বিগ বাজাৰ (মনালিছা শইকীয়া)

বিগ বাজাৰ  (মনালিছা শইকীয়া)

এনেদৰেই বিষণ্ণ দিনবোৰৰ দবা কঢ়িয়াই গৈ থকা ৰে’লগাড়ীখন হঠাতে ৰৈ দিছিলহি । স্মৃতিৰ সাজেৰে পূৰঠ দেখাইছিল দিনবোৰক । এদিন এটা দবাৰ পৰা নামি আহিল এখন শুকুৰবৰীয়া বজাৰ । দীঘলীয়া গতিপথ এটাত ক্ষন্তেক ৰৈ সিহঁতে চাই পঠিয়ায় শুকুৰবৰীয়া ছাইৰঙী সন্ধিয়াটোলৈ । বিস্ফোৰিত পোহৰৰ ৰেখাৰ দৰে জিলিকি উঠিছে এটা শিলগুটিয়া বাট, বিসাল শাখা-প্ৰশাখাৰে স্থিতি মজবুত কৰা এজোপা প্ৰকাণ্ড আঁহত, সেই আঁহতৰ শিপাত নলীয়া কটাৰীৰে ঘপিয়াই থকা সৌটো বুধুৱা…. । বজাৰলৈ আজ-যাহ কৰি থকা মানুহবোৰৰ চিনেমাৰ ফ্লেশ্ববেকৰ দৰে শ্লথ গতি । ভাগ্যে, গছে কথা ক’ব নোৱাৰে । নহ’লে বুধুৱাৰ নলীয়া কটাৰীৰ ঘাপত গছেও কেঁকাই উঠিলহেঁতেন ! শুকুৰবাৰৰ গধূলি মানেই উলাহ । ঝুনঝুন পায়েল, ঝিনঝিন কাচৰ খাৰু, মুড়িৰ লাডু, শুকান বুট ভজা আৰু বতাহ কঁপি যোৱাকৈ খিলখিল হাঁহিৰ বন্যা ।

এক আদিম মতলীয়া গোন্ধে আহিব লগীয়া নিশাটোক বন্য কৰাৰ প্ৰয়াস কৰে । ঘৰ্মাক্ত শৰীৰ, ধঁপাত, বিড়ি আৰু সুগন্ধি পাউডাৰৰ মিশ্ৰিত গোন্ধ । বুধুৱাৰ মাকৰ তপত কেৰাহীত শুকান বুট ভজা । মৰলীয়া গছৰ পাতত এটোপোলাকৈ বান্ধি দিয়ে । দাম দহ পইচা ।

বুধুৱাই কেৰাচিনৰ চাকিটো দাঙি ধৰিছে । বহি থকা বস্তাখনৰ মুখখন মেলি খুচৰা পইচা ভৰাইছে মাকে ।

কট্‌ৰ, কট্‌ৰ…. ।

শুকান বুট চোবাই গুচি যায় লয়লাস নিপুণ ভাস্কৰ্যবোৰ ।

ক’লী মেমৰ কাহিনীত সিহঁত অভ্যস্ত ।

সিহঁতে জানে, ক’লা চামৰাৰ তলেৰে প্ৰবাহিত সিহঁতৰ উত্তপ্ত তেজেৰে বগা চাহাবহঁতৰ ক্ষুধাৰ পিয়লা ভৰে । কোনে জানে, চাহাবৰ দৃষ্টিয়ে কেতিয়া যাঠী এপাটৰ দৰে কাক শানি ধৰিব ।

চাহাবৰ গাড়ীৰ মাত শুনিলেই বুকুত যেন মাদলহে বাজে ।

বজাৰখনৰ গাতে লাগি থকা বাঁহৰ চকুৱাখনৰ শিপাৰে ট-টকৈ জিলিকি ৰয় তাইৰ দুচকু । ঠিক ৰাতিৰ তৰাৰ দৰে ।

এমুঠন কলিজা । নতুনকৈ বাঢ়িবলৈ ধৰা কবিপুলিবোৰৰ দৰে তায়ো বাঢ়িছে । সিপাৰৰ ব্যস্ত পৃথিৱীখনক চুব নোৱাৰি ছট্‌ফটাই থাকে তাইৰ কনমাণি আত্মা । বাবু লাইনৰ পৰা গৈ লেবাৰ লাইনত ভৰি থ’বগৈ নোৱাৰে । মগজুত তাইৰ বিভেদৰ পাঠ ।

এৰা, সেইকণ বয়সত শ্ৰমিক কন্যা হ’ব নোৱাৰাৰ যাতনাৰে দুখী আছিল তাই । ভাল নালাগে ‘বাবু লাইন’ৰ পকীঘৰৰ বেৰা । সুশোভিত ফুলনি, বন্দী জীৱন । চকুৱাখনৰ সিপাৰৰ মুকলি পৃথিৱীখনলৈ তধা লাগি চাই থাকে, ভেলেঙীৰ দৰে । ভেলেঙীয়েইতো তাই । চালে চায়েই থাকে । মিশ্ৰিত কোলাহল, খাৰু মণিৰ ঝনঝননি, বান্দৰৰ নাচ, ডম্বৰুৰ আৱাজ !

দুগ দুগ দুগ….

নাচ কদমী নাচ…

ৰাইজক চালাম দে ।

থিয় হৈ দে ।

হাত তালি…হাত তালি । ৰাইজ হাত তালি দিয়ক ।

গিৰ্জনি মৰা হাঁহি । কোনোবাই এটা ওলকবি দলিয়াই দিছে । এখন ‘কুকিজ’ বিস্কুট । দোকানীৰ সৈতে ছোৱালীহঁতে মুখ চুপতি মাৰিছে ।

‘‘মাগ’ এত্‌না দাম । হাম্‌ৰা বস্তু নাই কিনব হ’…। টুকুন্‌টা কম কৰ্‌ দে । তবে হ’লে কিনে পাৰব ।’’

তেলত ভজা ফুলৰি । খুৰ্মা, জিলাপীৰ গোন্ধ ।

পৰা হ’লে ! দুহাত ভৰাই একোছা ৰঙীন খাৰু পিন্ধিবলৈ পোৱা হ’লে ! মৰলীয়া পাতত বন্ধা শুকান বুট দুটামান কটৰ কটৰকৈ চোবাবলৈ পোৱা হ’লে ! কঁপি থকা চাকিৰ পোহৰত মুখবোৰ যেন একো একোখন ছবিহে !

পাছত, তাই ক’ৰবাত এটা টোকাৰী গীত শুনিছিল । বোধহয় কোনোবা মন্দিৰৰ প্ৰাংগণত । নতুবা অৱনী দাইটিৰ মুখত ।

‘কেলৈ আহিলোঁ মায়াৰ বজাৰলৈ ।

বজাৰত গধূলি হ’ল

তেল নাই, শলা নাই, বন্তি জ্বলা নাই

অধমৰ কি গতি হ’ল….।’

জীৱনৰ অৰ্থহীনতাক চিঞৰি চিঞৰি জনাব খোজা প্ৰাণকাতৰ সেই সুৰ ক’ৰবাত য়েন বাজি থাকিল । তাই কল্পনাত সাজি উলিয়াইছিল এখন মায়াৰ বজাৰ । দীঘল বগা চোলা াৰু মেলা চুলিৰে মায়াই গধূলিৰ বজাৰত সোমাইছে….. । সকলো মায়াৱী হৈ উঠিছে । অসহায় বাটৰুৱাই বাট বিচাৰি ঘুৰ্মুটিয়াই ফুৰিছে । ঠিক পৰীৰ সাধুবোৰৰ দৰে এখন মায়াৰ বজাৰ !

ক’ত আছে সেই বজাৰ ! কোন সেই বাটৰুৱা ? মায়াৰ বজাৰত ভৰি দি যি বাট হেৰুৱাই পেলালে ! তাইতো দেখিছিল ৰঙাগড়া বাগিচাখনহে । দেখিছিল এজাক মানুহৰ উন্মাদনা !

নিজৰ মাজতে স্ফূৰ্তি কৰে । চিঞৰ-বাখৰ কৰে । গীত গায় । কান্দে ।

বহু বছৰৰ পাছত অৰ্থনীতিৰ ছাত্ৰী হৈ থাকোঁতে বজাৰৰ সংজ্ঞা পঢ়িছিল তাই । এখন বিশাল বজাৰৰ কথা । মূল্যৰ বিনিময়ত সামগ্ৰীৰ বিনিময় হোৱা বজাৰখনৰ সৈতে কি এক তফাৎ আছিল সেই শুকুৰবৰীয়া বজাৰখনৰ !

কলেজত ক্লাছৰ পাছত তাই তাক কৈছিল শৈশৱৰ সেই শুকুৰবৰীয়া বজাৰৰ কথা । চকুৱাৰ এই পাৰে চাই থকা তাইৰ নিজৰ কথা । সি তাৰ ক্ষীণ-মীন শৰীৰটো জাৰি-জোকাৰি এটা গতলৈ আনি লয় । তাৰ পাছত তাৰ স্বভাৱসুলভ ভংগীমাৰে কৈ যায়, ‘তুমি কোৱাচোন, কি কি বিনিময় হৈছিল সেই বজাৰখনত ? কেৱল মূল্যৰ বিনিময়ত বস্তু ? নহয়, তাত আৰু বহু কিবাকিবি বিনিময় হৈছিল । বিনিময় হৈছিল হাঁহি । ভালপোৱা । তুমি হয়তো নেদেখিলা । তাত দুচকুৰ সলাজ চাৱনিৰ সৈতে মিনিময় হৈছিল প্ৰেম । হৃদয়ৰ বাৰ্তা….।

‘বাঃ ! বাঃ ! দোস্তি । অৰ্থনীতি এৰি একেবাৰে ইংৰাজী সাহিত্যত ধৰিলা যে !’ সিহঁতে গিৰ্জনি পাৰি হাঁহিছিল । সিওঁ হাঁহিছিল, ওঁঠ দুখন সামান্য বেঁকা কৰি । তাৰ পাছত ছিগাৰেটৰ ধোঁৱাবোৰ কুণ্ডলী পকাই বাজ কৰিছিল । তাইলৈ চাই কৈছিল, ‘সেই যে তোমাৰ অৱনী খুড়াই গাইছিল ‘মায়াৰ বজাৰলৈ কেলৈ আহিলে’ বুলি….। সেই মায়াৰ বজাৰত ইতিমধ্যে তুমি ভৰি থৈছা সোণপাহি….।’

আঃ ! কি যে আৱেগত কেতিয়াবা কিবাকিবি এসোপামান তাই গাই পায় আৰু নাম দিয়ে তাইক ‘সোণপাহি’, ‘ফুলপাহি’….। বিভিন্ন ভংগীমাত, য’তে-ত’তে তাইক এই নামবোৰেৰে মাতি দিয়ে সি ।

আৰু সঁচাকৈয়ে তাই এক শ্লথ গতিৰে সোমাই পৰিল এখন মায়াৰ বজাৰত । চৌপাশে প্ৰহেলিকা । চমকনি । দলে দলে আহিব ধৰোছএ স্বপ্নৰ সদাগৰ । প্ৰত্যেকেই মেলি ধৰিছে নিজ নিজ বেহা । এজনে চিঞৰিছে, ‘আহা তোমাক উৰিবলৈ শিকাম । তোমাৰ দুখন পাখি গজিব । পৰীৰ দৰে মহাকাশত উৰি ফুৰিবা । মৰ্ত্যৰ মানুহক দিবাহি স্বৰ্গৰ বতৰা । আহাঁ….. । আমি তোমালোকৰ বাবেই আহিছোঁ । এই বেহা লৈ আহিছোঁ ।’

দৌৰি গৈছে ৰাণী, চম্পাহঁত । খামুচি ধৰিছএ সদাগৰৰ হাত । সিহঁতৰ মুখত হিন্দী চিনেমাৰ গীতৰ কলি ।

‘অ’ মেৰী স্বপনো কি সদাগৰ…মুঝে এইচি জাগা লে যাওঁ….।’

সদাগৰৰ পৰামৰ্শ মতে গঢ়ি পেলাইছে ক্ষীণাংগী কৰি নিজক । দুভৰিত খাপ খাই পৰিছে ওখ হিল । হাঁহিবলৈ শিকিছে । মেক্‌অ’ভাৰ শিকিছে । পৃথিৱীখন চাবলৈ শিকিছে….।Fly high Airlines – ৰ দুখন পাখিৰে সাগৰ, মহাসাগৰৰ ওপৰেৰে উৰি উৰি মজা লৈছে ডাৱৰৰ । ওপৰৰ পৰা ক্ষুদ্ৰ হৈ পৰা সিহঁতৰ সৰু চহৰখনতকৈ পৃথিৱীখন বহু ডাঙৰ যেন লাগে সিহঁতৰ ।

সদাগৰে কয়, ‘সহজ নহয় পৰী হোৱাটো । তোমাৰ বক্ষৰ জোখ সঠিক হ’ব লাগিব । আৱেদনময়ী হৈ উঠিব লাগিব । বজাৰত মেদবহুলতাৰ কদৰ নাই । ওজন কমোৱা ।’

ওজন কমাবা । কিমান কমাবা । দুমাহত দহ কেজি ? সঠিক জোখত গঢ়িব বিচৰা শৰীৰ ? আন এক বেহা মেলি অন্য এক সদাগৰৰ আহ্বান, ‘দুমাহত কমি যাব দহ কেজি । আমাৰ কাষলৈ আহাঁ । মাত্ৰ ত্ৰিছ হাজাৰ টকা খৰচ….।’

বয়ল খোৱা, এক্সাৰচাইজ কৰা । ন’ জাংক ফুড….। ছাইড এফেক্ট নাই । শ্লিম হোৱাৰ ঔষধ খোৱা । সহজ নহয় । শৰীৰ গঢ়া সহজ নহয় । শৰীৰেই আটাইতকৈ দামী এতিয়া । মিছ ইণ্ডিয়া নোহোৱা ? মিছ ব্ৰহ্মপুত্ৰ ! মিছ লুইত….। শৰীৰক সুখী কৰিলেই সুখী হ’ব তোমাৰ আত্মা । টানি নিব খোজে তাইক সদাগৰহঁতে ।

‘কথা পাতিব বিচাৰিছা ? গোটেই ৰাতি মৰুভূমিৰ মাজত, সাগৰৰ বুকুত থাকিও কথা পাতিব বিচৰা যদি আমাৰ কোম্পানীৰ ম’বাইল কানেকশ্যন লোৱা….। অ’ফাৰ আছে, চুমা খোৱা প্ৰেমালাপ কৰা…. ।’ এশ কোটি গ্ৰাহকৰ বিশাল বজাৰ । বিগ বজাৰ । মেটমৰা ভাৰৰ বোজা লৈ দলে দলে সদাগৰ । দুৱাৰমুখত বজাৰ বহিছে । ফিট হৈ উঠা দেহবল্লবীৰে যেন মেডোনাৰ দৰে চমকি উঠে ! ব্ৰিটনি স্পেয়াৰ্ছৰ দৰে চুলিৰ বন্যা….।

দলে দলে আগুৱাই আহে সদাগৰহঁত । give and take…..।

এই শৰীৰ সজাই থ’বৰ বাবে নহয় । ঘন্টা দৰত তগুমি মূল্য পাবা । যদি পূৰণ কৰিব পাৰা বন্য ক্ষুধা । তাই দেখে গুচি গৈছে বহুতো । ক’ৰবাত যেন মেজিক ঘটি যায় । চমৎকাৰ ঘটি যায় । বাপুৰাম বৰাৰ ফ’নটো বাজি উঠে কঠিয়াতলী গাঁৱত ।

‘দেউতা, নতুন কাম এটা পাইছোঁ ।’

‘কি কাম মাজনী ?’

‘কোম্পানী এটাত ।’

‘কি কাম কৰিব লাগিব তই ?’

‘টুৰত থাকিব লাগিব । গাড়ী ঘৰ দিছে । পইচাও বহুত । মোৰ কাৰণে আৰু ভাবিব নালাগে ।’

চমৎকাৰ । তাই শুনা পায় শুকুৰবৰীয়া বজাৰখনৰ বান্দৰ নচোৱা গীতৰ ৰি-মেক ! নতুন বাজনাৰ লহৰত বাজি উঠে সেই সুৰ….।

ডুগ্‌ ডুগ্‌ ডুগ্‌

নাচ কদমী নাচ….

নাচ কদমী নাচ….

কদমীহঁতে নাচি থাকে । নাচি থাকে । নাচি নাচি কদমীহঁত বজাৰত সোমাই পৰে বৃহৎ এই মেলাত । বেচা-কিনা । ক্ৰেতা-বিক্ৰেতা । উথপথপ….। দৌৰাদৌৰি । টনা- আঁজোৰা । নাই কি ?

জীৱন গঢ়াৰ সদাগৰ ।

উৰিবলৈ শিকোৱা সদাগৰ । শৰীৰ গঢ়া সদাগৰ !

কেৰিয়াৰ গঢ়া সদাগৰ ! গেৰান্টি আছে তেওঁলোকৰ । নহ’লে পইচা ৱাপস !

তেন্তে দেৰি কিয় ? এই দৌৰাদৌৰিত সৌ সিদিনা ৰাজেশ খনিকৰে আত্মহত্যা কৰিলে হালোৱা গৰু দুটা বেচাৰ দুখত । পুতেকে পইচা বিচাৰি হুলস্থূল কৰিছিল । তাক এখন বাইক লাগে । অতিষ্ঠ হৈ বেচি দিলে হালৰ গৰু । নিজেও ওলমি দিলে গোহালিতে । তেওঁ নিচিনিছিল বিগ বাজাৰ । ৰাজমাইৰ বজাৰখনেই তেওঁৰ জীৱনত দেখা সৰ্ববৃহৎ বজাৰখন আছিল !

আলাউদ্দিনৰ চাকিয়ে পোহৰাই তুলিছে পৃথিৱী । য’তে-ত’তে আলাউদ্দিনৰ জিনটো । ‘হুকুম কৰক আকা…’

আকাই হুকুম কৰি গৈছে । জিনে ভৰাই তুলিছে আকাৰ ঐশ্বৰ্যৰ ভঁৰাল । তাকে চাই হাঁহি দিলে চকুৱাৰ আঁৰ হৈ পৰা এজনীয়ে । ভেলেঙীৰ দৰে তাইৰ দুচকু । ৰ’দৰ ৰং শুহি আকাশে গঢ়ি দিয়া ৰামধেনুৰ বাটেৰে পাৰ হৈ যায় তাইলৈ চাই এজাক পৰী । হাতে হাতে সিহঁতৰো আলাউদ্দিনৰ চাকি ।

‘তোমাৰ ছাল যদি হাইৱে’ কৰিবলৈ বিচাৰিছা, ছানস্ক্ৰীন সানা । ওফৰি পৰিব সূৰ্য দেৱতা । তুমি হৈ উঠিবা ইহঁতৰ দৰে…. ।’

পিছে পিছে বিপাসা বসু । কৰীণা কাপুৰহঁতক দেখি হাঁহি উঠি গ’ল তাইৰ ।

‘এয়া পিন্ধা, এনেকৈ পিন্ধা, এনেকৈ খোৱা….এইবোৰ খোৱা…।

বাট দেখুৱাবলৈ মই আছোঁ । Follow me…..।’

কি আচৰিত ! Follow me বুলি আগত থকা লীডাৰগৰাকীৰৰ পাছত শাৰী পাতি হাজাৰ Follower । বিগ বজাৰত সোমাই তেওঁলোকে উথ্‌পথপ লগাইছে ।

চিধা চুলি কাৰ্ল কৰিছে । কাৰ্ল চুলি চিধা কৰিছে ।

গ’ল্ড ফেচিয়েল, থাই মাছাজ কৰিছে ।

পিজ্জা, বাৰ্গাৰ খাইছে….।

ডিস্ক’ত নাচিছে….। ড্ৰিংক্‌ছ কৰিছে ।

মায়াৰ বজাৰত সঁচাকৈয়ে গধূলি হ’ল সিহঁতৰ । তেল, শলা একো নাই । কি গতি হ’ব এতিইয়া তাইৰ…। বজাৰতে বাট হেৰাব খোজে….। মনত পৰে শুকুৰবৰীয়া বজাৰখনলৈ । সি কৈছিল বাগানৰ সেই বজাৰখনত বিনিময় হৈছিল আৰু বহু কিবাকিবি । সজল দুচকু, হৃদয়ৰ বাৰ্তা….প্ৰেম সকলো….। য’ত কোনো মূল্য নিৰূপিত হোৱা নাছিল । এয়েনে সেই অৱনী খুড়াই গোৱা মায়াৰ বজাৰ ! বাট হেৰুৱাৰ ভয়ত কাতৰ হৈ তাই খামুচি ধৰে তাৰ হাত এখন । সি এপলক চায় তাইলৈ….। তাৰ পাছত হাঁহি মাৰি কয়, ‘ফুলপাহি, যদি হৃদয় বিচাৰিছা, ব’লা বাহিৰ হওঁ এই বিগ বাজাৰৰ পৰা…। ইতিমধ্যে বহুত দেৰি হ’ল । বাট বিচাৰি লওঁ আহাঁ…..।’

(লেখিকাৰ গল্পটো ২০১০ চনত “বিগ বাজাৰ” নামৰ গল্প সংকলনখনত প্ৰকাশিত |ইউনিক’দত টাইপ কৰি আমাৰ আলোচনীলৈ দিয়াৰ বাবে ধন্যবাদ)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
( পাৰ্শ্বজ্যোতি)
9 years ago

আপোনাৰ গল্পটো পঢ়ি ভাল লাগিল।তৃতীয় শাৰীৰ শেষৰ(বিসাল) শব্দটো ‘বিশাল’ হ’ব লাগিছিল নেকি……