বিজ্ঞাপন ( মলিন মজুমদাৰ )

মুখ বাগৰি অহা অদ্ভুত বিজ্ঞাপনটো শুনি ময়ো প্ৰথমে আচৰিত হৈছিলোঁ৷ আহঁতগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিভাগৰ বিষয় শিক্ষক দীপক তহবিলদাৰে তেওঁৰ চাকৰিটো বিক্ৰী কৰিব৷ হওঁতে আপোনালোকে ভবা কথাটো ঠিকেই– এয়া আকৌ কেনেকুৱা বিজ্ঞাপন? পদ এটা খালী হ’লে চৰকাৰৰ সংশ্লিষ্ট বিভাগেহে বিজ্ঞাপন দিয়ে, বাতৰি কাকত আদিৰ যোগেদি৷ তেনেস্থলত চৰকাৰী স্কুল এখনৰ প্ৰায় নিয়মীয়াকৈ দৰমহা পাই থকা শিক্ষক এজনে নিজৰ চাকৰিটো বিক্ৰী কৰিবলৈ দিয়া মৌখিক বিজ্ঞাপন! কিয়? ই কেনেকৈ সম্ভৱ? পিছে কোনো কালে নোহোৱা নোপোজা ঘটনা হ’লেও হোৱাটোতো নোহোৱা কৰিব নোৱাৰি৷ কাজেই বাহুল্য বাদ দি ঘটনাৰ আঁতিগুৰি লওঁ আহক৷

আহঁতগুৰি গাঁৱৰ দৰিদ্ৰ পৰিয়াল এটাত জন্মগ্ৰহণ কৰা দীপক সৰুৰে পৰাই মেধাৱী আছিল৷ পিছে মেধাৱী হ’লেইতো নহ’ব, মেধাৰ জোখেৰে জীৱনত আগবাঢ়িবলৈযে আৰু কিবা কিবি লাগে সি হাইস্কুলত থাকোঁতেই বুজি পাইছিল৷ অকালতে বেমাৰত পৰি জীৱনলৈ শয্যাগত হোৱা দেউতাকৰ পৰা হালখন কান্ধপাতি ল’বলৈ ককায়েকে যেতিয়া কলেজ এৰিলে তেতিয়া সি নৱম শ্ৰেণীত৷ শিক্ষকসকলৰ বৰ আশা আছিল– দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত দীপকে স্কুলখনলৈ সুনাম কঢ়িয়াই আনিব, ভবিষ্যত ভাল হ’ব তাৰ৷ সিওঁযে কেতিয়াবা সপোন দেখা নাছিল তেনে নহয়৷ শয্যাগত দেউতাকক দেখি দেখি সি ভাল ডাক্তৰ এজন হোৱাৰ সপোন দেখিছিল৷ পিছে মাত্ৰ দুবিঘা ৰুপিত মাটিৰ ধান আৰু ঘৰৰ হাঁহ-পাৰ, শাক-পাচলিৰ আয়েৰে দেউতাকৰ নিয়মীয়া চিকিৎসাৰ খৰচ, তাৰ আৰু ভনীয়েক দুজনীৰ পঢ়া-পাতি, কাপোৰ-কানি আদিৰ খৰচৰ কথা বাদেই বছৰটোৰ আধামান দিনো ভালদৰে খাবলৈ নুজুৰিছিল৷ ফলত ঘৰত কামৰ তাগিদা নাথাকিলে লোকৰ ঘৰত হাজিৰা কৰা ককায়েকৰ লগত সিও বাৰিষা খেতিৰ বতৰত, আঘোণত ধান দাবৰ সময়ত লোকৰ ঘৰত হাজিৰা কৰিবলগীয়াত পৰিছিল৷ আৰু এইদৰেই জীৱনৰ পঢ়াশালিত আগবাঢ়ি গ’লেও পঢ়া শুনাৰ ক্ষেত্ৰত সি আশা কৰা মতে আগবাঢ়িব নোৱাৰিলে৷ অৱধাৰিতভাবেই হাইস্কুলৰ শেষ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হোৱা স্বত্বেও তাৰ পাছত তাৰ সপোনে দিশ সলালে৷ কেতিয়াবা ডাক্তৰ হৈ দেউতাকক, আৰ্তজনক চিকিৎসা কৰাৰ সপোন দেখা দীপকে লক্ষ্য সলনি কৰি ভূগোল বিষয়ত স্নাতোকোত্তৰ ডিগ্ৰী লৈ পঢ়াৰ সামৰণি মাৰিলে৷

পঢ়া শেষ কৰি আন দহজন দৰিদ্ৰ শিক্ষিত নিবনুৱাৰ দৰেই চাকৰি বিচৰাৰ লগতে দীপকেও ঘৰতে থাকি দুটামান টিউচন যোগাৰ কৰি ল’লে৷ চাকৰিৰ বাবে আবেদন কৰা আৰু সাক্ষাৎকাৰ দিবলৈ যোৱা খৰচৰ লগতে কিছু ঘৰুৱা খৰচৰো জোৰা মৰিল৷ তেনেতে এদিন সিহঁতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই তাক মাতি নি এটা প্ৰস্তাৱ দিলে, “ আমাৰ ভূগোল বিভাগৰ বিষয় শিক্ষক গৰাকী অসম অসামৰিক সেৱাত চাকৰি পাই ইয়াৰ পৰা পদত্যাগ কৰি গুচি গ’ল৷ যোৱা দুমাহে ভূগোলৰ পাঠদান বন্ধ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বহুত লোকচান হৈছে, সোণকালে পাঠদান আৰম্ভ নহ’লে আন্দোলন কৰাৰ ভাবুকি দি আছে৷ ইপিনে শিক্ষা বিভাগত বাৰম্বাৰ যোগাযোগ কৰিও একো ফল পোৱা নাই৷ সদ্যহতে নতুন নিযুক্তি বন্ধ, অইন ক’ৰবাৰ পৰা বদলি কৰি আনিবলৈও বিচাৰি পোৱা নাই৷ পৰিস্থিতিলৈ চাই মোৰ তোমালৈ মনত পৰিল৷ ঠিক সময়তে তুমিও এম এ পাছ কৰি আহিছা৷ তোমাৰ নিজৰেই স্কুল৷ অনুমোদিত স্থায়ী পদ, সদ্যহতে অবৈতনিকভাবে কাম কৰি থাকা৷ নিযুক্তি মুকলি হ’লেই তুমি নিয়মমাফিক সাক্ষাৎকাৰ দিবা, নিযুক্তি পাই যাবা৷ আমিতো আছোৱেই৷ স্কুল উন্নয়ন কমিটিতো আলোচনা কৰিছোঁ কথাটো, সকলোৱে মান্তি হৈছে৷ আনকি শিক্ষা সঞ্চালকালয়তো কথাটো কৈ থৈছোঁ, হ’ব বুলি কৈছে৷ ছাত্ৰ-ছাত্ৰীবোৰৰতো আলৈ আথানি হ’ব দিব নোৱাৰি৷ গতিকে সাতে পাঁচে ভাবি চাই তুমি সোণকালেই সিদ্ধান্ত জনাবা৷ কথাটো জনা জনি হ’লে এতিয়াই এনেকৈ কাম কৰা প্ৰাৰ্থীৰ ভিৰ লাগি যাব৷ পিছে তুমি মেধাৱী ল’ৰা, তাতেই আমাৰ স্কুলৰে ছাত্ৰ৷ সেই গতিকেই আমি তোমাকেই বিচাৰোঁ৷ “

—— —— ——- ——– ——

অৱশেষত যেতিয়া চৰকাৰে খালি পদসমূহত নিযুক্তি মুকলি কৰি দিলে তেতিয়ালৈ দীপকৰ পাঁচটাকৈ মূল্যবান বছৰ অবৈতনিকভাবে অতিবাহিত হ’ল৷ শ্ৰেণীত নিয়মিত পাঠদান, পুৱা-গধূলি দুটামান টিউচন, প্ৰতিবছৰেই নিযুক্তি মুকলি হ’ব বুলি পাই থকা আশা– এইবোৰত ব্যস্ত হৈ থাকোঁতে পাঁচটা বছৰ কেনেকৈ পাৰ হ’ল তাৰ খেয়ালেই নহ’ল৷ খবৰটো পাই সি উৎফুল্ল হ’ল৷ যোৱা পাঁচবছৰে মনত লালন পালন কৰি অহা সপোনবোৰে যেন পাখি মেলি উৰিব ধৰিলে — ককায়েকক দুবিঘামান ৰুপিত মাটি লৈ দিব; খেৰ-বাঁহৰ ঘৰটোৰ ঠাইত অসম আৰ্হিৰ টিনৰ চালি লগোৱা ঘৰ এটা বন্ধাব; ডাঙৰজনী ভনীয়েকলৈ বিয়াৰ প্ৰস্তাৱ আহি আছে, ঘৰৰ অৱস্থাৰ বাবে কথাবোৰ ঠিকমতে আগবঢ়া নাই, তাইৰ বিয়াখনো পাতিব লাগে; গাঁৱৰ সিমূৰৰ বিপুলৰ ভনীয়েক নীলিমাৰ লগত ককায়েকৰ হিয়া দিয়া নিয়াৰ খেলখন চলি আছে, গতিকে পাৰিলে সোণকালেই ককায়েকৰ বিয়াখনো পাতিব লাগিব — কোনটো কাম আগতে কৰিব ভাবিলে সি৷ — নিযুক্তি মুকলি কৰি দিয়া খবৰটো অধ্যক্ষৰ পৰা জনাৰ পাছৰ পৰাই এই ভাববোৰেই তাৰ মনত খেলি থকা হ’ল৷ নিতৌ নতুন ধৰণে কথাবোৰ মনতে পাঙে, আকৌ সলনি কৰে, আকৌ নতুনকৈ আঁচনি কৰে৷ মনটো পাতল পাতল লাগি থাকিল তাৰ৷ মিচিকি হাঁহি এটা অনবৰতে তাৰ মুখত ওলমি থাকিল৷

পিছে তাৰ সেই মিচিকি হাঁহিটো অন্তৰ্ধান হ’বলৈ বেছি দিন নালাগিল৷ শিক্ষা সঞ্চালকালয়ত নিযুক্তি প্ৰক্ৰিয়াৰ খবৰ লৈ ঘূৰি অহা অধ্যক্ষৰ পৰা কথাবোৰ জনাৰ পাছত তাৰ মন বিষাদ আৰু নিৰাশাৰে ভৰি পৰিল৷ অধ্যক্ষই জনোৱামতে সি চাকৰি কৰি থকা পদটো পূৰণৰ বাবে ইতিমধ্যে শিক্ষা সঞ্চালকে বিজ্ঞাপন দিয়াৰ যো-জা কৰিছে৷ তাৰ কথাটো সকলোৱে জানে যদিও কেইবাজনো সম্ভাব্য প্ৰাৰ্থী থকাত তাৰ নিযুক্তিৰ নিশ্চিতি নোহোৱা হৈছে৷ ভিতৰুৱাকৈ গম পোৱা মতে ধনৰ লেন দেন নকৰিলে নিযুক্তি নিশ্চিত কৰিব পৰা নাযাব৷ ছুটীৰ পাছত অধ্যক্ষই তাক নিজৰ কোঠালৈ মাতি নি ক’লে, “যোৱা পাঁচটাকৈ বছৰ অবৈতনিকভাবে সেৱা আগবঢ়োৱালৈ চাই চাকৰিটো তোমাৰেই প্ৰাপ্য৷ কিন্তু কামবোৰ কেনেকৈ হয় তুমি নিশ্চয় নজনাকৈ থকা নাই৷ কি কৰিবা, খবৰ-খাতি কৰি কিমান টকা দিবলগীয়া হ’ব যোগাৰ কৰি লোৱা৷ নিয়মিত দৰমহা পাবা যেতিয়া ধাৰ ঋণ কৰিলেও লাহে ধীৰে পৰিশোধ কৰিব পাৰিবা৷ আমাৰ ষ্টাফৰ জীৱেশ্বৰ ডেকাইও তেনেকৈয়ে নিযুক্তি পাইছিল৷ শুনিছোঁ তেখেতে এতিয়াও আনৰ বাবে সেই চেনেলবোৰৰ লগত যোগাযোগ কৰি দিয়ে৷ তুমি তেখেতৰ লগত পৰামৰ্শ কৰি চাব পাৰা৷ মই কৰিব পৰাৰ ভিতৰত তোমাৰ এই পাঁচ বছৰৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ এখন ভালকৈ লিখি দিব পাৰিম৷ যোৱা, মনটো দুৰ্বল নকৰিবা৷ তোমাৰ স্থিতি বাকী প্ৰাৰ্থীতকৈ সবল যেতিয়া বিশেষ অসুবিধা নহ’ব লাগে; খালী লেন দেন কৰিবলগীয়াখিনি যেনিবা কৰিব লাগিব৷ উপায় নাই যেতিয়া, ইমান দিন কাম কৰাৰ পাছত পিছ হুঁহকিবানে? “

দীপক পাছ হুঁহকি নাহিল৷ অন্য উপায়ো নাছিল তাৰ৷ পাছ হুঁহকি অহা মানেইতো আকৌ শূন্যৰ পৰা আৰম্ভ কৰা৷ সিমানখিনি ধৈৰ্য্য নাই তাৰ৷ তদুপৰি যিবোৰ আশাই মনত ঠন ধৰি উঠিছিল ইমানদিনে, সেইবোৰ পূৰ হোৱাৰ পথ মুকলি হৈছেই৷ মাথো এটা বাধা, সৰু নহয় বাৰু বাধাটো তাৰ বাবে৷ তথাপি ঘৰখনৰ বাবে, সকলোকে লৈ সি দেখা সপোনবোৰৰ বাবে আৰু ঘৰুৱা সমস্যাবোৰৰ হেঁচাত, সেই সপোনবোৰৰ চেপাত জান নেজানকৈ মনত ভূমুকিয়াব খোজা তাৰ একান্ত নিজৰ সপোনবোৰৰ বাবে সি এই বাধা যেনে তেনে অতিক্ৰম কৰিবলৈ মন বান্ধিলে৷

ডেকা ছাৰৰ লগত দুদিন বিতংকৈ কথা পতাৰ পাছত ঠিক হ’ল- সি তিনি লাখ টকা দিব লাগিব৷ তাকো সাক্ষাৎকাৰৰ এসপ্তাহ আগতে৷

তাৰ পাছত কেইদিনমানলৈ গোটেই ঘৰখনৰ মানুহবোৰৰ মনবোৰ গধূৰ হৈ থাকিল৷ আশা আৰু দুঃশ্চিন্তাৰ মিশ্ৰিত ভাবনাই কাবু কৰিলে আটাইৰে মন৷ ইতিমধ্যে সাক্ষাৎকাৰৰ দিন ঘোষণা হ’ল আৰু লগতে টকা আদায় দিয়াৰ সময়সীমাও এদিন দুদিনকৈ কমি আহিব ধৰিলে৷ তাৰ লগে লগে বাঢ়ি গ’ল ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত শয্যাশায়ী দেউতাকৰ বিছনাৰ কাষত বহা ঘৰ ঘৰোৱাহৰ আলোচনাবোৰ৷

কেইবাদিনৰো চিন্তা-চৰ্চা আৰু আলোচনা বিলোচনাৰ অন্তত যেতিয়া দীপকে তিনিলাখ টকা যোগাৰ কৰিলে, তেতিয়া সিহঁতৰ ৰুপিত মাটি দুবিঘা বন্ধকত গ’ল; আধি খোৱাৰ বন্দোবস্তিত বন্ধকত থোৱা মাটি দুবিঘাত ঘৰ ওপজা দমৰা হালক বন শিকাই লৈ হাল বাম বুলি হালৰ গৰু হাল আৰু ডাঙৰ খীৰতী গাইজনী বিক্ৰী কৰা হ’ল; মাকৰ গহনাও বেচা গ’ল৷ সেইবোৰৰ পৰা পোৱা ধনৰ লগত মোমায়েক আৰু বৰদেউতাকৰ পৰা পোৱা বিশ হাজাৰকৈ টকা যোগ দিয়া হ’ল৷ তাৰ পাছত বাকী থকা ডেৰলাখ টকা মাহেকে পাঁচ শতাংশ (৫%) সূদত ডেকা ছাৰহঁতৰ গাঁৱৰ সংঘৰ পুজিৰ পৰা ধাৰলৈ লোৱা হ’ল৷ যোৱা পাঁচ বছৰে নিজৰ বুলি, একাগ্ৰতাৰে কৰি অহা চাকৰিটো কিনিবলৈ টকাখিনি সময়মতে যোগাৰ হ’লত স্বস্তি অনুভৱ হ’ল যদিও আন এটা অস্বস্তি আৰু আশংকাইও মনটো গধূৰ কৰি তুলিলে তাৰ — যদি কিবা কাৰণত কামটো নহয়গৈ? ডেৰলাখকৈ মাহেকীয়া সূদৰ ধাৰ, বন্ধকৰ মাটি, ঘৰখনৰ ভবিষ্যত, তাৰ ভবিষ্যত–! ! ! নাই নাই! ৰণত নামিল যেতিয়া যুঁজিবই লাগিব সি৷ মনটো দৃঢ় কৰি দুটা টিউচন আকৌ বঢ়াই ল’লে সি৷ ঘৰুৱা খৰচৰ উপৰিও নিযুক্তি নোপোৱালৈকে ধাৰলৈ অনা টকাৰ মূলখিনি নুসুজিলেও মাহেকীয়া সূদখিনিতো দি থাকিব লাগিব৷

——- ——– ——- —— ——–

অৱশেষত সকলোকে হতবাক কৰি দীপকে কাম কৰি থকা পদটোত আন এজন ল’ৰাই নিযুক্তি পত্ৰ লৈ আহি যোগ দিলে৷ তাৰ ইমান দিনৰ সেৱা, ভেটি দিয়া তিনিলাখকৈ টকা — সকলো অথলে গ’ল৷ দীপক বিধস্ত হৈ পৰিল, লগতে ঘৰখনো৷ ৰুগীয়া দেউতাকৰ অসুস্থতা বাঢ়িল, বিষাদ আৰু হতাশাই বোবা কৰি পেলালে ঘৰৰ বাকী মানুহবোৰকো৷ হতাশ হৈ পৰা দীপকক ডেকা ছাৰে জনালে যে একেটা চাকৰিৰ বাবে ইজনতকৈ সিজন প্ৰাৰ্থীয়ে বেছি দাম দিলে এনেকুৱা হয়েই৷ টকাখিনি ঘূৰাই বিচাৰিব পাৰি, কিন্তু তেনে কৰিলে ভবিষ্যতলৈ আন কোনো বিদ্যালয়ত পদ খালি হ’লে পাব পৰা নিযুক্তিৰ সম্ভাৱনাও হেৰাব৷ গতিকে ধৈৰ্য্য ধৰিব লাগিব৷ কথা পতা আছেই৷ নতুন পদ ক’ৰবাত খালি হ’লেই আকৌ সুবিধাটো ল’ব পৰা যাব৷ মাথো হিচাপটো ভালকৈ কৰিব লাগিব, জীৱনটো থিত লগোৱা কথা যিহেতু৷

——- ——– ——– ———– —-

ছয়মাহমান চৰম অনিশ্চয়তাত কটোৱাৰ পাছত আহিল সেই ভাল খবৰটো৷ অইন এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিভাগৰ বিষয় শিক্ষকৰ পদ এটাৰ বিজ্ঞাপন ওলাব দুই এদিনতে৷ ভিতৰি ভিতৰি কথাবোৰ পতা হৈ গ’ল৷ ——“যোৱাবাৰৰ পদটো হেনো পাঁচ লাখত ঠিক হৈছিল৷ এইবাৰ ছয় লাখ দিব লাগিব৷ তোমাৰ যোৱাবাৰ দিয়াখিনি মিলাই আৰু তিনিলাখ টকা দিব লাগিব৷ তাৰ কমত নহ’ব৷ টকাখিনি যোগাৰ কৰা, হাতত বেছিদিন নাই৷ এইবাৰ কথাটো ভালদৰে পতা হৈছে৷ কোনো সমস্যা নহয়, নিযুক্তি পাবাই৷ “– ডেকা ছাৰৰ কথাকেইটাই আশাৰ বতৰা হৈ দীপকৰ কাণত সোমাল আৰু এটা গধূৰ, বব নোৱাৰা বোজা হৈ, ডাঙিব নোৱাৰা শিল এটা হৈ বুকুত বহি ল’লে৷ — — আৰু তিনিলাখ টকা? ক’ত পাব সি! ! অথচ চাকৰিটো হয়েই যদি, যেনে তেনে দিব পাৰিলে – – – –

তাৰ পাছত কথাবোৰ নাটকৰ দৰে, গল্পৰ দৰে ঘটি গ’ল দীপকৰ৷ বেছি ভাবিবলৈ তাৰ ধৈৰ্য্যও নাছিল, সময়ো নাছিল৷ আগৰবাৰ উৎসাহ দিয়া ঘৰৰ মানুহখিনিৰো মুখৰ মাত নোহোৱা হৈছিল৷ আগবাঢ়িবলৈ ক’ব নে পিছুৱাবলৈ ক’ব! ! আচলতে সঠিক পথটো কেতিয়াবাই হেৰাই গৈছিল তেওঁলোকৰ৷ ধন সম্পত্তিত কাঙাল হ’লে কিজানি এনেকুৱাই হয়৷ এতিয়া যিফালে গ’লেও কেৱল অনিশ্চয়তা৷ শুভাকাংখীসকলে কয়– কিবা এটা কৰি, যেনে তেনে কৰি যোগাৰ কৰা৷ এইযে কিবা এটা কৰা, যেনে তেনে কৰা – – ক’বলৈ কিমান সহজ! অথচ কৰিবলৈ! ! অৱশেষত সেই কিবা এটা কৰি যেতিয়া সি নতুনকৈ তিনি লাখ টকা যোগাৰ কৰিলে, তেতিয়া আগৰবাৰ বন্ধকত থোৱা ৰুপিত মাটি দুবিঘা একেবাৰে লোকৰ হ’ল, হাল বোৱাৰ লায়েকৰ হোৱা দমৰা হাল লোকৰ গোহালিত সোমাল আৰু দুটা বেলেগ বেলেগ সঞ্চয় গোটত আঢ়ৈলাখ টকা মাহিলি পাঁচ শতাংশ সুদত ধাৰ হ’ল৷

—– —– ——- —– —— ——

দ্বিতীয়বাৰ ব্যৰ্থ নহ’ল সি৷ নতুন এখন স্কুলত নিযুক্তি পালে, ঘৰৰ পৰা কিছু দূৰত৷ চাবলৈ গ’লে তাৰ কাহিনী ইয়াতেই শেষ হ’ব লাগিছিল৷ চাকৰি নিগাজি হ’ল যেতিয়া তাৰ কাহিনী এটা বা দুটা শাৰীতেই শেষ হ’ব লাগিছিল- – – ইয়াৰ পাছত পছন্দৰ ছোৱালী এজনী বিয়া পাতি দীপকে সুখেৰে জীৱন নিৰ্বাহ কৰি থাকিল৷ কিন্তু তেনেকুৱা নহ’ল৷

——- ——- ——– ——–

যোৱা চাৰি বছৰে নিয়মিতভাবে দৰমহা পাই আহিছে দীপকে৷ কিন্তু দৰমহা সিয়েই পাইছেনে? প্ৰতিমাহতে দৰমহা পাই ধাৰলৈ অনা চাৰি লাখ টকাৰ মাহেকীয়া সূদ বিশ হাজাৰ দিয়াৰ পাছত যিখিনি হাতত থাকে সেইখিনিৰে আৰু টিউচন দুটামানৰ পৰা পোৱা টকাৰে ঘৰৰ যাৱতীয় খৰচখিনিয়েইচোন নোজোৰে৷ মূল ধাৰখিনি তেনেকৈয়ে থাকি যায়৷ খৰচবোৰ অলপ টনা টনি কৰি ধাৰলৈ অনা টকাৰ মূল অলপ পৰিশোধ কৰাৰ কথা ভাবোতেই কিবা নহয় কিবা আন খৰচ আহি পৰে৷ ফলত মাহিলি সূদখিনিও কোনোবা মাহত পৰিশোধ কৰা নহয়৷ কাজেই ধাৰৰ পৰিমাণ আৰু বাঢ়ি যায়৷

ভাল দৰা পালে বিয়া দিম বুলি ভবাৰ পৰিবৰ্তে ভাল দিন আহিলে বিয়া দিম বুলি পিছুৱাই থকা ডাঙৰ ভনীয়েকৰ বিয়াখন যোৱাবেলি আৰু পিছুৱাবলৈ সত নগ’ল তাৰ৷ বয়সো ৰৈ নাথাকে৷ বেংকৰ পৰা চাৰিলাখ টকাৰ লোন এটা লৈ বিয়াখন যেনে তেনে পাৰ হ’ল৷ কিন্তু লোন পৰিশোধৰ বাবে মাহিলি বাৰ হাজাৰকৈ টকা দৰমহাৰ পৰাই কটাৰ পাছত আৰু ধাৰলৈ অনা টকাৰ মাহিলি সূদ পৰিশোধ কৰাৰ পাছত ঘৰ চলাবলৈ দৰমহাৰ অৱশিষ্ট নাথাকে বুলিলেই হয়৷ টিউচনৰ উপাৰ্জন, ঘৰুৱা শাক পাচলি, হাঁহ-পাৰ আদিৰ পৰা হোৱা সামান্য আয় আদিৰে সংসাৰখন টানি টানি ভাগৰি পৰিল সি৷ তাৰ নিজৰ আশা আকাংক্ষা বুলিবলৈ একোৱেই যেন নাই৷ লাহে লাহে সি এটা যন্ত্ৰত পৰিণত হ’ল যেন৷

যোৱা সপ্তাহত সৰু ভনীয়েকলৈ বিয়াৰ প্ৰস্তাৱ আহিছে৷ তাইৰো বয়স হৈ আহিছে৷ ল’ৰাজন ভাল৷ চাকৰি কৰা ককায়েকজন হৈ পিচ হুঁহকিবনো কেনেকৈ? বিয়াখন হ’ব বুলি ক’লে৷ আকৌ টকাৰ সমস্যা৷ নিজৰ ক্ষেত্ৰত হ’লে চহী এটা কৰি কামফেৰা সামৰিম বুলি ক’ব পাৰি৷ কিন্তু আনৰ বেলিকা, ভনীয়েকৰ বেলিকা কিয়েইবা কৰা যায়৷ যৌতুক বুলি একো নিদিলেও নিয়মমাফিক সজা বিয়াখনতো কম খৰচ পৰিবনে! ! কমকৈ হ’লেও তিনিলাখ টকা? উপায়হীন হ’ল সি৷ বেংকৰ লোন ল’বলৈ উপায় নাই, আগৰ লোনটোৱেই পৰিশোধ হোৱা নাই; বিক্ৰী কৰিবলৈকো একো নাই৷ শেষ উপায়?

আকৌ মাহেকীয়া সূদৰ ধাৰ! ! !

একপ্ৰকাৰ হতাশ হৈ পৰিল সি৷ একোকে ভাবি নোপোৱা হ’ল৷ যোৱা চাৰি বছৰে মাহেকত বিশ হাজাৰকৈ অকল সূদেই দি আহিছে সি৷ অংকটো কৰি চকু থিয় হৈ গ’ল তাৰ৷ আকৌ যদি দুই-তিনিলাখ এনেকৈ ধাৰলৈ ল’ব লগীয়া হয়, সৰু ভনীয়েকৰ বিয়াৰ বাবে? যোগাৰটো কৰিবই লাগিব৷ দৰমহাৰ টকাৰেচোন অকল সূদখিনিও নুজুৰিব৷ তাৰমানে সি অকল মাহিলি সূদ পৰিশোধ কৰি থাকিবলৈকে চাকৰি কৰি থাকিব নেকি? কেতিয়ালৈ? মূলবোৰ কালৈকে এৰি যাব? মনটো বিতৃষ্ণাৰে ভৰি পৰিল তাৰ৷ হঠাৎ চাকৰিটোৰ প্ৰতি তীব্ৰ বিৰাগ ভাব জন্মিল তাৰ৷

—— —— ——- —— ——-

শেষত সি সিদ্ধান্ত ল’লে যে সৰু ভনীয়েকৰ বিয়া পাতিবলৈ আকৌ মাহেকীয়া সূদত টকা ধাৰলৈ নলয় সি৷ দৰমহাৰ টকাৰে আজীৱন সূদ পৰিশোধ কৰি থকাৰ কোনো মানে হ’ব নোৱাৰে৷ ঋণাত্মক অংক এটা আজীৱন কৰি থকাতকৈ শূন্যৰ পৰা নতুনকৈ আৰম্ভ কৰিব সি৷ এই ব্যৱস্থাত তাৰ দৰে যোত্ৰহীন পৰিয়ালৰ যুৱকৰ বাবে এই পথ নহয়৷

আৰু সেইবাবে এই বিজ্ঞাপনটো প্ৰচাৰ কৰিছে — মুখে মুখে, যে কোনোবাই যদি তাৰ চাকৰিটো কিনিব খোজে, সি পদত্যাগ কৰিব চাকৰিটোৰ পৰা৷ যাৰ সম্বল আছে, ইচ্ছা কৰিলে যোগাযোগ কৰিব পাৰে৷ নাই, নিযুক্তিৰ কথা ভাবিবই নালাগে, সুন্দৰ চেনেল আছে৷ সকলোৱে জানে৷ টকাই মূল কথা৷ তাক বাৰু বেছিকৈ নালাগে৷ ধাৰবোৰ, সূদবোৰ মাৰিব পাৰিলে আৰু ককায়েকক মাটি দুবিঘামান ৰাখি দিব পৰাকৈ হ’লেই হ’ল৷ অকণমান বাৰু সৰু ভনীয়েকৰ বিয়ালৈ বুলি লাগিব, কিন্তু নিগোচিয়েবল৷ ধৰা বন্ধা কথা নাই৷ বাকী নিযুক্তিটো কৰি অনাটো নিজৰ কাম, টকা থাকিলে তেনেই সহজ কাম৷

মৌখিক বিজ্ঞাপনটো আপোনালোকক জনালোঁ৷ যদি চাকৰিটো কিনিবলৈ নিজাকৈ সম্বল আছে, তেন্তে যোগাযোগ কৰিব পাৰে৷ পিছে ভুলতো সূদলৈ টকা ধাৰ কৰি চাকৰি নিকিনিব৷ নহ’লে আপুনিও বিজ্ঞাপন দিব লাগিব নিজৰ চাকৰিটো বিক্ৰীৰ বাবে৷ দীপক তহবিলদাৰৰ দৰে৷

=========সমাপ্ত==========

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
rajat gogoi
4 years ago

bhal lagil