বিদেশত এবেলা : ডা° দীপুল চন্দ্ৰ হালৈ

এটি চেপ্তেম্বৰৰ ৰাতিপুৱা ৯.৩০ বজাত বঙাইগাঁৱ শোধানাগাৰৰ আৱাসিক অঞ্চলৰ পৰা ভূটানলৈ বুলি ওলালোঁ | মোৰ লগত শ্ৰীমতী, শালপতি আৰু শালপতিৰ ছোৱালী পূজা | বঙাইগাঁৱৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তিনি কিলোমিটাৰ গৈ কাজল গাঁৱ হৈ উত্তৰলৈ এটা সৰু পকী ৰাস্তাৰে সোমাই গ’লোঁ | ৰাস্তাৰ কাষত বিটিএডিৰ চিৰাং জিলাৰ সদৰৰ নতুনকৈ সজোৱা ঘৰ দুৱাৰ | গাড়ীত জুবিন গাৰ্গৰ গীত শুনি শুনি গৈ আছোঁ | ৰাস্তাটো ভালেই বুলিব পাৰি অৱশ্যে মাজে মাজে দুই এটা গাঁত আছে | এনেকৈ যোৱাৰ প্ৰায় এঘন্টা পাচত এটা তিনি আলিত আমি গাড়ী পূৱলৈ পোনালোঁ | ইয়াৰ পৰা ৰাস্তা ভঙা চিঙা | খুব সাৱধানে ম‍ই গাড়ীখন আগবঢ়াই নি আছোঁ | বসতি সেৰেঙা | কাষত ধাননি পথাৰ, শৰতৰ সম্ভাৰ কহুৱানী | এঠাইত আমাৰ গাড়ী সসষ্ট্ৰ সীমা বাহিনী(SSB) ৰ লোকে চেক কৰিলে | প্ৰায় ১১.৩০ বজাত আমি ভাৰত –ভূটান সীমান্তৰ  চকী গেলেফু পালোঁ | ভাৰতৰ সীমা বাহিনীৰ লোকে আমাৰ নাম ধাম সকলো লিখি ল’লে | তাৰ পাচত ভূটান সুদৃশ্য ৰঙীন চিত্ৰ সম্বলিত গেট দেখা পালোঁ | মনটো ভাল লাগি গ’ল | গাড়ীৰ পৰা নামি গৈ ভূটানৰ আঞ্চলিক প্ৰবজন কাৰ্যালয়ত আমাৰ নাম, পৰিচয় পত্ৰ আৰু ক’লৈ যাম আদি তথ্য সমূহ জমা দিলোঁ |  আমাৰ গাড়ী ভূটানত সোমাওতে এটা নাতিদ পকী খালেৰে পাৰ হৈ যাব দিলে ; খালটোত বীজানুবাৰক দিয়া আছে | তেতিয়া অসমত পক্ষী জ্বৰও হৈ আছিল | আমাৰ আটাই কেইজনৰ নামত এখন সমূহীয়া প্ৰবেশ পত্ৰ দিলে | আমি গৰম পানীলৈ পাছ উলিয়ালোঁ |

এই খিনিতে ম‍ই জনাও যে এই প্ৰাকৃতিক শোভাবহুল ভূটানৰ চন্দ্ৰুপ জংখাৰৰ জেনেৰেল হস্পিতাললৈ প্ৰথমবাৰ ১৯৯৬চনত ককাইদেউৰ লগত গৈছিলোঁ চাইকেল চলায়, চাকৰি বিচাৰি | আমাৰ নলবাৰীৰ গাঁৱৰ ঘৰৰ পৰা ভূটানৰ চন্দ্ৰুপ জংখাৰলৈ চাইকেলেৰে প্ৰায় ৩ ঘন্টা সময় লাগে | চাইকেলে চলাই জীৱনৰ প্ৰথম বিদেশ ভ্ৰমন  !

ভূটানত সোমায়ে মনটো ভাল লাগি গ’ল | আহল বহল মসৃণ পকী পথ | নাতিদূৰত ওখ ওখ পাহাৰ |  গছৰ ছাঁত আমি অলপ জিৰালোঁ | ৰাস্তাৰ কাষত ২-৩ মহলাৰ ঘৰ | সকলো ঘৰৰে আৰ্হি প্ৰায় একে | ৰঙ বিৰঙৰ চিত্ৰাংকিত | প্ৰায় বিলাক ঘৰতে কোনো সীমাৰ বেৰ আদি নেদেখিলোঁ | খুব সম্ভব আমাৰ অসমৰ দৰে চোৰ-ডকাইতৰ উত্পাত নাই | চাইন ব’ৰ্ড বিলাক ভূটানী আৰু ইংৰাজী ভাষাত লিখা | তিনি আলিৰ চাইনব’ৰ্ডত গনতন্ত্ৰৰ নিৰ্বাচনৰ জাননী | অলপ গৈ দেখিলো ৰাস্তাৰ কোনো চিনচাব নাই | তাৰ পৰিবৰ্তে শিল-বালি ভৰ্তি এখন পানী নহোৱা শুকান নৈ | নামনি অসমত হঠাত্‍ হোৱা বানপানীৰ কাৰণ হয়তু এই গতিপথ সলনি হোৱা নৈ বোৰেই | কোনো নদীয়ে বাৰিষা গতি পথ সলাই এনেদৰে ৰাস্তাৰ ওপৰেৰে বৈ গৈছে কাৰণ যোৱা বছৰ এনেকুৱা নাছিল বুলি শালপতিয়ে ক’লে | অলপ দূৰ গৈ আমি এখন বেইলি দলং পালোঁ | তলত  উল্টা পানী নামৰ এখন খৰশ্ৰোতা নৈ  | দলঙ পাৰ হৈ ইয়াত আমাৰ গাড়ী আকৌ চেক কৰিলে | গৰম পানীলৈ ৫ কিলোমিটাৰ মান হ’ব বুলি জনালে | বহু ওপৰত দেখিলো এটি বৌদ্ধ গুম্ফা জিলিকি আছে লগতে ঠিয়কৈ উৰি আছে ধৰ্মীয় বাণী সম্বলিত পতাকা | ৰাস্তা ভুল হ’ব পাৰে বুলি এজন অসামৰিক পোছাকত থকা লোকক লগত লৈ ল’লো | পকাই পকাই আমাৰ গাড়ী ওপৰলৈ উঠি গৈ আছে | ৰাস্তাৰ একাষে কমলাৰ বাগান | ডাল ভৰি কমলা লাগি আছে |

গৈ গৈ আমি গৰম পানীৰ উঁহ পালোগৈ | মুঠতে ৫টা উঁহ আছে | কুৱাৰ আকৃতিত বেৰি থোৱা আছে | তাত পুৰুষ মহিলা উভয়ে একেলগে পানীত গা ধুই আছে মানে পানীত বহি আছে |  ইয়াত গা ধুলে ঘা, গাঁঠিৰ বিষ আদি ভাল হয় বুলি দেশ খনত লোক-বিশ্বাস আছে | পানী চুই চালো- হয় কুহুমীয়া গৰম |  কিছুলোকে ওচৰতে থকা বুদ্ধদেৱৰ মূৰ্তিত প্ৰাথনা জনাইছে | ওচৰতে থকা আলহী ঘৰৰ বাকৰিত আমি অলপ বহিলোঁ | এক সুন্দৰ পৰিবেশ | তলত হৰ হৰ শব্দ কৰি বৈ গৈছে এখন নৈ | চৰাইৰ কিৰিলি |

তাৰ পৰা উভতি আহি আমি গেলেফু বজাৰত সোমালোঁ | গেলেফু শাৰপাং জিলাৰ এখন চহৰ | জন বসতি পাতল | ২০০৫ চনৰ লোকপিয়ল মতে ৯,১৯৯ জন | বেছিভাগ দোকানী ব্যৱসায়ী আদিয়েই ভাৰতীয় | মানুহবিলাকৰ ব্যৱহাৰ ভদ্ৰ | বজাৰ পৰিপাতি | আহল বহল ৰাস্তা | জাপানৰ টয়োটা গাড়ী বহুতো দেখিলোঁ | ভাৰতীয় গাড়ীও আছে | জাতীয় পোছাক পিন্ধা স্কুলীয়া ল’ৰা-ছোৱালীবোৰ আহি আছে | আমি ফটো তুলিলোঁ | বজাৰত দেখিলো বুদ্ধ মন্দিৰত স্থানীয় লোকে ঘূৰ্ণীয়মান প্ৰাৰ্থনা চক্ৰ ঘূৰাই ঘূৰাই প্ৰাৰ্থনা কৰিছে | আমিও ঘূৰালো | বজাৰ তিনি আলিত দেখি আহিলোঁ বিশালাকাৰ ধ্যানমগ্ন তথাগতৰ সোণালী মূৰ্তি | হোটেল গেলিয়াং ইন্টাৰনেছল নামৰ হোটেল এখনত আমি আহাৰ গ্ৰহন কৰিলোঁ | ভাৰতীয় টকাই ল’লে | ওভোতাই দিয়া টকা আমাক ভূটীয়া টকা দিলে | এখন ভূটীয়া ৫০০টকীয়া নোট এতিয়াও মোৰ লগত আছে | আহাৰ গ্ৰহন কৰি আমি ভাৰত অভিমূখে এক সুখানুভৱ লৈ পুনৰ উভতিলোঁ |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments