বিজ্ঞানৰ আদিপাঠ ( প্ৰদীপ শইকীয়া )

বিজ্ঞান বা Science শব্দ টো শুনিলেই আমি কি ধাৰণা কৰো? মেধাবী ছাত্ৰ সকলে ডাক্তৰ, ইঞ্জীনিয়াৰ, বিজ্ঞানী হ’বলৈ পঢ়া এটা কঠিন বিষয়৷ আৰু কলা বা বানিজ্য মানেই কম মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সকলে পঢ়া কিছুমান বিষয়৷ আচলতে ই এক মাৰাত্মক ভুল ধাৰণা৷

কোনো এটা বিষয় কঠিন বা সহজ দুটা মুল কথাৰ ওপৰত মুলতঃ নিৰ্ভৰ কৰে৷

  1. ছাত্ৰ জনৰ মানসিকতা৷
  2. স্কুলত পঢ়োৱা বিষয় শিক্ষক সকলৰ শিক্ষা দিবপৰা গুণ তথা বিষয়ৰ ওপৰত পাৰদৰ্শিতা৷

এজন প্ৰকৃত পথ পদৰ্শক শিক্ষাগুৰুৰ প্ৰভাৱত এজন ছাত্ৰ প্ৰফেচনেল ভাষাবিদ বা ডাক্তৰ ইঞ্জিনিয়াৰ হ’ব পাৰে৷ ইয়াৰ বহু উদাহৰণ আছে৷ একেজন ছাত্ৰই এদিন ইংৰাজী বিষয় টোত সদায়ে ফেইল কৰাৰ পিচত বিষয় শিক্ষক জন বদলি হোৱাৰ পিচতে আন জন বিষয় শিক্ষকৰ গুণত সেই ইংৰাজী বিষয়ত এদিন গৈ নিজেও ইংৰাজী বিষয়ত পাৰদৰ্শী হোৱাৰ উদাহৰণ মোৰ জীৱনতেই দেখিলো৷

এতিয়া আহো মুল কথালৈ৷ বিজ্ঞান বিষয়টো আচলতে সাহিত্য, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান আদিৰ দৰেই এটা সাধাৰণ বিষয়৷ নিজৰ চাৰিওফালৰ পৰিবেশেই আচলতে একো একোটা বিজ্ঞানাগাৰ৷ এইকথাষাৰ বুজিব পৰা জনেই বৈজ্ঞানিক৷ সকলোৱে গছৰ পৰা আপেলটো মাটিত পৰা দেখিছিল, কিন্তু আইজাক নিউটনে নিজকে সুধিছিল ’ আপেলটো তললৈ নপৰি ওপৰলৈ কিয় ন’গল ’৷ সেই প্ৰশ্নটোৰ ফলতেই উদ্ভাৱন হ’ল মধ্যাকৰ্ষণ, মহাকৰ্ষণ সুত্ৰ সমূহ৷ আৰু সেই বাবেই নিউটন এজন বিজ্ঞানী৷

ছাত্ৰ ছাত্ৰী সকলে নিজৰ চাৰিওফালৰ পৰিবেষৰ সংঘটিত কাম বোৰক চলিত বা প্ৰচলিত বুলি মানি নলৈ যদি প্ৰতিটো কথাকে কিয়? বা কেনেকৈ? বুলি নিজৰ ভিতৰতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে তেতিয়াই এক বৈজ্ঞানীক সত্তাৰ জন্ম হ’ব৷ আৰু এবাৰ যদি নিজৰ ভিতৰতে এই কিয় বা কেনেকৈ ইয়াৰ উত্তৰ উলিয়াব পাৰে তেতিয়াই আচলতে সেইজন ছাত্ৰ বা ছাত্ৰীৰ ভিতৰত এজন বিজ্ঞানীৰ জন্ম ল’ব৷ বিজ্ঞান শব্দ টোৰ এয়াই আচল আভিধানিক অৰ্থ৷

এজন ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানৰ শিক্ষক এজন বিজ্ঞানী হ’ব নোৱাৰে যদিহে এওঁলোকে নিজকে প্ৰশ্ন কৰিব নাজানে৷ এওঁলোক একোজন বিভিন্ন বিষয়ৰ প্ৰফেচনেল৷ বিজ্ঞানী নহয়৷

বিজ্ঞান বিষয়টো আচলতে নিজকে নিজে প্ৰশ্ন কৰিব পৰা সকলৰ বাবে হে৷ কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি ইয়াক সহজে চাকৰি পোৱা, বেচি ধন উপাৰ্জন কৰিব পৰা আৰু অতি মেধা সম্পন্ন সকলৰ বিষয় বুলি গন্য কৰি আমাৰ সমাজ খনৰ এক অপূৰণীয় ক্ষতি কৰিছো৷

বৈজ্ঞানিক চিন্তা ধাৰাই অকল নিজৰ বাবে নহয় সমাজৰ বাবে ও সফলতা আনে৷ ইউৰোপৰ নৱজাগৰণ ইয়াৰ এক উদাহৰণ৷

আমাৰ CBSC, HSEC, আদিৰ দৰেই International baccalaureate ( IB ) এক শিক্ষা সংসদ৷ ইয়াৰ মুখ্য কাৰ্য্যলয় চুইজাৰলেণ্ডৰ৷ এটা কথা জানি আচৰিত হ’ব যে এই শিক্ষা সংসদৰ অধিনত11, 12 শ্ৰেনীত কলা, বিজ্ঞান, বানিজ্য, সংগীত, ৰ্আট, আদি যি বিষয়েই নপঢ়, Mathematics ল’বই লাগিব ( compulsory subject )৷ এওঁলোকৰ মতে গণিত শিক্ষাই মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰে৷ মানুহক ধনাত্মক চিন্তা কৰিবলৈ প্ৰেৰণা দিয়ে৷

এই ক্ষেত্ৰত আমাৰ বিদ্যালয় সমূহৰ বিজ্ঞান তথা গণিত বিষয় শিক্ষক সকলৰ এক গধুৰ দায়িত্ব আছে৷ কিন্তু অপ্ৰিয় সত্য যে 80/90% বিজ্ঞান শিক্ষকৰ নিজৰেই বৈজ্ঞানিক চিন্তা ধাৰণাৰ অভাব৷ এই সকলৰ ভুলৰ বাবেই এই অতি সহজ বিজ্ঞান বিষয়টো ছাত্ৰ ছাত্ৰী সকলৰ বাবে হৈ পৰি এক ভালুকৰ সাঙী৷

শেষত এটাই কথা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ক’ব বিচাৰোঁ ’’ বিজ্ঞানী মানেই মেধা নহয়, এটা কবিতা লিখিবলৈ যিমান কঠিন তাতকৈ বহু গুণে সহজ এটা বৈজ্ঞানীক বিশ্লেষণ ’৷ আহক আমাৰ বৈজ্ঞানিক চিন্তাধাৰাৰ উন্নিত কৰণেৰে আই অসম তথা মানবতাৰ উন্নিত কৰণত সহায়ৰ হাত আগবঢ়াও আৰু লগতে নিজৰ জীবন বাট মসৃণ কৰোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments