বিক্ষিপ্ত চিন্তাৰ একাজঁলি (ৰাজীৱ ৰঞ্জন)

ৰাজীৱ ৰঞ্জন

‘জোনাক, জোনাক শীতল জোনাক’
জোনাকৰ শীতলতাৰ অনুভৱ হঠাতে। ক’ৰ পৰা আহে এই অনুভূতি? মনৰপৰা নে আমাৰ গাৰ ছালৰ পৰা? শীতৰ দিনত যদি শৰীৰত ঠাণ্ডা নালাগে? গৰম কালি পিয়াহত অণ্ঠ কণ্ঠ শুকাই যাওঁতেও যদি পানী খাবলৈ মন নাযায়? মন, কি বস্তু এই মন? এই যে মোৰ ভিতৰত এইখিনি লিখি থকাৰ সময়ত কথাবোৰ কৈ আছে, সেইটোৱেই নে মোৰ মন? নে মন সেইটো যিটোৱে বাহিৰৰ জোনাকৰ বৰষুণত তিতিবলৈ জোৰ কৰি আছে? নে সেইটো যিটোৱে মাৰ ঘামৰ গোন্ধ থকা আঁচলৰে মুখখন মচিবলৈ হেঁপাহ জগাইছে?

এটা ৰাতি। এটা ৰাতি মানেই আহি থকা আৰু এটা নতুন প্ৰভাত। কি সলনি হ’ব পাৰে বাৰু এই ৰাতিটোৰ পৰা পাছৰ ৰাতিটোৰ মাজৰ সময়খিনিত? বতৰ? মনৰ বতৰ সলনি হ’বলৈ কিমান সময় লাগে বাৰু? মনৰ বতৰ: ৰামধেনুৰ ৰঙত ডুব যোৱা মন, ফৰকাল মন, ডাৱৰে আবৰা মন, বাৰিষাৰ বানত দিক্ হেৰুওৱা মন, উন্মনা মন, প্ৰতিবাদী, ক্ষোভিত মন। মনৰ বাতৰি, কোনে কঢ়িয়াব পাৰে মনৰ বাতৰি, মনৰ বতৰৰ খবৰ? ডাকোৱালে কাহানিও কঢ়িয়াব নোৱাৰে মনৰ বাতৰি। লিখিব খুজিলে হয়টো এটা আভাস ফুটি উঠিব, কিন্তু সম্পূৰ্ণ বাতৰি? ওহোঁ। কেৱল মনে জানে মনৰ কথা। বিচিত্ৰ তাৰ খেলা।

দুটা হাইড্ৰ’জেন, এটা অক্সিজেন মিলাই দিলেই হয় পানী, H2O। বৰ সহজ সমীকৰণ। পানীৰ ধৰ্ম্ম: ওখৰ পৰা তললৈ বয়। কিয় বয়? আকৌ Capillary Action, নোহোৱা হ’লে গছৰ ওপৰলৈ পানী কেনেকৈ উঠিল হয়? ১০০ ডিগ্ৰী চেলচিয়াছত উতলে। তাৰ পাছত ভাপ। সকলোতে আকৌ নহয়। এভাৰেষ্ট শৃংগত ৬৮ ডিগ্ৰী চেলচিয়াছতে উতলিব পানী। আৰু সাগৰৰ গভীৰ বক্ষত ১০০-ৰ ওপৰতো পানী তৰল হৈয়ে থকিব। শূণ্যৰ তলত বৰফ। ২০৩০ চন মানত বহু দেশত হ’ব বোলে পানীৰ আকাল। তেলৰ নিচিনাকৈ হয়টো পানীৰ কাৰণে হ’ব তয়াময়া যুদ্ধ। হয়টো দেখিম, হয়টোবা নেদেখিম। পানী, ভাপ আৰু বৰফ। পদাৰ্থ একেটাই, ৰূপ মাথো বেলেগ। মানুহো একেই। একেজন মানুহৰে ভিন্ন পৰিস্থিতিত, ভিন্ন পৰিবেশত ভিন্ন ৰূপ। চিনাকী মুখৰ অচিনাকী মানুহ, অচিনাকী মুখৰ নিচেই চিনাকী মানুহ। চিনাকীৰ কাৰণ মনৰ মিল। মন একে হ’লে চিনাকী যেন লাগিবই। মন বেলেগ হ’লে গোটেই জীৱন একেলগে থাকিলেও অচিনাকী হৈয়ে থাকি যাব দুজন মানুহ, দুটা ভিন্ন মন।

কোনোবাই ফটো এখন পঠিয়াইছে, এখন নতুন ছবিৰ। নাম ‘মনে বিচাৰে তোমাক’। কি বিচাৰে বাৰু মনে? “মই তোমাক ভাল পাওঁ”-চাৰিটা শব্দৰ মাজত সোমাই থাকে কিমান আশা, কিমান সপোন, কিমান আবেগ আৰু কিমান শব্দৰ মৌন সমদল। কিন্তু কি ভাল পাওঁ? ৰূপ? যৌৱন? গুণ? নে মন? মনক ভাল নাপালে, মনৰ মিল নাথাকিলে যে নাথাকিব একো অৰ্থ!ৰূপ, যৌৱন ক্ষণস্থায়ী। গুণ-দোষ সদায় আপেক্ষিক। ভাল লগা গুণ এটা বেয়া পোৱা দোষলৈ পৰিবৰ্তন হ’বলৈ লাগে মাথো কিছু সময় আৰু কিছু পৰিবৰ্তন জীৱনগতিৰ, দিশৰ। মনে বিচাৰে মাথো মনক বুজা এটা মন। পৰিস্থিতি সাপেক্ষে সলনি হোৱা বা হ’ব পৰা মনক জনা এটা মন। চকুপানী সামৰা আৰু হাঁহি বিৰিঙোৱা এটা মন। খঙত, ক্ষোভত ফাটি যোৱা মনক মৰমৰ প্ৰলেপ সানিব পৰা এটা মন। আবেগত উটি ভাঁহি নোযোৱাকৈ বাস্তবৰ কঠিন শিলত খুপি খুপি খোজ দিবলৈ শিকোৱা এটা মন। কৰ্মস্থলীৰ পৰা সন্ধিয়া উভটি ঘৰলৈ আহোঁতে এটা ৰক্তিম প্ৰভাতৰ জিলিঙনি দেখুওৱা এটা মন। মনে হয়টো বিচাৰে চাবলৈ মনৰেই প্ৰতিবিম্ব তোমাৰ মনত।

মন আৰু মগজুৰ দূৰত্ব কিমান? মানুহে পাৰে জানো মন আৰু মগজুক বেলেগ বেলেগ কৰি বুজি পাবলৈ? লিখি থাকোঁতে কথাবোৰ যে কৈ আছে মোৰ ভিতৰত, ই মোৰ মন নে মগজু? মগজুৰ মাজতে থাকে নে মন? নে দুয়োটা ইটো সিটোৰ পৰা পৃথক? মগজুৰ সোঁফালটোৱে চলায় শৰীৰৰ বাওঁফালটোক। আৰু মগজুৰ বাওঁফালটোৱে চলায় শৰীৰৰ সোঁফালটোক। একমাত্ৰ চকুৰে দেখা পোৱাৰ ক্ষেত্ৰতহে ইয়াৰ বিপৰীতটো হয়। বাওঁচকুৱে দেখাবোৰ মগজুৰ বাওঁ ফাললৈ পঠায়। সোঁচকুৱে পঠায় সোঁ মগজুলৈ। মনক কোনে চলায়? নে মনৰ চালক মন নিজে?

ভাব, চিন্তা, মন, মগজু এইবোৰৰ মাজতে ৰাতিটো গ’ল। কাইলৈ এটা নতুন পুৱা। মনৰ মাজত আকৌ হয়টো জন্ম হ’ব এটা নতুন চিন্তাৰ।


 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক