বিদায়ৰ বণৰ্মালা (ৰীতা চৌধুৰী)

Rita Chowdhury

তুমি গুচি যাবৰ পৰত
মৌনতাৰ বাহিৰে আৰু একো নাছিল৷৷
একো নাছিল নিঃশব্দে সৰি পৰা নিশ্বাসৰ বাহিৰে
ৰঙা ৰঙ এমুঠিৰ অলৌকিক উজ্বলতা হাতত দি
মাত নলগোৱাকৈ গুচি গৈছিলা বৰ্ণহীন এটা ৰাতিপুৱা
ৰঙা ৰঙ খিনি হাতৰ আজলিত লৈ
চকুপানী মচো কেনেকৈ?
আমিতো তাক শিৰত ধাৰণ কৰাৰ কথা,৷
অপাৰ্থিব ভালপোৱাৰে গঢাৰ কথা সেউজীয়া এখন দেশ
হৃদয়ৰ পৰা হৃদয়লৈ এখন সাঁকো তৈয়াৰ হৈ গৈছে
তুমি দি যোৱা ভালপোৱাৰে,
নিৰ্মল মাটিৰে গঢা প্ৰশান্ত গৃহত
চলি আছে শব্দহীন প্ৰাৰ্থনা
অনন্য জীৱনৰ বাবে,
জানো, তুমি তাতেই থাকিবা
তুমি তাতেই থাকিবা সদায়৷,
জানো৷,
জানিও বাৰে বাৰে উঠি আহে জলোচ্ছাস
ভাগি পৰিব খোজে যুক্তি আৰু বাস্তবতা
ভাগি পৰিব খোজে সংহতি
আধা লেখা দস্তাবেজৰ বিষন্ন পৃষ্ঠাবোৰত
টোপাটোপে সৰে নিয়ৰ
নিজকে নিজে বুজাও–
ইশ্বৰৰ ইচ্ছা
জীৱনৰ নিয়ম
সান্তনাৰ শব্দবোৰ উদগম মুখত থৈ
বন্ধ কৰি দিব খোজো জলপ্ৰপাত

যাবৰ পৰত কবলৈ একো নাই
ভালপোৱাৰ পৰা জন্ম হোৱা
এমুঠি সুগন্ধিৰ বাহিৰে
দিবলৈ একো নাই হাতত

শোকাৰ্ত হৃদয় জুৰি এতিয়া মাত্র নিৰৱতা

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments