বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি (অনামিকা বৰুৱা)

বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি

অনামিকা বৰুৱা

অভাৱ

……প্ৰথমে মাউচটো, তাৰপাছত কী-বৰ্ডখন গ’ল। তাৰপাছত চিডি ড্ৰাইভাৰটো ভাঙিলে। বাবাই এনেকৈ মোৰ খৰচ বঢ়াই থাকে। এতিয়া কৈছে তাক গ্ৰাফিক্স কাৰ্ড লাগে। দাম কিমান বুলি সোধাত ৫০০ ৰ পৰা ৮০০০ টকালৈকে হিচাপ দি দিলে। যেনিবা তাৰ মাকৰ টকাৰ গছহে আছে। জোকাৰি দিলেই সৰসৰকৈ সৰি পৰিব। দোকানলৈ গৈছিলোঁ মুগাৰ ৰিহা এখন বিচাৰি। মাক নাচনী বুলিয়েই জীয়েককো নাচিবলৈ লাগে। উপায় নাই। ৰিহাখন ল’লোঁ। বহুদিনৰ পৰা বিচাৰি ফুৰা ৰিহাৰ ধৰণৰ চাদৰ এখন পাই সেইখনো ল’লোঁ। চকু দুটা জনো কম। ইফালে সিফালে চাই ফুৰে। মৃদুলে চল চাই ধুনীয়া ধুনীয়া কাপোৰবোৰ দেখুৱাই আছে। লৈ ল’লোঁ পাটৰ শাৰী এখন। গ’ল টকা এগাল আধা ঘণ্টাতে। সেইকাৰণে মই কাপোৰৰ দোকানলৈ খুব কমকৈ যাওঁ। যেতিয়া যাওঁ শাৰী কিনিম বুলিয়ে যাওঁ। এনেয়ে কেতিয়াও নাযাওঁ। শাৰী মোৰ প্ৰথম পছন্দ। বেগত টকা থাকক বা নাথাকক কথা নাই। বিকিৰ দোকান আছে, চিন্তা নাই। আৰু এখন কিনিলে কেতিয়াও নহয়। তিনিখন-চাৰিখন একেলগে কিনোঁ। মোক নষ্ট কৰিছে বিকিয়ে। মাৰোৱাৰী বুদ্ধিৰে কয় আণ্টি আপ লে যাইয়ে না… ময়ো লৈ আহোঁ। ককাইদেউৰ ছোৱালীজনীৰ বিয়া। তোলনী বিয়া। চাকৰি কৰা পেহীয়েক। সোণৰ কিবা এটা নিদিলে জানো হ’ব! তাতো গ’ল। মূৰটো টিংটিঙাই আছিল। এওঁ আহি লাহেকৈ মাত দিছে-গাড়ীখনৰ বেটাৰীটোৱে বৰ দিগদাৰ দি আছিল বুজিছা। সলায়ে পেলালোঁ। তেওঁৰ কথা শুনি মূৰে কপালে হাত দি বহি আছোঁ এতিয়া। নিমিলা অংক!

…..কেতিয়াবা ভাবোঁ চাকৰি নকৰা হ’লেই ভাল আছিল। এই জোৰা-টাপলি মৰা কামবোৰ কৰিবলগীয়া নহ’লহেঁতেন। মোৰ ধাৰণা উপাৰ্জন কৰাজনে খৰচ কৰা টকাটোৰ মূল্য আৰু তাৰ পৰিমাণৰ গুৰুত্ব নকৰাজনতকৈ বেছি বুজে। হিচাপ-নিকাচ কৰি বৰ বেয়া পাওঁ। জীৱনত কৰিব নোৱাৰা কাম এইটোৱে। কিন্তু সদায় তাকে কৰোঁ। কৰি মূৰ গৰম কৰি মৰোঁ। কিন্তু কেতিয়াবা ভাবোঁ চাকৰি কৰাটো মোৰ বাধ্যবাধকতা নহয় বৰং মোৰ সামৰ্থ অনুযায়ী কাৰোবাৰ কাষত এটা অৱলম্বন হৈ থিয় দিয়াৰ গৌৰৱ অনুভৱ কৰাৰ এক অজুহাত। ভাল লাগে যেতিয়া কাৰোবাৰ হাতত হাত এখন থব পাৰোঁ। কিঞ্চিত হ’লেও কাৰোবাক অলপ সহায় কৰিব পাৰোঁ। এই যুগত অৰ্থ মানুহৰ প্ৰথম প্ৰয়োজন। সদায়তো দেখিয়েই থাকো অৰ্থৰ অভাৱে কেনেকৈ সলাই দিয়ে মানুহৰ জীৱন! সাধু অসাধু হয়, পত্নী নিৰ্যাতিত হয় পতিৰ হাতত, পিতৃৰ মৃত্যু হয় পুত্ৰৰ হাতত, প্ৰেমিকা লাঞ্চিতা হয় প্ৰেমিকৰ হাতত, ভ্ৰাতৃয়ে ছলনা কৰে ভ্ৰাতৃক, ৰজাই লুণ্ঠণ কৰে প্ৰজাক, প্ৰজাই উপায় নাপাই আত্মঘাতী হয়…..শেষ নোহোৱা অলেখ কথা। প্ৰয়োজনৰ অন্ত নাই। সুবিধাভোগীয়ে সুবিধা ভোগ কৰিয়ে আছে আৰু আৰ্তজনে আৰ্তনাদ। কোনে কাৰ ফালে চায়! এইবোৰ মোৰ বক্তব্যৰ বিষয় নহয়। আন কথাহে ক’ব খুজিছিলোঁ। তিনিদিনৰ আগতে লগ পাইছিলোঁ জানক। বহুত কথা কটা-কটি কৰি, তৰ্কা-তৰ্কি হোৱাৰ পাছতো সৈমান হোৱা নাছিলোঁ যে আমাৰ দুয়োৰে কোনোবাখিনিত মিল আছে। কালি অকস্মাত দুখত ভাঙি পৰিছিল সি। কথা ক’ব খোজা নাছিল। নিজৰ ওপৰতে খং কৰিছিল। বৰকৈ সোধাত ক’লে তাৰ অভাৱৰ কথা। ময়ো অভাৱত উঠা ছোৱালী। গতিকে বুজোঁ তাক কিহে আমনি কৰিছে। আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ মানুহৰ জীয়াই থকাৰ এয়া এক বিড়ম্বনা! কিন্তু তাৰ অভাৱ আৰু মোৰ অভাৱৰ মাজত আকাশ পাতাল পাৰ্থক্য। মোৰ অভাৱ আছিল জীৱন ধাৰণৰ সমলৰ। জীয়াই থকাৰ সম্পদৰ। তাৰ অভাৱ অন্য। ভৱিষ্যতৰ বাবে ভেঁটি সাজিছে সি। তাক অৱলম্বন কৰি এদিন তাৰ জীৱনে গঢ় লৈ উঠিব। গতিকে তাক সহায় কৰাটো মোৰ কৰ্তব্য। দি দিলোঁ তাক মোৰ সামৰ্থৰ ভিতৰত থকা সহায়খিনি। কাইলৈৰ পৰা পৰীক্ষাত বহিব পাৰিব সি। নহ’লে এটা বছৰ হেৰুৱালেহেঁতেন। এটা বছৰত তিনিশ পয়ষষ্ঠি দিন থাকে। এটা এটা দিন এতিয়া মূল্যৱান তাৰ বাবে। সময় থাকোতেই তাক সহায় কৰিব পাৰিলোঁ। মুকলি মুকলি লাগিছে মনটো।

….এমুঠি অন্ন, এসাজ কাপোৰ, এডোখৰ নিৰাপদ আশ্ৰয় এয়াই আমাৰ প্ৰয়োজন নহয় জানো? এইখিনি সময়মতে আৰু সহজে পালেই জীয়াই থকাৰ দিনকেইটা সুকলমে পাৰ হৈ যায়। জীয়াই থাকিবলৈকেতো সকলোৱে সংগ্ৰাম কৰে। সেই তাহানিও কৰিছিল যেতিয়া মানুহ নাঙঠ আছিল, আজিও কৰে সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ পাছতো। কিন্ত তাহানি আজিৰ দৰে খোৱা-কামোৰা নাছিল, অস্বাভাৱিক স্বাৰ্থপৰতাও নাছিল। একেবাৰে নথকা নহয়, আছিল। কিন্তু যি আছিল সেয়া সামান্য আছিল। আজিৰ দৰে মনুষ্যত্ব বিসৰ্জন দিয়া নাছিল। লুটি-পুটি শুহি খোৱা নাছিল। মানুহবোৰ মানুহ হৈ আছিল। কেতিয়াবা ভাবোঁ খোৱা-পিন্ধা-শোৱাৰ অভাৱৰ বাহিৰে আৰু কি অভাৱ আছে মানুহৰ? পেটৰ ভোকৰ দৰে শৰীৰৰ ভোক এটা আছে মানুহৰ। তাৰ বাহিৰে আৰু কিবা আছে নেকি? আছে চাগে! মন নামৰ অশৰীৰি অস্তিত্ব এটাৰ ভোক। আচলতে কিজানি মন আৰু মগজুৰ মাজত সন্তুলন থাকিলেহে জীৱনটো অৰ্থপূৰ্ণ হয়। হয় জানো? দোমোজা আছে মোৰ এইক্ষেত্ৰত। মগজু ব্যৱহাৰ কৰোঁ যদিও মনটোক সদায়ে অগ্ৰাধিকাৰ দিওঁ। এইকাৰণে বহু সময়ত ছলনাৰো মুখামুখি হওঁ। তথাপি নোৱাৰো অভ্যাস সলাবলৈ। ভাল লাগে মানুহৰ মনৰ উমান লৈ। এখন্তেক কাষত ৰৈ। আটাইতকৈ সুখীজনৰো মনত এচিকুট দুখ থাকে চন্দ্ৰত ক’লা দাগটো থকাৰ দৰে। সেই দুখৰ অংশীদাৰ হৈ মোৰ ভাল লাগে। স্তব্ধ হৈ গৈছিলোঁ প্ৰণৱৰ কান্দোন শুনি। হুকহুকাই কান্দিছিল সি অলপ মৰম লাগে বুলি। কোনোদিনে লগ পোৱা নাই তাক। দেখাও নাই। মাত্ৰ ফোনত কথা পাতিছিলোঁ। তাকো মায়াত প্ৰকাশিত মোৰ গল্পটোৰ আঁত ধৰি। মাক-দেউতাক নোহোৱা, অকলশৰে জীৱন সংগ্ৰামত যুঁজি থকা প্ৰণৱৰ চকুপানী বৈ গৈছিল মোৰ মনৰ তলি তিয়াই। বুৰি থাকিলোঁ কেইবাদিনো তাৰ দুখত। ইটানগৰপৰা দেৱকুমাৰ দেউৰীয়ে কৈছিল আপুনি এনেকৈ কিয় লিখিলে, আপোনাৰ গল্প পঢ়ি আধাঘণ্টামান নীৰৱে বহি থাকিলোঁ মই। বৰপেটাৰপৰা আতিফাই কৈছিল কোনোবাখিনিত একাত্মবোধ কৰিলোঁ আপোনাৰ অনুভৱৰ সৈতে। নলবাৰীৰপৰা দিপান্বিতাই ক’লে বা, দুখবোৰ এনেকৈয়ে বৈ থাকে চাগে! বৰমাৰপৰা উষাই ক’লে বা, মোৰ কোনো বা নাই। আপোনাকে মোৰ বা বুলি ল’লোঁ। সদায় থাকিব কিন্তু মোৰ কাষত। দক্ষিণ শালমৰাৰপৰা প্ৰফুল্লই সদায় মেছেজ দিয়ে। উত্তৰ নাপালেই সোধে বেয়া পালে নেকি? কিবা ভুল ক’লোঁ নেকি? মঙ্গলদৈৰপৰা তৰুণ ডেকাই ক’লে আপোনাৰ গল্প পঢ়ি মনটোত সাহস পালোঁ। ভাবিলো মোতকৈয়ো কোনোবা আৰু দুখত আছে। তেন্তে মইনো হাৰি যাওঁ কিয়? আৰু কাৰ কাৰ নাম লম? যিজনেই সংস্পৰ্শলৈ আহিছে তেঁৱেই দেখোন কঢ়িয়াই ফুৰিছে এবুকু বিষাদ। এইবোৰো অভাৱৰেই ৰূপান্তৰ নহয় নেকি? মনৰ অভাৱৰ? শৰীৰটোৱে যিয়েই নকৰক কিয় মনটোৱেহে তাক অনুভৱ কৰায়। মনটোৰ অস্তিত্ব যদি নাথাকিলে হয় অভাৱৰ উপলব্ধি জানো থাকিলে হয়? কিবোৰ যে ভাবি থাকোঁ!

….সৰুতে শুনিছিলোঁ অভাৱে স্বভাৱ নষ্ট কৰে। কথাষাৰ কিমানদূৰ গ্ৰহণযোগ্য বাৰু? সৰুকালৰ কথা নক’লেও বাকী প্ৰায় সমগ্ৰ জীৱনটো মই অভাৱত কটাইছোঁ। এদিন যদি খোৱা-পিন্ধাৰ কষ্ট আছিল, আন এদিন অপ্ৰাপ্তিৰ যাতনা আছিল। প্ৰিয় সংগীৰ অভাৱ আছিল, নিৰাপত্তাৰ অভাৱ আছিল। আজি কিন্তু মোৰ সকলো আছে। তথাপি সময়ৰ অভাৱ। মনে ভবা ধৰণে বিচৰা ধৰণে সময় কটাব নোৱাৰোঁ মই। সাৰে থকাৰ সিংহভাগ সময় কাঢ়ি নিয়ে চাকৰিটোৱে। বিনিময়ত দৰমহা পাওঁ। কিন্তু তাৰবাবে মোৰ কণমানি দুটাই মোৰ বিচ্ছেদ সহিব লাগে। মোৰ আদৰ-যত্নৰ পৰা বঞ্চিত হ’ব লাগে। অনিচ্ছা স্বত্বেও বহু সময়ত আওকাণ কৰোঁ আপোন কাৰোবাৰ আগ্ৰহ বা আমন্ত্ৰণক। আনক দুখ দিয়াৰ অধিকাৰ নাই মোৰ। দিব নোখোজোঁও। সচেতনভাৱে-সজ্ঞানে সকলোকে আৱৰি ৰাখিব খোজোঁ। কিজানি মোতকৈয়ো কোনোবা অভাৱত আছে! মই আগবঢ়াই দিয়া হাতখন ধৰি তেওঁ ঠন ধৰি উঠিব পাৰে। অভাৱৰ মুখামুখি হ’ব পাৰে। হাঁহিৰে জিনিব পাৰে ৰিক্ততাই আনি দিয়া হতাশাৰ বাধা। চকুত চকু থৈ কিজানি জিলিকাব পাৰে জীৱন জুৰোৱা সোণালী আশা। থাকিলে থাকক অভাৱ সখী। তুমি মই আমি হম। একেলগে পাৰ হম জীৱনৰ বৈতৰণীৰ হেজাৰ বাধা। অমাৱস্যা সদায় নাথাকে। পূৰ্ণিমাও হ’ব …জোনাকে হিয়া পোহৰাব …তোমাক পূৰ্ণ কৰিব পাৰিলে মোৰ অভাৱবোৰো নিজে নিজেই নোহোৱা হ’ব….।।

 
বংশ

মাক লৈ এবাৰ হাজোলৈ গৈছিলোঁ। হাজোৰ মাধৱ মন্দিৰলৈ। পূজা-পাতল, ভগৱানৰ লগত মোৰ সম্পৰ্কটো বৰ এটা ভাল নহয়। সৰুৰে পৰা পুহি ৰখা অভিমান এটাই যেন এতিয়া আহি জেদত পৰিণত হৈছেহি। সেই হিন্দী চিনেমাৰ নায়ক-নায়িকাবোৰে ভগৱানৰ লগত ঠেহ-পেঁচ পতাৰ দৰে। পাছে সেয়া চিনেমা গতিকে শেষত মিলি যায় আৰু মই জীৱন্ত চৰিত্ৰ বাবে বহুসময়ত কথাবোৰ নিমিলে। হাজোলৈ প্ৰথম গৈছিলোঁ বাপুৰ প্ৰেয়সীৰ ঘৰলৈ কোনোবা এটা ব’হাগ মাহত। কাৰণ তাৰ ভয় আছিল আমি অনুমতি নিদিলে দেউতাকে তাৰ প্ৰেমক স্বীকৃতি নিদিব পাৰে বুলি। সেইদিনা পেট ভৰাই খাই-বৈ মন্দিৰত সোমাই ভাল লগা নাছিল। যদিও বৰকৈ পূজা-পাতল নকৰোঁ তথাপি ভাদমাহৰ শৰাইখন দিওঁতে, কাতি মাহত তুলসী তলত চাকিগচ জ্বলাওঁতে, লক্ষ্মী পূজাৰ থাপনা পাতোঁতে মনটোচোন নিজে নিজেই দোঁ খায় যায়। শাহু-শহুৰ, দেউতাৰ শ্ৰাদ্ধ পতাৰ দিনা ভকতক সেৱা কৰাৰ কথা নক’লোৱেই যেনিবা। সেইদিনা হাজোৰ পৰা আহোঁতে জোনমণিয়ে কৈছিল আচলতে মাধৱ মন্দিৰত কাতি মাহতহে মানুহে পূজা দিয়ে। পুৰণি বিশ্বাস অনুসৰি কাতি মাহত কিবা মানস কৰি পূজা দিলে পূৰণ হয় হেনো। মোৰ মানস কৰিব লগা একো নাছিল; কিন্তু কাতি মাহত তালৈ এবাৰ যাম বুলি ভাবি আছিলোঁ। অকলেতো যাব নোৱাৰি ইমান দূৰ! গ’লেও জোনমণিৰ তাত থাকিব লাগিব। সেইটো মোৰ দ্বাৰা কোনোপধ্যেই সম্ভৱ নহ’ব। মাক সুধিলো যাব নেকি বুলি। মায়ে একেষাৰেই যাম বুলি ক’লে। মই জানো মায়ে ফুৰি-চাকি ভালপায়। তাতে তীৰ্থস্থান হ’লেতো কথাই নাই। কিন্তু মাক লৈ ক’ৰবালৈ লৈ যোৱা মানেই অভিযোগৰ পাহাৰ এটা কঢ়িয়াই লৈ ফুৰা। শৰণ-ভজন লোৱাৰ বাবে মায়ে আজিকালি য’তে ত’তে নাখায়। যেয়ে সেয়ে ৰান্ধি দিলেও নাখায়। পাৰিলে ৰসগোল্লাটোও ধুইহে খাব। তেওঁক লগ ধৰি ল’লো হয়, পাছে এতিয়া নিওঁ কেনেকৈ? তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ বাৰ ঘণ্টাৰ বাট। আকৌ গুৱাহাটীৰ পৰা হাজোলৈ কমেও দুঘণ্টামান লাগিব। বাছ সলাই সলাই তেওঁ ইমান দূৰলৈ যাব পাৰিব জানো? ভাবি-চিন্তি বাপুক ফোন কৰিলোঁ। সি গুৱাহাটীতে আছে। তাক ক’লো এখন ভাল হোটেলত এটা কোঠা বুক কৰি দে আৰু গুৱাহাটীৰ পৰা হাজোলৈ গাড়ী এখন বন্দৱস্ত কৰি দে। সি ক’লে হ’ব দে কৰি দিম বাৰু। তই দিন-বাৰ ঠিক কৰি মোক জনাই দিবি। ইফালে মাক সৈমান কৰি লৈছোঁ হোটেলত থাকিব নে নাথাকে বুলি। ঠিকতো নাই। গৈ পাই কি বা ৰূপ উলিয়ায়! অন্ততঃ ৰাতিপুৱা গাটোতো ধুব লাগিব। যোৱাৰ যোগাৰ কৰাত লাগিলোঁ। মালৈ খোৱা বস্তুৰ টোপোলা বন্ধাত লাগিলোঁ। গাখীৰেৰে আটা মাৰি শুকান ৰুটি, আলু ভাজি, তিয়াই থোৱা চানা, আপেল, ব্ৰিটানিয়া কেক্, বিস্কুট, পানী দুবটল আৰু কিবা কিবিৰে বেগটো ভৰি গ’ল। নল’লেও উপায় নাই। নহ’লে তেওঁ দুদিন ভোকত থাকিব, সেইটো জনা কথা। ইফালে তালৈ যাম বুলিয়ে ওচৰৰ কোনোবাই কোনোবাই দিয়া ধূপ-চাকি তেলৰ টোপোলাবোৰ আছেই। যি হওক সকলো যা-যোগাৰ কৰি যথাসময়ত ভলভ’ৰে গৈ লখৰাত নামিলোঁ। বাপুৱে হোটেলত কৈ থৈছিল। গৈ ৰুম লৈ গা-পা ধুই আজৰি হ’লোঁ। ৯ বাজিবৰ হ’ল। তেতিয়ালৈ বাপুৰ দেখাদেখি নাই। ফোন কৰি আছোঁ, সি উঠোৱা নাই গালি খোৱাৰ ভয়ত। অৱশেষত চাৰে এঘাৰ নে বাৰ বজাত আমি হাজো পালোঁগৈ। অজস্ৰ মানুহ। বৰ পুখুৰীত মাছ-কাছক বিস্কুট দি ভৰি দুটা তিয়াই ল’লোঁ। নাৰ্জী ফুলৰ মালা নল’লোঁ। তুলসীৰ মালা দুডালমান ল’লোঁ। চিৰি বগাই ওপৰ পালোঁগৈ। লোকে লোকাৰণ্য মন্দিৰৰ প্ৰাংগণ। ধূপ-ধূনাৰ গোন্ধে চৌদিশ আমোল-মোলাই আছে। ভাল লাগি গৈছে মনটো। আমাক দেখি পূজাৰী এজন আগবাঢ়ি আহিল। চাকি-বন্তি জ্বলাবলৈ ঠাই এটুকুৰা দেখুৱাই দিলে। কলপাতত তামোল-পাণ অৰিহণা দি যিয়ে যেনেকৈ দি পঠিয়াইছিল চাকিবোৰ জ্বলাই দিলোঁ। তুলসীৰ মালাকেইডাল আগ কৰি দিলোঁ। ধূপো জ্বলাই দিলোঁ। সেৱা কৰিবৰ হ’ল। মায়ে পূজাৰীক ক’লে-দেউ, আশীৰ্বাদ দিব যাতে পো-নাতি এটাৰ মুখ দেখিবলৈ পাওঁ। নহ’লে মোৰ বংশ ৰক্ষা নহ’ব। মাক মুখ ফুটাই একো নক’লোঁ যদিও মুহূৰ্ততে ছিন্ন হৈ গ’ল মোৰ একাগ্ৰতা। বুজা হোৱাৰ পৰা কিছুমান কথাক লৈ মাৰ লগত মোৰ তৰ্ক-বিতৰ্ক চলি আহিছে। সেইদিনা কিন্তু মাক টু শব্দ এটাও নক’লোঁ। আজিকালি লাগিবলৈ এৰি দিছোঁ। ডাঙৰ (!) হৈছোঁ নেকি? অপ্ৰিয় হ’লেও সত্য যে আমি জীয়েক তিনিওজনীৰে পুত্ৰসন্তান আছে। ককাইদেউৰ মাত্ৰ ছোৱালী এজনী। সময় থাকোতেই সিহঁতে নাভাবিলে নে নহ’লেই সেয়া সিহঁতে জানে। কিন্তু সিহঁতৰ ল’ৰা এটা নোহোৱাৰ বাবে মাৰ বৰ দুখ। নিজৰ একমাত্ৰ পুত্ৰ সন্তানৰ পৰা মায়ে কি পাইছে কি নাপাইছে সেইবোৰ একাষৰীয়া কৰি থৈ মায়ে পো-নাতি বিচাৰিছে বংশ ৰক্ষাৰ বাবে। মই নিজে গোটেই দিনটো লাঘোনে-ভোকে থাকি মাক পঞ্চ তীৰ্থ দৰ্শন কৰালোঁ। আমি যোৱা দিনটো হেনো বৰ ভাল দিন আছিল। প্ৰতিবাৰ সেৱা লওঁতে পূজাৰীয়ে কয় আপোনালোকে বৰ ভাল দিনত আহিছে। দেৱী জাগ্ৰত হৈছে আজি। ছিন্ন হোৱা মনটোৰে নিজৰ মাজতেই নিমজ্জিত হৈ থাকিলোঁ দিনৰ দিনটো। পোৱামক্কাত যেতিয়া পীৰজনে আমাক নিজেই ধূপ জ্বলাই দিবলৈ ক’লে ভাল লাগিল অলপ। তাত তামোল-পাণ দিয়াৰ নিয়ম নাই যদিও আমি আগ কৰি দিয়া বুলিয়েই তেওঁলোকে ভগাই খাব বুলি ক’লে। হাজোৰ পৰা উভতি আহোঁতে দৌল-গোবিন্দ মন্দিৰতো সোমাই আহিলোঁ। হোটেললৈ আহি বাপুক বাছৰ টিকট কাটিবলৈ ক’লোঁ যদিও মাক বৰ ভাগৰুৱা যেন লাগিল। আকৌ বাৰ ঘণ্টাৰ যাত্ৰাত বাটতে যদি কিবা এটা হয়! ভাবি-গুণি নিশাটো থকাটোকে ঠিক কৰিলোঁ।

হোটেললৈ গৈ গা ধুই মাক ৰুমত থৈ মই এনেয়ে ওলাই আহিলোঁ। ভোক লাগিছিল মোৰ। ওচৰত ক’তো ভাল হোটেল নেদেখি বাপুক ফোন কৰিলোঁ। তাৰ কেম্প তেতিয়া সৰুসজাই ষ্টেডিয়ামত আছিল। দহ মিনিটত গৈ আছোঁ ৰ বুলি ক’লে সি। বাটে বাটে দুপাকমান ঘূৰি পাণ এখন খালোঁ। সি আহে মানে মিঠাইৰ দোকান এখনত ৰঙা চাহ একাপ আৰু মিঠাই এটা খালোঁ। তেতিয়াও মূৰত দংশন কৰি আছিল “বংশ” নামৰ শব্দটোৱে। ডাৰউইনে বান্দৰৰ পৰাই মানুহৰ উদ্ভৱ বুলি প্ৰমাণ কৰাৰ পাছৰ পৰা কত মানুহৰ জন্ম হ’ল, কত মানুহৰ মৃত্যু হ’ল তাৰ সীমা সংখ্যা নাই যদিও আজিৰ তাৰিখত অসমৰ জনসংখ্যা প্ৰায় ২,২২,৯৪,৫৬২ জন; ভাৰতত ১.২ শ কোটি জন আৰু সমগ্ৰ বিশ্বৰ ৭,১১,৫২,৪৮,৪২০ জন। এই যে মানৱ প্ৰজাতিৰ ক্ৰম বিৱৰ্তনৰ ক্ৰমাংক ইয়াতটো পুং কিম্বা স্ত্ৰী দুয়ো প্ৰজাতিৰে অৱদান আছে তেনে ক্ষেত্ৰত বংশ ৰক্ষাৰ নামত কেৱল পুৰুষে প্ৰাধান্য পায় কিদৰে? উল্টা-পুল্টা কথা ভবাত মই ভাল। আৰু তাতে এনেবোৰ খুঁত থকা কথা হ’লে কথাই নাই। যুক্তি-তৰ্ক, বিজ্ঞান-প্ৰযুক্তি, বিৱৰ্তনৰ ইতিহাস সকলো বাদ দিলেও মোৰ সাধাৰণ জ্ঞানে প্ৰশ্ন কৰে বংশ মানে কি? কাৰ? কোনে উত্তৰপুৰুষৰ দায়িত্ব বহন কৰে? কোনে মানৱ জীৱনৰ বুৰঞ্জী এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই নিয়ে? কেৱল পুৰুষেই নে? নাৰীৰ কোনো ভূমিকা নাই তাত? “বংশ” নামৰ ধাৰণাটোৰ আৱিৰ্ভাৱ হ’ল কেতিয়াৰ পৰা? পৃথিৱীৰ কোন কোন জাতিত এই “বংশ”ৰ প্ৰাদুৰ্ভাৱ আছে? নাই সিমান নাজানোঁ। জানিবও নোখোজোঁ।

ৰাহুল সাংকৃত্যায়নৰ দ্বাৰা ৰচিত “ভল্গাৰ পৰা গংগা” পঢ়িছিলোঁ। নগ্ন অৱস্থাৰ পৰা ক্ৰমাৎ আহি আহি মানুহে কেনেকৈ উন্নতিৰ শিখৰত উপনীত হৈছিল সমগ্ৰ পৃথিৱীৰ প্ৰেক্ষাপটত তেখেতে এক সমীক্ষা আগবঢ়াইছিল তাত। আদিতে সন্তান জন্ম দিয়া বুলিয়েই মানৱ জাতিৰ গুৰিয়াল আছিল নাৰী। অন্নৰ সন্ধানৰ পৰা আশ্ৰয়স্থল বিচৰালৈকেই সকলোতে দলপতি হিচাপে নাৰীক স্বীকাৰ কৰি লৈছিল সকলোৱে। কালক্ৰমত মাতৃৰ ঠাই ল’লে ভগ্নীয়ে, তাৰপাছত পুত্ৰীয়ে, তাৰপাছত লাহে লাহে শক্তিমানজনে শক্তিহীনজনক পৰাস্ত কৰি দলত নিজৰ ঠাই উলিয়াই ল’লে। এদিন নাৰী পুৰুষৰ দাসী হৈ পৰিল। মনোৰঞ্জনৰ আহিলা হৈ পৰিল। অৱনমিত হৈ গৈ থাকিল সামাজিকভাৱে নাৰীৰ স্থান। এনেকৈয়ে বাৰু পুৰুষপ্ৰধান সমাজত নাৰীৰ স্বীকৃতি হেৰাই গ’ল নেকি বাৰু? হ’বও পাৰে নহ’বও পাৰে। আজি একবিংশ শতিকাত ভৰি দিয়ো দেখোন নাৰীৰ অস্তিত্ব বিপদাপন্ন। কিন্তু কিয়? আৰু বংশ বুলি ক’লে কিয় পুৰুষৰ অহমিকাই ঠাই পায়? মানৱ জাতিক আগবঢ়াই নিয়াত নাৰী নহ’লে জানো সেয়া সম্ভৱ হ’ব? নাৰীৰ গৰ্ভই দহমাহ দহদিন সন্তান গৰ্ভত ধাৰণ কৰি অপৰিসীম কষ্টৰ মাজেৰে সন্তান ভূমিষ্ঠ নকৰিলে জানো নতুন প্ৰজন্মই গতি লাভ কৰিব? তথাপিও কিয় বাৰু উপেক্ষিত হৈ ৰয় নাৰী? বিয়াৰ বান্ধোনত বান্ধ খালে বুলিয়েই ওপজা ঘৰখন এৰি গুচি যাব লাগে নাৰী। জীয়ৰীৰ পৰা বোৱাৰী হয়। মাক-দেউতাকৰ পৰিচয় এৰি পতিৰ পৰিচয়েৰে পৰিচিত হয় নাৰী। পত্নী, বোৱাৰী, নবৌ, জা-জোৱালীৰ সম্বোধনৰ আঁৰত হেৰাই যায় জীয়ৰী জীৱনৰ পৰিচয়। সেয়ে কি নাৰীৰ কোনো বংশ নাথাকে?

মনত পৰিলে হাঁহি উঠে, মোৰ প্ৰথম সন্তান গৰ্ভত থাকোঁতে মোৰ স্বামীয়ে সদায় তুলসীৰ গুৰিত পানী ঢালিছিল। তেওঁক কোনোবাই কৈছিল তুলসীৰ গুৰিত পানী ঢালিলে ল’ৰা হয় বুলি। পুত্ৰ সন্তানৰ আকাংক্ষা আছিল তেওঁৰ। মোৰ তেনে কোনো আকাংক্ষা নাছিল। মাত্ৰ বিচাৰিছিলোঁ যি হয় সি যেন নিৰোগী হয়। কিন্তু সন্তান প্ৰসৱ কৰিবলৈ লৈ যমৰ যন্ত্ৰণা ভোগ কৰিছিলোঁ মই। যাৰ বাবে দ্বিতীয় সন্তানৰ কথা ভাবিবলৈও ভয় কৰিছিলোঁ। তথাপি ছোৱালীজনী আমাৰ মাজলৈ আহিল। সেই ল’ৰাটো হোৱাৰ পাছত কাতিবিহুৰ দিনা তুলসীৰ পুলিটো ৰোৱাৰ বাদে তেওঁ কিন্তু তুলসীৰ ফালে মূৰ তুলিও নাচায়। এদিন মোৰ ছোৱালীজনীও ডাঙৰ হ’ব। তাইকো বিয়া দি উলিয়াই দিম। তায়ো আন কাৰোবাৰ বংশ উজ্বলাব। পুত্ৰ সন্তান জন্ম দিব নোৱাৰিলে ককৰ্থনা খাব। আমাৰ মৃত্যুত মুখাগ্নি কৰিব নোৱাৰিব। চুলি খুৰাব নালাগিব। তিলনিৰ পাছত দহদিনলৈ অশৌচীয়া ভাত খাব নালাগিব। তথাপি তাই মাক-দেউতাক বুলি ব্ৰত পালিব। আমালৈ মনত পেলাই এসোঁতা কান্দিব। দহা-কাজ শেষ হ’লে উভতি যাব নিজে পাতি লোৱা ঘৰখনলৈ। পুনৰ ৰীতি-নীতি পৰম্পৰা মানি গতানুগতিকতাত উটি যাব। তাইৰ ছোৱালী হ’লেও তাকেই কৰিব।

দেউতাই সময় থকালৈকে ককাইদেউক সকীয়াই আছিল চাকৰি এটা গোটাই ল বুলি। মই নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতেই চাকৰিৰ পৰা অৱসৰ লৈছিল দেউতাই। তাৰ পাছৰ সময়ছোৱা আমাৰ দুৰ্গতিৰ সময়। সাঁচন-সামৰণ নাছিল দেউতাৰ। বাইদেউৰ বিয়াৰ পাছৰ পৰা আৰু অধিক অভাৱৰ মুখামুখি হৈছিলোঁ মই। ককাইদেউ তেতিয়া আছুৰ বিৰাট ডাঙৰ লীডাৰ। অ’ত ত’ত মিটিং গাই ফুৰে। ঘৰখনলৈ ঘূৰি চাবলৈ তাৰ আহৰি নাই। ৰাতি ৰাতি নাথাকে ঘৰত। জ্বৰ মূৰত উঠি দেউতাই ভ্ৰম বকে-আজি কি বাৰ? শুকুৰবাৰ? অ’ তেনে আজি মই নমৰোঁ দে। কাইলে মৰিম। কিন্তু মই মৰিলেও তাক মুখাগ্নি কৰিবলৈ নিদিবি। তই কৰিবি। মায়ে লুকাই লুকাই কান্দে। ভণ্টীয়ে ভয়তে চিঞৰি চিঞৰি কান্দে। মই গৰম পানীত তিয়াই দেউতাক ফুচুলাই ফুচুলাই এটুকুৰা ব্ৰেড খুৱাওঁ। লেপ-কেঠা সকলো দিয়ো দেউতাৰ কঁপনি মাৰিব নোৱাৰি গাৰ জোৰেৰে দেউতাক সাৱটি ধৰোঁ। দাইল-আলু পিটিকাৰে মা-ভণ্টীক ভাত দিওঁ। ৰাতিয়েই ওচৰৰ ভাইক কওঁ ভাই তই অঞ্জু বাইদেউক লৈ আনিব পাৰিবি? ফোনৰ যোগাযোগ নাছিল তেতিয়া। বাইদেউ দুলিয়াজানত থাকে। খবৰ পাই ঢপলিয়াই আহে তাই দেউতাক চাবলৈ। ভিনিদেৱে ডিউটিৰ পৰা আহি বাইদেউক নাপাই ওচৰ চুবুৰীয়াক সুধি নিশা আমাৰ ঘৰ ওলায়হি। সেইবাৰলৈ বাচি যায় দেউতা। ডবল গুটিৰ নিচাত পৰি দেউতাৰ পৈত্ৰিক সম্পত্তি মাটিখিনিও বেচি দিব লগা হয় ককাইদেউৰ বাবে। আলফা দমনত সামৰিক বাহিনীৰ প্ৰকোপ দেখি লাহে লাহে ককাইদেউৰ আছুৰ লীডাৰ হৈ থকাৰ প্ৰৱণতা হ্ৰাস পাই আহে। ভয় খায়, কিজানি তাকো গুপ্তঘাতকে হত্যা কৰে। চাকৰি এটাৰ বাবে হাহাকাৰ কৰে। কিন্তু তেতিয়া সময় পাৰ হৈ গৈছিল। তথাপি তাৰ কথা ভাবিয়েই মই ধলাত গৈ এম.এল.এক লগ কৰিছিলোঁ। কথা পাতিছিলোঁ। তাৰ নাম লওঁতেই তেওঁ জানিছিল তাৰ কথা। এদিন তাক তেওঁৰ ওচৰলৈ পঠিয়াই দিবলৈ কৈছিল। সি নগ’ল। ইগ’ত লাগিল। ডাঙৰ মানুহ যে! হাজাৰ হওক মান-সন্মানৰ কথা আছে। তাৰবাবেই গাওঁ পঞ্চায়তৰ ছেক্ৰেটেৰীৰ চাকৰি বিচাৰি মই গুৱাহাটীৰ এম.এল.এ হোষ্টেল পাইছিলোঁগৈ আনৰ লগত গৈ। কিন্তু একো কৰিব নোৱাৰিলোঁ তাৰ কাৰণে। এতিয়া অৱশ্যে সি বিছাকুপি বাগানত কৰ্মৰত। নবৌ-ভতিজীজনীৰে সৈতে সুখৰ(!) সংসাৰ তাৰ। দেউতাৰ তিনিকোঠালীয়া বাঁহ-খেৰৰ ঘৰটোৰ ঠাইত বিয়াগোম পকা ঘৰো সাজিলে। খালি তাত থাকিবলৈহে মানুহ নাই। তাৰ পৰিয়ালটো বাগানত থাকে। মোক কিন্তু সি বিয়া দিলে। কৈছিলোঁ তাক, মোক মন্দিৰতে গতাই দিবি। বিয়া পাতি টকা খৰছ কৰিব নালাগে। কিন্তু সেই সময়ত তাৰ বাহিৰা টকাৰ উপাৰ্জন আছিল দেখি ৰাইজ মাতি ভোজ-ভাত খুৱাই ভালকৈয়ে বিয়া দিলে মোক। তথাপি কিয় জানো ভাৱ হয় তাৰ শৰীৰত বৈ থকা মই দিয়া তেজবটলৰ ৰং ৰঙা নহয় বগা। পানী হৈ বৈ গ’ল। ছোৱালী যে মই!

 

 

নাম / বদনাম
আইমণি, জানমণি, চুনুমণি, মামণি বুলি মাতি আছোঁ, নাই নাহে; যেই নিগনি বুলি মাতিলোঁ একেকোবে দৌৰি আহিল তাই।

: কি হ’ল মা?

: তেতিয়াৰ পৰা মাতি আছো কিয় নাই অহা?

: বৈভৱৰ লগত খেলি আছিলো আক’!

: খেলিতো আছিলা বাৰু কিন্তু মই মাতিছো আহিব লাগে ন’। কিবা কথা এটাতহে মাতিছোঁ।

: কিবা আনিছা মোলৈ?

: আনিছিলোঁ কিন্তু নিদিওঁ এতিয়া।

: দিবা না মা। আজিৰপৰা মাতিলে লগে লগে আহিমতো!

: তোমাৰ আজিটো আহিয়েই নাপায় যে! ওহোঁ নহ’ব এনেকে!

: অ’ মা হ’ব না প্লিজ্। আজিৰপৰা একদম হ’ব। সঁচা কৈছোঁ।

: ওহোঁ নহ’ব। তুমি দেউতাৰ ছোৱালীহে। দেউতাকহে ভালপোৱা। মই তোমাক খং কৰি থাকোঁ ন’। দেউতাইহে চিপ্‌ছ, কুৰকুৰে, চক’লেট আনি দিয়ে তোমাক। ফুৰাবলৈকো লৈ যায়। তুমিতো আইতাৰ ঘৰত তেনেকৈয়ে ক’লা।

: তোমাকো ভালপাওঁ। আচলতে মই তোমাকেই চবতকৈ বেছি ভালপাওঁ মা।

: মই তোমাক ভাল নাপাওঁ। দাদাক ভাল পাম। তোমালৈ অনা মাদুলী, জোনবিৰি, গলপতা গোটেইবোৰ ঘূৰাই দিম। মইহে আনিছিলোঁ। তোমাক দেউতাই দিব দিয়া।

: অঁ নহ’ব। দেউতাই মোক সেইবোৰ কেতিয়াও আনি নিদিয়ে। তুমিহে দিয়া। মেখেলা ব্লাউজো লাগিব মোক। আৰু প্লাষ্টিকৰ কপৌফুল। খুৰীয়ে কৈছে কেঁচাফুল ল’লে মৰহি যাব। আৰু চুলিও কিনিব লাগিব খোপা বান্ধিবলৈ।

: লাগিব জানো?

: লাগিবতো। পিন্ধি চাওঁ এইবোৰ?

: পিন্ধিবা নেকি? মই পিন্ধাই দিম আঁহা।
…. আনন্দতে ক’ব নোৱাৰা হৈ গৈছিল ছোৱালীজনী। নাম অনন্যা। মই মামণি বুলি মাতোঁ যদিও নিগনি বুলি মাতিলে তাই জানে ক’ৰবাত কেনা লাগিছে। অৱশ্যে সদায় নিগনি বুলি নামাতোঁ। ধেমালি কৰিবলৈ মন গ’লেহে তেনেকৈ মাতোঁ। বাবাই জোকায় তাইক। ভণ্টীয়ে যে কি কি নাম পোৱা নহয় বুলি ক’লে তাইৰ গাত লাগি যায়। যেয়ে যি কওক তাইৰ গাত নালাগে কিন্তু ককায়েকে কিবা ক’লেই তাইৰ গাত লাগে। ঠিক সেই সময়তে মই যদি তাইক বুকুত সুমুৱাই “একো নহয় কি হ’বনো ন মা, ধেমালিহে কৰিছোঁ” বুলি কোৱাৰ লগে লগে তাই ককায়েকক আওকাণ কৰে। ককায়েককো কিবা এটা উপনাম দি জোকাবলৈ মোক কুতুৰি থাকে। আমাৰ তিনিওটাৰ ধেমালিকণ উপভোগ্য হৈ উঠে। আৰু বাবাই সুবিধা পাই পঢ়াৰ সময়খিনি পাৰ কৰি নিব খোজে। যেই মই তাক চকু পকাই ধৰোঁ, সি মোক কৈ উঠে- “ইচ্হিৰ!’’ আৰু তত্ক্ষণাতে মই তাক জিৰ’ সাজি দিওঁ। তেতিয়া সি মোক কয় “মা তুমি বহুত বেয়া।” মই “হয়েই আক’ বেয়া” বুলি স্বীকাৰ কৰি লোৱাৰ লগে লগে সি কৈ উঠে “নহয় তুমি বেয়া”। বাবাৰ সদায় আপত্তি তাৰ “অম্লান” নামটোৰ লগত “জ্যোতি”ৰ টিকনি এদাল কিয় লগাই দিলোঁ বুলি। বৰ বেয়া পায় সি নিজৰ নামটো।
সৰুতে ককাইদেউ-বাইদেউক স্কুললৈ যোৱা দেখি ময়ো স্কুললৈ গৈছিলোঁ। মায়ে কোৱামতে তেতিয়া হেনো মোৰ বয়স চাৰি বছৰো সম্পূৰ্ণ হোৱা নাই। গতিকে নাম লগাবৰ নাই হোৱা। বয়সেৰে নহ’লেও মই হেনো আটাইবোৰ পঢ়া পাৰিছিলোঁ। মায়ে ভাত ৰান্ধি থাকোঁতে ককাইদেউক চিঞৰি চিঞৰি পঢ়িবলৈ দিয়ে। আৰু তাকে শুনি শুনি মোৰ সকলো পঢ়া মুখস্থ হৈ গৈছিল। সি টোপনিৰ জালত ভুলকৈ মাতিলেও মই তাক শুধৰাই দিওঁ। মায়ে মোক শলাগে তাৰবাবে। কাৰণ ককাইদেৱে পঢ়াৰ সময়ত মই মাৰ ওচৰত লাচনি-পাচনি কৰি ৰৈ থাকোঁ। মাক আলু এটা, পিয়াঁজ এটা, পানী এমগ এইবোৰ আনি দিয়াৰ দায়িত্ব মোৰ। স্কুলত বীণা বাইদেৱে সদায় কয় মাৰক ক’বিগৈ তোক নাম লগাই দিবলৈ। ঘৰত মায়ে কয় বয়স নাইহোৱা নহয়। কওঁতে কওঁতে আমনি লাগি এদিন বীণা বাইদেৱে নিজেই মোৰ নাম লগাই দিলে আৰু মোক ক’লে মাৰক ক’বি আজিৰ পৰা তোৰ নাম অনামিকা। সেই তেতিয়াৰ পৰা মই অনামিকা। নাম নাইকিয়া।
আচৰিত আচৰিত ধাৰণা কিছুমানে কেতিয়াবা মোক আক্ৰান্ত কৰে। কেতিয়াবা নামৰ লগত মানুহৰ কামবোৰ মিলাই চাওঁ এনেয়ে। অকস্মাত মিলিও যায় কেতিয়াবা। মিলিলেই আৰ্কিমিডিছে নতুন কিবা সূত্ৰ এটা আৱিষ্কাৰ কৰি পোৱাৰ দৰে ময়ো চিঞৰি উঠোঁ মনে মনে আনন্দতে। হাঁহো অকলে অকলে। বাবাই লক্ষ্য কৰি থাকিলে সোধে কি হ’ল মা? তাকো মোৰ অদ্ভুত ধাৰণাবোৰৰ স’তে সাঙুৰি লওঁ। যুক্তিৰে মোৰ অনুভৱবোৰ তাক বুজাবৰ যত্ন কৰোঁ। সি কি বুজে সিহে জানে কিন্তু তাৰ বিশ্বাস তাৰ মাকজনীয়ে বহুত জানে। কথাৰ লাচতে তাক বুজাওঁ নামটোৰ লগত মানুহৰ কৰ্মৰ সম্পৰ্ক আছে। যাৰ যি নাম সেইজনৰ তেনে কাম। লাহে লাহে আমাৰ আলোচনাই মানুহৰ দায়িত্ব, কৰ্তব্য, কৰণীয় এইবোৰক সাঙুৰি লয়। মই ইটো সিটো কৈ থাকোঁ যদিও আলেঙে আলেঙে তাক, তাৰ ভাবধাৰাক জুখি চাওঁ। আশাকৰাৰ সমান উন্নত নহয় যদিও বুজোঁ সিও মানুহৰ ধ্যান-ধাৰণা বুজিবৰ চেষ্টা কৰে তাৰ নিজৰ ধৰণে। সি ভবাখিনি মোক যুক্তিৰে বুজায়। বুজাব নোৱাৰাখিনিৰ বাবে মোৰ মুখলৈ চায়। হাঁহি হাঁহি মই যেতিয়া তাৰ ভাববোৰৰ বিশ্লেষণ কৰোঁ সুখী হয় সি। অকপটে সোধে “অ’ মা তুমি কেনেকৈ নোকোৱা কথাবোৰো বুজি পোৱা?” “বুজোঁ বাবা, কাৰণ মোৰ সন্মুখৰজনক বুজিবলৈ মই তেওঁক অনুভৱ কৰোঁ। তেওঁৰ খবৰ ৰাখোঁ। যত্ন লওঁ। চকুৰে, কথাৰে, মৰমেৰে অহৰহ তেওঁক মই আবৰি ৰাখোঁ। সেয়ে বুজি পাওঁ।”
সাধ্যৰ ভিতৰত থকাখিনি বাবাক মই দিব খুজিছোঁ। জীৱনৰ জটিলতা-কুটিলতাখিনি আঁতৰাই মই তাক দেখুৱাব খুজিছোঁ ৰামধেনুৰ সাতোৰং। জানো, ৰামধেনু মানেই বৰষুণৰ আগমন। বৰষুণে ভিতৰলৈকে তিয়াই পেলাব তাক। তিতক, কি হ’বনো! ৰ’দ দিলে আকৌ শুকাব। নহ’লে সি জীৱন পথত বাট বুলিব কিদৰে? আন বহুতেই কোৱাৰ দৰে সিও জানে তাৰ মাক অসম্ভৱ জেদী, কিন্তু সাহসী। সঁচাক সঁচা বুলি ক’বলৈ ভয় নকৰে। ভাল তাৰ মাকজনী। মাত্ৰ বৰ খং কৰে। কিয় কৰে সেইয়াও সি জানে। মিছা অপবাদ মূৰ পাতি ল’ব নোৱাৰে। কথা পাতে সি অনৰ্গল মোৰ স’তে। তৰ্ক কৰে মাজে মাজে। দেউতাকে বিচৰাৰ দৰে বহুত চোকা নহয় সি। ময়ো জানো পঢ়িলে সি পাৰে কিন্তু নপঢ়ে। কাইলে যদি সি আমি ভবাৰ দৰে বা বিচৰাৰ দৰে পৰীক্ষাৰ ফলাফল দেখুৱাব নোৱাৰে নিৰ্ঘাত মানুহে ক’ব মাকজনী বেয়া। ইমান বেছি দেখুৱায়! কাৰো ঘৰলৈ নাযায়। কাৰো লগত মিলামিচা নকৰে। কিবা এটা ক’লেই সহ্য নকৰে। ক’ত আৰু!!! আনে কওক নকওক এইখিনি মোৰ ঘৰৰ মানুহেই ক’ব। অভিমানত আঘাত সনা বুলিয়েই এদিন স্ব-ইচ্ছাই আঁতৰি আহিছিলোঁ আপোন মানুহৰপৰা। এতিয়া লগ পালে মাতোঁ সিহঁতে মাতে কাৰণে, কিন্তু সিহঁতৰ ঘৰলৈ নাযাওঁ। যাবপৰাকৈ মনৰ মাজত কোনো তাড়না অনুভৱ নকৰোঁ। তাতকৈ নিসংগতাই ভাল। লাভৰ মূৰত অহংকাৰী নাম পাওঁ।
হয়ো কিজানি অলপ অহংকাৰী! সঁচাইনে??? দুচকুত সদায়ে কঢ়িয়াওঁ এক সন্মানবোধ আৰু অসীম ভালপোৱা নিজৰ বাবে। এই লৈ এদিন অভিযোগ তুলিছিল এগৰাকীয়ে “তই নিজৰ বাহিৰে আনক ভালপায় পাইছ জানো” বুলি। যিয়ে অভিযোগ কৰিছিল তেওঁ আজি হাহাকাৰ কৰে মোৰ এষাৰ মাতৰ বাবে। উভতি চাবৰ মন নাযায়। ক’বৰ মন যায় “তয়ে দেখোন কৈছিলি মই আনক ভালপাব নাজানো” বুলি। কোৱা নহয়গৈ। কি হ’ব কৈ? তেনেকৈ কৈ দিলেই জানো মই পোৱা আঘাতখিনি নোহোৱা হ’ব? মই আঘাত পালোঁ বুলিয়েই তেওঁকো একেদৰেই আঘাত হনা উচিত হ’ব জানো? তাকেই কৰিলোঁ যদি তেওঁৰ আৰু মোৰ মাজত পাৰ্থক্য থাকিল ক’ত? তথাপি কোনোবাখিনি মনটো অস্থিৰ হৈ ৰয়। পাহৰোঁ বুলিও পাহৰিব নোৱাৰোঁ কিছুমান স্মৃতি। সেইবুলি সেইবোৰে মোক শালি নধৰে বৰং একেখিনি ভুলকেই যাতে ময়ো নকৰোঁ তাৰবাবে সেইবোৰে মোক সকীয়াই থাকে। ভাল লাগে দুখত ভাঙি পৰাজনক সাৱটিবলৈ পালে। একো নাযায় মোৰ অলপ ভালপোৱা দিলে। অলপ সান্নিধ্য দিলে। অলপ সময় দিলে। যি দিলো সেইখিনি দুগুণ হৈ মোৰ কাষলৈকে উভতি আহে। যাৰ বাবে মনৰ মাজত পূৰ্ণতাৰ অনুভৱ এটি লালন কৰোঁ। যাক দিলোঁ তেওঁ একো লৈ নাযায়, দিহে যায় উপলব্ধিৰ এমুঠি সোণ চেঁকুৰা। তাৰে মই মনৰ মণিকুট সজাওঁ।
স্বাৱলম্বী মই। কিজানি সেয়ে মোৰ অহংকাৰৰ আধাৰ! নহয়। স্বাভিমানী মই। মুক্ত মনেৰে খোলা কথা-বতৰাৰে ভাৱ বিনিময় কৰোঁ কাৰণেই মাজে মাজে বিতৰ্কিত হৈ উঠোঁ। বিশেষকৈ পুৰুষ সংগীৰ কাষত। সহকৰ্মীসকলৰ মাজতো মই এক অপ্ৰিয় সত্য। আমাৰ মহিলাসমাজৰ বিয়নী-মেলত ভাগ লৈ বেয়া পাওঁ। ঘৰে ঘৰে গৈ চাহৰ জুতি লৈ আৰ কথা তাৰ কথা কৈয়ো বেয়া পাওঁ। তাতকৈ কিতাপ এখন পঢ়িবলৈ পালেই ভালপাওঁ। মায়ে কেতিয়াবা কয় অলপ সামাজিক হ’বি। সমাজ কি? ভাবি ভাবি ৰৈ যাওঁ। সম্পৰ্কত ভতিজা যদিও গণেশ এটা ডেকা ল’ৰা। চাকৰিৰপৰা ছুটী লৈ দুদিনমান থকাকৈ আমাৰ ঘৰলৈ আহিল। মোৰ কথা-কাণ্ডই তাৰ মগজু ঘোলা কৰি দিলে। (এইখিনিতে উজনি নামনিৰ খোকোজা এটা আছে মোৰ। মই উজনিৰ, এওঁ নামনিৰ। আৰু ব্যক্তিগতভাৱে নামনিক লৈ মোৰ অভিজ্ঞতা বৰ সুখৰ নহয়)। মাইকী মানুহ ইমান স্বাধীন হ’ব পাৰে নেকি? স্বাধীন মানে মোৰ সংসাৰৰ কোনোটো দাবী পূৰাবলৈ মই এওঁৰ মুখলৈ চাই নাথাকো। সংসাৰ মানে নিশ্চয় পতি-পত্নী দুয়োজনৰে। গতিকে মোৰ সংসাৰৰ বাবে লাগতীয়াল কথা বা কাম কৰোঁতে অনবৰতে এওঁৰ অনুমতি ল’ব লাগে বুলি মই নাভাবোঁ। সেইবুলি তেওঁক যে উপেক্ষা কৰোঁ তেনে নহয়। মাত্ৰ সকলো সময়তে মই তেওঁৰ ওপৰত নিৰ্ভৰশীল নহয়। আৰ্থিক স্বাৱলম্বিতাই বোধকৰোঁ আত্মবিশ্বাস বঢ়াই তোলে। আৰু যিহেতুকে আমি দুয়োজন চাকৰিয়াল, গতিকে টিপিকেল পত্নীৰ দৰে পতিৰ সেৱাই পৰম ধৰ্ম বুলিও মই নাভাবোঁ। এওঁ আহিলে ভাত খাম বুলি বহি নাথাকোঁ। ৰাতি বিচনা পাৰি নিদিওঁ। হ’ল বুলি অনবৰতে দণ্ডায়মান অৱস্থাত নাথাকোঁ তেওঁক আল-পৈচান ধৰিবলৈ। এনেকুৱা সৰু-ডাঙৰ বহুত কথা তাৰ অপছন্দ। আটাইতকৈ ডাঙৰ কথাটো হ’ল ঘৰত থকা অৱস্থাতো কেনেকৈ মই মোৰ লগৰীয়াসকলৰ সৈতে কথা-বতৰা বা মেছেজ বিনিময় কৰিব পাৰোঁ? মাইকী মানুহে এইবোৰ নকৰে। কৰিলে সন্মান হানি হয়। তৰ্কত বহি গৈছিলোঁ তাৰ লগত। মাইকী মানুহ আৰু মতা মানুহৰ প্ৰভেদ বুজাবলৈ সি এটাৰ উপৰি এটা উদাহৰণ দাঙি ধৰিছিল। কথাত কথা বাঢ়ি তাৰ বক্তব্যই ভদ্ৰ সমাজ এৰি নিষিদ্ধ জগত পাইছিলগৈ। নিষিদ্ধতাতো মতা মানুহৰেই পয়োভৰ। ক্ষমতা, দমন, শাসন। ভাগৰি পৰিছিল সি। শেষত কৈছিল তোৰ অলপো লাজ নাই? মান-সন্মান নাযাব এনেকৈ? তাৰ চকুলৈ চাই উত্তৰ দিছিলো “মোৰ সন্মান কাঁচেৰে সজা নহয় যে কোনোবাই শিলগুটি দলিয়ালেই ভাঙি পৰিব। মোৰ সন্মান মোৰ গৌৰৱ। তই যদি নিজক সন্মান নকৰ আনকো সন্মান কৰিব নাজান। সন্মান এখন চাৰ্টিফিকেট নহয় যে তাক কিনিবলৈ যাম। সন্মান এক অৰ্হতা তাক মই আহৰণ কৰিম। তাৰ বাবে তই মোক নাৰী বুলি নীতিশিক্ষাৰ পাঠ নপঢ়াবি। ভাল-বেয়া বাচিবপৰাৰ গুণাগুণ মোৰ আছে। চুৰ কৰা নাই, ফাঁকিও দিয়া নাই। যি কৰিছো দেখাদেখিকৈয়ে কৰিছোঁ। কথা ক’লেই অনুভৱ ভগালেই কলংকিত হৈ নাযাওঁ মই। স্বাধীনতা মানে অশালীনতা নহয়, আধুনিকতা মানে উচ্ছশৃংখলতা নহয়।” হাৰি গৈছিল সি মোক বুজাই বুজাই। খহি পৰিছিল তাৰ পৌৰষত্বৰ অহংকাৰ। নুবুজিলোঁ তাৰ ভাষা। মই এটাই ভাষা বুজোঁ জীৱনে পাঠ পঢ়াই যোৱা ভাষা। যি ভাষাই মোক মই কৰি তুলিছে। হয়তো সোঁতৰ বিপৰীতে গতি কৰিছো কিন্তু দৃঢ়তাৰে কওঁ উদ্যম আছে মোৰ মাজত সোঁতৰ ধাৰ ফালি গতি অব্যাহত ৰাখিবলৈ। মানুহ মই, মানুহৰেই জয়গান গাম।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments