বিচাৰোঁ যদিও নেদেখোঁ ক’তো ৰ’দ (গীতাৰ্থ বৰদলৈ)

গীতাৰ্থ বৰদলৈ


(সতৰ্কবাণী: তলৰ কথাখিনিত ৰ’দ বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। বোলছবিখন চাম বুলি ভাবি থকাকেইজনে কথাখিনি নপঢ়িলেও নাই।)

কেইজনমানে “ৰ’দ্‌‍” বোলছবিখন চাই ফে’চবুকত খুব গালি পাৰিছে, আনকেইজনমানে অসমীয়া বোলছবি জগতলৈ আশাৰ বতৰা নমাই অনা বুলি প্ৰকাশ কৰিছে। সকলোবোৰ পঢ়ি-মেলি মনত এটা ক্ষীণ আশা লৈ ছবিঘৰলৈ গ’লোঁ (মোৰ উপাধিও বৰদলৈ, মন কৰিব!) চাই আহি কিবা অলপ লিখিবলৈ মন গ’ল। চলচ্চিত্ৰ সমালোচনা কৰাৰ সাহস মোৰ নাই। এইখিনি এজন সাধাৰণ চলচ্চিত্ৰপ্ৰেমীৰ অনুভৱহে।

“ৰ’দ্‌”- এই বানানটো ছবিখনৰ প’ষ্টাৰ আৰু গানৰ চিডিৰ বাহিৰে আন ক’তো মই দেখা নাই। দ-ৰ তলৰ হসন্তৰ প্ৰয়োজনীয়তা বুজিব নোৱাৰিলোঁ। বোধকৰোঁ উচ্চাৰণৰ ফালে চাই এনেকৈ লিখিলে। কিন্তু আমিতো “সপোন্‌”, “মদ্‌” এনেকৈ নিলিখোঁ।

ছবিখনৰ প’ষ্টাৰ আৰু প্ৰচাৰ সুন্দৰ। কেতিয়াবা প’ষ্টাৰৰ ধুনীয়া-ধুনীয়া নায়ক-নায়িকালৈ চাইও ছবি এখন চাবলৈ মন যায়। ৰ’দৰ ক্ষেত্ৰতো বহুতৰে তেনে হ’ব পাৰে।

ছবিঘৰৰ ভিতৰত বেছি মানুহ নাছিল। কোনো এটা দৃশ্যই হয়তো তেওঁলোকৰ মন আকৃষ্ট কৰিব নোৱাৰিলে যাৰ বাবে হাতচাপৰিৰ শব্দ বা কান্দোনৰ শব্দ শুনা নাপালোঁ। জয়ন্ত ভাগৱতীৰ দৃশ্যকেইটাতহে ৰাইজে খুব ৰস পাই হাঁহিলে।

ছবিখনৰ আৰম্ভণিৰ পৰা বিৰতিলৈকে কাহিনীৰ আগ-গুৰি পোৱা নাছিলোঁ। উৎপভল দাসৰ মুডৰ ইমান পৰিৱৰ্তন কিয় হয়, এদিন গান গায়-এদিন অনাই বনাই ঘূৰে-এদিন কেমেৰা এটা দেখি পেছাদাৰী ফটোগ্ৰাফাৰ হৈ যায়, লগতে মুনমীক সৰুতে শ্বিলঙত লগ পোৱাৰ বিতং ঘটনা আদি বুজি পোৱা নাছিলোঁ। বিৰতিৰ পিছত চিমলাত লাহে লাহে নায়কৰ দুখৰ কাৰণ মুকলি হয়। ছবিৰ অন্তত কিন্তু কোনোমতে কাহিনীটো জোৰা দিয়া যেন লাগিল। জোঁৱায়েকৰ পৰা শিক্ষা লাভ কৰি “বহুদিনৰ পৰা বুকুত বোজা লৈ ফুৰা” নতুন নায়িকাৰ দেউতাকৰ মনৰ তৎক্ষছণাৎ‍ পৰিৱৰ্তন হ’ল। দৰ্শকক জোৰ-জবৰদস্তি জীৱনত ৰ’দ অহাৰ ধাৰণা বাৰে বাৰে বুজাবলৈ প্ৰয়াস কৰা যেন লাগিল।

সংলাপ ছবিখনৰ এটা অন্যতম দুৰ্বল দিশ। অসমীয়া ছবি এখনত সংলাপৰ ৫০% মান (অলপ হয়তো বঢ়াই কৈছোঁ!) ইংৰাজী ভাষাৰ হোৱাটো হজম নহ’ল। অংচুমান, আংকিত, আই এম ভেৰী হেপ্পী আদিৰ মাজত সোমাই জয়ন্ত ভাগৱতীয়ে কোৱাৰ দৰে “ডিঙিৰ অণ্ঠ-কণ্ঠ” (এইটো কি বাৰু) শুকাই যোৱা যেন লাগিল। ছবিখনত “সপোন” শব্দটো এশবাৰমান আছে।

কেমেৰাৰ কাম সুন্দৰ। আৰম্ভণিতে ঘৰৰ ভিতৰৰ দৃশ্য দুটামানত কেমেৰা এংগল “পাৰানৰ্মেল এক্টিভিটী”ৰ দৰে দেখি আচৰিত হ’লেও চিমলাকে ধৰি বাহিৰৰ দৃশ্যবোৰ কেমেৰাই সুন্দৰকৈ ধৰি ৰখা চাই ভাল লাগিল। বাইক চলোৱাৰ দৃশ্য, গীতসমূহৰ দৃশ্যায়ন, গান এটাত মূৰত বেণ্ডেজ বন্ধা উৎপ ল দাস শিল এটাৰ ওপৰত উঠি থকাৰ দৃশ্যটো তলৰ পৰা হঠাৎ‍ ফ্ৰেমলৈ অহাটো, চাই ভাল পালোঁ।

ছবিখনৰ সংগীত (গীত) সুন্দৰ। অৱশ্যে আৱহ সংগীতৰ ক্ষেত্ৰত সেই কথা হয়তো ক’ব নোৱাৰিম। সাংঘাটিক নহ’লেও গীতসমূহ বোলছবি এখনৰ বাবে ভাল যেন বোধ হ’ল। কিন্তু গীতসমূহ য’ত-ত’ত সুমুৱাই দিয়াৰ ফলত কাহিনীৰ গতি দুৰ্বল হৈ পৰিল।

নায়ক-নায়িকাসকলৰ অভিনয় যথাযথ (পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি!)। অৱশ্যে এটা সুন্দৰ চেহেৰাৰ অধিকাৰী উৎপংল দাসে তেওঁৰ অভিনয়ক তুলি ধৰিব পৰা বেলেগ ধৰণৰ চৰিত্ৰ এটা আজিও পোৱা নাই। নতুন নায়িকাগৰাকীৰ মেদবহুলতাই অলপ আমনি দিলে।

পৰিচালনা আৰু সম্পাদনা দুৰ্বল বুলিয়েই ক’ম। তেওঁলোকে কাহিনীটোক বান্ধি ৰাখি সুন্দৰকৈ সজাই-পৰাই দিব পৰা নাই। কোনো সময়তে কাহিনীয়ে গতি লাভ কৰা নাই যেন লাগিল।(কোনোবা এজনে অ’ভাৰডিৰেক্‌ছনৰ কথা কৈছিল। ইমান নাজানো।) কেৱল পইছা দিছোঁ বাবে এটাও হামি নমৰাকৈ ছবিঘৰত বহি থাকিলোঁ। অৱশ্যে বোলছবি চোৱাৰ ক্ষেত্ৰত মোৰ ধৈৰ্য বহুততকৈ বেছি!

যোৰহাটৰ ইলি হলত বেলকনীৰ টিকটৰ দাম ১২৫ টকা। ডিব্ৰুগড়ৰ ফান চিনেমা হলত গ’ল্ড টিকটৰ দাম ১৫০ টকা। মই জ্যোৎস্না হলত ২০ টকাৰ টিকট কাটি তলতে বহি চালোঁ। ১২৫-১৫০ টকা দি চোৱা বেছিভাগেই হয়তো (অত্যুৎসাটহীসকলৰ বাহিৰে) পইছা পানীত পৰা যেন অনুভৱ কৰিব। মই ভাবোঁ অসমীয়া ছবি এখন চাবলৈ যাওঁতে বেছি আশা কৰি যাব নালাগে। তেতিয়া চাই বেয়া লাগিলেও খং নুঠে (কেইবছৰমান আগতে “জোনাকী-মন” নামৰ এখন ছবি চাই মোৰ মগজৰ ঘিঁউ গৰম হোৱা আৰু লগৰ এটাই অসমীয়া চিনেমা কেতিয়াও নাচাওঁ বুলি শপত খোৱা মনত পৰে)। খং উঠক-নুঠক, মই ছবিবোৰ চোৱাৰ পিছত তিনি ভাগত ভগাওঁ- ভাল, চাব পাৰি আৰু বেয়া। এই বোলছবিখন ভাল লগাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো মোৰ মনলৈ এটাই শব্দ আহিল- বেয়া।
(আকৌ কৈছোঁ- চলচ্চিত্ৰ সমালোচনা কৰাৰ যোগ্যতা মোৰ নাই।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments