৷ ইয়াক স্বাধীন ব্যৱসায় বা প্ৰথম পৰ্যায়ৰ ব্যৱসায়ৰ এক দ্বিতীয় পৰ্যায়ৰূপেও গণ্য কৰিব পাৰি৷
ইতিমধ্যেই বিভিন্ন ধৰণৰ আচাৰ বা জাম-জেলিৰ কেতবোৰ থলুৱা ব্যৱসায় গঢ়ি উঠিছে৷ কিন্তু আৰ্থসামাজিক সৱলীকৰণৰ বাবে আমাক লাগিব একধৰণৰ সমবায় ব্যৱস্থা৷ লগতে প্ৰয়োজন হ’ব কিছু গৱেষণাৰ৷ আমাৰ জলবায়ু অনুসৰি উৎপাদিত পাচলি বা ফলমূল কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে গৱেষণা কৰটো আতিশয় দৰকাৰী৷ পশ্চিমৰ উন্নত দেশসমূহত ইতিমধ্যে বহু পাচলি সংৰক্ষণ কৰা অৱস্থাত উপলব্ধ৷ যেনে কেঁচা মটৰ, বীন, গাজৰ, কেঁচা আৰু শুকান বিলাহী, বেঙেনা, তিয়ঁহ আদি নিমখ দিয়া পানীত, তেলত অথবা আন দ্ৰব্যত সংৰক্ষিত অৱস্থাত উপলব্ধ৷ আনহাতে ইয়াৰে বহুবোৰ বস্তু ৰাখিবৰ কাৰণে শীতলীকৰণ কৰাৰো প্ৰয়োজন নাই৷ আমাৰ অঞ্চলত এনেদৰে উৎপন্ন হোৱা বতৰৰ পাচলি বা ফলমূলবোৰ যদি কেইমাহমানৰ কাৰণেও সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি সি এক বৃহৎ সম্ভাৱনাৰ সূচনা কৰিব৷

ওপৰৰ ব্যক্তিগত পৰ্যায়ত অংশগ্ৰহণ কৰা আৰ্হিৰ পৰিবৰ্তে এই ব্যৱস্থাত ক্ষুদ্ৰ-ক্ষুদ্ৰ কেতবোৰ সমবায় গঢ়ি তুলিব লাগিব৷ একো একোটা গোটে এক নিৰ্দ্দিষ্ট পৰিমাণৰ সামগ্ৰী প্ৰস্তুত কৰিব আৰু তাক কেন্দ্ৰীয়ভাৱে সংগ্ৰহ কৰি বিক্ৰী কৰা হ’ব৷ মূলতে ই আমূল বা লিজ্জত পাপৰৰ আৰ্হিমতে চলিব৷ থলুৱা সমাবায়সমূহে স্বাধীনচিতীয়াকৈ সিদ্ধান্ত ল’ব পাৰিব আৰু একে কেন্দ্ৰীয় ব্যৱস্থাৰ লগত সহযোগিতা কৰিব পাৰিব৷ এই ক্ষেত্ৰত লিজ্জত পাপৰৰ আৰ্হিটো ভালকৈ অধ্যয়ন কৰা দৰকাৰী৷ সফলভাৱে ৰূপায়ণ কৰিব পাৰিলে আমাৰ থলুৱাভাৱে উৎপাদিত বতৰৰ পাচলি বা ফলমূল নষ্ট নোহোৱাকৈ দীৰ্ঘকালীনভাৱে সংৰক্ষণ কৰিব পৰা যাব আৰু বহুলোকক নিয়োজনৰ সুবিধা দিব পৰা হ’ব৷

শেষত আশা কৰোঁ যে বৰ্তমান চলি থকা বহু আত্মসহায়ক গোট, যিবোৰত সৰহসংখ্যক লোক মজদুৰ হৈ অছে আৰু মধ্যভোগীয়ে অধিক লাভ আত্মসাৎ কৰি আছে তাৰ পৰিবৰ্তে এই ব্যৱস্থাত থলুৱা পুঁজিৰ গঠন আৰু উচিত বিতৰণৰ জৰিয়তে অধিক সংখ্যক লোকৰ আৰ্থসামাজিক সৱলীকৰণ সম্ভৱপৰ হৈ উঠক৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক