বিজ্ঞান, ধৰ্মবিশ্বাসী আৰু মানৱতা (জয়দীপ চক্ৰৱৰ্তী)

শিশুসকলক আমাৰ বহুতেই ৰাতি টোপনি যোৱাৰ সময়ত ‘হাউ’ৰ গল্প শুনায়, শিশুটি যাতে সোনকালে শুই যায় তাৰ প্ৰতি লক্ষ্য ৰাখি কাণে কাণে ফুচফুচাই কয়- “ঘৰৰ বাহিৰৰ আন্ধাৰৰ মাজত হাউ আছে, সি ৰাতি ৰাতি চাৰিওফালে ঘূৰি ফুৰে, যেতিয়াই কোনো সৰু বাচ্চাই বহুত ৰাতিলৈ নুশুৱাকৈ থাকে, ৰাতি ডাঙৰকৈ কান্দি থাকে, তেতিয়াই সেই হাউটোৱে গম পায় আৰু বাচ্চাবোৰক ধৰি লৈ যায়”। শিশুবোৰ ধৰি লৈ হাউ ক’লৈ যায়, ধৰি লৈ কি কৰে এই প্ৰশ্নবোৰ কৰাৰ দৰে সাহসখিনি আৰু সেই শিশুটিৰ নাথাকেগৈ, শিশুটি মনে মনেই থাকে আৰু এটা সময়ত টোপনি যায়। ঈশ্বৰ বিশ্বাস এনেকুৱাই এক শিশুসুলভ বিশ্বাস, যি পৰকালত মানুহক নানা শাস্তিৰ ভয় দেখুৱায়, আৰু ভয়তে মানুহৰ ঈশ্বৰ সম্পৰ্কে প্ৰশ্ন কৰাৰ সাহস হেৰাই যায়। শিশুটিৰ এই ‘হাউ’ সম্পৰ্কীয় অজ্ঞতাই তাৰ মনত বিস্তাৰ কৰা প্ৰভাৱৰ দৰেই ঈশ্বৰৰ ধাৰণাৰো জন্ম মানুহৰ অজ্ঞতাৰ পৰা। অজ্ঞতাৰ পৰাই জন্মলাভ কৰে ভয়ে আৰু এই অচিন ভয়ৰপৰা পৰিত্ৰাণ পোৱাৰ আশাতেই এক অজানা শক্তিৰ ওপৰত নিৰ্ভৰ আৰু সেই অজানা অচিনাকি শক্তিয়েই ঈশ্বৰ। মানুহৰ হাতত যেতিয়া কোনো ঘটনাৰ প্ৰকৃত ব্যাখ্যা নাথাকে, বা সেই ঘটনাৰ কাৰ্যকাৰণ সূত্ৰটো বুজি উঠিব নোৱাৰে তেতিয়াই এজন কল্পিত ঈশ্বৰ বা এটা কল্পিত কাৰণ যুগে যুগে সজাই তোলে। মানুহ যেতিয়াই অসহায়-দুৰ্বল অৱস্থাত পৰে আৰু সেই অসহায় অৱস্থাৰ পৰা ওলাই অহাৰ কোনো পথৰ সন্ধান নাপায় তেতিয়াই মানুহে কাল্পনিক ঈশ্বৰত নিৰ্ভৰ কৰি মানসিকভাৱে শক্তিশালী হ’ব খোজে। মানুহৰ স্বাভাৱিক কথপোকথনৰ মাজতেই তাৰ প্ৰভাৱ দেখা যায়। যেতিয়াই মানুহে কিবা এটা বিষয়ত সন্দিহান হয় তেতিয়া প্ৰায়ে কোৱা শুনা যায়-  “ঈশ্বৰেহে জানে আৰু”। যেতিয়াই মানুহ অসহায়, দুৰ্বল এক পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়াই শেষ ভৰসা হিচাপে ইশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়ে। হঠাৎ চক খাই উঠিলে, ভয় খালে সেয়েহে মুখেৰে ওলাই আহে- “হে ভগৱান!” বা “অ’ মাই গড!” নাইবা “হে আল্লাহ!”, “কৃষ্ণ! কৃষ্ণ!!” ইত্যাদি ইত্যাদি। এই বিশ্বাস সম্পৰ্কে বিজ্ঞানী আইনষ্টাইনে ১৯৫৪ চনত Eric Gutkind-লৈ লিখা এক পত্ৰত ধুনীয়াকৈ বৰ্ণনা কৰিছে- “The word God is for me nothing more than the expression and product of human weaknesses, the Bible a collection of honourable, but still primitive legends which are nevertheless pretty childish.”

এয়া হ’ল মানুহৰ ঈশ্বৰ ভাৱনাৰ উৎপত্তি আৰু বিৱৰ্তন সম্পৰ্কে কিছু অতি সৰল ধাৰণা। একো একোটা সময়ত একো একোজন মানুহে নিজা নিজা কল্পনাৰে একো একোটা বিশেষ ধাৰণাক গ্ৰহণ কৰাৰ পিছত সেইটো ধাৰণাকে সঁচা বুলি প্ৰসাৰ আৰু প্ৰচাৰ ঘটায়, জন্ম লাভ কৰে বিভিন্ন মতবাদ, বিভিন্ন ধৰ্মবিশ্বাসৰ। এনেদৰেই কোনো এটা ধৰ্মবিশ্বাসক এজাক মানুহে খামুচি ধৰে, নতুন নতুন শিশুবোৰ জন্মৰ পিছৰে পৰাই সেই  ধাৰণাবোৰৰ মাজত বাঢ়ি উঠে, ফলত সেই ধাৰণাই এটা সময়ত তাৰ মাজত বিশ্বাসৰ ৰূপ লয়। আটাইতকৈ ডাঙৰ কথাটো হ’লএই ধৰ্মবিশ্বাসবোৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ গুচি যায়, কোনোৱেনাজানে এই ধাৰণাৰ পক্ষে কিবা যুক্তি আছেনে নাই, কিবা প্ৰমাণ আছেনে নাই; তাৰপিছতো এই ধাৰণাবোৰ চলিয়েই থাকে অবিৰামভাৱে। এনেকৈয়ে এটা সময়ত এই সৰল ঈশ্বৰ চিন্তাই মানুহৰ মগজুত এনেদৰে প্ৰভাৱাম্বিত কৰে যে সেই বিশ্বাসৰ বিৰোধিতা কৰি আনকি হত্যা পৰ্যন্ত কৰিবলৈ কুন্ঠাবোধ নকৰে। তেতিয়া আৰু ভালবেয়াটো বাচ-বিচাৰ কৰি গ্ৰহণ-বৰ্জন কৰা সুবুদ্ধিখিনিকলৈও হেৰুৱাই পেলাই মানুহে।

প্ৰায়েই ধৰ্ম আৰু বিজ্ঞানৰ সমন্বয়ৰ কথা লৈ বহুতেই কয় যে ধৰ্মীয় বিধি-বিধানবোৰৰ মাজত আছে বিজ্ঞানসন্মত কাৰণ, যদিও বিজ্ঞান আৰু ধৰ্মবিশ্বাস আচলতে পৰস্পৰবিৰোধী। বিজ্ঞান আৰু ধৰ্মবিশ্বাসৰ ইতিহাস সমন্বয়ৰ নহয়, ইয়াৰ ইতিহাস ৰক্তাক্ত। যীশুখ্ৰীষ্টৰ জন্মৰ পাঁচশ বছৰ আগতে পাইথাগোৰাছ, এনাকু চিমণ্ডৰ দৰে অনুসন্ধিৎসু দাৰ্শনিকসকলে যেতিয়া পৃথিৱীক সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা আন আন গ্ৰহৰ দৰেই এটি গ্ৰহ মাত্ৰ বুলি মানৱ জাতিক বিজ্ঞানসন্মতভাৱে সত্যৰ ফালেই পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল, তেতিয়াই ধৰ্মবিৰোধী এই মতামত প্ৰকাশৰ বাবে তেওঁলোকে সহিবলগীয়া হৈছিল ধৰ্মবিশ্বাসীৰ প্ৰবল নিৰ্যাতন। পিছলৈ বাইবেল বিৰোধী সূৰ্যকেন্দ্ৰিকতত্ব  প্ৰচাৰৰ বাবেই ক’পাৰ্নিকাছ, গেলিলিঅ’ বা ব্ৰুনোক কিদৰে অত্যাচাৰ চলোৱা হৈছিল তাৰ সাক্ষী আমাক ইতিহাসে দিয়ে। ব্ৰুনোক আনকি জুইত পুৰি মাৰিয়েই পেলাইছিল ঈশ্বৰৰে এই সুপুত্ৰসকলে। ইয়াৰ পিছতো কিন্তু পৃথিৱীক সূৰ্যৰ চাৰিওকাষে ঘূৰাৰ পৰা ৰখাব পৰা নাই ধৰ্মবিশ্বাসী সকলে। ষোড়শ শতিকাৰ চুইজাৰলেণ্ডৰ বেচেল বিশ্ববিদ্যালয়ৰ ৰসায়ন শাস্ত্ৰৰ অধ্যাপক  ফিলিপ্ৰাছ পাৰাছেলছাচে ঘোষণা কৰিলে যে – পাপৰ ফল বা কিবা অশুভ শক্তিৰ প্ৰভাৱত মানুহৰ ৰোগ নহয়, অসুস্থতাৰ প্ৰকৃত কাৰণ হ’ল জীৱাণু, যাক সঠিক ঔষধ প্ৰয়োগৰদ্বাৰাই নাশ কৰিব পাৰি। অধ্যাপক পাৰাছেলছাচৰ এই ‘উদ্ভট’ তত্ত্ব শুনি ধৰ্মবিশ্বাসী ধ্বজাধাৰীসকল তেখেতৰো ওপৰত স্বাভাৱিকভাৱেই খৰ্গহস্ত হৈ পৰিল। সমাজৰ বাবে ক্ষতিকাৰক ধৰ্মবিৰোধী মতবাদ প্ৰচাৰৰ বাবে তেখেতক হাজিৰ কৰোৱা হ’ল ‘বিচাৰ’ নামক এক প্ৰহসনৰ ওচৰত, য’ত ধৰ্মান্ধ বিচাৰকসকলে ব্ৰুনোৰ দৰেই পাৰাছেলছাচকো মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে। পাৰাছেলছাচ সেইদিনাই জীৱনৰ মায়াত মাতৃভূমি এৰি পলাই যাবলৈ বাধ্য হ’ল। আচলতে ধৰ্মবিশ্বাসী সকল এনেকুৱাই, প্ৰচলিত ধাৰণাৰ পৰা ইঞ্চিমানো লৰিবই নোখোজে। আজিও আনকি এই মানসিকতাৰ লেখত ল’বলগীয়া পৰিবৰ্তন হোৱা নাই।

 

 

কিবা এটা বিশ্বাসত বিশ্বাসী আৰু অবিশ্বাসী সকলৰ মাজত যুক্তিযুদ্ধ আৰু তৰ্কাতৰ্কি বিশ্বৰ সকলো সমাজতে সততে হোৱা দেখা যায়।  যিবোৰ তৰ্কৰ ধৰণ প্ৰায় এক ভূত খেদা ওজাৰ নিজে ভূত পুহা দাবীৰ লগত এজন ভূতত বিশ্বাস নকৰা ব্যক্তি বিশেষৰ তৰ্কাতৰ্কিৰ দৰেই। সেই তৰ্কবোৰ সাধাৰণতে এনেধৰণৰ- ব্যক্তিবিশেষ: আপুনি যে আমাক বিশ্বাস কৰিবলৈ কৈছে, আপোনাৰ লগত ভূত থাকে…এতিয়া প্ৰমাণ দিয়কচোন…। ওজা: আপুনি যে কৈছে, মোৰ লগত ভূত নাথাকে…. আপুনি সেয়া প্ৰমাণ কৰিব পাৰিব? পাৰিলে কৰি দেখুৱাই দিয়ক…। ব্যক্তিবিশেষ: যিহেতু আপুনিহে ভূত থকাৰ দাবী কৰিছে সেয়েহে আপোনাকেইটাৰ প্ৰমাণ দিব লাগিব…। ওজা: কিন্তু আপুনিতো এতিয়াই দাবী কৰিছে যে, ভূত নাই… আগতে আপুনি তাৰ প্ৰমাণ দিয়ক…। এই ওজাজনৰ দৰেই বহুতেই ঈশ্বৰবিশ্বাস আৰু অবিশ্বাসৰ তৰ্কৰ মাজতো এনে ধৰণৰ যুক্তি উত্থাপন কৰে। তেওঁলোকে পিছে বুজিবই নোখোজে যে সেই একেই যুক্তিত বহু সহজতেই ভূত-প্ৰেত, দেও-দানৱ, আল্লাহ-ভগৱান আদি সকলোবোৰে আছে বুলি দাবী কৰা যায়!  আচলতে, যি সকল আস্তিক, তেওঁলোকেও ভালকৈয়ে জানে যে তাৰ ঈশ্বৰ আছে কেৱল বিশ্বাসতহে, যুক্তিত নহয়, তেওঁলোকে কেৱল বিশ্বাসৰ বাবেই দাবী কৰে যে ঈশ্বৰ আছে। ইয়াৰ বিপৰীতে বিজ্ঞানে একমাত্ৰ প্ৰমাণৰ ওপৰহে কিবা আছে বা নাই বুলি দাবী কৰিব পাৰে। যিহেতু বিজ্ঞানে অতি প্ৰাকৃত বিষয় অৰ্থাৎ যি প্ৰকৃতিৰ বিভিন্ন নিয়মৰ বহিৰ্ভূত পৰিঘটনা তাক অস্বীকাৰ কৰে, সেয়েই ঈশ্বৰ নাই বুলি প্ৰমাণ কৰাটো বিজ্ঞানৰ কাম নহয়।

ঈশ্বৰ বিশ্বাস আৰু ধৰ্মৰ এটা সময়ত সামাজিক প্ৰয়োজন আছিল। মানৱ সভ্যতাৰ এটা পৰ্যায়ত সামাজিক শৃঙ্খলা আৰুনৈতিকতাবোধ  নিৰ্মাণৰ বাবেই ধৰ্মৰ প্ৰয়োজন আছিল, ধৰ্ম সেই সময়ত এটি গোত্ৰৰ আভ্যন্তৰীণ শৃঙ্খলা আৰু সামাজিক ৰীতি-নীতি নিৰ্ধাৰণত মুখ্য ভূমিকা পালন কৰিছিল। গোত্ৰভিত্তিক সংঘবদ্ধতাৰ যুগ মানৱ জাতিটোৱে কেতিয়াবাই পাৰ কৰি আহিছে। সেয়ে হাজাৰ হাজাৰ বছৰ পুৰণি বাইবেল, কোৰাণ, বেদ আদিৰ ধৰ্মগ্ৰন্থবোৰৰ বাণীবোৰতকৈ স্বামী বিবেকানন্দ, লালন ফকিৰ বা আজান ফকিৰৰ মানৱতাবাদী বাণীবোৰহে বেছি প্ৰাসংগিক। এনেও বাইবেল, কোৰাণ, বেদ আদিৰ ধৰ্মগ্ৰন্থবোৰ অতিৰঞ্জিত আৰু পৰস্পৰবিৰোধী  কথাবাৰ্তাৰে পৰিপূৰ্ণ। এইবোৰ গ্ৰন্থ আল্লা-ঈশ্বৰ নহয়, মানুহৰ দ্বাৰাই সৃষ্ট যিবোৰ ৰচনাকালৰ সমসাময়িক  চিন্তাধাৰাবোৰৰ মাজতেই সীমাবদ্ধ। সেইবোৰ ঈশ্বৰৰ বাণী নহয় বৰং বিভিন্ন জাতি বা গোটৰ মেধা আৰু নানান লোকগাঁথাৰ সংমিশ্ৰিত সংকলন, সেয়েই তাৰ বাণীবোৰ সৰ্বকালৰ বাবে আৰু সকলো ধৰণৰ সমাজৰ বাবে প্ৰযোজ্য হ’ব নোৱাৰে। আজিৰ তাৰিখত ধৰ্মতকৈ  গুৰুত্বপূৰ্ণ ইছ্যু হ’ল মানৱিকতা। মানৱিকতাক ধৰ্ম-অধৰ্ম সকলো বিবাদৰ উৰ্ধ্বত ৰখাটো আটাইতকৈ যুক্তিসংগত। পিছে সকলো ধৰ্মগ্ৰন্থতে নিৰৰ্থক কথাৰ লগতে মানৱ জাতিৰ বাবে কল্যাণকামী কিছু বাণী আছে যিবোৰ আমি ঈশ্বৰক অস্বীকাৰ কৰিও নিঃসঙ্কোচে পালন কৰিব পাৰোঁ। যেনে: ১) সমাজক ভালপোৱা, ক্ষুধাৰ্তক অন্ন দি সহায় কৰা, দুৰ্গতিত ভোগা জনক সাহায্য কৰা। সত্য আৰু ন্যায়ৰ সংগ্ৰামত সাহসী ভূমিকা ৰখাৰ শক্তি অৰ্জন কৰা। (ঋগবেদঃ ৬.৭৫.৯) ২) তুমি তোমাৰ ধৰ্ম পালন কৰা, মই মোৰ ধৰ্ম পালন কৰোঁ। (কোৰাণ: ১০৯:৬, সূৰাকাফিৰুণ)

সকলোৱে যদি ধৰ্মৰ ভালখিনি বাছিলৈ বেয়াখিনিক পৰিত্যাগ কৰে তাত কাৰোৰেই আপত্তি কৰা কোনো থল নাই। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আৰু কেইটামান প্ৰজন্মৰ পিছতেই ধৰ্মৰ সকলো বোৰ গোঢ়ামি শেষ হৈ যাবগৈ। পিছে মানৱ জাতি থকালৈ ধৰ্মও থাকিব, কেৱল সেই ধৰ্ম হ’ব আজিৰ ধৰ্মৰ বিৱৰ্তিত ৰূপ। মোৰ ধৰ্মৰ প্ৰতি সিদিনালৈকে আপত্তি থাকিব যিদিনালৈ ধৰ্মৰ সকলোবোৰ কথাই সত্য বুলি ধৰিলৈ ধৰ্মৰ নামতেই মানুহক হত্যা কৰা হ’ব। তেনেকুৱা ধৰ্মভীৰু এই পৃথিৱীৰপৰা যিমানেই সোনকালে বিদায় লয়, পৃথিৱীৰ বাবে, মানৱ জাতিটোৰ বাবে সিমানেই মঙ্গলকৰ।

——————————————

তথ্যসূত্ৰ:

১) অবিশ্বাসেৰ দৰ্শন- ডo অভিজিৎ ৰায় আৰু ৰায়হান আবীৰ

২) দৰ্শন দিগ দৰ্শন- ৰাহুল সাংকৃত্যায়ন

৩) History of the Conflict between Religion and Science- Jhon William Draper

৪) আইনষ্টাইনৰ পত্ৰৰ লিংক_http://www.guardian.co.uk/science/2008/may/13/peopleinscience.religion

৫) কোৰাণ শ্বৰীফ http://www.ebanglalibrary.com/banglaquran/

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক