বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি (১৮): (অনামিকা বৰুৱা)

আশ্ৰয়-আস্থা-নিৰাপত্তা:

“তই আঁতৰি নাথাক মোৰ পৰা, নহ’লে ক’ৰবালৈ গুচি যাম হুঁহ!!”
“ক’লৈ যাবি? ঘৰলৈ?”
“নাজানো, কিন্তু সঁচাকৈ গুচি যাম!”

……অবিশ্বাস্যভাৱে চাই ৰৈছিলোঁ মেছেজটোলৈ একেথৰে।  এইয়া সম্ভৱ জানো! কোনোদিনে পোনপতীয়াকৈ ভালকৈ কথা নাপাতে সি।  যেতিয়াই কথা পাতে হয় মোক খং কৰে নহয় এতিয়া ফোন থ’ বুলি কৈ ফোন কাটি দিয়ে।  না মোৰ কথা শুনে, না মোক অলপ গুৰুত্ব দিয়ে।  কিন্তু সি ফোন কৰিলে মই যদি লগে লগে সঁহাৰি নিদিওঁ কাণ ঘোলা হৈ যোৱাকৈ গালি পাৰিব মোক।  দেশৰমানে বেয়া মাত মাতিব।  তথাপিও মাতো তাক।  সি বিচাৰিলেই আহি থিয় দিওঁ তাৰ কাষত।  অতিপাত খং কৰিলেও জানো তাৰ মনৰ কোনোবাখিনিত অলপ কোমলতা আছে আৰু সেই কোমলতাখিনিকেই মই টুকুৰিয়াই আছিলো।  বিশ্বাস আছিল এদিন সি সহজ হ’ব বুলি।  কাৰণ মই জনাত মানুহ “মানুহ” হৈ থকালৈকে মানুহৰ বুকুত স্পন্দন থাকিবই।  আৰু স্পন্দিত বুকুৱে অন্তৰঙ্গতাৰ কথাকেই ক’ব।  অনুভৱৰ উত্তাপত আন্দোলিত হৃদয় জানো ইমান নিৰ্বিকাৰ হ’ব পাৰে? আকৌ এবাৰ পঢ়িছিলোঁ তাৰ মেছেজটো।  ক’লৈ বা যাব! এতিয়াওতো মোৰ পৰা শত যোজন দূৰত্বত আছে সি।  আৰু ক’লৈ যাব! কোনোদিন দেখা নাই কেতিয়াও লগ পোৱা নাই তাক।  মাত্ৰ মেছেজ আৰু ফোনৰ মাধ্যমেৰে পাইছো তাক।  কেতিয়াবা সি ৰিচাৰ্জ লাগে বুলি দাবী কৰে।  কেতিয়াবা অকলে থাকি বেয়া লাগিছে বুলি হতাশ হয়।  কেতিয়াবা লগৰ কোনোবা এটাৰ কথা কৈ খুব খং কৰে।  কেতিয়াবা তাৰ ভাললগা গান এটা মোলৈ পঠিয়াই দি কয় “শুনি চা আৰু ক কেনে লাগিল। ” মই ভাল লাগিছে বুলি ক’লেই সুখী হয় সি।  লগে লগে কয় “চা, মই জানো তই কি ভালপাৱ দেখিছ!” ঠেহ-পেচ, তৰ্ক-কাজিয়াৰ আঁৰে আঁৰে সি থমকি ৰ’বলৈ আৰম্ভ কৰিছিল মোৰ ওচৰত।  খোৱা-বোৱা-শোৱাত অনিয়মীয়া সি।  তাতে কঁকালৰ বিষটো আছেই।  মই পেৰি পেৰি খোৱা-বোৱাৰ কথা সুধিলেই ধমকি লগাই উঠে মোক।  সিদিনা কাজিয়া কৰিছিলোঁ তাৰ লগত।  খং উঠিছিল মোৰো।  ময়ো কিবা এটা ভাবত আছিলোঁ।  জেদত লাগি নমতাকৈ আছিলোঁ তাক।  মনে মনে কৈ আছিলো-“থাক, যেনেকৈ মন যায় তেনেকৈ থাক।  তোৰ কাষত মোৰ কথাৰ কোনো মূল্যই নাই যেতিয়া মইনো কিয় থাকো তোৰ কাষত? নকওঁ আৰু একো তোক।  যি ইচ্ছা তাকে কৰ। …..” দুদিনৰ বিৰতিৰ অন্তত সি ওফোন্দ পাতি কৈছিল এনেকৈ।  কৈ পেলোৱা শব্দকেইটাৰ আঁৰত ক’ব নোৱাৰা বহুত কথাৰ উমান পাইছিলো।  ভালকৈ কথা পাতিছিলো তাৰ লগত।  আৰু সি তেনেই সৰু ল’ৰা এটাৰ দৰে কল্‌কলাই কৈ গৈছিল তাৰ কথাবোৰ।  কথাৰ অন্তত হাঁহি পেলাইছিলো দুয়োটাই।  কিজানি মই তাক ভৰষা দিছিল আৰু সি মোক আশ্ৰয়! (কোনো নহয় সি মোৰ।  সম্পূৰ্ণ অচিনাকী সি মোৰ।  ফেচবুকতে পাইছিলো তাক।  মোৰ “এখন ডায়েৰীৰ ইতিবৃত্ত”ৰ কোনোবা এটা খণ্ড পঢ়ি সমালোচনা কৰিছিল সি মোৰ লেখাৰ।  তাৰপাছত এবাৰ তাৰ এটা সামান্য প্ৰয়োজনত মই ইয়াৰ পৰাই সহায় কৰিছিলো তাক।  সেইয়াই আমাৰ সম্পৰ্কৰ যোগসূত্ৰ।)
****************************************************

প্ৰায় প্ৰতিদিনেই হুলস্থূল হয় আমাৰ ঘৰত।  কাৰণ সেই একেটাই বাবাই নপঢ়ে।  দেউতাকৰ মতে ভালকৈ পঢ়া-শুনা কৰি ভাল শিক্ষা প্ৰতিষ্ঠানত পঢ়াৰ সুযোগ নাপালে তাৰ ভৱিষ্যতটো সুনিশ্চিত নহ’ব।  উচ্চস্তৰৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিবৰ বাবে উচ্চহাৰত নম্বৰ পাব লাগিব।  গতিকে তাৰ কাৰণে দিনে-ৰাতিয়ে দেউতাকে তাক সকীয়াই থাকে।  ইপিনে তেওঁৰ সকীয়নি শুনি মই ভাবি ভাবি অথন্তৰত পৰো।  এনেও মই কথাবোৰ ওলোটাকৈ ভাবো।  দেউতাকে বিচৰাৰ দৰে বাবাই বেছি নম্বৰ নাপালে যেনিবা! ধৰা হওক, কোনো এখন উচ্চস্তৰৰ শিক্ষা প্ৰতিষ্ঠানতে সি পঢ়াৰ সুবিধা নাপালে।  দেউতাকৰ সকলো আশা-ভৰষাৰ বিপৰীতে মই তাক ইয়াতেই আই.টি.আই বা আন তেনে কোনো প্ৰতিষ্ঠানত নামভৰ্তি কৰি দিলো।  বিৰাট এটা ডিগ্ৰীৰ বিপৰীতে এনেকৈয়ে কাৰিকৰী শিক্ষাকে লৈ সি তাৰ জীৱনৰ পাতনি মেলিলে।  এতিয়া কথা হ’ল সি যদি সিমানকে লৈ সুখী হয় তাত আমি দুখী হোৱাৰ কিবা যুক্তি আছেনে? উচ্চ ডিগ্ৰী বা অতিপাত টকা-পইচাৰ অবিহনেই যদি সি তাৰ সপোন পূৰ কৰিব খোজে তেনে আমি অশান্তি পাব লাগেনে? বাবাক মাজে মাজে কওঁ-“ন’ বাবা! তুমি ভালকৈ পাছ কৰিব নোৱাৰিলে ইয়াতে ক’ৰবাত পঢ়িবা।  পঢ়ি-শুনি চাকৰি পালে কৰিবা, যদি নোপোৱা তোমাক অট’ নহ’লে বিক্ৰম এখন কিনি দিম।  তুমি ঘৰৰ পৰা ক’ৰ্টলৈকে চলাবা।  তাৰপৰা যি উপাৰ্জন হয় তাৰেই চলিবা।  তাৰে নহ’লে দোকান এখন দিবা ঘৰৰ ওচৰতে।  তোমাৰতো ঘৰ সজাৰ টেনচন নায়েই।  আমি মৰিলে তুমি ইয়াতে থাকিব পাৰিবা আৰু বাকী থকা মাটিডোখৰ ভণ্টিক দি দিম।  হ’বনে?” মোৰ কথা শুনি মাথা ঘূৰাই যায় বাবাৰ।  সি কয় “ইমান ডাউন নিদিবাচোন মা’। ” ধেমালি ধেমালিকে’ তাৰ আৰু মোৰ কথা বাঢ়ি যায়।  ধেমালি কৰি ক’লেও আচলতে তাক বুজাবৰ যত্ন কৰো জীৱনটো তাৰ, তাক সি কেনেধৰণে উপভোগ কৰিব খোজে সেইয়াও সিয়ে থিৰাং কৰিব লাগিব।  আমি মাথোঁ তাক পথ নিৰ্দেশনা দিব পাৰো।  আহিব পৰা দুৰ্য্যোগ বা হ’ব পৰা সম্ভাৱনাবোৰ আঙুলিয়াই দিব পাৰো।  জীৱন সম্পৰ্কে তাক এটা ধাৰণা দিব পাৰো।  কিন্তু তাক সজোৱাৰ দায়িত্ব সিয়েই ল’ব লাগিব।  আমি কিছু দূৰলৈ তাৰ অৱলম্বন হ’ব পাৰো, কিন্তু তাৰ আধাৰ হ’ব নোৱাৰোঁ।  আমাৰ অসম্পূৰ্ণতাখিনি তাৰ মূৰত জাপি দিব নোৱাৰোঁ।  দেউতাকৰ সচেতন কথা-বতৰাৰ বিপৰীতে মোৰ ধেমালিবোৰতেই কিজানি সি তাৰ ইস্পিত আস্থা বিচাৰি পায়।  তাৰ প্ৰতিটো কথা প্ৰতিটো সিদ্ধান্ততে সি মোক সাঙুৰি লয়।  মোৰ অনুমতি অবিহনে মোৰ সান্নিধ্য অবিহনে সি অসহায়বোধ কৰে।  অথচ মই মুখ ফুটাই খুব কমেই কওঁ বা উপদেশ দিওঁ।  মৰম কৰাৰ সলনি মই তাক কঠোৰভাৱে শাসন কৰো সি বেয়া পালেও।  তত্‌স্বত্তেও মই তাৰ শ্ৰেষ্ঠ বান্ধৱী।  ইয়াৰ নামেই আস্থা নেকি! নে নিৰাপত্তা! মোৰ ভাগৰুৱা মুখখনলৈ চাই সি কয় “মা আজি তোমাৰ বৰ কষ্ট হৈছে চাগে জিৰাই লোৱা অলপ। ” ভনীয়েকক ক’ব “ভণ্টি, মাক অলপ সময় আমনি নকৰিবা। ” সি মোৰ পৰিচয় নে মই তাৰ ঠিকনা!!!
*****************************************

প্ৰেয়সীৰ লগত বিচ্ছেদ নোহোৱালৈকে তাৰ লগত মোৰ মাত্ৰ চকুৰ চিনাকীহে আছিল।  মুখামুখি হ’লেহে সি মোক নতুবা মই তাক সুধোঁ-“ভাল নে?” প্ৰেয়সীৰ ছলনাৰ জালত ভৰি সৰ্বশ্ৰান্ত হোৱাৰ পাছত যেতিয়া সি সকলোৰে বিভিন্ন কটুক্তিৰ সন্মুখীন হ’ল ভিতৰি ভিতৰি ভাঙি পৰিল।  লাজ-অপমানত ক’লা পৰা তাৰ মুখলৈ চাই এদিন মই সুধিছিলোঁ-“অনিল, এটা কথা সুধোঁ বেয়া পাবা নেকি? এই যে মানুহবোৰে যাৰ যি মনলৈ আহে তাকে কৈ ফুৰিছে আচলতে কথাবোৰ কি? তুমিয়ে বা কি কৰিম বুলি ভাবিছা? কিয় মানুহবোৰক এনেকৈ যিহকে তিহকে ক’বলৈ সুবিধা দিছা? সঠিক সিদ্ধান্ত এটালৈ নাহা কিয়?” চল্‌চলীয়া চকুৰে সেইদিনা সি একো উত্তৰ দিব পৰা নাছিল।  দুদিন পাছত মোক লগ ধৰিছিল হেষ্টি-টেষ্টিলৈ।  গ’লো তাৰ লগত।  কফিৰ কাপত চুমুক দি এটা এটাকৈ সি কৈ গৈছিল তাৰ এৰি অহা দিনৰ দাস্তান।  ক’ত তাৰ ভুল হ’ল, কেনেকৈ সি আজিৰ এই পৰিস্থিতিৰ সন্মুখীন হ’ল সকলো কৈ গ’ল এফালৰ পৰা।  সকলো শুনাৰ পাছত তাক কৈছিলোঁ-“জীৱন তোমাৰ।  জীয়াই থাকিব লাগিব তুমিয়ে।  গতিকে অলপ সবল হোৱা।  এটা সিদ্ধান্ত লোৱা।  তাকো এতিয়াই।  যি হ’ল হৈ গ’ল।  হৈ যোৱাবোৰৰ কাৰণে অনুশোচনা কৰাৰ সলনি তুমি ভাবা তুমি কি কৰিব পাৰা।  তোমাৰ মাজত কি আছে।  যিমান সোনকালে তুমি অতীতক সামৰি আনিবা বৰ্তমানটো তোমাৰ বাবে সিমান সহজ হৈ উঠিব।  ভৱিষ্যতৰ কথা নাজানো।  কিন্তু বৰ্তমানটোক সুস্থিৰ কৰি তুলিব নোৱাৰিলে ভৱিষ্যতক আহ্বান কৰিবা কিদৰে!” বহুত কিবাই কৈছিলোঁ তাক।  কি দিব পাৰিছিলো সেই সময়ত নাজানো কিন্তু সি নতুনকৈ হাঁহিবলৈ শিকিছিল।  আৰু আজি সি নিজৰ পৰিয়াল লৈ সুখী।  তাৰ এনে কোনো কথা এনে কোনো অনুভৱ নাই যিটো সি মোৰ লগত ভগোৱা নাই।  দেউতাক ঢুকাওঁতে কান্দি কান্দি প্ৰথম ফোনটো মোক কৰিছিল, ছোৱালীজনী হওঁতেও প্ৰথম খবৰটো ময়ে পাইছিলো।  ভাল লাগে তাৰ আনন্দখিনি দেখি।  ইয়াৰ নামেই বন্ধুত্ব নেকি!!!
******************************************

অচিনাকী নম্বৰ এটাৰ পৰা এদিন ফোন পাইছিলোঁ-“আপুনি কোন বাৰু? আপুনি ক’ত থাকে?” অবাক লাগি কৈছিলোঁ-“আপুনি কাক বিচাৰিছে?” লগে লগে সিফালৰ পৰা কৈছিল-“এই নম্বৰটোলৈ মোৰ ভাইটিৰ মোবাইলৰ পৰা শেষ মেছেজ গৈছিল।  সি বৰ্তমান মৃত্যুৰ লগত যুঁজি আছে। ” স্তব্ধ হৈ গৈছিলো কথাষাৰ শুনি।  যেতিয়াই তেতিয়াই মৰি থাকিম বুলি কোৱা লেহুকা ল’ৰাটোৱে তাৰমানে সঁচাকৈয়ে অঘটন ঘটালে! অথচ সি ভালে থাকক বুলিয়েই কি দিয়া নাছিলো তাক! কি কৰা নাছিলো তাৰবাবে! এটা এটাকৈ চকুৰ আগত ভাঁহি উঠিছিল তাক লগ পোৱাৰ পাছত বিগত ডেৰ বছৰৰ কথা-বতৰা, লগ পোৱাৰ মুহূৰ্তবোৰ।  অস্বস্তি লাগিছিল।  খবৰ পোৱা নাছিলো একো-সি মৰিল নে আছে! ডিব্ৰুগড় মেডিকেল কলেজলৈ নিয়াৰ মুহূৰ্তত মৃত্যুশয্যাত শুইয়ো সি মোক অভিযোগ কৰিছিল ময়ে হেনো তাৰ মৃত্যুৰ কাৰণ।  ময়ে হেনো তাক শেষ কৰি দিলো।  স্বীকাৰ-অস্বীকাৰ কৰাৰ প্ৰৱণতা নাছিল মোৰ।  কাৰণ মোৰ বিবেকে মোক কেতিয়াও এনে একো কৰিবলৈ প্ৰৰোচিত কৰা নাছিল যে যাৰ বাবে মই এটা জীৱবধৰ ভাগী হম।  তাতকৈ মোৰ এনে লাগিছিল যেন তাক পোৱা হ’লে ময়ে হত্যা কৰিলোঁহেঁতেন আৰু মিছা অপবাদটোক সঁচাৰ ৰূপ দিলোঁহেঁতেন! নমৰিল সি।  তিনিদিন মেডিকেলত থকাৰ পাছত এটা ৰুগীয়া দেহা লৈ উভতি আহিছিল সি আকৌ জীৱনলৈ।  আহি পুনৰ মোক মাত দিছিল।  এইবাৰ সি ক্ষমা খুজিছিল তাৰ কৃতকৰ্মৰ বাবে।  তাৰ দুৰ্বলতাক সামৰি ৰাখিব নোৱাৰাৰ বাবে।  তেতিয়ালৈ মোৰ পৃথিৱীৰ পৰা বিদায় দিছিলোঁ তাক চিৰদিনৰ বাবে।  আজিও সি হাঁহাকাৰ কৰে মোৰ এষাৰ মাতৰ বাবে।  মোৰ এটা সান্নিধ্যৰ বাবে।  এইয়া মোৰ জয় নে পৰাজয়! কিজানি পৰাজয়ৰ গ্লানিৰ পৰা মুক্ত হ’ব নোৱাৰিম এই জনমত! নোৱাৰিলোঁ বিষন্ন হৃদয়খনক এখন মুখন মুকলি আকাশ দিব! তাৰ জীৱনত মই ফুলি ৰ’লোঁ এপাহ ৰজনীগন্ধা হৈ!!!
**********************************************

আমাৰ বিয়াৰ ওঠৰ বছৰ পাৰ হৈ গ’ল।  তথাপি অমিলবোৰ একেই হৈ থাকিল।  নোৱাৰিলো দোভাগ ৰাতিৰ নিৰ্জতাবোৰ তেওঁৰ সৈতে ভগাব।  তপত চকুলো সৰে যদি গাৰুটোৱে নিঃশব্দে বুটলি লয়।  আৰু মই মেলা চকুৰেই টোপনি যাওঁ।  ক’ৰবাত সুৰুঙা এটা ৰৈ গ’ল।  তেওঁ দেশৰ খবৰ ৰাখে, মই মানুহৰ মনৰ খবৰ ৰাখো।  তেওঁ বাতৰি কাকত পঢ়ে, মই উপন্যাস পঢ়োঁ।  তেওঁ হিচাপী মানুহ।  খাই-বই সময়মতে টোপনি যায়।  মই বে-হিচাপী।  ঘণ্টা ঘণ্টা মোৰ পাৰ হৈ যায় খেয়ালী মনত বিচৰণ কৰোতে কৰোতে।  তেওঁ ভাবে ধন-সম্পত্তি থাকিলেই মানুহ সুখী হয় চাগে, মই ভাবোঁ মূৰৰ ওপৰত এখন মুকলি আকাশ থাকিলেই মানুহক আৰু একো নালাগে চাগে।  মৰমতে তেওঁ মোক পাগলী বুলি কয়, আৰু মই ভুলতেও তেওঁক ভালপাওঁ বুলি নকওঁ।  প্ৰচণ্ড কাজিয়া কৰো কেতিয়াবা তেওঁৰ লগত।  কিন্তু কাজিয়াৰ শেহত সদায় তেওঁ মাংস আনি ৰান্ধি বাঢ়ি মই নোখোৱালৈকে ৰৈ থাকে।  খং-ৰাগ কি তেওঁ নাজানে, মই অভিমানৰ সাগৰত ডুব যাওঁ।  শিৰত সেন্দুৰ পিন্ধো তেওঁৰ নামত, তেওঁ মোলৈ সাধাৰণ উপহাৰ এটা আনিবলৈকো ভয় কৰে।  কিজানিবা পছন্দ নকৰো! দৰমহাটো আনিয়েই মোৰ হাতত গুজি দিয়ে, বিৰক্তিত মোৰ মূৰটোৱে দেওধনী নাচিব খোজে।  পাকঘৰৰ আলু-পিয়াঁজৰ পৰা বেংকৰ ল’ন মৰালৈকে সকলো হিচাপ মোৰ, তেওঁ মাহৰ শেষত মোৰ বেগত দহটকা এটাৰ সন্ধান কৰে।  তেওঁ সমাজৰ এজন হৈ সকলোৰে লগত মিলি থাকিব খোজে, মই অকলে থাকি জীৱনত হেৰুৱা কোনোবাজনৰ কাষত থিয় দিব খোজোঁ মোৰ সামৰ্থৰে আঁতে মানে।  তেওঁ মাজে মাজে ভাবে দুটকামান সৰহকৈ সাঁচিব পৰা হ’লে ভৱিষ্যতৰ বাবে, মই ভাবো অঘৰীৰ দৰে মোৰো ঘৰ-বাৰী নাইকিয়া হোৱা হ’লে! কি নাম দিম এই সম্পৰ্কক? ভাৰসাম্যহীনতা! হয়তো হয় হয়তো নহয়।  ভাল নালাগে মোৰ একো।  কোনে দুমহলীয়া ঘৰ সাজিলে, কোনে নতুন গাড়ী কিনিলে সেইবোৰলৈ চকু নাযায় মোৰ।  কোন বিদেশলৈ গ’ল, কোন পৰীক্ষাত টপাৰ হ’ল তাকো কাণত নপৰে মোৰ।  কাৰোবাৰ সুনাম অথবা দুৰ্নাম কোনে বখানি থাকিব? কোনে শুনিব? অলপ বলিয়ালি কৰি ভাল লাগে মোৰ।  দুখত ভাঙি পৰাজনৰ চকুলো মচি দিব পাৰিলে ভাল লাগে।  সপোন হেৰুৱাজনক এটা হাঁহি দিব পাৰিলে ভাল লাগে।  অভাৱত পৰাজনক কিঞ্চিত সহায় কৰিব পাৰিলে ভাল লাগে।  জোনাকৰ বৰষুণত গা ধুই ভাল লাগে।  তৰা গণি গণি গুণগুণকৈ গান গুণগুণাই ভাল লাগে।  মাজৰাতি অচিন চৰাইৰ চিয়ঁৰত শিয়ঁৰি উঠি ভাল লাগে।  নিদ্ৰাবিহীন নিশাবোৰত নিজৰ সৈতে কথা পাতি ভাল লাগে।  চেতনাত কঢ়িয়াই লৈ ফুৰোঁ এটা বোধ এটা অনুভূতি! নিস্তব্ধতাত মোৰ উশাহবোৰে লহৰ তোলে জীৱনমুখীতাৰ……বুকুত তৃষাৰে নৈ……।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক