বিজু হঠাত্‍ (জ্যোতিময় শৰ্মা)

এদিন চহৰ খনত মৃদু গুণগুননি……… “ বিজু বোলে পাগল হ’!”  “ বিজুৰ তাৰ চিগিল….!” “ দেখাতটো ঠিকেই আছিল, বিজুৰ চাৰ্কিট উৰি গ’ল বোলে!” অকনমান বিজু সম্পৰ্কে কৈ লও দেই| বিজু এক আজব চৰিত্ৰ| ঘৰ ক’ত কোনেও নাজানে! কৰে কি কোনেও নাজানে! থাকে চহৰৰ আটাইতকৈ বেছি ভাড়াঘৰ থকা মহাকৃপন ডিম্ব শৰ্মা ৰ ভাড়াঘৰত| ঘৰ বুলি ক’লে ভুল হব, এটা সৰু কোঠা| দুযোৰমান কাপোৰ, এটা প্ৰাচীন ষ্টভ, এটা চচপেন, এটা কেৰাহী, এটা গিলাচ, এখন কাহী….. এনেকুৱা দুপদমান বস্তুৰে ভৰপুৰ বিজুৰ কোঠা| এখন বেৰত মনীষা কৈৰালাৰ এখন ডাঙৰ পোষ্টাৰ| পোষ্টাৰৰ তলত ধূপ জ্বলোৱা ব্যৱস্থা এটাও আছে! কি ৰান্ধে , কি খায় কোনেও নাজানে! ৰাতিপূৱাই বিজু ওলাই যায়, দোভাগ নিশা ঘুৰি আহে| বিজুৰ কোঠাৰ পৰা কোনোদিন ভাহি নাহে আলু ভাজি অথবা তেল মৰা দাইলৰ ফুৰফুৰীয়া গোন্ধ! দোভাগ নিশা বিজু যেতিয়া উভটি আহে ডিম্ব শৰ্মাৰ চৌহদত কোনো সাৰে নাথকে| সাৰে থাকে শৰ্মাৰ পোহনীয়া কুকুৰ টমী| সিয়েই থৰক বৰক খোজেৰে ঘৰ সোমোৱা বিজুক সম্ভাষন জনায়…………..ভেও ও ও ও….! কবি সন্মিলন, গ্ৰাহক সজাগতা শিবিৰ, নদীবান্ধ বিৰোধী সমদল, আন্তৰ্জাতিক তিমি মাছ সংৰক্ষণ দিবস, নাৰী সৱলীকৰন সভা……….ইত্যাদি সকলো অনুষ্ঠানতে বিজুৱে আগ্ৰহেৰে অংশগ্ৰহন কৰে| দুবছৰমান আগতে চহৰত আয়োজন কৰা যোগাসনৰ এটা শিবিৰতো বিজুৱে মস্ত বেজ এটা পিন্ধি ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰি থকা বহুতে দেখিছিল! বিজুৰ তাৰ চিগা কথালৈ আহিছো……! চাৰি মাহৰ ভাড়া বাকী! শৰ্মাৰ পুৰা টেনচন! বিজুক কৈ কৈ ভাগৰি গৈছে| বিজুৰ এটাই উত্তৰ… “ মোটা পইচা এটা পাব আছে, পালেই দি দিম!” পাঁচ মাহ পাৰ হ’ল, বিজুৰ “মোটা পইচা” ওলোৱা নাই! সাত মাহ পাৰ হ’ল….. শৰ্মাই বিজুক লগেই নোপোৱা হ’ল! বিজু ব্ৰহ্মপুৱাতে ওলাই যায়! ৰাতি যেতিয়া বিজু সোমাইহি শৰ্মাৰ চৌহদত কোনো সাৰে নাথাকে| থাকে একমাত্ৰ টমি| সিয়েই বিজুক মাত লগায়….. ভেও ও ও ও……ও! আঠ মাহ পাৰ হ’ল! শৰ্মাৰ ধৈৰ্য্য হেৰাই গ’ল| এদিন ব্ৰহ্মপুৱাতে উঠি বিজুৰ দুৱাৰমুখত বহি ললে| পাঁচ মান বজাত বিজুৰ দুৱাৰত টোকৰ দিলে| বিজুৰ সাৰ-সুৰ নাই| ছয় বাজিল….. বিজু উ

ঠাই নাই! সাত বজাত শৰ্মাই দুৱাৰত ঢকিয়ালে! “ বিজু….! হেৰা বিজু….! উঠাহে! বিজু…….!” প্ৰায় পোন্ধৰ মিনিট মান পিচত বিজুৱে দুৱাৰ খুলিলে| থিয় থিয় চুলি, ৰঙা চকু, উদভ্ৰান্ত চাৱনী! শৰ্মাৰ চকুৰ পিনে চাই বিজু স্থিৰ হৈ ৰ’ল| বিজুৱে যোৱা আঠ মাহৰ ভাড়া নিদিয়াৰ বাবে যে শৰ্মাৰ কিমান অসুবিধা হৈছে তাকে শৰ্মাই বুজালে আৰু লগতে ভাড়াখিনি যে তেওক লগে লগে লাগিব তাকো বুজাই ক’লে| বিজু নিৰ্বিকাৰ! শৰ্মাই অনৰ্গল কথা কৈ আছে…….! বিজু নিৰ্বিকাৰ! এটা সময়ত অধৈৰ্য্য হৈ শৰ্মাই আটাহ পাৰিলে… “ মই কি কৈ আছো বুজিছা নে?” উদভ্ৰান্ত চাৱনীসহ বিজুৱে সুধিলে….. “ হা আ আ আ আ …আ?” “ তুমি জানা নে মইে তোমাক এতিয়াই ইয়াৰ পৰা উলিয়াই দিব পাৰো! জানা নে নাই?” শৰ্মাৰ আটাহ! “হা আ আ আ আ ..আ” বিজুৰ এয়া প্ৰশ্ন নে উত্তৰ শৰ্মাই বুজি নাপালে| শৰ্মানী আহিল| বিজুক মৰমেৰে ভাড়া যে দিব লাগে কথাটো বুজালে| আন আন ভাড়াতীয়াও আহিল| পুতুককৈ গৈ শৰ্মাই প্ৰেচাৰৰ টেবলেট টো খাই আহিল| চবেই বিজুক কিবাকিবি কৈ আছে| বিজুৰ কিন্তু কোনো পৰিবৰ্তন নাই| প্ৰশ্নবোধক চাৱনীৰে সকলোৰে পিনে চাই আছে আৰু মাজে মাজে কৈ/সুধি আছে…. “হা আ আ আ …আ!” আধা ঘন্টা মানৰ ভিতৰত এটা কথা পৰিস্কাৰ হ’ল যে বিজুৱে কাকো চিনি পোৱা নাই আৰু এটাও কথা বুজি পোৱা নাই! সকলো প্ৰশ্ন, সকলো কথাৰ এটাই উত্তৰ, মুখখন যিমান পাৰে বহলকৈ মেলি….. “হা আ আ আ …আ” !!!! ভাড়াতীয়া মজুমদাৰে সুধিলে… “ মই কোন কোৱাছোন বিজু|” “ হা আ আ আ…আ” বিজুৰ উত্তৰ! কোনোবা এজনে টমীক চোচোৰাই আনি বিজুৰ সমুখ পোৱালেহি| সুধিলে.. “ এইটো কোন কোৱাছোন বিজু|” বিজুৰ মুখখন আৰু বেচি মেল খাই গ’ল…. “ হা আ আ আ আ…আ” লগে লগে টমীয়ে বিজুৰ মুখলৈ চাই চিঞৰিলে….. “ ভেও ও ও ও …ও!” “বিজুৱে কাকো চিনি নাপায় আৰু একো কবও নোৱাৰে!”- কথাটো গোটেই চহৰতে বিয়পি পৰিল! অনেক মানুহো গোট খালে| বিজুক চহৰৰ এজন বিখ্যাত ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ’ল| বহু সময় চাই চিন্তি ডাক্তৰে এসোপামান দৰব লিখি দি ক’লে.. “ অত্যাধিক মানসিক চাপৰ বাবে এনে হৈছে| ঠিক হৈ যাব| এখেতক জিৰনীৰ প্ৰয়োজন| খোৱা বোৱাত যত্ন লব লাগিব| পাৰিলে এবাৰ গুৱাহাটীত……..|” বিজু আহি ভাড়াঘৰ পালেহি| শৰ্মা, অন্য ভাড়াতীয়া আটায়ে বিজুৰ খা-খবৰ লৈ আছে| খোৱা বোৱাৰ চিন্তা নাই! সকলো সময়মতে আহি আছে| শৰ্মাৰ পাকঘৰৰ পৰা যদি ভাত আহিছে,  অন্য ভাড়াতীয়াৰ পাকঘৰৰ পৰা আহিছে দাইল, তৰকাৰী, ভাজি| মাজে মাজে গাখীৰ, দৈ! বিজু আজি কালি পুৱাই ওলায় নাযায়ো| দহমান বজাত এবাৰ ওলায় যায়, দেড়মান বজাত আকৌ সোমাইহি! খোৱা বোৱাৰ চিন্তা নাই|চব ঠিকেই চলি আছে| এমাহমান পাৰ হ’ল| বিজুৱে চৌহদৰ দুই এজনক মাত দিয়া আৰম্ভ কৰিছে| এদিন মজুমদাৰে সুধিলে… “ মই কোন কোৱাছোন!” লগে লগে বিজুৱে ক’লে “ আপুনি মজুমদাৰ দা!” খবৰ পায়েই শৰ্মা নৰলেই! চিধাই বিজুৰ কোঠা পালেগৈ| শৰ্মা: কি খবৰ বিজু? মইৰ কোন কোৱাচোন? বিজু: ভালেই দাদা, আপুনি শৰ্মা দা আকৌ! শৰ্মা: এইটো কি মাহ কোৱাচোন| বিজু: জুন মাহ| শৰ্মা: ইন্ডিয়াৰ ক্ৰিকেট টীমৰ কেপ্টেইন কোন? বিজু: ধোনী| শৰ্মাৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিল| লগতে অহা টমীৰ পিনে আঙুলিয়াই সুধিলে… “ এইটো কোন জানা নে?” বিজু: টমী আকৌ! পৰম সন্তুষ্টিৰে টমীয়ে বিজুৰ মুখলৈ চায় চিঞৰিলে….. “ ভেও ও ও ও ও..ও” শৰ্মা : বিজু, তোমাৰ যে আঠ মাহৰ ভাড়া দিবলৈ বাকী আছে পইিচাখিনি………! বিজু: হা আ আ আ আ আ .. আ! শৰ্মাৰ মুখৰ পৰা আৰ্তনাদ টাইপৰ কিবা এটা ওলায় আহিল| টমীয়ে চিঞৰিলে….. “ ভেও ও ও ও ও..ও!!!!”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments