বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি….. (অনামিকা বৰুৱা)

(১)
প্ৰসাধন

অঞ্জনা দেৱী।জনতা মহাবিদ্যালয়ৰ প্ৰবক্তা।মই ৰেকাৰিংকাউণ্টাৰত থাকোঁতেই তেওঁৰ লগত চিনাকি হৈছিলোঁ।কেতিয়াবা কিছুমান মানুহ এনেকৈয়ে আপোন হৈ পৰে।এদিন বাইদেৱে ভাগৰি জুগৰি মোক বিচাৰি ডিভিজন অফিচ পালেহি।চুটি চুটিকৈ উশাহ লৈ ক’লে-“তুমি ইয়ালৈ কেতিয়া আহিলা? মই তোমাক গোটেইখনতেবিচাৰিলোঁ।নাপায়এজনক সোধাত ক’লে ইয়াত আছা বুলি”।মই বাইদেউক বহিবলৈ দিলোঁ।কিশোৰে চাহ দিবলৈ অহাত তেওঁকো দিবলৈ ক’লো।তেওঁলৈ চাই ভাবিলোঁ তেওঁৰ হয়তো কাউন্টাৰত কিবা অসুবিধা হৈছে সেয়ে মোক বিচাৰি আহিছে।কাৰণ আজিকালিকাউন্টাৰত ইটো-সিটো অভিযোগ উঠিয়ে থাকে।পোষ্টমাষ্টৰে যেতিয়াই তেতিয়াই মানুহ সলায় থাকে।কাউন্টাৰ ক্লাৰ্ক আৰু পাব্লিক দুয়োপক্ষৰে যথেষ্ট অসুবিধা হয়।কিন্তু চাহকাপ খায়েই বাইদেৱে আন কথাহে উলিয়ালে।

: মই তোমাক কথা এটা ক’ব খুজিছিলোঁ!
: কওক বাইদেউ।
: বেয়া নাপাবা দেই।মোৰ মানে এটা অৰিফ্লেমৰএজেন্সী আছে।ইমানদিনে ছোৱালীজনীয়ে চলাই আছিল।কিন্তু এতিয়া তাইৰ বিয়া হৈ যোৱাত মই সেইটো এৰি দিম বুলি ক’লো।তাই আক’ এৰিব নালাগে বুলি ক’লে।
: পাৰে যদি চলাওক।বিয়াখন ভালে ভালে হৈ গ’ল চাগে নহয়? মই যাব নোৱাৰিলোঁ।তাই ক’ত আছে এতিয়া?
: যোৰহাটত।জোঁৱাইৰপ্ৰেক্টিছ্‌ তাতেই।এইয়ো তাতেই আৰম্ভ কৰিব।সেয়ে মই এইটো এৰিম বুলি গৈছিলোঁ।ৰাজেশকসুধিছিলোঁ।তাৰ লগত এনেই মোৰ খুব ভাল।কিন্তু সি একো নক’লেই দেখোন! সেয়ে তোমাক বিচাৰি আহিলো।
: ভালেই কৰিলে।কিন্তু বাইদেউ, মই এইবোৰ একো ব্যৱহাৰ নকৰোঁ।মোৰ কোনো কচ্‌মেটিকচ্‌ খৰচ নাই।ঠাণ্ডা দিনত এনেই কিবা এটা ঘহোঁ আৰু।নহ’লে মুখখন টানি টানি ধৰে।লিপষ্টিকো লগাওঁ ওঁঠ ফাঁটে কাৰণে।বাকী তেল, ক্ৰীম, পাউদাৰৰ লগত মোৰ সম্পৰ্কই নাই।
: অ’ হয় নেকি? বৰ ভাল কথা।তোমাক দেখিলে তেনে যেন নালাগে কিন্তু।মানে প্ৰসাধন নকৰা যেন নালাগে।ধুনীয়া লাগে।
: নালাগে নেকি? নাজানো বাইদেউ।মই লিপষ্টিক ঘহাঁৰ বাহিৰে আন একো নঘহোঁ; ঘঁহিবওনাজানোঁ।আন নালাগে নেইল পলিচো নলগাওঁ।মোৰ নখেই নাই।

মোৰ হাতখন দেখি বাইদেৱে হাঁহি পেলালে।চুটি চুটি আঙুলি কেইটাৰ নখো চুটি চুটি।তথাপি তেওঁ এনেই অৰিফ্লেমৰ বিজ্ঞাপন দিয়া কিতাপখন চাবলৈ কোৱাত চালো।দেখি ভালেই লাগে সামগ্ৰীবোৰ কিন্তু মোৰ কামত নাহে যে! বাইদেউক ক’লো-

: আপুনি যদি কয় মই আমাৰ অফিচৰ ছোৱালীহঁতক কৈ দিব পাৰিম।আপোনাৰ লগত চিনাকিও কৰাই দিব পাৰিম।নতুনকৈ সোমোৱাআটাইকেইজনীয়েঅৰিফ্লেমৰ সামগ্ৰী ব্যৱহাৰ কৰে।এগৰাকী মাৰোৱাৰী মহিলাক মাজে মাজে অহা দেখোঁ সিহঁতক বিচাৰি।
: তুমি তেন্তে মোক সিহঁতৰ লগত চিনাকি কৰাই দিবা।কিবা ভাবিব নেকি আকৌ?
: নাভাবে।কি ভাবিবনো? একো নহয় আপুনি এদিন আহিব।মই লৈ যাম আপোনাক সিহঁতৰ ওচৰলৈ।
: তোমাৰ ফোন নাম্বাৰটো দিয়াচোন।তোমালৈ ফোন কৰিম তেতিয়াহ’লে!

মোৰ মোবাইল নম্বৰ লৈ বাইদেউ গ’লগৈ সেইদিনা।ময়ো কামত ব্যস্ত হৈ গ’লো।তাৰপাছত পাহৰি থাকিলোঁ কথাবোৰ।সিদিনা অফিচৰ পৰা পিক‌নিক‌ খাবলৈ গৈ আকৌ মনত পৰিল কথাবোৰ।অৰুণাচলৰ আলুবাৰী পোৱাৰ লগে লগে জুলি, পূবালী আৰু ৰিম্‌‍জিমক দেখি মনলৈ এনেয়ে কিবাকিবি ভাৱবোৰ ধেৰ আহিল।মানে বাচখন পুৰণা হোৱাৰ কাৰণে আৰু অৰুণাচলৰ বাট-পথৰ শোচনীয় অৱস্থাৰ কাৰণে আমি আলুবাৰী গৈ পোৱা যথেষ্ট পলম হৈছিল।তথাপি সকলো বাচৰ পৰা নামি যোৱাৰ পাছত জুলি, পূবালী আৰু ৰিম্‌জিমে কাপোৰ সলোৱাৰ লগতে চুলি ফণিয়াই ওঁঠ-মুখৰ যতন ল’বলৈ যা-যোগাৰ কৰা দেখি মই চুৱেটাৰ আৰু মোজাযোৰ খুলি খৰধৰকৈ নামি গ’লো বাবাক বিচাৰি।সি এনেকৈ পিক্‌নিক্‌ খায়েই পোৱা নাই।জুলি আৰু পূবালী বৰ ধুনীয়া দেখিবলৈ।অলপ প্ৰসাধন কৰাৰ পাছত আৰু ধুনীয়া লাগে সিহঁত দুজনীক দেখি।জুলিয়ে যেতিয়া সাজ-পাৰৰ লগত মিলাই গহণা-গাঁঠৰি পিন্ধে আৰু তাৰ লগতেই মিলাই প্ৰসাধন কৰে অফিচত দেখি সকলোৱে কয় ভাল লাগে বুলি।তাই আৰু ৰিম্‌জিম্‌ খুব চৌখিন প্ৰসাধনৰ ক্ষেত্ৰত।জুলিৰ মাহত প্ৰসাধনৰ খৰচ হেনো প্ৰায় ছহেজাৰ টকা।ৰিমজিমৰ কথা নাজানোঁ।কিন্তু ইহঁত কেইজনীয়ে প্ৰসাধনৰ ক্ষেত্ৰত বিদেশী সামগ্ৰী ব্যৱহাৰ কৰে বুলি জানো।নিজক সজাই পৰাই সুন্দৰকৈ ৰাখিব জনাতো নিশ্চয় এটা আৰ্ট।

আচলতে প্ৰসাধন মানে কিনো? সৌন্দৰ্য প্ৰকাশৰ এক মাধ্যম চাগে! সৰুতে মায়ে কোৱা শুনোঁ সাজিলে কাচিলে বান্দৰীও সুন্দৰী হয়।কথাষাৰ যে সঁচা তাত বোধহয় কাৰো দ্বিমত নাই।কিন্তু অতীতৰ মনোৰঞ্জনৰ আহিলা প্ৰসাধন আজি কেৱল সৌন্দৰ্য প্ৰকাশৰ মাধ্যমেই হৈ থকা নাই।ই বৰ্তমান ব্যৱসায়িক মৰ্যদা লাভ কৰিছে।অৰ্থ উপাৰ্জনৰ এক মাধ্যম হৈ পৰিছে।আন্তৰ্জাতিক বজাৰত ইয়াৰ গুৰুত্ব অসীম।আৰু এই প্ৰসাধনে কেৱল মহিলা সমাজতেই নহয় পুৰুষৰ সমাজতো সমানে প্ৰাধান্য লাভ কৰিবলৈ সক্ষম হৈছে।তথাপিও প্ৰসাধন বুলি ক’লে সাধাৰণতে মহিলা সমাজৰ কথাই প্ৰথমে মনলৈ আহে।যিদৰে নাৰী বুলিলে লাজ তেওঁলোকৰ আৱৰণ বুলি মনলৈ আহে, সেইদৰে প্ৰসাধন বুলিলে তেওঁলোকৰ আভূষণ বুলিয়ে মনলৈ আহে।সাজ-সজ্জা, ধূন-পেচ নাৰীৰ যেন জন্মগত অধিকাৰ।নিজক তুলি ধৰিবলৈ কাৰনো মন নাযায়!!!

হত্যা-হিংসা-ধৰ্ষণে মন-মগজু জৰ্জৰিত কৰি থকাৰ সময়ত মই তুলিছোঁ প্ৰসাধনৰ কথা! কি অদ্ভুত! পাগলৰ প্ৰলাপ যেনেই লাগিছে চাগৈ? নহয় ঠিক সেইটো নহয়।যোৱা ১১ জানুৱাৰীৰ (১১/০১/২০১৩) প্ৰতিদিনখন এনেই লুটিয়াই থাকোঁতেই পঢ়িলো সাময়িকীৰ বিপৰীত ছবিখন।তাত লিখিছে ভাৰতীয় সমাজ ব্যৱস্থাত মহিলাক অতি ৰক্ষণশীল আৰু ঘৰৰ ভিতৰতে থাকিবলগা মনোভাৱৰ ছবিখন সাম্প্ৰতিক সময়তো যে অকণো সলনি হোৱা নাই তাৰ স্পষ্ট প্ৰমাণ দেখা গৈছে দিল্লী কাণ্ডৰ পিচৰে পৰা সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সমূহত।অলপতে কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰালয়ে প্ৰকাশ কৰা ইয়াৰ ১৪ সংখ্যক ’মেন এণ্ড ৱ’মেন ইন ইণ্ডিয়া ২০১২’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ তথ্য।তথ্য অনুসৰি ২০১২ চনপৰ্যন্ত দেশত ১৫ৰ পৰা ১৯ বছৰ বয়সৰ ৪৬.১ শতাংশ মহিলা পৰিয়ালৰ সিদ্ধান্ত ল’ব পৰা ক্ষমতাৰ অধিকাৰী হোৱাৰ বিপৰীতে ৪০ পৰা ৭৯ বছৰ বয়সৰ মাত্ৰ ১২.৮ শতাংশ মহিলাৰহে সিদ্ধান্ত ল’ব পৰা গুণ আছে।এই প্ৰতিবেদন অনুসৰি ২০ৰ পৰা ২৪ বছৰ বয়সৰ মাত্ৰ ৩১.১ শতাংশ মহিলাই পৰিয়ালৰ সিদ্ধান্ত লয়।উল্লেখ্য যে উল্লিখিত সংখ্যক মহিলাই মূলতঃ স্বাস্থ্য সম্পৰ্কিত, ঘৰুৱা বজাৰ-সমাৰ, আত্মীয়ৰ স’তে যোগাযোগ ৰখা আদিৰ সিদ্ধান্তহে গ্ৰহণ কৰে।২০০৫-০৬ বৰ্ষত প্ৰকাশিত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ প্ৰতিবেদনতো প্ৰকাশ পাইছে এই তথ্য।এক সাক্ষাৎকাৰত’সাক্ষী’ নামৰ বেচৰকাৰী সামাজিক অনুষ্ঠানৰ কৰ্মী অঞ্জলি পাৱাৰে প্ৰকাশ কৰে যে ভাৰতত কিশোৰী অৱস্থাৰে পৰা মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই মত পোষণ কৰা হয়।তেওঁ আমাৰ দেশত মহিলাক মাত্ৰ সন্তান লালন-পালন আৰু সন্তানৰ সিদ্ধান্ত গ্ৰহণৰ দায়িত্বহে দিয়া হয় বুলি মত প্ৰকাশ কৰে।দেশৰ পৰিসংখ্যা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত বিবাহিত মহিলাৰ ৩২.৪ শতাংশই পৰিয়ালৰ কাম-কাজতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে যদিও তাত স্বামীৰ সহযোগিতা থাকে বুলি প্ৰকাশ কৰে।আনহাতে ঘৰলৈ আত্মীয় লোক আহিলে তথা অতিথি শুশ্ৰূষাৰ সময়ত ঘৰুৱা কামকাজত স্বামীৰ লগতে পত্নীৰ সক্ৰিয়তা ৪৯.৪ শতাংশ বৃদ্ধি পায় বুলি প্ৰকাশ।এই চৰকাৰী তথ্যসমূহে দেশত মহিলা সবলীকৰণৰ ছবিখনৰ এখন বিপৰীত ছবিহে ফুটাই তোলা পৰিলক্ষিত হৈছে।

পাৰস্য বিজয় কৰি আহি সিন্ধু নদীৰ পাৰত থিয় হৈ আলেকজেণ্ডাৰে সেনাপতিক যথাৰ্থভাৱেই কৈছিল-সত্য চেলুকচ।কি বিচিত্ৰ দেশ! আলেকজেণ্ডাৰৰ সেই স্বগতোক্তি ভাৰত নামৰ এই ভূ-খণ্ডৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰযোজ্য।বিচিত্ৰ এই দেশৰ অধিবাসী।মন চেতন-চিন্তনৰ ফালৰ পৰা নহ’লেও কৃতকৰ্মৰ ফালৰ পৰা দেশৰ চৰকাৰৰ, জন প্ৰতিনিধিৰ বিচিত্ৰ মানসিকতা।সেই মানসিকতাৰ বাবে জন প্ৰতিনিধিয়ে অনায়াসেই পাৰে আইন উলংঘা কৰিব।আইন বলবৎ কৰাৰ বাবে যি হাতেৰে ফাইলত চহী কৰে সেই হাতেৰেই আকৌ এনে কিছু কাম কৰে, যি আইন উলংঘনৰ বাদে আন একো নহয়।এনে উলংঘনৰ শেহতীয়া নিদৰ্শন মধ্য প্ৰদেশৰ শিক্ষা মন্ত্ৰী অৰ্চনা চিটনিছ।মন্ত্ৰীগৰাকীয়ে তেওঁৰ নিজৰ জিলা খান্দোৱাৰবুৰহানপুৰ গাঁৱত নিজে আগ-ভাগ লৈ এগৰাকী নাবালিকাৰ বিয়া পাতি দিয়ে।এই তথ্য আজি (১৯/০১/২০১৩) প্ৰকাশিত প্ৰতিদিনৰ।পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ এসময়ত বাল্য বিবাহৰ বিৰুদ্ধে আন্দোলন কৰি ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰেখা কালিন্দীয়ে স্ব-ইচ্ছাই এজন বেণ্ডবাদকৰ স’তে বিয়াত বহে একমাত্ৰ শ্ৰমিক পিতৃক তাইৰ ভৰণ-পোষণৰ বাবে ৰেহাই দিয়াৰ অৰ্থে।এইবোৰে বাৰু কি সূচায়???

পঞ্চায়ত নিৰ্বাচনৰ বতাহে এতিয়া চানি ধৰিছে অসমৰ আকাশ-বতাহ।নিৰ্বাচনৰ খাতিৰতে মহিলা প্ৰাৰ্থীৰ পয়োভৰ দেখা গৈছে বিভিন্ন ঠাইত।কিন্তু এই মহিলা প্ৰাৰ্থীসকলৰ জ্ঞানৰ যি নমুনা নিউজ চেনেলবোৰত দেখুৱাইছে তাৰপৰা এনে লাগিছে যেন নিৰ্বাচন নহৈ গণতন্ত্ৰৰ নামত ভেকোভাওনাহে আৰম্ভ হৈছে।প্ৰাসংগিক নে অপ্ৰাসংগিক ক’ব নোৱাৰোঁ কিন্তু মনে মনে ভীতিগ্ৰস্ত হৈ গৈছো ভাবি ভাবি সঁচাকৈয়ে বাৰু মহিলাই পুৰুষৰ সমানে অধিকাৰ পাইছেনে? কোনোবাদিনা এই সমাধিকাৰৰ ধাৰণাটো এক ধাৰণা হৈ নাথাকি কাৰ্যত পৰিণত হ’বনে? সঁচা অৰ্থত মহিলাই পুৰুষৰ সমানে সমানে খোজ দিব পাৰিবনে? কথাই কথাই সুবিধা পালেই পুৰুষক জগৰীয়া কৰি থকা আমিবোৰ আচলতে নিজক লৈ কিমান সচেতন? মোৰ প্ৰতিগৰাকী মহিলা সহকৰ্মীক সততাই ৰন্ধন-প্ৰকৰণ অথবা সাজ-সজ্জা, প্ৰসাধনৰ আলোচনাতে আবদ্ধ হৈ থকা দেখোঁ।স্বাৱলম্বী হোৱাৰ পাছতো কোনোগৰাকীকে নিজাববীয়াকৈ কোনো সিদ্ধান্ত লোৱা নেদেখোঁ।ঘৰখনৰ কথাতেই হওক বা নিজৰ ক্ষেত্ৰতেই হওক স্বামীৰ অনুমতি অবিহনে তেওঁলোকে একো নকৰে; কৰিব নোৱাৰে।তাৰ বিপৰীতে প্ৰতিজন পুৰুষ সহকৰ্মীয়ে মইবৰ ভাবৰ এনে এখন ছবি কঢ়িয়াই লৈ ফুৰে য’ত স্বাভাৱিকতেই পতি-পত্নী অথবা নাৰী-পুৰুষৰ অসমতা সহজেই চকুত পৰে।এইয়াতো মাথো মই চকুৰ আগত দেখা দুজনমান মানুহৰ কথা।সমগ্ৰ দেশত এই পৰিসংখ্যা কিমান হ’ব তাক কোনে জানে!!!

আনৰ কথা নাজানোঁ মোৰ নিজৰ জীৱনত মই এটা কথাই শিকিছোঁ নিজে নিজক সহায় নকৰিলে আনে একো কৰিব নোৱাৰে।সুযোগ-সুবিধা ওপৰৰ পৰা সৰি নপৰে।তাক আহৰণ কৰিব লাগে।সুবিধা-অসুবিধা সকলোৰে জীৱনত থাকেই কিন্তু অসুবিধাবোৰক এক প্ৰত্যাহ্বান বুলি ধৰি লৈ তাৰ মুখামুখি হ’ব লাগে বুলিয়ে ভাবো।মোৰ ভুল হ’ব পাৰে কিন্তু নকৈ নোৱাৰোঁ আত্মবিশ্লেষণ নকৰি আত্মমৰ্যাদা নিবিচাৰি কেৱল পুৰুষৰ মুখলৈ চাই থাকি নাৰী নিৰ্যাতনৰ আলমত বৃথা আন্দোলন কৰাটো কিমান যুক্তি-যুক্ত সেইয়া মোৰ বিচাৰ-বুদ্ধিৰ বাহিৰত।অধিকাৰ গছত ওলমি থকা ফল নহয় যে মন গ’লেই তাক চিঙি আনিব পাৰি।তাক পাবলৈ হ’লে নিজেও অলপ সচেতন হ’ব লাগিব বুলিয়ে ভাবো।

সৌন্দৰ্য মানে কেৱল শাৰীৰিক সুন্দৰতাকে বুজাই নেকি? নিশ্চয় নুবুজায়।শৰীৰটো ধুনীয়া কৰি ৰখাৰ দৰে মনটো ধুনীয়া কৰি ৰাখিবলৈনো কি লাগে? বহুত বেছি অনুশীলন, বহুত বেছি অধ্যৱসায় লাগে নেকি? মোৰ বোধেৰে নালাগে চাগে! জন্মগতভাৱেই প্ৰকৃতিয়ে সকলোকে কিবা নহয় কিবা গুণৰ অধিকাৰী কৰিছে।পুৰুষক যদি শাৰীৰিক ভাৱে সবল কৰিছে তেনে নাৰীকো ধৈৰ্য্য-সহ্য-সৃষ্টিৰ সেই মহত্‌ গুণৰ অধিকাৰী কৰিছে যাৰ বাবে নাৰীয়ে গৌৰৱবোধ কৰিব পাৰে।কিন্তু বহু সময়ত এই গুণবোৰ অথলে যায়।যাৰবাবে কম বেছি পৰিমনে মহিলাসকল নিজেও দায়ী।পৰমুখাপেক্ষী হৈ থকাৰ যি অপবাদ নাৰীয়ে কঢ়িয়াব লাগে তাৰবাবে বোধহয় নাৰীয়ে বেছি জগৰীয়া।বিজ্ঞাপনবোৰত নাৰীৰ পয়োভৰ, সৌন্দৰ্য প্ৰতিযোগিতাবোৰত অৰ্ধনগ্ন নাৰীদেহা দেখি মনলৈ মাজে মাজে কিছুমান বিৰূপ ভাৱ আহে কেতিয়াবা।সঁচাকৈয়ে নাৰী নিজক লৈ নিজৰ অধিকাৰক লৈ সচেতন নে????

(২)
প্ৰয়োজন
অফিচটোত বৰকৈ ঠাণ্ডা লগাত তললৈ নামি আহিলো অলপ ৰ’দ লওঁ বুলি।অলপ দেৰি ৰোৱাৰ পাছতে মলিয়ন কাপোৰ পিন্ধা মহিলা এজনীয়ে কোলাত কেঁচুৱা এটা লৈ আহি মোৰ ফালে হাত এখন আগুৱাই দিলে।পাছে পাছে সৰু ছোৱালী এজনী।এনে ধৰণৰ মানুহৰ প্ৰতি অনুকম্পা থাকক বা নাথাকক সেই সময়ত দিব পৰাকৈ মোৰ হাতত একো নাছিল।গতিকে মূৰটো জোকাৰি দিলোঁ।তাই অলপ পৰ ৰৈ আঁতৰি গৈ কোলাৰ পৰা কেঁচুৱাটো নমাই দিলে।ভালকৈ চালো সিহঁত তিনিটাক।মানুহজনীৰ স্বাস্থ্য একেবাৰে পৰি মৰা বিধৰ নহয়।ল’ৰাটোৰ বয়স ডেৰ বছৰমান হ’ব চাগৈ! ছোৱালীজনীৰো তিনি বছৰমান হ’ব নেকি! ক্ষীণ স্বাস্থ্যৰ দুয়োটাৰে গাৰ কাপোৰবোৰ লেতেৰা।ভৰিত চেণ্ডেল-জোতা একো নাই।ল’ৰাটোৱে দুবাৰমান ইফালে-সিফালে দৌৰা দৌৰি কৰি মাকৰ কোলাত উঠিলহি।মাকে এঠাইত বহি লৈ তাক আঁচল এৰুৱাই গাখীৰ খাবলৈ দিলে।ছোৱালীজনীয়ে আন এজন মানুহৰ আগত হাতখন মেলিলেগৈ।

আকৌ গুমৰি উঠিল মনটো।দুজন মানুহে এটা সাময়িক প্ৰয়োজন পূৰাবলৈকে এদিন লগ লাগিছিল আৰু তাৰে পৰিণতি এই সন্তান।প্ৰকৃতিয়ে নাৰীক এনেকৈয়ে সৃষ্টি কৰিছে জীৱনদায়ীনীৰ ৰূপত।কিন্তু ই কিমানদূৰ গ্ৰহণযোগ্য? প্ৰাচীন কালৰ সেই দিন নাই এতিয়া যে মাত্ৰ বংশ বৃদ্ধিৰ বাবেই সন্তান প্ৰজনন কৰা হ’ব।আজিকালি সন্তান প্ৰজননেও নিয়ন্ত্ৰিত ৰূপ পাইছে।চীন, ভাৰত আদিৰ দৰে জনবহুল দেশত জনসংখ্যাৰ যি বিস্ফোৰক ৰূপ আৰু সেই ৰূপে দেশৰ অৰ্থনৈতিক-সামাজিক দিশত কিদৰে বিৰূপ প্ৰভাৱ পেলাইছে তাক বহলাই নক’লেও হ’ব।

মোৰ সন্তান দুটা।এটা ল’ৰা আৰু এজনী ছোৱালী।প্ৰথম সন্তানটো হওঁতে অপৰিসীম কষ্ট পোৱাত দ্বিতীয় সন্তানৰ কথা নাভাবোঁ বুলিয়েই ঠিক কৰিছিলোঁ।কিন্তু সময় যোৱাৰ লগে লগে, অলপ ডাঙৰ হোৱাৰ লগে লগে ল’ৰাটোৱে আমনি কৰা হ’ল।মোৰ অফিচৰ পৰা আহি পোৱা পলম হ’লেই সি কন্দা-কটা আৰম্ভ কৰি দিয়ে।বহুত দিন ঘৰৰ দুৱাৰ মাৰি থৈ সি কান্দি কান্দি তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।দুৱাৰৰ বাহিৰত মই কান্দি থাকোঁ, ভিতৰত সি কান্দি থাকে।তাৰ পাছত আমাৰ ওচৰলৈ আন এঘৰ মানুহ থাকিবলৈ অহাত তাৰ অভিযোগ তুংগতউঠিলগৈ।স্কুলৰ পৰা অহাৰ পাছতেই সি ক’বলৈ আৰম্ভ কৰি দিয়ে-এতিয়া প্ৰাৰ্থনা বাই শ্বানৰ লগত খেলিব।মই কাৰ লগত খেলিম? সদায় সদায় অকলে থাকিব লাগে।মই ছুটি লৈ ঘৰত থকাৰ দুদিন মনে মনে থাকে, অফিচলৈ যোৱাৰ লগে লগেই সি তাৰ অভিযোগ আকৌ আৰম্ভ কৰে।বাইদেউৰ ঘৰলৈ গ’লে সি উভতি আহিব নোখোজে।বাইদেউৰ দুটা ল’ৰা আৰু তাৰ বৰ আপোন সিহঁত দুটা।তাৰ মানসিক প্ৰয়োজন উপলব্ধি কৰি প্ৰায় পাঁচ বছৰৰ বিৰতিৰ পাছত আমি দ্বিতীয় সন্তানৰ কথা ভাবিছিলোঁ।

আমাৰ দৰে পতি-পত্নী দুয়োজনে চাকৰি কৰা আৰু অকলশৰে থকা বহুত পৰিয়ালে চাগে এনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছে।চাকৰিৰ ব্যস্ততা আৰু পৰিয়ালত সদস্যৰ সীমাবদ্ধতাৰ কাৰণে বহুত পৰিয়ালত সন্তানৰ সংখ্যা এজনতে ৰৈ যোৱা দেখিছোঁ।আৰ্থিক নিৰাপত্তাও ইয়াৰ আন এটা কাৰণ কিজানি।তথাপি মই কম দুটা সন্তানৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিব লাগে।অন্তঃত প্ৰথম সন্তানটোৰ মানসিক স্বাৰ্থৰ খাতিৰতে হলেও।এই ক্ষেত্ৰত মই নিজেই বহুত দুখজনক ঘটনাৰ সাক্ষী যিসকলৰ মাত্ৰ এটাই সন্তান আছিল।মন কৰিব আছিল।মোৰ চিনাকি ড. চলিহাই প্ৰতিজন ৰোগীকে দুটা সন্তান গ্ৰহণ কৰিবলৈ উপদেশ দিয়ে।তেওঁৰ মুখতেই শুনা এটা সৰু ঘটনা-এবাৰ এটা পৰিয়ালে পিক্‌নিক্‌ খাবলৈ নাহৰকটিয়ালৈ আহি আছিল।অকস্মাত‌ মহিলাগৰাকীৰ কোলাৰ পৰা কণমানি এটা উফৰি গৈ দিহিং নৈত পৰিলগৈ।হাহাকাৰ লাগি গ’ল।কিন্তু বহুত বিচাৰ-খোচাৰ কৰাৰ পাছতো কণমানিটোক পোৱা নগ’ল।তাৰপাছত তেওঁলোকে বহুত চিকিৎসা কৰিলে দ্বিতীয় এটা সন্তানৰ কাৰণে কিন্তু নাপালে।ড. চলিহাৰ চিনাকি এই পৰিয়ালটো উচ্চ শিক্ষিত হোৱাৰ লগতে টকা-পইচা সকলো ফালৰপৰাই টনকিয়াল আছিল।ড. চলিহাই তেওঁলোকক সময় থাকোঁতেই দ্বিতীয় এটা সন্তানৰ কথা বহুতবাৰ কৈছিল।

আকৌ উভতি আহোঁ মই অফিচত লগ পোৱা মানুহজনীৰ কাষলৈ।দুটাকৈ সন্তানেৰে মানুহজনীৰ কোনোবা গৰাকী আছে নে নাই মই নাজানোঁ।থাকিবও পাৰে নাথাকিবও পাৰে।সন্তান জন্ম দিয়াৰ পাছত বুকুৰ গাখীৰ দিব পৰালৈকেঠিকে আছে।তাৰপাছত? ডাঙৰ-দীঘল কৰি সিহঁতক মানুহ কৰালৈকে বাকী প্ৰয়োজন কিদৰে পূৰা কৰিব? আৰ আগত তাৰ আগত হাত পাতি, চুৰি-ডকাইতি কৰি অথবা দিন হাজিৰা কৰি বা কাৰোবাৰ ঘৰত/হোটেলত বনকৰা ল’ৰা-ছোৱালী হৈ ইহঁত এদিন ডাঙৰ হ’ব।ডাঙৰ হৈ ইহঁতেও এনেকৈয়ে আৰু ল’ৰা-ছোৱালী জন্ম দিব।শিক্ষা-দীক্ষাৰ বতাহে ইহঁতককোনোদিনেনোচোৱে।ভৱিষ্যৎ পৰিকল্পনাও ইহঁতৰ মূৰ কামোৰণিৰ বিষয় নহয়।আহাৰ-নিদ্ৰা-মৈথুনতেইহঁতৰ প্ৰয়োজন সীমাবদ্ধ।এনেলোকৰ কিমান সংখ্যাই দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে বাৰু? আমাৰ দেশৰ ৰাজনীতি-অৰ্থনীতিত ইহঁতবোৰে প্ৰভাৱ নেপেলাই নেকি?

এটা সময় আছিল বৃদ্ধাৱস্থাত চোৱা-মেলা কৰিব বুলি পিতৃ-মাতৃয়ে সন্তানৰ লালন-পালন কৰিছিল।আজিৰ দিনত এই ধাৰণা কিছু পৰিমাণে বিকৃত হৈছে।বৃদ্ধাৱস্থাত বহু পিতৃ-মাতৃয়ে বৃদ্ধাশ্ৰমৰআশ্ৰ্ৰয় ল’ব লগা হৈছে অথবা অযত্নত মৃত্যুৰ দিন গণিব লগা হৈছে।তথাপিও নিজৰ প্ৰয়োজনতে সন্তানৰ আৱাহন কৰা হয় যেতিয়া সিহঁতক মানুহ হিচাপে গঢ় দিয়া দায়িত্বও মাক-দেউতাকেই ল’ব লাগিব।সিহঁতৰ প্ৰয়োজন বুজি পোৱা, তাক পূৰণ কৰা, সিহঁতৰ দাবীৰ ন্যায্যতা কিমানদূৰ, তাৰ উচিত-অনুচিত বিচাৰ কৰি তাক পূৰণ কৰাৰ দায়িত্বও মাক-দেউতাকৰে।আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক।কিন্তু এই যে মই মুখামুখি হ’লো শিশু দুটা সিহঁতে ভৱিষ্যতে দেশৰ নাগৰিকৰ দায়িত্ব পূৰাব পাৰিবনে? এই ক্ষেত্ৰত এজন সচেতন নাগৰিক হিচাপে আমাৰ কৰণীয় কি?

জীয়াই থকা সময়ছোৱাত মানুহৰ প্ৰয়োজনৰ সীমা-সংখ্যা নাই।এটা প্ৰয়োজন পূৰোৱাৰ লগে লগে আন এটা প্ৰয়োজনে মূৰ দাঙি উঠে।আজিৰ দিনত মানুহৰ প্ৰ্য়োজন পূৰাব পৰা আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল টকা।হাতৰ মুঠিত অপৰ্যাপ্ত টকা থাকিলে চিন্তাৰ কোনো কাৰণ নাই।দেশৰ ৰাজনীত-সমাজনীতি-অৰ্থনীতিক এই টকাই কি ভয়াবহভাৱে গ্ৰাস কৰি আনিছে তাক নকলেও হ’ব।কিন্তু মানুহক এটা জীৱনত কিমান টকা লাগে? এই প্ৰশ্নটোৰ সঠিক উত্তৰ নাপাওঁ।দাল-দৰিদ্ৰও দেখিছো, কোটিপতিওদেখিছো।যোগীও পাইছোভোগীওপাইছোঁ।দেখি-শুনি এটা কথাই বুজিছোঁনমৰালৈকে মানুহ জীয়াই থাকে।কিন্তু এই জীৱন কালত নিজৰ প্ৰয়োজন পূৰাবলৈকে মানুহে নকৰে কি???

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক