বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতা – কবীন্দ্ৰ কুমাৰ ডেকা

বিজ্ঞান বুলি ক’লে স্বাভাৱিকতেই ’ধৰ্ম’ আৰু ’কলা’ৰ বিপৰীত মেৰুত অৱস্থান কৰোৱাৰ ধাৰণাটো আচলতে এটা বিভ্ৰান্তিকৰ ধাৰণা৷ ধৰ্মীয় আচাৰ-অনুষ্ঠানত বিজ্ঞানসম্ভুত সম্পদ-সামগ্ৰীবোৰ নিৰ্দ্বিধাই ব্যৱহাৰ কৰাৰ সুচলতা লাভ কৰিও অথবা বিজ্ঞানপ্ৰসূত জ্ঞান আৰু কৌশলসমূহেৰে কলা বা শিল্পক সুন্দৰ ৰূপত বিকশিত কৰি তোলাত সুচলতা লাভ কৰিও, যুগে যুগে দেশে দেশে জনমানসত বিজ্ঞানৰ নামত নাক কোঁ‌চোৱা প্ৰবৃত্তিটোহে পোনছাটেই দেখা যায়৷ আচলতে, সম্পদ-সামগ্ৰী-কৌশলৰ ভিত্তিত বিজ্ঞানৰ প্ৰতি বিৰূপ ধাৰণা জনমানসত গঢ়ি উঠা নাই, এই বিৰূপ ধাৰণা গঢ়ি উঠিছে বিজ্ঞানৰ প্ৰমাণভিত্তিক সত্যসন্ধানৰ প্ৰণালীবদ্ধ অধ্যয়ন- নিৰীক্ষণ-পৰীক্ষণ আৰু সিদ্ধান্তৰ অনুশীলনে জানোচা মানুহৰ মনৰ পৰা ঈশ্বৰ, ধৰ্ম, ঐতিহ্য, পৰম্পৰা, কলা, কৃষ্টি আদিৰ প্ৰতি থকা বিশ্বাস- আস্থা-অনুভৱ-আবেগ-অনুৰাগৰ ভাৱনা খৰ্ব কৰি সমাজত বিশৃংখলা আৰু অৰাজকতাৰ সৃষ্টি কৰে —- এই শংকা-আশংকাতহে৷ বিজ্ঞানৰ ধাৰণাৰ সৈতে পৰিচিত নোহোৱা বহু অত্যাচাৰী স্বৈৰাচাৰী নিৰ্বোধ শাসকৰ হাতত নিৰীহ মানুহকে ধৰি সা-সম্পদ ধ্বংস কৰি বহু দেশ বা সমাজ বিপৰ্যস্ত কৰি তোলা বহু দৃষ্টান্ত ইতিহাসত আছে, সেইদৰে বহু ধূৰ্ত্ত লোকে ভণ্ডামিৰে নিজকে ঈশ্বৰ-ধৰ্ম-ন্যায়-নীতিৰ জ্ঞানেৰে পৰিপক্ব বুলি দেখুৱাই কুসংস্কাৰ-অন্ধবিশ্বাসত পতিয়ন নিয়াই বঞ্চনা-প্ৰবঞ্চনাৰ জাল পেলাই ৰজা-প্ৰজা সমন্বিতে জীয়াতু ভোগোৱা দৃষ্টান্তও অনেক আছে, তৎসত্ত্বেও সেই পীড়ন-নিপীড়ন-শোষণ-দমনৰ যাতনাক নিমিষতে পাহৰি সামগ্ৰিকভাৱে ’বিজ্ঞান’ক সমাজৰ বাবে অভিশাপ বুলি এটা নেতিবাচক ধাৰণা পোনছাটেই মনলৈ অহাৰ কাৰণটোৱেই হৈছে ’ধৰ্ম’ আৰু ’কলা’ৰ বিপৰীতে ’বিজ্ঞান’ক অৱস্থান কৰোৱা এচাম সংকীৰ্ণ মনৰ সুযোগ-সন্ধানী স্বাৰ্থপৰ ক্ষমতালোভী লোকৰ কৌশলগত জনপ্ৰভাৱহে; প্ৰকৃত ধৰ্মপৰায়ণ, ঈশ্বৰ-বিশ্বাসী, সৎ, জ্ঞানানুৰাগী, মানৱীয় অনুভূতিৰ ব্যক্তিয়ে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ নিমিত্তে সত্যৰ সন্ধানত অকৃত্ৰিম জিজ্ঞাসাৰে কৰা জ্ঞানৰ সাধনাক কেতিয়াও বেয়া পাব নোৱাৰে৷

আচলতে, ধৰ্ম, ঈশ্বৰ, কলা, সংস্কৃতিৰ বিৰোধ কৰাৰ প্ৰৱণতা লৈ বিজ্ঞানৰ চৰ্চা উদ্ভৱ হোৱা নাই; বৰং আমি লক্ষ্য কৰিব পাৰো যে ধৰ্মীয় দৰ্শনে ঈশ্বৰ বা প্ৰকৃতিৰ মাহাত্ম্য, শক্তি, বিশালতা আৰু ৰহস্যৰ দিশত যিমান দূৰলৈ ব্যাখ্যা কৰিলে, বিজ্ঞানেও সেই একেটা অনুভৱকে সমলৰূপে লৈ প্ৰমাণ-ভিত্তিক অনূশীলনেৰে তন্ন-তন্নকৈ ফঁ‌হিয়াই চাই দেখুৱালে যে, ঈশ্বৰ বা প্ৰকৃতি আমি ভাবিব পৰাতকৈও বহুগুণে বেছি মাহাত্ম্যপূৰ্ণ, শক্তিশালী, বিশাল, আৰু অননুমেয় ৰূপ-অৱৰূপেৰে ৰহস্যময়৷ সসাগৰা পৃথিৱী আৰু আকাশ-বতাহ জুৰি জড়-জীৱ সমন্বিতে প্ৰতিটো দৃশ্যময়-অদৃশ্যময় সত্তাৰ সৃষ্টিক লৈ, আৰু লগতে মানুহকে ধৰি সমস্ত জীৱকুলৰ বৈচিত্ৰ্যময় জীৱদ্দশাক লৈ, পৰম বিস্ময় আৰু জিজ্ঞাসাৰ তাড়নাৰে, সৃষ্টিকৰ্তা-পালনকৰ্তা-সংহাৰকৰ্তাৰ ৰূপত এক অনাদি-অনন্ত পৰম-শক্তিৰ সত্তাক ধৰ্মৰ জৰিয়তে মানুহে ‘ঈশ্বৰ’ নামত উপলব্ধি কৰি সেই পৰমব্ৰহ্ম ঈশ্বৰৰ সৃষ্টিসমূহৰ মাজত নিহিত থকা বৈচিত্ৰ্যময় ৰূপ-গুণ-শক্তি-চৰিত্ৰবোৰতো মহত্ত্ব অৰ্পণ কৰি প্ৰতিটো সত্তাতেই থাকিব পৰা একোটা অন্তৰ্নিহিত তাৎপৰ্যৰ সন্ধান বিচাৰি ‘ধৰ্ম’ আৰু ‘কলা’ৰ উন্মেষ ঘটাইছে, ঠিক একেটা সুৰতেই প্ৰকৃতিৰ প্ৰতি গভীৰ আস্থা-অনুৰাগ-আকৰ্ষণ-অনুভৱৰ তাড়না লৈ প্ৰকৃতিক বুজি উঠিবলৈ (প্ৰকৃতিক বুজিবলৈ যোৱা মানেইতো প্ৰকৃতিৰ মাধ্যমেৰে ‘ঈশ্বৰ’ক জনাৰ অনুসন্ধিৎসা৷ ) মানুহৰ মনত সত্যানুসন্ধানৰ দিশত ’যুক্তি আৰু প্ৰমাণ সম্বলিত অধ্যয়নৰ এক প্ৰণালীবদ্ধ ধাৰাৰ উন্মেষ ঘটিছে, যাক ’বিজ্ঞান’ নামেৰে নামকৰণ কৰা হৈছে৷ গতিকে ’ধৰ্ম’, ‘কলা’ আৰু ‘বিজ্ঞান’ বুলি তিনিওটাকে সুকীয়া পটভূমিত গঢ়িত পাৰস্পৰিক সামঞ্জস্যহীন জ্ঞানপন্থা বুলি ভাগ ভাগ কৰিব নোৱাৰি৷ প্ৰকৃতি আৰু জীৱনক লৈ উন্মেষ হোৱা চিন্তা-কল্পনা-অভিজ্ঞতা-উপলব্ধি-ধাৰণা-সিদ্ধান্তৰ বৌদ্ধিক চৰ্চা-অধ্যয়ন-পৰীক্ষণ আৰু প্ৰয়োগৰ ফলশ্ৰুতিত ধৰ্ম আৰু কলাৰ উদ্ভৱ যিদৰে মানুহৰ মন-মগজু-বিবেক-হৃদয়ৰ কৰ্ষণত সম্ভৱ হৈ উঠিছে, বিজ্ঞানো সেই একে ধৰণৰ কৰ্ষণৰ জৰিয়তে মানুহৰ দ্বাৰাই উদ্ভাৱিত হৈছে৷ মাথোঁ, ’ধৰ্ম’ আৰু ’বিজ্ঞান’ৰ যাত্ৰাপথৰ দিশটোহে পাৰস্পৰিক বিপৰীতমুখী; ধৰ্মই ঈশ্বৰৰ পৰা গতি আৰম্ভ কৰি জাগতিক বস্তুলৈ যাত্ৰা কৰিব খোজে আৰু বিজ্ঞানে জাগতিক বস্তুৰ পৰা গতি আৰম্ভ কৰি পৰোক্ষভাৱে ঈশ্বৰলৈ যাত্ৰা কৰিব খোজে৷ এই সন্দৰ্ভত এই দুই ক্ষেত্ৰৰ দুটা বিশেষ গুৰুত্বপূৰ্ণ উদ্দেশ্যও আছে, সেইটো হ’ল, ধৰ্মৰ লগত সমাজ- পৰিচালনাৰ এক দায়িত্বপূৰ্ণ উদ্দেশ্য নিহিত থকাৰ বিপৰীতে বিজ্ঞানৰ লগত সমাজ- পৰিচালনাৰ উদ্দেশ্য নিহিত নাথাকে৷

মানুহৰ চিন্তা, চেষ্টা, ইচ্ছা আৰু জ্ঞানে ঢুকি নোপোৱাকৈ জীৱনত লাভ কৰা সুখ-দুখৰ উপৰিও জন্ম-মৃত্যুৰ দৰে জীৱদ্দশাবোৰৰ কাৰণ সম্বন্ধে একো উৱাদিহ নোপোৱা আৰু বতাহ-পানী-ৰ’দ-বৰষুণ-পোহৰ-শব্দ-বিজুলী-বজ্ৰপাত-ভূমিকম্প-আগ্নেয়গিৰি-সূৰ্য-চন্দ্ৰ-শিল-মাটি-জুই আদিৰ বিচিত্ৰ ৰূপ-শক্তিৰ লগতে বিবিধ আকাৰ-আকৃতি-স্বভাৱ-প্ৰবৃত্তিৰ গছ-বন-প্ৰাণীৰ সৃষ্টিৰ তত্ত্ব সম্বন্ধে কোনো উৱাদিহ নোপোৱা পৰিস্থিতিত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ অস্তিত্ব থকাৰ ধাৰণা উদ্ভৱ হোৱাটোও মানুহৰ মগজুৰ ক্ৰমবিকাশৰেই ফল৷ অৰ্থাৎ, কাৰ্য আৰু কাৰণৰ সম্পৰ্ক বিচাৰ কৰাৰ চিন্তাটো প্ৰথমে ঈশ্বৰ-চিন্তাৰ মাধ্যমতে উদ্ৰেক হৈছিল৷ ইয়াৰ পাচতেই মানুহৰ মনলৈ অহা ধাৰণাটো হ’ল–যিহেতু মানুহৰ জীৱনকালছোৱাত পোৱা সুখ-দুখ, স্বাস্থ্য-ৰোগ, আয়ুসকে ধৰি বিভিন্ন ভোগ-দুৰ্ভোগবোৰ সকলো মানুহৰ জীৱনত একে ৰূপত দেখা নাযায়, নিশ্চয় ইয়াৰ অন্তৰালত প্ৰতিজন মানুহৰে জীৱনৰ দশা ভিন ভিন হোৱাৰ কাৰণ এটা নিশ্চয় থাকিব লাগিব৷ এই কাৰণটোৰ উঁ‌হ বিচাৰি উন্নততৰ মগজুৰ চিন্তাশীল ব্যক্তিসকলৰ মনলৈ আহিল পাপ-পুণ্যৰ ধাৰণা, আৰু মানুহে নিজৰ নিজৰ জীৱনত কৰা পাপ-পুণ্যৰ বিচাৰকৰ্তাও নিশ্চয় সেই পৰম-শক্তিৰ আধাৰ সৃষ্টিকৰ্তাই হ’ব— এই সিদ্ধান্তও থিৰাং কৰি উলিয়ালে৷

ঈশ্বৰক সৃষ্টিকৰ্তা আৰু বিচাৰকৰ্তাৰ ৰূপত প্ৰতিপন্ন কৰা এই ধাৰণাই মানুহক পাপ-পুণ্যৰ সন্দৰ্ভত সচেতন কৰি তুলি আসুৰিক আৰু পৈশাচিক প্ৰবৃত্তিৰ লোকসকলক সংযত কৰি ৰাখিবলৈ অতীতত বহু পৰিমাণে সফল হ’ব পৰা কাৰণেই আজিলৈকে মানুহৰ সমাজত মানৱীয় সংস্কৃতিৰ ধাৰাটো প্ৰবাহিত হৈ আহিছে৷ আসুৰিক বা হিংসুক স্বভাৱৰ লোকসকলৰ ক্ষেত্ৰত যদিহে দেখা গৈছিল ইহজীৱনত দুষ্কৰ্মৰ কুফল ভোগ কৰা নাই, তেন্তে এনে অৱশ্যম্ভাৱী ফললাভৰ স্থান আৰু সময় সম্বন্ধে চিন্তাৰ প্ৰসাৰ বাঢ়ি গৈ স্বৰ্গ-নৰক, ইহকাল-পৰকাল, ইহজন্ম-পৰজন্ম, জীৱাত্মা-পৰমাত্মা আদিৰ অস্তিত্বৰ ধাৰণাও মগজুত সোমাবলৈ ল’লে৷ আপাত দৃষ্টিত এয়া বিজ্ঞানসন্মত চিন্তাৰ বিপৰীতে কল্পনা-প্ৰসূত মগজুৰ দ্বাৰা উদ্ভুত এক ভাৱনা বুলি অভিহিত কৰিব খোজাটো আচলতে কিন্তু বিজ্ঞানসন্মত মানসিকতা নহয়৷ কিয়নো এই ভাৱনাই এফালে মানুহৰ চিন্তা-কল্পনা-ধাৰণা-ঔৎসুক্য আৰু জিজ্ঞাসাৰ দিশলৈ মগজুৰ ক্ৰমবিকাশৰ ধাৰাটো বোৱাই অনাত প্ৰথম গতিশক্তি প্ৰদান কৰিছিল, আৰু দ্বিতীয়তে সামাজিক শান্তি- শৃংখলা বৰ্তাই ৰাখি মানুহক ন্যায়-নৈতিকতা- সংযম- শিষ্টাচাৰ- সদ্ভাৱ-সম্প্ৰীতি-কলা-কৃষ্টিৰ অনুভৱৰ শিক্ষা-দীক্ষা-প্ৰেৰণা দি মানুহক ভালমতে জীয়াই থকাৰ মনোবল যোগাই শৃংখলাবদ্ধ সামাজিক জীৱনৰ মাধ্যমত মানৱ-প্ৰজাতিটোক ইতৰ প্ৰাণীৰ পৰ্যায়ৰ পৰা ফালৰি কাটি আনি সাংস্কৃতিক প্ৰাণীৰ ৰূপত গঢ় দি উঠাত সক্ৰিয় ভূমিকা ল’ব পাৰিছিল৷ এনেকৈয়ে ধৰ্মীয় দৰ্শনত আধ্যাত্মিক চিন্তাৰ সমান্তৰালভাৱে সমাজ-পৰিচালনাৰ উদ্দেশ্যেৰে সামাজিক-ৰাজনৈতিক চিন্তাৰ দিশবোৰো সংযোজিত হ’লহি৷ ’ধৰ্ম’ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থটোৰ সন্দৰ্ভত সেয়েহে কোৱা হয় – ‘যিয়ে সমাজ ধাৰণ কৰে, সেয়াই হ’ল ধৰ্ম৷’ সমাজ এখন ধৰি ৰাখিবলৈ হ’লে নিশ্চয়কৈ কিছুমান সুনিৰ্দিষ্ট বিধি-ৰীতি-কৌশল-ধাৰণা-আচাৰ-অনুষ্ঠান প্ৰস্তুত কৰি সেইবোৰৰ প্ৰতি বদ্ধমূল বিশ্বাস আৰোপ কৰাৰ লগতে, জনসাধাৰণক প্ৰভাৱিত- আকৰ্ষিত- নিয়ন্ত্ৰিত- বশীভুত কৰি ৰাখিবলৈ শাসন-প্ৰশাসন- দীক্ষা-দিকদৰ্শনৰ হেতুকে স্বাভাৱিকতেই এটা কৰ্তৃত্বশীল-নেতৃত্বশীল-ক্ষমতাধাৰী তথা গুৰুস্থানীয় শ্ৰেণীৰ প্ৰয়োজনো উপলব্ধ হৈ আহিল৷ যিহেতু আদিম অৱস্থাৰ পৰাই মানৱ-গোষ্ঠীসমূহে একোজন দলপতিৰ অধীনত পৰিচালিত আৰু নিয়ন্ত্ৰিত হৈ আহিয়েই নিজৰ গোষ্ঠীগত সামাজিক জীৱনৰ অভ্যাস গঢ়ি তুলিছে, গতিকে সমাজভুক্ত সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে সেই সহজাত প্ৰবৃত্তিৰে নিজেই উপলব্ধি কৰি আহিছে যে, তেওঁ‌লোকে একোজন সুদক্ষ দলপতিৰ শাসনৰ অধীনত শাসিত হৈ সামাজিক বান্ধোনৰ জৰিয়তে নিজৰ জৈৱনিক কৰ্ম-কৰ্তব্যসমূহ সম্পাদন কৰি যোৱাৰ লগতে উত্তৰোত্তৰ প্ৰজন্মৰ শান্তি-সুৰক্ষা-ভোগ-সমৃদ্ধিৰ পথ মুকলি কৰি ৰখাটোৱেই হৈছে ইহকাল-পৰকাল জুৰি ‘জীৱন’ বোলা এই সত্তাটোৰ অৰ্থ৷ গতিকে যিজন দলপতিয়ে নিজৰ শক্তি-সাম্যৰ্থ-সাহস-বীৰত্ব-ত্যাগ-সেৱা-ব্যক্তিত্ব-সিদ্ধান্তৰে জনসমাজত নেতৃত্ব-প্ৰভুত্ব- ৰাজত্বৰ দিশত নিজকে যোগ্য বুলি প্ৰতিপন্ন কৰিব পাৰে, সেইজনৰেই অনুগামী হৈ পৰে৷ এই ক্ষেত্ৰত, এজন দলপতিৰ শক্তি-সাম্যৰ্থক চেৰাই আন এজনেও দলপতিৰ আসনত অধিষ্ঠিত হ’ব পাৰিছিল আৰু জনসমাজেও সেই অনুৰূপে নতুন দলপতিৰ শাসনৰ অধীনত চলিবলৈ লৈছিল৷

এই কথাই প্ৰমাণ কৰে যে, সমাজ এখনত গৰিষ্ঠসংখ্যক সাধাৰণ মানুহে প্ৰজাৰ ৰূপত শাসিত হৈ থাকিবলৈকে বিচাৰি আহিছে যদিও, মুষ্টিমেয় সংখ্যক ব্যক্তিয়ে আকৌ শাসন-ক্ষমতা কুক্ষিগত কৰিবলৈ বা প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অথবা নেতৃত্ব প্ৰদান কৰাৰ মানসিকতাৰে স্বতঃপ্ৰণোদিতভাৱে উদ্বুদ্ধ হৈও আহিছে৷ এই ক্ষেত্ৰত কোনো এজন ব্যক্তিয়ে মানুহৰ কল্যাণ সাধনৰ উদ্দেশ্য লৈ জনগণক শাসন বা নেতৃত্ব দিয়াৰ প্ৰয়াস কৰিব পাৰে, আৰু কোনোজনে হয়তো নিজৰ স্বাৰ্থ-প্ৰবৃত্তি- ভোগ- লালসাৰ মনোকামনা চৰিতাৰ্থ কৰাৰ অভিসন্ধি লৈ জনগণক শাসন বা নেতৃত্ব দিয়াৰ চেষ্টা কৰিব পাৰে৷ এই কথা জনসাধাৰণে উপলব্ধি কৰিব পৰা হয় শাসনাধিস্থিত সময়ত শাসকে কৰা আচৰণৰ অভিজ্ঞতা লাভ কৰাৰ মাজেদি৷ নিজৰ হীন স্বাৰ্থ পূৰণৰ দুৰ্বাসনা লৈ শাসন-ক্ষমতা আজুৰি লোৱা এনে শাসকসকল স্বাভাৱিকতেই নিষ্ঠুৰ আৰু অবিবেচক হয় বাবে প্ৰজাসাধাৰণে ভয়ত ভজি থাকে, আৰু ভিতৰি ভিতৰি কোনো শক্তিশালী-প্ৰভাৱশালী বিপ্লৱী-বিদ্ৰোহী-সংস্কাৰক-উদ্ধাৰক নেতাৰ উত্থানলৈ অপেক্ষা কৰি থাকে৷ বিড়ম্বনাৰ কথাটো হ’ল, স্বাৰ্থপৰ-স্বেচ্ছাচাৰী প্ৰবৃত্তিৰ চতুৰ দলপতি বা শাসকে এই কথাটোও জানে যে, ভিন ভিন মাত্ৰা আৰু পৰিসৰৰ কিছু কিছু সুযোগ- সুবিধা- প্ৰলোভন- প্ৰতিশ্ৰুতি- সম্পদ- ক্ষমতা বিতৰণ কৰিব পাৰিলে এই জনসমাজৰ মাজতেই থকা বহু সুযোগ-সন্ধানী লোকক নিজৰ হাতৰ মুঠিত ধৰি ৰাখিব পাৰি৷ যশ, জনপ্ৰিয়তা, ধন, সম্পদ, সামাজিক প্ৰতিষ্ঠা আৰু প্ৰতিপত্তি, ভোগ-উপভোগৰ ক্ষেত্ৰত এটা জনসমষ্টিৰ ভিতৰত নিজৰ স্থানটো ঊৰ্ধত ৰখাৰ হেঁ‌পাহ বহুতৰেই থাকে৷ সেইয়া কোনো সম্ৰাটৰ বাবে বিশাল সাম্ৰাজ্যৰ প্ৰজাৰ ওপৰত থকা ঊৰ্ধতম আসনখনেই হওক, বা কোনো এজন চৰ্দাৰৰ বাবে দহ-বাৰজন মানুহৰ ওপৰত প্ৰয়োগ কৰিব পৰা ক্ষমতাৰ আসনখনেই হওক৷ কেইজনীমান দাসীৰ ওপৰত কৰ্তৃত্ব খটুৱাব পৰা প্ৰধান-দাসী জনীৰ মনতো গৰ্বভাৱৰ সন্তুষ্টি এটা থাকে, বিভাগ এটাৰ মুৰব্বীজনৰ মনতো গৰ্বৰ তৃপ্তি এটা থাকে, সেনাপতি এজনৰো সেনাবাহিনী এটাৰ ওপৰত খটুৱাব পৰা কৰ্তৃত্বৰ গৌৰৱ এটা থাকে৷ এনে কৰ্তৃত্বৰ আধাৰত নিজৰ শ্ৰম আৰু দায়িত্বৰ বোজা যিমানেই নহওক, এই মৰ্যাদাসুলভ গৰ্ববোধৰ তাড়ণাত নিজৰ ঊৰ্দ্ধতন পৰ্যায়ৰ ক্ষমতাশালী ব্যক্তিৰ আদেশ-আজ্ঞা-দিহা-পৰামৰ্শবোৰ পালন কৰি যাবলৈ সদা-তৎপৰ হৈ থাকে; আনকি ঊৰ্দ্ধতম মহলৰ পৰা ক্ৰমশঃ নিম্নতম মহললৈকে প্ৰতিজন সৰু-বৰ কলেৱৰৰ ক্ষমতাশীল ব্যক্তিয়ে ওপৰ খাপৰ ক্ষমতাধাৰীৰ গালি-গৰিহণা-শাস্তি-ষড়যন্ত্ৰক সহি যাবলৈ অভ্যস্ত হৈ পৰে, আৰু সেইদৰে তল খাপৰ ক্ষমতাশালীসকলক নিজৰ প্ৰয়োজন-ইচ্ছা-বিচাৰ অনুসাৰে শাস্তি-গৰিহণা-কষ্ট-যাতনা দি যাব পাৰে৷

অবাধ্য-নিৰ্বোধ-অশিষ্ট-কপট লোকৰ দ্বাৰা নিম্ন পৰ্যায়ৰ লোকৰ দ্বাৰা উচ্চ পৰ্যায়ৰ লোক একোজনো বিঘ্নিত-বিপৰ্যস্ত হোৱাৰ ব্যতিক্ৰমী ঘটনা বাদ দি, আৰু ন্যায়িক-যৌক্তিক দিশৰ কোনো ক্ষোভ-প্ৰতিবাদ-পদত্যাগৰ ব্যতিক্ৰমী ঘটনা বাদ দি, স্বাভাৱিকতেই এই ক্ষমতা-শৃংখলৰ ধাৰণাটোৱে শাসক এগৰাকীক নিজৰ বিশাল ক্ষমতাক হস্তগত কৰি ৰখাত যথেষ্ট সহায় কৰে৷ মৰ্যাদা-আভিজাত্য-প্ৰতিপত্তি আৰু ভোগৰ লালসা মানুহৰ যিমানেই নাথাকক, তাৰ মাত্ৰা আৰু পৰিসৰ সকলোৰে একে পৰ্যায়ৰ নহয়; সকলোৱে ৰজা হ’ব নোখোজে, সকলোৱে জমিদাৰ হ’ব নোখোজে, সকলোৱে মন্ত্ৰী হ’ব নোখোজে, সকলোৱে সদাগৰ হ’ব নোখোজে; গতিকে ভোগ-উপভোগ-খ্যাতি-প্ৰতিপত্তি-সম্পদ-সুযোগ-তৃপ্তি-অভিলাষৰ মাত্ৰা আৰু পৰিসৰো কম-বেছি হোৱাটো স্বাভাৱিক৷ প্ৰাশাসনিক ক্ষেত্ৰত অতিকৈ ফলপ্ৰসূ এই ক্ষমতা-কেন্দ্ৰিক শৃংখলটোৰ মাধ্যমত সু-শাসক এগৰাকীয়ে নিজৰ বিচক্ষণতাৰে প্ৰজাসাধাৰণৰ মাজৰ পৰাই যোগ্য ব্যক্তিক যোগ্য স্থানত অভিষিক্ত কৰি দেশ বা সমাজৰ মংগল সাধন কৰিব পাৰে, আৰু কু-শাসক এগৰাকীয়ে কুবুদ্ধিৰে নিজৰ নীচ স্বাৰ্থ বা চিন্তাক বাস্তৱায়িত কৰিবলৈ নিজৰ কামত অহা অসাধু ব্যক্তিক যথাস্থানত অভিষিক্ত কৰি দেশ বা সমাজৰ ক্ষতি সাধন কৰিব পাৰে৷

কথা হ’ল, ৰজা এগৰাকীৰ দ্বাৰা সু-শাসন আশা কৰিবলৈ হ’লে নিশ্চয়কৈ ৰজাগৰাকী হ’ব লাগিব বিদেশী আক্ৰমণকাৰীক ভীত-সন্ত্ৰস্ত কৰি ৰাখিব পৰাকৈ পৰাক্ৰমী বীৰ, আৰু আনফালে নিজ দেশৰ শান্তি-শৃংখলা, উন্নতি-সমৃদ্ধিৰ হকে প্ৰজাসাধাৰণক ন্যায়-নৈতিকতা-শ্ৰম-স্বাস্থ্য-গুণ-জ্ঞান-অৰ্হতা- নিষ্ঠা- বিদ্যা আৰু ৰাজসেৱাৰ যথানুৰূপ শিক্ষা-দীক্ষাৰে উপযুক্ত কৰি তোলাৰ বাবে নিজেই প্ৰথমে হৈ উঠিব লাগিব জ্ঞানী-গুণী-মেধাৱী-অনুভূতিশীল আৰু বিচাৰবোধসম্পন্ন ব্যক্তি৷ কিন্তু, ৰজা এগৰাকীক তেওঁ‌ৰ পাৰিষদবৰ্গ সহিতে, এনে ধৰণে গুণী-জ্ঞানী- নিৰোগী, বিচক্ষণ আৰু বিচাৰবোধসম্পন্ন ব্যক্তি ৰূপে গঢ়ি তোলাৰ দায়িত্ব কোনে ল’ব পাৰে, অথবা এনে ধৰণে সৰ্ববিশাৰদ কৰি নিজকে গঢ়ি তোলাৰ মাধ্যমটোৱেই কি হ’ব পাৰে৷ এই প্ৰয়োজনখিনি পূৰণ কৰিবলৈকে আগবাঢ়ি আহিছিল ঈশ্বৰ আৰু প্ৰকৃতিৰ শক্তি-ৰহস্য তথা মানুহক বিবিধ জৈৱনিক সমস্যা-সংকটৰ পৰা মুক্ত কৰাৰ চিন্তাৰে ধ্যানমগ্ন হৈ থকাৰ ফলশ্ৰুতিত নিৰ্গত হোৱা জ্ঞানৰাশিৰে পুষ্ট, বৌদ্ধিক দিশত উৎকৰ্ষিত এচাম জ্ঞানৰ সাধক, যি সকলৰ চিন্তা-ভাৱনা-কল্পনা-ধাৰণা-উপলব্ধি-মীমাংসা-আজ্ঞা-বচনবোৰৰ পটভূমিতেই ’ধৰ্ম’ৰ উদ্ভৱ হৈছিল; এই বিশাল জ্ঞান-ভাণ্ডাৰত ৰজা-প্ৰজা সমন্বিতে মানুহৰ জীৱনযাত্ৰাৰ সৈতে জড়িত প্ৰায় সমস্ত বিষয় তথা বিদ্যাবোৰ সন্নিবিষ্ট আছিল বাবে মানুহৰ দৃষ্টিত এই জ্ঞানগত দৰ্শনবোৰ স্বয়ংসম্পূৰ্ণ ৰূপত পৰম আস্থাৰ সমল হৈ উঠিবলৈ সক্ষম হৈছিল৷ ঈশ্বৰ বা দৈৱশক্তিসমূহৰ উপাসনা পদ্ধতিৰ পৰা সমৰ-কৌশললৈকে, উছৱ-আনন্দৰ পৰা ৰোগৰ নিৰাময়-বিধিলৈকে, আত্মাৰ জ্ঞানৰ পৰা যৌনজ্ঞানলৈকে, নীতিশিক্ষাৰ পৰা ৰাজদণ্ডৰ বিচাৰলৈকে, শৈক্ষিক জীৱনৰ পৰা গাৰ্হস্থ্য ধৰ্মলৈকে, ভক্তি-সদাচাৰৰ দীক্ষাৰ পৰা ৰাজমন্ত্ৰণালৈকে সকলো সাঙুৰি সকলোৰে বাবে প্ৰযোজ্য হোৱাকৈ বিধি-ৰীতি প্ৰণয়ন কৰা কাৰণে ধৰ্ম হৈ পৰিছিল সৰ্বজনগ্ৰাহ্য, আৰু এই অভ্যাসেই পুৰুষাণুক্ৰমে সহজাত ভাৱে এক সুগভীৰ আস্থা-আবেগ-অনুভূতি-অৱলম্বনৰ ভেটি হিচাবে ভৱিষ্যতলৈ প্ৰবাহিত হৈ থাকিল৷ আনকি, মানুহৰ ভিন ভিন বৃত্তি, কৰ্ম, ৰুচি, অভিলাষ, প্ৰবৃত্তি, চিন্তা, প্ৰতিভা আদিকো ধৰ্মই সাগ্ৰহে আদৰি লৈ ধৰ্মৰ ক্ষেত্ৰখনৰ ভিতৰলৈ আনি বিবিধ বিদ্যা-শ্ৰম-বৃত্তি- ব্যৱসায়- ৰস-ৰুচিৰ চৰ্চাত উৎসাহ যোগাইছিল৷ উদাহৰণস্বৰূপে, কোনোৱে যদি সুললিত কণ্ঠেৰে সুৱলা গীত গাব পাৰে, তেওঁ‌ক ঈশ্বৰ, উপাস্য দেৱ-দেৱী বা ধৰ্মৰ প্ৰতি আনুগত্যসূচক কথাৰে গীত গাই সংগীত-চৰ্চাত নিজৰ উৎকৰ্ষ সাধনত উৎসাহ দিয়া হৈছিল, কোনোৱে যদি কৃষিকৰ্মত পৰিশ্ৰম কৰি শস্য উৎপাদন কৰিব পাৰে, সেই কৃষিকৰ্ম বা শস্যসমূহতো ধৰ্মীয় কৃষ্টি-বিধি সাঙোৰ খুওৱাই কৃষকক শস্য-উৎপাদনৰ বাবে উৎসাহ যোগোৱা হৈছিল৷ এই আৰোপণ-ব্যৱস্থাৰ যুগমীয়া প্ৰভাৱ পৰাৰ ফলতেই আজিও প্ৰতিবিধ শ্ৰম, প্ৰতিবিধ সম্পদ, প্ৰতিটো বৃত্তি, প্ৰতিটো কৰ্ম, প্ৰতিটো কৌশলতেই ধৰ্মীয় ভাৱনাৰ চিন একোটা হ’লেও দেখা যায়৷

আচলতে সৰ্বসাধাৰণ মানুহৰ দৈনন্দিন জীৱন পাৰ হৈ আহিছে বিবিধ শাৰীৰিক শ্ৰম আৰু বৃত্তিৰ মাজেৰে, যিবোৰ শ্ৰম আৰু বৃত্তি মূলতঃ অভ্যাস আৰু জন্মগত প্ৰবণতাৰ ওপৰত অৱলম্বন কৰিয়েই গঢ়ি উঠিছিল৷ বৌদ্ধিক উৎকৰ্ষণৰ অনুশীলনৰ সৈতে জড়িত নোহোৱাৰ অভ্যাসে তেওঁ‌লোকৰ সমস্যা-সংকট-ৰোগ-শোক-বিপদ-বিপৰ্যয়ৰ কাৰণ আৰু কাৰক সম্পৰ্কে চিন্তা কৰিবলৈ নিজৰ মেধা আৰু উপলব্ধি খটুৱাই বৌদ্ধিক অনুশীলনৰ স্বতঃস্ফুৰ্ত স্পৃহাৰ ভাৱ জাগি উঠা নাছিল (বা এতিয়াও হয়তো জাগি উঠা নাই)৷ তাৰ বিপৰীতে, এই সমস্যা-সংকটৰ সমাধান আৰু ৰোগ-শোকৰ নিৰাময়ৰ হকে একোগৰাকী আস্থাভাজন জ্ঞানী ব্যক্তিৰ ওচৰত সকাতৰে শৰণাপন্ন হৈ নিজৰ নিজৰ সমস্যাবোৰৰ পৰা মুক্ত হোৱাৰ পথ বিচাৰিছিল৷ একেদৰে প্ৰকৃতি, ঈশ্বৰ, ভাগ্য, জীৱন, মৃত্যু, দুখ-সুখৰ ৰহস্য জানিবলৈ ইচ্ছা কৰিছিল যদিও এই বিষয়সমূহক কেন্দ্ৰ কৰি ভাৱনা-কল্পনা-নিৰীক্ষণ-পৰীক্ষণ-ধাৰণা-সিদ্ধান্ত ল’ব পৰাৰ মানসিকতাৰে বৌদ্ধিক অনুশীলনৰ বাবে সময় ব্যয় কৰিবলৈ ধৈৰ্য আৰু ধাউতিও নিজাববীয়াকৈ নাছিল৷ আচলতে, চিন্তা কৰাটোৱেই বহুতৰ বাবে অতি কষ্টদায়ক আছিল; কোনো এক কঠোৰ পৰিশ্ৰমৰ কাম সম্পন্ন কৰাৰ বাবেই হওক, অথবা হাই-কাজিয়া-যুঁ‌জ-বাগৰ কৰিবলৈকো কুণ্ঠাবোধ নকৰা একোজন লোকে চিন্তা-ধ্যান-অধ্যয়ন কৰি বহি থাকিবলৈ তথা জ্ঞান-যুক্তি-ৰস-ৰুচিৰ কথাবোৰ বুজি লোৱাত বৰ কষ্ট পাব পাৰে৷

এনে ক্ষেত্ৰত, সংসাৰ-জীৱন-প্ৰকৃতি-সৃষ্টি সন্দৰ্ভত নিজে জানিব খোজা কথাবোৰ, নিজৰ মনলৈ অহা প্ৰশ্নবোৰৰ সমিধান পাবলৈ কোনো অসাধাৰণ পৰ্যায়ৰ জ্ঞানী-গুণী-ওজস্বী-তেজস্বী ব্যক্তিৰ সন্ধান পায়, তেনেহ’লে পৰম স্বস্তিৰে সকাহ লাভ কৰি সেই দিকদৰ্শক ব্যক্তিগৰাকীৰ অনুগত বা অনুগামী হৈ পৰে৷ যিহেতু ’ধৰ্ম’ৰ মাধ্যমতেই মানুহে বিচাৰি ফুৰা সমস্ত সমস্যা আৰু জিজ্ঞাসাৰ সমাধান আৰু সমিধানবোৰ পাইছিল (সংশয়ৰ কথাবোৰ ইয়াত অপ্ৰাসংগিক), গতিকে ধৰ্মৰ তত্ত্বজ্ঞানেৰে জ্ঞানীসকলৰ সিদ্ধান্তত ৰজা-প্ৰজা নিৰ্বিশেষে সকলোৱে আস্বস্ত হৈ পৰিছিল৷ মানুহে দেখি অহা প্ৰাকৃতিক শক্তিবোৰৰ বিস্ময়কৰ লীলাবোৰ, পৰ্বত-সমুদ্ৰ-নদী-নিজৰাকে ধৰি বৈচিত্ৰ্যময় ভৌগোলিক অৱয়ববোৰ, প্ৰকৃতিৰ বুকুত থকা ভিন ভিন ৰূপ-গুণ-ৰং-স্বাদ-ঘ্ৰাণৰ পদাৰ্থবোৰ, ভিন্ন সুৰৰ ভিন্ন মাত্ৰাৰ শব্দবোৰ, ফল-ফুল-গছ-লতা-জীৱ-জন্তুকে ধৰি, জীৱন-মৰণৰ বিচিত্ৰ দশা-ঘটনা-অপঘটনাবোৰত মানুহে অলৌকিক শক্তিৰ অস্তিত্বক গভীৰভাৱে উপলব্ধি কৰি আহিছিল, আৰু সেই অনুৰূপে প্ৰতিটো বস্তু আৰু প্ৰতিটো ঘটনাৰ আঁ‌ৰত অলৌকিক শক্তিৰ হাত থকা বুলি নিশ্চিতভাৱে বিশ্বাস কৰি আহিছিল বাবে, এক পৰম অলৌকিক শক্তিৰ আধাৰস্বৰূপ ’ঈশ্বৰ’ বা ‘দৈৱশক্তিৰে বলীয়ান দেৱ-দেৱী’ বা আন অলৌকিক সত্তাসমূহৰ ব্যাখ্যাৰে আগবঢ়োৱা তত্ত্ব- মীমাংসাবোৰ মানুহৰ মন-মগজু-বিবেক আৰু হৃদয়ত শংকাহীনভাৱে দৃঢ়তম বিশ্বাসেৰে সংৰোপিত হৈছিল, আৰু সেয়েহে ’ঈশ্বৰ’, ’দৈৱশক্তি’, ভাগ্য, ’নিয়তি’ আদি সহকাৰে ’ধৰ্ম’ সম্পৰ্কে যিসকল তত্ত্বজ্ঞই জ্ঞান, আচাৰ-বিধি, বাণী, পৰামৰ্শ দিব পাৰে, সেই বৌদ্ধিক সাধনাৰে সিদ্ধ চিন্তানায়ক সকলক মানুহে সমাজ-পৰিচালনাৰ দিশত বৌদ্ধিক নেতৃত্ব দিয়াটো মানুহে নিতান্তই প্ৰয়োজন বুলি মানি লোৱাটো স্বাভাৱিক৷ সমাজৰ বৃহত্তৰ ৰূপ হিচাবে দেশ একোখনো যিহেতু এখন সমাজ, গতিকে ৰজা আৰু ৰাজনীতিতো ধৰ্মজ্ঞসকলেই মূল পৰিচালনাৰ দায়িত্বত আসীন হৈ পৰিল৷

উল্লেখযোগ্য যে, ধৰ্মই যদিও বিভিন্ন কাহিনী-আখ্যান-উপাখ্যান তথা ধৰ্মীয় আচাৰ-বিধিৰে ’ঈশ্বৰ’, ’দেৱ-দেৱী’ বা অন্যান্য সত্তাৰ অলৌকিক শক্তি তথা তুষ্ট-ৰুষ্ট হোৱাৰ আনুমানিক ব্যাখ্যা-সমিধানেৰে ভাৱবাদী দৰ্শনৰ ধাৰা এটি প্ৰৱৰ্তন কৰা যেন লাগে, তাৰ বিপৰীতে আকৌ ৰজা আৰু সৰ্বসাধাৰণৰ বাস্তৱ সমস্যা-সংকটৰ সমাধান তথা মানুহৰ জৈৱনিক প্ৰয়োজনৰ ক্ষেত্ৰত লগা বিবিধ কৰ্ম-কৌশল(কৃষি, পশুপালন, ৰন্ধন, বয়ন আদি), জৈৱিক প্ৰবৃত্তি (ক্ষুধা, তৃষ্ণা, নিদ্ৰা, মৈথুন আদি), স্বাস্থ্যৰক্ষাৰ বিধি(স্নান, প্ৰক্ষালন, পৰিচ্ছন্নতা, ৰোগৰ চিকিৎসা, ব্যায়াম, সৌন্দৰ্যচৰ্চা আদি), বৃত্তি-ব্যৱসায়-শিল্প-শ্ৰম( মৃণ্ময় শিল্প, বস্ত্ৰশিল্প, কৃষি, পশুপালন, লৌহশিল্প, স্বৰ্ণ-শিল্প, ক্ষৌৰকৰ্ম, স্থাপত্য, ভাস্কৰ্য, চিত্ৰ, সংগীত, বাণিজ্য আদি) ইত্যাদিকে ধৰি দেশৰ স্বাৰ্থত ৰজাৰ বাবে প্ৰয়োজনীয় ৰাজনৈতিক মন্ত্ৰণা, শাসন-নীতি, অৰ্থনীতিৰ পৰা সমৰ-বিদ্যালৈকে সাঙুৰি লৈছিল৷ ভিন্ন প্ৰবৃত্তি, কৰ্ম আৰু মানসিকতাৰ মানুহেৰে অধ্যুষিত এখন দেশ বা এখন সমাজক পৰিচালনা কৰিবলৈ দৰকাৰ হোৱা আটাইবোৰ উপাদানেৰে সংপৃক্ত এই ’ধৰ্ম’ৰ সমস্ত কথাবোৰ লিপিবদ্ধ আকাৰত সংৰক্ষণ কৰি থোৱা সুবৃহৎ ’ধৰ্মশাস্ত্ৰ’ত সেয়ে ভাৱবাদী চিন্তাধাৰা তথা বাহ্যিক আচাৰ-বিধিৰ বাহিৰেও ’ কলা’ আৰু ’বিজ্ঞান’ৰ বহু সমলেই সোমাই আছে৷ অন্য কথাৰ প্ৰসংগলৈ নগৈয়ো ক’ব পাৰি যে, ধৰ্মশাস্ত্ৰৰ লিপি, ছন্দ আদিবোৰ যদি কলা, তেন্তে চিয়াহী, পাত আদিৰ সন্ধান, নিৰ্মাণ-কৌশল, প্ৰয়োগ-কৌশলবোৰ ’বিজ্ঞান’ৰ পক্ষত থ’ব পাৰি৷ আচলতে, ধৰ্মৰ ধাৰণা উদ্ভুত হোৱাৰ সৌ প্ৰাচীন কালত ’বিজ্ঞান’ বুলি হয়তো আজিৰ বিজ্ঞানৰ অৰ্থসূচক বিজ্ঞান নামৰ শব্দটোৱেই নাছিল; আৰু সেই অনুৰূপে বিজ্ঞানৰ জ্ঞানো ধৰ্মৰ সৈতে একাকাৰ আছিল৷ ধৰ্ম-প্ৰৱৰ্তক বা সেই কালৰ ধৰ্মীয় চিন্তাৰ দাৰ্শনিকৰ লগত বিজ্ঞান বা বিজ্ঞানীৰ সৈতে দ্বন্দ্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব-বিৰোধ-বৈৰিতাৰ ঘটনাও শুনা নাযায়৷ ধৰ্মীয় দৰ্শনৰ সৈতে যিবোৰ দ্বন্দ্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব্ব-বিৰোধ-সংস্কাৰ-বৈৰিতা-সংঘাত-সংঘৰ্ষৰ ঘটনা ঘটিছে, তাৰ কাৰণ আৰু কাৰক হিচাবে অন্য ভিন্ন দৃষ্টিভংগীৰ ধৰ্মীয় দৰ্শনৰ সৈতেহে হৈছে৷

দ্বিতীয়তে, ঈশ্বৰ-বিশ্বাসক লৈ বিজ্ঞানৰ প্ৰতি যি শংকাৰ কথা কোৱা হয়, সেইয়াও শুদ্ধ বুলি ক’ব নোৱাৰি৷ ঈশ্বৰ-বিশ্বাসক আধাৰ নকৰি উদ্ভৱ হোৱা ধৰ্মও( বৌদ্ধ ধৰ্ম আদি) আছে৷ ঈশ্বৰ আৰু ধৰ্মৰ উপযোগিতাক অস্বীকাৰ কৰা দৰ্শনৰ ভিতৰত প্ৰাচীন যুগৰ চাৰ্বাক দৰ্শনৰ কথা হয়তো ক’ব পাৰি, কিন্তু চাৰ্বাক-দৰ্শনকতো বিজ্ঞান বোলা নাযায়৷ সেইদৰে আধুনিক যুগৰ ফালে মাৰ্ক্স- এংগেল্চ আদি দাৰ্শনিকৰ চিন্তাৰ আলমত গঢ় লোৱা সমাজবাদী-সাম্যবাদী অৰ্থনৈতিক দৰ্শনবোৰকো বিজ্ঞান বোলা নহয়৷ আচলতে, বিজ্ঞানৰ প্ৰতি ধৰ্মৰ ক্ষুব্ধ হোৱাৰ যি দৃষ্টান্ত মধ্যযুগীয়া ইউৰোপৰ ইতিহাসত পোৱা যায়, সেইয়া আছিল তদানীন্তন পোপৰ হিংসা-ষড়যন্ত্ৰৰ ঘটনা; লক্ষণীয় যে পোপগৰাকী বা তেওঁ‌ৰ দৰে ধৰ্মীয় নেতৃত্ব বহন কৰা কৰ্তৃপক্ষই নিজে ধৰ্ম প্ৰৱৰ্তন কৰা নাছিল, ধৰ্মশাস্ত্ৰও লিখা নাছিল অথবা ধৰ্মতত্ত্বৰ বিষয়ে বৌদ্ধিক অনুশীলন-পৰিশীলনতো ব্ৰতী হৈ থকা নাছিল; তেওঁ‌লোকে ধৰ্মৰ অৱলম্বনত ৰজাতকৈও প্ৰভাৱশালী নেতৃত্ব-কৰ্তৃত্বৰ ক্ষমতা লৈ শাসন বা ৰাজনৈতিক ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থতহে চল-বল-কৌশল প্ৰয়োগ কৰিছিল৷ ধৰ্মশাস্ত্ৰ বা ধৰ্মীয় দৰ্শনত থকা তাত্ত্বিক বিষয়বোৰৰ চৰ্চা-অধ্যয়নত লাগি থকাৰ স্পৃহা, মেধা আৰু অৱকাশ সকলোৰে নাথাকে, কিন্তু একান্ত আস্থা আৰু আনুগত্য থকা বাবে, ৰজা-প্ৰজাকে ধৰি শাসন আৰু সমাজৰ সৈতে জড়িত মানুহ-শ্ৰেণীয়ে পুৰোহিত-দীক্ষাগুৰু-শিক্ষাগুৰু হিচাবে এশ্ৰেণী বৌদ্ধিক ক্ষেত্ৰত চিন্তা-চৰ্চা-অধ্যয়ন কৰা ব্যক্তিৰ হাতত ধৰ্মীয় দিক-দৰ্শনৰ দায়িত্ব দি এক প্ৰকাৰে ৰজাৰ দৰে ক্ষমতা বা কৰ্তৃত্ব অৰ্পণ কৰাৰ ব্যৱস্থা এটা গঢ় দি লৈছিল৷ এনে ক্ষমতা বা কৰ্তৃত্বৰ সু-ব্যৱহাৰ কৰি এই বৌদ্ধিক গুৰুসকলেও ৰজা, দেশ আৰু মানুহৰ কল্যাণৰ অৰ্থে যথাবিহিত দিহা-মন্ত্ৰণা-আজ্ঞা-নিৰ্দেশনা-শিক্ষণ-প্ৰশিক্ষণ দিবলৈ নিজকে যোগ্য কৰি তুলিবলৈ সৰ্ব-বিশাৰদ হোৱাৰ উপৰিও মানুহৰ সেৱা কৰিবলৈ যথাসাধ্য ত্যাগ কৰিবলৈও নিজকে প্ৰস্তুত কৰি তুলিবলৈ যথেষ্ট সাধনাও কৰিছিল৷ কিন্তু ক্ষমতা আৰু একছেটিয়া প্ৰতিপত্তিৰ সুযোগে এনে কিছুমান লোকক এই ধৰ্মীয় কৰ্তৃত্বশীল শ্ৰেণীটোত সোমাই পৰিবলৈ লালায়িত কৰিলে, যিসকলে জনসাধাৰণৰ আস্থা-বিশ্বাসৰ সুযোগ লৈ জ্ঞান আৰু বিধিৰ নামত কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিয়পাই নিজৰ ভোগ-স্বাৰ্থ-প্ৰবৃত্তিৰ উদ্দেশ্যে ধৰ্মক ব্যৱহাৰ কৰিব ধৰিলে৷ ধৰ্মশাস্ত্ৰৰ জটিল তত্ত্ববোৰত মূৰ ঘমাই থকাৰ প্ৰয়োজনো এনেকৈ ক্ৰমশঃ কমি আহিল; অলৌকিক কথা-কাণ্ডৰ ওপৰত সহজে বিশ্বাস জন্মা প্ৰৱণতাটো জনসাধাৰণৰ এক স্বাভাৱিক প্ৰবৃত্তি বাবে, ধৰ্মৰ নৈতিক-আনুভুতিক- কলাত্মক তথা বিজ্ঞানসন্মত বৌদ্ধিক-সাংস্কৃতিক অংশবোৰ বাদ দি যেয়ে যিমান পাৰে নিজৰ চাতুৰ্য- কৌশলেৰে কৃত্ৰিম বিধি-বিশ্বাস-বিধান-সংজ্ঞা আৰোপ কৰি ধৰ্মৰ নামত শোষণ কৰিবলৈ লৈছিল৷

এনে কুপ্ৰভাৱৰ ফলতেই, ভাৰতবৰ্ষৰ দৰে জ্ঞানসমৃদ্ধ দেশখনকো সময়ে সময়ে কলংকিত নকৰাকৈ থকা নাই৷ বিশেষকৈ মধ্যযুগৰ সেই কুসংস্কাৰ-অন্ধবিশ্বাস-অনাচাৰ-অবিচাৰৰেৰে ভৰা সময়ছোৱাত দেশৰ মানুহে দেশৰ মানুহকে ঠগ-প্ৰবঞ্চনা কৰি লুটি-পুতি খোৱাৰ পৰা বিদ্বেষ-বিভাজনেৰে সামাজিক বিশৃংখলাৰ সৃষ্টি কৰাত যি অজ্ঞতা-মূঢ়তা-অযুক্তি-অমানৱীয়তাৰ কদৰ্য পৰিবেশ তৈয়াৰ হৈছিল, তাৰ বাবে ধৰ্মৰ সুযোগ ল’ব পৰা পৰিস্থিতিৰ বাবে ধৰ্মও কলংকিত হৈ পৰিছিল; জ্ঞানবিৰাগী ধূৰ্ত আৰু নিৰ্দয় লোকৰ দ্বাৰা ধৰ্মৰ নেতৃত্ব লোৱাৰ মাধ্যমেৰে সমাজক বিপথে পৰিচালনা কৰাৰ কুফল হিচাবে এফালে দেশখন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত, ক্ষুদ্ৰ ক্ষুদ্ৰ ধৰ্মীয় উপপন্থাত, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-সম্প্ৰদায়ত বিভক্ত হৈ বিদেশী আক্ৰমণকাৰী, শোষণকাৰীৰ বাবে সহজলভ্য চিকাৰ হোৱাৰ ফান্দত ভৰিতো দিলেই, আনহাতে ব্ৰহ্মগুপ্ত, আৰ্যভট্ট, ভাস্কৰাচাৰ্য, যাজ্ঞবল্ক্য, ভৰদ্বাজ, চৰক, শুশ্ৰুত, কালিদাস, বাৎসায়ন, চাণক্য, বিক্ৰমাদিত্য আদি বিবিধ দিশৰ মেধাৱী-মনীষী সকলৰ পৰিচয় পাহৰি পাশ্চাত্যৰ চকুত লাজ লগাকৈ বিদ্যাহীন দেশ হিচাবে পৰিচিত হ’ব লগা হৈছিল৷ যি হিন্দু-আৰৱীয় পদ্ধতিৰ ভেটিত গাণিতিক সমাধানবোৰ সম্পন্ন হোৱাৰ সুবাদতেই সমগ্ৰ বিশ্বতেই হিন্দু-আৰৱীয় পদ্ধতিৰ সাংখ্যিক ধাৰণাটো প্ৰৱৰ্তিত হ’ল, সেয়াও ভাৰতীয়ক মনত কৰাই দিব লগা হ’ল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা দিগ্বিজয়ৰ উদ্ধেশ্যে আহি শাসনভাৰ লোৱা ইংৰাজসকলেহে৷

কোনো অমানৱীয় বা অমংগলজনক চিন্তা বা কাম নকৰাকৈ মাথো সত্যৰ সন্ধানৰ স্পৃহাত জ্ঞানৰ সাধনা কৰা বহু প্ৰতিভাশালী বিজ্ঞানী-গণিতজ্ঞই ধৰ্মীয় আক্ৰোশৰ বলি হৈ নিৰ্যাতিত হৈছিল যদিও বিজ্ঞান-বিজ্ঞানীৰ দ্বাৰা ধৰ্মৰ বিৰুদ্ধে অভিযান চলোৱা নাই; ইয়াৰ কাৰণ হ’ল বিজ্ঞান কোনো দলীয় বা সামাজিক পন্থা নহয়; হয়তো ’ধৰ্ম’, ঈশ্বৰ, ইতিহাস, পৰম্পৰা, বিশ্বাস, আবেগ, অনুভূতি আদিও বিজ্ঞানৰ চৰ্চা-অধ্যয়ন-গৱেষণাৰ গুৰুত্বপূৰ্ণ সমল হৈ উঠিব পাৰে৷ পাশ্চাত্য জগতখনত ’ধৰ্মযুদ্ধ’, ফৰাচী বিপ্লৱ, শ্ৰেণী-সংঘাত, ফেচীবাদী-একনায়কত্ববাদী শাসন, ইহুদী-হত্যা, জাতি-সংঘৰ্ষ, বিশ্বযুদ্ধৰ সূচনাকে ধৰি বহু যাতনাময়, হিংসাত্মক, শোকাবহ ঘটনা-অপঘটনাৰ মাজৰ পৰা জাৰি-জোকাৰি বিজ্ঞানৰ পথটোকেই জ্ঞানৰ সমল-সম্ভাৱনা-উৎকৰ্ষ- উপযোগিতা আৰু প্ৰগতিৰ উৎকৃষ্ট পথ বুলি গভীৰভাৱে উপলব্ধি কৰি বৃটিছসকলে নিজৰ বিশ্বজোৰা সাম্ৰাজ্যৰ অধিপতি হৈ এফালে যদিও সাম্ৰাজ্যবাদী, ঔপনিবেশবাদী, আক্ৰমণকাৰী, অৰ্থনৈতিক শোষণকাৰী আদিৰ পৰিচয়েৰে কুখ্যাতি আৰ্জিলে, আনফালে বিশ্বৰ দেশসমূহৰ নাগৰিকক জাতীয়তাবোধৰ ভাৱনাৰে উদ্বুদ্ধ কৰি তুলি নিজ নিজ দেশক উন্নতি-সমৃদ্ধিৰ সপোন দেখুৱাবলৈও পৰোক্ষভাৱে উদগাই তুলিলে৷

এই উদ্গনিৰ এটা বিশেষ দিশ হৈছে বিজ্ঞানৰ প্ৰভাৱ আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে জ্ঞানৰ অনুশীলন কৰাৰ বাবে প্ৰেৰণা যোগোৱা৷ জ্ঞানৰ অনুৰাগ লৈ ইংৰাজসকলে পৃথিৱীৰ প্ৰতিখন দেশ, প্ৰতিখন ৰাজ্য, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো ভাষাৰ মাজত মেধাৱী-অনুভৱী-বিচক্ষণ-দূৰদৰ্শী-চিন্তাবিদ-পৰিশ্ৰমী-ৰুচিবোধসম্পন্ন-সৌন্দৰ্যপিয়াসী-শিক্ষানুৰাগী ব্যক্তিৰ সন্ধান কৰি ফুৰিছিল৷ এই ক্ষেত্ৰত স্বদেশ, স্বজাতি আৰু নিজৰ মাতৃভাষাৰ গৌৰৱ উদ্ভাসিত কৰাৰ বাবে ইংল্যাণ্ড, ইংৰাজ জাতি আৰু ইংৰাজী ভাষাৰ কৃতবিদ্য কবি-নাট্যকাৰ- শিল্পী-দাৰ্শনিক-বিজ্ঞানী-গণিতজ্ঞৰ পৰা সুদক্ষ নাবিক-যোদ্ধা-প্ৰশাসক-সমাজসেৱীলৈকে বৰেণ্যসকলক বিশ্বত পৰিচয় কৰি দিও পৰোক্ষভাৱে অন্যান্য দেশৰ শাসক-নাগৰিককো নিজ নিজ দেশৰ মহান ব্যক্তিসকলৰ গুণগ্ৰাহী হ’বলৈও উৎসাহিত কৰি তুলিলে৷ আন্তৰ্জাতিক ভাষা হিচাবে ইংৰাজী ভাষাক প্ৰতিস্থিত কৰাই বিশ্বৰ দেশ, জাতি আৰু ভাষাসমূহৰ পাৰস্পৰিক সংযোগ ঘটাই সামগ্ৰিক ভাৱে সকলোকে সকলোৰে ইতিবাচক ধ্যান-ধাৰণা-সমল-কৌশলসমূহৰ বাৰ্তা যোগান ধৰি সম্ভাৱনাময় আধুনিক যুগটোৰ সূচনা কৰিলে৷ জ্ঞান আহৰণৰ ক্ষেত্ৰত ’বিজ্ঞান’ নামৰ এই প্ৰণালীবদ্ধ অধ্যয়নৰ ধাৰাটোৰ প্ৰভাৱত, বিজ্ঞান অকল পদাৰ্থ-বিজ্ঞান, ৰসায়ন-বিজ্ঞান, প্ৰাণী-বিজ্ঞান, উদ্ভিদ-বিজ্ঞান, চিকিৎসা-বিজ্ঞান, অভিযান্ত্ৰিক-বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান আদি বিজ্ঞান-বিষয়ক পাঠসমূহৰ সূত্ৰ-সংজ্ঞা-পৰীক্ষা-তত্ত্ব-তথ্য-সিদ্ধান্ত হৈ নাথাকিল, বৰং যিকোনো বিষয়ৰে ’বিশেষ জ্ঞান’ হিচাবে ক্ৰমশঃ আজি উল্লিখিত হ’ব ধৰিছে ৰাজনীতি-বিজ্ঞান, অৰ্থনীতি-বিজ্ঞান, ভাষা-বিজ্ঞান, মনোবিজ্ঞান, যৌন-বিজ্ঞান, গাৰ্হস্থ্য- বিজ্ঞান, পৰিবেশ-বিজ্ঞান ইত্যাদি ইত্যাদি৷

আনকি সংগীত, সাহিত্য, চিত্ৰকলা, নৃত্যকলা, কাৰুকলা আদিৰ সুসংহত জ্ঞানৰ বাবে প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মত অধ্যয়নক আদৰি লোৱা হৈছে৷ বিজ্ঞানে অনা এই বৌদ্ধিক-সাংস্কৃতিক উত্তৰণৰ ফলত ধৰ্মত নিহিত থকা বহু তত্ত্বৰ সত্যতা বিজ্ঞানৰ আলমত বিচৰাৰ মানসিকতা জাগি উঠাৰ বাহিৰেও ধৰ্মক চানি ধৰা অযুক্তিকৰ অমানৱীয় প্ৰলেপবোৰো ঘঁ‌হি-পিহি উঠাই দিয়াৰ প্ৰয়াস কৰাৰ চিন্তাৰে আধুনিক যুগৰ সূচনাকালত সমাজ-সংস্কাৰকসকলেও আগবাঢ়ি আহিছিল৷

হিৰোচিমা-নাগাচাকিত পেলোৱা আণবিক বোমাটো, সন্ত্ৰাসবাদীৰ হাতত থকা মাৰণাস্ত্ৰটো, কল-কাৰখানাৰ পৰা ওলোৱা বিষাক্ত ধোঁ‌ৱাখিনি, গাড়ী-মটৰ-লাউডস্পীকাৰৰ বিকট শব্দটোক বিজ্ঞান বুলি ভাবিলে ভুল হ’ব, এইবোৰ হ’ল বিজ্ঞানৰ প্ৰায়োগিক কৰ্মশালাত উৎপাদিত উপজাত সামগ্ৰী (bi-product) বা বিৱৰ্জিত অবাঞ্চিত বস্তুহে৷ ঠিক আমি উশাহত প্ৰাণদায়িনী অম্লজান গ্ৰহণ কৰি, শৰীৰৰ পুষ্টি সাধনৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি শৰীৰৰ হিতৰ কাৰণেই যোগান ধৰো যদিও শৰীৰৰ অভ্যন্তৰত ঘটা প্ৰয়োজনীয় ক্ৰিয়া-বিক্ৰিয়া-প্ৰক্ৰিয়াৰ ফলত অবাঞ্চিত দূষিত এঙাৰ-বাতৰ উৎপন্ন হৈ পৰে৷ প্ৰকৃতিয়ে আচৰিতভাৱে এই সমস্যাৰো সমাধান কৰি থৈছে নিশাহৰ জৰিয়তে এঙাৰ-বাত এৰি দিব পৰাৰ প্ৰক্ৰিয়াটো জড়িত কৰাৰ বাহিৰেও এই বৰ্জিত এঙাৰ-গেছক উদ্ভিদৰ সালোক-সংশ্ল

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments