বিছা – উৎপলা কৌৰ

মানুহজন ট্যুৰত যোৱা আজি চাৰিদিন হ’ল। বাহিৰত থাকিলে দিনে দিনে ফোন কৰা সময়ৰ পাৰ্থক্যবোৰ বাঢ়িছে। ঘৰত থাকিলেও অন্যমনস্ক হৈ থাকে বা মোবাইলটো পিটিকি থাকে। নিবেদিতাই দুইটা ল’ৰাক ভাত খুৱাই নিজেও দাইল অকণ পি মোবাইলটো লৈ ইতিমধ্যে নিদ্ৰামগ্ন হোৱা ল’ৰাদুটিৰ কাষতে বাগৰ দিলেহি। তাই আজিকালি বহুত শকত হৈ গৈছে বাবে খোৱা-বোৱাত অকণমান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। নহ’লে ৰাজনীশ, অৰ্থাৎ তাইৰ মানুহজনৰ তাইৰ প্ৰতি আকৰ্ষণ কমিছে যেন লাগে তাইৰ। ট্যুৰত যোৱা ৰাজনীশৰ ফোনৰ বাবে অপেক্ষা কৰি কৰি তাই নিজৰ ফেচবুক একাউন্টটো খুচৰি থাকোঁতে অভ্যাসবশতঃ নিৰ্দিষ্ট নামটো ‘চাৰ্চ’ কৰিলে।

কোলাত কণমানি ল’ৰা এটি লৈ থকা হাঁহিমুখীয়া মানুহজন। যোৱা কেইবাবছৰো একেখন ফটোকে ‘দিপি’ কৰি ৰাখিছে মানুহজনে। এনেকুৱা নহয় যে তেওঁ ‘অনলাইন’ হোৱা নাই। তাইৰ মিউচুৱেল ফ্ৰেণ্ডৰ তালিকাত থকা ফটো বা ষ্টেটাচত তেওঁৰ লাইক দেখা পায় তাই মাজে মাজে। তথাপিও তেওঁ ফটোখন নসলায়। তাই যেতিয়াই এইটোখন দেখে অদৃশ্য বিছা কিছুমানে তাইৰ গাটো বখলা-বখলিকৈ ডাকে!
ফেচবুকত ‘লগ-ইন’ কৰিলে যে ইমান সময় যায় তাই ঘড়ীটোলৈ চাইহে অনুভৱ কৰিলে। অবশ্যে সদায়েই ফেচবুকত বহু সময় খৰচ কৰে তাই আজিকালি। ৰাজনীশৰ ফোন নাহিল। তাই নিজে কৰিম বুলি ভাবিলে, কিন্তু সি ফোন উঠাব নে নাই বা! আকৌ ফোন কৰাৰ কথাটো পাহৰি সেই বিশেষ প্ৰফাইলটো খুলিলে। “Add Friend” বুলি থকা ঠাইডোখৰত কৰোঁ-নকৰোঁকৈ ক্লিক কৰিলে। “cancel request” বুলি নীলা আখৰ কেইটামান দৃশ্যমান হ’ল।

যোৱা তিনিদিন ৰাজনীশে তাইক ফোন কৰা নাই। তাই কৰিলেও ব্যস্ততাৰ অজুহাতত ফোনটো কাটি দিয়ে সি! তাই আকৌ সেই বিশেষ প্ৰফাইলটো খুলি চায়, ‘Add friend’ বুলি অহা ক’লা আখৰকেইটাই ভেঙুচালি কৰা যেন লাগিল তাইৰ। অহ! তাৰমানে তেওঁ তাইক পুনৰ গ্ৰহণ নকৰিলে।
সৰু, বগাছালৰ কণমানিটোৰ সিফালে শুই থকা মিঠাবৰণীয়া কিশোৰ পুত্ৰলৈ চালে তাই। তাই আজিহে মন কৰিলে, তাৰ মুখখন ইমান কৰুণ। দেউতাকক ইমান ভাল পাইছিল সি। মাককো ভাল পায় কাৰণেই সি দেউতাককো যে ভাল পাই কথাটো গাপ দি পেলাইছিল ছাগৈ। নতুন জীৱনৰ ৰং-ৰহইচত ডুব যাওঁতে তাইও পাহৰি থাকিল কথাটো। আৰু সেই যে পাহৰিলে, মাকজনী হৈ কেতিয়াও তাৰ মুখখন পুনৰ পঢ়িবলৈ চেষ্টা নকৰিলে। মনটো গধুৰ হৈ পৰিল তাইৰ।

তাই শোওঁ বুলি ভালকৈ বিছনাত বাগৰ দিয়াৰ লগে লগে সৰু ল’ৰাটোৰৱে কুৰুকি কুৰুকি তাইৰ বুকুত সোমালেহি… আৰু লগে লগে ডাঙৰ পুত্ৰই তাৰ পিঠিৰ ফালে দিয়া গাৰুটোত ভৰি উঠাই তাইৰ ফালে পিঠি দি বাগৰ সলালে। ডাঙৰ বিছনাখনৰ ৰাজনীশ থাকিলে শোৱা ,তাইৰ কাষৰ খালি ঠাইডোখৰত হাত বুলাই থাকিল তাই; ইমান খালী! টিঙিচকৈ খং এটা উঠি আহিল তাইৰ ৰাজনীশৰ প্ৰতি। কি বুলি ভাবিছে সি তাইক? মন গ’লেই বিচাৰিব, মন গ’লেই নেওচি যাব? নালাগে, সি ঘুৰি নাহিলেও হ’ব তাইৰ ওচৰলৈ।

ডাঙৰ ল’ৰাটোলৈ চালে তাই, আজিকালি সিও একো ঠেহ-পেচ নধৰা হ’ল তাইৰ ওচৰত। যি ক’য় তাই একে আষাৰতে মানি ল’য়। দুই পুত্ৰৰ মাজত হোৱা কাজিয়াত সদায় সৰুটোৰ পক্ষ লৈ আহিছে তাই। সি যে কোনো দিন একো আপত্তি নকৰাকৈ নিজৰ দোষ মানি ল’য়! সিও নিজৰ মাকৰ পৰা একো নিবিচৰা হ’লনে? কোনেও নেদেখাকৈ লুকুৱাই থোৱা বৰপুত্ৰৰ বুকুৰ ৰিক্ততাৰ উমান তাই আজি কালি অনুভৱ কৰিব পৰা হৈছে। ৰাজনীশে নতুনকৈ তাৰ অফিচত কাম কৰা জয়শ্ৰী বুলি ছোৱালীজনীৰ সৈতে ঘুৰি ফুৰা হৈছে। কণমানিটোক সি তাইৰ কাষৰ পৰা কাঢ়ি নিয়ে যদি তাই কেনেকৈ জীয়াই থাকিব! যাৰ বুকুৰ পৰা বৰপুত্ৰক কাঢ়ি আনি নতুন সংসাৰখনত সজাইছিলেহি তেওঁৰ কথা ভবাৰোতো প্ৰয়োজন ীয়তা অনুভৱ কৰা নাছিল ইমান দিনে। ৰাজনীশে কিয় ভাবিবনো? দিনে দিনে ল’ৰাটোৰ বাঢ়ি অহা শৰীৰটো সেই বিশেষ প্ৰফাইল ফটোৰ অৱয়বত বিলীন হোৱা দেখিলে আকৌ অজস্ৰ বিছা তাইৰ স্থূলকায় দেহটোলৈ বগুৱা বাই আহে!

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক