বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি : অনামিকা বৰুৱা

() অৱলম্বন….

“মাক কৈ দিম…”

বাবা মামনি ইটোৱে সিটোৰ প্ৰতি ব্যৱহাৰ কৰা শেষ আৰু একমাত্ৰ ব্ৰক্ষ্মাস্ত্ৰ| বাবাৰ পৰীক্ষা বুলি দুদিনমান ছুটি লৈছিলো| এনেয়েতো গমেই নাপাওঁ সিহঁতৰ দুষ্টালিবোৰ, মৰমবোৰ, হাই-কাজিয়া-ধেমালিবোৰ….| যিকণ সময় ঘৰত থাকোঁ প্ৰায় যুদ্ধোত্তৰ প্ৰস্তুতিৰে পাৰ হৈ যায়| বিশেষ দৰকাৰ নহ’লে বা কাৰোবাৰ বেমাৰ আজাৰ নহ’লে ছুটি লোৱাই নহয় দেখোন| এইকেইদিন বাবাক পঢ়াই আছো যদিও আজৰি সময়খিনিত সিহঁত দুটাক লক্ষ্য কৰি আছো আলেঙে আলেঙে| ভাল লাগিছে দেখি মোৰ অবৰ্তমানত সিহঁত দুয়ো দুয়োটাকে ইমান সমৰ্থন কৰে যে মই সঁচাই সুখী| কথাই কথাই লাগে দুয়ো| কিন্তু পাছমুহূৰ্ততে দুয়োটাই ব্যতিব্যস্ত হৈ উঠে ইটোৱে সিটোক লৈ| এটাক এৰি আনটো অসম্পূৰ্ণ| মামনি অলপ গেজু| কান্দি কান্দি ককায়েকক ঠগে মাজে মাজে| কেতিয়াবা কাজিয়া কৰি নহ’লে দম দি তাক শ’লঠেকত পেলায়| বাবাই উপায় নাপাই ধমকি লগায় যদিও তাইৰ চকুপানী দেখিলেই হতাশ হৈ পৰে| যেতিয়া সি কোনোপধ্যেই তাইক বলাব নোৱাৰে তেতিয়া সি এই ব্ৰক্ষ্মাস্ত্ৰপাত ব্যৱহাৰ কৰে| আৰু সি জানে এইপাত অমোঘ অস্ত্ৰ| কেতিয়াও বিফলে নাযায়| লগে লগে মামনিয়ে শান্ত হৈ ককায়েকৰ লগত আপোচ কৰে| এইয়াই শৈশৱ| নিৰ্মল নিৰ্ভেজাল কলুষতাহীন| এনেকৈয়ে ডাঙৰ হ’ব সিহঁত দুটা এটাই আনটোৰ হাতত ধৰি| সীমাবদ্ধ সময়ত মইনো কি দিম সিহঁতক| হয়তো সিহঁতৰ প্ৰয়োজনখিনি পূৰাব পাৰিম, হয়তো সিহঁতক এটা পথ নিৰ্দেশনা দিব পাৰিম, হয়তো সিহঁতৰ ভৱিষ্যতটো আৰ্থিকভাবে কিছু সুৰক্ষিত কৰিব পাৰিম! কিন্তু তাৰ বাহিৰে কি দিব পাৰিম মই! সিহঁত সাৰে থকাৰ সিংহভাগ সময় পাৰ কৰোঁ সংসাৰ চলোৱাৰ নামত সাংসাৰিক লেঠাবোৰ মাৰোঁতে| মই সাৰে থকাৰ সৰহভাগ সময় গুচি যায় চাকৰি নামৰ বান্ধোনটোত| অজুহাত সিহঁত দুটাৰ ভৱিষ্যত সংৰক্ষণ আৰু পৰিয়ালটো সুচাৰুৰূপে প্ৰতিপাল কৰা| এক ইচ্ছাকৃত অসহায়ৰ বলি হৈ অহেতুক ব্যস্ততাত পাৰ কৰি দিওঁ দিনবোৰ বিশৃংখলভাবে| কষ্ট হয় কথাবোৰ দ’কৈ ভাবিলে| যান্ত্ৰিক ব্যস্ততাত বহুত কিবাই হেৰুৱাইছো| তথাপি ইহঁত দুটাক দেখি ভৰি উঠিছে বুকুখন| অন্ততঃ সিহঁতক এটা সুস্থিৰ আৰু দৃঢ় অৱলম্বন দিব পাৰিলো বুলি ভাবি| কামনা কৰোঁ সিহঁতৰ এই বিশ্বাসযোগ্যতা চিৰদিন এনেদৰেই থাকক…..

দীপ্তি পাল, সুদূৰ কৰিমগঞ্জৰ পৰা আহিছিল গুৱাহটীত টেইনিং ল’বলৈ| প্ৰথমে ভঙা ভঙা হিন্দীত কথা কৈছিল| পাছত মই অলপ অচৰপ বাংলা জানো বুলি গম পাই মোৰ লগত বাংলাতে কথা পতা হ’ল| ৰঙীন শাৰী পিন্ধা দিদিক দেখি বিধৱা বুলি ভবা নাছিলো| পাছত গম পাই বেয়া লাগিছিল| ল’ৰা-ছোৱালীৰ কথা সোধোতে মূৰটো জোকাৰি দিছিল সোঁৱে-বাঁৱে; মানে নাই| স্বামীৰ মৃত্যুৰ পাছত চাকৰিটো পাইছিল| ট্ৰেইনিঙৰ প্ৰতিদিনেই মোৰ সৈতে কটাইছিল দিদিয়ে| মোক দিদি বুলিয়েই মাতিছিল| ছাৰে কিবা বুজাই থৈ গ’লে ঘপহ্‌কৈ বুজি নাপাইছিল একো| প্ৰেক্টিকেলৰ ক্লাচবোৰত কম্পিউটাৰৰ বিষয়ে নজনাবোৰ মোক সুধি সুধি বহীত লিখি লৈছিল| তেওঁৰ লগত মন্দিৰলৈ গ’লো, ব্ৰক্ষ্মপুত্ৰৰ পাৰে পাৰে খোজ কাঢ়িলো, পুৱা গধূলি ওচৰৰ দোকানত চাহ খালো| চাহ খাই পইচা দিবৰ সময়ত সদায় মোক বাধা দিয়ে| কয় আৰুনো ক’ত মোক লগ পাব| মই কওঁ নিশ্চয় লগ পাম দিদি| সেইকাৰণে এইবাৰ পইচা মই দিওঁ পাছত আপুনি দিব| তেতিয়া আপোনাৰ মোলৈ মনত পৰিব| মোৰ কথা শুনি দিদিয়ে না না বুলি জাপ মাৰি উঠে| মোৰ কথা তেওঁৰ হেনো এনেও মনত থাকিব| সৰলমনা দিদিজনীৰ আব্দাৰবোৰ পূৰাই ভাল লাগিছিল মোৰ| এদিন বিউটি পাৰ্লাৰলৈকো লগ ধৰিছিল| পাছে যোৱাহে নহ’ল| মোৰ খৰধৰ লাগিছিল গ্ৰন্থমেলালৈ যাবলৈ, দিদিৰ খৰধৰ লাগে মালিগাঁৱলৈ যাবলৈ| তেওঁ আমাৰ লগত ট্ৰেইনিং চেণ্টাৰত থকা নাছিল| ট্ৰেইনিং শেষ হোৱাৰ আগদিনা দুপৰীয়া ভাত খাই উঠি আমাৰ কোঠাত জিৰণি লৈ থাকোঁতেই মোৰ কি মন গ’ল জানো বেগত থকা মুকুতা এটা দিদিক দি দিলো| সেইটো হাতত লৈয়ে সৰু ছোৱালীৰ দৰে জঁপিয়াই উঠিছিল দিদি আনন্দতে| আনন্দ শাম কটাৰ পাছত ছলছলীয়া চকুৰে কৈছিল তেওঁৰ নিজৰ ককায়েক বৌৱেকে প্ৰতিবছৰে অ’ত ত’ত ফুৰিবলৈ যায় আৰু ধেৰ কিবাকিবি উপহাৰ আনে| এনেকুৱা মুকুতা মনিও হেনো বহুত আনে| কিন্তু তেওঁক কোনোদিনেই একো এটাই দি পোৱা নাই| তেওঁ নোখোজে যদিও চাই থাকে দূৰৰ পৰা| সেইদিনা মোৰ পৰা সেইটো পাই আচৰিত হোৱাৰ লগতে সুখী হৈছিল তেওঁ| মোক সাৱটি ধৰি বাৰে বাৰে কৈছিল-আপোনাৰ মনটো খুব ভাল দিদি| জীৱনত আপোনাৰ সুখ হ’ব| ইমান নিস্বাৰ্থভাবে আপুনি মোক দুদিনৰ চিনাকিতেই এই মুকুতাটো দি দিলে| এই কথা মোৰ গোটেই জীৱনতে মনত থাকিব| আৰু কিবাকিবি বহুত কৈছিল| দিদিৰ নিভাঁজ আন্তৰিকতাখিনিয়ে বুকুত দাগ কাটি গৈছিল| মনৰ একোণত খোদিত হৈ গৈছিল দীপ্তি নামৰ মৰম অকণমান|

বাবা (উত্পল বৰুৱা) আহিছিল অফিচলৈ| চল্লিশ টকাৰ প’ষ্টেল অৰ্ডাৰ লাগে তাক| ৰেলৱেত কিবা চাকৰিৰ বিজ্ঞাপন ওলাইছিল| বহুত ভিৰ হৈছিল অফিচত| মই লৈ থৈ দিম যা বুলি পঠিয়াই দিছিলো তাক| সৰুৰে পৰা পাইছো তাক, তাৰ ঘৰখনক| দেউতাক লক্ষ বৰুৱাই এসময়ত ডুমডুমাৰ গুণাৰাম প্ৰেছত কাম কৰিছিল| কামত ভাল আছিল তেওঁ কিন্তু অলপ অসহনীয় আছিল| কাৰো কোনো কথা সহ্য নকৰিছিল| ফলত হাতৰ পৰা কাম হেৰাইছিল| বাবা, ভণ্টী, সোনবাক লৈ মামীৰ সংসাৰখন চলোৱাত বৰ কষ্ট হৈছিল| তথাপি দিনবোৰ গৈ আছিল| বাবাই সৰুৰে পৰাই ইটো সিটো কৰি ঘৰখন চলোৱাত মামীক সহায় কৰিছিল| পাছত জীৱিকাৰ তাড়নাতে মামা-মামীহঁত তিনিচুকীয়ালৈ গুচি আহিছিল| বহু বছৰ যোগসূত্ৰ হেৰুৱাৰ পাছত কেনেবাকৈ আকৌ লগ পাইছিলো বাবাহঁতক| তেতিয়ালৈ মামাৰ কি জানো হৈছিল সৰু বৰ যিকোনো কথাতে মামীৰ লগত কাজিয়া কৰি ঘৰৰ পৰা নোহোৱা হৈ গৈছিল| (অথচ এদিন ভালপায়ে মামীক বিয়া পাতিছিল মামাই| আনকি মামীক মামাৰ ঘৰত স্বীকাৰ কৰি নোলোৱাত ঘৰ এৰি দিছিল তেওঁ|) বহুত দিন খা-খবৰ নোহোৱাকৈ থকাৰ পাছত আকৌ এদিন ঘৰ ওলাইছিলগৈ মামা| দুদিনমান ঠিকে থাকে আকৌ সেই আগৰ ঘটনাৰ পুনৰাবৃত্তি| ইমান দুৰ্যোগৰ পাছতো অশেষ কষ্ট কৰি বাবাই ঘৰখন ধৰি ৰাখিলে| এদিন মূৰৰ বিকৃতি ঘটি মামাই চলন্ত ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰিলে| কিন্তু মৰিও যেন ঘৰখনৰ প্ৰতি এক আক্ৰোশ ৰাখি থৈ গৈছিল| ক’ৰবাত লিখি থৈ গৈছিল তেওঁৰ মৃত্যুৰ কাৰণে হেনো বাবাই দায়ী| কথাষাৰ শুনি হতভম্ব হৈ পৰিছিলো| বহুত বুজা পৰা কৰাৰ পাছত আৰক্ষীৰ জালৰ পৰা মুক্ত হৈছিল বাবা| দেউতাকৰ শ্ৰাদ্ধ পাতিছিল| ৰাইজক মাতি ভোজ-ভাত খুৱাই উদ্ধাৰ হৈছিল মৃতকৰ ৰোষৰ পৰা| আজিকালি বাবাৰ সংসাৰৰ অৱস্থা আগতকৈ ভাল| ভণ্টীক বিয়া দিলে এজন আৰক্ষী বিষয়াৰ লগত| সোনবাই কোনোবা দোকান এখনত কাম কৰে| মামীয়ে আজিকালি আগৰদৰে দুখ কৰি নাথাকে| বাবাৰ ছোৱালীজনী স্কুললৈ যাব পৰা হৈছে| সৰুকৈ হ’লেও মাটি এটুকুৰা লওঁ বুলি ভাবিছে| লওক| ভালে থাকক সি|

(কিছু ব্যক্তিগত)
দুমাহদিন মেডিকেলত থকাৰ পাছতো ককাইদেৱে এদিনো দেউতাক ৰখিবলৈ যোৱা নাছিল| আনকি প্ৰতি সপ্তাহত যাবলৈকো তাৰ সময় নহৈছিল| বাকী পা-পইচা দি সহায় কৰাটো দূৰৰ কথা| মই, মোৰ মানুহজন, বাইদেউ-ভিনিদেউ আমি যেতিয়াই সময় পাওঁ গৈছিলো| দেউতাৰ ঔষধ আৰু মাৰ লাগতীয়াল বজাৰখিনি সময়ে সময়ে কৰি দি আহিছিলো| তাৰোপৰি মোৰ মানুহজনে বন্ধ পালেই অথবা প্ৰত্যেক শনিবাৰে দেউতাক ৰখিবলৈ গৈ মাক মামাহঁতৰ ঘৰলৈ পঠিয়াই দিছিল অলপ জিৰণি ল’বলৈ| এটাই ল’ৰা হোৱাৰ বাবে ককাইদেউৰ প্ৰতি মা-দেউতাৰ টানটো অলপ বেছি আছিল বুলি আমি বুজোঁ| কিন্তু তাক মই ক্ষমা কৰিব পৰা নাছিলো মনে মনে| মৃত্যুৰ আগে আগে দেউতাই মাক কৈছিল-মই নাথাকিলেও তোমাৰ কষ্ট নহয় বুজিছা| ই নাচালেও ইহঁতে তোমাক চাব| জোঁৱাই দুটা ভাল পাইছা তুমি| সোণমণিকো ইহঁতে বিয়া দিব| চিন্তা নকৰিবা| দেউতাক হেৰুৱাইছিলো গৰু বিহুৰ দিনা| শেষ হৈ গৈছিল মোৰ একমাত্ৰ মানসিক অৱলম্বনটো| মনটো কোনোবাখিনিত ভাঙি পৰিছিল| ককাইদেউৰ প্ৰতি এক ধৰণৰ ক্ষোভ আছিল মনত| তথাপি যিদিনা খবৰ পাইছিলো তাক গাড়ীয়ে খুন্দিয়াই থৈ গ’ল বুলি পাগলীৰ দৰে দৌৰ মাৰিছিলো সঞ্জীৱনীলৈ| অথচ তেতিয়া মোৰ নিজৰেই অসুখ| ভৰিৰ কলাফুলত মস্ত এটা বিহফোঁহাই জ্বলা কলা দেখুৱাইছিল মোক| মাটিত ভৰি থব পৰা নাছিলো বিষত| সেই অৱস্থাৰেই ৰৈ আছিলো সঞ্জীৱনীত ককাইদেউলৈ বাট চাই চাই| ডুমডুমাৰ পৰা তাক লৈ যোৱা গাড়ীখন তেতিয়াও গৈ পোৱা নাছিল| ইপিনে ভনী জোঁৱাইয়ে বাৰে বাৰে ফোন কৰি কৈছে তেজৰ যোগাৰ কৰিবলৈ| ককাইদেউক লৈ গাড়ীখন সঞ্জীৱনী সোমোৱাৰ লগে লগে হুৱা-দুৱা লাগিছিল আমাৰ মাজত| শেঁতা পৰা মাৰ মুখখন দেখি উচপ খাই উঠিছিলো| তাক আই.চি.ইউ.লৈ নিয়াৰ লগে লগে কাউণ্টাৰত টকা জমা দিবলৈ কোৱাত মোৰ হাতত থকা সকলোখিনি দি দিছিলো| লগে লগে আদিত্যলৈ দৌৰ মাৰিছিলো তেজ দিবলৈ| বেজী এটা ল’বলৈ ভয় কৰা মোৰ মানুহজনে যেতিয়া মোৰ সৈতে তেজ দিছিল বুকুখন বিষাই গৈছিল কোনোবাখিনিত| সম্পূৰ্ণ দুদিন বহি আছিলো আমি কি হ’ব কি হ’ব বুলি ভাবি| তেতিয়াও ডাক্তৰে সিদ্ধান্ত ল’ব পৰা নাছিল কি কৰা ভাল হ’ব| অপাৰেচন কৰিব নে নকৰে| গোটেই পেটটো ফুলি গৈছিল তাৰ| বাহ্যিক জখমবোৰ সিমান গভীৰ নাছিল যদিও মূৰৰ পিছফালটো ফাটি যোৱাত ডাক্তৰে অলপ ভয় কৰিছিল কিজানি হিতে বিপৰীত হয় বুলি| দ্বিতীয় দিনা নিশা দুটা বজাত অপাৰেচনৰ অন্তত যেতিয়া ককাইদেউৰ কাটি পেলোৱা পেটুডালৰ অংশটো দেখুৱাইছিল তাকে দেখি নবৌ তাতেই মূৰ ঘূৰাই পৰি গ’ল| মই মনে মনে ভাবিছিলো দেউতা নোহোৱা হৈ যাওঁতে মাৰ বাৰু কেনে লাগিছিল? নবৌৱে দেউতা মেডিকেলত পৰি থাকোঁতে এবাৰো মাৰ মনোকষ্টৰ উমান পাইছিল নে? ককাইদেৱে জানো বুজিছিল দেউতাৰ মনৰ বেথা?

বাচি গৈছিল ককাইদেউ সেইবাৰলৈ| পেটত এটা ফুটা লৈ ঘৰলৈ উভতি আহিছিল| আকৌ তিনিমাহৰ মূৰত আৰু এটা মেজৰ অপাৰেচন হৈছিল তাৰ| তাৰপাছত আৰম্ভ হৈছিল তাৰ আগৰ পুৰণা পেংক্ৰিয়াইছিৰ বিষৰ প্ৰকোপ| (একালত অত্যধিক মদ খোৱাৰ পৰিণাম)| একো এটাই খাব নোৱাৰে| বুকু বিষায়| কিবা খালেই বমি হৈ যায়| বহুতবাৰ হাস্পতালত এড্‌মিত হোৱাৰ পাছতো সি বাহিৰলৈ দেখুৱাবলৈ যাব নোখোজে| দুটা কথাত এক টকাৰে জোৰা মাৰিব নোৱাৰে, দুই সি মৰিম বুলি বহুত ভয় কৰে| অথচ অলপ দিনৰ পাছে পাছে তাৰ গা বেয়া হয়| পাছত আমি সকলোৱে লাগি ভাগি তাক হায়দৰাবাদলৈ পঠিয়াই দিলো জোৰকৈ| ৰেল ষ্টেচনত সি মোক ধৰি কান্দিছিল| কৈছিল এইবাৰ যদি বাচি আঁহো নহয় ভনী মই তহঁতে যি কৱ তাকেই শুনিম| মাত্ৰ বাচি আহিলেই হয়| তাৰ বুকুৰ মাজত সোমাই মোৰ সমস্ত ক্ষোভ কৰ্পূৰৰ দৰে উৰি গৈছিল| কৈছিলো তাক একো নহয় যা তোৰ| ভালে ভালে আহগৈ| আজি সি সুস্থ| সেইদিনা চাই আহিলো তাক| মোক দেখি সাৱটি ধৰিছিল সি একো নোকোৱাকৈ| তাৰ মুকলি মুখখন দেখি ভাল লাগিছিল| মনতে ভাবিছিলো এইবাৰ চাগে সি স্বাৰ্থপৰতাৰ মুখাখন দলিয়াই পেলাব….

=================

(৫) অনুভূতি…

…..প্ৰায় পোন্ধৰ দিনৰ মূৰত অফিচলৈ গৈছো| অত্যধিক কামৰ হেঁচা| তাতে নতুন বিভাগ এটা পোৱাত কামৰ একো উৱাদিহ নাপাই অনিলৰ শৰণাপন্ন হ’লোগৈ| কাৰণ সি আগতে সেই বিভাগত কাম কৰিছিল গতিকে কামৰ তনা-নলা ধৰিব পাৰে| সি অলপ সময় ল’লে তাৰ নিজৰ কামখিনি সামৰি ল’বলৈ| সেই চেগতে মই মোৰ পুৰণা বিভাগৰ মাহেকীয়া ৰিপ’ৰ্টকেইটা তৈয়াৰ কৰি ল’লো আদিত্য দাৰ অনুৰোধত| পোন্ধৰ দিনত গোট খোৱা কাগজৰ দমটো লৈ অনিলৰ সন্মুখত বহিলোগৈ| সি মোক দেখি হাঁহিলে| তাৰপাছত এখন এখনকৈ চাই চাই কাগজখিনিৰ তিনিটা ভাগ কৰিলে| প্ৰথম, দ্বিতীয় আৰু তৃতীয়| প্ৰথম ভাগত থোৱাখিনি ততাতৈয়াকৈ কৰিব লাগিব| দ্বিতীয় ভাগত থোৱাখিনি দুদিনমান পাছত কৰিলেও হ’ব| তৃতীয় ভাগত থোৱাখিনি মাত্ৰ ফাইলত সুমুৱাই থ’ব লাগে| কাগজবোৰ ভাগ কৰাৰ লগে লগে সি মোক বুজাই গ’ল সেই বিভাগটোৰ গুৰুত্ব আৰু কামৰ আগগুৰিবোৰ| আধা বুজিলো আধা ধৰিব নোৱাৰিলো| টেকনিকেলি অলপ জটিল কামবোৰ| যিহেতু সমগ্ৰ সংমণ্ডলটোৰ সৈতে জড়িত ব্যক্তিৰ চাকৰিৰ বিস্তৃত বিৱৰণ আৰু ইতিহাসৰ সৈতে সংলগ্ন সকলো কামকাজৰ হিচাপ নিকাচ সেই বিভাগে ৰাখে গতিকে কামবোৰ কিছু পাকলগা| সি মোক বুজাই যাওঁতে মাজে মাজে ইটো সিটো কথাৰ ফাঁকে ফাঁকে ধনৰ লেনদেন সম্পৰ্কীয় কথাও কৈ গৈছিল| ক’ত কোনে কেনেকৈ কিদৰে নিজৰ স্বাৰ্থতে মানুহৰ দুৰ্বলতাৰ সুযোগ লয় সেইবোৰো কৈ গৈছিল| অলপ অচৰপ কথা আগৰে পৰা জানিছিলো| এইহেন দুৰ্যোগৰ দিনত চাকৰি এটা পাবলৈ মানুহে টকা উপঢৌকন দিয়াটো সাধাৰণ যেনেই হৈ পৰিছে যদিও ব্যক্তিগতভাৱে মই ইয়াক কেতিয়াও সমৰ্থন কৰিব নোৱাৰো| কিন্তু অনিলৰ মুখত কথাবোৰ শুনি শুনি কিবা লাগি আহিছিল| চাকৰি এটা দিয়াৰ বিনিময়ত টকা লোৱাটো কিবাকৈ মানি ল’ব পাৰিলেও মৃতব্যক্তিৰ পৰিয়ালৰ পৰাও যে কিবা আশা কৰিব পাৰে সেইয়া মোৰ ধাৰণাৰ বাহিৰত আছিল| মনে মনে গৰিহণা দিছিলো মই মোৰ সংমণ্ডলৰ মূৰব্বীক| কাৰণ যিকোনো ধনৰ লেনেদেনৰ ক্ষেত্ৰত আদেশ দিব পৰাৰ ক্ষমতা কেৱল তেওঁৰ আছিল| তিক্ত হৈ আহিছিল মনটো| অনিলে কথা কৈ আছিল যদিও ক’বনোৱাৰাকৈয়ে মই মোৰ পৃথিৱীত হেৰাই যাবলৈ আৰম্ভ কৰিছিলো……

…..এটা জীৱনত কিমান টকা লাগে মানুহক? এই প্ৰশ্নটোৰ কোনো নিৰ্দিষ্ট উত্তৰ নাই| বৰ্তমান জীৱন যাত্ৰাত টকা এক অপৰিচ্ছেদ্য অংগ মানৱ জীৱনৰ| টকা নহ’লে একোৱেই নহয়| সন্দেহ নাই নমৰালৈকে টকা লাগে মানুহক| সেইবুলি টকাই সৰ্বস্ব নিশ্চয় নহয়| তথাপিও যে মানুহে মাত্ৰ টকাৰ পাছে পাছেই দৌৰে! এনে কি মোহিনী শক্তি আছে ইয়াৰ যে আপোনজনে আপোনজনৰ চকুপানীও দেখি নাপায়? মানুহ হৈ মানুহক উপলব্ধি কৰা দূৰৰ কথা|… লক্ষ্য কা’লৈ মনত পৰি গ’ল| আৰক্ষী বিষয়া লক্ষ্য কাই চাকৰি কালত পাৰে মানে ধন গোটালে| পাৰিলে জানো জীৱনটো উপভোগ কৰিব? আঠ দহ লাখ টকা খৰচ কৰিও মুক্তি নাপালে দুৰাৰোগ্য ৰোগটোৰ পৰা| অকাল মৃত্যুৱে টানি নিলে তেওঁক| একমাত্ৰ পুত্ৰক ডাক্তৰী পঢ়ুৱাব নোৱাৰিলে| ল’ৰাৰ যোগ্যতাই নাই| টকা দিলেই হ’ব জানো? ছয় লাখ টকা খৰচ কৰি বাহিৰত পঢ়ি আহি এতিয়া পুলকেশৰ ভাল উপাৰ্জন এটা নাই| অকলশৰীয়া মাকক, ৰুগীয়া ভনীয়েকক এৰি বাহিৰলৈ যাবও নোৱাৰে| অন্যায়ভাৱে অৰ্জন কৰা বেছিভাগ টকা লক্ষ্যকায়ে খৰচ কৰি গ’ল অসুখৰ নামত| মৃত্যুও পালে কষ্টকৰ|…. আৰু ধৰ্ম কা! ১২ বছৰ দিনে খটুৱালে যুৱকজনক চাকৰি দিম বুলি| ফৰেষ্টৰ চাকৰিটো পোৱাৰ আশাতেই তেওঁলোকৰ ঘৰখনত গেবাৰী খাটি দিন পাৰ কৰিছিল হৰেনে| এটাই মাত্ৰ আশা স্নাতক হোৱাৰ পাছত ধৰ্মকাই তেওঁক চাকৰিটো দিব| গৰু-গোহালি চাই খেতি-খোলা সামৰি বজাৰ-সমাৰ কৰাৰ পৰা ধৰ্মকাৰ ল’ৰা-ছোৱালীকেইটাৰ পঢ়া শুনাও চাই দিছিল হৰেনে| কেতিয়াও কোনো দিনে কোনো কথাতে অবাধ্য হোৱা নাছিল| কিন্তু স্নাতক হোৱাৰ পাছত হৰেনক প্ৰতাৰণা কৰি ত্ৰিছ হেজাৰ টকাৰ বিনিময়ক আন এজনক হৰেনক দিম বুলি কোৱা চাকৰিটো দি দিছিল ধৰ্মকাই| কথাটোত অন্তৰত প্ৰচণ্ড আঘাট পাইছিল হৰেনে| কিন্তু একো কোৱা নাছিল তেওঁক| সৰুতেই মাক-দেউতাকক হেৰুওৱা হৰেনে পাছত নিজৰ যোগ্যতাৰে আৰক্ষী বিভাগত চাকৰি এটা পাইছিল| পাছত শুনিবলৈ পাইছিল ধৰ্মকাৰ পুতেকে আনৰ নামত মেডিক্লেইম কৰি পোৱা টকাৰ অৰ্ধাংশ হস্তগত কৰিছিল| নপঢ়া-নুশুনা হোজা মানুহবোৰে ধৰ্মকাৰ পুতেকৰ কাৰচাজি ধৰিব পৰা নাছিল| কিন্তু ইমানবোৰ কৰিও শেষত মাকক বচাব পৰা নাছিল| মগজুত টিউমাৰ হোৱা অসুখত ভোগা ধৰ্মকাৰ পত্নীক তেওঁৰ বিপুল ধনৰাশিয়ে ধৰি ৰাখিব নোৱাৰিলে| হৰেনক প্ৰতাৰণা কৰাৰ পাছতো হৰেনে ধৰ্মকাৰ পত্নীৰ অসুখত চিকিত্সাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছিল|….ভূপেনৰ কিমান টকা আছে ভূপেনে নিজেই জানে নে নাই মোৰ সন্দেহ আছে| তথাপি সদায় ভূপেনৰ টকাৰ অভাৱ| সদায় নাটনি হয়| সিদিনা মাত্ৰ্ৰ বাইছ-তেইছ লাখ টকাৰে মাটি কিনিছে| তাকো দুলিয়াজানৰ নিচিনা চহৰত| ঘৰ সাজিব তাত| ঘৰটোৱে যে কি ৰূপ ল’ব তেওঁহে জানে| তেওঁৰ হেনো টকাই নাই!!! চিন্তাত টোপনি নাহে| প্ৰেচাৰ বাঢ়ি যায় ভাবোঁতে ভাবোঁতে|….প্ৰায় দুবছৰমান একেলগে কাম কৰিছিলো শ্যাম আৰু মই ৰেকাৰিং কাউণ্টাৰত থাকোঁতে| অত্যধিক কামৰ বোজা থকা বিভাগ এটা| হ’লেও আমি হাঁহি মাতি কাম কৰোঁ| শ্যামে মানুহক বিমুখ কৰিব নোৱাৰি বেছিকৈ কাম লয় আৰু মোক আমনি কৰি থাকে| বিশেষকৈ ৰেকাৰিঙৰ ম্যাদ পূৰ্ণ হোৱা পাছবুকত কিবা গণ্ডগোল থাকিলে যিমান গালি খালেও সি মোক আমনি কৰিবই| লাহেকৈ মূৰটো খজুৱাই আহি মোক ক’ব “বাইদেউ এইখন কৰি দিয়ক না মানুহজনক আজি লাগেই|” কামৰ হেঁচাত মোৰ খং উঠি যায়| তাক কওঁ “কৰিব নোৱাৰ যদি লৱ কেলেই? কাইলৈ মাতিব নোৱাৰিলি?” গালি পাৰিলেও তাৰ কামটো কৰি দিওঁ| কৰি উঠি তাক মূৰতে মাৰ এটা দি কওঁ “আৰু আমনি নকৰিবি মোক|” সিয়ো হাঁহি হাঁহি “ধন্যবাদ| আজিলৈ নকৰোঁ বাৰু| আপোনাক তামোল খুৱাই দিম দেই” বুলি উত্তৰ দিয়ে| কাউণ্টাৰত এটকা এটাও ঘূৰাই দিয়া দেখিছো মই তাক| কোনোবাই কিবা কাৰণত তাক চাহ খাব বুলি কিবা দি গ’লেও সেই চাহখাবলৈ দিয়া অংশটো আবেলিতেই সকলোকে চাহ খুৱাই দিয়ে| বিহু পূজা আহিলে তাৰ মানুহজনীলৈ শাৰী কিনিবলৈ মোক জোৰকৰি লৈ যায় মোৰ চিনাকি দোকানখনলৈ| সদায় হাঁহি মাতি থকা শান্ত ল’ৰাটোৰ এনে কি অভাৱ আছিল নাজানো এদিন সিয়ে প্ৰায় ওঠৰ লাখ টকাৰ গণ্ডগোল কৰিলে| সি কৰা গণ্ডগোলৰ কাৰণেই নিৰ্দোষী বহুকেইজনে অবাবতে বিভাগীয় শাস্তি মূৰ পাতি ল’ব লগা হ’ল| পবিত্ৰা বাইদেউৰ ইচ্ছাকৃত অৱসৰৰ আদেশ বাতিল হৈ গ’ল| আজিও এই কথাটো মোৰ বাবে এটা ভাঙিব নোৱাৰা সাঁথৰ হৈ ৰ’ল…..

…..লাটুলৈ মনত পৰি যায়| ভাল নাম নাৰায়ণ পাল| সৰু ল’ৰা এটা| আমাৰ অফিচতে থাকে| সি কৰ্মচাৰী নহয়| আমাৰ লগো নহয়| কিন্তু সি নহ’লেই নচলাৰ অৱস্থা এটা সকলোৰে| কেতিয়াবা গ্ৰুপ-ডি এজন নহ’লে নতুবা কেণ্টিন বয় এজন নহ’লে সি কাম কৰে| কেতিয়াবা আকৌ মেইলৰ কামো কৰে| এইবোৰৰ বিনিময়ত সি ভাউচাৰ পায়| প্ৰতিটো কামৰ বিনিময়ত পায় এক নিৰ্দিষ্ট সংখ্যক টকা| চলি যায় তাৰ তেনেকৈ| আৰ তাৰ ইটো সিটো কাম কৰি দিয়ে সি| কোনোবাই তাৰ বিনিময়ত তাক কেতিয়াবা কিবা দিয়ে কেতিয়াবা নিদিয়ে| আক্ষেপ নাই তাৰ তাত| বিহু পূজা আহিলে ধৰ দাই তাক নতুন চোলা নতুবা পেণ্ট দিয়ে| নহ’লে জোতা দিয়ে| মোক ক’ব বক্‌চিচ দিয়ক| অলপ দিলেই সুখী হয় সি| মধুমিতা বাইদেৱে আগতে প্ৰায়ে গিৰিয়েকৰ পুৰণা কাপোৰবোৰ আনি দিছিল তাক পিন্ধিবলৈ| সিও আপত্তি নকৰাকৈয়ে পিন্ধিছিল সেইবোৰ| বৰ্ণালী বাইদেউৰতো সি নহ’লে কোনোমতেই নচলে| কথাই কথাই লাটু| অনবৰতে হাঁহি থাকে সি| তাক দেখি মায়া লাগে মোৰ| মই হেড্‌ অফিচত থকালৈকে কামবন নাথাকিলেই মোৰ ওচৰত আহি বহি থাকেহি সি| এফালৰ পৰা সি কৈ যায় তাৰ কথাবোৰ| মই মনে মনে শুনি থাকোঁ| সি মোক সোধে সকলোৰে কিবা কিবি কাম থাকে তাৰ হতুৱায় কৰোৱাবলৈ মোৰ কিয় নাথাকে? অনাহকতে আনক খটুৱাবলৈ টান লাগে মোৰ| কেতিয়াবা মোৰ মুখলৈ চাই সি সোধে আজি আপোনাৰ গা বেয়া নেকি? কফি খাব? মই কফি খালে তাকো খুৱাওঁ| হকে নহকে মোৰ ওচৰলৈ আহি টেপ্‌টেপায় থাকে সি| কেতিয়াবা মই কোনো উত্তৰ নিদিলে সি মোক খং কৰে| কয় আৰু আপোনাৰ ওচৰলৈ নাহোঁ| বেয়া পাইছে মোক| কিন্তু আবেলি চাহকাপ দিয়াৰ সময়ত আকৌ আহে| আকৌ সোধে কিবা লাগিব নেকি আপোনাক? মই হাঁহি দিলে সিয়ো হাঁহি দিয়ে| শৰ্মা দাই মাজে মাজে তাক সোধে তোৰ বাইদেউৰ লগত কিহৰ ইমান খাতিৰ? আমাক দেখোন পাত্তাই নিদিয়| সি একো নমতাকৈ মোৰ ফালে চাই গুচি যায়| শৰ্মা দাহঁতে ভাবে চাগে মই তাক বহুত টকা পইচা দি থাকো সেয়ে সি মোৰ ইমান খবৰ ৰাখে| তেওঁলোকে ভবাৰ দৰে টকাৰে বান্ধি ৰখা নাই মই তাক| সি বা কি পাইছে মোৰ ওচৰত তাকো নাজানো| কিন্তু তাক ভাল লাগে মোৰ| এদিন সি মোক তাৰ পইচাৰে কফি খুৱাইছিল| সেইদিনা বৰ মূৰ বিষাইছিল মোৰ| মূৰ বিষোৱা বুলি কওঁতে সি নিজেই আনি দিছিল কফি| তাক দামটো দিওঁতে বেয়া পাম বুলি কৈ দম দিছিল সি মোক সেইদিনা| মাজে মাজে মোৰো লাটু হ’বলৈ মন যায়| দিনৰ দিনটো নিজৰ ইচ্ছামতে কাম কৰি গধূলি হ’লেই চিনেমা চাম| বাটে বাটে ঘূৰি ফুৰিম| কোনো চিন্তা ভাবনা নোহোৱাকৈ দিনবোৰ পাৰ কৰিম| যি ইচ্ছা তাকেই কৰিম| দিন ৰাতি পোৱা নোপোৱাৰ হিচাপ নকৰি অৰ্থহীন নিগনি দৌৰত যোগ নিদিয়াকৈ মাথোঁ জীয়াই থাকিম সঁচা অৰ্থত……

==============================

(৬) তৰ্ক-বিতৰ্ক/কাজিয়া

: ইছ্‌ হি’ৰ!

: নহয় হিৰ’ইন|
: য়েহী দোস্তি, য়েহী প্যাৰ? যিস্‌কে চামনে চব্‌কুছ্‌ বেকাৰ?
: হাঁ|
: মা নহ’ব| আজি টিউচন নাযাওঁ না!
: যাবা কিয় নাযাবা| নাযাবলৈ টিউচন দিছো নেকি?
: আজি দেওবাৰ!
: তাতে কি হ’ল?
: তেন্তে? অলপ ৰেষ্ট মোকো লাগে| এটাই মাত্ৰ বন্ধৰ দিন পাওঁ সপ্তাহটোত|
: সেইটো কোনো যুক্তি নহ’ল| সকলোৱে এটাই বন্ধ পায়| তোমাৰ বাবে ব্যতিক্ৰ্ম কেনেকৈ হ’ব?
: এদিন নগ’লে কি হ’বনো?
: একো নহয়| এদিন কিয় সদায় নগ’লেও একো নহয়| কিন্তু টিউচন দিছো তোমাৰ প্ৰয়োজনৰ কাৰণে| তোমাক নহ’লেও হয় যদি তুমি এৰি দিব পাৰা| তুমি নিজেই পঢ়িব পাৰিলে ভালহে কথা| সময়ো বাচিব তুমি বেছিকৈ পঢ়িব পাৰিবা| দেউতাৰ হুলস্থুলটো অলপ কমিব|
: অ’ মা তুমি বেছি কিয় কৰানো?
: ক’ত বেছি কৰিলো? বেছি তুমি কৰিছা| পৰীক্ষালৈ আৰু এমাহো নাই তথাপি তোমাৰ অকণো জ্ঞান হোৱা নাই| দিন-ৰাতি হয় দেউতাই নহয় মই চিঞৰি থাকিব লাগে পঢ় পঢ় বুলি| কিয়? তোমাৰ পঢ়াৰ প্ৰতি অলপো ধাউতি কিয় নাই? কিয় তোমাৰ কাৰণে ঘৰখনত অনবৰতে চিঞৰ-বাখৰ হৈ থাকে? নপঢ়া তুমি, আৰু দেউতাই খং কৰে মোক| মই আৰু কি কৰিম তোমাৰ কাৰণে? কোনখিনিত মই তোমাক সহায় কৰিব পৰা নাই তুমিয়েই কৈ দিয়া| মোৰ সাধ্যৰ ভিতৰত থকাখিনি মই কৰিছো| তথাপি তুমি যদি কোৱা আৰু কৰিম| তুমি মাত্ৰ কোৱা মোক মই কি কৰিলে তুমি পঢ়াত মনোযোগ দিবা?
: পঢ়িছোৱেই দেখোন| ভাগৰ লাগেতু!
: পঢ়িছা কিন্তু যিমান পঢ়িছা সেইখিনিৰে নহয়| নৱম শ্ৰেণীৰ ল’ৰা এজনে ইমান অলপ পঢ়িলে নহয়| তুমি নিজেই জানা তোমাৰ এতিয়াও আৰু কিমান পঢ়িবলৈ বাকী আছে| তাৰপাছতো তোমাক আনে পঢ়িবলৈ মনত পেলাই দিব লাগে কিয়?
:আমাৰ ভাৰতত পঢ়াৰ চিষ্টেমটোৱেই বেয়া| বিদেশতে ভাল|
: বিদেশত ভাল কিন্তু তুমি বৰ্তমান ভাৰততেই আছা যেতিয়া ইয়াৰ ভাৱধাৰা অনুসৰণ কৰাৰ বাহিৰে তোমাৰ আন গতি নাই|
: কিন্তু এনেকুৱা কিয় হয়? কেৱল পঢ়া-শুনাকে এজন ছাত্ৰৰ গুণাগুণৰ মানদণ্ড হিচাপে কিয় ধৰা হয়? সকলো সমান কেতিয়াও নহয়| পঢ়াত বেয়া হ’লেই যে এজন ছাত্ৰ ভৱিষ্যতে এজন ভাল নাগৰিক হ’ব নোৱাৰিব তাৰ কিবা মানে আছে নেকি?
: নিশ্চয় নাই| কথাবোৰ ঠিক তেনেকুৱা নহয়| পঢ়া-শুনাটোৱেই এজন ছাত্ৰৰ জ্ঞান নিৰূপনৰ একমাত্ৰ কাৰক কেতিয়াও নহয়| কিন্তু ভাৰতবৰ্ষত বৰ্তমান শিক্ষা ব্যৱস্থাটোৱেই এনেকুৱা যে কোনো এখন শিক্ষানুষ্ঠানৰ পৰা এখন লিখিত মানপত্ৰ নহ’লে ভৱিষ্যতে ইয়েই জীৱিকা অৰ্জনৰ বাটত হেঙাৰ হৈ থিয় দিয়ে| এখন দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক এই তিনিওটা দিশ সামৰিয়ে শিক্ষা ব্যৱস্থা প্ৰতিফলিত হয়| আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ ব্যৱ্স্থাটোৱে এনেকুৱা যে ভাটৌৰ দৰে মুখস্থ মাতা, সৰহকৈ নম্বৰ পোৱা আৰু যিকোনো এটা উচ্চ পদত অধিস্থিত হৈ সুখৰ জীৱন কটোৱা|
: এই ভাটৌৰ দৰে মুখস্থ মতাটোতেই মোৰ আপত্তি| নোৱাৰোঁ মই| তুমি জানা বিখ্যাত বিখ্যাত লোকসকলে এনেদৰে কোনো নিৰ্দিষ্ট নিয়্মৰ মাজত সোমাই পঢ়া-শুনা কৰা নাছিল| আনকি বহুজনৰ সৰুকালত স্কুলীয়া শিক্ষাও নাছিল| কিন্তু তেওঁলোক বিখ্যাত| কিয় জানা তেওঁলোক সঁচা অৰ্থত শিক্ষিত| শিক্ষাৰ নামত এই ভেকোভাওনাৰ মেৰপাকত তেওঁলোক পৰা নাছিল|
: হ’ব মই জানো| কিন্তু এতিয়া এইবোৰ কথা আলোচনা কৰাৰ সময় নহয়| কিতাপ উলিওৱা তুমি| পাছত আজৰি হৈ আমি কথা পাতিম|

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

……তাক জোৰকৈ পঢ়াৰ টেবুলত বহুৱালো যদিও মনৰ পৰা কথাবোৰ এৰা খাই নগ’ল| ডাঙৰ হৈ আহিছে ল’ৰাটো| কথাবোৰ নিজাকৈ বুজিবলৈ বিশ্লেষণ কৰি চাবলৈ যত্ন কৰিছে| ভাল লাগিছে| আজিকালি তাৰ লগত কথা পাতি বৰ ভাল লাগে| সিয়ো পৰাপক্ষত যুক্তিৰে কথাবোৰ উনুকিয়াবলৈ চায়| কিন্তু পঢ়াৰ কথা ওলালেই প্ৰায়ে দেউতাকৰ লগত কথা কটা-কটি হৈ যায়| তেওঁ কোনোমতেই মানি নলয়/ ল’ব নোৱাৰে কম নম্বৰ পোৱাৰ কথাটো| তেওঁৰ মতে যেনেকৈয়ে নহওক এশ শতাংশ নম্বৰ পাব লাগে আৰু এখন উন্নত মানৰ শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি ভৱিষ্যতটো নিৰাপদ কৰিব লাগে| তেওঁৰ মতে মোৰ দৰে কথা কোৱা মানুহবোৰ হয় মূৰ্খ নহয় বলিয়া|

…..বলিয়া নহয়নো কি? কোন মাকে ল’ৰাই কম নম্বৰ পালেও সন্তুষ্ট হৈ বহি থাকিব পাৰে! যেনিবা মাক হৈয়ো মই তাৰ ভৱিষ্যতৰ কথা নাভাবোঁৱেই! নভবা নহয় ভাবোঁ| ভাবিলেই বেছি কষ্ট হয়| কোনখন পৃথিৱীলৈ ঠেলি আছো তাক| ময়েইতু হেৰুৱাইছো জীয়াই থকাৰ উছাহখিনি! কি আছে ইয়াত? কি পাব সি? কেনে হ’ব তাৰ ভৱিষ্যতৰ পৃথিৱীখন? থাকিব জানো মৰমৰ চানেকি? এতিয়া চাৰিওফালে অন্যায়, অনাচাৰ, দুৰ্নীতি| স্বাৰ্থপৰতাৰ জয়গান| মানৱতাৰ পতন| মানুহ আজি মানুহৰ শত্ৰু| সকলো ব্যস্ত সোণৰ হৰিণৰ পাছে পাছে দৌৰাত| কোনে কাৰ কথা ভাবে! ভাবিবলৈ আহৰি ক’ত?

…..এই যে উঠি অহা শিশুবোৰ সিহঁতক দেখিলে মনৰ চুক এটাত কঁপনি উঠে| কি পাইছে সিহঁতে জীৱনৰ নামত| পাইছে জানো নিৰ্মল শৈশৱৰ সোৱাদ| মনত থকাৰে পৰা সিহঁতক আমি অভিভাৱকবোৰে জোৰ কৰি চামিল কৰি দিওঁ এক অন্তহীন নিগনি দৌৰত| এদিন কোনোবা এটা নিউজ চেনেলত দেখুৱাইছিল গুৱাহাটীৰ কোনোবা এখন আগশাৰীৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈকে পিতৃ-মাতৃ অথবা কোনোবা আত্মীয়ই নিশা দুই বজাৰ পৰা শাৰী পাতিছে মাত্ৰ প্ৰ-পত্ৰখন সংগ্ৰহ কৰিবলৈকে| ডাঙৰ হৈ ল’ৰা-ছোৱালী কি হ’ব সেইয়া পাছৰ কথা| কিন্তু তেওঁলোকে হয়তু ভাবিছে এখন আগশাৰীৰ বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিলে তেওঁলোকৰ সন্তানে নিশ্চয় ভৱিষ্যতে একো একোটা সুযোগ লাভ কৰিব পাৰিব| ইয়াত মোৰো দ্বিমত নাই যে আগশাৰীৰ শিক্ষানুষ্ঠান এখনত থকা সা-সুবিধাখিনি তুলনামূলকভাৱে আন শিক্ষানুষ্ঠানতকৈ নিশ্চয় শলাগিবলগীয়া| কিন্তু পঢ়া-শুনাৰ পাথ্যক্ৰমখিনি? উন্নত স্কুল এখনত দিলেই জানো পিতৃ-মাতৃৰ কৰণীয়খিনি কম হৈ যাব?

……নিজে পোনকৈ খোজকাঢ়িবই নোৱাৰে কণমাণিটোৱে| তাৰ পিঠিত আকৌ এটা স্কুল বেগ| দুই-আঢ়ৈ বছৰ বয়সত স্কুল নামৰ বাকচটোত দিনটোৰ এচোৱা বৃহত্‌ সময় কটাইও থাউনি নোপোৱা কণমাণিটোৱে আকৌ দৌৰিব লগা হয় টিউচন নামৰ ঘোঁৰা দৌৰত| দেখি হিয়া ফাটি যায় মোৰ| অফিচৰ পৰা আহোঁতে প্ৰায়ে দেখো চাংমাই ছাৰৰ পত্নীয়ে সেই সন্ধিয়াখন সৰু ল’ৰাটোক হাতত ধৰি ধৰি টিউচনৰ পৰা আনেগৈ| অথচ চাংমাই ছাৰ নিজে পি.এইচ.ডি ডিগ্ৰীধাৰী অধ্যাপক| তেখেতৰ পত্নী নিজেও এগৰাকী প্ৰবক্তা| ঘৰতে সৰু সৰু ল’ৰাছোৱালীৰ বাবে এখন স্কুল খুলিছে| গান-নাচ-ছবি অঁকাৰ পৰা আৰু কিবা কিবি শিকাই হেনো তাত| তাৰপাছতো সেই সৰু ল’ৰাটোক টিউচন দিয়াৰ প্ৰাসংগিকতা বুজি পোৱা মোৰ সাধ্যৰ বাহিৰত|

…..এনে বহু সৰু সৰু কথাই বহু সময়ত জোকাৰি যায়| ডাঙৰ ডাঙৰ কথাবোৰ নুবুজোঁ| বুজিবও নোখোজোঁ| মানুহ থাকিলে সমাজ থাকিব| সমাজ থাকিলে দেশ থাকিব| দেশ থাকিলে মহাদেশ থাকিব| কিন্তু মানুহেই যদি নোহোৱা হৈ যায় তেতিয়া? আলিকেঁকুৰিত আঁত হেৰুৱাই মোৰ ভাৱনাই| সকলোবোৰে এটা প্ৰহেলিকা হৈ আগুৰি ধৰে মোক|……জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে জীৱনবোধ| এই যে এক দুবিধাত পৰি গৈছো জীৱনৰ সংজ্ঞা বিচাৰি এইয়া জানো সঁচায়ে দুৰ্বোধ্য? জীৱন মানেনো কি? মাত্ৰ খাই-বই-শুই থকাৰ নাম! নাজানো| পাহৰি গৈছো সকলো| উভতি যাবলৈ মন গৈছে এৰি অহা দিনবোৰলৈ….য’ত আছিল এখন আকাশ, এমুঠি হাঁহি, এবুকু মৰম, এজাক বৰষুণ আৰু কোনোদিনেই শেষ নোহোৱা আত্মীয়তাৰ বান্ধোন…..তাত নাছিল কোনো ভেদভাব….প্ৰতিযোগিতা….খামখেয়ালী….সংকীৰ্ণতা….কুটিলতা….ধূলি আৰু ধোঁৱাৰ গোন্ধ| হায়!!! কিয় যে মানুহ হলোঁ?????

============

(৭) সংগী

…..কলেজৰ পৰা একেলগে ফুৰিবলৈ গৈছিল গীতা-বিজয়হঁতৰ দলটো| বিজয় শদিয়াৰ ল’ৰা| দেখাত খুব ধুনীয়া ওখ-পাখ শান্ত-শিষ্ট ল’ৰাটো| গীতা চহকী পিতৃৰ অত্যাধুনিক কন্যা| কি কথাত লাগিল নাজানো বিজয়ে গীতাক একেবাৰে সহ্য কৰিব নোৱাৰা হ’ল| আনকি তাইৰ বেগ পৰ্যন্ত কাকো উঠাবলৈ নিদিয়া হ’ল| নক’লেও হ’ব চৌখিন গীতাৰ বেগ আনতকৈ বেছি আছিল| কোনোমতে ফুৰাচকা শেষ কৰি সকলো উভতি আহিল| কিন্তু কলেজ পোৱাৰ পাছত সিহঁত দুটাৰ ৰেহৰূপ সলনি হৈ গ’ল| গীতা নহ’লে বিজয় থাকিব নোৱাৰা হ’ল| বিজয়ক তাৰ শুভাকাংক্ষীসকলে সময় থাকোঁতেই সকিয়াই দিছিল| কিন্তু প্ৰেমে জানো বাধা মানে! বিজয় গীতাত লীন গ’ল| কিন্তু এদিন গীতাৰ দেউতাকৰ চাকৰিৰ বদলিৰ আদেশ আহিলত গীতাৰ পৰিয়াল ডুমডুমাৰ পৰা নগাওঁলৈ গুচি গ’ল| তেতিয়ালৈ বি.কম সম্পূৰ্ণ নকৰাকৈয়ে বিজয়ে ফৰেষ্ট অফিচৰ চাকৰিত সোমাইছিল| বি.কম পাছ কৰাৰ পাছত বিজয়ে যেতিয়া গীতাক বিচাৰি গ’ল গীতাই সহজতেই ছিঙি পেলালে বিজয়ৰ মৰমৰ বান্ধোন| বহুদিন মনৰ দুখত তিতি থাকিল বিজয়| কেতিয়াবা এনেয়ে ফুৰিবলৈ যায় গীতাৰ এসময়ৰ বান্ধবী মমীৰ ঘৰলৈ| এদিন মানসিকভাবে ভাঙি পৰা বিজয়ক মমীয়ে স্বীকাৰ কৰি ল’লে জীৱন সংগীৰ ৰূপত……

……দুয়োঘৰৰ সন্মতিক্ৰমেই বিয়াখন ঠিক হৈছিল অনিমা আৰু দেবব্ৰতৰ| সুদূৰ গোলঘাটৰ পৰা দেবব্ৰত আহে অনিমাৰ সান্নিধ্য বিচাৰি| অনিমা কিন্তু দূৰে দূৰে ফুৰে| ভাল নালাগে তাইৰ| চাহে ভাতে সকলো যা-যোগাৰ কৰি দিলেও তাই নিজ হাতে নিদিয়ে দেবব্ৰতক খাবলৈ| হয় মাকে নহয় ভনীয়েকে দিয়ে| তথাপি কোনো আক্ষেপ দেবব্ৰতৰ| হাঁহি মাতি অনিমাৰ ভায়েক-ভনীয়েকহঁতৰ লগত সময় কটায়| মাক-দেউতাকৰ ওচৰত বহি সুখ-দুখৰ কথা পাতে| ভৱিষ্যতৰ কথা পাতে| ঘৰৰ সকলোৱে ভালপায় দেবব্ৰতক অনিমাৰ বাহিৰে| অথচ অনিমাৰ বাবেই তেওঁ আহে| বিয়াৰ যা-যোগাৰৰ কথা পাতিবলৈ মাহীয়েকহঁত অহাৰ কথা| তেনেতে এটা বিজুতি ঘটি গ’ল| অনিমাৰ ভনীয়েক দুজনী কোনোবা চিনাকি মানুহ এজনৰ লগত দুদিনমানৰ কাৰণে ক’ৰবালৈ ফুৰিবলৈ গ’ল| দেবব্ৰতে আহি সিহঁত দুজনীক নাপালে| সেইবাৰতে দেবব্ৰতক কোনোবাই সেই মানুহজনৰ কথা লগালে যাৰ লগত অনিমাৰ ভনীয়েক দুজনী ফুৰিবলৈ গৈছিল| কিছু কথা কটা-কটি হোৱাৰ পাছত দেবব্ৰতে অনিমাৰ মাক-দেউতাকক সেৱা কৰি পাছদিনা ৰাতিপুৱাই সিহঁতৰ ঘৰ এৰি গুচি গৈছিল| আৰু কোনোদিনেই ঘূৰি নাহিল| অনিমাই যেন মুক্তি পাইছিল বন্ধ কোঠাৰ পৰা…..

……দুয়ো দুয়োকে অন্ধভাবে ভালপায় জিতু আৰু লীয়ে| শাৰীৰিক-মানসিকভাৱেও দুয়ো একাকাৰ হৈ গৈছে ইতিমধ্যে| কিন্তু একেলগ হ’ব নোৱাৰে দুয়ো| সমাজৰ বাধা আছে সন্মুখত| তাৰোপৰি জিতু এনে কিছু বাধ্যবাধকতাত বন্দী হৈ আছে যিবোৰৰ পৰা যে সোনকালে মুক্তি পাব তাৰ কোনো নিশ্চয়তা নাই| মাক জীয়াই থকালৈকে মাকক মনোকষ্ট দিব নোৱাৰে জিতুৱে| দেউতাকক জীয়াই তুলিবলৈ গৈ এটা কিড্‌নী দান কৰিছিল মাকে| কিন্তু নোৱাৰিলে তেখেতক জীয়াই তুলিব| বহুত পলম হৈ গৈছিল তেতিয়ালৈ| এতিয়া এটা কিড্‌নীৰে জীয়াই থকা মাকক দেখিলে বুকুখন বিষায় উঠে জিতুৰ| পুত্ৰসন্তান হৈয়ো সেই সময়ত কৰ্মহীন হোৱাৰ বেদনাই খুলি খুলি খায় জিতুক| সাতে-পাঁচে ভাবি লীক বিয়া হৈ যাবলৈ কৈছে জিতুৱে| কিন্তু লী কোনোপধ্যে মান্তি নহয়| বিয়া নহওক আপত্তি নাই লীৰ| কিন্তু তাই বিয়া নহয় আৰু জিতুকো বিয়া পাতিব নিদিয়ে| অৱশ্যে জিতুৰ বিয়া পতাৰ কোনো লক্ষণ নাই| গতিকে জিতুৰ মুখলৈ চাই চাই সহজেই লীৰ দিনবোৰ পাৰ হৈ যায়….

…..মিনু প্ৰায় মোৰ সমবয়সৰ| ভালপায় বিয়া হৈছিল নাৰায়ণৰ লগত| নামনি অসমৰ নাৰায়ণৰ মাকে প্ৰথমে উজনিৰ মিনুক আদৰি লোৱা নাছিল যদিও পাছলৈ মানি ল’লে| কিন্তু বংশ ৰক্ষাৰ বাবে নাতি এটা নোপোৱাত বোৱাৰীয়েকৰ ওপৰতে সকলো দোষ জাপি দ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক