বিক্ষুব্ধ মন – বিক্ষিপ্ত চিন্তা (দ্বিজেন্দ্ৰ নাথ শৰ্মা)

কিবা লিখিবলৈ ভয় লগা হৈছে। হঠাৎ এটা বহুত পুৰণি কথা মনত পৰিছে। সৰুতে এবাৰ ছবি এখন আঁকি খুড়া এজনক দেখুৱাইছিলোঁ। খুড়াই ছবিখন চাই নিৰুদ্বেগ ভাৱে মন্তব্য এটা দিছিল-‘কিহৰ ছবি আঁকিছ, কাষত লিখি দিব লাগিছিল।’ সৰু আছিলোঁ যদিও ইমান মূৰ্খও নাছিলোঁ যে খুড়াই দিয়া মন্তব্যৰ অৰ্থ বুজি পোৱা নাছিলোঁ। অঁকা বা লিখা একেবাৰে সহজ, ভাতৰ লগত পানী খোৱাৰ দৰে কথা। ৰং-পেঞ্চিল-কাগজ-কলম (আজি কালি কি-বোৰ্ড) হলেই লিখিব বা আঁকিব পাৰি। পিছে সমস্যাটো হ’ল লিখিলেই বা আঁকিলেইতো নহ’ব, লিখা বা অঁকাটো মানুহে বুজিবও লাগিব বা বুজাব পাৰিব লাগিব। লিখাৰ বা অঁকাৰ মাধ্যমেৰে বুজাব নোৱাৰিলে কাষত লিখি দিব লগা হয়। খুড়াই মই অঁকা সেই ছবিখনৰ কাষত লিখি দিব কোৱাৰ দৰে। খুড়াই সেইদিনা দিয়া মন্তব্যটোৰ পিছত অৱশ্য ছবিৰ ক্ষেত্ৰত যদি কেতিয়াবা যদি কিবা আঁকিছোঁ লিখি দিব লগীয়া হোৱা নাই।

মানুহে লিখে, কিন্তু অকল লিখক হোৱাৰ বাসনাতহে যে লিখে তাত মোৰ সন্দেহ আছে। যেনেকৈ ছবি অঁকাৰ ইচ্ছা থাকিলেও শিল্পী হোৱাৰ বাসনা নাথাকিবও পাৰে তেনেকৈ লিখিলেই লিখক হোৱাৰ বাসনা থকা বুলি ধাৰণা কৰা ভুল। মোৰ দেউতাৰ এটা ডাঙৰ বাকচ আছিল। কেতিয়াও কাকো সেই বাকচটো খুলি চাব দিয়া নাছিল। সেই বাকচটোৰ প্ৰতি আমাৰ এক কৌতুহল আছিল। আমি সকলোৱে জানিব বিচাৰিছিলোঁ সেই বাকচটোত কি আছে। দেউতা জীৱিত থকালৈ সেই কৌতুহলটো কৌতুহলেই হৈ ৰৈছিল। দেউতাৰ মৃত্যুৰ পিছত সেই বাকচটো খুলি দেখিছিলোঁ এবাকচ কাগজ। আমি কেতিয়াও জনা নাছিলোঁ দেউতাই কিবা লিখা মেলা কৰিছিল। মাজে মাজে মই সেই কাগজ বিলাক পঢ়োঁ। হালধীয়া বৰণ লোৱা কাগজত ফাউণ্টেইন পেনৰ উৱলি যোৱা লিখা। বুজা নুবুজাৰ দোদুল্যমান অৱস্থাত এটাই কথা মনত দোলা দি যায়- লিখাবোৰ বুজিব পৰা হ’লে। যিমানেই চেষ্টা নকৰো কিয় সেই লিখাবোৰ মই সম্পূৰ্ণৰূপত কেতিয়াও বুজিব নোৱাৰিম।

বহুতো কথা বুজি পোৱা নাযায়। আৰু বহু কথা নুবুজাকৈয়ে জীৱন সুন্দৰ ভাৱেই অতিবাহিত কৰিব পাৰি। ভুলকৈ বুজিলেহে জটিলতা আহি যায়। আজি কালি ভুলকৈ বুজাতকৈ নুবুজাকৈ থাকিবই বিচাৰোঁ। পিছে সমস্যাটো হ’ল ভুল নুবুজাকৈ থাকিব জানো পাৰি। আনহাতে বুজা বুলি ভবা বহু কথা আচলতে বুজি পাইছোঁনে নাই সেই কথা নিজেই বুজি পোৱা নাযায়। আৰু নিজে বুজি নোপোৱা এটা কথা আনক বুজাব যোৱাটো বৰ জটিল। হয়তো দেউতাই তেনেকুৱা কিছুমান কথাই লিখি ৰাখিছিল। দেউতাই হয়তো বুজিছিল বা বুজা নাছিল। মই সেই অসম্পূৰ্ণ পাণ্ডুলিপি বিলাক বুজিবলৈ চেষ্টাহে কৰিব পাৰোঁ, কেতিয়াও বুজি উলিয়াব নোৱাৰিম।

দেউতা লিখক নাছিল কিন্তু দেউতাৰ কাগজৰ বাকচটো খোলাৰ দিনা খুৰাই এটা কাহিনী কৈছিল। খুড়া তেতিয়া হাইস্কুলত। মোৰ দেউতা যিখন স্কুলত পঢ়িছিল সেইখন স্কুলতে খুড়াও পঢ়িছিল। অৱশ্যে খুড়া স্কুলত পঢ়া সময়ত দেউতা সেই স্কুলত নাছিল। সেইবাৰ স্কুলৰ পৰা প্ৰথম স্কুল আলোচনী উলিওৱাৰ যো-জা চলাইছিল। শিক্ষকে খুড়াক সেই আলোচনীৰ সম্পাদকৰ দায়িত্ব লোৱাৰ বাবে কৈছিল। সেই সময়ত স্কুল বিলাকত আজিৰ দৰে বিভিন্ন বিভাগীয় সম্পাদক বিলাকৰ নিৰ্বাচন অনুষ্ঠিত কৰা হোৱা নাছিল। জনমততকৈ যোগ্যতাক অগ্ৰাধিকাৰ দিয়া বাবেই হয়তো তেনেকুৱা কৰা হৈছিল। শিক্ষকে ছাত্ৰৰ মাজৰ পৰা নিৰ্দিষ্ট বিভাগবিলাকৰ বাবে যোগ্য বুলি ভবা ছাত্ৰক সম্পাদকৰ হিচাপে বাচনি কৰি দিছিল। খুড়াক আলোচনী সম্পাদকৰ বাবে বাচনি কৰাত খুড়া আচৰিত হৈছিল আৰু ভয়ো খাইছিল যে কেতিয়াও লিখা মেলা নকৰা খুড়াই কেনেকৈ আলোচনী এখন সম্পাদনা কৰি উলিয়াব। যিজন শিক্ষকে খুড়াক আলোচনী সম্পাদকৰ বাবে বাচনি কৰিছিল তেও সেই আলোচনীখনৰ তত্বাবধায়কৰ দায়িত্বত আছিল। খুড়াই তেওঁক ব্যক্তিগত ভাৱে লগ ধৰি নিজৰ অক্ষমতা আৰু শংকাৰ কথা ব্যক্ত কৰাত শিক্ষক জনে হেনো কৈছিল – “অমুকৰ ভায়েক হৈ তই কিয় নোৱাৰিবি।” -খুড়াই দেউতাৰ নাম লোৱাত আচৰিত হৈছিল। দেউতাই এই কথা ক’তো কেতিয়াও কোৱা নাছিল যে স্কুলৰ সাহিত্য প্ৰতিযোগিতা বিলাকত সদায় পুৰস্কাৰ পাইছিল। আমিও কেতিয়াও দেউতাৰ পৰা সেই সম্পৰ্কীয় কথা কেতিয়াও শুনা নাছিলোঁ। খুড়াৰ কথাখিনি বিশ্বাস কৰিম নে নকৰিম তাত মোৰ স্থিতি এতিয়াও দোদুল্যমান। দেউতা তেতিয়াহ’লে সাহিত্যিক হ’বলৈ কিয় চেষ্টা নকৰিলে। আজি দেউতা থাকিলে কথাখিনি নিশ্চয় সুধিলোহেঁতেন। এতিয়া সেইবোৰ কথা মোৰ বাবে নজনাকৈয়ে ৰৈ যাব।

লিখক নোহোৱাকৈয়ে কিছু কথা লিখি ৰখাৰ এই অভ্যাসটো মোৰো আছে। মনলৈ যি আহে তাকে লিখোঁ। বিক্ষুব্ধ মনৰ বিক্ষিপ্ত চিন্তা। শব্দৰূপ দিয়া সহজ কিন্তু বুজাবলৈ অপাৰগ। আজি কালি মই কিছুমান কথা লিখিলে কাষত লিখি থওঁ। ধেমালি বুলি ধৰি ল’ব, কোনেও গা-পাতি নহ’ব, কাকো উদ্দেশ্য কৰি কোৱা নাই, এইটো মোৰ ব্যক্তিগত মতামতহে…… ইত্যাদি ইত্যাদি। নিজে লিখা কথাখিনিৰ ওপৰত ইমানে বেচি অনাস্থা যে বেচি ভাগ সময়ে সন্দিহান হৈ থকা যায় যে যি ক’ব বিচাৰিছোঁ মানুহে বুজিছেনে নাই বা বুজাব পাৰিছোঁ নে নাই। মাজে মাজে ভাবোঁ মনৰ ভাব অকল ভাষাই সম্পূৰ্ণ ৰূপত বুজাব পৰাৰ সক্ষমতা ৰাখেনে…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক